Wednesday, 15 November 2017

দিন চাৰি  ৷৷ খণ্ড ১১


গহীন অৰণ্যৰ মাজেৰে ঘূৰি-পকি উঠি উঠি অৱশেষত বন্ধ গেট এখনৰ সন্মুখত চকা ৰৈ গ'ল৷ বেৰত লিখি থোৱা আছে... য়াৰ্‌লুং পষ্ট৷ উচ্চতা ৭,৯৩৮ ফুট৷ ফটো তোলা নিষেধ৷ বুজি পাই গ'লোঁ যে এইটোৱেই সেই সীমান্ত চকী, য'ৰ পৰা অসামৰিক মানুহ বিনা অনুমতিত আগ বঢ়াটো অসম্ভৱ৷ ভাৰতীয় সৈন্যবাহিনীৰ কুমাওঁ ৰেজিমেণ্টে বৰ্তমান ইয়াত বাহৰ পাতি আছে৷ ৬,২৫৪ ফুট ওখ মেন্‌-চু-খাৰ পৰা আৰু ১,৬৮৪ ফুট উঠি আহি আমি এইখিনি পাইছোঁ৷ প্ৰহৰী সেনা জোৱানৰ বাদে বাহিৰা কাৰো বসতি, ঘূৰা-ফিৰা কিম্বা গাঁও নাই ইয়াত৷ পূৰ্বপ্ৰান্তৰ কিবিথু সীমান্তত কাহো নামৰ গাঁও এখন আছিল৷ ভাৰতৰ পূবৰ অন্তিম গাঁও সেইখনেই৷ কাহোত থকা গোম্পাৰ বাৰাণ্ডাৰ পৰা বাধাহীনভাৱে দেখা পাইছিলোঁ ৰঙা চীন৷ ন' মেন্‌ছ লেণ্ড, তাৰ পাছতে চীনদেশৰ ঘৰবোৰ চাব পাৰিছিলোঁ৷ এইফালে দৃশ্যপট সমূলি তেনেকুৱা নহয়৷ অটব্য জংঘল আৰু জোঙা পৰ্বতে ঘেৰি ৰাখিছে৷ মুকলি বুলিবলৈ অকণোৱেই নাই৷

অৰূপদাই গাড়ীখনৰ ষ্টাৰ্ট বন্ধ কৰিলে৷ এজন এজনকৈ মাটিত ভৰি দিলোঁ আমি৷ দায়িত্ববাহী জোৱান গেটত ৰৈ আছে৷ ধৰিব পাৰিছোঁ যে ভৰিৰ পৰা মূৰলৈকে নিৰীক্ষণ আৰম্ভ হৈ গৈছে৷ সদলবলে ওচৰ চাপি গ'লোঁ৷ নেতৃত্বত দেম্‌ডাপ৷ অৱধাৰিতভাৱেই ৰাষ্ট্ৰভাষাতে সোধা-পোছা আৰম্ভ হ'ল৷ ক'ৰ পৰা আহিছে, কি কৰে, কাক বিচাৰিছে ইত্যাদি ইত্যাদি৷ আলোচনা চলি আছে৷ ৰৈ আছোঁ, মুখৰ আগৰ দাংডাল গুচাই কিজানিবা খোজ কাঢ়ি আগুৱাই যাবলৈ দিয়েই! নাই, পৰিস্থিতি সলনি হোৱা নাই৷ ভিতৰুৱা খবৰৰ ভিত্তিতে কিছু পৰৰ পাছত অফিছাৰ এজন আহি ওলাল৷ আগুৱাবলৈ অনুমতি নিদিলে আমাক৷ আমি সাধাৰণ পৰ্যটকহে৷ গতিকে এয়াই লাস্ত টাৰ্মিনেল৷

নিয়ম অমান্য কৰাৰ ইচ্ছা বা ধৃষ্টতা আমাৰো নাই৷ ভালেখিনি সময় সেনা বিষয়াজনৰ সৈতে বেছ সম্ভ্ৰমেৰে কথা-বতৰা চলিল৷ মেন্‌-চু-খাৰ অতিৰিক্ত উপায়ুক্ত আৰু পহৰাৰত সেনা দল, ইণ্ডো-তিব্বেতান বৰ্ডাৰ পুলিছ (আই.টি.বি.পি.)ৰ সেউজ সংকেত থাকিলে দুদিনজোৰা ট্ৰেকিং কৰি সীমান্ত অভিমুখে কিছু যাব পাৰি বুলি এটা সূত্ৰৰ জৰিয়তে জানিছিলোঁ৷ আমাৰ হাতত অনুমতি-অনুমোদনসূচক তেনেকুৱা একো কাগজ-পত্ৰও নাই৷ 'য়াৰলুং প'ষ্ট তক যা সক্‌তা হ্যায়' বুলি গেবুৱেও কৈছিল৷ তথাপিতো ৰাজীৱে পুনৰবাৰ কুটুৰি চালে৷ বৰফ পিছে নগলিল৷ সদ্যহতে তেনেকুৱা অনুমতি কাৰো বাবেই নাই বুলি চাফ চাফ কৈ দিলে৷ সংবেদনশীল এলেকা এইটো৷

