দিন চাৰি ৷৷ খণ্ড ২০
সজীৱ-সেউজীয়া অনুভূতি-অভিজ্ঞতা কিছুমান দেহে-মনে পুঞ্জীভূত কৰি হ’মষ্টে’ত সোমাওঁমানে ঘড়ীত ৪.৪৫ হ’ল৷ এতিয়া ইয়াত অন্ধকাৰ৷ হাত-মুখ ধুই কিছু সময় বিছনাখনত দীঘল দিলোঁ৷ মেন্-চু-খা আৰু মেন্-চু-খাৰ আশে-পাশে ইমানবোৰযে চাবলগীয়া ঠাই আছে, ইমানবোৰযে জানিবলগীয়া কথা আছে, পূৰ্বতে মুঠেই ভবা নাছিলোঁ৷ অভিভূত হ'লোঁ এইবোৰ জানি-বুজি-দেখি-শুনি৷ দিনটোৰ ছবিবোৰকে ঘূৰি ঘূৰি মনলৈ আহি থাকিল৷ অনেক খোজ কঢ়া হ’ল আজি৷ ভাবি পালোঁ, খোজ কাঢ়িব নোৱাৰিলে ইয়ালৈ অহাটো মিছা পিছে৷ ভালেমান উচ্চতালৈও আৰোহণ-অৱৰোহণ কৰিলোঁ৷ এতিয়া ক্ষণিক বিশ্ৰামৰ প্ৰয়োজন৷ পৰৱৰ্তী দুদিনৰ বাবে আকৌ এটা বিশেষ কাৰ্যসূচী বন্ধা আছে৷
যোৱা বাটেৰেই লাহে-ধীৰে চলি থাকি মেন্-চু-খা বজাৰ সোমালোঁহি৷ হোটেল এখনৰ সন্মুখত ৰাজীৱক দেম্ডাপৰ সৈতে নমাবলগীয়া হ’ল৷ সেনাৰ গুৰু-লংঘৰত আহাৰ গ্ৰহণ নকৰা বাবে ভোকত তেওঁৰ প্ৰাণ এই যাওঁ এই যাওঁ৷ এনে হোৱাটো নিতান্তই স্বাভাৱিক৷ পুৱাতেই জি.টি.এল.ত ব্ৰেক্ফাষ্ট খাই যোৱা৷ আমাৰ লগত গুৰুদ্বাৰলৈ লগ ধৰিছিলোঁ, নগ'ল৷ নোযোৱাৰ মজাটো হাতে হাতে পালে৷ দেম্ডাপৰ সৈতে তেওঁক এৰি আমি ধাৱমান হ’লোঁ অস্থায়ী ঠিকনালৈ৷
সজীৱ-সেউজীয়া অনুভূতি-অভিজ্ঞতা কিছুমান দেহে-মনে পুঞ্জীভূত কৰি হ’মষ্টে’ত সোমাওঁমানে ঘড়ীত ৪.৪৫ হ’ল৷ এতিয়া ইয়াত অন্ধকাৰ৷ হাত-মুখ ধুই কিছু সময় বিছনাখনত দীঘল দিলোঁ৷ মেন্-চু-খা আৰু মেন্-চু-খাৰ আশে-পাশে ইমানবোৰযে চাবলগীয়া ঠাই আছে, ইমানবোৰযে জানিবলগীয়া কথা আছে, পূৰ্বতে মুঠেই ভবা নাছিলোঁ৷ অভিভূত হ'লোঁ এইবোৰ জানি-বুজি-দেখি-শুনি৷ দিনটোৰ ছবিবোৰকে ঘূৰি ঘূৰি মনলৈ আহি থাকিল৷ অনেক খোজ কঢ়া হ’ল আজি৷ ভাবি পালোঁ, খোজ কাঢ়িব নোৱাৰিলে ইয়ালৈ অহাটো মিছা পিছে৷ ভালেমান উচ্চতালৈও আৰোহণ-অৱৰোহণ কৰিলোঁ৷ এতিয়া ক্ষণিক বিশ্ৰামৰ প্ৰয়োজন৷ পৰৱৰ্তী দুদিনৰ বাবে আকৌ এটা বিশেষ কাৰ্যসূচী বন্ধা আছে৷
