দিন চাৰি ৷৷ খণ্ড ১৩
মেক্মোহন লাইনৰ এইপাৰে ভাৰত, সিপাৰে চীন অধ্যুষিত তিব্বত৷ অন্তহীন অভিযোগ সদায়ে আছে যে শান্তিকামী তিব্বতীক অন্যায় অত্যাচাৰ, উৎপীড়ন কৰি তিব্বত দখল কৰি আছে চীনে৷ সীমা সমস্যাক লৈ চীন আৰু ভাৰতৰ পাৰস্পৰিক ভেঙুচালি আৰু খকাখুন্দাও লাগিয়েই থাকে৷ এয়া কোনো নতুন কথা নহয়৷ চীনা সংবাদ মাধ্যমেও ভাৰতক মাজে-মধ্যে সকীয়নি দিয়েই থাকে, ‘দুষ্ট শিশু’ৰ দৰে আচৰণ কৰাটো বন্ধ কৰিবলৈ৷ উল্লেখ্য যে তিব্বতৰ ধৰ্মীয় গুৰু দালাই লামাক ‘হাত কৰা’ৰ জৰিয়তে ভাৰতে চীনক কাবু কৰিব বিচৰাৰ কূটকৌশল লোৱা বুলি ভাৰতৰ ওপৰত চীনযে সৰ্বদা নাৰাজ হৈ থাকে এই বিষয়ে সংবাদ মাধ্যমত শেহতীয়াকৈও মুকলিভাৱে প্ৰকাশ পাইছে৷
চীনা মহলৰ মতে টাৱাঙকে ধৰি অৰুণাচল প্ৰদেশৰ এটা বৃহৎ অংশ প্ৰকৃততে চীনৰহে অংগ৷ সেয়া দক্ষিণ তিব্বত৷ বেইজিংস্থিত চাইনা তিব্বেত’লজী ৰিচাৰ্ছ চেণ্টাৰৰ কন্টেম্প’ৰেৰী ৰিচাৰ্ছৰ সঞ্চালক লিয়ান জিয়াংমিনৰ ভাষ্যত প্ৰকাশ যে টাৱাং তিব্বতৰ অংগ৷ তিব্বত চীনৰ অংগ৷ সেয়েহে টাৱাং চীনৰ অংগ৷ ৰঙা চীনে তিব্বত বলপূৰ্বক দখল কৰি লোৱাৰ সময়তে অৰুণাচল, অসম হৈ তিব্বতৰ পৰা পলায়ন কৰা তিব্বতৰ আধ্যাত্মিক নেতা দালাই লামাই ভাৰতত ৰাজনৈতিক আশ্ৰয় লভিছিল৷ চীনৰ শত্ৰু বুলি বিবেচিত, দীৰ্ঘদিন ধৰি নিৰ্বাসিত তিব্বতীয় ধৰ্মগুৰুজনে তিব্বতৰ চৰকাৰ পৰিচালনা কৰিছিল৷ তিব্বত ত্যাগ কৰি ভাৰতত নিৰ্বাসিত জীৱন কটোৱা দালাই লামাই তেওঁৰ দীৰ্ঘ ৰাজনৈতিক আৰু ধৰ্মীয় জীৱনত অসংখ্যবাৰ চীনৰ ভাবুকি হজম কৰিবলগীয়া হৈছে৷ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সময়ে সময়ে এয়া সৰৱ চৰ্চাৰ বিষয়ো হৈ আহিছে৷ নিজৰ ৮১ বছৰীয়া জীৱন কালত ১৯৫৮ চনৰ মাৰ্চ মাহৰ পৰা সুদীৰ্ঘ ৫৮ বছৰ ধৰি শান্তিৰ নোবেল বঁটাপ্ৰাপকজন ভাৰতৰ অতিথি হিচাপে আছে৷ ইমান সৰহ সময় ভাৰতৰ অতিথি হৈ থকা সম্ভৱতঃ একমাত্ৰ মানুহ তেৱেঁই৷
