Monday, 25 December 2017

দিন আঠ ৷৷ খণ্ড ১১


নিজ চকুৰে এই প্ৰথম দেখা পালোঁ বিগত ১৪ বছৰ ধৰি সাজি থকা, অসম চুক্তি আধাৰিত বগীবিল দলং৷ দেখি এটা কথাত ব্যথিত হ'লোঁ যে কেনিও কোনো কাম-কাজ চলি থকাচোন পৰিলক্ষিত হোৱা নাই! ২০১৭ৰ জুন মাহত হ'ব বুলি ঘোষণা কৰিছিল যদিও এই দলং ২০১৮ চনৰ মাৰ্চ মাহতহে আহ-যাহৰ বাবে সক্ষম হ'বগৈ বুলি বাতৰি কাকতত পঢ়িবলৈ পাইছোঁ৷ ৭০ শতাংশ কাম সম্পূৰ্ণ হোৱা বহু প্ৰতীক্ষিত বগীবিল দলঙৰ নিৰ্মাণ কাৰ্য সমাপ্ত কৰাৰ কথা সম্প্ৰতি গুৰুত্বসহকাৰে বিবেচনা কৰা হৈছে৷ পৰৱৰ্তী বৰ্ষ অৰ্থাৎ ২০১৭ৰ ২৫ ডিচেম্বৰতে দলংখন মুকলি কৰিব পৰা যাব বুলিও নিৰ্মাণকাৰী সংস্থা উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ সূত্ৰ এটাই সদৰি কৰিছে৷

শেহতীয়াভাৱে খবৰ কাগজত কাম সমাপ্তি ২০১৭ৰ নৱেম্বৰত আৰু ২০১৮ৰ জুন মাহত মুকলিৰ কথা কোৱা হৈছে৷ তাৰিখৰ পাছত তাৰিখৰ পৰিৱৰ্তনৰ ধামখুমীয়াত ৫,০০০ কোটিটকীয়া সপোনটোৰ শেষ কি হয়গৈ নাজানো৷ নতুনকৈ ঘোষিত লক্ষ্যৰ পৰা বিচলিত নহ'বৰ বাবে নিৰ্মাণকাৰী সংস্থাটোৱে কঁকালত নকৈ টঙালি বান্ধিছে হেনো৷ অসম-অৰুণাচল সীমাৰ পৰা ২০ কিল'মিটাৰ নিলগত সজা এই সেতুৱে দুয়োখন ৰাজ্যৰ জনসাধাৰণৰ ৰে'ল আৰু পথ যাতায়াত নিঃসন্দেহে সুগম কৰিব৷ লগতে চীন সীমান্তলৈ সেনা আৰু সঁজুলি সৰৱৰাহ সহজসাধ্য কৰি তুলিব৷ তাৰ বাবে এই মেগা প্ৰজেক্টৰ সমাপ্তিলৈ আমি আৰু কিছুদিন ধৈৰ্যৰে বাট চাবই লাগিব৷

অতিসম্প্ৰতি কেউদিশে অধিক চৰ্চা চলি থকা, ডিব্ৰুগড় আৰু ধেমাজি জিলা সংযোগী বগীবিল দলংখন গঢ়িবৰ বাবে যি সময়ত পৰিকল্পনা কৰা হৈছিল সেই সময়ত এইখনেই আছিল ভাৰতৰ ভিতৰত দীৰ্ঘতম দলং৷ কিন্তু ইতিমধ্যে নিৰ্মাণ সমাপ্ত হৈ যোৱা বান্দ্ৰা হাৰবাৰ ব্ৰীজ, হচুৰৰ উৰণীয়া সেতু, হায়দৰাবাদৰ আন্তৰ্জাতিক বিমান বন্দৰ সংযোগী ফ্লাই অ'ভাৰ, কানপুৰ ব্ৰীজে ইয়াক আগতেই পিছ পেলালে৷ তৎসত্ত্বেও এইখন হৈ উঠিলে নদীৰ ওপৰত সজা ভাৰতৰ দীৰ্ঘতম সেতু বুলি পৰিগণিত হ'বগৈ৷

ব্ৰহ্মপুত্ৰখনৰ উজনি অংশটো অৰুণাচলত দিহাং আৰু চিয়াং নামে জনাজাত৷ চাংপোৰ বৰফ গলা পানীৰে এই নৈ সৰ্বদা শক্তিমন্ত৷ পাচিঘাটৰ পাছতে চিয়াং ভৈয়ামলৈ নামে৷ কিছুদূৰ বৈ অহাৰ পাছতে দিবাং আৰু লোহিত বিলীন হয়৷ এই সংগমস্থলৰ পৰাই নদীৰ নাম ব্ৰহ্মপুত্ৰ৷ চিয়াঙত আমি দেখি অহা মূল প্ৰৱাহটোৱে আমি এতিয়া দেখি থকা এইখিনি ঠাই ওলাইছেহি৷ চৰিত্ৰ কিম্বা ৰং-ৰূপ অৱশ্যে নিমিলে৷ বহু নদীৰ সংমিশ্ৰণত বৰণ তেনেই সলনি হৈ পৰিল৷ বহল হৈ পৰাত সোঁতৰ শক্তিতো সালসলনি আহিল৷ বাংলাদেশত প্ৰৱেশ কৰি বংগোপসাগৰত জাহ যোৱা এই বিশাল জলৰাশিয়েই অসমত নাম লৈছে ব্ৰহ্মপুত্ৰ৷ আমি এতিয়া ব্ৰহ্মপুত্ৰৰ পাৰত, ব্ৰহ্মপুত্ৰ উপত্যকাত৷

বিশাল ভূপৃষ্ঠৰে অসমৰ মাজেৰে প্ৰৱাহিত ব্ৰহ্মপুত্ৰ এক বৃহৎ প্ৰাকৃতিক জলপথ৷ ব্ৰিটিছ শাসনৰ সময়ত অসম আৰু বংগৰ মাজত এই পথেৰে অনেক পৰিৱহণ হৈছিল৷ ব্ৰহ্মপুত্ৰৰ এই জলপথ বহল যদিও কালক্রমত তৰাং হৈ পৰিছে৷ পূৰ্বৰ সদৃশ যাতায়াত এতিয়া দেখা নাযায়৷ চিয়াঙৰ পাহাৰীয়া উপত্যকাৰ পৰা জোৰেৰে বৈ অহা বৰষুণৰ পানী আৰু অসম উপত্যকাৰ অসংখ্য উপনৈক সামৰি বৃহৎ অৱবাহিকাত হোৱা প্ৰৱল বৃষ্টিপাতৰ ফলত গ্ৰীষ্ম কালত নিয়মিত ৰূপত আগমন ঘটা বিধ্বংসী বানপানী আৰু গৰাখহনীয়াই ব্ৰহ্মপুত্ৰ উপত্যকাটোৰ উন্নয়নত আজিও বাধা প্ৰদান কৰি আহিছে৷

সন্মুখৰ বিশাল জলৰাশিলৈ চাই চাই অনেক কিবাকিবি গুণা-গঁথা কৰি আছোঁ৷ দিনৰ ২.১০ বাজিল৷ হঠাতে ফেৰীখনে লৰচৰ কৰিলে৷ লগে লগে জয়ন্তদালৈ এছ.এম.এছ. দিলোঁ, 'আমাৰ অন্য এক এড্‌ভেন্‌চাৰ্‌ এই আৰম্ভ হওঁ হওঁ' বুলি৷ নৌকাই টুলুং-ভুটুং কৰি থাকোঁতেই মই ছাদৰ ওপৰলৈ উঠি গ'লোঁ৷ কেমেৰাটো অন্‌ কৰি অনৰ্গল ক্লিক্‌ কৰি থাকিলোঁ চৌপাশৰ দৃশ্যাৱলী৷ মাজে মাজে জয়ন্তদাৰ সৈতে এছ.এম.এছ.ৰ উত্তৰ-প্ৰত্যুত্তৰ চলি থাকিল৷ তেওঁলোক পাচিঘাট পাইছেহি৷ আমি ব্ৰহ্মপুত্ৰৰ বুকুত৷

বগীবিল দলংখন আমাৰ বাঁওহাতে নাতিদূৰত জিলিকি আছে৷ নিৰ্মাণ কাৰ্য স্থবিৰ৷ কেতিয়া সম্পূৰ্ণ হ'ব ক'ব নোৱাৰি৷ চকুৰ আগত লঠঙা হৈয়ে ৰৈছে কেইবাটাও খুঁটা৷ ব্ৰহ্মপুত্ৰত পানী কমিছে৷ ফেৰীখন পাক মাৰি ঘূৰি আহিবলগীয়া হৈছে৷ এসময়ত দলঙৰ তলেৰে গহীন ভাবত ফেৰীখন আগুৱাই যাব ধৰিলে৷ পশ্চিমত আবেলিৰ বেলি৷ সূৰ্যৰ জলমলীয়া কিৰণ পানীত পৰি দৃষ্টিনন্দন চিক্‌মিকনি তুলিছে৷ সৌন্দৰ্যপিয়াসী মানুহক ফেৰীৰ ভিতৰৰ গম্ভীৰতাই তিলমানো আৱদ্ধ কৰি ৰাখিব নোৱাৰে৷ সেয়েহে অনেকজনেই ওলাই আহি মনপৰশা দৃশ্যসমূহ গাত গা লগাই হ'লেও উপভোগ কৰাত ব্যস্ত হ'ল৷ দূৰ দিগন্তলৈ প্ৰসাৰিত সমূহ যাত্ৰীৰ দৃষ্টি৷ ফেৰীবোৰ আহিছে, গৈছে৷ ঘাট এৰাৰ প্ৰায় এঘণ্টাৰ মূৰত নিৰ্মাণৰত দলংখনৰ তলেৰে নি বগীবিল ফেৰীঘাটত নৌকা চপালে৷ ৩ বাজি ১৫ মিনিট গৈছে৷ পাৰ কৰাৰ বাবদ গাইপতি ৬০ টকাকৈ ল'লে৷ সি যি কি নহওক, নতুন জীৱন পোৱাযেন অনুভৱ হ'ল৷ হাঁহি হাঁহি আমি নামিলোঁ৷ সাঁতুৰিব নজনা মানুহ৷ পাৰ পালে হাঁহি ওলাবই৷

ব্ৰহ্মপুত্ৰ ভাৰত উপদ্বীপৰ বৃহত্তম আৰু পৃথিৱীৰ অন্যতম বৃহৎ নদ৷ গড় পৰিমাণ হিচাপত এই নদ প্ৰতি বছৰে ৬,২৫,০০,০০০ হেক্টৰ মিটাৰ বৈ যায়৷ ২,৭০৩ কিল'মিটাৰ দীঘল নৈখনৰ জলপথ ঠায়ে ঠায়ে ১০ৰ পৰা ১২ কিল'মিটাৰ৷ বাৰিষা যেন এখন সাগৰ৷ কমেও ২০,০০০ মেগাৱাট জলবিদ্যুৎ উৎপাদন কৰিব পৰাৰ ক্ষমতাৰে এই নৈৰ বুকুত আজিও লুকাই আছে এক অপৰিসীম শক্তি যাৰ বাবে ইয়াক আৰব উপদ্বীপত লুকাই থকা খাৰুৱা তেলৰ শক্তিৰ লগত তুলনা কৰা হয়৷ পিছে সেই শক্তিক ইমান দিনে কেনে ধৰণে প্ৰয়োগ কৰি অহা হৈছে সেয়া নক'লেও চলে৷ ব্ৰহ্মপুত্ৰ অৱবাহিকাৰ বিশাল জলভাণ্ডাৰ মানুহৰ উন্নয়ন আৰু সমৃদ্ধিৰ অৰ্থে আহৰণ কৰাটো অতি প্ৰয়োজন, বিশেষকৈ অসমৰ বানপানী আৰু গৰাখহনীয়া নিয়ন্ত্ৰণৰ স্বাৰ্থত৷ কথাবোৰ ভাবিলে এই বিষয়ে চিন্তা-চৰ্চা, গৱেষণা আৰু যথাযথ কাম-কাজ কৰা প্ৰকৃত মানুহৰ অভাৱ যেনহে লাগে৷


দিন আঠ ৷৷ খণ্ড ১০


আমি জোনাই চহৰ সোমালোঁহি৷ ইয়াৰ পৰা চিলাপথাৰলৈ ৭৫ কিল'মিটাৰ৷ মসৃণ ৰাস্তা পাই গাড়ীখন বৰ আৰাম লগাকৈ চলিছে৷ কঁকালৰ বিষত ভুগি থকা অৰূপদাৰ সমতল পাই মনটো ৰণ-জিত্‌ ৰণ-জিত্‌ লাগিছে৷ মোৰহে একোৰে প্ৰতি আকৰ্ষণ নাইকিয়া হৈ পৰিছে৷ পৰ্বত নাই, নৈ-নিজৰা-জলপ্ৰপাত নাই, ৰঙা-হালধীয়া বল ওলমি থকা কমলা বাগানবোৰ নাই, অকোৱা-পকোৱা খলা-বমা উঠা-নমা বাট-পথবোৰ নাই৷ কথাষাৰ ব্যক্ত নকৰাকৈ নোৱাৰিলোঁ সহযাত্ৰীসকলৰ আগত৷ অৰুণাচলৰ পাহাৰবোৰ লাহে লাহে সৰু হৈ দূৰলৈ গৈছেগৈ৷ আকৌ কেতিয়া কি উপলক্ষ্যত কাৰ সৈতে উঠিবগৈ পাৰোঁ তাকে লৈ মূৰত চিন্তাই পাক্‌ঘূৰণি লগাইছে৷ সেউজ পৰ্বত আৰু নীলা নৈৰে সমৃদ্ধ, লেণ্ড অফ্‌ অৰ্কিড বুলি জনাজাত অৰুণাচল এৰি আহি মনটো কিবা গধুৰ গধুৰ লাগিছে৷

লাইমেকুৰী, চিমেন চাপৰি অতিক্ৰমি অকাজান পালোঁ৷ তাৰ মানে জোনাইৰ পৰা ইমান পৰে ৭০ কিল'মিটাৰমান আহিলোঁ৷ অসমৰ ভিতৰতে এছোৱা ভাল ৰাস্তা বুলি এইছোৱাৰ সুনাম আছে৷ তিনিআলিটোৰ পৰা সোঁৱে ৪ কিল'মিটাৰত চিলাপথাৰ৷ গাড়ী ৰাষ্ট্ৰীয় পথেৰে চিধাচিধিকৈ গৈ থাকিল৷ সদ্যহতে চিলাপথাৰত সোমোৱাৰ প্ৰয়োজন নাই৷ যাওঁতেই সুযোগ বুজি চন্দ্ৰ-অমিহঁতৰ ঘৰত আলহী খাই গৈছোঁ৷ এতিয়া পোনে পোনে ব্ৰহ্মপুত্ৰৰ কাৰেং ফেৰীঘাট পাবগৈ লাগে৷ সময়মতে সিপাৰলৈ নৌকা ধৰিব লাগে৷ লাষ্ট ফেৰী ৪ বজাত বুলি গম পাইছোঁ৷ ঘড়ীয়ে কৈছে, আমি সময়তকৈ বহুত আগত চলি আছোঁ৷ টেনচন নাই৷

বগীবিল দলঙলৈ সোমাই যোৱা ৰাস্তাটো এৰি আহিছোঁ৷ অলপ আগত ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বাট এটা বাঁওহাতে সোমাই গৈছে৷ সেইটোৰেই ঘাটলৈ যায়৷ এইখিনি কুলাজান তিনিআলি৷ সাহাই টাৰ্নিং ল'লে৷ আৰম্ভণিছোৱা সুন্দৰ, পকা৷ ভাল লাগিছে আহি৷ পিছলৈ কেঁচা৷ তাৰ পাছত ৰাস্তা নায়েই৷ ধূলিৰে ভৰপূৰ৷ এনেকৈয়ে আহি আহি ঘাটত উপস্থিত হ'লোঁহি৷ চিলাপথাৰৰ পৰা ২২ কিল'মিটাৰ দক্ষিণ-পশ্চিমে ইয়াৰ অৱস্থান৷ বৰনৈৰ বালিঘাটত মাছ-ভাত একাঁহী খোৱাৰ কথা আছিল অৰূপদাৰ৷ ১.৩০ বাজিল৷ সাহাই বাছি দিয়া হোটেল এখনতে আমি সকলোটি সোমালোঁ আৰু দিনৰ সাঁজ খাই ল'লোঁ৷ অৰূপদাই ব্ৰহ্মপুত্ৰৰ মাছ খোৱাৰ দীৰ্ঘদিনীয়া হেঁপাহটো পূৰালে৷ বিচাৰি-খোঁচাৰি কেইবাবিধো খালে৷ প্ৰদীপদা আৰু মই নিৰামিষভোজী মানুহ৷ মাছ-মাংস-কণী বিচাৰিবৰ সকাম নাই৷ শাক-পাত, আলু ভাজিৰেই চলি গ'ল, চিৰাচৰিতভাৱে৷

ইপাৰৰ পৰা সিপাৰলৈ মানুহ আৰু মালবস্তু সৰৱৰাহ কৰিবৰ বাবে ইয়াত তিনি ধৰণৰ ফেৰী সেৱা আছে৷ চৰকাৰী ফেৰী, ব্যক্তিগত ফেৰী আৰু ৰিজাৰ্ভ ফেৰী৷ চৰকাৰী ফেৰীত ভাড়া কম, ব্যক্তিগত ফেৰীত বেছি৷ ৰিজাৰ্ভ ফেৰীৰ ভাড়া বেলেগ হয়৷ চৰকাৰী ফেৰীবোৰ ৰাতিপুৱাই গুচি যায়৷ ব্যক্তিগত ফেৰী পুৱাৰ পৰা গধূলিলৈকে নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে অহা-যোৱা কৰি থাকে৷ আমি ব্যক্তিগত ফেৰীত উঠিছোঁ৷ কাৰণ এতিয়ালৈ চৰকাৰী ফেৰী আৰু নাই৷ উঠিয়ে তলত বস্তু-বাহানিবোৰ ঠিকমতে থৈ শুকান তক্তাৰ চিট্‌ তিনিটা দখল কৰি পেলালোঁ৷ যাত্ৰীসকলৰ লগতে বয়-বস্তু, মটৰ চাইকেল, গাড়ী আদি ইতিমধ্যে উঠাবলৈ আৰম্ভ কৰিছে৷ নিৰৱে সেইবোৰৰ আলেখলেখ চালোঁ অলপপৰ৷ মানুহবোৰৰ মুখবিলাকো এফালৰ পৰা অধ্যয়ন কৰি গৈছোঁ৷ দলং নোহোৱালৈকে এনেকৈয়ে কষ্ট কৰি আহ-যাহ কৰি থাকিব লাগিব এইফালৰ মানুহবোৰে৷ দলংখনৰ কিমানযে প্ৰয়োজন!

