দিন চাৰি ৷৷ খণ্ড ২
এ.এল.জি.ৰ দেৱালৰ কাষে কাষে মোৰ দুচকুৱে
বিচাৰি থাকিল ৰঙা টিনপাত দিয়া গেবু চোনাৰ ঘৰটো, য’ত আমি থিতাপি লৈছোঁ৷ একোবত পাই গ'লোঁ৷ ওপৰৰ পৰা চালে আমাৰ প্ৰায় পোনে
পোনেই নিম্নাংশত জি.টি.এল.ৰ অৱস্থান৷ ডিচ্প্লে’ চাই চাই কেমেৰাটো ঝুম কৰি গ’লোঁ৷ চোতালত কোনে কি কৰি আছে লেন্সখনত সকলো জল্জল্-পট্পট্কৈ
ধৰা পৰিছে৷ ইংকিয়ঙৰ দলটোৰ সদস্যসকল আৰু এৰি থৈ অহা আমাৰ সংগীবৃন্দই মুকলিত বহি চাহ-জলপান
খাই আছে৷ তাৰ মানে খাদ্য ৰে'ডী৷ আমি পিছে বিশেষ একো নোখোৱাকৈয়ে এই স্থানত আৰোহণ কৰিলোঁহি, একমাত্ৰ মনৰ তাগিদাতে৷
আৰু ইয়ালৈ আহি প্ৰমাণিত হ’ল মেন্-চু-খাৰ বিষয়ে কোনোবাই আগতে লিখি থোৱা সেই
বাক্যটো... ‘Honestly, I have seen
very few places in my life that is more beautiful than Men-chu-kha.’ একদম সঁচা কথা৷ প্ৰথম দৰ্শনতে, ময়ো চাগৈ, এতিয়ালৈ দেখা
অৰুণাচলৰ বিভিন্ন স্থানৰ ভিতৰত মেন্-চু-খাকে সৰহ নম্বৰ দিবলৈ অকণমানো সময় নল’ম৷ ইমানেই ধুনীয়া লাগিছে ঠাইখন৷ অন্তৰ ভৰি গৈছে৷ সেইবাবেই
হয়তো আমাৰ কোনোবা পৰ্যটক-অগ্ৰজে প্ৰসংগক্ৰমে ক’বলৈ দ্বিধাবোধ কৰা নাই ‘মেজিক্ মেন্-চু-খা’ বুলি৷
নতুন গোম্পালৈ আৰোহণৰ বাটত সোঁৱে-বাঁৱে আগে-পাছে স্পষ্ট
হৈ পৰিল সমস্ত মেন্-চু-খা ভেলীৰ অকল্পনীয় দৃশ্যপট৷ পৰ্বত, নদী, পৰিৱেশৰ লক্ষণীয় একক বৈশিষ্ট্য৷ পোনে পোনে আগুৱাই মুক্তাংগনত উৰি
থকা মূল ধৰ্ম-ধ্বজাখনৰ সন্মুখতে থিয় দিলোঁহি আৰু একে অৱস্থানতে ভালেপৰ ৰ’লোঁ৷ চৌদিশে সন্ধানী দৃষ্টি৷
পাইনৰ সৰাপাতেৰে চোতালখন বৰ্ণময় হৈ উঠিছে৷ যেন বিশিষ্ট শিল্পীৰ দ্বাৰা অংকিত এখন পেইণ্টিংহে!