চীনে চীনা অধ্যুষিত তিব্বতৰ গ্যিৰঙৰ পৰা নেপালৰ ৰাজধানী কাঠমাণ্ডুলৈ ৮৭০ কিল’মিটাৰ দূৰত্বৰ পথেৰে ট্ৰাকযোগে মালবস্তু পৰিৱহণ আৰম্ভ কৰিছে৷ পৰৱৰ্তী সময়ত ৰে’লপথ স্থাপনতো আগ্ৰহ প্ৰকাশ কৰিছে৷ আনফালে, অৰুণাচল প্ৰদেশত ভাৰতে পথ নিৰ্মাণ কৰাকলৈ চীন দেশে ভাৰতক শুনাই থৈছে সাৱধান-বাণী৷ যুদ্ধকৌশলজনিত প্ৰয়োজনতে ভাৰতে ভাৰত-চীন সীমান্তলৈ ৭৩টা পথ সাজিবলৈ সিদ্ধান্ত লৈছিল৷ তাৰে মুঠ ৩,৪১৭.৫০ কিল’মিটাৰজোৰা ৬১টা পথ নিৰ্মাণৰ দায়িত্ব অৰ্পণ কৰা হৈছে ব’ৰ্ডাৰ ৰ’ড অৰ্গেনাইজেশ্বন, চমুকৈ বি.আৰ.অ’.ক৷ বি.আৰ.অ’. আৰু জেনেৰেল ৰিজাৰ্ভ ইঞ্জিনিয়াৰিং ফ’ৰ্চ, চমুকৈ জি.আৰ.ই.এফ. হৈছে সীমান্তৰ পথ নিৰ্মাণকাৰী সংস্থা৷ আনহাতে উক্ত ৬১টাৰ ভিতৰত ২৭টা পথেই আছে অৰুণাচল প্ৰদেশত, যাৰ দৈৰ্ঘ ১,৭৯১.৯৬ কিল’মিটাৰ৷ তাৰে ২২টা পথৰ নিৰ্মাণ ইতিমধ্যে সম্পূৰ্ণ কৰা হৈছে৷ ভাৰত চৰকাৰৰ সুৰক্ষা ৰাজ্য-মন্ত্ৰীৰ তথ্যত এই কথা প্ৰকাশ৷
ইণ্ডো-তিব্বত আন্তৰ্জাতিক সীমান্তৰ পৰা মেন্-চু-খালৈ দূৰত্ব ২৯ কিল’মিটাৰ বুলি ধৰা হয়৷ মেন্-চু-খাৰ পৰা য়াৰ্লুং প’ষ্টলৈ ২৫ কিল’মিটাৰ৷ বুৰঞ্জীয়ে কয়, মেন্-চু-খা উপত্যকাত পোনপ্ৰথমে পদাৰ্পণ কৰিছিল তাগিন মানুহে৷ ইতিহাসে আৰু কয় যে মেন্-চু-খা, মণিগং আৰু অন্যান্য সীমান্তৱৰ্তী এলেকাৰ অধিবাসীসকলে এসময়ত ল’লা আৰু ডুম্লা গিৰিপথেদি তিব্বতৰ লগত বেহা-বেপাৰ চলাইছিল৷ ভাৰত চৰকাৰ ক্ষমতালৈ অহাৰ পূৰ্বে গাল’, মিন্যং আদি জনজাতীয়সকলে বৰিসকলৰ যোগেদি তিব্বতৰ লগত বাণিজ্যিক সম্বন্ধ বজাই ৰাখিছিল৷ জন্তুৰ ছাল, শিং আদি দি সিপাৰৰ পৰা নিমখ, অষ্টধাতুৰ বাচন-বৰ্তন, দা-তৰোৱাল আদি অনাইছিল৷ আদি জনজাতিৰ লোকসকলে পূজা-পাৰ্বণত ব্যৱহাৰ কৰা দেওঘণ্টিও তিব্বতৰ পৰাই অনাইছিল৷ চীন-ভাৰত যুদ্ধৰ আগলৈকে এনে বেপাৰ চলি আছিল যদিও যুদ্ধৰ পাছতে এই দুয়োটা গিৰিপথ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হ’ল৷

চীনা সৈন্যই ভাৰত আক্রমণ কৰাৰ প্ৰধান কাৰণ আছিল বিশালসংখ্যক অনুগামীসহ তিব্বতী ধৰ্মগুৰু দালাই লামাৰ ভাৰতবৰ্ষলৈ পলায়নৰ সময়ত টাৱাঙত প্ৰৱেশ কৰোঁতে ভাৰত ৰাষ্ট্ৰই প্ৰদৰ্শন কৰা আতিথ্য আৰু আশ্ৰয় প্ৰদান৷ ১৯৫৫ চনত বাণ্ডুঙত চীন আৰু ভাৰতৰ প্ৰধান মন্ত্ৰীদ্বয়ৰ মাজত