আলোচনা কালত বিষয়াজনৰ মুখৰ পৰা জানিব পাৰিলোঁ যে গেটখনৰ পৰা আগলৈ এটা হেলিপেড আছে৷ সেনাৰ শিৱিৰ, বাংকাৰ আদি আছে৷ সেউজীয়া, অৰণ্যময় পাৰ্বত্য এলেকা এইটো৷ এই ভূখণ্ডৰ অৱস্থান এনেকুৱা যে ইয়াৰ পৰা ভাৰতবৰ্ষৰ সমতললৈ অহাতকৈ তিব্বতৰ মালভূমিলৈ যোৱাটোহে সহজ৷ ইয়াৰ পৰা কিছু আগত পুকৰ৷ তাৰ আগলৈ লামাং৷ তাৰ আগত ন মেন্‌চ লেণ্ড, মেক্‌মোহন লাইন৷ কাল্পনিক আন্তৰ্জাতিক সীমান্ত পাবলৈ য়াৰ্‌লুঙত আমি থিয় হৈ থকা ঠাইখিনিৰ পৰা খোজ কাঢ়ি দুদিনৰো ওপৰ লাগি যায়৷ তাৰ বাবে যথাযথ প্ৰস্তুতিৰ প্ৰয়োজন৷ বাট মুঠেই সহজ নহয়৷ গতিকে অনুমতি পালেও উপযুক্ত ট্ৰেকিং-কেম্পিং সঁজুলি, পৰ্যাপ্ত খাদ্য সামগ্ৰী আৰু প্ৰয়োজনীয় সাৱধানতা অবিহনে নোযোৱাই ভাল বুলি বুজাই দিলে৷

সীমান্তত কেইবাটাও ধুনীয়া সৰোবৰ থকা বুলি গেবু চোনাৰ মুখে শুনিছিলোঁ৷ ললা গিৰিপথটো এইফালেই৷ সিপাৰে চীন অধিকৃত তিব্বত৷ ললালৈ মেন্‌চুখাৰ পৰা ৪০ কিলমিটাৰ৷ সমুদ্ৰপৃষ্ঠৰ পৰা ১৭,০০০ ফুট উচ্চতাত অৱস্থিত উক্ত গিৰিপথৰ চৌপাশৰ অঞ্চলটো প্ৰায় ৩০০ ফুট বহল এক মালভূমি৷ গিৰিপথটো দীঘলে ১০ কিলমিটাৰ৷ তাত ১০টা হ্ৰদ আছে বুলি কোনো কোনোৱে কয়৷ বিৱৰণী অনুযায়ী গোটেই মালভূমিটোতে পেন্সি ফুলৰ দৰে ফুলৰ দলিচা আৰু ঠায়ে ঠায়ে একোজোপা বগা অৰ্কিড দেখা যায়৷ বেলেগ বেলেগ হ্ৰদৰ পৰা ওলাই ভাৰতৰ ফালে এখন আৰু তিব্বতৰ ফালে অইন এখন নৈ বৈ গৈছে৷ ললা গিৰিপথৰ পৰা ৫ কিলমিটাৰ উত্তৰ-পশ্চিমে চীনা সৈন্যৰ ছাউনী তামাদেন্‌৷ ৬২ৰ চীন-ভাৰত যুদ্ধৰ পাছত তাত চীনদেশীয় সৈনিকে বাহৰ পাতি লৈছিল৷ কুমিণ্টাং বাহিনীৰ জোৱান কিছুমান সেই পথেদিয়েই ভাৰতত প্ৰৱেশ কৰিছিল৷ ললাৰ নামনিত ভাৰতৰ ফালে বিস্তীৰ্ণ অঞ্চলজুৰি শাৰী শাৰী সৰল গছৰ হাবি; অগৰু আৰু চন্দন কাঠৰ জাৰণি আছে৷ নামনিৰ পাহাৰত আছে অসংখ্য সৰু-বৰ গুহা৷

