Wednesday, 8 November 2017

দিন চাৰি  ৷৷ খণ্ড ৬


গোম্পাটোৰ তদাৰককাৰীৰ দায়িত্বত থকা লামাজনৰ নাম Pasanga Tsening Darsum৷ তেওঁ আমাৰ গাইড দেম্‌ডাপৰ সম্পৰ্কীয় বুলি দেম্‌ডাপৰ মুখেই গম পালোঁ৷ লামাৰ পুত্ৰ Pemba Darsum৷ Pembaই দৌৰ মাৰি কাষতে অৱস্থিত বাসগৃহৰ পৰা চাবিটো লৈ আহিলগৈ৷ তলা খুলি ভিতৰভাগ সাগ্ৰহে দেখুৱাই যাব ধৰিলে৷ কাঠেৰে নিৰ্মিত বিহাৰটোৰ অন্তৰ্ভাগত গভীৰ আধ্যাত্মিকতাই বিৰাজ কৰিছে৷ বুদ্ধদেৱৰ প্ৰকাণ্ড মূৰ্তিৰ উপৰি কেইবাটাও প্ৰাচীন প্ৰতিকৃতি দেখা পাইছোঁ৷ থাপনাও আছে৷ ওপৰলৈ উঠা আৰু নমাৰ বাবে ভিতৰতে সজা আছে কাঠৰ খটখটি৷ তলৰ অংশ চাই শেষ কৰি আমি উঠি গ'লোঁ শাৰী পাতি৷

ইয়াৰ মূৰ্তিবোৰ মাটিৰে সজা৷ আমাৰ সংগীসকলে সন্মুখত অৱস্থান কৰি এফালৰ পৰা প্ৰণাম জনাই গ'ল৷ গুৰু পদ্মসম্ভবাৰ সুন্দৰ প্ৰতিকৃতি, চাম্‌ম নৃত্যত ব্যৱহৃত পৌৰাণিক চৰিত্ৰসমূহৰ দৃষ্টিনন্দন মুখা আৰু পেইণ্টিং কিছুমান চকুত পৰিছে৷ কাঠৰ ফ্ৰেমত বন্ধা ঘণ্টা এটাও আছে৷ ধৰ্মীয় পুথি-পাঁজি অসংখ্য৷ কাপোৰেৰে সুন্দৰকৈ মেৰিয়াই থৈছে৷ একাংশ পুথি হেনো গোম্পাটোতকৈও অধিক পুৰণি৷ কাঠৰ আলমাৰীত ভাগ ভাগকৈ খাপে খাপে সজাই ৰাখিছে অন্য কিছুমান পুথি৷ ফটো ফ্ৰেমত বন্ধা সুন্দৰ সুন্দৰ চিত্ৰ এগালমান বেৰত ওলমি আছে৷ দালাই লামাৰ প্ৰতিচ্ছবিৰ সন্মুখত জ্বলি আছে বন্তি এগচি৷ বন্তিৰ উপৰি সাতটা তামৰ বাটিত থৈ দিয়া হৈছে পানী৷ বুদ্ধৰ সন্মুখত ৰূপৰ বাটি, সাতটা৷ এটা কোঠাত তলা ওলমি থকা দেখিলোঁ৷ তাত কাকোৱেই সোমাবলৈ দিয়া নহয় বুলি ক'লে৷ ৰহস্যটোনো কি? জানিবলৈ মনটো ব্যগ্ৰ হৈ পৰিল৷

তিব্বতীয় বৌদ্ধ ধৰ্ম হৈছে বিশুদ্ধ বৌদ্ধ ধৰ্ম আৰু থলুৱা বন ধৰ্মৰ সংমিশ্ৰণ৷ আত্মা, ভূত-পিশাচ, পৰ্বতীয়া দেৱ-দেৱী, তন্ত্ৰ-মন্ত্ৰ, অৱতাৰ আদিৰে উজ্জ্বল ৰূপত চহকী ইয়াৰ পৌৰাণিক বিৱৰণ৷ মহাযানী বৌদ্ধসকলৰ অন্যতম পৱিত্ৰ স্থান এই মনাছটাৰী৷ ১৬৮১ খ্ৰীষ্টাব্দত তিব্বতৰ পঞ্চমজন দালাই লামাৰ ইচ্ছানুসৰি মেৰা লামাৰ নেতৃত্বত অৰুণাচল প্ৰদেশৰ পশ্চিম প্ৰান্তৰ টাৱাঙত স্থাপন হৈছিল টাৱাং মনাছটাৰী৷ সমসাময়িকভাৱে এই দিশত এইটো মনাছটাৰী৷ তিব্বতীয় ধৰ্মগুৰু তথা মানৱতা, জ্ঞান আৰু বীক্ষাৰ পূজাৰী দালাই লামাই এই স্থলতো পদাৰ্পণ কৰিছিল হেনো৷