পঞ্চশীল শান্তি চুক্তি স্বাক্ষৰিত হৈছিল৷ সেই চুক্তিৰ এটা দফা আছিল যে ইখন দেশে সিখন দেশৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰিব৷ দালাই লামাক আশ্ৰয় প্ৰদান কৰি ভাৰতে সেই চুক্তি উলংঘা কৰিছে বুলি চীনে দোষাৰোপ কৰি ভাৰতক এসেকা দিবৰ বাবে সাজু হৈছিল৷ সেই উদ্দেশ্যে বিবদমান মেক্মোহন সীমাৰেখাৰ সিপাৰে তেওঁলোকে সমৰসজ্জা আৰম্ভ কৰিলে৷ ঠায়ে ঠায়ে বিমানঘাটি নিৰ্মাণ কৰিলে৷ ৰাস্তা-পদূলি তৈয়াৰ কৰি যুদ্ধৰ বাবে প্ৰস্তুত হ’ল৷ সীমান্ত অঞ্চলৰ জনসাধাৰণৰ মন জয় কৰিবলৈ ঠায়ে ঠায়ে সুলভ মূল্যৰ দোকান (ব’ৰ্ডাৰ চি.পি.অ’.) খুলি তাত আৱশ্যকীয় সামগ্ৰীৰ যোগান সহজলভ্য কৰি দিলে৷ কিছুমান নেতৃস্থানীয় ভাৰতীয় নাগৰিকক চীনত বন্দুক কিনিবলৈ লাইছেন্স প্ৰদানেৰেও সুবিধা কৰি দিলে৷ শিক্ষাদানৰ অচিলা লৈ বছা বছা যুৱক কিছুমানক পিকিঙলৈ (এতিয়া বেইজিং) নি তাত মাওবাদৰ শিক্ষা দিয়াৰ প্ৰবন্ধ কৰিলে৷ চীনা সৈন্যই ভাৰত আক্রমণ কৰাৰ সময়ত এই যুৱকসকলৰে বহুজনকে চীনা সৈন্যৰ পথ প্ৰদৰ্শক আৰু দোভাষী হিচাপে আক্রমণকাৰী সৈন্যৰ লগত লৈ আহিল৷ আনহাতে এইটো মন কৰিবলগীয়া যে ভাৰতৰ ফালে থকা বহুতো জনবসতিপ্ৰধান অঞ্চলত প্ৰশাসন সোলোক-ঢোলোক আছিল৷
এনেকৈ সকলোফালে পৰিকল্পিতভাৱে সুসজ্জিত হোৱাৰ পাছত ১৯৬২ চনৰ ১২ ছেপ্টেম্বৰত চীনা সৈনিক ভাৰতত প্ৰৱেশ কৰিলে৷ সোৱণশিৰি জিলাৰ লংজু পহৰা চকীৰ পৰা অসতৰ্ক অৱস্থাত থকা পহৰাদাৰী অসম ৰাইফল্ছৰ চিপাহী কেইজনমানক চীনা সৈন্যই ধৰি নিলে৷ অসাৱধান ভাৰতীয় জোৱানক হেলাৰঙে পৰাস্ত কৰি বিদেশী সোমাই আহিল৷ টাৱাং, ব’মডিলাৰ ফালে জাউৰিয়ে জাউৰিয়ে অবিৰাম গুলী বৰ্ষণ হ’ল৷ ৰেডিঅ’ত ভাহি আহিল ভাৰতীয় সেনাৰ পশ্চাদপহৰণ আৰু চীনা বাহিনীৰ অগ্ৰগতিৰ খবৰ৷ চীনে টাৱাং, ব’মডিলা, কিবিথু, ৱালং আক্রমণ কৰি অসমৰ ফালে দ্ৰুতগতিৰে আগ বাঢ়ি অহাৰ বাতৰি প্ৰকাশ পালে৷ তেজপুৰলৈ ৫০ কিল'মিটাৰ ৰ'ল৷ পূৱে নেফাৰ চাংৱিনটি পালেহি৷ ভাৰতৰ প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰুৱে অসম তথা উত্তৰ-পূব ভাৰতবাসীলৈ শুনালে বিদায় বাণী৷ ৭ ডিচেম্বৰত চীনে একপক্ষীয়ভাৱে যুদ্ধবিৰতি ঘোষণা কৰি ঘূৰি যোৱাৰ পাছত যুদ্ধবন্দীসকলকো প্ৰত্যাৰ্পণ কৰা হৈছিল৷
