Wednesday, 8 November 2017

দিন চাৰি  ৷৷ খণ্ড ৮


সম্বিৎ ফিৰি আহিল যেতিয়া দেম্‌ডাপে দূৰলৈ আঙুলিয়াই নামবোৰ কৈ গল, কোনফালে কি কি গাঁও আছে৷ নিজৰ গাঁওখনো দেখুৱালে৷ আৰু কলে যে ঘৰ সাজিবৰ বাবে দুদিনমানৰ ভিতৰতে তেওঁ তালৈ যাব৷ ঘৰটো পাইন কাঠেৰেই সজা হব৷ গাঁওখনৰ সকলো ঘৰেই কাঠৰ৷ ইয়াত বহি আমি যিফালেই নাচাওঁ কিয়, যিমানবোৰ বাসস্থান দেখি আছোঁ সকলো পাইন কাঠৰে; ওপৰত টিনপাত দিয়া৷ দেম্‌ডাপৰ ঘৰটোও তেনেকুৱাই কিন্তু ডাঙৰ আৰু আহল-বহল হব বুলি জনালে৷ মই তেওঁক হমষ্টে কৰাৰ পৰামৰ্শ দিলোঁ৷ গাঁৱৰ অভ্যন্তৰত তেনেকুৱা হমষ্টেত কেইদিনমান নিৰলে থাকি প্ৰশান্তি আৰু সৌন্দৰ্য দুয়োটাকে হিয়াভৰি উপভোগ কৰিবলৈ দূৰ-দূৰণিৰ পৰা কষ্ট স্বীকাৰ কৰি হলেও আমাৰ দৰে ইচ্ছুক মানুহ কিছুমান নিশ্চয় আহিবই আহিব৷ স্থানীয় লোক-জীৱনক ভিত্তি কৰি প্ৰতিষ্ঠা কৰা গ্ৰাম্য পৰ্যটন প্ৰকল্প ইয়াত সফল হৈছেই বুলি একে আষাৰে ক'ব পাৰি৷

আজিকালি এচাম মানুহে নগৰ-মহানগৰ চোৱাৰ সলনি প্ৰদূষণমুক্ত, ধুনীয়া, এনে ধৰণৰ প্ৰাকৃতিক পৰিৱেশহে পছন্দ কৰা হৈছে৷ আমিও সময়-সুবিধা-সুযোগ পালেই প্ৰকৃতিৰ বুকুলৈ ঢপলিয়াওঁ, জংঘলত এৰাতি কটাওঁ৷ এইবাৰ আহিছোঁ মেন্‌-চু-খালৈ৷ কাৰ্যসূচী অনুযায়ী কাইলৈ আছে জংঘল যাত্ৰা৷ আমাৰ দৰে মানুহৰ আজিকালি ভ্ৰমণ মানে হৈছে Far from the madding crowd, নিৰিবিলি, নিজঞ্জাল, আত্মাৰ শান্তি, মনৰ প্ৰশান্তিৰ গহ্বৰলৈ যাত্ৰা৷ দেম্‌ডাপে মোৰ কথাখিনি মনোযোগেৰে শুনিলে আৰু মূৰ দুপিয়াই গ'ল৷ উৎসাহ যোগাবলৈ মই তেওঁক কলোঁ পাছৰবাৰ আহোঁতে আপোনাৰ ঘৰত থাকিম কিন্তু৷ সোনকালে কাম আৰম্ভ কৰক৷' বাক্যটো শুনি মানুহজন বিৰাট সুখী হোৱা যেন লাগিল৷ উপলব্ধিৰ জেৰ টানি মোৰ মনটোৱেও কৈ দিলে যে মেন্‌-চু-খা ইমান সৰু নহয়, এবাৰতে সমাপ্ত নহ'ব কিজানি৷ চাবলৈ বহুতো বাকী৷ আকৌ নাহিলে নহ'ব৷

কেইবাটাও কাৰণত অৰুণাচল প্ৰদেশৰ মেন্‌-চু-খা খৰতকীয়াভাৱে এক বিৰাট সম্ভাৰপুষ্ট আৰু জনপ্ৰিয় টুৰিষ্ট ডেষ্টিনেছন হৈ পৰিছে৷ প্ৰাকৃতিক সৌন্দৰ্য, শান্ত বনাঞ্চল, বৰফাবৃত্ত পৰ্বত, মোহনীয় য়াৰগ্যাপ্‌ চু আৰু নৈখনৰ দুপাৰ, বন্ধুভাবাপন্ন স্থানীয় জনসাধাৰণ ইত্যাদিসমূহ তাৰ ভিতৰত উল্লেখনীয়৷ পৃথিৱীৰ পৰ্যটন মানচিত্ৰত এই আকৰ্ষণীয় পাৰ্বত্য নিবাসেযে বিশিষ্ট স্থান অধিকাৰ কৰিবগৈ, সেয়াও ধুৰূপ৷ দিনকদিনে প্ৰচাৰ বাঢ়ি আহিছে মেন্‌-চু-খাৰ৷ এড্‌ভেন্‌চাৰ এট্‌ মেন্‌-চু-খাই ইন্ধন যোগাইছে৷ কোনোবাই কৈছে উত্তৰ-পূবৰ চুইজাৰলেণ্ড, কোনোবাই কৈছে প্ৰাকৃতিক ভূস্বৰ্গ, সুপ্ত সৰগ৷ তিনি ঠাই দেখা মানুহৰে কোনােবাই আকৌ তুলনাত্মক অধ্যয়নেৰে কৈছে লাডাখ আৰু কাশ্মীৰৰ সমষ্টি বুলি৷ গুঁইজানত সেই তেতিয়া বেণুদাই বাক্যকেইটা হিচাপ কৰিয়েই কৈছিল যেন মোৰ বোধ হ'ল৷