যদিও যথেষ্ট কষ্টগম্য তথাপি মেন্‌-চু-খালৈ অহা দেশী-বিদেশী সকলো পৰ্যটকৰ বাবেই Samden Yancha সদায়েই এক প্ৰধান আকৰ্ষণ৷ গতিকে ইয়াক নেওচা দিয়াটো টান৷ উঠিব নোৱাৰি বহুতেই তলতে যাত্ৰা বাতিল কৰে বুলি দেমডাপে বাটতে আমাক কৈছিল৷ আমি কিন্তু আন্তৰিক-মানসিক উৎসাহ আৰু শক্তিৰে পৰ্বত-চূড়া জয় কৰিলোঁ৷ পুৱাতে আজি নতুন গোম্পাটোৰ চোতালতে পণ লৈছিলোঁ ইয়ালৈ অহাৰ৷ এতিয়া সাকাৰ কৰা হ'ল৷ একে ধৰণৰ ইচ্ছাশক্তিৰেই আজিৰ পৰা ২৪ বছৰ পূৰ্বে পাইছিলোঁগৈ টাৱাং মনাছটাৰী৷ সময়বোৰ, মুহূৰ্তবোৰ ৰিণিকি ৰিণিকি এতিয়াও মনত পৰে৷ ভাবি বিৰাট ভাল লাগে৷ পৰ্যটকৰ আনন্দ এইবোৰেই, নিৰ্ভেজাল আনন্দ, জীৱনজোৰা আনন্দ, যিবোৰে হৃদয়খন প্ৰতি মুহূৰ্ততে আচৰিত ধৰণে উৎফুল্লিত কৰি ৰাখে৷ টাৱাঙৰ পৰা টিৰাপলৈ ঘূৰি ফুৰি আহৰণ কৰা আনন্দ-অনুভূতি, অভিজ্ঞতা-উপলব্ধি ভাষাৰে প্ৰকাশ কৰাটো প্ৰকৃতাৰ্থত দুৰূহ কামেই৷

দেম্‌ডাপে মোৰ টোকাবহীত গোম্পাটোৰ সম্পৰ্কে চমুকৈ লিখি দিলে৷ কেইদশকমানৰ আগতে হোৱা অগ্নিকাণ্ডত প্ৰাচীন গোম্পাটো ধ্বংসপ্ৰাপ্ত হৈছিল৷ তেতিয়াই মেন্‌-চু-খা উপত্যকা দৃশ্যমান হোৱাকৈ পৰ্বতৰ ওপৰত কাঠৰ গম্বুজেৰে সৈতে দুমহলীয়াকৈ এনেদৰে পুনৰাই সাজি তোলা হল৷ গোম্পাটো ১৯২৫, ১৯৪৮ আৰু ১৯৫০ চনত সংঘটিত প্ৰাকৃতিক দুৰ্যোগৰ কবলত পৰিছিল যদিও ভিতৰভাগৰ কোনোটো মূৰ্তিৰে একো ক্ষতি হোৱা নাছিল হেনো৷ তাকে লৈ কেতবোৰ অলৌকিক জনশ্ৰুতিও প্ৰচলিত আছে৷ মনাছটাৰীৰ ভিতৰৰ প্ৰতিকৃতিসমূহ মেন্‌-চু-খাৰ বৰ্তমানৰ মুখ্য লামাজনৰ পিতৃ Rinpoche Kunsang Dechen Rangdolএ সাজিছিল বুলি জানিবলৈ পালোঁ৷

বৌদ্ধ স্তুপটো চাই বাহিৰলৈ আহোঁতে তাত থকা দুজন লোকৰ সৈতে সাক্ষাৎ হল৷ তেওঁলোকে আমাক কেঁচা তিয়ঁহ ভাঙি খাবলৈ দিছে৷ এইহেন উচ্চতাত তিয়ঁহ ক'ৰ পৰা ওলাল? তলৰ পৰা ইয়ালৈ খাদ্যবস্তু কঢ়িয়াই আনিবলৈ কমখন কষ্ট আৰু ঘাম উলিয়াব লাগিবনে! আমাক আচৰিত কৰি অলপ পাছত চাহো কৰি খুৱালে৷ পাকঘৰটোত সোমাই চালোঁ৷ খিৰিকীৰে সিফালৰ দৃশ্যাৱলী বাধাহীনভাৱে দেখি৷ কাষতে অৱস্থিত লামাৰ ঘৰটোও ঘূৰি-পকি নিৰীক্ষণ কৰিলোঁ৷ জনপদৰ পৰা আঁতৰত আৰু ওপৰত, মুঠেই সহজগম্য নোহোৱা এনে এক উচ্চ স্থানত নভবাকৈয়ে পোৱা আন্তৰিকতাপূৰ্ণ আতিথ্যকণত মুগ্ধ নহৈ নোৱাৰিলোঁ৷

