দিন চাৰি ৷৷ খণ্ড ৪
৯.৩০ বজাত যাত্ৰা আৰম্ভ হ’ল৷ আমাৰ সৈতে আছে Demdup Darsum৷ স্থানীয় মেম্বা লোক৷ গেবু চোনা জয়ন্তদাহঁতৰ লগত মাছলৈ যোৱাত এৱেঁ দলটোৰ গাইড হৈ ওলাইছে৷ যোৱাৰ আগতে নানাক মাত দিলোঁ৷ তাই ৱাশ্বিং মেছিনত কাপোৰ কিছুমান সুমুৱাই আছিল৷ ইলেকট্ৰিচিটি থাকোঁতেই সেইখিনি অঁতাই দোকান খুলিবগৈ৷ চাংগে' আৰু ৰূপা স্কুললৈ যাব৷ ইংকিয়ঙৰ দলটো কেনিবাদি গ'লেই ওলাই৷ নামৰূপৰ ডেকা দুজন আৰু ক্ৰ'ৱেচিয়াৰ Zarko ট্ৰেকিঙত গ'ল৷ চৌহদটো নিজান আৰু জনশূন্য হৈ ৰ'ব মানুহবোৰ ঘূৰি নহালৈকে৷ হ'লেও চিন্তা নাই৷ চুৰ-চাৰিৰ মুঠেও ভয় নাই ইয়াত৷ নানাই হাত দাঙি, এমোকোৰা হাঁহিৰে দিনটোলৈ আমাক বিদায় জনালে৷
জি.এল.টি.ৰ পৰা বাহিৰ হৈ এ.এল.জি. চৌহদৰ কাষে কাষে চলি আমাৰ গাড়ী নদীৰ সিপাৰ পালেগৈ৷ বেইলী ব্ৰীজেৰে পাৰ হৈ যাওঁতে নৈখনৰ দুয়ো দিশ চাবলৈ পালোঁ৷ নৈসৰ্গিক সৌন্দৰ্যৰ মাজত এনে লাগিছে, চৰিয়া এটাতহে যেন সোমাই আছোঁ আমি! একা-বেঁকা পথেৰে কেইকিল'মিটাৰমান আগলৈ যোৱাৰ পাছত গাইডৰ নিৰ্দেশত এঠাইত গাড়ীখন স্থিৰ হ'ল৷ বাহন এতিয়া পথৰ দাঁতিতে এৰিব লাগিব৷ চলি থাকোঁতে দূৰৰ পৰাই সোঁহাতে দেখা পাই আহিছিলোঁ থাৰ্গেলিং ভিলেজৰ হিল্টপত অৱস্থিত মেন্-চু-খাৰ পুৰণি গোম্পাটো৷ তালৈ যাবলৈ হ’লে এতিয়াৰে পৰা পদযাত্ৰা কৰিব লাগিব৷ খোজৰ বিকল্প নাই৷ জি.টি.এল.ৰ পৰা ১০ কিল’মিটাৰমান হ’ব, কিছু আগত অৱস্থিত ছেগাং ভিলেজলৈ৷ গাঁওখন পাৰ হৈ ভৱিষ্যতে গাড়ী যাব পৰাকৈ বাট কাটি থকা হৈছে বুলি দেম্ডাপে জনালে৷ নিৰ্মীয়মান সেই বাটটোৰেও খোজ কাঢ়ি শিখৰলৈ উঠি যাব পাৰি৷ অহা-যোৱা মিলাই ৩ ঘণ্টামানৰ ভিতৰত ট্ৰেকিং-হাইকিং সম্পূৰ্ণ কৰিব পৰা যায়৷ সময় বচাবলৈ গাইডৰ ইংগিতত আমি শ্বৰ্টকাট্ মাৰি সদলবলে পদব্ৰজে আগ বাঢ়িলোঁ লুংলুঙীয়া পথ এটাৰে৷
