Wednesday, 8 November 2017

দিন চাৰি  ৷৷ খণ্ড ১০


পুলিন গগৈ নহয়, এইবাৰ চালকৰ আসনত উপৱিষ্ট হল অৰূপদা৷ অৰুণাচলৰ পাৰ্বত্য পথত গাড়ী চলোৱাৰ পূৰ্বসঞ্চিত অভিজ্ঞতা আৰু তাৰেই ফলশ্ৰুতিত জন্মা স্বভাৱজনিত নিচা এটা তেওঁৰ হাতে-ভৰিয়ে অনৱৰতে লাগিয়ে থাকে৷ কথাটো মই প্ৰায়েই মন কৰোঁ৷ এতিয়াও সেইটোৱেই উক্‌ দিলে৷ দাদাক ষ্টিয়েৰিং এৰি দি পুলিন পিছৰ আসনলৈ গলগৈ৷ ক্ষন্তেকতে ইঞ্জিনটোৱে গৰজি উঠিল৷ নীলা আকাশ, বগা ডাৱৰ৷ চৌপাশে আমেজভৰা ৰ'দৰ জিলিঙনি৷ চিট বে'ল্ট কচি লোৱা অৰূপদাৰ কুশল ড্ৰাইভিঙত অকাই-পকাই আমাৰ বলেৰ ৰাওনা হল চীন সীমান্ত অভিমুখে৷


গাড়ীৰ ভিতৰত মৃদুভাৱে গান বাজি আহিছে৷ মনবোৰ বাস্তৱ পৃথিৱীত নাই৷ লাহে-ধীৰে হালি-জালি গৈ থাকি বেইলী ব্ৰীজ এখন পালোঁ৷ তলেৰে বৈছে খৰস্ৰোতা পেমাচিবু নৈ৷ পাৰ হৈয়ে কেঁকুৰি এটা৷ বাওঁহাতে এখন তোৰণ৷ ৰং সেউজীয়া৷ কাষতে স্তুপ এটা৷ বগা ৰং দিয়া৷ Shri Gurudwara Sahib, Topo Asthan Shri Guru Nanak Dev Ji বুলি গে'টখনত লিখা আছে৷ জাগি উঠা অনুসন্ধিৎসা কোনো ৰকমে সামৰি থৈ ১০০ মিটাৰমান গৈছোঁ কি নাই, Gurudwara Sahib বুলি নিৰ্দেশ জনাই সোঁহাতলৈ কাঁড় মৰা চাইনব'ৰ্ড এখন দেখা পালোঁ৷ পকী তোৰণ এখনো থিয় হৈ আছে৷ হিন্দীৰ উপৰি ইংৰাজী আখৰেৰেও ওপৰত লিখা আছে Gurudwara Toposthan Shri Guru Nanak Dev Ji বুলি৷ তোৰণৰ ঠিক বিপৰীতে অৰ্থাৎ পথটোৰ বাওঁ দাঁতিত ৰখীয়াঘৰজাতীয় চালি এখন৷ ঘপহকৈ দেখা পাই আৰ্মীৰ চে'ক বুথ বুলিয়ে ভাবিছিলোঁ৷ পিছে নহয়৷ 