প্ৰসংগক্ৰমে এই মুহূৰ্তত মনলৈ আহিছে জৰ্জ লুই বোৰ্গেজৰ এটা উক্তি৷ 'মই সদায় এই কথা কল্পনা কৰিছোঁ যে স্বৰ্গ এক ধৰণৰ গ্ৰন্থালয়৷' বোৰ্গেজৰ কল্পনাৰ সৈতে মিলাই মই পতিয়ন গৈছোঁ যে মেন্‌-চু-খাও এক গ্ৰন্থালয়েই হয়৷ কিমান কথা, কিমান ঘটনা-পৰিঘটনাযে সুপ্ত হৈ আছে ইয়াত! ভাবিয়ে অভিভূত হৈছোঁ৷ আহি ৰোমাঞ্চিত হৈছোঁ এই বিশাল সৌন্দৰ্যথলীলৈ৷ এখন এখনকৈ পৰ্দা আঁতৰি গৈ আছে৷ ততোধিক ৰোমাঞ্চিত হৈ পৰিছোঁ৷ জীৱনক জীপাল কৰি তুলিছোঁ প্ৰদূষণমুক্ত পৰিৱেশত য়াৰগ্যাপ চুৰ পাৰৰ নৈসৰ্গিক শোভা পদব্ৰজে উপভোগ কৰি৷ এইটো সঠিক কথা যে এবাৰ আহিলেহে গম পোৱা যাব মেজিক মেন্‌-চু-খাৰ ব্যতিক্ৰমী চৰিত্ৰ৷ গৱেষণাৰ সমল কিমান থূপ খাই আছে সেয়া গৱেষকে ক'ব৷ আমি গৱেষক নহওঁ৷ সত্যসন্ধানী সামান্য পৰিব্ৰাজক, অৰুণাচলপ্ৰেমী৷

গোম্পাৰ সন্মুখত থিয় দিওঁতে দূৰত য়াৰগ্যাপ চুখন, এ.এল.জি.ৰ এয়াৰ ষ্ট্ৰীপটো আৰু ঘৰবিলাক ৰিণি ৰিণি দেখা পাইছিলোঁ৷ আজিৰ তাৰিখৰ ৰূপ এইটো৷ ৪০০ বছৰ পূৰ্বে উপত্যকাটোত পিছে জনবসতি আছিল শূন্য৷ তিব্বতৰ পৰা প্ৰতি বছৰে দুই-তিনি মাহৰ বাবে তীৰ্থযাত্ৰীসকল আহিছিল৷ তেওঁলোকে প্ৰকৃতিৰ সৈতে সহাৱস্থান কৰি গুহাত আশ্ৰয় লৈ কটাইছিল৷ তেওঁলোকে বিশ্বাস কৰিছিল যে মেন্‌-চু-খা এটা সৰগীয় উপত্যকা, মেন্‌-চু-খালৈ আহিলে তেওঁলোকৰ পাপ খণ্ডন হব আৰু মৃত্যুৰ পাছত স্বৰ্গত প্ৰৱেশ কৰিব পাৰিব৷ সেই হেতুকে ইয়াৰ পৰা তিব্বতলৈ উভতি যোৱাৰ পাছত তীৰ্থযাত্ৰীসকলক তাত উষ্ণ সম্ভাষণো জনোৱা হৈছিল হেনো৷ এই কথাখিনি জনাৰ পাছত, সৰগীয় উপত্যকাটোত পদধূলা দিবলৈ পাই আমাৰো আগতকৈ বেছিকৈয়ে ভাল লাগি গ'ল৷