কাইলৈৰ কাৰ্যসূচীক উপলক্ষ্য কৰি অলপ পাছতে দলীয় সভা আহ্বান কৰা হ’ল, জয়ন্তদাহঁতৰ কোঠাত৷ তাতে খবৰ পালোঁ যে বৰ আশাৰে মাছ মাৰিবলৈ যোৱা জয়ন্তদাহঁতে মাছ এটাও নাপালে৷ কেইবাঠাইতো টুপালে যদিও প্ৰয়াস নিষ্ফল হ'ল৷ বিফল মনোৰথেৰে ঘৰ সোমালহি আমাতকৈ আগেয়ে৷ বিপৰীতে, আমি নয়ন সাৰ্থক কৰিব পাৰিলোঁ৷ পুৰণা গোম্পাৰ পৰা বিহংগম দৃষ্টিৰে মেন্-চু-খাখন চালোঁ, হনুমানৰ মুখ দেখিলোঁ, ব'ৰ্ডাৰ লাষ্ট প'ষ্টলৈ গ'লোঁ, গুৰুদ্বাৰত এসাজ খালোঁ, গুহাত সোমালোঁ৷ উৎফুল্লিত হৃদয়েৰে অৰঙে-দৰঙে ফুৰি ভালে-কুশলে ঘূৰি আহি পালোঁ৷
অলপ পাছত গেবুকো মাতি অনা হ’ল আমাৰ আলোচনাৰ মাজলৈ৷ কালি পুৱাৰে পৰা সন্ধিয়ালৈকে আমি হিল্ ট্ৰেকিং কৰিম৷ নিশাটো অৰণ্যত কটাম৷ ডেষ্টিনেচন কেনি হ'ব, এইলৈ উৎকণ্ঠা আগৰে পৰাই জাগ্ৰত হৈ আছে৷ গেবু এইবোৰত ওস্তাদ মানুহ৷ ৰূপাই দি যোৱা কফিৰ কাপ হাতত লৈ কথা-বতৰা চলি থাকিল৷ উৎসাহপূৰ্ণ আলোচনাৰ অন্তত অৰূপদা, শিৱদেব সিং কাটাউচ আৰু মোৰ বজাৰলৈ যোৱাৰ পাল পৰিল৷ ওলাই আহিলোঁ ট্ৰেকিং-কেম্পিঙৰ বাবে দৰকাৰী বস্তু কিছুমান এতিয়াই সংগ্ৰহ কৰি থ'বলৈ৷
গেবুৰ দোকানখনতে সোমালোঁ চিধাই৷ আলু-পিঁয়াজৰ পৰা আৰম্ভ কৰি কেঁচা পাচলি, কণী, গেলামাল, মণিহাৰী, প্ৰসাধন ইত্যাদি নিত্যপ্ৰয়োজনীয় সামগ্ৰী সকলোবোৰেই পোৱা যায় দোকানখনত৷ বিচূৰ্তি খালোঁ, আনকি পে’ট্ৰল-ডিজেলো আছে৷ ইয়াত তেল ডিপ' প্ৰতিষ্ঠা হোৱা নাই৷ দোকানতে উপলব্ধ যানবাহনৰ ইন্ধন৷ গেবু-নানাৰ দোকানখনৰ ভিতৰভাগ বস্তুৰে ঠাহ খাই আছে৷ বজাৰৰ আন আন দোকানবিলাকো বিক্ৰয়-সামগ্ৰীৰে ভৰ্তি৷ ওচৰৰ গাঁওবিলাকৰ বাসিন্দা আৰু সেনাবাহিনীৰ লোক তেওঁলোকৰ প্ৰধান খৰিদ্দাৰ৷ নানাজী দোকানতে আছিল৷ বস্তুখিনি তেৱেঁই ঠিক-ঠাক কৰি দিলে৷ আগ্ৰহ আৰু চিন্তনলৈ চাই এনে লাগিল, এই মানুহজনীও কম এড্ভেন্চাৰাচ আৰু ট্ৰেকিঙৰ অভিজ্ঞতাৰে পুষ্টনে!