ফেৰী এৰাৰ আগে আগে নামি গৈ বাসুদেব সাহাক বিদায়ী মাতষাৰ লগাই আহিলোঁ৷ পুনৰ কেতিয়াবা ক'ৰবাত হয়তো দেখা-সাক্ষাৎ হ'ম৷ কঠিন ৰাস্তাত সুন্দৰ গাড়ী চালনাৰে এইকেইদিন তেওঁ আৰু পুলিন গগৈয়ে আমাক যথেষ্ট সহায় কৰিলে৷ সুদক্ষ ড্ৰাইভিঙেৰে গন্তব্যস্থললৈ ভালে-কুশলে নিলে আৰু আনিলে৷ আশা পূৰণ কৰোৱালে৷ মুহূৰ্তবোৰ জীৱনকালত পাহৰিব নোৱাৰিম৷ কে.ইউ.ভি.খনক লৈ আৰম্ভণিতে মোৰ মনত সংশয় এটা আছিল, মেন্‌-চু-খা পাবগৈনে বুলি৷ সেয়াও অমূলক বুলি প্ৰমাণিত হ'ল৷ পোৱালেগৈ, ঘূৰায়ো আনিলে৷

ঘাটত উপস্থিত হোৱাৰ পাছৰে পৰাই আমি বগীবিল দলংখন পৰিষ্কাৰ ৰূপত দেখি আছোঁ৷ ফটোও তুলিছোঁ অসমবাসীৰ আশা আৰু আৱেগ বিজড়িত সেতুখনৰ৷ সুদীৰ্ঘ ছবছৰীয়া অসম আন্দোলনৰ অন্তত ১৯৮৫ চনত স্বাক্ষৰিত অসম চুক্তিৰ পৰিপ্ৰেক্ষিতত গঢ় লৈ উঠিছে এই দলং৷ এইচ. ডি. দেবেগৌড়া ভাৰতবৰ্ষৰ প্ৰধান মন্ত্ৰী হৈ থকা কালতে ১৯৯৭-৯৮ চনত দলংখনৰ আবণ্টন দিয়া হৈছিল৷ যানবাহনৰ বাবে তিনি লে'নযুক্ত পথ আৰু দুটা ব্ৰডগজ ৰে'লট্ৰেকেৰে সমৃদ্ধ এই সেতুৰ দৈৰ্ঘ ৪.৯৪ কিল'মিটাৰ৷ দলংখনত ১২৫ মিটাৰ প্ৰস্থৰ ৩৯টা আৰু ৩২.৭৫ মিটাৰ প্ৰস্থৰ ২টা স্পান থাকিব বুলি কোৱা হৈছিল৷ এইখনেই ব্ৰহ্মপুত্ৰৰ ওপৰত সবাতোকৈ দীঘল দলং হ'ব৷ তদুপৰি ভাৰতৰ ভিতৰত ৰে'ল-মটৰ উভয় ব্যৱস্থা থকা আটাইতকৈ দীঘলীয়া দলঙো এইখনেই হ'ব৷ চিলাপথাৰৰ সিটো পাৰে থকা ডিব্ৰুগড় চহৰৰ পৰা ১৭ কিল'মিটাৰ ভটিয়াই বগীবিলত আনটো মূৰৰ অৱস্থিতি৷ অলপ পাছতে আমি সেয়া দেখিমগৈ৷

২০০২ চনৰ ২১ এপ্ৰিলত এই সেতুৰ আধাৰশিলা স্থাপন কৰিছিল তদানীন্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে৷ ১,৭৮৭ কোটি টকা ব্যয়সাপেক্ষ দলংখনৰ নিৰ্মাণ আধাৰশিলা স্থাপনৰ ৭ বছৰৰ ভিতৰত অৰ্থাৎ ২০০৯ চনত সম্পূৰ্ণ হ'ব বুলি আৰম্ভণিতে কোৱা হৈছিল৷ পিছে নহ'ল৷ পৰৱৰ্তী সময়ত নিৰ্মাণ ব্যয় বৃদ্ধি পালে ৩,২৩০ কোটি টকালৈ৷ ২০০৭ চনত বগীবিল দলঙে ৰাষ্ট্ৰীয় প্ৰকল্পৰ মৰ্যাদা লাভ কৰিছে৷ কেন্দ্ৰীয় বিত্ত মন্ত্ৰণালয়ে ৭৫ শতাংশ আৰু ৰে'ল মন্ত্ৰণালয়ে ২৫ শতাংশ ব্যয় বহনৰ বাবে চুক্তিবদ্ধ হৈছে৷ সেই বছৰৰে মাৰ্চ মাহত প্ৰকল্প ব্যয় নতুনকৈ ধাৰ্য কৰা হয়, ৪,৯৯৬ কোটি টকা৷ ২০০৮ চনৰ এপ্ৰিল মাহত নিম্নাংশ নিৰ্মাণৰ দায়িত্ব গেমন ইণ্ডিয়াক দিয়া হৈছিল৷ ওপৰৰ অংশ নিৰ্মাণৰ দায়িত্বত আছে হিন্দুস্তান কন্‌ষ্ট্ৰাকচন্‌ কোম্পানী, DCD Brouckenbau Gmbit, Germany আৰু VNR Infrastructures৷


Saturday, 23 December 2017

দিন আঠ ৷৷ খণ্ড ৯



আমাৰ সন্মুখত ৰুক্‌চিন্‌৷ ৰুক্‌চিনলৈ পাচিঘাটৰ পৰা ৩৫ কিল'মিটাৰ৷ ৰাষ্ট্ৰীয় পথ৷ ৰাস্তা ভাল৷ গাড়ী ফোঁ-ফোঁৱাই চলি আহিছে৷ জোনাইৰ সাংবাদিক বন্ধু ৰয়েল পেগুক ফোন কৰিলোঁ৷ কালি আল'ৰ পৰাও কৰিছিলোঁ৷ তেওঁ আজি পাচিঘাটলৈ অহাৰ কথা আছিল৷ বাটতে পৰস্পৰে পৰস্পৰক লগ পোৱাৰ ইচ্ছা৷ আমি আহি আহি ৰুক্‌চিন্‌ চে'ক গে'টেই পালোঁহি৷ গে'ট পাৰ নহওঁতেই পুনৰ ফোন কৰি জানিব পাৰিলোঁ যে তেওঁ ইতিমধ্যে মধ্যৰাস্তা পালেগৈ৷ গাড়ীৰ ভিতৰত বহি ইজনে সিজনক কেতিয়ানো পাৰ হ'লোঁ ধৰিবই নোৱাৰিলোঁ৷ যোৱাবাৰ আহোঁতে এই পৰীক্ষণ চকীৰ কাষৰে ৰুক্‌চিন্‌ মাৰ্কেটত পাব্লিক বাছ ষ্টেণ্ড এলেকাত থকা ইকু লজত পেগুৰ সৈতে চিনাকি হৈছিলোঁ৷ নিজৰ নিৰ্বাচিত প্ৰবন্ধ সংকলন 'অৰণ্য-জনাৰণ্য'ৰ ক'পী অৰুণদা আৰু মোক উপহাৰ দিছিল তেতিয়া৷ সেই কিতাপৰ লেখা এটা আমাৰ এই যাত্ৰাৰ প্ৰস্তুতিত যথেষ্ট পৰিমাণে সহায়ক হৈছে৷ তাকে লৈ কৃতজ্ঞতাসূচক দুআষাৰ পাতিম বুলি ভাবিছিলোঁ যদিও মোৰেই দুৰ্ভাগ্য, পাৰাপাৰ হ'লোঁ, ভেটা-ভেটি নহ'ল৷

অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰোঁতে চে'ক গে'টত ইনাৰ লাইন পাৰ্মিট দেখুৱাব লাগে৷ আমি ২৬ নৱেম্বৰ তাৰিখে লিকাবালি গে'টেৰে প্ৰৱেশ কৰিছিলোঁ৷ এতিয়া ৰুক্‌চিন গে'টেৰে ওলালোঁ৷ ওলাবৰ পৰত কোনো সোধ-পোছ নাই৷ 

সন্মুখত মুৰ্কংচেলেক, জোনাই৷ অৰুণাচল-অসম সীমান্তৰ পৰা ২ কিল'মিটাৰ দূৰৈতে মুৰ্কংচেলেক৷ গাতে লাগি জোনাই৷ অসমৰ শেষ প্ৰান্তীয় চহৰ এইখন৷ অনাদি কালৰে পৰাই মিচিং অধ্যুষিত ঠাই৷ পাচিঘাট-জোনাই ৩৭ কিল'মিটাৰ৷ ইতিহাসে কয়, বৰ্তমানৰ জোনাই অঞ্চলৰ তাহানিৰ নাম আছিল মুৰ্কংচেলেক৷ মুৰ্কংচেলেকৰ পৰা প্ৰায় ৭-৮ কিল'মিটাৰ দূৰত্বত জোনাই আছিল এখন গাওঁ৷ সূৰ্যৰ পোহৰে ভেদ কৰিব নোৱৰা দুৰ্গম অৰণ্যৰে ভৰা, হিংস্ৰ জীৱ-জন্তুৰ বিচৰণভূমি জোনাইৰ নাম তেতিয়া মানুহে ব্যৱহাৰ কৰাই নাছিল৷ ১৯২০ চনত ব্ৰিটিছে মুৰ্কংচেলেকত আছাম শ্ব' মিল নামে বৃহৎ আকাৰৰ কাঠৰ মিল প্ৰতিষ্ঠা কৰিছিল৷ ইয়াকে কেন্দ্ৰ কৰি মুৰ্কংচেলেক বাণিজ্যিক নগৰ হৈ উঠিল আৰু জনস্ৰোত ববলৈ ল'লে৷ কোম্পানীৰ অধীনত সৃষ্টি হ'ল মুৰ্কংচেলেক টাউন, মুৰ্কংচেলেক বমজে, মুৰ্কংচেলেক নামনি নামে বিশাল জনবসতিপূৰ্ণ অঞ্চলসমূহ৷

ব্ৰিটিছৰ দ্বাৰা মুৰ্কংচেলেকত আছাম শ্ব' মিল স্থাপনৰ উদ্দেশ্য আছিল অৰণ্যসমূহৰ পৰা বনজ সম্পদ লুণ্ঠন৷ কাঠফলা কললৈ কুন্দা আনিবলৈ গভীৰ অৰণ্যৰ মাজে মাজে ক্ষুদ্ৰ ক্ষুদ্ৰ ৰে'লপথ বহুওৱা হৈছিল৷ ফলা কাঠ বিদেশলৈ নিবৰ বাবে ব্ৰহ্মপুত্ৰৰ বুকুৰে জলপথ তৈয়াৰ কৰা হৈছিল৷ ১৯২৪ চনত প্ৰায় ২৩,০০০ হেক্টৰ ভূমি সেই সময়ৰ খিলঞ্জীয়া মানুহক বিতাড়িত কৰি সংৰক্ষিত ব্ৰিটিছ শাসকে বনাঞ্চল হিচাপে ঘোষণা কৰিলে৷

মণ্টে-চেমছফ'ৰ্ডৰ ৰিপ'ৰ্ট মতে ১৯৩৪ চনত মুৰ্কংচেলেক অঞ্চলক শদিয়া ফ্ৰণ্টিয়াৰ ট্ৰেক্ট হিচাপে চিহ্নিত কৰি নেফা প্ৰশাসনৰ অন্তৰ্গত সামৰি লোৱা হৈছিল৷ ব্ৰিটিছ পলিটিকেল অফিচাৰৰ শাসনতন্ত্ৰ চলিছিল৷ জিলা সদৰ আছিল শদিয়া, মহকুমা সদৰ আছিল পাচিঘাট৷ সেই কালতে ব্ৰিটিছ চৰকাৰে আছাম শ্ব' মিলৰ তত্ত্বাৱধানত মুৰ্কংচেলেকত প্ৰাথমিক বিদ্যালয়, ডাকঘৰ আদি স্থাপন কৰিছিল৷ বেচৰকাৰী মজলীয়া বিদ্যালয়ো প্ৰতিষ্ঠা হৈছিল৷

১৯৫০ চনৰ ১৫ আগষ্ট মুৰ্কংচেলেকবাসীৰ বাবেও আছিল এটা অভাবনীয় দুৰ্যোগৰ দিন৷ প্ৰলয়ংকাৰী বৰ-ভূঁইকঁপৰ ফলত উজনিত ব্ৰহ্মপুত্ৰই সংহাৰী মূৰ্তি ধাৰণ কৰিলে৷ চকুৰ পলকতে মুৰ্কংচেলেক ধ্বংসস্তুপত পৰিণত হ'ল৷ প্ৰাণৰ মমতাত ১৯৫১ চনৰ পৰা ১৯৫৭ চনৰ ভিতৰত এই অঞ্চলৰ মানুহে নিজৰ জন্মভূমি, পৈত্ৰিক ভেটি এৰি বাহিৰ জোনাই নামৰ ঠাইলৈ উঠি গ'ল আৰু নতুনকৈ গাওঁ পাতিলে৷ গৃহ, বিদ্যালয় আদি স্থানান্তৰিত হ'ল৷ সেই সময়ৰ মিচিং-অমিচিং ৰাইজে মিলি এনেকৈয়ে গঢ় দিলে আধুনিক জোনাই৷ সমগ্ৰ মুৰ্কংচেলেক প্ৰশাসনিক অঞ্চলটো কালক্ৰমত জোনাই বুলি নামকৰণ হ'ল৷ জোনাই নামটোৰ উৎপত্তিক লৈ নানাজনৰ নানা মত আছে৷

অৰুণাচল পাহাৰৰ পৰা বৈ আহি ৰুক্‌চিন, তৰাজান, মহমৰা, বাহিৰ জোনাই গাঁওসমূহৰ মাজেৰে বৈ যোৱা নৈখনৰ নামৰ পৰা জোনাই নামটোৰো উৎপত্তি বুলি জনা যায়৷ ১৯৫৩-৫৪ চনমানৰ সময়ত এই নদীখন বৰ গভীৰ আছিল৷ ইয়াৰ বুকুৰে মেচিন নাও চলাচল কৰিছিল৷ নৈখনৰ নামটো অতীজত জ-নাইহে আছিল৷ লোকশ্ৰুতি অনুযায়ী জ-নে-জ নামৰ এখন বৃহৎ নৈ পাহাৰৰ মাজেদি বৈ গৈছিল৷ এই নদীৰ অন্যতম উপনৈ আছিল জ-নাই অৰ্থাৎ জ-আনে৷ জ মানে উপনৈ, আনে মানে মাতৃ৷ অৰ্থাৎ উপনৈ সমূহৰ মাতৃ, প্ৰধান উপনৈ৷ অন্য এখন উপনৈ আছিল জ-নে-কৰং অৰ্থাৎ শুকাই যোৱা উপনৈ৷ জ-আনেৰ পৰা চমুকৈ জনাই আৰু পিছলৈ জোনাই হ'ল৷ ১৯৫১ চনৰ ১৩ ফেব্ৰুৱাৰীত নেফা অঞ্চলৰ পৰা মুৰ্কংচেলেকক পৃথক কৰি হস্তান্তৰিত এলেকাৰূপে ঘোষণা কৰা হৈছিল আৰু প্ৰশাসনীয় দায়িত্ব সহকাৰী ৰাজনৈতিক বিষয়াৰ হাতত অৰ্পণ কৰা হৈছিল৷ সেই সময়ৰে পৰাই আধুনিক মুৰ্কংচেলেক হিচাপে জোনাই নামটো প্ৰচলন হৈ আহিছে৷

ৰয়েল পেগুৱে সম্পাদনা কৰা কিতাপ এখনত পবা, মুৰ্কংচেলেক, জোনাই সম্বন্ধে বিভিন্ন লেখকৰ লেখাসমূহ পঢ়িবলৈ পাইছিলোঁ৷ মানুহজনৰ মুখখনৰ লগতে কথাবোৰ এতিয়া মনত পৰি গৈছে৷ পবা গাঁও সংলগ্ন পবা বনাঞ্চলখনক তাহানিৰ মুৰ্কংচেলেকৰ ৰৈ যোৱা ঐতিহাসিক চিন বুলি কোৱা হয়৷ অতীতৰ সুখ-দুখৰ স্মৃতি সুঁৱৰি এই অঞ্চলৰ বয়োবৃদ্ধসকল এতিয়াও হেনো পবালৈ আহে৷ আমিও পবাৰ মাজেৰেই ১৫নং ৰাষ্ট্ৰীয় পথেৰে ৪ কিল'মিটাৰমান দূৰত্ব পাৰ হৈ আহিছোঁ৷ পুৰণি যাত্ৰাৰ স্মৃতিকে দোহাৰি দুআষাৰ কৈ গৈছোঁ অৰূপদাহঁতক৷

Thursday, 21 December 2017

দিন আঠ ৷৷ খণ্ড ৮



ৰাণাঘাটৰ দলংখন সাজোঁতে সময়ৰ হিচাপত ৰেকৰ্ডসংখ্যক ২২ বছৰ লাগিছিল৷ পিছে এবাৰ নিৰ্মাণ হৈ উঠাৰ পাছত চিয়াঙৰ উভয় পাৰৰ মানুহৰ অহা-যোৱা কিমানযে সুচল হৈ পৰিল! জীৱন-যাত্ৰালৈ আহি গ'ল নতুন মাত্ৰা, অনেক স্বস্তি৷ দলঙৰ উপযোগিতা তাতেই৷ তাৰ লগে লগে পাচিঘাটৰ নামতো আৰু এটা সুন্দৰ সংযোজন ঘটিল৷ চিয়াং ব্ৰীজ৷ পাচিঘাটলৈ যিয়েই আহে সিয়েই চিয়াং ব্ৰীজ চাবলৈ এবাৰ হ'লও যায়েই৷ নৈখনৰ উজনি সোঁতলৈ চালে দেখা যায় কৰ্দৈশিৰীয়া অৰুণাচল পৰ্বতৰ লানি৷ ভাটিলৈ অসমৰ উন্মুক্ত দিগন্ত৷ নীলা, সেউজীয়া৷ দুখন চুবুৰীয়া ৰাজ্যৰ মিশ্ৰণত সৃষ্টি হোৱা এটা বিৰল ৰূপ বুলিব পাৰি যাক

জ্যেষ্ঠ এড্‌ভেন্‌চাৰিষ্ট দুজনক দলংখন দেখুৱাই উভতি পাচিঘাট চহৰ সোমালোঁহি৷ 'ইমান কেইদিন হ'ল মিঠাই খোৱা নাই! ২০১১ত শতবৰ্ষ গৰকা চহৰ পাচিঘাটলৈ আমি অহাৰ স্মৃতি যুগমীয়া কৰিবলৈকে আজি ঠিক্‌ছে মিঠাই খাব লাগিব৷ ড্ৰাইভাৰ চাহাব, শুনিছেতো?' হঠাতে মিঠাই খোৱাৰ বাসনা আৰু যুক্তি এটা জাগ্ৰত হৈ উঠিল ধৰমপাল ওৰফে প্ৰদীপদাৰ মনত৷ অৰূপদা আৰু মোৰ জোৰদাৰ সমৰ্থনত তেওঁৰ ইচ্ছাটোৰ প্ৰতি সঁহাৰি জনাই সাহাই চহৰৰ মাজ-মজিয়াত থকা তেল ডিপ' এটাত গাড়ীখন সুমুৱাই দিলে৷ নিৰাপদ পাৰ্কিং প্লেচ৷ পাচিঘাটৰ মাটিত হাঁহি-স্ফূৰ্তি কৰি নামিলোঁ আটায়ে৷ আলিবাটত মানুহৰ ভিৰ৷ ভিৰ ফালি পদব্ৰজে গৈ সোঁহাতে ভাল চাই মিঠাইৰ দোকান এখন আৱিষ্কাৰ কৰি পেলালোঁ৷ চাৰিও বীৰদৰ্পে পদাৰ্পণো কৰি দিলোঁ৷ আমাৰ এজনৰো লাইফ-ষ্টাইল ৰোগ ওৰফে চেনী বেমাৰ, ডাক্তৰী ভাষাত ডায়েবেটিছ নাই৷ গতিকে হেঁপাহ পলুৱাই ইটোৰ পাছত সিটোকৈ বিভিন্ন প্ৰকাৰৰ মিঠাই খুজিলোঁ আৰু গিলিলোঁ৷ প্ৰদীপদাৰ হাতত মজুত থকা সমূহীয়া পুঁজিৰ পৰা এই চেলিব্ৰেচন চলিছে৷ সমুদায় ব্যয় তাৰ পৰাই বহন কৰা হ'ল৷ ফুৰি ফুৰি আকৌ গাড়ীত বহিলোঁহি৷ যাত্ৰা আৰম্ভ হ'ল পোনে পোনে ব্ৰহ্মপুত্ৰৰ পাৰলৈ বুলি৷

শ্বুম দাৰাং অৰুণাচল প্ৰদেশৰ অন্য এক পৰিচয়৷ এই মোহনীয়া কন্যাগৰাকী ২০১০ চনত Miss AAPSU নিৰ্বাচিত হৈছিল৷ ২০১৪ চনৰ জানুৱাৰী মাহত গুৱাহাটীত অনুষ্ঠিত Vivel North East DIVA Beauty Pageantৰ চূড়ান্ত পৰ্যায়ত উপনীত হৈছিল৷ ২০১৫ত Miss Himalaya প্ৰতিযোগিতাত তেওঁ দ্বিতীয় ৰাণাৰ্ছ-আপ হয়৷ তাৰ পাছত ২০১৬ৰ অক্টোবৰত দ্বিতীয় সংখ্যক Miss Earth India Water খিতাপ লভিবলৈ সমৰ্থ হয়৷ মডেলিং আৰু সৌন্দৰ্য চৰ্চাৰ ক্ষেত্ৰখনত বলিষ্ঠ খোজ পেলাবলৈ সক্ষম হোৱা শ্বুম দাৰাং পাচিঘাটৰ পৰা ২৪ কিল'মিটাৰ নিলগৰ মিৰেম ভিলেজৰ জীয়ৰী৷ আদি শব্দ মিৰেমে চহকী বুজায়৷

অৰুণাচল-অসম সীমান্তৱৰ্তী পূব চিয়াং জিলাৰ অন্তৰ্গত আৰু ধেমাজি জিলাৰ সীমান্তত দায়িং ইৰিং বন্যপ্ৰাণী অভয়াৰণ্য জৈৱ-বৈচিত্ৰ্যৰ বাবে অফুৰন্ত ভঁৰাল হিচাপে প্ৰখ্যাত৷ পূব চিয়াং জিলাৰ সদৰ তথা শতবৰ্ষ গৰকা ঐতিহাসিক টাউন পাচিঘাটৰ পৰা প্ৰায়  কিল'মিটাৰ দক্ষিণ-পূব দিশত, চিয়াং আৰু চিবিয়াৰ মাজত অসম-অৰুণাচলৰ সীমান্তত অৱস্থিত এই অভয়াৰণ্য৷ চিয়াংপৰীয়া নৈসৰ্গিক সৌন্দৰ্যৰ ৰাণী আখ্যা দিয়া হৈছে এই বন্যপ্ৰাণী উদ্যানক৷ অভয়াৰণ্যখনৰ পূবে মেৰ-গাদুম আৰু পশ্চিমে অইৰামঘাট৷ উত্তৰে চিগাৰ মাক্‌তুম্‌ঘাট, দক্ষিণে অসমৰ কবু চাপৰিৰ উত্তৰ অংশ৷ এক কথাত পূব, পশ্চিম আৰু উত্তৰে চিয়াঙৰ জলধাৰাই ঘেৰি আছে৷ নৈসৰ্গিক সৌন্দৰ্যৰে মনোৰম দায়িং ইৰিং অভয়াৰণ্যখন তাহানিৰ অবিভক্ত অসম তথা নেফাৰ সময়ত লালী সংৰক্ষিত বনাঞ্চল হিচাপে পৰিচিত আছিল৷ ১৯৭৬ চনত ইয়াক লালী বন্যপ্ৰাণী উদ্যানলৈ ৰূপান্তৰ কৰা হয়৷ প্ৰসংগক্ৰমে উল্লেখ্য যে অসম সীমাত প্ৰৱেশ হোৱাৰ পাছৰ পৰা ব্ৰহ্মপুত্ৰ মহাসংগম পৰ্যন্ত চিয়াং নদীৰ অংশটোক জোনাইৰ স্থানীয় মানুহে লালী নদী বুলি কয়৷ ১৯৮৬ চনত আধুনিক অৰুণাচলৰ জন্মদাতা, বিশিষ্ট সমাজ-সেৱক, অৰুণাচল প্ৰদেশৰ প্ৰথমগৰাকী সাংসদ ডাক্তৰ দায়িং ইৰিঙৰ স্মৃতিত উদ্যানখনক দায়িং ইৰিং বন্যপ্ৰাণী অভয়াৰণ্য নামে নামাংকিত কৰা হয়৷ মহাবাহু ব্ৰহ্মপুত্ৰৰ আগলি বা মূল উৎস চিয়াং নদীৰ দুখন উপনৈৰ দ্বাৰা আবৃত ১৯০ বৰ্গ কিল'মিটাৰ বনভূমিৰে আৱৰা এই অভয়াৰণ্যখনৰ ৭০ শতাংশ জোপোহা অৰণ্য, প্ৰায় ২০ শতাংশ মিশ্ৰিত ঘাঁহনি, ৫ শতাংশ জলাশয় আৰু বাকী অংশ স্বাভাৱিক বনাঞ্চল৷ অনেক দুষ্প্ৰাপ্য জীৱ-জন্তু, চৰাই-চিৰিকটিৰ এখন আদৰ্শ বাসভূমি আৰু কেইবাটাও প্ৰজাতিৰ মূল্যৱান গছ-লতিকা তথা বিভিন্ন অৰ্কিডেৰে সমৃদ্ধিশালী এই বন্যভূমি৷ অৰুণাচলৰ প্ৰদেশৰ ৰাজ্যিক প্ৰতীক ধনেশ পখীৰ ৫টা প্ৰজাতি ইয়াত পোৱা যায়৷ পৰিৱেশতন্ত্ৰ সুস্থিৰ কৰি ৰখাৰ সমান্তৰালকৈ পৰ্যটকৰ বাবে বহুতো সমল আৰু সম্ভাৱনা বহন কৰিছে এই অভয়াৰণ্যখনে৷ জীৱ বিজ্ঞানী, উদ্ভিদ বিজ্ঞানীৰ অধ্যয়নৰ বাবে ইয়াত অনেক সমল আছে৷

প্ৰাচীন চহৰখনক তেনেকৈয়ে এৰি থৈ ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে আমাৰ গাড়ী দুৰন্ত গতিত দৌৰিছে৷ ২৮ কিল'মিটাৰ আহিলোঁ৷ ১২ মাইল পাৰ হৈ আগত অয়ান চাৰিআলি৷ এইখিনিৰ পৰা বাওঁহাতে দক্ষিণ-পূব দিশে ৪ কিল'মিটাৰমান সোমাই গ'লে অৰুণাচল-অসম ৰাজ্যিক সীমান্তৰ কেমি গাঁৱৰ সমীপৱৰ্তী চিয়াং-ব্ৰহ্মপুত্ৰ নদীত অইৰামঘাট নামে ইতিহাস বিজড়িত ফেৰীঘাট এটা পোৱা যায়৷ পাচিঘাটৰ পৰা উক্ত ঘাটলৈ ৩২ কিল'মিটাৰ৷ উল্লেখ্য যে অঞ্চলটোৰ আৰ্থ-সামাজিক, শৈক্ষিক দিশৰ উত্তৰণৰ ক্ষেত্ৰত অহোপুৰুষাৰ্থ কৰা জনৈক অইৰাম বড়ো (১৮৭৭-১৯৬৮ চন)ৰ নামেৰেই হৈছে অইৰামঘাট৷ ব্ৰিটিছৰ আমোলত অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত সময়ৰ সাঁকো গঢ়োতা, মিচিং সংস্কৃতিৰ প্ৰবাদপুৰুষ অভিধাপ্ৰাপ্ত অইৰাম বড়োৰ স্মৃতি চিৰযুগমীয়া কৰি ৰখাৰ উদ্দেশ্যে নেফা প্ৰশাসনে ১৯৫৮ চনত তেওঁৰ নামেৰে ঘাটটোৰ নামকৰণ কৰিছিল৷ পাচিঘাট, জোনাই আৰু ডিব্ৰুগড় সদৰৰ মাজত তাৰ পৰা যাত্ৰীবাহী ফেৰী চলে৷ শুনিছোঁ ব্ৰহ্মপুত্ৰৰ বুকুৱেদি ডিব্ৰুগড়ৰ পৰা অইৰামঘাট পাওঁতে হেনো কেইবাঘণ্টাও লাগে! জলপথেৰে অৰুণাচলত প্ৰৱেশ কৰা লোকৰ বাবে অয়ান চাৰিআলিত চে'ক প'ষ্ট আছে৷

হাতত মজুত থকা খবৰ অনুসৰি অইৰামঘাটৰ পৰা নিতৌ পুৱা এখন যাত্ৰীবাহী ফেৰী ডিব্ৰুগড় সদৰলৈ যায়৷ একেদৰে ডিব্ৰুগড় সদৰৰ পৰা আন এখন ফেৰী প্ৰতি বিয়লি অইৰামঘাটলৈ আহে৷ অসম চৰকাৰৰ আভ্যন্তৰীণ জল পৰিৱহণ বিভাগৰ অধীনত ব্ৰহ্মপুত্ৰ-চিয়াঙৰ জলৰাশিৰে এই সেৱা বিগত প্ৰায় ৭ বছৰ ধৰি অব্যাহত আছে৷ অৰুণাচল প্ৰদেশৰ আল', পাচিঘাট, মেব'; অসমৰ জোনাই অঞ্চলৰ ৰাইজে বহিঃবিশ্বৰ সৈতে যোগাযোগ ৰক্ষাৰ ক্ষেত্ৰত এই ঐতিহাসিক পাৰঘাটটোৱে গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে৷ ইফালে নদীৰ প্ৰবল খহনীয়াৰ কবলত পৰি ঘাটটোৱে ইয়াৰ অস্তিত্ব হেৰুৱাবলৈ গৈ থকাৰ বাতৰিও মাজে মাজে পোৱা যায়৷ সি যি কি নহওক, আমাৰ সময় নিমিলাত আগতেই ঠিক কৰিলোঁ যে আমি তালৈ নাযাওঁ, চিলাপথাৰলৈহে যাম৷

চকা ঘূৰিছে মানে অৰুণাচল ৰাজ্য চমু চাপি আহিছে৷ সীমামূৰীয়া ধেমাজি জিলাৰে আমি অসমত প্ৰৱেশ কৰিম৷ জোনাইলৈ ৭ কিল'মিটাৰমান বাকী৷ পবা সংৰক্ষিত বনাঞ্চলৰ মাজেৰে গৈ আছোঁ৷ ১০,২২১ হেক্টৰ ভূমিৰে সমৃদ্ধিশালী বৰ্ষাৰণ্য এইখন৷ পবা নামৰ সৰু খৰস্ৰোতা পাহাৰী সুঁতি এটাৰ পৰাই বৰ্ষাৰণ্যখনৰ নামটোৰ উৎপত্তি হৈছে৷ ব্ৰিটিছৰ আমোলত ১৯২৪ চনত পবাক সংৰক্ষিত বনাঞ্চল ঘোষণা কৰা হৈছিল৷ ১৯৩৪ চনত কিছু সংশোধন ঘটোৱা হয়৷ অসম-অৰুণাচল আন্তঃৰাজ্যিক সীমান্তত অৱস্থিত বনাঞ্চলখনৰ উত্তৰে অৰুণাচল ভূখণ্ড৷ পূবে ব্ৰহ্মপুত্ৰ মহাসংগম, যাৰ সিপাৰে আছে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় অভয়াৰণ্য৷ দক্ষিণ আৰু পশ্চিমে অসম ভূখণ্ড৷ ৬০ ভাগ কাঠনি, ২০ ভাগ পিতনি আৰু ২০ ভাগ ঘাঁহনিৰ সংমিশ্ৰণত সৃষ্টি হোৱা পবা জৈৱ-বৈচিত্ৰ্যত চহকী, বন্যপ্ৰাণী, থলুৱা আৰু পৰিভ্ৰমী পক্ষীৰ আদৰ্শ বাসস্থান৷ প্ৰকৃতিপ্ৰেমী সংগঠন নেচাৰ্চ বেকনৰ দ্বাৰা প্ৰকাশিত এক সমীক্ষামতে পবাত ২২৮ প্ৰজাতিৰ চৰাই, ২১ প্ৰজাতিৰ স্তন্যপায়ী প্ৰাণী, ২৬০ প্ৰজাতিৰ বৃক্ষ, অসংখ্য প্ৰজাতিৰ পখিলা আৰু অৰ্কিড পোৱা যায়৷ অৰুণাচল প্ৰদেশৰ পূব চিয়াং জিলাৰ দায়িং ইৰিং বন্যপ্ৰাণী উদ্যান, তিনিচুকীয়া জিলাৰ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় অভয়াৰণ্য আৰু ধেমাজি জিলাৰ বৰ্ষাৰণ্য পবা বনাঞ্চল, ধেমাজি জিলাৰ জোনাই মহকুমাৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰৰ নদীদ্বীপ কবু চাপৰি সংৰক্ষিত বনাঞ্চল মিলি প্ৰাকৃতিক সম্পদেৰে সমৃদ্ধিশালী বৃহৎ এক জৈৱ মণ্ডল গঠিত হৈছে৷