গোম্পাটোৰ ওপৰেদি মুখামুখিকৈ দূৰত অথচ সম উচ্চতাত দেখি থকা বৃক্ষহীন পৰ্বতৰ বক্ষত বগাকৈ
জিলিকি ৰৈছে MENCHUKHA বৰ্ণকেইটা৷ কেতিয়া, কোনেনো এনেকৈ খোদাই কৰি গ'ল নাজানো৷ বহু আগৰে পৰাই আছে হেনো৷ আকাশৰ পৰাও পঢ়িব পাৰিব, চিনিব পাৰিব যে অৰুণাচলৰ মেন্-চু-খা এইডোখৰেই৷ ইংৰাজী চলচ্চিত্ৰত
পাহাৰত উজলি থকা HOLLYWOOD, থাইলেণ্ডৰ পাট্টায়াত স্পীড ব'টৰ পৰাই দূৰত পাহাৰৰ সেউজীয়া আৱেষ্টনীত দেখা পোৱা
PATTAYA city, নাগালেণ্ডৰ হৰ্নবিল ফেষ্টিভেলথলী কিছামাৰ থিয় গৰাৰ ওপৰত সজাই ৰখা NAGA HERITAGE VILLAGE ইত্যাদি জীৱনকালত চাবলৈ পোৱা শব্দৰ প্ৰদৰ্শনীবোৰে চাঁত চাঁতকৈ ইটোৰ পাছত সিটোকৈ মনৰ পৰ্দাত ভুমুকিয়ালেহি৷
বাওঁফালে আগ বাঢ়িলোঁ আমি৷ উদ্দেশ্য, গোম্পাটোৰ
চাৰিওফালে নিঃশব্দে এপাক মৰা৷ তাৰ লগতে ঠাইডোখৰৰ বিষয়ে সম্যক ধাৰণা এটা গোটোৱা৷ গৈ থাকোঁতে এফালৰ পৰা এটাও বাদ নপৰাকৈ ঘূৰাই যাব ধৰিছোঁ ধৰ্ম-চকৰিবোৰ৷ বুদ্ধ মন্দিৰৰ
ধৰ্ম-চক্র বা প্ৰেয়াৰ হুইলবোৰ ঘূৰালে সমস্ত পাপ খণ্ডন হয় হেনো৷ এয়া এটা বিশ্বাস৷ বৌদ্ধ ধৰ্মত
অচল-অতল মানুহবোৰ স্বভাৱতেই কিবা শান্ত-শিষ্ট, দেখাতেই কিবা নিষ্পাপ যেন লাগে মোৰ৷ সি যি কি নহওক, চকৰি ঘূৰোৱা কামটো নিষ্ঠা সহকাৰে সম্পূৰ্ণ
কৰি পুনৰ বিহাৰৰ পিছফালে ৰ’লোঁগৈ৷ উদ্দেশ্য, উপত্যকাটো ভালকৈ নিৰীক্ষণ কৰাৰ লগতে দৃশ্যাৱলী অধ্যয়ন কৰা৷ ক'ত কি আছে বুজ লোৱা৷
শূন্যৰ পৰাহে যেন চাই আছোঁ! নামনিত মনোমোহা পেন’ৰ’মিক লেণ্ডস্কেপ৷ বিস্তীৰ্ণ মেন্-চু-খা উপত্যকাটো এতিয়া দুচকুত বন্দী৷ শাৰী শাৰী কাঠৰ ঘৰ৷ কিছুমান থূপ খাই, কিছুমান সিঁচৰতি হৈ
আছে৷ বহল এলেকাটোত পাইন কাঠৰ ঘৰবোৰে সোণত সুৱগা চৰাইছে৷ যেনিয়েই চকু যায়, তেনিয়েই
থমকি ৰয়৷ তাকে চাই আমি প্ৰতিজনেই ভৰা মন আৰু আত্মাৰ সুখেৰে ৰোমাঞ্চিত, পুলকিত হৈ উঠিছোঁ৷
সীমাহীন আনন্দ-উল্লাসেৰে ভৰাই তুলিছোঁ হৃদয়ৰ কোঁহবোৰ৷ চকুকেইযুৰি ব্যস্ত হৈ পৰিল হেঁপাহ পলুৱাই সৌন্দৰ্যময়ী মেন্-চু-খাৰ অক্ষয় নিধি উপভোগ কৰাত৷ মাত-কথা বন্ধ৷ অকাই-পকাই তলত নীৰৱে বৈ আছে পাহাৰী নদী, মেন্-চু-খাৰ আকৰ্ষণস্বৰূপ য়াৰগ্যাপ৷ পাৰত ইণ্ডিয়ান এয়াৰ ফ’ৰ্চৰ Advanced Landing Ground (A.L.G.)৷ নৈপৰীয়া ৰাণওৱে’টোৱে উপত্যকাটোক দুটা ভাগত
বিভক্ত কৰিছে৷
আমি দেখি থকা এ.এল.জি. সমুদ্ৰ পৃষ্ঠৰ পৰা ১,৮৩০
মিটাৰ উচ্চতাত অৱস্থিত৷ ভু ৰখা মানুহ মাত্ৰেই জানে, এসময়ত অৰুণাচলৰ ক'লীয়াপানী সদৃশ আছিল
