Monday, 30 October 2017

দিন তিনি  ৷৷ খণ্ড ১১

গেবু-নানাৰ তিনিজনীকৈ ছোৱালী, এটা লৰা৷ সিহঁতে আলত হোষ্টেলত থাকি পঢ়া-শুনা কৰি আছে৷ আছুতীয়া সাক্ষাৎকাৰত অনুচ্ছ স্বৰত নানাই মোক কলে ৰা-ছোৱালীৰ বাবে বহুত খৰচ লাগে চাৰ৷ আমি এনেকৈয়ে কষ্ট কৰি জীৱন আৰু জীৱিকাৰ সংগ্ৰাম এখন চলাই আছোঁ চাৰ৷' অৰুণাচলী জনগোষ্ঠীবিলাকৰ মাজত দেখা যায়, মাতৃ-জাতি তুলনামূলকভাৱে অধিক কৰ্মঠ৷ মই যলৈকে গৈছোঁ ততেই এইটো লক্ষ্য কৰিছোঁ৷ ইয়াতো একেই দেখিছোঁ৷ মাতৃ-জাতিয়ে গুৰিবঠা ধৰা সমাজ এখন সুন্দৰভাৱে পৰিচালিত হয় বুলি মোৰ বিশ্বাস৷ ইফালে নানাই কথাইপতি মোক চাৰ চাৰ বুলি সম্বোধন কৰাটো মই মন কৰি আছোঁ৷ কথাটো মোৰ সমূলি ভাল লগা নাই৷ মইনো কিহৰ চাৰডাল? একোবত কৈয়েই পেলালোঁ মোক আপুনি চাৰ নকব দেই৷ মোৰ নাম আব্দুছ ছাজিদ৷ ছাজিদ ক'লেও হ'ব৷ নাম ক'বলৈ বেয়া পালে ভাই নহলে ককাই যি মন যায় মাতিব৷ বাৰু কওকচোন, আপোনালোকৰ দোৱানত এই দুটা শব্দক কি বুলি কয়? অভাবনীয় বাক্যকেইটা শুনি তাইৰ খকামকা লাগিল৷ ইয়াৰ পাছৰ পৰা অৱশ্যে ভাইয়া, মাজে মাজে দাদা বুলিবলৈ ললে৷ সম্পৰ্কটোও যেন সাময়িকৰ পৰিৱৰ্তে অধিক অন্তৰংগ হ'বলৈ ল'লে! হ'ম ষ্টে' কৰিছোঁ যেতিয়া আমি এতিয়া একেখন ঘৰৰে সদস্য হৈ পৰিছোঁ৷ বাহিৰে-ভিতৰে বাধাহীন বিচৰণ৷

বিভিন্ন কথাৰে আমাৰ আলোচনাথলী ৰসাল হৈ উঠিছে৷ মেন্‌-চু-খাৰ পৰা আৰম্ভ কৰি পৃথিৱীৰ বিভিন্ন ঠাইৰ বিষয়ে ওলাইছে৷ মূল প্ৰসংগ অৱশ্যে টুৰিজিম্‌৷ ইফালে ইংকিয়ঙৰ দলটোৱে মুকলি আকাশৰ তলত ধৰা জুইকুৰাৰ চৌপাশে বহি উদাত্ত কণ্ঠে ডক্টৰ ভূপেন হাজৰিকাৰ গীত জুৰিছে৷ 'মানুহে মানুহৰ বাবে', 'বুকু হম হম কৰে', 'চিয়াঙৰে গালং' ইত্যাদি ইত্যাদি৷ আমি ইয়াৰ পৰাই শুনা পাই আছোঁ৷ ৰৈ থাকিব নোৱাৰি খিৰিকী এখন মেলি বহিঃ পৰিস্থিতি চালোঁগৈও এবাৰ৷ 'চিয়াঙৰে গালং লোহিতৰে খামতি' শুনিলেই মোৰ মন কমোৱা তুলা হৈ উৰে অৰুণাচলৰ শিখৰে শিখৰে৷ ভূপেন হাজৰিকাৰ কালজয়ী গীতেৰে পৰিৱেশটো এতিয়া অনন্য ধৰণে উপভোগ্য হৈ উঠিছে৷ সঁচা অৰ্থত স্ফূৰ্তি কৰিব জনা মানুহে এনেকৈয়ে জীৱনৰ আপুৰুগীয়া সময়বোৰ সজীৱ আৰু আনন্দমধুৰ কৰি তোলে; সুযোগ পালেই নিজৰ হৃদয় সুখবাষ্পৰে ফুলাই লয়, আনকো সুখী কৰে৷ অসন্তুষ্টি, অভিযোগ, অৰ্থহীন সমালোচনা আদিৰ পৰা তেওঁলোক শতযোজন নিলগত৷ চিন্তাধাৰা সদায়েই যোগাত্মক আৰু আশাবাদী৷ ভাল লাগে বাটে-পথে পোৱা এনেকুৱা দুঃসাহসী ভ্ৰমণকাৰী মানুহবোৰ৷