এতিয়া মনত পৰা, আগতে এঠাইত পঢ়ি থোৱা এক তথ্যমতে মেন্‌-চু-খাৰ পৰা ১৫ কিলমিটাৰমান আঁতৰত আমি বাটত পাই অহা সৰু খৰস্ৰোতা নৈ পেমাচিবুৰ পাৰতো প্ৰকাণ্ড শিলৰ গুহা আছে৷ তাৰ পৰা ১৫ কিলমিটাৰত য়লুং নামৰ এটা জুৰি৷ য়লুঙৰ পৰা ৬ কিলমিটাৰত চুদি৷ চুদিৰ পৰা ৫ কিলমিটাৰ আঁতৰত পখাৰ ভেলীত য়াৰগ্যাপ নৈৰ এটা জলপ্ৰপাত আছে৷ ১৯৫০ চনৰ বৰভূঁইকঁপৰ কঁপনিত পখাৰ পৰ্বত ভাগি এই নৈত পৰি গৈছিল৷ সেই ভগ্ন শিলাখণ্ড অতিক্রমি তললৈ নামি আহিছে নৈখন৷ পখাৰ ভেলীৰ পৰা লামাঙৰ দূৰত্ব ৬ কিলমিটাৰ৷ তাত অসম ৰাইফল্‌ছৰ পহৰাদাৰী সৈন্যৰ শিৱিৰ আছে৷ ১৯৬২ৰ ১৬ নৱেম্বৰলৈ বাহৰ পতা চীনা সৈন্যই লামাং আক্রমণেৰে উৎখাত কৰিছিল ভাৰতীয় সৈনিকৰ শিৱিৰ৷ লামাঙৰ পৰা ৪ কিলমিটাৰ আগত লাচাম্‌৷ অসংখ্য সৰু-বৰ জুৰি আহি ইয়াতে এটা ডাঙৰ জুৰিত পৰিছে৷ তাৰো আগলৈ গলে সমতলভূমি পোৱা যায়৷ তাত ১০০ বৰ্গফুটমান জোখৰ স্বচ্ছ পানীৰ হ্ৰদ দেখা যায়৷ হ্ৰদটোৰ নাম ললা-ছেগ৷ মালভূমিটোৰ ওপৰত দক্ষিণলৈ একে জোখৰ আন এটা স্বচ্ছ পানীৰ হ্ৰদ আছে৷ একেবাৰে উত্তৰ ঢালত তিব্বতৰ ফালে একে ধৰণৰ, একে অৱয়বৰ আন এটা হ্ৰদো আছে৷ স্থানীয় লোকে এই দুটা হ্ৰদক চদম্‌ বুলি কয়৷

য়লুঙেই আমি ৰৈ থকা য়াৰলুং আৰু পখাৰেই সেনা বিষয়াজনে অলপ আগতে কোৱা পুকৰ হ'ব যেন মনে ধৰিছে৷ আনহাতে পেমাচিবু শব্দটো পেমাচুবু বুলিও উল্লেখ পাইছিলোঁ৷ লামাঙলৈ এই স্থানৰ পৰা অকাই-পকাই ১৩-১৪ কিলমিটাৰৰ কম  নহ'ব৷ যাওঁতে বাটত ১৭০ ফুট দৈৰ্ঘ্যৰ বেইলী ব্ৰীজ এখন পোৱা যায় হেনো৷ লামাং পৰ্বতৰ পৰাই নামি আহিছে মোহময়ী য়াৰগ্যাপ-চু৷ উৎসৰ পৰা বৈ আহি এভাগ পানী তিব্বত অভিমুখে গুচি গৈছে৷ এভাগ আহিছে মেন্‌-চু-খা উপত্যকাৰ বুকুলৈ৷ হিমবাহৰ পৰা বাগৰি অহা এই জলৰাশি ঔষধি গুণযুক্ত বুলি স্থানীয় লোকে কালনিৰৱধি বিশ্বাস কৰি আহিছে৷ তাৰ ভিত্তিতে মেন্‌-চু-খা নামটোৰো উৎপত্তি৷

য়াৰ্‌লুঙৰ নেদেখা আগলিভাগৰ ভিতৰুৱা কথাবোৰ ভাবি ভাবি সীমান্ত চকীৰ চৌপাশলৈ মনোনিৱেশ কৰি থাকোঁতেই এঠাইত চকু স্থিৰ হৈ ৰল৷ ওখ স্থান এটাত বিভিন্ন জাতৰ এগালমান মবাইল হেণ্ডছেট ৰাখি থোৱা হৈছে৷ কেইজনমান জোৱানে ফোনযোগে কথা পাতি আছে৷ এইফালে এনে কিছুমান বিশেষ জেগা আছে যত মবাইল ফোনৰ নেটৱৰ্ক পোৱা যায়৷ জোৱানসকলে জানে আৰু তেনেকৈয়ে পা-পৰিয়ালৰ সৈতে কথা পাতে, স্পীকাৰ অন্‌ কৰি৷ অস্বস্তিজনক কথাটো হল, ফোনটো কেনেবাকৈ লৰচৰ হলেই নেটৱৰ্ক হেৰায়৷ গৃহভূমিৰ পৰা শতযোজন দূৰত আমাৰ দেশৰ একাংশ সীমাৰখীয়াই অপৰিমেয় প্ৰতিকূলতাৰ মাজতো এনেকৈয়ে জীৱন নিৰ্বাহ কৰি মাতৃভূমিৰ প্ৰতি সেৱা আগ বঢ়াই আহিছে৷ তেওঁলোকৰ উছৰ্গিত মনোবৃত্তি, কৰ্তব্যপৰায়ণতা আৰু কঠোৰমনা দায়িত্ববোধক চেলুট্‌ নিদি নোৱাৰি৷


No comments:

Post a Comment