প্ৰথমে বিস্তীৰ্ণ ঘাঁহনি এলেকা৷ চিনেমাত দেখাৰ দৰে৷ নৈপৰীয়া এইডোখৰ প্ৰায় সমতল বুলিব পাৰি৷ মূৰৰ ওপৰত উন্মুক্ত আকাশ৷ পৰ্বতত থকা যেন লগা নাই৷ ঘাঁহনিৰ মাজে মাজে বাট বুলি ভাল লাগিছে৷ মনটো বেচ মুকলি মুকলি লাগিছে৷ লগত লৈ যোৱা কমলা টেঙাৰ বাকলি গুচাই গুচাই কথা পাতি, হাঁহি-মাতি, শাৰী পাতি গৈ আছোঁ আমি৷ পিঠিত বোজা বুলিবলৈ কাৰো একো নাই৷ অ'ত ত'ত সিঁচৰতি হৈ থকা ঘৰ কিছুমান দেখিছোঁ৷ গঁড়াল যেন লগা কাঠেৰে নিৰ্মিত ঘৰো পাইছোঁ৷ অকাই-পকাই গৈ গৈ পুৰণা হেঙিং ব্ৰীজ এখনৰ কাষ চাপিলোঁ৷ অৱস্থা ভাল নহয় সাঁকোখনৰ৷ তলেৰে বৈ থকা নৈখনৰ স্থানীয় নামটো সোধাত দেম্ডাপে য়াৰগ্যাপ্ চু বুলি ক'লে৷ মেন্-চু-খাৰ মূল নৈ এইখন৷ এইটো দিশৰ পৰাই আহিছে৷ সিপাৰৰ শিলাময় পৰ্বতলৈ তেওঁ খুব মন দি কিবা চাইছে৷ ওচৰা-উচৰিকৈ কেইবাঠাইতো ওলমি থকা মৌবিচনি কেইখনমান পলকতে পথ-প্ৰদৰ্শকজনৰ সন্ধানী দৃষ্টিত পৰিল৷ উচ্ছ্বাসেৰে আঙুলিয়াই দেখুৱালে তেওঁ৷ অবাক হ'লোঁ হঠাতে সেইবোৰ দেখি৷ কেমেৰাটোৰে ঝুম কৰি চাওঁ যে ৰসেৰে ভৰপূৰ হৈ আছে৷ নমাবৰ কোনো উপায় নাই৷ ঠোঁট-মুখ চেলেকি আগলৈ গৈ থাকিলোঁ৷
ওলমা সাঁকো হৈছে অৰুণাচলৰ বিশেষ বৈশিষ্ট্য৷ ইয়াৰ অবিহনে সৌন্দৰ্য আধৰুৱা যেন লাগে৷ এতিয়াও দেখা পায়ে দৌৰ মাৰি আগুৱালোঁ আৰু প্ৰথমেই উঠিলোঁ মই৷ ভৰি দি দুখোজমান যোৱাৰ লগে লগে দীঘলীয়া দলংখনৰ স্বভাৱজনিত হেন্দোলনি আৰম্ভ হ’ল৷ হ’লেও মোৰ অকণো ভয় লগা নাই৷ এই বিষয়ত যথেষ্ট অভিজ্ঞতা আৰু সাহস ইতিমধ্যে সঞ্চয় হৈ গৈছে৷ তাক্চিঙলৈ যাওঁতে সোৱণশিৰিৰ ওপৰত পোৱা মৰণমুখী ওলমা সাঁকোকেইখনৰ তুলনাত এইখন বহুগুণেই নিৰাপদ৷ গতিকে ঘপ্ঘপাই আগুৱালোঁ৷ নৈৰ বুকুত ৰ’লোঁ৷ ইফালে-সিফালে চালোঁ৷ য়াৰগ্যাপখন এইখিনিত শান্ত৷ পানী ফট্ফটীয়া৷ তলিৰ শিলগুটি পৰ্যন্ত ওপৰৰ পৰা চাওঁতে দেখা পাইছোঁ৷ উৰাই-ঘূৰাই ফটো তুলিলোঁ৷ তাৰ পাছত সিপাৰ৷ আকৌ ঘাঁহনি৷ প্ৰদূষণহীন সুন্দৰ পৰিৱেশ এটা৷ দীঘল দীঘলকৈ উশাহ টানি বুকুত সুমুৱাই ল’ব ধৰিলোঁ মেন্-চু-খা উপত্যকাৰ শীতল সুবাস৷
আমাৰ বাবে ব্ৰেক্ফাষ্ট সাজু হৈয়ে আছিল৷ নানা, ৰূপাহঁতে মুক্ত প্ৰাংগণত, মুকলি আকাশৰ তলত টেবুল সজাই ৰাখিছে৷ ফ্ৰাইড্ ৰাইচ্, শুকান ৰুটি আদি পেট ভৰাই খাই সোনকালেই দুটা দলত বিভক্ত হৈ পৰিলোঁ আমি৷ জয়ন্তদা, শিৱদেব আৰু গেবু যাব মহেন্দ্ৰ কে.ইউ.ভি.