মেন্‌-চু-খাৰ উত্তৰ দিশত অৱস্থিত এই গোম্পাটোলৈ জি.টি.এল.ৰ পৰা ১২ কিলমিটাৰমানেই হব কিজানি৷ মনে মনে হিচাপ কৰি চালোঁ৷ মনাছটাৰীৰ পিছফালটো এঢলীয়া৷ বিশাল ঘাঁহনি এডৰা৷ যিয়ে যেনেকৈ পাৰে তাতে বহি পৰিলোঁ আমি৷ লেপেটা কাঢ়ি বহিলোঁ, এসময়ত গাটো এৰি দি ইচ্ছামতে বাগৰিলোঁও৷ নোদোকা মেকুৰী এটা আহি আমাৰ পাছফালে ৰ'ল৷ গেবুহঁতৰ ঘৰতো শকত-আবত মেকুৰী এটা আছে৷ যোৱা ৰাতি জুইৰ কাষত বহি কাটাউচে কোচত তুলি লৈ তাক খুব মৰম কৰিছিল৷ ভাগ্যে সিহঁতৰ কুকুৰ নাই৷ এই প্ৰাণীটো থাকিলে বৰ অশান্তি পাওঁ৷ সিদিনা আল'ত এলচেচিয়ানটোৱে কমখন ভয় খুৱালেনে! কুকুৰ পোহাটো আচলতে জন্তুপ্ৰীতি প্ৰদৰ্শন নহয়, ভয়াতুৰৰহে লক্ষণ বুলি ধাৰণা এটা মোৰ মনত আগৰে পৰাই বদ্ধমূল হৈ আছে৷

চকুৰ সন্মুখত এলানি শ্বাসৰুদ্ধকৰ দৃশ্যাৱলী৷ পৰ্বতৰ বক্ষত পাইন গছৰ ঘন, শ্যামল অৰণ্য৷ কোনোবাফালে টকলা পাহাৰ৷ মাজে মাজে জোপোহা কিছুমান৷ একেবাৰে ওপৰত শুকুলা বৰফৰ দলিচা৷ এতিয়া নৱেম্বৰৰ শেষ৷ কম দিনৰ ভিতৰতে বৰফৰ মাত্ৰা বাঢ়ি আহিব৷ গোম্পা পাবহি৷ ঘাঁহনিত জিৰণি লৈ কিছু সময় প্ৰাণভৰি এইবোৰ উপভোগ কৰিলোঁ৷ ডিচেম্বৰৰ শেষত বা জানুৱাৰীত চৌদিশৰ সৌন্দৰ্য কেনেকুৱাযে মনোৰম হবগৈ! মনতে কল্পনা কৰিও চালোঁ৷ উচ্চ পৰ্বতৰ মনোমোহা ৰূপালী বৈভৱৰ উপৰি তলত দৃশ্যমান গাঁও কিছুমানৰ সুদৃশ্য লেণ্ডস্কেপ্‌৷ একোখন ফলিৰ দৰে লাগিছে গাঁওবোৰ৷ ঘৰবিলাক দিয়াচলাইৰ বাকচহেন দেখিছোঁ৷ এনেকৈয়ে অতি আনন্দদায়ক প্ৰাকৃতিক পৰিৱেশ এটা আমি হঠাতে আৱিষ্কাৰ কৰি পেলালোঁ৷ মনে মনে ভাব হ'ল, ইয়াকে কিজানি বোলা হয় ঈশ্বৰপ্ৰদত্ত আপুৰুগীয়া কৃপা৷ এই কৃপা পাবলৈ সঁচাই ভাগ্য লাগিব দেই৷ এই কৃপাৰ কল্পেই ইয়ালৈ উঠি আহিব পাৰিলোঁ৷ ভাবিয়ে বুকুখন সাতখন-আঠখন হৈ পৰিছে৷

ফটোগ্ৰাফতকৈও ধুনীয়া এইবোৰ ঠাই৷ সেয়েহে কেৱল ফটো তোলাতে ব্যস্ত নাথাকি মুহূৰ্তবোৰ নিজৰ আত্মাৰ সৈতে নীৰৱে সংযুক্ত কৰাৰ প্ৰযত্ন চলিল৷ এনে ধৰণৰ শিখৰবোৰত কৰা অৱস্থানে আত্মিকভাৱে নিজকে আধ্যাত্মিকতাৰ সৈতে জড়িত কৰি পেলায়৷ এনেহেন লাগে, পূৰ্বজ ঋষি-মুনিসকলে এনেকুৱা দিব্য প্ৰকৃতিৰ পৰশতে জীৱনৰ সত্য উদঘাটন কৰিবলৈ সক্ষম হৈছিল; মানৱ কল্যাণকাৰী শাস্ত্ৰাদি ৰচিবলৈ সমৰ্থ হৈছিল; জীৱনৰ সঁচা সুখ লাভৰ মহামন্ত্ৰ এনেকুৱা বাতাৱৰণতেই পাইছিল চাগৈ৷ পাৰ্বত্য সৌন্দৰ্য আৰু নীৰৱতাত বাধাহীনভাৱে অৱগাহন কৰি থাকোঁতে ভাবনাই আশ-পাশৰ বিষয়ে চেতনাজ্ঞান তেনেই শূন্য কৰি পেলালে৷ নিজকে হেৰাই পেলোৱা যেন অনুভৱ হল মেন্‌-চু-খাৰ মায়াবৃত্তত৷


No comments:

Post a Comment