দিন চাৰি ৷৷ খণ্ড ৩
খোজ বাঢ়ি গৈ আছে৷ ভোকটোও বৰকৈ লাগিব ধৰিছে৷ দীপকদা আৰু অৰূপদা কেনি অন্তৰ্ধান হ'ল নাজানো৷ আমি হ'লে পোনপটীয়া পথেৰে নগৈ এ.এল.জি.ৰ সুবৃহৎ দেৱাল চুই যোৱা কেঁচা আৰু পোন আলিটোদি আগুৱাই যাব ধৰিলোঁ, এইফালেনো কি আছে চাই যাওঁ বুলি৷ সেনা জোৱানৰ জলফাইৰঙী সাজ-পোছাকৰ দৰেই বাউণ্ডেৰী ৱালৰো অাঁক-বাক৷ এতিয়া হাতে ঢুকি পোৱা অৱস্থাত পাইছোঁ৷ সিটোফালহে দেখা নাযায়৷ দেউতাকৰ সৈতে বিপৰীত দিশৰ পৰা অহা পাহাৰীয়া কণমানি এজনীয়ে আকৌ মই তাইলৈ কেমেৰাটো টোঁৱাওঁতেই ফটোৰ বাবে প'জ দি ৰ'ল৷ খুব মৰম লাগিল তাইক৷ কাঠৰ সাঁকোৰে পাৰ হ'বলগীয়া জুৰি এটা পালোঁ৷ সাঁকোৰ তলতে পানীয়ে ডোঙা বান্ধিছে৷ নোদোকা আৰু বৰ ধুনীয়া হাঁহ এজাকে জলকেলি কৰি থকা দেখি কিছুপৰ সিহঁতক নাচাই নোৱাৰিলোঁ৷ সুবিধা বুজি ফটোও তুলি ল'লোঁ৷ পাৰত ৰৈ থকা দুজনীক ধৰিবলৈ যাওঁতে যিহে চিঞৰ মাৰিলে! অৱশেষত দুঘৰৰ ফাঁকেৰে যোৱা পিছফালৰ লুংলুঙীয়া বাটেৰে পদাৰ্পণ কৰিলোঁহি গেবুজ ট্ৰেডিচনেল্ লজত৷ পুৱাৰে পৰা ঘূৰি-পকি হ'মষ্টে' পাওঁমানে ৯.০০ বাজিবৰে হ'ল৷
'মেজিক মেন্-চু-খা'ৰ ফটো তুলি তুলি, বিহংগম দৃষ্টিৰে চাই চাই এটা সময়ত গোম্পাৰ
সোঁফালে থকা ইংৰাজী 'এল' আকৃতিৰ সুদীৰ্ঘ খট্খটিৰে চাৰিওজনে তললৈ নামিব ধৰিলোঁ৷ পাইন গছ কিছুমানৰ কাষে কাষে শাৰী পাতি শ্বৰ্টকাট্ মাৰিছোঁ৷ লক্ষ্য কৰিছোঁ, নামনিৰ খণ্ডটোৰ দৃশ্যাংশ সিফালতকৈ বেলেগ৷ আমি কালি মেন্-চু-খালৈ অহা পথটো সেইফালেই ক'ৰবাত লুকাই আছে বুলি মই এশ শতাংশই নিশ্চিত৷ কিন্তু ধৰিবকে পৰা নাই, কেনিনো আছে৷ অনেক দূৰত বৈ থকা য়াৰগ্যাপ চুখনৰ ফালে চাইছোঁহে চাইছোঁ! পাৰে পাৰেই আছিল ৰাস্তাটো৷
দুটামান ষ্টেপ নামো, এবাৰ ৰওঁ৷ আকৌ নামো, আকৌ ৰওঁ৷ নৰৈ নোৱাৰি৷ চাবই লাগে তললৈ৷ য়াৰগ্যাপ নৈৰ সিপাৰে টকলা পাহাৰ আৰু সেউজীয়া পাহাৰৰ অদ্ভুত আৰু অপূৰ্ব সংমিশ্ৰণ৷ বাৰে বাৰে মনটোক, সাক্ষীস্বৰূপ চকুহালক টানি নিয়ে৷ পৰ্বতৰ বক্ষত খলা-বমাবোৰৰ মাজতে কেনিবা দেখা পাওঁ আছুতীয়া, অকলশৰীয়া ঘৰ একোটাৰ উপস্থিতি৷ লাহে লাহে ঘনত্ব বাঢ়ি আহি থূপ খাই উপত্যকাৰ সমতলীয় বুকুখন হৈ পৰিছে গৃহময়৷ পাইনৰ ফাঁকেৰে জুমি বহুত দূৰত ধৰা পেলাইছোঁ নীলা টিনপাত দিয়া এছ.বি.আই.