খন লৈ৷ উদ্দেশ্য য়াৰগ্যাপ চুত মাছ মৰা৷ জয়ন্তদা এংলাৰ মানুহ৷ য’তে সুযোগ মিলে তাতে বৰশী বোৱাৰ ইচ্ছাটোৱে তেওঁক টানি নিয়ে৷ সা-সৰঞ্জাম ঘৰৰ পৰাই লগত লৈ আহিছে৷ তাকচিঙলৈ যাওঁতেও নিছিল৷ পিছে তামা চুং চুঙৰ গেলেন চিনিয়াকত শিলাময়, ঠেক আৰু এঢলীয়া সোৱণশিৰিখনৰ যিহে খৰ গতি, তাত মাছ মৰাটো মুঠেই সম্ভৱপৰ নহ'ল৷ ৰেপিডবিলাক চাই চায়ে হৃদয় জুৰালে৷ কাহিনী শুনালে ডাম্পৰিজ'ৰ পৰা গেৰুকামুখলৈ সোৱণশিৰিত কৰা ৰাফ্টিঙৰ৷ ইফালে আমাৰ প'ৰ্টাৰ ডেকাকেইটা তাল', ৰকেশ, তাগে', চিংকাৰ, তায়া, লিডাহঁতে ক'ৰ পৰাজানো সন্ধিয়া বেলিকা দুটা শিলঘৰিয়া ধৰি আনিলে, 'তহঁতে ভয় কৰা সোৱণশিৰিতো আমি মাছ ধৰিব পাৰোঁ, য়ে দেখ'' বুলি বাহাদুৰি মৰাৰ লগতে হাৰিয়ানাৰ ফৰিদাবাদী ভ্ৰমণ-সংগী বৰুণ শ্বেওকান্দৰ লগত মাছহাল এৰি দিয়াক লৈ ৫০০ টকাৰ বাজিও জিকিলে৷ কথাবোৰ আজিও ভাবি থাকোঁ৷ এতিয়া মাছ মৰাৰ প্ৰসংগ ওলাওঁতে মনটোৱে মুহূৰ্ততে কেতেনালা, গেলেন চিনিয়াক, য়াং ভ্ৰমি আহিল৷
মাছমৰীয়া চেতনাক সন্মান জনাই নিজৰ চখ পূৰাবলৈ ওলাই গ'ল জয়ন্তদা এণ্ড কোম্পানী৷ আমি বাকীকেইজন সদস্য বলেৰ’খনেৰে Local sight seeing আৰু International border অভিমুখে যাম৷ অৰুণাচলে চুই থকা চীন-ভাৰত সীমান্তৰ বিষয়ে অৰুণাচলী প্ৰসিদ্ধ লেখক য়েছে দৰজে ঠংছিৰ ‘বিষকন্যাৰ দেশত’ নামৰ উপন্যাসত পঢ়িছোঁ৷ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ প্ৰতি মোৰ ভীষণ দুৰ্বলতা আছে, আগৰে পৰাই৷ ভাৰত-চীন, ভাৰত-ম্যানমাৰ, ভাৰত-বাংলাদেশ, ভাৰত-নেপাল সীমান্তৰ অংশবিশেষ দেখিছোঁ, উপস্থিতো হৈছোঁ আগতে৷ এতিয়াও সমানেই উচ্ছ্বাস৷ সময় চমু চাপি অহাৰ লগে লগে উত্তেজনাই চৰমলৈ গতি কৰিব ধৰিলে৷

নিৰলে অকলে হিচাপ কৰি পাইছোঁ, মেন্-চু-খালৈ আহিলে হাতত কমেও ৭টামান দিন লৈ আহিব লাগে৷ ঠাইখন পুংখানুপুংখভাৱে চোৱাৰ উপৰি ট্ৰেকিং-কেম্পিং, তীৰ্থটন, থলুৱা সাংস্কৃতিক কাৰ্যসূচী, পৰম্পৰাগত অনুষ্ঠান যেনে বিবাহ, পূজা-পাতল আদি; বৃক্ষ উদ্যান, কণীধানৰ খেতি, অচিন অৰ্কিড ইত্যাদিৰ বিচিত্ৰ অভিজ্ঞতা আৰু সম্পূৰ্ণ আনন্দ লাভৰ বাবে অপৰ্যাপ্ত সময়ৰ দৰকাৰ৷ লগতে মুকলি মনৰো প্ৰয়োজন৷ আমাৰ হাতত সময় তাকৰ৷ অহা-যোৱাতে ভালেকেইদিন যায়গৈ৷ গতিকে কম সময়ৰ ভিতৰত যিমান পাৰোঁ বেছি দৰ্শন আৰু জ্ঞান আহৰণৰ অংক মিলোৱাত লাগিছোঁ৷ পুলিন গগৈয়ে গাড়ীখন সাজু কৰি ৰাখিছে৷ ৰাতিপুৱাই পিন্ধি লোৱা ট্ৰেকচুটযোৰেৰেই ওলাইছোঁ মই৷ কাপোৰ সলোৱা নাই৷ কেমেৰা আৰু পানীৰ বটল লগত লৈ লৈছোঁ, আংগামী মোনাটোত ভৰাই৷
৯.৩০ বজাত যাত্ৰা আৰম্ভ হ’ল৷ আমাৰ সৈতে আছে Demdup Darsum৷ স্থানীয় মেম্বা লোক৷ গেবু চোনা জয়ন্তদাহঁতৰ লগত মাছলৈ যোৱাত এৱেঁ দলটোৰ গাইড হৈ ওলাইছে৷ যোৱাৰ আগতে নানাক মাত দিলোঁ৷ তাই ৱাশ্বিং মেছিনত কাপোৰ কিছুমান সুমুৱাই আছিল৷ ইলেকট্ৰিচিটি থাকোঁতেই সেইখিনি অঁতাই দোকান খুলিবগৈ৷ চাংগে' আৰু ৰূপা স্কুললৈ যাব৷ ইংকিয়ঙৰ দলটো কেনিবাদি গ'লেই ওলাই৷ নামৰূপৰ ডেকা দুজন আৰু ক্ৰ'ৱেচিয়াৰ Zarko ট্ৰেকিঙত গ'ল৷ চৌহদটো নিজান আৰু জনশূন্য হৈ ৰ'ব মানুহবোৰ ঘূৰি নহালৈকে৷ হ'লেও চিন্তা নাই৷ চুৰ-চাৰিৰ মুঠেও ভয় নাই ইয়াত৷ নানাই হাত দাঙি, এমোকোৰা হাঁহিৰে দিনটোলৈ আমাক বিদায় জনালে৷
জি.এল.টি.ৰ পৰা বাহিৰ হৈ এ.এল.জি. চৌহদৰ কাষে কাষে চলি আমাৰ গাড়ী নদীৰ সিপাৰ পালেগৈ৷ বেইলী ব্ৰীজেৰে পাৰ হৈ যাওঁতে নৈখনৰ দুয়ো দিশ চাবলৈ পালোঁ৷ নৈসৰ্গিক সৌন্দৰ্যৰ মাজত এনে লাগিছে, চৰিয়া এটাতহে যেন সোমাই আছোঁ আমি! একা-বেঁকা পথেৰে কেইকিল'মিটাৰমান আগলৈ যোৱাৰ পাছত গাইডৰ নিৰ্দেশত এঠাইত গাড়ীখন স্থিৰ হ'ল৷ বাহন এতিয়া পথৰ দাঁতিতে এৰিব লাগিব৷ চলি থাকোঁতে দূৰৰ পৰাই সোঁহাতে দেখা পাই আহিছিলোঁ থাৰ্গেলিং ভিলেজৰ হিল্টপত অৱস্থিত মেন্-চু-খাৰ পুৰণি গোম্পাটো৷ তালৈ যাবলৈ হ’লে এতিয়াৰে পৰা পদযাত্ৰা কৰিব লাগিব৷ খোজৰ বিকল্প নাই৷ জি.টি.এল.ৰ পৰা ১০ কিল’মিটাৰমান হ’ব, কিছু আগত অৱস্থিত ছেগাং ভিলেজলৈ৷ গাঁওখন পাৰ হৈ ভৱিষ্যতে গাড়ী যাব পৰাকৈ বাট কাটি থকা হৈছে বুলি দেম্ডাপে জনালে৷ নিৰ্মীয়মান সেই বাটটোৰেও খোজ কাঢ়ি শিখৰলৈ উঠি যাব পাৰি৷ অহা-যোৱা মিলাই ৩ ঘণ্টামানৰ ভিতৰত ট্ৰেকিং-হাইকিং সম্পূৰ্ণ কৰিব পৰা যায়৷ সময় বচাবলৈ গাইডৰ ইংগিতত আমি শ্বৰ্টকাট্ মাৰি সদলবলে পদব্ৰজে আগ বাঢ়িলোঁ লুংলুঙীয়া পথ এটাৰে৷