বজাৰতে অলপ পাছত গেবুকো পালোঁ৷ হলৌ জেকেট, কলাফুললৈকে পৰা জোতা আৰু মস্ত কাউবয় টুপী এটা পিন্ধি ঘূৰি আছে৷ অৰুণাচলীৰ এই সাজটো মোৰ ভাল লাগে৷ আৰু লগ পালোঁ শাৰীৰিকভাৱে অতি মজবুত ডেকা এজনক৷ দেহৰ গঠনে, হেয়াৰ ষ্টাইলে সাইলাখ যেন ‘এণ্টাৰ দ্যা ড্ৰেগ্ন’ৰ ব্ৰুছ লীহে! গেবুৱে চিনাকি কৰালে৷ ক'লে... 'কাইলৈৰ যাত্ৰাপথটোৰ প্ৰকৃত দিক্দৰ্শক দৰাচলতে মই নহওঁ, এইজনহে৷ মেন্-চু-খাৰ ব্ৰুছ লী বুলি ইয়াত জনাজাত এওঁ৷' গেবুৰ লগত কিবা অলপমান দৰকাৰী কথা পাতিয়ে খৰ খোজেৰে তেওঁ অন্তৰ্ধান হ'ল৷ পাছফালৰ পৰা তধা লাগি মই চাই ৰ'লোঁ৷ সঁচাসঁচি ব্ৰুছ লীজন গৈ থকা যেনেই লাগিল৷ আমাৰ কৈশোৰ-যৌৱন কালৰ সপোন-পুৰুষ ব্ৰুছ লী৷ দিনবোৰ আকৌ এবাৰ মনত পৰি গ'ল৷ অনুসন্ধিৎসা এসোপামান বুকুত লৈ এখন্তেকৰ বাবে ভাবিলোঁ যে কাইলৈ লগ পামেই, গোটেই যাত্ৰাটোত তেওঁ সোঁৱে-বাঁৱে থাকিবই, গতিকে খূদুৱনিবোৰ তেতিয়াই মাৰিম৷

ভোক লাগি আছিল৷ বেকাৰী দোকানখনত চাহ-বিস্কুট খাই আমি উভতিলোঁ৷ তাৰ আগেয়ে কালিৰ দৰে আজিও দোকানী মহিলাগৰাকীক খুজি পাণ-চুফাৰি খোৱা হ’ল৷ সেইকণ সময়তে মেন্-চু-খা সম্বন্ধে কিছু কথাও পতা হ’ল৷ কালি চাহ খোৱাৰ পাছৰে পৰাই তেওঁৰ সৈতে আমাৰ বন্ধুত্ব এটা গঢ়ি উঠিছে৷ আজি পুৱাৰে পৰা আমি ক’লৈ ক’লৈ গ’লোঁ, কি কি দেখিলোঁ সেই বিষয়ে সংক্ষিপ্ত-সাৰ শুনাবলগীয়া হ’ল তেওঁক৷ বিৱৰণী শুনি মানুহগৰাকী আচৰিতেই হ’ল৷ বৃহত্তৰ মেন্-চু-খাতযে চাবলগীয়া ইমানবোৰ থাকিব পাৰে, তেওঁৰ ধাৰণা সমূলি নাছিলেই বুলিলে৷ বাহিৰৰ পৰা অহা পৰিব্ৰাজক-সত্যসন্ধানী হিচাপে স্থানীয় লোকক তেওঁলোকৰ ঠাইখনৰ ইটো-সিটো সম্বন্ধে অৱগত কৰাব পাৰি আমাৰো নথৈ ভাল লাগিল৷ ইমান দূৰৰ পৰা গৈ আমিহে বেছি এক্সপ্ল’ৰ কৰিলোঁ বুলি তেওঁৰ মুখে অকপট স্বীকাৰোক্তি শুনি সঁচা-গৌৰৱ অকণমানো ভিতৰি ভিতৰি উথলি নুঠাকৈ নাথাকিল৷
No comments:
Post a Comment