দিন চাৰি ৷৷ খণ্ড ৭
মেন্-চু-খা আৱিষ্কাৰ কৰাৰ পাছত তিব্বতীয় দলটো নিজ দেশলৈ ঘূৰি গ’ল৷ আৱিষ্কৃত ঠাইডোখৰৰ বিষয়ে প্ৰচাৰ চলালে যে মেন্-চু-খাৰ হাবিত নানাবিধ ফলমূল, তেলৰ গছ ইত্যাদি ভৰি আছে৷ তাত মানুহে খেতি নকৰাকৈয়ে জীয়াই থাকিব পাৰে৷ এই কথা শুনি বাজাচিৰিলৈ প্ৰব্ৰজনৰ সোঁত ব’বলৈ ধৰিলে৷ এই প্ৰব্ৰজকসকলে নিজকে ‘মেম্বা’ বুলি পৰিচয় দিলে৷ মেম্বাসকলে তিব্বতৰ চাংগে চম্বা বজাৰত জন্তুৰ ছাল আদি সলাই কাপোৰ-কানি, নিমখ আদি অত্যাৱশ্যকীয় সামগ্ৰী আনিছিল৷ তিব্বতৰ লোকে মেন্-চু-খাৰ মানুহক নানাভাৱে উপদ্ৰৱ কৰাত মেম্বাসকলে তাগিনৰ হতুৱাই চাংগে চম্বা বজাৰ ধ্বংস কৰাইছিল৷ এই ঘটনা শাসনকৰ্তাৰ কাণত পৰিলগৈ৷ তিব্বতৰ শাসনকৰ্তা দালাই লামাৰ অধীন৷ তেওঁ মেম্বাবিলাকক ৰক্ষণাবেক্ষণ দিয়াৰ দায়িত্ব ল’লে আৰু তাৰ বিনিময়ত কিছু কৰ ধাৰ্য কৰিলে৷ ১৯৫০ চনত ভাৰতীয় শাসনৰ অধীনলৈ অহাৰ সময়লৈকে মেম্বাসকলে শাসনকৰ্তাক কৰ দি আছিল বুলি চীনা সৈন্যৰ লগত অহা প্ৰচাৰকসকলে মেন্-চু-খাত অৱস্থিত গোম্পাৰ পৰা উদ্ধাৰ কৰা তিব্বতীয় ভাষাত লিখা পুথিখনত প্ৰকাশ৷ মেন্-চু-খাৰ নৱ-প্ৰজন্মৰ মেম্বাসকল এই বিষয়ে অৱগত নহয়৷
১৯৫০ চন পৰ্যন্ত মেন্-চু-খা তিব্বতৰ অধীনত থকা বুলি কিম্বদন্তীয়ে কয়৷ মেন্-চু-খাৰ ইতিহাস খুঁচৰি চালে পোৱা যায় যে ১৯৫০ চনত ভাৰত চৰকাৰে স্থাপন কৰা এটা প্ৰশাসনীয় কেন্দ্ৰৰ সময়ৰে পৰাই মেন্-চু-খাৰ আৰম্ভণি৷ তাৰ অৰ্থ এইটোৱেই যে আজিৰ তাৰিখত মেন্-চু-খাৰ ভাৰতীয় বয়স ৬৬ বছৰ৷ ১৯৬২ চনত চীন-ভাৰতৰ যুদ্ধৰ সময়ত চীনে মেন্-চু-খা দখল কৰি লৈছিল৷ চীনা সৈন্যৰ লগত অহা প্ৰচাৰকসকলে মেন্-চু-খাত অৱস্থিত এই গোম্পাৰ পৰা তিব্বতীয় ভাষাত লিখা এখন পুথি উদ্ধাৰ কৰিছিল৷ সেই পুথিত বৰ্ণিত ৰোমাঞ্চকৰ কাহিনী আমাৰ যাত্ৰা-প্ৰস্তুতিৰ সময়ছোৱাত কিতাপৰ পৃষ্ঠাত পঢ়িবলৈ পাইছিলোঁ৷