প্ৰথমে বিস্তীৰ্ণ ঘাঁহনি এলেকা৷ চিনেমাত দেখাৰ দৰে৷ নৈপৰীয়া এইডোখৰ প্ৰায় সমতল বুলিব পাৰি৷ মূৰৰ ওপৰত উন্মুক্ত আকাশ৷ পৰ্বতত থকা যেন লগা নাই৷ ঘাঁহনিৰ মাজে মাজে বাট বুলি ভাল লাগিছে৷ মনটো বেচ মুকলি মুকলি লাগিছে৷ লগত লৈ যোৱা কমলা টেঙাৰ বাকলি গুচাই গুচাই কথা পাতি, হাঁহি-মাতি, শাৰী পাতি গৈ আছোঁ আমি৷ পিঠিত বোজা বুলিবলৈ কাৰো একো নাই৷ অ'ত ত'ত সিঁচৰতি হৈ থকা ঘৰ কিছুমান দেখিছোঁ৷ গঁড়াল যেন লগা কাঠেৰে নিৰ্মিত ঘৰো পাইছোঁ৷ অকাই-পকাই গৈ গৈ পুৰণা হেঙিং ব্ৰীজ এখনৰ কাষ চাপিলোঁ৷ অৱস্থা ভাল নহয় সাঁকোখনৰ৷ তলেৰে বৈ থকা নৈখনৰ স্থানীয় নামটো সোধাত দেম্ডাপে য়াৰগ্যাপ্ চু বুলি ক'লে৷ মেন্-চু-খাৰ মূল নৈ এইখন৷ এইটো দিশৰ পৰাই আহিছে৷ সিপাৰৰ শিলাময় পৰ্বতলৈ তেওঁ খুব মন দি কিবা চাইছে৷ ওচৰা-উচৰিকৈ কেইবাঠাইতো ওলমি থকা মৌবিচনি কেইখনমান পলকতে পথ-প্ৰদৰ্শকজনৰ সন্ধানী দৃষ্টিত পৰিল৷ উচ্ছ্বাসেৰে আঙুলিয়াই দেখুৱালে তেওঁ৷ অবাক হ'লোঁ হঠাতে সেইবোৰ দেখি৷ কেমেৰাটোৰে ঝুম কৰি চাওঁ যে ৰসেৰে ভৰপূৰ হৈ আছে৷ নমাবৰ কোনো উপায় নাই৷ ঠোঁট-মুখ চেলেকি আগলৈ গৈ থাকিলোঁ৷
ওলমা সাঁকো হৈছে অৰুণাচলৰ বিশেষ বৈশিষ্ট্য৷ ইয়াৰ অবিহনে সৌন্দৰ্য আধৰুৱা যেন লাগে৷ এতিয়াও দেখা পায়ে দৌৰ মাৰি আগুৱালোঁ আৰু প্ৰথমেই উঠিলোঁ মই৷ ভৰি দি দুখোজমান যোৱাৰ লগে লগে দীঘলীয়া দলংখনৰ স্বভাৱজনিত হেন্দোলনি আৰম্ভ হ’ল৷ হ’লেও মোৰ অকণো ভয় লগা নাই৷ এই বিষয়ত যথেষ্ট অভিজ্ঞতা আৰু সাহস ইতিমধ্যে সঞ্চয় হৈ গৈছে৷ তাক্চিঙলৈ যাওঁতে সোৱণশিৰিৰ ওপৰত পোৱা মৰণমুখী ওলমা সাঁকোকেইখনৰ তুলনাত এইখন বহুগুণেই নিৰাপদ৷ গতিকে ঘপ্ঘপাই আগুৱালোঁ৷ নৈৰ বুকুত ৰ’লোঁ৷ ইফালে-সিফালে চালোঁ৷ য়াৰগ্যাপখন এইখিনিত শান্ত৷ পানী ফট্ফটীয়া৷ তলিৰ শিলগুটি পৰ্যন্ত ওপৰৰ পৰা চাওঁতে দেখা পাইছোঁ৷ উৰাই-ঘূৰাই ফটো তুলিলোঁ৷ তাৰ পাছত সিপাৰ৷ আকৌ ঘাঁহনি৷ প্ৰদূষণহীন সুন্দৰ পৰিৱেশ এটা৷ দীঘল দীঘলকৈ উশাহ টানি বুকুত সুমুৱাই ল’ব ধৰিলোঁ মেন্-চু-খা উপত্যকাৰ শীতল সুবাস৷
No comments:
Post a Comment