Sunday, 17 December 2017

দিন আঠ ৷৷ খণ্ড ৭



শেহতীয়াভাৱে পাচিঘাটত নিৰ্মিত Advanced Landing Groundৰ উন্মোচনে স্বাধীনতাৰ ৭০ বছৰৰ অন্ততো পিছ পৰি ৰোৱা ঠাইখনৰ উন্নয়ন ত্বৰান্বিত কৰিব আৰু 'পিছ পৰা' মোহৰটো আঁতৰাব পাৰিব বুলি আশা কৰা হৈছে৷ বিগত ১৯ আগষ্ট ২০ তাৰিখে কেন্দ্ৰীয় গৃহৰাজ্য মন্ত্ৰী কীৰেন ৰিজিজুৱে এই এ.এল.জি. ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰে৷ সকলো ধৰণৰ উৰাজাহাজ আৰু হেলিকপ্টাৰৰ উপযোগীকৈ আধুনিকভাৱে ইয়াৰ ৰাণওৱে'টো সাজি উলিওৱা হৈছে৷ চীন সীমান্তৰ প্ৰতিৰক্ষাজনিত কাৰ্যকলাপৰ অগ্ৰগতিৰ লক্ষ্যত সামৰিক, অৰ্ধসামৰিক আৰু সাধাৰণ প্ৰশাসনৰ কাম-কাজত ই প্ৰভূত পৰিমাণে সহায়ক হ'ব৷ ২০০৯ চনৰ জুন মাহত অৰুণাচল প্ৰদেশ চৰকাৰৰ সৈতে হোৱা প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ বুজাবুজিৰ চুক্তি মৰ্মে ৱালং, জিৰ', আল', মেন্‌-চু-খা, পাচিঘাট, টুটিং, টাৱাং আৰু বিজয় নগৰত মুঠ ৮টা এ.এল.জি.ৰ উন্নয়নমূলক নিৰ্মাণৰ সিদ্ধান্ত লোৱা হৈছিল৷ সেইমৰ্মে ভাৰতীয় বায়ু সেনাই ১,০০০ কোটি টকাৰ অভিলাষী প্ৰকল্প হাতত লৈছিল৷ ২০১০ চনৰ ফেব্ৰুৱাৰীৰ পৰা কাম আৰম্ভ কৰি সংস্থাটোৱে পঞ্চমটো এ.এল.জি. পাগলেক পি.আই. লাইনৰ সমীপত চিয়াঙৰ তীৰত সম্প্ৰতি কাৰ্যক্ষম কৰি তুলিলে৷

আমি ইতিমধ্যে মেন্‌-চু-খা আৰু আল'ৰ এ.এল.জি. আমাৰ এই ভ্ৰমণকালত দেখা পাই আহিছোঁ৷ এই এ.এল.জি.সমূহৰ ৰাণওৱে'ৰ দৈৰ্ঘ ৩,৫০০-৪,২০০ ফুট৷ এয়াৰ-ট্ৰেফিক্‌ কণ্ট্ৰ'ল, মেটিৰিঅ'লজি, ৰেডিঅ'-টেলিফোনিং, অফিছাৰ আৰু এয়াৰমেনৰ মেছ ইত্যাদিৰ সুবিধা আৰু আন্তঃগাঁথনিৰে সমৃদ্ধ বৰ্তমানৰ এ.এল.জি.সমূহ৷ মেন্‌-চু-খাত চি-১৭ গ্লোব্‌মাষ্টাৰ-৩ আৰু চি-১৩০ জে. চুপাৰ হাৰ্‌কিউলিচ্‌ অৱতৰণ কৰিছে৷ পাচিঘাটত অৱতৰণ কৰিছে এছ.ইউ-৩০ এম.কে.আই.৷ ইণ্ডিয়ান এয়াৰ ফ'ৰ্চৰ সূত্ৰমতে ইষ্টাৰ্ণ এয়াৰ কামাণ্ডৰ পৰা এই এ.এল.জি.সমূহলৈ বৰ্তমান এ.এন.-৩২ৰ মধ্যমীয়া বহন ক্ষমতাৰ পৰিবাহী বায়ুযান, বায়ুসেনা বাহিনীৰ হেলিকপ্টাৰ নিৰ্ধাৰিত সূচী অনুযায়ী আহ-যাহ কৰিব ধৰিছে৷

পুৰণি নামী ঠাই পাচিঘাট৷ পৰিসীমা ১৪.৬০ বৰ্গ কিল'মিটাৰ আগুৰিছে এতিয়া৷ ২০১১ৰ লোকপিয়লমতে জনসংখ্যাই ২৪,৬৫৬ চুইছেগৈ৷ কৃষি আৰু উদ্যান শস্য এই অঞ্চলৰ জনসাধাৰণৰ অৰ্থনীতিৰ ভেটিস্বৰূপ৷ সৰুৰে পৰাই আমি পাচিঘাটৰ নামটো শুনি আহিছোঁ৷ বিশেষকৈ বানপানীৰ সময়ত অল ইণ্ডিয়া ৰেডিঅ'যোগে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ক'ত কিমান জনাওঁতে, বিপদসীমাৰ কিমান ওপৰ বা তল কওঁতে পাচিঘাট শব্দটো নিতৌ শুনা পাইছিলোঁ৷ তেতিয়াৰ পৰাই আকৰ্ষণ আছিল পাচিঘাটৰ প্ৰতি৷ অৰুণাচলত প্ৰচলিত দ'ঞি-পল' ধৰ্মটোৰো উৎপত্তি পাচিঘাটতে৷ পাচিঘাটৰ ধাৰ্মিক ব্যক্তি তালম ৰুব্বোৱে পোনপ্ৰথমে এই ধৰ্মৰ প্ৰচাৰ কাৰ্য আৰম্ভ কৰিছিল৷ ৰাজ্যখনৰ বিভিন্ন জনগোষ্ঠীৰ মাজত এই ধৰ্মই যথেষ্ট প্ৰসাৰতা লাভ কৰিছে৷ আনফালে, অসমীয়া সাহিত্য জগতৰ এগৰাকী স্বনামধন্য লেখক লুম্মেৰ দাইৰ জন্ম ঠায়ো এই পাচিঘাটেই৷

নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেন্সী (নেফা) হৈ থাকোঁতে ইয়াত শিক্ষাৰ মাধ্যম অসমীয়াই আছিল৷ অৰুণাচল হোৱাৰ পাছত অসম চৰকাৰৰ অমনযোগিতা আৰু হিন্দী লবীৰ বুদ্ধিত হিন্দীৰ আগ্ৰাসন বাঢ়িল, ইংৰাজী মাধ্যম হ'ল৷ লুম্মেৰ দাই, তাগাং তাকিং, তাতৰ জনম্‌ আদি ছাত্ৰসকলে পাচিঘাট হাইস্কুলৰ হাতেলিখা মাহেকীয়া আলোচনী 'গিৰিবাণী'ত অসমীয়াত প্ৰবন্ধ-পাতি লিখিছিল৷ লুম্মেৰ দাইৰ লেখাত কোনো ভুল নহৈছিল বুলি উল্লেখ পোৱা যায়৷ তাদাক্‌ বাছাৰ, তমো ৰিবা, কাবাং বৰাং, ৱাংফা লোৱাং, বাকিন্‌ পেৰ'টিন্‌, অকেন্‌ লেগ', অচং ইৰিং, তালম্‌ ৰুক্‌ব, তাদাক্‌ গাৰা, তাকা ৰিংগু, বৰমতী য়িৰাং, অমেম্‌ ময়ং, তানি ইৰিং, অবাং দাই, প্ৰতীক পত্তম ইত্যাদিসকল পিছৰ জীৱনত প্ৰতিপত্তি লাভ কৰা ছাত্ৰ-ছাত্ৰী৷

মৌ-মাখিয়ে অকণি অকণিকৈ ফুলৰ ৰেণু কঢ়িওৱাৰ অনুৰূপ এটা-দুটাকৈ শব্দ কঢ়িয়াই অসমীয়া ভাষা-সাহিত্যৰ বিশাল মৌচাকখন সবল-সুঠামকৈ গঢ়াত বিশেষ পদক্ষেপ লোৱা এইসকল স্বনামধন্য ব্যক্তি আমাৰ বাবে সদায়েই হৈ থাকিব প্ৰেৰণাৰ উৎস৷ এনেদৰে ১৯৬০ চনৰ পৰা ১৯৮০ চনলৈ ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক, সাহিত্যিক, শৈক্ষিক, ওকালতি, সাংবাদিকতা, সমাজ সেৱা, প্ৰশাসন ইত্যাদি বিভিন্ন ক্ষেত্ৰসমূহলৈ উল্লেখযোগ্য বৰঙণি যোগোৱা অনেক যোগ্য আৰু নমস্য ব্যক্তি ওলাইছিল আদি জনগোষ্ঠীৰ পৰা৷ জ্ঞানী আৰু শিক্ষিত লোকসকলৰ অৰিহণাত পাচিঘাট অৰুণাচল প্ৰদেশৰ আগশাৰীৰ নগৰীত পৰিণত হৈছিল৷ এক কথাত পাচিঘাট আছিল অগ্ৰণী চিন্তা-চেতনাৰ অভিকেন্দ্ৰ৷ পাচিঘাট বুলিলে মোৰো মনটোৱে ধৰ্‌ফৰাই আছিল নেদেখা ঠাইখন চাবলৈ৷ মেপত খুব চাইছিলোঁ, কেনিনো আছে৷ এয়া দ্বিতীয়বাৰ পদাৰ্পণ হৈ গ'ল৷

ভ্ৰমণকাৰীৰ বাবে হোটেল, গে'ষ্ট হাউচ, ৰিজ'ৰ্ট আদি কৰি পাচিঘাটত থকা ঠাইৰ অভাৱ নাই৷ কম্‌চিং, পাংগিন, কেকাৰ মন্‌য়িং, চিয়াং ব্ৰীজ, বৌদ্ধ মন্দিৰ, দঞি-পল' টেম্পল, ইষ্ট চিয়াং ডিষ্ট্ৰিক্ট মিউজিয়াম, কমলিঘাট, দায়িং ইৰিং বন্যপ্ৰাণী অভয়াৰণ্য আদি অঞ্চলটোৰ উল্লেখনীয় দৰ্শনথলী৷ জৱাহৰলাল নেহৰু কলেজৰ পৰা পাচিঘাটৰ দৃশ্য মনোমোহা৷ ৰেংগিং, চিল্লে, ৰাণী, তাকিলালুং আদি আশ-পাশৰ চাবলগীয়া গাওঁ৷ ছেপ্টেম্বৰ মাহত আদিসকলে পাঁচদিনীয়াকৈ ধুমধামেৰে উদ্‌যাপন কৰে চলু উৎসৱ৷ পাচিঘাট চহৰৰ উত্তৰ-পূবে মিমুম্‌ আৰু আপ্পুন্‌ নামৰ দুটা শৃংগ থকা এক সুউচ্চ পাহাৰৰ অৱস্থিতি৷ মিমুম্‌ আপ্পুনৰ অৰ্থ নাৰীৰ বুকুৰ আকৃতি৷ এজনী গাভৰুৰ পীনোন্নত বক্ষস্থলৰ দৰে দেখা যায় বাবে কল্পনাবিলাসী আদিসকলে শিখৰটোৰ নাম দিছে মিমুম্‌ আপ্পুন্‌, অৰ্থাৎ স্ত্ৰী বক্ষ৷ ১৯৫০ চনৰ বৰভূঁইকঁপে এই পাহাৰতো অত্যাচাৰ চলাইছিল৷


পাচিঘাটৰ নিকটৱৰ্তী ৰে'ল ষ্টেচন মুৰ্কংচেলেক৷ দূৰত্ব প্ৰায় ৩৫ কিল'মিটাৰ৷ ৰঙিয়া-মুৰ্কংচেলেক ব্ৰডগজ ট্ৰেকৰ সদ্যহতে এইটোৱেই শেষবিন্দু যদিও পাচিঘাটলৈকে আৰু ২৬.৫০ কিল'মিটাৰ ৰে'লপথ সম্প্ৰসাৰণৰ প্ৰস্তাৱ ২০১০ চনত তদানীন্তন প্ৰধান মন্ত্ৰী মনমোহন সিঙৰ দিনতে লৈ থোৱা আছে৷ এই ব্ৰডগজ লাইনটোৱে অৰুণাচলৰ ৰ'য়িং, পৰশুৰাম কুণ্ড; অসমৰ ৰূপাই আদি স্থান চুবগৈ৷ উত্তৰ-পূব সীমান্ত ৰে'লৱেই এই বৃহৎ প্ৰকল্পটোৰ জৰীপ কাৰ্য ইতিমধ্যে সমাপন কৰিছে৷ অৰুণাচল প্ৰদেশৰ গড়কাপ্তানি বিভাগৰ পাচিঘাট সংমণ্ডলৰ অন্তৰ্গত ৪৬.৩৬ কোটি টকাৰ পাচিঘাট, লেদুম, তেনে, কয়ু পথ উন্নয়নৰ প্ৰজেক্ট চলি আছে৷

যাত্ৰী সৰৱৰাহৰ বাবে পাচিঘাটৰ পৰা আল', চিলাপথাৰ, ইংকিয়ং আদি ভালেমান ঠাইলৈ নিতৌ ব্যক্তিগত সেৱাৰ টাটা ছুম', উইংগাৰ বাহন আদি চলে৷ আল'লৈ ভাড়া ৩০০ টকা৷ শ্বিলং, গুৱাহাটী, ইটানগৰলৈ অৰুণাচল প্ৰদেশ ৰাজ্যিক পৰিৱহণ সেৱাৰ অন্তৰ্গত চৰকাৰী বাছৰ উপৰি কেইবাটাও বেচৰকাৰী পৰিৱহণ সংস্থাৰ দিবা-নৈশ বাছ সেৱা আছে৷


দিন আঠ ৷৷ খণ্ড ৬



পাচিঘাট ব্ৰীজৰ পৰা অৰুণাচল প্ৰদেশৰ প্ৰৱেশদ্বাৰ নামে খ্যাত পাচিঘাট চহৰ অভিমুখে ঘূৰি আহি আছোঁ৷ বি.আৰ.অ'.ৰ প্ৰজেক্ট ব্ৰহ্মাংকৰ মুখ্যালয়ৰ সমীপত বিশাল আকাৰৰ ফলক এখন৷ পথৰ ওপৰেৰে ইপাৰৰ পৰা সিপাৰলৈ জুৰি আছে আদৰণী ফলকখন৷ সেউজীয়া ৰঙৰ ব'ৰ্ডখনত জিলিকি থকা বগা আখৰবোৰে জানিবলৈ দিলে যে ইয়াৰ পৰা পাংগিন ৭৬ কিল'মিটাৰ, আল' ১০৩, ইংকিয়ং ১৬৭, মেব' ১৬, ডাম্‌বুক্‌ ৪৭, বম্‌জিৰ ৬৩ কিল'মিটাৰ দূৰ৷ আমি গৈ থকা দিশত ৫ কিল'মিটাৰত পাচিঘাট, জোনাই ৪০, ধেমাজি ১৪০, বান্দৰদেৱা ২৪০, তেজপুৰ ৩৮৭, গুৱাহাটী ৫৮০ কিল'মিটাৰ৷ আনহাতে ৰাজধানী ইটানগৰৰ পৰা পাচিঘাটৰ দূৰত্ব ২৬১ কিল'মিটাৰ৷ একে সময়তে অৰূপদাৰ ঘড়ীয়েও জনালে, ১০ বাজি ৪০ মিনিট গ'ল৷ সময়ৰ অংকটো আকৌ এবাৰ কৰি লোৱা হ'ল যাতে পাছত অসুবিধাত নপৰোঁ৷

ইতিহাসৰ পৃষ্ঠা লুটিয়ালে আমি পাওঁ, পাচিঘাটৰ পুৰণি নাম আছিল পাক্‌লেক্‌ বা পাগ্‌লেক্‌৷ 'কপাক্‌' শব্দৰ 'পাক'ৰ সৈতে 'লেক্‌' শব্দ সংযুক্ত হৈ 'পাক্‌লেক্‌' হৈছিল৷ পণ্ডিতসকলে কয় যে বৰ্তমানৰ পাচিঘাটক কপাক্‌ অৰ্থাৎ কল শব্দৰ পৰা উদ্ভৱ হোৱা পাক্‌লেক্‌ বা পাগ্‌লেক্‌ পিগ্‌ বুলি জনা গৈছিল৷ পাগ্‌লেক্‌ মানে কলগছৰ বাগান৷ যেতিয়া পাচিঘাটত এতিয়াৰ দৰে জনবসতি নাছিল পাচিসকলে তেতিয়া উৰ্বৰ ভূমিৰ অনুসন্ধানত চিয়াঙৰ সোঁতত 'কন্‌-টিকি' মেলি দিছিল৷ চিয়াঙেদি আহি তেওঁলোকে আৱিষ্কাৰ কৰিছিল কলেৰে ভৰি থকা অপূৰ্ব ঠাই; ফুলে-ফলে জাতিষ্কাৰ, শস্যশ্যামলা আৰু প্ৰচুৰ পৰিমাণে বাঁহগছ থকা অঞ্চল; প্ৰাকৃতিক সম্পদেৰে উভৈনদী হৈ থকা এই পাগ্‌লেক্‌৷ নতুন ঠাইটুকুৰাত প্ৰচুৰ পৰিমাণে কল পোৱা গৈছিল বাবে তেওঁলোকে নাম দিলে পাগ্‌লেক্‌৷ পাচিসকলে সঘনাই চিয়াঙেদি উজাই আহি পাগ্‌লেক্‌ৰ পৰা খাদ্যবস্তু সংগ্ৰহ কৰি পুনৰ নিজ ঠাইলৈ গিলাটপে কৰা (উভতি যায়) বাবে পাচিগিলাট্‌ বুলি ক'বলৈ আৰম্ভ কৰিলে৷ সাৰুৱা ঠাইৰ সন্ধান কৰা এই লোকসকলে হাবি ভাঙি ঝুম খেতি কৰিবলৈ ল'লে আৰু পাগ্‌লেক্‌ত বসবাস কৰিবলৈ আৰম্ভ কৰিলে৷ লাহে লাহে পাচিগিলাটৰ সলনি পাগ্‌লেক্‌ৰ নাম পাচিঘাট হৈ পৰিল৷ ইমান সময়ে এইবোৰ পাগুলি থাকোঁতেই আমি অৰুণাচলৰ সবাতোকৈ প্ৰাচীন চহৰ পাচিঘাট সোমালোঁহি৷ ৰাস্তাটো ভাল৷

অৰুণাচলত যিমানকেইটা জাতি আছে তাৰ মাজত আদি এটা প্ৰধান জাতি৷ আদি জাতি কেইবাটাও উপ-জাতিক লৈ গঠন হৈছে৷ তাৰ ভিতৰত পাচি অন্যতম৷ পাচি শব্দটোৱে পাচিঘাটৰ মূল বুলি একাংশ লোকে বিশ্বাস কৰে৷ পাচি আৰু ঘাট মিলি পাচিঘাট৷ অন্য একাংশই বিশ্বাস কৰে যে ১৯০০ চনৰ প্ৰথমটো দশকত প্ৰথম অভিযান চলোৱাৰ ফলত ঘটা ব্ৰিটিছৰ আগমনৰ পাছতহে টাউনখনৰ নামটো পাচিঘাট হৈছে৷