হৰিদ্ৰাপন্থী লামা লড্ৰি গ্যামট্চু আৰু তেওঁৰ ভাতৃ দ্ৰুচক থাংলিং গ্যামট্চু ৰক্তিমপন্থীসকলৰ হাতত যুদ্ধত পৰাজিত হৈ তিব্বতৰ পৰা পলাই আহিছিল৷ গুপ্তস্থান বিচাৰি লড্ৰি গ্যামট্চু বাজাচিৰি (য়াৰগ্যাপ চু) আৰু ভাতৃ দ্ৰুচক টাদাদাগে (পৰীৰ দেশ, মণিগং) ওলালহি৷ মণিগঙৰ ব’কাৰসকলে দ্ৰুচকৰ ধৰ্মবাণী শুনিবলৈ ইচ্ছা নকৰাত তেওঁ তিব্বতলৈ ঘূৰি গ’ল৷ লামা লড্ৰিয়ে দুজন অনুচৰ আৰু এটা কুকুৰ লৈ বাজাচিৰিৰ পাৰৰ পেমাজিলিঙত বাহৰ পাতি ৰ’ল৷ লামাজনে এদিন দেখিলে যে এজনী চৰায়ে এখিলা গছপাত অতি সযতনে কঢ়িয়াই আনিছে৷ পাতখিলা তেওঁৰ শিৱিৰৰ কাষত পৰি গ’ল৷ লামাই পাতখিলা কিবা খোৱাবস্তু হ’ব পাৰে বুলি সিজাই খালে আৰু বৰ ভাল পালে৷ ইয়াৰ পাছত তেওঁৰ অনুচৰবিলাকেও ওচৰৰ হাবিৰ পৰা তেনে পাত সংগ্ৰহ কৰি আনি সিজাই খাবলৈ ধৰিলে৷ সেয়াই আছিল বিখ্যাত তিব্বতীয় চাহৰ আৱিষ্কাৰ৷
লড্ৰি গ্যামট্চুৱে সেই গছৰ কেইটামান ডাল কাটি বাজাচিৰিৰ পানীত ভহাই দিলে৷ নামনি অঞ্চলত বাস কৰা ৰামো জনজাতিৰ লোকে এদিন সেইবোৰ দেখা পালে৷ উজনিত কোনোবা মানুহে বাস কৰিছে বুলি অনুমান কৰি তেওঁলোক উজাই আহিল৷ তেনেকৈ আহি আহি নৈৰ সিপাৰৰ পৰা লামা আৰু অনুচৰবিলাকক দেখা পালে৷ ৰামো লোককেইজনে ধনুৰ সহায়ত তেওঁলোকলৈ মাকৈ মাৰি পঠিয়ালে৷ লামায়ো কেটেপাৰ সহায়ত মাখনৰ টোপোলা মাৰি পঠালে৷ তেনেকৈয়ে তেওঁলোকৰ মাজত ভাব বিনিময়, আদান-প্ৰদান হ’ল৷
এনেদৰে নৈৰ পাৰত বসতি কৰি থাকোঁতে লামাৰ অনুচৰ দুজনক এদিন বাঘে খাই পেলালে৷ লামা অকলশৰীয়া হ’ল৷ নিজৰ লাখুটিডালকে পেমাজিলিঙত বাজাচিৰিৰ পাৰত পুতি থৈ কুকুৰটোৰ সৈতে তেওঁ তিব্বতলৈ ঘূৰি গ’ল৷ তিব্বতৰ মহো নামৰ ঠাইত লামা আৰু তেওঁৰ কুকুৰটোৰ মৃত্যু ঘটিল৷ মৃত্যুৰ আগতে তেওঁ ভৱিষ্যদ্বাণী কৰি গৈছিল যে পাছৰ জন্মত তেওঁ তিব্বতৰ ৰজা হৈ জন্ম ল’ব আৰু বাজাচিৰিলৈ যাব৷
খাম্বা লামা আৰু অন্য দুজনমানে বাজাচিৰিৰ বিষয়ে জানিব পাৰি ল’লা গিৰিপথেদি বাজাচিৰিলৈ বুলি যাত্ৰা কৰিছিল৷ পিছে ল’লাৰ কাষতে লা-মাৰাং অৰ্থাৎ তাগিন জনজাতিৰ লোকে তেওঁলোকক হত্যা কৰিলে৷
ইফালে লড্ৰি গ্যামট্চুৱে ভৱিষ্যদ্বাণী কৰামতে তেওঁ দেৱ’ অংৰা নাম লৈ গাজাত জন্ম গ্ৰহণ কৰিলে আৰু ৰজা হ’ল৷ তেওঁৰ পুত্ৰ গ্যাপ্ দৰ্জে গ্যিবু৷ গিব্যুৱে এদিন সপোনত বাজাচিৰি দেখা পালে৷ লগত তিনিজন সাধু পুৰুষ আৰু পোহনীয়া জীৱ-জন্তু লৈ তেওঁ বাজাচিৰিলৈ যাত্ৰা কৰিলে৷ এজনী গাই, এজনী ছাগলী আৰু এজনী