এই মেন্-চু-খা৷ ভৈয়ামৰ পৰা মেন্-চু-খালৈ তেতিয়া ১২-১৫ দিন ধৰি একেৰাহে পৰ্বত বগাই-নামি
অতি কষ্টেৰে অহা-যোৱা কৰিবলগীয়া হৈছিল৷ চৰকাৰী বিষয়া-কৰ্মচাৰীক শাস্তিমূলক প’ষ্টিং হিচাপে বদলি কৰা স্থানডোখৰ
আছিল মেন্-চু-খা৷ তৎসত্ত্বেও তাক্চিং, লিমেকিঙৰ তুলনাত মেন্-চু-খাক স্বৰ্গ বুলিয়ে
গণ্য কৰা হৈছিল হেনো৷ কাৰণটো কি হ’ব পাৰে? নিঃসন্দেহে ঠাইডোখৰৰ অতুলনীয় সৰগীয় ৰূপৰেখা৷ ইফালে সেই সময়ৰ উচ্চপদস্থ বিষয়াসকল মেন্-চু-খাৰ
দৰে দুৰ্গম অঞ্চলত কাম কৰা বিষয়া-কৰ্মচাৰীসকলৰ প্ৰতি বেছ সদয় আছিল৷ কেনিও বাট-পথ নথকাত
ইয়াত খাদ্য-দ্ৰব্য হেলিকপ্টাৰেৰে তললৈ নিক্ষেপ কৰা হৈছিল৷ প্ৰতিকূল ভৌগোলিক অৱস্থিতি
আৰু প্ৰাকৃতিক কাৰকৰ কাৰণে বাৰিষাত ছমাহ ধৰি আকাশী জাহাজ ইয়ালৈ আহ-যাহ কৰিবকে নোৱাৰিছিল৷
খাদ্য-সমস্যাত পৰি জীয়াতু ভুগিবলগীয়া হৈছিল ইয়াৰ মানুহে৷ তালৈকে চাই পিছলৈ সময় থাকোঁতেই
ছমাহৰ খাদ্য-সামগ্ৰী একেলগে ড্ৰপ্ কৰি দিয়া হৈছিল৷ সময়বোৰ লাহে লাহে সলনি হৈ আহিল৷
১৯৬২ চনৰ চীনা যুদ্ধৰ সময়ত মেন্-চু-খা অন্যতম
বেহু ৰচনাকাৰী স্থান আছিল৷ সেয়েহে যুদ্ধৰ আগতেই ইয়াত নিৰ্মাণ কৰা হৈছিল এ.এল.জি.৷ যুদ্ধৰ
পাছত চৰকাৰে অতিৰিক্তভাৱে খুলি দিছিল দোকান-পোহাৰ কেইখনমান৷ মেন্-চু-খাত বিমান অৱতৰণ কৰিব পৰা পথাৰ
এখন নিৰ্মাণৰ আদেশ অহাত সেই সময়ত কৰ্মৰত বিষয়া-কৰ্মচাৰীসকলৰ মনবোৰ আনন্দত নাচি
উঠিছিল৷ মেন্-চু-খাৰ এ.এল.জি. নিৰ্মাণৰ ইতিহাসে কয় যে শইকীয়া উপাধিৰ এগৰাকী অসমীয়া সহকাৰী
অভিযন্তাই বায়ুযান নমাবলৈ বাছনি কৰা ঠাইত ৬০ গজ বহল ৪০০ গজ দীঘল পথাৰ এখন সাজিবৰ বাবে
মজদুৰ লগাই য়াৰগ্যাপ চুৰ পৰা বুটলি অনা শিলগুটি পৰালে, শিল আৰু চিমেণ্টেৰে ৰোলাৰ সাজি
ৰোলিং কৰালে৷ কলিংগ ছাৰ্ভিচৰ ডাকোটা বিমান এখন উইলিয়াম্ছ নামৰ পাইলট এজনে উৰুৱাই আনি
ইয়াত নমালেহি৷ তাৰ পাছৰ পৰা ৰাণওৱে’টো দীৰ্ঘদিন ধৰি অব্যৱহৃত আৰু পৰিত্যক্ত অৱস্থাত আছিল৷ আমি দেখি থকা এয়াৰ ষ্ট্ৰীপটো নতুন৷
মূলতঃ প্ৰতিৰক্ষাজনিত কাৰণতে ৰাণওৱে’টো নকৈ নিৰ্মাণ কৰাৰ সিদ্ধান্ত লোৱা হয় বিগত ২০১৩ চনত৷
ইণ্ডিয়ান এয়াৰ ফ’ৰ্চৰ ৱৰ্কছ্ বিভাগে ৰেকৰ্ডসংখ্যক
৩০ মাহ সময়ৰ ভিতৰত পুনৰ্নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰে৷ বৰ্তমানৰ এই লেণ্ডিং গ্ৰাউণ্ড আধুনিক ব্যৱস্থাৱলীৰে সাজি উলিওৱা হৈছে৷ যোৱা মে’ মাহৰ ৩০ তাৰিখ সোমবাৰে ইষ্টাৰ্ণ