এটা সূত্ৰৰ মতে আদিসকলৰ আগমনৰ পূৰ্বে পাচিঘাট আছিল দিবু-মাৰাং লোকসকলৰ বাসভূমি৷ বুৰঞ্জীৰ মতে য়িৰাং ফৈদৰ বালিং এজনে দিবু-মাৰাং ফৈদৰ বালিং এজনৰ বিৰুদ্ধে যুঁজ কৰিছিল৷ দীৰ্ঘসময়ৰ যুদ্ধৰ অন্তত বৰ্তমানৰ চিব-কৰঙত দুয়ো মৃত্যুক সাবটি লৈছিল৷ আদি দোৱানত 'চিব' মানে একেলগে মৃত্যু ঘটা, 'কৰং' মানে নৈ বা জুৰি৷ লুয়ি পেৰ্‌মে নামৰ লোক এজনে বৰ্তমানৰ তিগ্ৰা গাঁৱৰ ওপৰলৈ বাস কৰিছিল আৰু চিয়াঙৰ বাঁওপাৰে বসতি কৰাৰ উদ্দেশ্যে সেই স্থান পৰিত্যাগ কৰি গৈছিল৷ তাৰ পাছতেই পাহাৰীয়া ঠাইসমূহৰ পৰা আদি জনগোষ্ঠীৰ লোক আহি চিকেল, ৰম্‌কাং, বালেক্‌, ৰ'য়িং, তিক্‌ৰা, ৰাচাম, মংকু, কেলেক্‌ আদিত বাস কৰিবলৈ ধৰিলে৷

মুখে মুখে প্ৰচলিত কথামতে, যেতিয়া নোৱেল উইলিয়ামছন নামৰ ব্ৰিটিছ পলিটিকেল অফিছাৰজন ইয়ালৈ আহিছিল তেওঁ ৰেগন ফৈদৰ কম্‌লিক্‌ চুপ্পি নামৰ এজন লোকক থলুৱা নাৱেৰে চিয়াং নৈৰ কম্‌লিঘাটত ৰাফ্‌টিং কৰি থকা অৱস্থাত পাইছিল৷ কথা-বতৰা পতাত লোকজনে নিজৰ নামটো কম্‌লি ৰেগন আৰু ঘাটৰ কাষৰে পাচি লোক বুলি জনালে৷ কম্‌লি ৰেগনৰ পৰাই কম্‌লিঘাট আৰু পাচিঘাট নাম দুটা হৈছে বুলি কোৱা হয়৷

পাচিসকল যুঁজাৰু চৰিত্ৰৰ মানুহ৷ ১৯১০ চনত পাচিঘাটৰ ১৩ কিল'মিটাৰ আগলৈ থকা য়াগ্ৰুং গাঁৱৰ মাত্‌মুৰ জামহ নামৰ লোক এজনে চিয়াঙৰ বাঁওপাৰৰ কম্‌চিঙত ইংৰাজ বিষয়া নোৱেল উইলিয়ামছনক হত্যা কৰিছিল৷ ডাক্তৰ গ্ৰেগৰানকো নৃশংসভাৱে হত্যা কৰি মাংসবিলাক গছত ওলমাই থৈছিল৷ তাৰ পৰিণতিত ইংৰাজে পাচিসকলক দৃষ্টান্তমূলক শাস্তি বিহাৰ অভিপ্ৰায়েৰে জোৰদাৰ অভিযান চলাইছিল৷ ৰত্‌তুঙৰ কাষৰ কেকাৰ মন্‌য়িং নামৰ বুৰঞ্জীপ্ৰসিদ্ধ ঠাইটুকুৰাতেই ব্ৰিটিছৰ উক্ত অভিযানৰ বিৰুদ্ধে আদিসকলে শক্তিশালী প্ৰতিৰোধ আগ বঢ়াইছিল, ১৯১১ চনত৷ ছাউনী আক্রমণ কৰি পাচিসকলে ইংৰাজৰ নিদ্ৰা হৰণ কৰিছিল৷ ভয়ানক যুদ্ধসদৃশ হৈ পৰিছিল পৰিস্থিতি৷ উইলিয়ামছনৰ নামত চিয়াঙৰ পাৰত শিলৰ এপিটাফ এটা এতিয়াও আছে৷ আনহাতে মাত্‌মুৰ জামহক পিছলৈ স্বাধীনতা সেনানীৰ মৰ্যাদা দিয়া হৈছে৷

একালৰ আবৰ হিল্‌ছ ডিষ্ট্ৰিক্টৰ হে'ড্‌ কোৱাৰ্টাৰ, পৰৱৰ্তী সময়ৰ চিয়াং জিলাৰ সদৰ পাচিঘাট বৰ্তমান ইষ্ট চিয়াং জিলাৰ সদৰ ঠাই৷ ই এখন সমতলীয় চহৰ৷ সমুদ্ৰ পৃষ্ঠৰ পৰা উচ্চতা ১৫৫ মিটাৰ৷ অৰুণাচলৰ ভিতৰত অন্যতম পুৰণি আৰু ঐতিহ্যমণ্ডিত চহৰ৷ ১৯১১ চনত ইংৰাজ শাসকে চহৰখন প্ৰতিষ্ঠা কৰিছিল৷ ১৯১২ৰ এংল'-আবৰ যুদ্ধৰ পাছৰে পৰাই এই ঠাইৰ গুৰুত্ব বৃদ্ধি পাই আহে৷ স্বৰাজোত্তৰ কালত প্ৰশাসনিক কেন্দ্ৰলৈ উন্নীত হয় পাচিঘাট৷ অৰুণাচল প্ৰদেশৰ ভিতৰত প্ৰথম বিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল পাচিঘাটতে, ১৯১৮ চনত৷ ১৯৪৭ চনত পাচিঘাট আৰু বালেক্‌ত দুখন প্ৰাথমিক বিদ্যালয় পতা হৈছিল৷ অৰুণাচলৰ ভিতৰতে প্ৰথমখন মহাবিদ্যালয়, জৱাহৰলাল নেহৰু কলেজ পতা হৈছিল পাচিঘাটত, ১৯৬৪ চনত৷ অৰুণাচলৰ ভিতৰতে শিক্ষা-দীক্ষাৰ ক্ষেত্ৰত পাচিঘাট আছিল বাটকটীয়া৷

একেদৰে, ৰাজ্যখনৰ অন্তৰ্গত অনেক নিৰ্মাণ, স্থাপন ইত্যাদি সম্পন্ন হৈছিল পাচিঘাটতে৷ ১৯৪৬ চনত এয়াৰ ফিল্ড, ১৯৫০ চনত কৃষি শিক্ষানুষ্ঠান, ১৯৫৪ চনত জেনেৰেল হাস্পতাল, ১৯৫৭ চনত সমবায় সমিতি, ১৯৬৬ চনত আকাশবাণীৰ কেন্দ্ৰ পতা হৈছিল৷ নাৰ্ছ ট্ৰেইনিং চেণ্টাৰ, টিভি চেণ্টাৰ, হৰ্টিকালচাৰ আৰু ফৰেষ্ট্ৰি কলেজ, পলিটেকনিক শিক্ষানুষ্ঠান আদি অন্য কেতবোৰ স্থাপন৷ ভাৰতীয় ষ্টেট্‌ বেংকৰ শাখাও ৰাজ্যখনৰ ভিতৰত প্ৰথম খোলা হৈছিল পাচিঘাটতে৷ পাচিঘাটৰ আন্তঃগাঁথনিলৈ চাই অৰুণাচল প্ৰদেশৰ ৰাজধানী হিচাপে তেতিয়াৰ নেফাৰ মুখ্যালয় শ্বিলঙৰ পৰা পাচিঘাটলৈ স্থানান্তৰ কৰাৰ কথা উঠিছিল৷ পিছে ১৯৭৪ চনত ইটানগৰতহে ৰাজধানী পতা হয়৷ তাৰ পাছৰে পৰাই পাচিঘাটৰ উন্নয়ন হ্ৰাস পাই আহে৷


দিন আঠ ৷৷ খণ্ড ৫



নদী পৰ্যটন এটা খুব আকৰ্ষণীয় আৰু মই কৰি ভাল পোৱা কাম৷ লোহিতৰ পাৰে পাৰে ৱালঙলৈ, তিস্তাৰ পাৰে পাৰে গেংটকলৈ, কামেঙৰ পাৰে পাৰে ব'মডিলালৈ, ত্ৰিশূলীৰ পাৰে পাৰে পোখৰালৈ, সোৱণশিৰিৰ পাৰে পাৰে তাকচিঙলৈ... উঃ! প্ৰতিটো যাত্ৰাই স্মৰণীয় আৰু আনন্দদায়ক৷ স্মৃতিকাতৰতাই আৱৰি ধৰে ঘূৰাই ভাবিলেই৷ এই মুহূৰ্তত আমি নীলা-সেউজীয়া চিয়াঙৰ পাৰে পাৰে৷ একেৰাহে যাত্ৰা কৰি আহি আছোঁ আল'ৰ পৰা৷ ক'ব পাৰি, মেন্‌-চু-খাৰ পৰাই নৈ একোখনে আমাক এচক'ৰ্ট কৰি অাহিছে৷ য়াৰগ্যাপ চুৱে এৰিলে, চিয়মে লগ দিলে৷ চিয়ম এৰিলোঁ, চিয়াঙক পালোঁ৷ সেউজীয়া-নীলা-সেউজীয়া... উঃ! এনেকুৱা যাত্ৰাৰ এবাৰ সোৱাদ পালেই লতা লাগি যায়৷ ভাগৰ কি বস্তু গম পাবলৈকে নাই৷ অৱশ্যে সাৱধানবাণী হিচাপে আগতীয়াকৈ কৈ থ'ব বিচাৰিম যে গাড়ীত উঠিলেই মূৰ ঘূৰোৱা, বমি কৰি হায়ৰাণ হোৱা মানুহে এনেকুৱা সৰ্পিল, পাহাৰীয়া এড্‌ভেন্‌চাৰলৈ নোলাৱাই ভাল৷ এই ধৰণৰ মজা লুটিবলৈ হ'লে শাৰীৰিক আৰু মানসিক উভয় প্ৰকাৰৰ স্বাস্থ্য সম্পূৰ্ণ ভাল হ'ব লাগিব৷

এতিয়া বাট ধূলিয়ৰি৷ পৰ্বতৰ ওপৰৰ পৰা ৰিণিকি ৰিণিকি পাচিঘাট চহৰ আৰু ৰাণাঘাটৰ দলংখন চকুত পৰিছে৷ সুবিধাজনক এঠাইত 
গাড়ীখন ৰখোৱাই নামি ল'লোঁ৷ শিলৰ ওপৰত উঠি নয়নাভিৰাম দৃশ্যৰাজি হেঁপাহ পলুৱাই চোৱাত লাগিছোঁ৷ হাতে
ঢুকি পোৱাতে শাৰী শাৰীকৈ কমলা গছ, কমলা বাগান৷ পকা ফলৰ ভৰত প্ৰতিজোপা গছেই দোঁ খাই পৰিছে৷ পথ নিৰ্মাণৰ নামত, এক্সকেভেটৰৰ বিধ্বংসী হাঁতোৰাৰ দয়াহীন আঁচোৰত ভালেমান গছ দুখ লগাকৈ জাহ যোৱাও বাটত দেখি আহিছোঁ৷ এনেকুৱা উভৈনদী একোখন বাৰীৰ পৰা গৰাকীয়ে বাৰ্ষিক কিমান ধন উপাৰ্জন কৰিবলৈ সক্ষম হয় বাৰু? সাহাই দূৰৰ পৰাই উত্তৰত কিবা অংক এটা জনালে৷ 
চিজনৰ লগে লগে গৰাকীৰ অৰ্থনৈতিক দিশটো শক্তিশালী হৈ উঠে৷ পূব অৰুণাচলৰ কমলা বিভিন্ন ঠাইলৈ ৰপ্তানি হয়৷ বাংলাদেশাে পাইগৈ হেনো৷ মুখ্য বিতৰক অসমৰ তিনিচুকীয়াৰ৷

ক্রমান্বয়ে তললৈ নামিবলৈ ধৰিছোঁ আমি৷ অকাই-পকাই আহি আহি বাওঁহাতে পালোঁহি শ্ৰী ডাঙৰীয়া বাবাৰ মন্দিৰ৷ এক সুবিখ্যাত উপাসনাথলী৷ এপাক সোমাই চাওঁ বোলোঁতেই চৌহদৰ বাহিৰত, গে'টৰ বিপৰীতে সাহাই গাড়ীখন ৰখালে৷ অৰূপদাৰ হাতঘড়ীটোলৈ দৃষ্টি দিলোঁ৷ ১০ বাজি ২০ মিনিট পাৰ হৈছে৷ প্ৰদীপদা আৰু অৰূপদা দুয়ো ঘপাঘপ মন্দিৰটোলৈ সোমাই গ'ল৷ যথাস্থানত সেৱা-সৎকাৰ জনালেগৈ৷ মই যেনি-তেনি ফটো তুলি থাকিলোঁ৷ গা নোধোৱাৰ দোহাই দি চালকজনে চৌহদৰ ভিতৰত প্ৰৱেশ কৰাৰ পৰা বিৰত থাকিল৷ মই হ'লে সোমালোঁ, চালোঁ, মন্দিৰৰে এজনৰ লগত কথাও পাতিলোঁ কিবাকিবি৷ পুৰণি গছকেইজোপামান আছে ইয়াত৷ ফলক এখন পঢ়ি মাটিখিনি দাই পৰিয়াল এটাই দান কৰা বুলি বোধগম্য হ'ল৷ মন্দিৰটোৰ পেইণ্টিং কামখিনিৰ সৈতে পাচিঘাটৰ মুচলমান লোক এজন জড়িত বুলি আগতে এবাৰ পঢ়িবলৈ পাইছিলোঁ৷ বুঢ়া ডাঙৰীয়াৰ পৃষ্ঠপটত সমন্বয়ৰ বাৰ্তা লুকাই আছে৷


১৯৬২ চনত পাচিঘাট-পাংগিন ৰাস্তা সাজিবলৈ অহা গড়কাপ্তানি বিভাগৰ অভিযন্তা এজনে সপোনত ইয়াত উদ্ঘাটন হোৱা শিৱ লিংগত পূজা দিবলৈ নিৰ্দেশ পায়৷ সেইমতে এই স্থানত মন্দিৰ সাজি পূজা-অৰ্চনা কৰাৰ নিয়ম হ'ল৷ তেতিয়াৰে পৰাই হেনো এইটো এলেকাত সংঘটিত দুৰ্ঘটনা আৰু পথ নিৰ্মাণত ব্যৱহৃত যন্ত্ৰপাতিৰ বিঘিনি আচৰিত ধৰণে হ্ৰাস পাবলৈ ধৰে৷ আজিও এই বাটেৰে আহ-যাহ কৰা লোকসকলে নিৰাপদ ভ্ৰমণৰ কামনাৰে বুঢ়া ডাঙৰীয়ালৈ ভক্তিভাৱে সেৱা এটি জনাইহে পাৰ হয়৷ আমাৰ হৈ প্ৰদীপদা আৰু অৰূপদাই কামফেৰা সমাধা কৰি আহিল৷ ডাঙৰীয়া বাবাৰ আশীৰ্বাদ লভিবলৈ ভাৰতৰ বিভিন্ন স্থানৰ পৰা যিকোনো ধৰ্মাৱলম্বী লোকেই ইয়ালৈ আহে৷ ফলস্বৰূপে লিকাবালিৰ মালিনী থান, জিৰোৰ শিৱলিংগ, 
পৰশুৰাম কুণ্ড আদিৰ দৰেই এই মন্দিৰ তীৰ্থটনলৈ পৰ্যবসিত হৈছে৷ প্ৰতি বছৰৰ অন্তিম শনিবাৰটোক মুখ্য কৰি এই স্থানত ডাঙৰীয়া বাবা পূজা-মেলা নামে বৃহৎ মেলা বহে৷ ১৯৭০ চনৰ পৰা এনে ব্যৱস্থা চলি আহিছে৷ পূব চিয়াং জিলা প্ৰশাসনে পূজা আৰু মেলা সুকলমে অনুষ্ঠিত কৰাত গুৰুত্ব দি আহিছে৷

এই অঞ্চলৰে চিৰ্‌কিনানৗ জলপ্ৰপাতৰ কথা আমাৰ ঘৰত ভাৰাতীয়া হিচাপে থকা পূৰ্বতে জোনাইৰ বাসিন্দা আৰু এতিয়া লখিমপুৰীয়া হৈ পৰা যুৱক উৎপল ভাইটিয়ে এদিন কৈছিল৷ অাহি থাকোঁতে অথনি এঠাইত পৰ্বতৰ বুকুৰে পানী এধাৰ এটা নামি যোৱাৰ চিক্‌মিকনি চকামকাকৈ দেখা পাইছিলোঁ৷ সেইটোৱেই হয় নেকি চিৰ্‌কি জলপ্ৰপাত? প্ৰশ্নটো মনৰ অভ্যন্তৰতে পাক-ঘূৰণি খাই থাকি গ'ল৷ উত্তৰ নাপালোঁ৷ গৈ পাই উৎপলক সুধিব লাগিব৷ চিৰ্‌কি জলপ্ৰপাত এই অঞ্চলৰ এটা ব্যস্ত পিক্‌নিক্‌ স্পট৷ ট্ৰেকিং, হাইকিঙৰ বাবেও আদৰ্শ স্থান বুলি শুনিছিলোঁ৷