অঞ্চলটোৰ ভিতৰত বৃহত্তম কায়াৰ বুদ্ধ মূৰ্তি থকা মনাছটাৰীটো আছে দেৰ্‌জিলিং ভিলেজত৷ Rinpoche Kunsang Dechen Rangdolএ দেৰ্‌জিলিং গাঁৱৰ মুখ্য গাঁওবুঢ়াক উক্ত পৱিত্ৰ স্থানৰ চোৱা-চিতাৰ দায়িত্ব দি গৈছিল৷ বৰ্তমান দেৰ্‌জিলিং মনাছটাৰীৰ দায়িত্বত আছে তাচি পিল্‌লেই৷ ইফালে, হ্লালুং ভিলেজত আছে নাহ্‌ চেন্‌দেন্‌ টক্‌৷ স্থানীয় ভাষাত হ্লা মানে ভগৱান, লুং মানে ঠাই৷ 'ভগৱানৰ ঠাই' বুলি ঠাইখনক জনা যায়৷ লামা লড্ৰি গ্যামট্‌চু তিব্বতৰ পৰা তেওঁৰ কুকুৰটো আৰু লাখুটিডালৰ সৈতে আহিছিল৷ তেওঁ আহি দেখিলে যে হ্লালুং অঞ্চলটো ঘন অৰণ্যৰে আৱৰা৷ লামাই ভূমিস্খলনৰ বাবে প্ৰাৰ্থনা কৰিলে যাতে সেই স্থানত মানুহে বসতি কৰাটো সম্ভৱপৰ আৰু সুবিধাজনক হয়৷ তাৰ পাছৰে পৰাই ঠাইখিনিৰ নাম হল হ্লালুং৷ পেমাজিলিঙত থকা এজোপা চন্দন গছক লামাৰ লাখুটিডাল বুলি ভবা হয়৷ আসন আকৃতিৰ শিল এটাক লামাৰ সিংহাসন জ্ঞান কৰা হয়৷ প্ৰতি বছৰে স্থানীয় লোকৰ উপৰি তীৰ্থযাত্ৰীসকলে গছজোপাৰ লগতে সিংহাসনখনক চক্রাকাৰে প্ৰদক্ষিণ কৰাটো পৱিত্ৰ কৰ্তব্য বুলি ভাবে৷ গালিং ভিলেজত আছে taxus baccata plantation৷ এইজোপা হৈছে কেন্সাৰ প্ৰতিৰোধী ঔষধি গছ৷ গৱেষক আৰু আগ্ৰহী ভ্ৰমণকাৰীয়ে বৃক্ষ উদ্যানখনত সোমাই প্ৰয়োজনীয় সমল আৰু জ্ঞান আহৰণ কৰিব পাৰে৷


এঢলীয়া ঘাঁহনিত বহি একেৰাহে ভালেমান পৰ মুক্ত প্ৰকৃতিৰ বিমুগ্ধকাৰী ৰূপ দৰ্শন কৰি হৃদয় জুৰাই লোৱাৰ সমানে সমানে চলা বিভিন্ন আলোচনাৰ অন্তত বেলেগ এটা পথেৰে আমাৰ ওভতনি খোজ আৰম্ভ হল৷ গোম্পা সংযোগী, ভৱিষ্যতৰ যানবাহন চলাচলৰ পথ এইটো৷ নিৰ্মাণ অসম্পূৰ্ণ৷ আৰ্থ কাটিং কেতিয়াবাই হৈ গৈছে৷ বৰ্তমান ৰিটেইনিং ৱাল সজাৰ কাম ঠায়ে ঠায়ে চলাই থকা হৈছে৷ নিশ্চয়কৈ এদিন ওপৰলৈ গাড়ী-মটৰ চলিব৷ এতিয়া অৱশ্যে আমি খোজ কাঢ়িয়েই আহিছোঁ-গৈছোঁ৷

আগলৈ গৈ থাকোঁতে এঠাইত দেৱাল এখনৰ এছোৱা খহি পৰি থকা দেখিলোঁ৷ বৰষুণৰ পানীয়ে ইয়াত ৰাস্তাৰ ক্ষতিসাধন কৰাটো একেবাৰে সহজবোধ্য কথা৷ বেৰখনৰ ক্ষেত্ৰতো সেইটোৱেই কাৰণ৷ অন্য এঠাইত পুৰুষ-মহিলা শ্ৰমিক কিছুমানে কাম কৰি আছে৷ মাজে মাজে সেইফালৰ পৰা ভাহি অহা হাঁহিৰ খলকনিয়ে সহজেই বুজাই দিলে যে কিবা প্ৰসংগ লৈ তেওঁলোকৰ মাজত প্ৰচণ্ড ৰসৰ উদ্ৰেক ঘটিছে৷ খোলা মনৰ আনন্দপ্ৰিয় মানুহবোৰ৷ আকালো নাই, ভঁৰালো নাই৷ হাঁহিৰে জীৱন ৰঙীন কৰিব জানে৷ হিংসাই লাগে দেখিলে৷ জুমটোৰ পৰা উফৰি অহা হাঁহিৰ প্ৰতিধ্বনিয়ে আমাৰ মুখবোৰতো সহজেই হাঁহি বিৰিঙালে৷ পাহাৰীয়া নিৰ্জনতাত প্ৰাণখুলি কিৰীলি পৰাৰ পূৰ্ণ সুযোগ আকৌ ললোঁ৷ মেন্‌-চু-খা... ৷ আমাৰ উপস্থিতি চৌপাশে সকলোৱে গম পাই যাওক বুলি সজোৰে মাৰি পঠিওৱা চিঞৰটো পৰ্বতৰ ফাঁকে ফাঁকে সোমালগৈ৷


No comments:

Post a Comment