দিন চাৰি ৷৷ খণ্ড ১৫
সন্মুখত দীঘলীয়া আকাৰৰ গুৰুদ্বাৰ বা গুৰুগৃহ৷ বাৰাণ্ডা পৰ্যন্ত ৰঙা কাৰ্পেট পৰা আছে৷ বাহিৰখন চাফা আৰু ধুনীয়া৷ খণ্ড খণ্ডকৈ পকা কৰা চোতালখনৰ মাজে মাজে ফুল ফুলি আছে৷ সেনাবাহিনীৰ নায়ক পদবীধাৰী বল্জিন্দৰ সিং নামৰ শিখ লোক এজনে এই স্থানৰ তদাৰক কৰে৷ হৃষ্ট-পুষ্ট, হাঁহিমুখীয়া মানুহজন৷ মূল দুৱাৰখনৰ মুখতে তেওঁ অপেক্ষমান, আমাৰ বাবে৷ আমি ছজন গৈ সন্মুখত থিয় দিলোঁ৷ দৰজাৰ কাষতে কাঠৰ ষ্টেণ্ড এডালত ৰখা আছে তিনিকোণীয়া গেৰুৱাৰঙী কাপোৰ কিছুমান৷ তাৰে একোখনকৈ তেওঁ প্ৰত্যেককে দি যাব ধৰিলে৷ মূৰত মেৰিয়াই ল’ব লাগে৷ এইটো এটা নিয়ম৷ মই ঊলৰ টুপী পিন্ধি আছোঁ৷ মানুহজনে মোৰফালে এপলক চালে৷ ‘আপোনাৰ টুপীটোৰেই চলি যাব৷’ হিন্দীতে মন্তব্য কৰিলে৷ মূৰত কাপোৰ মাৰি লোৱা হ'লত এজন এজনকৈ শাৰী পাতি উদ্যত হ'লোঁ প্ৰৱেশৰ বাবে৷
ভিতৰভাগত পদাৰ্পণ কৰিয়ে যি সজ্জা দেখিলোঁ, চকু চাঁত মাৰি গ'ল৷ ধক্ধক্কৈ বগা কাপোৰেৰে ঢকা দুখন বেদী৷ পৃষ্ঠপটত শিখ গুৰুসকলৰ মুখমণ্ডলসহ স্বৰ্ণ মন্দিৰৰ ছবি৷ অমৃতসৰৰ এই মন্দিৰটোৰ ফটো এখন ঘৰটোৰ বাহিৰতো লগোৱা দেখিছিলোঁ৷ বেদীৰ ওপৰত থাপনা এখন৷ শিখসকলৰ শুভংকৰ অঁকা দলিচাজাতীয় কাপোৰ পৰা আছে৷ ফুলৰ মালা, নানকদেৱৰ আলোক-চিত্ৰ, ফুলৰ থোপাৰে সৈতে কেইবাটাও ফুলদানি, ৬খনকৈ কৃপাণ, বেলুন আদি সজাই ৰখা হৈছে৷ এই সকলোবোৰৰ ওপৰত চন্দ্ৰতাপ, সন্মুখত ডাঠ কাৰ্পেট৷ কোঠাটো পৰিষ্কাৰ আৰু যিমান পাৰি পৰিপাটিকৈ সজাই-পৰাই ৰখা হৈছে৷ এহাতে সৰু মঞ্চ এটা৷ মাইকৰ ব্যৱস্থা আৰু ঢাকি থোৱা অৱস্থাত বাদ্যযন্ত্ৰ কেইবিধমানো দেখিলোঁ৷ গুৰু-কীৰ্তন চলে চাগৈ৷
১১ শিখ লাইট্ ইন্ফেণ্টৰিৰ ডি., চি. আৰু এ’. কোম্পানীয়ে পূৰ্বতে ইয়াত সেৱা আগ বঢ়াই গৈছে৷ ২০১০ চনৰ আগষ্ট মাহত প্ৰথম বেটেলিয়ানৰ কামাণ্ডিং অফিছাৰ কৰ্নেল কিৰিট নায়াৰ, চুবেদাৰ মেজৰ হীৰা সিং প্ৰমুখ্যে সৈনিকসকলে গুৰুদ্বাৰথলীৰ উন্নয়ন সাধে৷ বেদীৰ ভেটিত লগোৱা সোণালী প্লেটত ১১ শিখ লাইট্ ইন্ফেণ্টৰিৰ চুবেদাৰ মেজৰ হীৰা সিঙৰ নামোল্লেখ দেখা পালোঁ৷