১১ বাজিল৷ ক্ৰমাৎ পাচিঘাটৰ কাষ চাপিছোঁ৷ চহৰলৈ পোনে পোনে নগৈ চিয়াঙৰ ওপৰত থকা পাচিঘাট ব্ৰীজ দেখুৱাবলৈ লৈ গ'লোঁ প্ৰদীপদা আৰু অৰূপদাক৷ অলপ আগতে পৰ্বতৰ ওপৰৰ পৰা দলং, চিয়াং আৰু ৰিণিকি ৰিণিকি ব্ৰহ্মপুত্ৰ মহাসংগমৰ নান্দনিক দৃশ্য দেখি স্বাভাৱিকতে উত্তেজনাই বাহ লৈছিল আমাৰ মনত৷ পাচিঘাটৰ সমীপৰ ৰাণাঘাটত থকা দীঘলীয়া দলংখনলৈ মই আগতেও এবাৰ আহিছোঁ৷ ওপৰৰ পৰা এয়াই প্ৰথম চালোঁ৷ সেইবাৰ অৰুণদা, অনিলদা আৰু মই আহিছিলোঁ৷ গোগামুখৰ বন্ধু পৱিত্ৰ সন্দিকৈৰ আমন্ত্ৰণক্ৰমে ঢকুৱাখনাৰ ম'হঘূলি চাপৰিত ফাট বিহু চাই, টেকেলীফুটা ঘাটত ভাত খাই মনৰ তাগিদাতে পোনাই দিছিলোঁ চিয়াং চাবলৈকে৷ ডক্টৰ ভূপেন হাজৰিকাৰ 'চিয়াঙৰে গালং লোহিতৰে খামতি' মোৰ এটা প্ৰিয় গীত৷ এতেকে চিয়াং নোচোৱাকৈ নোৱাৰি৷ লোহিত তাৰ আগতেই চালোঁ৷ পৰশুৰাম কুণ্ড আৰু কুণ্ডৰ সমীপত সজা অৰুণাচলৰ দীৰ্ঘতম লোহিত ব্ৰীজত উঠিলোঁ৷ এতিয়া আকৌ এবাৰ চিয়াং ব্ৰীজ৷ ৭৬৩.৫০ মিটাৰ দৈৰ্ঘৰ এই সন্তুলিত কেণ্টিলিভাৰ দলংখন অৰুণাচলৰ ভিতৰত দ্বিতীয় দীৰ্ঘতম৷ পাচিঘাট সেতুৰ শিলান্যাস ১৯৮৮ চনৰ ৪ এপ্ৰিলত ভাৰতৰ তদানীন্তন প্ৰধান মন্ত্ৰী ৰাজীৱ গান্ধীয়ে কৰিছিল৷ মুম্বাইৰ গেমন ইণ্ডিয়া লিমিটেড নামৰ নিৰ্মাণকাৰী সংস্থাই আৰ.চি.চি. ব্ৰীজখন সাজি উলিয়াইছিল৷ বহু বছৰ লাগি গৈছিল কাম সমাপ্ত কৰোঁতে৷

ৰাণাঘাটৰ দলঙেৰে চিয়াঙৰ ওপৰেৰে আমি পাৰ হৈ গ'লোঁ৷ অলপ গৈয়ে সিপাৰে সাহাই গাড়ীখন ঘূৰাই ল'লে৷ ট্ৰেন্স অৰুণাচল হাইৱে'ৰ অংশ এই NH13 পথটো৷ পোনাই গ'লে মেব', ডাম্‌বুক্‌, ৰ'য়িং হৈ শদিয়া ওলাব পাৰি৷ তেজুলৈও যাব পাৰি৷ ৰ'য়িঙলৈ যাওঁতে চহৰ নোসোমাওঁতেই বাওঁহাতে এই ৰাস্তাটোৰ সিটো মূৰ দেখা পাইছিলোঁ৷ সোঁহাতে তেজুলৈ৷ হৰ্নবিল ফেষ্টিভেলৰ পৰা উভতি আহি গেবুহঁত আমি উপস্থিত হোৱা এইটো ৰাস্তাৰেই যাব ডাম্‌বুকলৈ, অ'ৰেঞ্জ ফেষ্টিভেল এণ্ড মিউজিক চাবলৈ৷ চিয়াঙৰ এইপাৰ, ৰ'য়িঙত দেওপানী নৈৰ পাৰ৷ মাজৰখিনি মোৰ বাবে আজিও missing link৷ ভেদ ভাঙিবলৈ কেতিয়াবাৰে পৰাই সুযোগৰ অপেক্ষাত অধীৰ হৈ আছোঁ৷ ভাঙিম কেতিয়াবা৷



দিন আঠ ৷৷ খণ্ড ৪



হিমালয়ৰ সন্তান, অসমৰ ব্ৰহ্মপুত্ৰ মহানদ কৈলাস পৰ্বতৰ মানস সৰোবৰৰ ওচৰৰ কুবী গংগা নামৰ বৰফৰ নৈ বা হিমবাহৰ পৰা নামি আহিছে৷ ইয়াৰ তিব্বতীয় আগলি অংশটো মাগ্‌হাং চাংপো, মোট্‌চাং চাংপো, য়াৰ্‌লুং চাংপো নামেৰে জনাজাত৷ পূব দিশে ই প্ৰায় ১,৫০০ কিল'মিটাৰ প্ৰৱাহিত হৈ ৭,৭৫৬ মিটাৰ উচ্চতাৰ নাম্‌চা-বাৰ্‌ৱা শৃংগক প্ৰদক্ষিণ কৰি মূল হিমালয় পৰ্বতমালা অতিক্রম কৰে আৰু দক্ষিণ-পশ্চিম দিশলৈ আহি অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰি চিয়াং নাম লয়৷

দুশাৰী পৰ্বতৰ মাজেৰে দৃষ্টিনন্দন ৰূপসজ্জাৰে ওলাই অহা চিয়াংখনে বাঁওহাতে আমাক সংগ দি আছে৷ অৰুণাচল প্ৰদেশৰ ভিতৰত দীৰ্ঘতম নৈ এইখন৷ কঠিন আৰু মসৃণ আগ্নেয়শিলাৰে প্ৰাকৃতিকভাৱে বন্ধা ইয়াৰ দুয়ো কুল৷ পাৰত সেউজ, পানীত সেউজ৷ মাজে মাজে সোঁতৰ বগা ধাৰ, ৰেপিড্‌ছ কিছুমান৷ কল্‌ কল্‌ বোঁৱতী স্ৰোতৰ শব্দ৷ তিব্বতৰ চাংপো আৰু অসমৰ ব্ৰহ্মপুত্ৰৰ মাজৰ উদঘাটন নোহোৱা অংশটো বিচাৰি অতীতত চলোৱা ভৌগোলিক অভিযানৰ সময়ত চিয়াং নৈখনক Missing link বুলি ঠাৱৰ কৰা হৈছিল৷ তিব্বতীয় সৃষ্টি-উৎপত্তি তত্ত্বত মণি-মুকুতাৰে পূৰ্ণ বালিৰে এইখনক অশ্বমুখী নৈ বোলা হৈছে৷ যিয়ে ইয়াৰ পানী খায় সিয়ে ঘোঁৰাৰ দৰে বলিষ্ঠ হৈ পৰে বুলি জনবিশ্বাস প্ৰচলিত আছিল৷ গেলিঙলৈ গ'লে এইটো আশা প্ৰথমেই পূৰ কৰিম বুলি ধৰি থৈছোঁ, যিদৰে মেন্‌-চু-খাত এইবাৰ ঔষধি গুণসম্পন্ন বৰফৰ পানী হেঁপাহ পলুৱাই পি আহিছোঁ৷ বেমাৰ-আজাৰ বুলিবলৈ নাই৷ নিৰোগী আৰু বলিষ্ঠ হৈ থকাই সংকল্প হ'ব অহাটো বছৰতো৷

চিয়াঙৰ উপনদী অনেক৷ তাৰ ভিতৰত ইয়াং-চান-চু, য়ামে, চিয়ম উল্লেখযোগ্য৷ অৰুণাচল প্ৰদেশত চিয়াঙৰ অৱবাহিকাৰ কালিৰ পৰিমাণ ১১,৮০০ বৰ্গ কিল'মিটাৰ৷ প্ৰতি ছেকেণ্ডত বৈ যোৱা পানীৰ পৰিমাণ ২১,০০০ ঘন মিটাৰ৷ দীঘ অনুপাতে উচ্চতাৰ পাৰ্থক্যই এইটো সূচাই যে চিয়াঙৰ বুকুত বহুতো জলপ্ৰপাত আছে৷ চিয়াং অৱবাহিকা অঞ্চলত বৰষুণৰ পৰিমাণ বেছি৷ আল'ত বছৰি ২,০৭০ মিলিমিটাৰ, টুটিঙত ৩,৮৭১ মিলিমিটাৰ, পাচিঘাটত ৪,৪৩৩ মিলিমিটাৰ বৰষুণ হয়৷ ইয়াৰ জলবায়ু পাহাৰীয়া৷ ঠাইবোৰ হাবি-জংঘলেৰে ভৰা৷ জীৱ-জন্তু আৰু বনজ সম্পদত চহকী৷ চিয়াং অৱবাহিকাত গ্ৰেফাইট পোৱা গৈছে৷ অঞ্চলসমূহলৈ যাতায়াত ব্যৱস্থা আজিও অসুবিধাজনক স্থিতিতে আছে৷ জনবসতি ঘন নহয়৷

স্বাভিমানী নৈখনৰ পাৰে পাৰে তাহানিতে সজা পুৰণি ৰাস্তাটো বহলোৱাৰ কাম পূৰ্ণগতিত চলি থকা আমাৰ দৃষ্টিগোচৰ হৈছে৷ ঠায়ে ঠায়ে ব্লেক টপিং সমাধা হৈছে৷ পাংগিন-পাচিঘাট পথ এইটো৷ মসৃণ অংশ পালেই সাহাৰ গাড়ীৰ চকা খৰকৈ ঘূৰে৷ এঠাইত কমলা টেঙা বিক্রী কৰি থকা দেখি চালকজনক ব্ৰেক্‌ মাৰিবলৈ কোৱা হ'ল৷ অনুমান কৰিছোঁ, দোকানী মহিলা দুজনী মাক-জীয়েক হ'বই হ'ব৷ এই স্থানৰ পৰা ১ কিল'মিটাৰ আঁতৰৰ বাবুক ভিলেজৰ বাসিন্দা ইহঁত৷ চিয়াঙৰ পাৰত প্ৰাকৃতিক পৰিৱেশত উৎপন্ন হোৱা, ৰাসায়নিক দ্ৰব্যহীন, সুমিষ্ট সুমথিৰা এতিয়া আমাৰ মুখৰ আগত৷ 
৪টা বাস্কেট সজাই থৈছে৷ কলডিল, অমিতা আৰু ভোট জলকীয়াও উলিয়াইছে৷ কলপাত এসোপাও মেৰিয়াই আনিছে৷ কিহৰ বাবে নাজানো৷ পকা অমিতা এটা ফালি কলপাতৰ ওপৰতে লৈ দুয়ো খাই আছিল৷ অৰূপদাই কমলাৰ দাম সুধিলে৷ ১০০ টকাত এক বাস্কেট্‌৷ একেলগে অহা আমি চাৰিওজনে গাইপতি এটাকৈ গোটেইসোপা কিনাৰ আগ্ৰহ কৰিলোঁ৷ কথাৰ লগে লগে একোটাকৈ বাস্কেট অধিগ্ৰহণ কৰিলোঁৱেই৷ সাহাই সকলোৰে শেষত উঠালে৷ তেওঁক ৮০ টকাতে দি দিলে৷ মোৰ আকৌ এই নিভাঁজ মানুহবোৰৰ লগত দৰ-দাম মাৰি থাকিবলৈ অকণো সত নগ'ল৷ বৰ মৰম লাগে ইহঁতক৷ কথা-বতৰাবোৰো ইমান ভাল! তথাকথিত চহৰীয়ামখাৰ দৰে চতুৰালিভৰা জেলেপী পাক নাই৷

চুটকেচৰ সদৃশ, ধৰিবলৈ সুব্যৱস্থা থকাকৈ বাঁহেৰে সজা কমলা ভৰোৱা বাস্কেট্‌কেইটা হাতত লৈ নাতিদূৰত ৰখাই থোৱা কে.ইউ.ভি.খনলৈ আমি সদলবলে আগ বাঢ়োঁতে নিজকে কমলা বেপাৰী যেনেই লাগি গ'ল৷ কথাষাৰ মুকলিকৈ কৈ পাৰ্যমানে হাঁহিলোঁ৷ গাড়ীখনৰ পিছফালে জেগা নাই৷ বাস্কেটকেইটা যেনে-তেনে চিটৰ ফাঁকত ৰাখি আমি বহি লৈছোঁ৷ গাড়ী পুনৰ চলিল৷ আন্দাজ কৰিছোঁ, সৰু-বৰ মিলাই একোটা বাস্কেটত কমেও ৫০টামান টেঙা থাকিব লাগে৷ মিঠা হ'ব বুলি দেখাতেই ক'ব পাৰি৷ ৰ'ব নোৱাৰি বাঁহৰ ফাঁকেৰেই অলপ পৰ যুদ্ধ কৰি এটা বাহিৰ কৰিলোঁ আৰু বাকলি বখলিয়াই গৈ থাকিলোঁ৷ ষ্টিয়েৰিং চম্ভালি থকা সাহাক বাদ দি বাকী দুজনে মোতকৈ আগতেই সুস্বাদু সুমথিৰাৰ ৰসস্বাদনত মছগুল হৈছে৷ সন্তুষ্টিত মাজে মাজে 'আঃ আঃ' কৰি থাকিল অৰূপদাই৷


ঠাইবিশেষে আল্‌কতৰাৰ চামনি নপৰা ৰাস্তা৷ পুৰণি বেইলী ব্ৰীজো পাইছোঁ৷ ৰাস্তাটো সৰ্পিলাকাৰ, তলৰ নৈখনো একা-বেঁকা৷ দাঁতিত কেৱল কমলা আৰু কমলা৷ ডাল ভৰি ভৰি ওলমি আছে৷ গছ মাত্ৰেই গোলাকাৰ হালধীয়াৰ সমাৱেশ৷ ছিঙি থকা মানুহ কিন্তু এজনো ক'তো দেখা নাই৷ চিয়াঙৰ পাৰত পথ নিৰ্মাণৰ আধুনিক যন্ত্ৰপাতিবিলাকৰ লগতে শ্ৰমিকৰ কেম্প দেখা পাইছোঁ৷ সেইবোৰ পাৰ হৈ কেইবাঠাইতো নতুনকৈ লেও দিয়া কিচ্‌কিচীয়া, মসৃণ ৰাস্তা পোৱা গ'ল৷ ট্ৰেন্স অৰুণাচল হাইৱে'ৰ কাম এইফালে পূৰ্ণ গতিত চলিছে৷


৯ বাজিবৰ হ'লহি৷ চিয়াঙৰ বুকুত 
ধেনুভিৰীয়াকৈ হেঙিং ব্ৰীজ এখন জিলিকিছে৷ এটা সুন্দৰ দৃশ্য৷ দলংখন দেখা পায়ে উত্তেজনাও তুংগত উঠিলগৈ৷ এই সাঁকোখনৰ প্ৰস্থ ১,৫০০ ফুট বুলি এঠাইত উল্লেখ পাইছিলোঁ৷ চোৱাৰ হেঁপাহ এটাও তেতিয়াই জাগিছিল৷ এতিয়া চকুৰ আগত বিদ্যমান৷ A burning desire is the starting of all accomplishments বোলা কথাষাৰ সঁচা প্ৰমাণিত হ'ল৷ সাহাক হেঁচুকি দিলোঁ৷ এয়াযে গাড়ী ৰখাবলৈ দিয়া ইংগিত তেওঁ সহজেই বুজি পালে৷ ওলোমা সেতুখনলৈ নামি যোৱাৰ প্ৰবল ইচ্ছা এটা জাগিল যদিও সময়ে ৰঙা চকু দেখুৱাই থকাত সেয়া সিদ্ধি নহ'ল৷ সোৱণশিৰি, য়াৰগ্যাপ চু, লোহিতৰ দৰে ইয়াতো নৈৰ ওপৰত দলঙৰ মাজত ৰৈ থাকি ফটো তোলাৰ তাগিদা এটা আহিছিল৷ কিন্তু কি হ'ব, প্ৰদীপদাৰ ভেকাহিত তেনেই চেঁচাপানী হ'ল৷ গৰাৰ ওপৰৰ পৰাই হেঁপাহকণ পূৰাই অবিশ্বাস্যভাৱে সুন্দৰ দৃশ্যসমূহ উপভোগতে ক্ষান্ত থাকিবলগীয়াত পৰিলোঁ৷ কেমেৰাটো উলিয়াই মেমৰীত ভালেকেইটা স্নেপ্‌ সঞ্চয় কৰি লোৱাতহে মনলৈ সান্ত্বনা অকণমান আহিল৷ এইখিনি ৰত্‌তুং৷ ওলমা সাঁকোৰে কেকাৰ মন্‌য়িঙলৈ যায়৷ ৫০০ মিটাৰ বহল আৰু ৫০ মিটাৰ উচ্চতাৰ শৃংগটো ট্ৰেকিঙৰ বাবে এটা ভাল স্থান৷