ৰ ওখ বিল্ডিংটো৷ সৰ্বোচ্চ সেইটোৱেই৷ ৰঙা, নীলা, বগা, সেউজীয়া বিভিন্নৰঙী আচ্ছাদন৷ ঘৰবিলাকৰ মাজে মাজে ঠেক, সৰ্পিল ৰাস্তাবোৰ৷ কি এক চিত্ৰবৎ সৌন্দৰ্য! সেইফালে চালেই লেঠা! অজানিতে থমকিবলগীয়া হয়৷ খোজ ৰৈ যায়৷ বিহংগম দৃষ্টিপাতত মজি থাকোঁতেই অৰূপদাহঁত নামি গৈ পকা ৰাস্তাত থিয় দি ৰ'ল৷ 'আহা আহা...' আটাহো পাৰিলে কেইবাৰমান, এইফালে চাই৷ পৰ্বতত ঠেকা খাই উভতি গ'ল শব্দকেইটা৷
ধীৰ গতিৰে চলোৱা অৱৰোহণৰ অন্তত পকা আলিটো চুলোঁহি৷ ঘড়ীয়েনো কি কয় জানিব বিচৰাত ক'লে, '৮ বাজি ১৫ মিনিট গৈছে৷' আগে আগে প্ৰদীপদা৷ ৰাস্তাৰ মাজতে ঘূৰি লৈ এবাৰ ওপৰলৈ চালোঁ, কিমান নামিলোঁনো বুলি৷ শীৰ্ষত এৰি থৈ আহিছোঁ Gompa Samden Choeling ৷ উঠি গৈছিলোঁ এটা বাটেৰে, নামিলোঁ অইন এফালেৰে৷ ভাল লাগিছে ইয়ালৈ আহি৷ পুৱাৰ পদযাত্ৰাটোৱে বেছ সুখৰ সঞ্চাৰ কৰিছে আটাইকেইজনৰে হৃদয়ত৷ আজি দিনৰ দিনটো এনেকৈয়ে টলৌ-টলৌকৈ অলৈ-ত'লৈ ঘূৰি ফুৰিবলৈ পালেই ভাল পাম৷ খোজ কাঢ়িলেহে ওচৰলৈ যাব পাৰি, বেছিকৈ চাব পাৰি, অভিজ্ঞতাও সঞ্চয় হয় অধিক৷
আগলৈ বাট বুলি থাকোঁতে নিৰ্মীয়মান অৱস্থাত ঘৰ এটা কাষতে পাই নিৰীক্ষণ কৰিব ধৰিলোঁ৷ মেম্বা টেকনিক খটুৱাই সম্পূৰ্ণ কাঠেৰে সাজি থকা হৈছে বাসগৃহটো৷ কাষত দ'ম দ'ম কাঠ৷ বিভিন্ন জোখৰ৷ কাঠৰ এনেকুৱা প্ৰয়োগ এক কথাত অভূতপূৰ্ব৷ আগতে ক'তো দেখা নাই মই৷ চিন্তা কৰিলোঁ, এতিয়া ইয়াত কাঠ বাৰু উভৈনদী৷ কিন্তু মানুহ আৰু ঘৰৰ সংখ্যা বাঢ়ি অহাৰ লগে লগে এদিন নিশ্চয় নাটনি হ'বগৈ৷ গতিকে এতিয়াই পৰিকল্পিত ব্যৱস্থা লৈ সংৰক্ষণৰ উচিত পদক্ষেপ নল'লে ভৱিষ্যতে সমস্যা নহ'বগৈনে? দেখি থকা সৌ টকলা পাহাৰবোৰ আগতে চাগৈ গছ-গছনিৰে পৰিপূৰ্ণ আছিল৷ এতিয়াৰ ৰূপটো কালক্ৰমে হোৱা বুলিয়ে ধাৰণা হৈছে৷ মটীয়াৰঙী সেই উপৰিভাগ আজি কিয় উদ্ভিদহীন? ওপৰলৈ আকৌ সেউজীয়া৷ সেউজীয়াখিনিতকৈ অধিক উচ্চতাত বৰফ জিলিকি আছে৷ মানুহে ধ্বংস নকৰিলে, ঘৰ-দুৱাৰ সজাৰ নামত বন-বিৰিখ কাটি খাস্তাং নকৰিলে এনেকুৱা ধৰণে বৃক্ষহীন হৈ পৰিব পাৰে জানো? নহ'লে অন্য কি কাৰণ হ'ব পাৰে? ভাবি থাকিলোঁ মনতে অকলে৷