থাপনাৰ সন্মুখত সংগীসৱে সভক্তিৰে মূৰ দোঁৱালে৷ পাত্ৰ এটাৰ পৰা চৰ্দাৰজীয়ে প্ৰসাদস্বৰূপে ছুজিৰ হালোৱা এলদাকৈ আমালৈ আগ বঢ়ালে৷ কি অনুপম সোৱাদযুক্ত হালোৱাখিনি! মুখত দিয়েই মজা লাগি গ'ল৷ পালে আৰু অলপ খোৱাৰ ইচ্ছা আছিল যদিও ভদ্ৰতাৰ খাতিৰত নুখুজিলোঁ৷ ওঁঠ দুটা চেলেকি চেলেকি ভাবিলোঁ, এই সোৱাদকণ অাজীৱন মনত থাকিব দেই, যেনেকৈ ২০১০ত কলকাতাৰ পৰা বেংককলৈ যাওঁতে জেট এয়াৰৱে'জৰ বিমানত সুন্দৰী পৰিচাৰিকাই খুউৱা ছেৱৈ বাটিৰ স্বাদ আজিও পাহৰিব পৰা নাই৷ ৰাজীৱৰ মুখখন স্বতঃস্ফূৰ্তভাৱে মনলৈ আহি গ'ল৷ বেচেৰাই মেন্-চু-খাৰ এই স্বৰ্গীয় সোৱাদকণ নাপালে৷ এতিয়ামানে গাড়ীতে শুই থাকিব পায়৷
গুৰুদ্বাৰ মিউজিয়াম, মেন্-চু-খা৷ কাষেদি বহ্নিমান নৈখনৰ পাৰত এই ঘৰটো৷ গুৰুদ্বাৰৰ পৰা ওলায়েই সোঁহাতে ওচৰতে থকা যাদুঘৰটো চোৱাৰ হেঁপাহ জাগিল৷ ক'বলৈহে পালোঁ, আমাৰ বাবে তলা খোলাৰ খদমদম চলিল৷ মেন্-চু-খাত সফলতাৰে কাৰ্যকাল সমাপ্ত কৰাৰ পাছত বিহাৰ ৰেজিমেণ্টৰ ১৬ নং বেটেলিয়ানে গুৰুদ্বাৰৰ প্ৰাংগণত মিউজিয়াম গৃহটো সজাৰ বিষয়ে ভাবিছিল৷ উক্ত চিন্তাৰ গুৰিতে আছিল কামাণ্ডিং অফিছাৰ কৰ্নেল প্ৰায়োগ চুব্বা৷ তাৰে পৰিপ্ৰেক্ষিতত ১৯৮৮ চনত যাদুঘৰটোৰ আধাৰশিলা স্থাপন কৰিছিল কৰ্নেল (অৱসৰপ্ৰাপ্ত) দলবিন্দৰ সিং গ্ৰেৱালে৷ অনেক বছৰৰ বিৰতিৰ মূৰত ২০১৫ৰ এপ্ৰিলত নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হয়৷ ছেপ্টেম্বৰত কাম সম্পূৰ্ণ হৈ উঠে৷ ৫ ইন্ফেণ্টৰি ব্ৰিগেডৰ ডি. কোম্পানীৰ কামাণ্ডাৰ ব্ৰিগেডিয়াৰ আৰ. এছ. গুৰায়াই ১৩ নৱেম্বৰ ২০১৫ তাৰিখে যাদুঘৰটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছিল৷ স্মাৰক-শিলাত সংযোজিত মাৰ্বলৰ প্লেটত এই উল্লেখ আছে৷