কুকুৰাৰ বাদে বাকীবিলাক বাটতে মৰি থাকিল৷ আহি থাকোঁতে বাটত পোৱা ঠাইবিলাকৰ তেওঁলোকে নাম দি আহিছিল৷ অতি পৱিত্ৰ ঠাই নিচান্গাং, সৰু মুকলি ঠাই ডিজিংথাং, সুন্দৰ ঠাই গালিং আদি৷ পেমাজিলিং পায়েই তেওঁলোক নৰিয়াত পৰিল৷ পিয়াহত অণ্ঠ-কণ্ঠ শুকাল৷ ওচৰৰে নিজৰা এটাৰ পানী খাই পিয়াহ পলুৱালে৷ কিন্তু আচৰিতভাৱে সেই পানী খাই তেওঁলোকৰ বেমাৰ ভাল হৈ গ’ল৷ সেইবাবে নিজৰাটোৰ নাম দিলে ‘মেন্-চু-খাঁ’ অৰ্থাৎ ঔষধীয় পানীৰ নিজৰা৷ মেন্, চু, খাঁ স্বতন্ত্ৰ অৰ্থৱহ তিনিটা শব্দ৷ এই শব্দকেইটাৰে সংহতি মেন্-চু-খা৷ পিছলৈ এই নামেৰেই ঠাইখন আৰু মহকুমাটোৰ নামকৰণ হৈছে৷ মেন্-চু-খা, মেচুকা নামৰ গঠন তেনেকৈয়ে হৈছে৷

তাৰ পাছত প্ৰব্ৰজনকাৰী দলটো নৈখন পাৰ হৈ পেমাজিলিং পালেগৈ৷ তাত লামা লড্ৰি গ্যামট্চুৱে পুতি থৈ যোৱা লাখুটিডালৰ পৰা এজোপা প্ৰকাণ্ড গছ সৃষ্টি হোৱা দেখা পালে৷ সেই গছজোপা এতিয়াও হেনো জীৱিত আছে৷
মেন্-চু-খা আৱিষ্কাৰ কৰাৰ পাছত তিব্বতীয় দলটো নিজ দেশলৈ ঘূৰি গ’ল৷ আৱিষ্কৃত ঠাইডোখৰৰ বিষয়ে প্ৰচাৰ চলালে যে মেন্-চু-খাৰ হাবিত নানাবিধ ফলমূল, তেলৰ গছ ইত্যাদি ভৰি আছে৷ তাত মানুহে খেতি নকৰাকৈয়ে জীয়াই থাকিব পাৰে৷ এই কথা শুনি বাজাচিৰিলৈ প্ৰব্ৰজনৰ সোঁত ব’বলৈ ধৰিলে৷ এই প্ৰব্ৰজকসকলে নিজকে ‘মেম্বা’ বুলি পৰিচয় দিলে৷ মেম্বাসকলে তিব্বতৰ চাংগে চম্বা বজাৰত জন্তুৰ ছাল আদি সলাই কাপোৰ-কানি, নিমখ আদি অত্যাৱশ্যকীয় সামগ্ৰী আনিছিল৷ তিব্বতৰ লোকে মেন্-চু-খাৰ মানুহক নানাভাৱে উপদ্ৰৱ কৰাত মেম্বাসকলে তাগিনৰ হতুৱাই চাংগে চম্বা বজাৰ ধ্বংস কৰাইছিল৷ এই ঘটনা শাসনকৰ্তাৰ কাণত পৰিলগৈ৷ তিব্বতৰ শাসনকৰ্তা দালাই লামাৰ অধীন৷ তেওঁ মেম্বাবিলাকক ৰক্ষণাবেক্ষণ দিয়াৰ দায়িত্ব ল’লে আৰু তাৰ বিনিময়ত কিছু কৰ ধাৰ্য কৰিলে৷ ১৯৫০ চনত ভাৰতীয় শাসনৰ অধীনলৈ অহাৰ সময়লৈকে মেম্বাসকলে শাসনকৰ্তাক কৰ দি আছিল বুলি চীনা সৈন্যৰ লগত অহা প্ৰচাৰকসকলে মেন্-চু-খাত অৱস্থিত গোম্পাৰ পৰা উদ্ধাৰ কৰা তিব্বতীয় ভাষাত লিখা পুথিখনত প্ৰকাশ৷ মেন্-চু-খাৰ নৱ-প্ৰজন্মৰ মেম্বাসকল এই বিষয়ে অৱগত নহয়৷
No comments:
Post a Comment