চিয়াঙৰ দুয়ো পাৰে ওখ ওখ পাহাৰ অথনিৰে পৰাই দেখা পাই আহিছোঁ৷ পাহাৰীয়া আৰু গতিশীল নৈ হেতুকে নাব্য নহয়, অৰ্থাৎ ইয়াৰ জলৰাশিৰে নৌকা কিম্বা জাহাজ চলাচল কৰিব নোৱাৰে৷ মীন পালনৰো সম্ভাৱনা নাই৷ নৈখনক ভেটা দি কৃত্ৰিম জলাধাৰ সৃষ্টি কৰিব পৰা সুচল ঠাই কিন্তু দেধাৰ৷ তাকে উপলক্ষ্য কৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ সিদ্ধান্ত কেইবাঠাইতো লোৱা আছে৷ ২,৭০০ মেগাৱাট নামনি চিয়াং প্ৰকল্প, ১,০০০ মেগাৱাট চিয়াং প্ৰকল্প, ৯,৬০০ মেগাৱাট চিয়াং জলবিদ্যুৎ প্ৰকল্প তাৰ ভিতৰত উল্লেখযোগ্য৷ ইয়াকে লৈ বিভিন্ন সময়ত বিৰোধিতা তথা ব্যাপক প্ৰতিক্ৰিয়া শুনা পোৱা যায়, বিশেষকৈ অসমভূমিত৷ বহুতৰ মতে অৰুণাচলৰ ভূ-প্ৰাকৃতিক গঠন সবল নহয় হেতুকে বৃহৎ নদী বান্ধে নামনি অংশত বসতি কৰি থকা মানুহৰ জীৱন আৰু সম্পত্তিলৈ যিকোনো সময়তে বিপদ নমাই আনিব পাৰে৷ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ চূড়ান্ত জয়জয়-ময়ময় অৱস্থাতো মানুহযে প্ৰকৃতিৰ ওচৰত আজিও কিংকৰ্তব্যবিমূঢ়, নিৰুপায়, নতশিৰ, নগণ্য, সেয়াই প্ৰতীয়মান হয় এইবোৰ দেখি-শুনি৷


দিন আঠ ৷৷ খণ্ড ৩



অৰুণাচল প্ৰদেশৰ জিলাসমূহৰ ভিতৰত সিংহভাগৰে নাম নদীভিত্তিক৷ এতিয়া বাওঁহাতে আমাৰ লগ লোৱা চিয়াঙেৰে নামাংকিত জিলাকেইখন ততালিকে দিব পৰা উদাহৰণ৷ ইষ্ট চিয়াং, ৱে'ষ্ট চিয়াং, আপাৰ চিয়াং আৰু চেণ্ট্ৰেল চিয়াং৷ নতুনকৈ গঠন হোৱাৰ শাৰীত আছে ল'ৱাৰ চিয়াং৷ অগণন পাৰ্বত্য অধিবাসীৰ মানসত জীৱন-ৰেখাস্বৰূপ সৌখন চিয়াং৷ অৰুণাচল সমভূমিত নাম সলোৱা চিয়াঙৰ মূল ধাৰা দিহাং, পূব সুঁতি চিবিয়া, ইণ্ডো-চীন সীমান্তৰ কায়া গিৰিপথৰ সমীপৰ পৰা অৰুণাচলৰ মিছিমি পৰ্বতৰ মাজেৰে নামি অহা দিবাং বা ছিকাং আৰু পূব দিশেদি চীনৰ য়কো শৃংগৰ পৰা জায়ুল চু নামে বৈ অহা লোহিত৷ মূলতঃ এই ৪খন ডাঙৰ নৈ মিলি অসমত ব্ৰহ্মপুত্ৰ নদৰ সৃষ্টি হৈছে৷ চিয়াঙৰে পূব শাখা, চাংপোৰ জলৰাশিৰে সমৃদ্ধ চিবিয়াক স্পৰ্শ কৰাৰ পাছতেই বিশাল জলধাৰাই নাম লৈছে ব্ৰহ্মপুত্ৰ৷ মহাসংগমত জাহ যোৱা আন ৫খন তুলনামূলকভাৱে সৰু নদী হ'ল ডিব্ৰু, ডাঙৰী, ডিয়ুন বা ন-দিহিং বা নোৱাদিহিং, কুণ্ডিল আৰু গংগো বা দটং৷ লোহিতৰ বুকুৰে শদিয়া ঘাটৰ পৰা ৮-৯ কিল'মিটাৰ ভটিয়াই পোৱা উজনি অসমৰ উত্তৰ দিশৰ তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ অন্তৱৰ্তী, বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপ ৰাষ্ট্ৰীয় উদ্যান ডিব্ৰু-ছৈখোৱাক কেন্দ্ৰ কৰি চুৰকে চাপৰিৰ সমীপত অসম উপত্যকাত ব্ৰহ্মপুত্ৰ মহাসংগমৰ অৱস্থান৷ এইটো আজি আৰু নতুন কথা হৈ থকা নাই যে দিহাঙেই চিয়াং, চিয়াঙেই ব্ৰহ্মপুত্ৰৰ আগলি৷ ব্ৰহ্মপুত্ৰই তিব্বতী ভাষাত চাংপো (অৰ্থ ঃ পৰিশোধক)৷ চীনাসকলে কয় য়া-লু-টাংপুচিয়াং৷

শেহতীয়াভাৱে ২৭ নৱেম্বৰ ২০১৫ তাৰিখে পাংগিনক অস্থায়ী মুখ্যালয় হিচাপে লৈ, ইষ্ট চিয়াং আৰু ৱে'ষ্ট চিয়াঙৰ অংশবিশেষ লগ লগাই অৰুণাচল প্ৰদেশৰ চেণ্ট্ৰেল চিয়াং জিলাখন সৃষ্টি কৰা হৈছে৷ আমি এতিয়া এই জিলাৰ মাজেৰে গৈ আছোঁ৷ জিলাখনৰ মহকুমা ৪টা৷ ব'লেং, ৰুম্‌গং, পাংগিন আৰু কায়িং৷ ৰুম্‌গং-কায়িং আৰু পাংগিন-ব'লেং নৱগঠিত জিলাখনৰ দুটা বিধান সভা সমষ্টি৷ এই জিলাখন মূলতঃ আদি জনজাতিপ্ৰধান৷ আদি মানুহখিনি ৰাজ্যখনৰ ভিতৰতে আগ বঢ়া, নাগালেণ্ডত যেনেকৈ আওসকল৷

পাংগিন, কেনে আদি পাৰ হৈ আহিলোঁ৷ এইটো মিন্যং অধ্যুষিত অঞ্চল৷ ৰাস্তাটো হঠাতে বহল হৈ পৰিল৷ পকী হোৱা নাই পিছে৷ মাজে মাজে ঠেক হৈয়ে ৰৈছে৷ লোৰে নিৰ্মিত পুৰণা দলং ঠায়ে ঠায়ে এতিয়াও আছে৷ ৰাস্তা য'ত বহল হৈছে তেনে অংশৰে চিয়াংখনৰ পাৰে পাৰে, পাহাৰৰ বুকুৰে আগুৱাই থাকি বেলেগ ধৰণৰ মজা এটা লাগিছে৷ হাইৱে'টো সম্পূৰ্ণ হৈ উঠাৰ পাছত কিমানযে ভাল লাগিব! ভ্ৰমণকাৰীৰ সংখ্যা বৃদ্ধি পাব নিশ্চিতভাৱে৷ উপযুক্ত জেগা নিৰ্বাচন কৰি ভিউ পইণ্ট কিছুমান সাজি দিলে মানুহে ৰৈ ৰৈ চাই যাব পাৰিব চিয়াংপৰীয়া প্ৰকৃতিৰ বিনন্দীয়া ৰূপ৷

অৰুণাচল টুৰিজিমৰ স্বীকৃতিপ্ৰাপ্ত যি ১২টা পৰ্যটন আৱৰ্ত আছে সেইবোৰৰ ভিতৰত পাচিঘাট-জেংগিং-ইংকিয়ং-টুটিং এটা সুন্দৰ টুৰিষ্ট চাৰ্কিট৷
গতিপথ চিয়াঙৰ পাৰেদি৷ ৰিভাৰ ৰাফ্‌টিঙৰ বাবে চিয়াং এখন আদৰ্শ নদী বুলি জনাজাত৷ অভিজ্ঞ আৰু দুঃসাহসিক ৰাফ্‌টাৰে ইণ্ডো-চাইনা ব'ৰ্ডাৰৰ গেলিঙৰ পৰা আৰম্ভ কৰি নিগ্‌গুয়িং, মাৰ্‌মনেৰে নামি আহিব পাৰে৷ য়াম্‌বুং বা চিৰ্কিৰ পৰাও নাও বাই পাচিঘাট ওলাবহি পাৰি৷ পাচিঘাট-ইংকিয়ং-কম্‌চিং, ইংকিয়ং-টুটিং-দেৱকোটা, ইংকিয়ং-টুটিং-সীতাপুৰী ট্ৰেইল ট্ৰেকিঙৰ বাবে উল্লেখযোগ্য বুলি শুনিছোঁ৷ ইক'-এড্‌ভেন্‌চাৰ্‌ ট্ৰেকিঙৰ লগে লগে মাছ ধৰা কাৰ্যটোও বাটে বাটে সমানেই আনন্দদায়ক৷ আমাৰ দলৰ এংলাৰ জয়ন্তদাৰ এই সৌভাগ্য আৰু অভিজ্ঞতা হৈছে৷ ইফালে চিয়াঙৰ ওপৰত স্থানীয় অধিবাসীসকলে সজা বেতৰ ওলমা সাঁকো 'জাম্পা'বোৰ সদায়েই আকৰ্ষণীয় আৰু উত্তেজনাপূৰ্ণ৷ ১৮২৫ চনত ইয়ালৈ অহা ইউ.এছ. আৰ্মীৰ ৪৬ ৰেজিমেণ্ট নেটিভ ইনফেণ্টৰীৰ লেফটেনেণ্ট ৰবাৰ্ট উইলকক্সে হেঙিং ব্ৰীজবোৰৰ পৃষ্ঠপটত লুকাই থকা কাৰিকৰী বিদ্যা আৰু কৰ্মকুশলতাত অতিকৈ মুগ্ধ হৈছিল আৰু থলুৱা নিৰ্মাতাসকলক বৰকৈ প্ৰশংসা কৰিছিল৷

১৯৮৯ চনত ৱে'ষ্ট চিয়াং জিলাৰ পৰা কিছু অংশ কাটি ইষ্ট চিয়াঙত সংযোগ কৰা হৈছিল৷ তাৰ এটা দশকৰ অন্তত ১৯৯৯ চনত ইষ্ট চিয়াং জিলাখন দুভাগত বিভক্ত কৰি আপাৰ চিয়াং জিলা গঠন কৰা হয়৷ ইষ্ট চিয়াং জিলাৰ সদৰ ঠাই পাচিঘাট৷ জিলাখনৰ মাটিকালি ৪,০০৫ বৰ্গ কিল'মিটাৰ৷ উত্তৰে আপাৰ চিয়াং জিলা, দক্ষিণে অসমৰ ধেমাজি জিলা, পূবে দিবাং ভেলী জিলা, পশ্চিমে পশ্চিম চিয়াং জিলা৷ ২০১১ চনৰ লোকপিয়ল অনুসৰি জিলাখনৰ জনসংখ্যা আছিল ৯৯,২১৪৷ জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গ কিল'মিটাৰত ২৮৷ শিক্ষিতৰ হাৰ ৭২.৫৪৷ অৰুণাচল প্ৰদেশ পূব লোকসভা সমষ্টিৰ অন্তৰ্গত এই জিলাৰ বিধান সভা সমষ্টি আছিল ৫টা৷ পাংগিন, নাৰি-ক'য়ু, পাচিঘাট ৱে'ষ্ট, পাচিঘাট ইষ্ট আৰু মেব'৷ মহকুমা আছিল ৪টা৷ ব'লেং, ৰুক্‌চিন্‌, নাৰি আৰু মেব'৷

ৰাষ্ট্ৰীয় পিয়লৰ মতে ইষ্ট চিয়াং জিলাৰ অন্তৰ্গত চাৰ্কোলৰ সংখ্যা আছিল ১৫টা৷ বিলাত, ব'লেং, কেবাং, ক'ৰা, কয়ু, মেব', নাম্‌চিং, নাৰি, নিউ চিৰিন, পাংগিন, পাচিঘাট, ৰিব'-পাৰগিং, ৰিগা, ৰুক্‌চিন্‌ আৰু চিল্লে-অ'য়ান৷ জিলাখনৰ মুঠ গাঁৱৰ সংখ্যা আছিল ১৫৩৷ পাচিঘাট চাৰ্কোলতে সবাতোকৈ বেছি ২৭খন গাঁও আছিল৷ শেহতীয়া তথ্য অনুসৰি পূৰ্বতে ইষ্ট চিয়াং জিলাৰ মানচিত্ৰত থকা পাংগিন আৰু ব'লেং এতিয়া নৱগঠিত চেণ্ট্ৰেল চিয়াং জিলাত সোমাইছে৷

আদি জনগোষ্ঠীৰ লোকসকল চেণ্ট্ৰেল চিয়াং জিলাৰ প্ৰধান অধিবাসী৷ তাৰ বাদেও পাচি, পাদাম, মিন্যং, গাল', মিচিমি আৰু মিচিং লোকৰ বাসভূমি এই জিলা৷ তেওঁলোকৰ সিংহভাগেই দঞি-পল'ত বিশ্বাসী৷ অল্পসংখ্যক খ্ৰিষ্টধৰ্মী৷ চ'লুং, ম'পিন, ইটৰ, আৰান আৰু আলি-আয়ে-লৃগাং তেওঁলোকৰ প্ৰধান উৎসৱ৷ ৰামো, পাইলেবু, ব'কাৰ, ব'ৰি, গাল', মিন্যং, পাদাম, পাচি, চিমং, মিচিং, তাগিন, চাৰাক, আপাতানি, নিছি, মিজি, চুলুং এই সকলোখিনিয়েই অৰুণাচলৰ এক বৃহৎ আদি গোষ্ঠীৰ লোক৷ ভাষা-সংস্কৃতিৰ দিশত তেওঁলোকৰ মাজত বহুত মিল দেখা যায়৷

বিদ্যুৎ শক্তি উৎপাদনৰ দিশত এই জিলাখন যথেষ্ট সম্ভাৱনাময়৷ চিয়াং হৈছে জিলাখনৰ প্ৰধান নৈ৷ ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথে পাচিঘাটক বহিঃজগতৰ সৈতে সংযোগ কৰিছে৷ ১৯০ বৰ্গ কিল'মিটাৰ এলেকাৰ দায়িং ইৰিং বন্যপ্ৰাণী অভয়াৰণ্য এই জিলাৰে অন্তৰ্গত৷


দিন আঠ ৷৷ খণ্ড ২



প্ৰদীপদাৰ আগ্ৰহ আৰু নিৰ্দেশক্রমে এঠাইত কমলা টেঙা বিক্রী কৰি থকা জনজাতীয় মহিলা এগৰাকীৰ কাষলৈ সাহাই গাড়ীখন চপাই দিবলগীয়া হ'ল৷ গাড়ীৰ পৰা নামোঁতেই স্বগতোক্তি, 'আৰে, খাই নাচালে কেনেকৈ গম পাম কোন ঠাইৰ কমলাৰ সোৱাদ কেনে?' ঠিকেইতো৷ কমলা এঠোঙা কিনি পুনৰ যাত্ৰা চলিল৷ কেঁকুৰিটোত নমাৰ সুযোগতে ফটো কেইখনমান তুলিলোঁ৷ চৌপাশ আৰু বস্তা এটাত বহি থকা পোহাৰীগৰাকীৰ৷ ৰে'ডী বুলি কওঁতেই মোৰফালে চাই মিঠা হাঁহি এটা মাৰিলে তেওঁ৷ হাঁহিটোৱে জনাই দিলে কিমান সুখী এই সৰলমতীয়া মানুহবোৰ৷ 'সময় কিমান হ'ল বাৰু?' অৰূপদাৰ পৰা জানিব বিচৰাত হাতলৈ চাই ক'লে, '৭ বাজি ২৫ মিনিট গৈছে৷'

সন্মুখৰ ৰাস্তাত পানীৰ ডোঙা৷ যি বুজিছোঁ, এই ৰাস্তা আল'-চিলাপথাৰ ৰ'ডতকৈ কোনোগুণে কম সাংঘাতিক নহ'ব৷ এইফালেদিয়েই আল'লৈ পাচিঘাট হৈ দিবা-নৈশ বাছ চলাচল কৰে! ৰঙা খ্ৰিষ্টমাছ ট্ৰী, গছে গছে ওলমি থকা হালধীয়া সুমথিৰা আৰু বগা কাঞ্চন ফুলে এইবাৰ আমাৰ লগ নেৰা হ'ল৷ তাৰ পাছতে দেখা দিলে কলগছ আৰু তালগছৰ লানি৷ ৰঙানদীৰ পাৰেৰে জিৰোলৈ যাওঁতে য়াশ্বুলিৰ ওচৰে-পাজৰে মনত ৰৈ যোৱাকৈ পাইছিলোঁ কাঞ্চনৰ আধিক্য৷ পাত দেখা নোপোৱাকৈ ফুলিছিল বগা ফুলবোৰ৷ জিৰো পাৰ হৈ ডাপ'ৰিজ'লৈ আগুৱাওঁতে পাইছিলোঁ খ্ৰিষ্টমাছ ট্ৰী, Poinsettia৷ সেইডোখৰত আকৌ পাত নেদেখাকৈ ৰঙা ফুল৷ বিপুল প্ৰাকৃতিক বৈভৱৰ ভাণ্ডাৰ এই অৰুণাচল প্ৰদেশ৷ কিমান মহামূল্যৱান আৰু দুৰ্লভ সম্পদযে আজিৰ তাৰিখতো কোনেও নজনাকৈ লুকাই আছে ইয়াৰ বুকুত! সৌন্দৰ্য উপভোগ কৰি একঘেয়ামি জীৱনৰ পৰা ক্ষণিক নিলগত থকাৰ সুবিধাও ইয়াত প্ৰচুৰ৷ ৰাস্তা ঠেক আৰু পকোৱা হ'ব পাৰে, মনবোৰ সৰল আৰু বহল৷ শেহতীয়া উদাহৰণ গেবু চোনাহঁত৷