কাঠেৰে নিৰ্মিত দীঘলীয়া নাতিবৃহৎ মিউজিয়াম গৃহটোৰ সন্মুখলৈকে সেউজীয়া কাৰ্পেট পৰা আছে৷ দুকাষে সুমথিৰাৰঙী নাৰ্জী ফুল৷ শাৰী পাতি খটখটিৰে আমি ভিতৰ সোমাই গ’লোঁ৷ সৰু যদিও সুন্দৰ ব্যৱস্থাপনা, আটোম-টোকাৰি বুলিব পাৰি যাক৷ ৰঙা পোহৰেৰে অন্তৰ্ভাগ উদ্ভাসি থকা যাদুঘৰত প্ৰৱেশ কৰোঁতেই নানকদেৱে অৰ্থপূৰ্ণভাৱে হাতখন দেখুৱাই থকা ফটোখনে আকৰ্ষণ কৰি পেলালে৷ সন্মুখত থিয় হৈ ৰ'লোঁ অলপ সময়৷ সুন্দৰকৈ ফ্ৰেমিং কৰি ৰখা Gurudwara Museum Menchuka, Gurudwara Guru Nanak Toposthan Menchuka, Discovering Nanak Lama at Menchuka, History of Menchuka Gurudwara & Toposthan, Arunachal Pradesh Travels of Guru Nanak, Guru Nanak Travel Route আদিত কি লেখা আছে পঢ়িবৰ বাবে মনটো উদগ্ৰীৱ হৈ পৰিল৷ ১৫১৪ৰ পৰা ১৫১৮ খ্ৰীষ্টাব্দলৈ তৃতীয় উদাসীৰ কালছোৱাত গুৰু নানকে কাশ্মীৰ, সুমেৰ পৰ্বত, নেপাল, টাছখণ্ড, চিক্কিম, তিব্বত পৰিভ্ৰমণ কৰিছিল৷
অৰুণাচলৰ মানচিত্ৰত তেখেতৰ যাত্ৰাপথৰ অংকন দেখি তবধ মানিলোঁ৷ সৌ তাহানিতে ভূটানৰ থিম্ফুৰ পৰা টাৱাং, টাৱাঙৰ পৰা চামদুৰাং চুৰে তিব্বতৰ লাছা, লাছাৰ পৰা ঘূৰি আহি চাম্যে মনাছটাৰী পাইছিলগৈ৷ তাৰ পৰা পুনৰ অৰুণাচলত সোমাই মেন্-চু-খাৰ এই পেমাচুবু ওলালহি৷ ইয়াৰ পৰা মণিগং, টুটিং, গেলিং৷ গেলিঙৰ পৰা ইংকিয়ং হৈ পাছিঘাট৷ তাৰ পৰা শদিয়া চূণপোৰা হৈ নামচাই৷ তাৰ পৰা চৌখাম, পৰশুৰাম কুণ্ড, তেজু, ৱালং, কিবিথুৰে চীনদেশত সোমাইছিলগৈ৷ অৰুণাচলৰ অন্তৰ্গত জেগাবোৰ মোৰ পৰিচিত হোৱাত ফ্ৰেমত বন্ধাই থোৱা মানচিত্ৰখনে সবাতোকৈ অধিক আকৰ্ষিত, উত্তেজিত আৰু বিস্মিত কৰিলে মোক৷
যাত্ৰাপথৰ মেপখনৰ উপৰি শিখসকলৰ অন্যান্য গুৰুসকলৰ ফটোগ্ৰাফ, বিৱৰণ ফলক, স্মাৰক, স্বৰ্ণ মন্দিৰৰ মডেল আদি সকলোখিনিয়েই অতি শৃংখলাবদ্ধভাৱে সজাই ৰখা হৈছে৷ লাইটিং চিষ্টেম মন কৰিবলগীয়া৷ কৰ্নেল (অৱসৰপ্ৰাপ্ত) ডি. এছ. গ্ৰেৱালে ইয়াত প্ৰদৰ্শনৰ বাবে কেতবোৰ আপুৰুগীয়া চিত্ৰৰ যোগান ধৰি থৈ গৈছে৷ যাদুঘৰটো স্থাপনৰ উপৰি গুৰুদ্বাৰৰ উন্নয়নৰ দিশত ১৬ বিহাৰ ৰেজিমেণ্টে এনেদৰে গুৰুত্বপূৰ্ণ অৱদান আগ বঢ়াইছে৷

No comments:
Post a Comment