ফ্ৰী ভোজন সব কে লিয়ে in 24 hours, সেৱা মে' গুৰুদ্বাৰ মেন্‌-চু-খা বুলি হিন্দী-ইংৰাজী খিচিৰি ভাষাত বেৰত জিলিকি থকা শাৰীকেইটা পলকৰ বাবে মোৰ দৃষ্টিগোচৰ হ'ল৷ আমাৰ আজি দিনৰ আহাৰ ক'ত কেনেকৈ মিলিব তাৰ কোনো গেৰাণ্টি নাই৷ ভাতৰ কথা নোকোৱাই ভাল৷ লালচাহ একাপ খাওঁ বুলিলেও এই ৰাস্তাত হোটেল, দোকান আনকি মানুহৰ ঘৰো পাবলৈ নাই৷ অৰুণাচলৰ চুকে-কোণে অহৰহ ঘূৰা-ফিৰাৰ অভিজ্ঞতাৰে এয়া আমাৰ কাৰণে সহজবােধ্য৷ লোকালয়ৰ পৰা আঁতৰত এইটো হৈছে ব'ৰ্ডাৰ ৰ'ড৷ গতিকে গুৰুদ্বাৰেই একমাত্ৰ সুযোগ৷ তাতে লিখিতভাৱে আহ্বান জনাইছে যেতিয়া ওভতনি যাত্ৰাত ইয়াতে হামলা দিব লাগিব৷ 'এতিয়া নৰওঁ৷ ৰৈ সময় নষ্ট কৰিব নোৱাৰি৷ আগতে সীমা চাই আহোঁ৷ য়াৰ্‌লুং পষ্টলৈ আৰু ১১ কিলমিটাৰ বাকী আছেই৷' বাক্যকেইটো শেষ কৰি সংগীসৱৰ মুখবোৰলৈ চালোঁ৷ সঁহাৰি নোপোৱাৰ কথাই নাই, পাই গ'লোঁ৷ অৰূপদাৰ সাৱধানী চালনাত গাড়ীখন অলপো নৰৈ অকাই-পকাই উঠি গৈ থাকিল৷

পেমাচিবু আৰু য়াৰগ্যাপ চুৰ সংগমস্থলত আমি পাৰ হৈ অহা গুৰুদ্বাৰ চাহিবৰ অৱস্থিতি৷ শিখসকলৰ ধৰ্মগুৰু নানকে অতীতত কৰা তিব্বতৰ যাত্ৰাকালত এই ঠাইডোখৰত ৰৈছিল, আশ্ৰয় লৈছিল, নৈত স্নান কৰিছিল, তপ কৰিছিল বুলি দেম্‌ডাপে ক'লে৷ মেন্‌-চু-খাৰ পেমাচিবু নামৰ এই স্থানত অগা-পিছাকৈ এহাতে অৱস্থিত গুৰুদ্বাৰ আৰু আনহাতে থকা তপোস্থানে ১৫১৬-১৫১৭ খ্ৰীষ্টাব্দত নানকজীয়ে উত্তৰ দিশে কৰা তেওঁৰ তৃতীয়টো ভ্ৰমণৰ সময়ত ইয়ালৈ অহা আৰু ধ্যান কৰাৰ সত্যতাকে সূচাইছে৷ ভূটানৰ পৰা আহি টাৱাঙেৰে তেওঁ অৰুণাচলত প্ৰৱেশ কৰিছিল৷ লাছা আৰু চাম্যা মনাছটাৰীত পদাৰ্পণ কৰিছিল৷ দাক্‌ব-কাংবৰ পৰা মেম্বাসকলক আনি উপত্যকাটোত সংস্থাপন কৰিছিল বুলিও জনা যায়৷ মেন্‌-চু-খাৰ পৰা টুটিং, গেলিং, শদিয়া, পৰশুৰাম কুণ্ড, ৱালং হৈ তেওঁ পাইছিলগৈ চীন দেশ৷ কমখন ভ্ৰমিছিলনে বাৰু সেই দিনতে? কথাবোৰ জনাৰ পাছত, নিজ চকুৰে শদিয়া, পৰশুৰাম কুণ্ড, ৱালং দেখাৰ পাছত, আৰু চকামকাকৈ হ'লেও এতিয়া এই ঠাইটুকুৰা দেখি আশ্চৰ্যান্বিত হৈছোঁ৷ তাহানি কালতে নানকজীৰ গতিপথে সামৰা ঠাইবিলাক কেনেকুৱা দুৰ্গম আছিল বাৰু! 'তপোস্থান আৰু গুৰুদ্বাৰটো ঘূৰি আহোঁতে চাই যাবই লাগিব দেই৷' সকলোৱে শুনাকৈ ডাঙৰ ডাঙৰকৈ কৈ দিলোঁ, যাতে পাছত কোনেও না কৰিব নোৱাৰে আৰু এতিয়াই সমৰ্থন কৰি থয়৷