আগত ৰাস্তাটো দুভাগ হ'ল৷ আমি সোঁৱে ঘূৰি দিলোঁ৷ পোনে পোনে ইংকিয়ঙলৈ যায়৷ আল'ৰ পৰা এইটো বাটেৰে ইংকিয়ঙৰ দূৰত্ব ১১৮ কিল'মিটাৰ৷ চিয়মখন পাৰ হৈ তালৈ যাওঁতে সময় ৫ ঘণ্টামানেই লাগি যায় বুলি শুনিছোঁ৷ যোৱা হোৱা নাই৷ যোৱাৰ কল্পনা আছে, পৰিকল্পনা নাই হোৱা৷ সদ্যহতে আমাৰ আগত বেগিং৷ পাচিঘাটৰ পৰাও পোনে পােনে ইংকিয়ঙলৈ যাব পাৰি৷ কম্‌চিং হৈ ১৮০ কিল'মিটাৰ দূৰ৷ কোনোবাই কোৱা শুনিছোঁ, বতাহত এয়া মাথোন ৩০ কিল'মিটাৰমানহে হেনো! সঁচা-মিছা নাজানো৷ মেপ অধ্যয়ন কৰি দেখিছোঁ, আল' আৰু পাচিঘাটৰ পৰা যোৱা দুয়োটা ৰাস্তা ব'লেঙত একত্ৰিত হৈছে৷ ইংকিয়ঙৰ পৰা জেংগিঙলৈ গান্ধীঘাটেৰে চিয়াং নৈ পাৰ হৈ বাওঁ পাৰে পাৰে টুটিঙলৈ যায়৷ দূৰত্ব ১৫৫ কিল'মিটাৰ৷ আল' বা পাচিঘাটৰ পৰা তালৈ পোনে পোনে যাওঁ বুলি ভাবিলে ইংকিয়ঙলৈ নগ'লেও হয়৷ সিদিনা মেন্‌-চু-খাৰ জি.টি.এল.ত লগ পোৱা ইংকিয়ঙৰ দলটোলৈ মনত পৰিল৷ মুকলি চোতালখনত জুইৰ কাষত বহি খুব গান গাইছিল তেওঁলোকে৷ স্ফূৰ্তিবাজ মানুহ৷ যান্ত্ৰিকতাৰ পৰা আঁতৰি নিজকে প্ৰকৃতিৰ বুকুত বিলীন কৰি দিবলৈ সদা-প্ৰস্তুত৷ উপাদানৰো অভাৱ নাই অৰুণাচলত৷ সিয়েই বাৰে বাৰে মোৰ মনটোকো টানি লৈ যায়৷

টুটিঙৰ পৰা ৩০ কিল'মিটাৰ আগত গেলিং, যিফালেৰে চাংপোৱে চিয়াং নাম লৈ ভাৰতত প্ৰৱেশ কৰিছে৷ বনাৰ পৰা তালৈ প্ৰায় ১১ কিল'মিটাৰ বাকী থাকে৷ চিয়াঙৰ সেই অপূৰ্ব ৰূপ স্বচক্ষে দৰ্শন কৰাৰ প্ৰচণ্ড হাবিয়াহ এটা মোৰ মন-মগজুত আগৰে পৰাই সংগোপনে জাগ্ৰত হৈ আছে৷ একেবাৰে Burning desire৷ য'তে যেনেকৈ যিমান পাৰোঁ তথ্য সংগ্ৰহ কৰাৰ প্ৰক্ৰিয়া উত্তৰ-পূবৰ অন্তিম পূবত অৱস্থিত চীন-ভাৰত সীমান্তৰ শেষ গাঁও কাহোৰ পৰা উভতি অহাৰ পাছৰে পৰাই জাৰি ৰাখিছোঁ৷ কালি মেন্‌-চু-খাত কফী টেবুল বুকখনত দেখা পায়ে গো-গ্ৰাসে বুটলি লৈছোঁ টুটিঙৰ তথ্য৷ মেন্‌-চু-খাৰ ক্ষুধা নিবাৰণৰ পাছত এদিন কোনোবা মুহূৰ্তত ঘপহ্‌কৈ ওলামগৈ টুটিং, গেলিং ভিলেজ৷ টুটিং মনাচটাৰী চাম, 'জাম্পা'ৰে পাৰ হ'ম চিয়াং, ট্ৰেকিং কৰিম বিশ্বিং জলপ্ৰপাত আৰু কাপাংলা গিৰিপথলৈ৷ লগত কোন কোন থাকিব নাজানো৷ শেষ কথা এইটোৱেই যে চিয়াং অৰ্থাৎ আমাৰ মহাবাহু ব্ৰহ্মপুত্ৰখনৰ ভাৰত সীমান্তৰ সেই আগলি অংশটো নোচোৱাকৈ মৰিব নোখোজোঁ৷


আমাৰ সোঁহাতে দণ্ডায়মান অৱস্থাত Welcome to Pangin Town বুলি লেখা চাইনব'ৰ্ড এখন ওলাল৷ আল'ৰ পৰা পাংগিনলৈ ৩০ কিল'মিটাৰ৷ সমুদ্ৰ পিঠিৰ পৰা ঠাইটুকুৰাৰ উচ্চতা ৩৯৭ মিটাৰ৷ নীলা পানীৰে পশ্চিমফালৰ পৰা বৈ অহা ডাঙৰ উপনৈ চিয়মখন এই ঠাইতে সেউজীয়া পানীৰ ডাঙৰ নৈ চিয়াঙত পৰিছে৷ ব্ৰহ্মপুত্ৰৰ অগ্ৰভাগৰ এইখিনিৰ মোহনীয় ৰূপ আৰু দুই নৈৰ বোঁৱতী পানীৰ পৃথক বৰণে পৰ্যটকক সততে বিস্মিত, শিহৰিত কৰে বুলি ট্ৰেভেলগত পঢ়িছোঁ৷ নদীৰ এনে বৰণক লৈ হেনো স্থানীয় লোক-সমাজত কল্প-কাহিনীও আছে৷ সেই কাহিনীবোৰ কেনে? আজিও নাজানো৷ চিয়মৰ ওপৰত সজা পাংগিন ব্ৰীজৰ ওপৰেদিয়েই পাচিঘাট-ইংকিয়ং ৰাস্তাটো গৈছে৷ আজি আমাৰ লক্ষ্য অৱশ্যে ইংকিয়ং নহয়, পাচিঘাটহে৷


চীন-ভাৰত সীমান্তৰ ল'লা গিৰিপথৰ পৰা ওলাই মেন্‌-চু-খা উপত্যকা পাৰ হোৱাৰ পাছত 
আমি আগলি দেখি অহা চিয়ম নৈখন এটা অত্যন্ত দুৰ্গম অঞ্চলৰ মাজেদি পাৰ হৈ থুম্‌বিন্‌ নামৰ ঠাইত ওলাইছিল৷ নদীৰ সিপাৰে দুপু, বিলে, পাউম আদি৷ তাৰ পাছত কিছু শান্ত গতিৰে বৈ আহিছে৷ ভালেখিনি অংশ এই যাত্ৰাত আমি একাদিক্ৰমে প্ৰত্যক্ষ কৰিবলৈ পালোঁ৷ এনেকৈয়ে প্ৰায় ২৫০ কিল'মিটাৰ মেম্বা, ৰামো, পাইলেবু, ব'কাৰ, ব'ৰি আৰু গাল' জনজাতীয় অঞ্চলৰ মাজেদি বাগৰি পাংগিনতে চিয়াঙত মিলিত হৈছে৷ পূৰ্বাংশত মেম্বা জনবসতি অঞ্চল পৰ্যন্ত নৈখনৰ নাম য়াৰগ্যাপ্‌ চু৷ তাৰ পাছত য়মগ৷ পাছত চিয়ম৷ একেটা জলধাৰাৰ তিনি ঠাইত তিনিটা নাম! পাংগিনৰ আগলৈ গাল'সকলৰ বাসভূমি৷ চিয়মখনেই গাল' জনজাতিৰ উত্তৰ সীমা৷ দক্ষিণে তেওঁলোকে অসম-অৰুণাচল সীমান্তৰ লিকাবালি পৰ্যন্ত প্ৰায় ১৫০ কিল'মিটাৰ জুৰি আছে৷ পশ্চিমে তাগিনসকলৰ বাসভূমিলৈকে প্ৰায় ১৫০ কিল'মিটাৰ অঞ্চলত গাল' জনজাতিৰ লোকে বসতি কৰে৷ পাংগিনৰ পৰা পাচিঘাট পৰ্যন্ত বসবাস কৰা লোকসকল মিন্যং জনজাতিৰ৷ পাচিঘাটলৈ ইয়াৰ পৰা ৭৬ কিল'মিটাৰ৷

চিয়মৰ পাৰে পাৰে আহি থাকোঁতে আমাৰ চালক বাসুদেব সাহাই পিকনিক স্পট কিছুমান আঙুলিয়াই দেখুৱাই গৈছিল, ড্ৰাইভিং চিটৰ পৰাই৷ এনেকুৱা নৈসৰ্গিক শোভাৰ মাজত যিকোনোজনেই অনায়াসে নিজকে বিলীন কৰি দিব পাৰে৷ অনন্যসুন্দৰ এই সৌন্দৰ্যথলীবোৰৰ সংৰক্ষণ তথা সুৰক্ষাৰ্থে প্ৰতিখন বনভোজস্থলীতে কিছুমান নীতি-নিৰ্দেশনা, বিশৃংখল মানুহক নাকী লগাবলৈ কেতবোৰ নিয়ম-নিষেধাজ্ঞা থকাটো আজি সময়ৰ আহ্বান হৈ পৰিছে যাতে পেলনীয়া সামগ্ৰী যেনি-তেনি দলিয়াই বা য'তে-ত'তে এৰি থৈ কোনেও প্ৰাকৃতিক পৰিৱেশ বা পাৰিপাৰ্শ্বিক অৱস্থা বিনষ্ট কৰিব নোৱাৰে৷ এই ক্ষেত্ৰত আমাৰ চুবুৰীয়া ৰাজ্য মেঘালয়ে গ্ৰহণ কৰা পদক্ষেপ নিশ্চয় শলাগিবলগীয়া আৰু অনুকৰণ কৰিবলগীয়া৷ সকলোৱেই জনা উচিত যে 
বনভোজস্থলী মানেই একো একোটা পৰ্যটনস্থলী৷


দিন আঠ (২.১২.২০১৬, শুক্ৰবাৰ) ৷৷ খণ্ড ১

হোটেল আল'ৰ ফেমিলী ৰূমত এক পৰিয়াল এক দল ভাবনাৰে নিশাটো সুখেৰেই পাৰ হ'ল৷ পুৱা সোনকালতে মোৰ 'ঢালাই বিছনা' সামৰি য'ৰ বস্তু ত'ত থ'লোঁ আৰু গা-পা ধুই আজৰি হৈ ল'লোঁ৷ দীপকদাক ক'লোঁ, 'দাদা আপুনি মিছাতে উঠিব নালাগে, শুই থাকক৷' অন্য কোঠাত থকা বাকী তিনিজনকো নজগালোঁ৷ পথশ্ৰান্তিত টোপনি তেওঁলোকৰো গধুৰ হৈ পৰাটোৱে স্বাভাৱিক৷ গতিকে কালি ৰাতি শোৱাৰ আগতেই মাত লগোৱা হৈছিল পৰৱৰ্তী যাত্ৰাত একত্ৰিত হোৱাৰ আশাৰে৷ জয়ন্তদাই কেনেবাকৈ আমি ওলোৱা গম পালে৷ দৰজা খুলি বিদায় জনালে৷

আগনিশা নিৰ্দিষ্ট কৰা মতেই পুৱা ৬.০০ বজাত হোটেলৰ পৰা নামি আহি কে.ইউ.ভি.খনত বহিছোঁ৷ সাহাই গাড়ীখন ধুই-ধাই চিক্‌চিকীয়া কৰি লৈছে৷ নিজেও সাজি-কাচি ওলাইছে৷ ঘৰ পাবগৈযে!  অলপ পাছতে ইঞ্জিন ষ্টাৰ্ট দিলে৷ যাত্ৰী প্ৰদীপদা, অৰূপদা আৰু মই৷ লক্ষ্যস্থান ব্ৰহ্মপুত্ৰৰ ঘাট, চিলাপথাৰ৷ 'কিমান দূৰ হ'ব?' চালকজনক এইবুলি সোধাত ক'লে, '২২০-২২৫ কিল'মিটাৰ হৈ যাব ইয়াৰ পৰা৷'


যাত্ৰাৰ আৰম্ভণিতেই অথন্তৰ এটা ঘটিল৷ হোটেলৰ পৰা ওলাই বাঁওহাতে মেন্‌-চু-খাৰ দিশে গাড়ীখন চলিব ধৰিলে৷ পি. আই. ক'লনী পালোঁগৈ৷ হতভম্ব হৈ ড্ৰাইভাৰক প্ৰশ্ন কৰিলোঁ, 'ক'লৈ নি আছে বাৰু আপুনি?' তেওঁ গহীনাই ক'লে, 'চিলাপথাৰ৷' 'আমি এইবাটে নাযাওঁ নহয়, পাচিঘাট হৈহে যাম৷' কথাটো বুজি পাই হাইৱে'ৰ ওপৰতে তৎক্ষণাৎ গাড়ীখন ঘূৰাই ল'লে চালক বাসুদেব সাহাই৷ ঘৰ পোৱাৰ স্ফূৰ্তিতে এনেখন হৈ গ'ল চাগৈ! ইফালে মোৰ মূৰত পাকঘূৰণি খাব ধৰিছে নতুন এড্‌ভেন্‌চাৰৰ জল্পনা-কল্পনা৷ তাকে লৈ দেহ-মন উত্তেজিত হৈ আছে৷

পুনৰবাৰ আল' চহৰলৈ সোমাই আহি আৱৰ্ত ভৱনৰ তলৰ ৰাস্তাটোৰে গাড়ী আগ বাঢ়িল৷ অকণমান আগত এছ.বি.আই.ৰ সমীপত ইণ্ডিয়ান অয়লৰ ফুৱেল ৰিফিলিং ষ্টেচন এটা আছে৷ তাতে টেংকি ভৰ্তি কৰি ইন্ধন ভৰাই লোৱা হ'ল৷ বিপৰীত পাৰে পথৰ দাঁতিত বিক্ৰী কৰি থকা পুৰী-তৰকাৰি, গৰম চাহেৰে চাৰিওজনে পেট পূজাকণো কৰি ল'লোঁ৷ আমাৰ তিনিজনীয়া নতুন কমিটিৰ ধনভঁৰালী প্ৰদীপদাই বিল পৰিশোধ কৰিলে৷ হিচাপ ৰক্ষকৰ দায়িত্ব পালন কৰি মই টোকাবহীত লিখিলোঁ... আল'ত পে'ট্ৰল কিনাৰ বাবদ ১,০০০ টকা, ব্ৰেকফাষ্ট খোৱাৰ নামত ৮০ টকা, পানীৰ বটল ৬০ টকা৷

চহৰখনত ৰাস্তা বহল কৰাৰ কাম চলি আছে৷ সেয়েহে চৌপাশে ধূলিৰ আস্তৰণ৷ এতিয়া পুৱাবেলা বুলিহে ৰক্ষা৷ কাম-কাজবোৰ ঠিকে-ঠাকে চলিলে এক-ডেৰ বছৰৰ ভিতৰত ঠাইটুকুৰা চমকি উঠিব৷ দোকান-পোহাৰবিলাক মূল পথটোৰ পৰা ভালেখিনি আঁতৰাই ৰখা হৈছে৷ পুৰণি নগৰীখনে নব্য ৰূপ পাবলৈ গৈ আছে৷ আশা কৰিছোঁ, সেই ৰূপ চাবলৈ ভৱিষ্যতে আকৌ আহিম আল'লৈ৷

গাড়ী আৰু মানুহৰ খাদ্যৰ জঞ্জাল মাৰোঁ মানে ৪০ মিনিটমানেই ব্যয় হ'ল৷ তাৰ পাছতে প্ৰকাণ্ড দেৱাল এখনৰ কাষেৰে ধীৰ গতিত পাৰ হ'লোঁ৷ বেৰৰ ভিতৰত আল'ত থকা Advanced Landing Ground৷ ভাৰতীয় বায়ু সেনাৰ এই এয়াৰ ষ্ট্ৰীপটো মাৰ্চ মাহত মুকলি কৰা হৈছে৷ নিউ মাৰ্কেটৰ এ.এল.জি. এৰিয়াত নানাহঁতৰ হোটেল লল্লেন আৰু ৰেস্তোৰাঁ মেন্‌-চু-খা অৱস্থিত বুলি তাই মেন্‌-চু-খাতে মোক কৈছিল৷ চাই চাই আহিছিলোঁ যদিও চকুতেই নপৰিল৷ ৰাস্তাৰ কাষত নহয় চাগৈ৷

ৰাস্তাৰ বাঁওফালে এতিয়া চিয়মখন বৈ আছে৷ চিয়মৰ পাৰে পাৰে আমাৰ ৰঙা গাড়ী আগ বাঢ়িছে৷ ৰাস্তাটো ঠেক৷ ঠায়ে ঠায়ে ভগা-ছিগা৷ প্ৰদীপদা আগত বহিছে৷ অৰূপদা আৰু মই পাছৰ চিটত, আৰামকৈ৷ অকস্মাতে কিহৰ আনন্দ লাগিল বা, অৰূপদাৰ গান শুনাৰ ইচ্ছা জাগিল৷ সাহাৰ পে'ন ড্ৰাইভ্‌টোত থকাকেইটা ইতিমধ্যে কণ্ঠস্থ হৈ গৈছে৷ মোৰ ম'বাইল ফোনটোত নিৰ্বাচিত গীত এগালমান আছে৷ ডাঙৰকৈ বজাই দিয়া হ'ল৷ খিৰিকীৰ আইনাখন আধালৈকে নমাই লৈছোঁ৷ ঠাণ্ডা লাগিলেও বাটৰ সৌন্দৰ্য নোচোৱাকৈ এৰিব নোৱাৰি৷ বহি থকা অৱস্থাৰ পৰাই য'তে যেনিয়ে মন গৈছে দৃশ্যৰাজি ক্লিক্‌ কৰি গৈছোঁ৷