অৰূপদা আৰু দীপকদা আমাতকৈ কিছু আগত গৈ আছে৷ নামনি অভিমুখী দীঘল দীঘল খোজ দুয়োৰে৷ লাহে লাহে দূৰত্বটো বাঢ়ি গ'ল৷ মাত নিদিয়াকৈয়ে তেওঁলোকক এৰি প্ৰদীপদা আৰু মই দিশ সলাই অইন এফালে ফালৰি কাটিলোঁ৷ এক বিশাল পথচাৰী ক্ষেত্ৰ এই মেন্-চু-খা! উপত্যকাটোত ৰাস্তা ঢেৰ৷ মনৰ ইচ্ছামতে যেনি-তেনি ঘূৰি থাকিব পাৰি৷ একোৱেই অসুবিধা নাই পোৱা আমি৷ মেন্-চু-খাৰ বুকুত পদচালনাৰে হেৰাই যোৱাৰ বাসনা এটাহে জাগিব ধৰিছে৷ আমাৰ দৰে ঘূৰি ফুৰা অইন কাকো এতিয়ালৈ আহোঁতে-যাওঁতে লগ পোৱা বা দেখা পোৱা নাই৷
আপাৰ ক'লনীৰে দপ্দপাই আহি আছোঁ৷ অ’ত-ত’ত ঘোঁৰা কিছুমান আপোনমনে চৰি আছে৷ সেউজ ঘাঁহনিত ঘাঁহ খাই থকা ঘোঁৰা! পৃষ্ঠপটত বৰফাবৃত্ত জোঙা জোঙা পৰ্বত শিখৰ৷ এক অপূৰ্বসুন্দৰ দৃশ্য৷ 'ক'ত আছোঁ আমি?' স্বগতোক্তি কৰিলোঁ আপোনা-আপুনি৷ আমাতকৈ সম্পূৰ্ণ বেলেগ প্ৰকাৰৰ জল, বায়ু, মাটি, মানুহ, ভাষা, সংস্কৃতি, পৰম্পৰা, জীৱনশৈলী আৰু পৰিৱেশেৰে বিদেশৰ কোনোবা ধুনীয়া ঠাই যেনেই লাগিল মেন্-চু-খাক৷ প্ৰদূষণশূন্য Clean and green valley৷ ডিব্ৰু-ছৈখোৱাত পৰ্যটকে দেখিবলৈ পোৱা বনৰীয়া ঘোঁৰাবোৰৰ কথা মনলৈ আহিল৷ আন এফালে চাওঁতে মেঠোনো দেখিলোঁ কেইটামান৷ অথনি গোম্পালৈ গৈ থাকোঁতেও মেঠোন আৰু ঘোঁৰা দেখা পাইছিলোঁ৷ ৰূপত ৰহণ চৰাবলৈ ইয়ালৈ ক'ৰ পৰানো কেনেকৈ আগমন ঘটিল ইহঁতৰ?
আহি থাকোঁতে পথৰ দাঁতিয়ে দাঁতিয়ে অৱস্থিত কেতবোৰ অনুষ্ঠান-প্ৰতিষ্ঠান-শিক্ষানুষ্ঠান ইটোৰ পাছত সিটোকৈ ইফালে সিফালে চকুত পৰিছে৷ আটাইবোৰেই আৰ.চি.চি. পিলাৰৰ ওপৰত কাঠেৰে সজ্জিত ঘৰ৷ শৃংখলাবদ্ধ খুঁটা কিছুমানৰ ওপৰত ঘৰ একোটা দাঙি থৈ দিয়া যেন লাগিছে দেখাত৷ পিছফালৰ দৃশ্যপটেৰে অতি আকৰ্ষণীয়৷ কিছুমান ঘৰৰ টিনপাতবোৰ মামৰে খাইছে৷ চাব-ডিভিজনেল হৰ্টিকালছাৰ অফিচাৰৰ কাৰ্যালয়, টেক্সটাইলচ এণ্ড হেণ্ডিক্ৰেফট ডিপাৰ্টমেণ্টৰ অফিচ, এম্পৰিয়াম, গভৰ্ণমেণ্ট ক্ৰাফ্ট চেণ্টাৰ, টাউন কে.জি. স্কুল আদি পাৰ হৈ ষ্টেট বেংকৰ বিল্ডিঙৰ নাতিদূৰেদি অ'ল্ড বজাৰ লাইনৰ আগেৰে গুচি গ'লোঁ প্ৰদীপদা আৰু মই৷ খোজ নিয়মীয়া, চকুত অনুসন্ধিৎসা, পদে পদে নতুন কৌতূহল৷