সন্মুখত হনুমান কেম্প৷ মেন্‌-চু-খাৰ পৰা হনুমান কেম্পলৈ দূৰত্ব ২০ কিলমিটাৰমানেই হব৷ ৰাস্তাটো মাজে মাজে অত্যন্ত ঠেক আৰু জংঘলময়৷ নৈখন এইফালে নাই৷ হঠাতে এঠাইত গাড়ীত বহি থকাৰ পৰাই পৰ্বতৰ গাত দেখা পালোঁ, সোঁহাতে ওপৰলৈ হিন্দুসকলে দেৱতা জ্ঞান কৰা বীৰ হনুমানৰ মুখাকৃতিৰ সাইলাখ এটা প্ৰকাণ্ড শিল৷ গাইডৰ পৰামৰ্শমতে অৰূপদাই অকণমান সময়ৰ বাবে ৰখালে৷ হুৰমূৰকৈ নামিলোঁ আটায়ে৷ প্ৰাকৃতিকভাৱে আবিৰ্ভাৱ হোৱা হনুমানৰ মুখযেন লগা পাথৰটো একান্তমনে নিৰীক্ষণ কৰিব ধৰিছোঁ৷ দেখি আচৰিতো হৈছোঁ৷ দেম্‌ডাপে জনালে যে বহু বছৰ ধৰি শিলটোৱে এই ৰূপ ধৰি আছে৷ ইয়াক Honuman Rock বুলি কোৱা হয়৷ প্ৰকৃতিয়েই ইয়াৰ আৰ্কিটেক্ট৷ বায়ৱীয় স্খলনৰ ফলতে ইয়াৰ সৃষ্টি৷ দেখি আশ্চৰ্যচকিত নহৈ নোৱাৰি৷ শ্ৰেষ্ঠ খনিকৰ প্ৰকৃতিয়ে কটা প্ৰকাণ্ড এই অবিকল হনুমানৰ মুখক উপলক্ষ্য কৰি পথৰ দাঁতিত মন্দিৰ এটাও সজাই ৰখা হৈছে৷ ৰাজীৱ ভট্টাচাৰ্য প্ৰমুখ্যে আমাৰ সংগী দুজনমান মন্দিৰটোত সোমালগৈ৷ নৈৰ পাৰত গাড়ীত উঠাৰে পৰা আধা ঘণ্টামান লাগিল এইখিনি আহি পাওঁতে৷

কোনো পূৰ্বজাননী অবিহনে, ভাবিব নোৱাৰাকৈ, হঠাতে দেখা দিয়া বীৰ হনুমানে আমাক যেন আগুৱাই থাকিবলৈ সাহস দিলে! এইবাৰ লক্ষ্য য়াৰ্‌লুং পষ্ট৷ ইয়াৰ পৰা ৪ কিল'মিটাৰমান আগলৈ৷ ইমান দূৰলৈকে আহি তালৈ নগলে আন সংগীসকলৰ কি হ'ব নাজানো, মোৰ হ'লে মনটোৱে কোনোৰকমে শান্তি নাপাব৷ সেয়েহে মই আগৰে পৰাই জোৰ দি আছোঁ যাতে উদ্দেশ্য পূৰণত কোনেও না নকৰে বা কোনো কাৰণতে পিছ নুহুহকে৷ য়াৰলুং প'ষ্ট মুঠতে পাবই লাগিব৷ সংকীৰ্ণ ৰাস্তাটোৰে আমাৰ গাড়ী ধীৰে ধীৰে আকৌ আগলৈ চলিল৷ অৰণ্যৰ মাজৰ ৰাস্তা৷ যিমানেই আগুৱাইছোঁ ভাৰত-চীন সীমান্ত ওচৰ চাপি আহিছে৷ বুকুৰ মাজৰ উৎকণ্ঠাও সিমানে বৃদ্ধি পাই আহিছে৷ ৰাস্তাটোৰ অৱস্থা অতি বেয়া হৈ পৰিল৷ আনে কি ভাবিছে নাজানো, মই হলে অন্য একো নাভাবি Fitzhugh Mullanৰ বাক্য এটিৰেই মনক প্ৰবোধ দি আছোঁ... Stop worrying about the potholes in the road and celebrate the journey৷ সীমান্তই উত্তেজিত কৰি তুলিছে দেহা-মন৷ ইণ্টাৰনেশ্বনেল ব'ৰ্ডাৰ বুলিলেই অন্তহীন শিহৰণ অৱধাৰিত৷


No comments:

Post a Comment