এয়াৰ কামাণ্ডৰ এয়াৰ অফিছাৰ কামাণ্ডিং-ইন্ চিফ্ এয়াৰ মাৰ্শ্বাল চি. হৰি কুমাৰে এ.এল.জি.টো
মুকলি কৰি গৈছে৷ এয়াৰ ষ্ট্ৰীপটো হৈ উঠাৰ ফলত চীন সীমান্তৱৰ্তী ঠাইবোৰলৈ যাওঁতে সামৰিক,
অৰ্ধসামৰিক বাহিনীৰ লোকে আগতে মুখামুখি হোৱা প্ৰাকৃতিক দুৰ্যোগ আৰু প্ৰত্যাহ্বানসমূহৰ
এতিয়া সহজে মোকাবিলা কৰিব পৰা হ’ল৷
টুৰিষ্ট স্পট হিচাপে মেন্-চু-খা ভেলীক তুলি ধৰাৰ অৰ্থে অৰুণাচল প্ৰদেশ চৰকাৰৰ পৰ্যটন বিভাগে গুৱাহাটীৰ পৰা মেন্-চু-খালৈ এন. ই. শ্বাটল্ৰ অন্তৰ্গত কমাৰ্চিয়েল চাৰ্টাৰ্ড ফ্লাইট্ আৰম্ভ কৰাৰ বাতৰি ২০১২ চনতে বাতৰি কাকতত পঢ়িবলৈ পাইছিলোঁ৷ হ’লেও পৰ্যটক বা স্থানীয় মানুহৰ বাবে নিয়মীয়াকৈ ইয়ালৈ কোনো বিমান বা হেলিকপ্টাৰ সেৱা অদ্যপৰ্যন্ত উপলব্ধ কৰা হোৱা নাই৷ সেয়া নহ'লেও দুৰ্গম স্থানত কৰ্তব্যৰত সৈনিকলৈ নিয়মিতভাৱে খাদ্য আৰু অস্ত্ৰ-শস্ত্ৰৰ যোগান ধৰাটো সহজসাধ্য হৈ পৰিছে৷ আনহাতে কেন্দ্ৰীয় চৰকাৰে অৰুণাচল প্ৰদেশক পূৰ্ণাংগ এয়াৰপ’ৰ্ট এটা উপহাৰ দিব বুলি এবাৰ খবৰত প্ৰকাশ পাইছিল৷ এই পৰিপ্ৰেক্ষিতত ৰাজধানী ইটানগৰৰ সমীপৰ কাৰ্চিংচা আৰু হলংগীত প্ৰাথমিক জৰীপ কাৰ্যও হৈ গৈছে৷ ইফালে ২০০৮ চনত প্ৰধান মন্ত্ৰীৰ পেকেজৰ অন্তৰ্গত ঘোষিত ইটানগৰ গ্ৰীণফিল্ড এয়াৰপ’ৰ্ট প্ৰজেক্টটোৱে বিগত ৮ বছৰ ধৰি শামুকীয়া গতিয়ে লৈ আছে বুলি অভিযোগ শুনা পাইছোঁ৷
টুৰিষ্ট স্পট হিচাপে মেন্-চু-খা ভেলীক তুলি ধৰাৰ অৰ্থে অৰুণাচল প্ৰদেশ চৰকাৰৰ পৰ্যটন বিভাগে গুৱাহাটীৰ পৰা মেন্-চু-খালৈ এন. ই. শ্বাটল্ৰ অন্তৰ্গত কমাৰ্চিয়েল চাৰ্টাৰ্ড ফ্লাইট্ আৰম্ভ কৰাৰ বাতৰি ২০১২ চনতে বাতৰি কাকতত পঢ়িবলৈ পাইছিলোঁ৷ হ’লেও পৰ্যটক বা স্থানীয় মানুহৰ বাবে নিয়মীয়াকৈ ইয়ালৈ কোনো বিমান বা হেলিকপ্টাৰ সেৱা অদ্যপৰ্যন্ত উপলব্ধ কৰা হোৱা নাই৷ সেয়া নহ'লেও দুৰ্গম স্থানত কৰ্তব্যৰত সৈনিকলৈ নিয়মিতভাৱে খাদ্য আৰু অস্ত্ৰ-শস্ত্ৰৰ যোগান ধৰাটো সহজসাধ্য হৈ পৰিছে৷ আনহাতে কেন্দ্ৰীয় চৰকাৰে অৰুণাচল প্ৰদেশক পূৰ্ণাংগ এয়াৰপ’ৰ্ট এটা উপহাৰ দিব বুলি এবাৰ খবৰত প্ৰকাশ পাইছিল৷ এই পৰিপ্ৰেক্ষিতত ৰাজধানী ইটানগৰৰ সমীপৰ কাৰ্চিংচা আৰু হলংগীত প্ৰাথমিক জৰীপ কাৰ্যও হৈ গৈছে৷ ইফালে ২০০৮ চনত প্ৰধান মন্ত্ৰীৰ পেকেজৰ অন্তৰ্গত ঘোষিত ইটানগৰ গ্ৰীণফিল্ড এয়াৰপ’ৰ্ট প্ৰজেক্টটোৱে বিগত ৮ বছৰ ধৰি শামুকীয়া গতিয়ে লৈ আছে বুলি অভিযোগ শুনা পাইছোঁ৷
No comments:
Post a Comment