৬২ৰ যুদ্ধত অংশ গ্ৰহণ কৰা ভাৰতীয় সেনাবাহিনীৰ অৱসৰপ্ৰাপ্ত লেফ্টেনেণ্ট জেনেৰেল প্ৰাণ পাহুৱাৰ মতে চীনৰ হাতত ভাৰতে পৰাজয় বৰণ কৰাৰ কাৰণ আছিল প্ৰধানকৈ ভাৰতীয় নেতাৰ ৰাজনৈতিক অপৰিপক্কতা, সৈন্যবাহিনীৰ ব্যৱহাৰিক জ্ঞানৰ অভাৱ আৰু অসতৰ্কতা৷ জৱাহৰলাল নেহৰুৰ দৰে কাকো নমনা এজন প্ৰধান মন্ত্ৰী আৰু কৃষ্ণ মেননৰ দৰে এজন দাম্ভিক প্ৰতিৰক্ষা মন্ত্ৰীক প্ৰকৃত তথ্য উপলব্ধি কৰোৱাব পৰা সেনাধিনায়ক এজনৰ সেই দিনত অভাৱ আছিল৷ সেয়েহে নিজৰ সৈন্যবাহিনীৰ দুৰ্বলতা আৰু অসতৰ্ক অৱস্থালৈ ভ্ৰূক্ষেপ নকৰি চীনৰ দৰে ৰণমত্ত শক্তি এটাক জোকাই লোৱাৰ দৰে অদূৰদৰ্শিতাৰ কাম সংঘটিত হ’বলৈ পাইছিল দেশৰ পূব মূৰত, ১৯৬২ চনত৷ মেন্-চু-খা, য়াৰ্লুং প'ষ্টে আমাক এই কথাবোৰ পুনৰবাৰ সোঁৱৰাই দিলে৷
এইটো সত্য যে চুবুৰীয়া বিদেশ ৰাষ্ট্ৰ চীন দেশৰ সৈতে ভাৰতৰ বৈৰিতা অদ্যাপি জীয়াই নথকা নহয়৷ সেয়ে হ’লেও শেহতীয়াকৈ গ্ৰীণপীচ্ ইণ্ডিয়াৰ প্ৰতিৱেদনত প্ৰকাশ পোৱা পৰিৱেশজনিত বিষয়টোহে সৰ্বত্ৰ চৰ্চিত হৈ পৰিছে৷ অতিসম্প্ৰতি চীনৰ ভাবুকি বা বৈৰী ভাবতকৈও ভাৰতবৰ্ষৰ বায়ুমণ্ডলৰ অৱস্থাটোৱেহে অধিক ভয়ংকৰ ৰূপত দেখা দিছে বুলি কথা ওলাইছে৷ ভাৰতৰ বায়ু আজি ইমানেই প্ৰদূষিত যে চীনৰ সম্ভাব্য আক্রমণৰ তুলনাত ইহে অধিক প্ৰাণনাশকাৰী বুলি চিহ্নিত হৈছে৷ ফলত অকালতে প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পাইছে৷ আন্তঃৰাষ্ট্ৰীয় বায়ুমান নিৰীক্ষণ পদ্ধতিৰ প্ৰয়োগেৰে প্ৰদূষণ ৰোধৰ দিশত উচিত পদক্ষেপ ল’বলৈ আমাৰ দেশত এতিয়াও বাকী৷ সীমান্তৱৰ্তী মেন্-চু-খা অৱশ্যে ব্যতিক্রম আৰু এতিয়ালৈ প্ৰদূষণমুক্ত হৈ আছে৷ ইয়ালৈ আহি বিশুদ্ধ বায়ু সেৱন কৰিবলৈ পাইছোঁ আমি৷ নিৰ্মল পানী খাবলৈ পাইছোঁ৷ বিশুদ্ধ বায়ু, নিৰ্মল পানী৷ এইবোৰেই জীৱন-সঞ্জীৱনী৷ মেন্-চু-খা, নামেই যাৰ পৰিচয়, ইয়াত এই সঞ্জীৱনী পৰ্যাপ্ত ৰূপত আছে৷

No comments:
Post a Comment