মেন্-চু-খাত গড়কাপ্তানি বিভাগৰ পৰিদৰ্শন বাংল’, টুৰিষ্ট লজ্, ৰে’ষ্ট হাউচ আদি আছে৷ ২০১৩ চনৰ ৫ নৱেম্বৰত অৰুণাচল প্ৰদেশ চৰকাৰৰ পৰ্যটন দপ্তৰৰ দায়িত্ববাহী মন্ত্ৰী পেমা খাণ্ডুৱে কালি আমি চহৰ সোমাওঁতেই বাওঁহাতে দেখি অহা ১৮টা কোঠাযুক্ত টুৰিষ্ট লজ্ কমপ্লেক্সটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছিল৷ মেন্-চু-খাৰ মাজ-মজিয়াত সহজেই চকুত পৰা Due-Duel Choe-Ten (Evil subduer stupa)ও মুকলি কৰিছিল৷ প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰয়াত দৰ্জি খাণ্ডুৰ স্মৃতিত উছৰ্গা কৰা হৈছে এই বৌদ্ধ স্তুপটি৷ আমি থকা জি.টি.এল.ৰ বাদেও লামা ফিলে হ’মষ্টে’, অল্ম’ষ্ট হেৰিটেজ্ হ’মষ্টে’, পতালা হ’মষ্টে’, ড্ৰিম লাজিন হ'মষ্টে' ইত্যাদি মেন্-চু-খাত থকা অন্য কেতবোৰ সুবিধাজনক গৃহ-নিৱাস৷ তদুপৰি নিউ বজাৰ লাইনৰ হোটেল নেহ-নাং, নাকচাং হোটেল আদিও উল্লেখনীয়৷ ইয়াৰ পৰা স্পষ্ট হৈছোঁ যে মেন্-চু-খাত পৰ্যটন উদ্যোগটো ঠন ধৰি উঠিব লাগিছে৷ ইয়াত পৰ্যটকক আকৰ্ষণ কৰিব পৰা গুৰুত্বপূৰ্ণ, ঐতিহ্যপূৰ্ণ সম্পদ বুলিবলৈ ঢেৰ কিবাকিবি আছে৷ এই যাত্ৰাত আমাক তাৰ সন্ধান লাগিব৷ উভতি গৈ তেতিয়াহে আমাৰ দৰে এড্ভেন্চাৰপ্ৰেমীক সঠিকভাৱে ক'ব পাৰিম৷ অনুপ্ৰাণিত কৰিব পাৰিম Hidden Heavenত জীৱনকালত এবাৰ হ'লেও পদাৰ্পণ কৰাবলৈ, যিটো কাম মোৰ ক্ষেত্ৰত বেণুদা, জয়নাল আবেদিনে কৰিছিল এদিন৷
এই ঠাইৰ পৰিৱেশ শান্তিপূৰ্ণ৷ জলবায়ু নিৰ্মল৷ প্ৰদূষণ নাই৷ হাই-উৰুমি নাই৷ এই ঠাইত আইন-শৃংখলাৰ পৰিস্থিতি সুস্থিৰ৷ স্থানীয় মানুহখিনি মাতে-কথাই ভাল৷ থকা-খোৱাত চিন্তা কৰিবলগীয়া নাই৷ ঠেক হ'লেও পথ যোগাযোগ আছে ইয়ালৈ৷ অৰুণাচল টুৰিজিমৰ ব্ৰেণ্ড এম্বেচাদৰ জন আব্ৰাহামৰ আহ্বানক্ৰমে নহয়, মেন্-চু-খালৈ আমি বিজ্ঞাপন অবিহনেই আহিছোঁ, একমাত্ৰ হৃদয়ৰ দুৰ্বাৰ ইচ্ছাৰ তাড়নাত৷ এক কথাত মেন্-চু-খাই হাত বাউলি দিছিল৷ ভাগ্যই টানি আনিলে৷ আহি গ'লোঁ৷ অৰুণদা, অনিলদা, সঞ্জুহঁতৰ ক্ষেত্ৰত সেইটো নঘটিল৷ উপায় নাই৷ মেন্-চু-খাই মাতিবই লাগিব৷ অন্যথা য়াৰগ্যাপ চুৰ পাৰ কোনেও নাপায়হি৷ সি যি কি নহওক, উপযুক্ত আন্তঃগাঁথনিৰে এই ঠাইত বহনক্ষম (Sustainable) পৰ্যটন উদ্যোগ গঢ় লৈ উঠক, তেনে পন্থাৰেই ইয়াৰ মানুহবোৰ স্বাৱলম্বী হওক, আগ্ৰহী পৰ্যটকসকল দলে দলে আহক৷ ইয়াকে অন্তঃকৰণেৰে সৈতে কামনা কৰিলোঁ এই পৰ্যন্ত দেখা সমলখিনিৰ ওপৰত ভিত্তি কৰি৷

No comments:
Post a Comment