আমি পাকঘৰত জুইৰ গুৰিত বহি থাকোঁতেই বিদেশী লোক এজনৰ আগমন ঘটিল৷ নানা, নানা বুলি চিঞৰি গেবু-পত্নীৰ আগত তেওঁ ডিনাৰ খোৱাৰ ইচ্ছা প্ৰকাশ কৰিলে৷ ঠাণ্ডা লাগি মানুহজনৰ মাতটো তেনেই বহি গৈছে৷ সেয়েহে জোৰ দিবলগীয়া হৈছে৷ নানাই তেওঁৰ বাবে খাদ্য সজালে৷ আমাৰ দুই-একক তেওঁক সংগ দিবলৈকো আৱেদন জনালে৷ কেইজনমানে গৃহস্থনীৰ অনুৰোধ ৰক্ষা কৰিলেগৈ৷ মই পৰৱৰ্তী খেপলৈ ৰ'লোঁ৷ ডাইনিং টেবুলত একান্তমনে নিশাৰ আহাৰ সমাপ্ত কৰি মানুহজন মোৰ কাষতে চোফাত হেলান দি বহিল৷

প্ৰথমে দৃষ্টি বিনিময়৷ সামান্য হাঁহি, হেণ্ডশ্বেক আৰু তাৰ পাছত পৰিচয় বিনিময় ঘটিল আমাৰ মাজত৷ মই মোৰ ভিজিটিং কাৰ্ড এখন সসন্মানে তেওঁলৈ আগুৱাই দিলোঁ৷ হাইপাৱাৰ চশমাখনৰ মাজেৰে খুব মনোযোগেৰে চালে মানুহজনে৷ সুধিবলগীয়াখিনি সুধিলে মৃদু স্বৰত৷ তেওঁৰ কাৰ্ড নাই৷ কোনো কথা নাই৷ শৰীৰৰ ভাষাৰ পৰা সমস্যাটো মুহূৰ্ততে বুজি পায়ে লগত থকা পকেট নোটবুকখন আৰু কলমটো তুৰন্তে তেওঁলৈ আগ বঢ়াই দিলোঁ৷ তেওঁ নিজৰ নাম-ঠিকনা, ফোন নম্বৰ, ই-মেইল এড্ৰেছ্‌ লিখিলে৷ আখৰ পঢ়ি গম পালোঁ যে তেওঁৰ নাম Zarko Vodinelio, ক্রৱেচিয়াৰ নাগৰিক, অৱসৰপ্ৰাপ্ত সাংবাদিক৷ বৰ্তমান লণ্ডনত থাকে৷ বয়স ৬১ বছৰ বুলি গৰ্বেৰে জনালে৷ মোকো প্ৰশ্ন কৰিলে, 'কিমান হ'ল?' আল'ৰ পৰা কালি তেওঁ টাটা ছুম'ত আহিছে৷ মই সুধিলোঁ, 'ভাড়া কিমান ল'লে?' '৪৫০ টকা ল'লে৷' মই ঠিকেই আছে বোলাত মূৰ দুপিওৱাৰ লগতে হাঁহিলে৷ সন্তুষ্টিৰ হাঁহি এয়া৷ ভাৰতৰ বিভিন্ন প্ৰান্তত কি বিদেশী, কি দেশী যিকোনো পৰ্যটককে ঠগাৰ কাৰবাৰ কিছুমান চলে এচাম প্ৰবঞ্চকৰ দ্বাৰা৷ অনেকৰে জীৱনত তেনেকুৱা তিতা অভিজ্ঞতা নথকা নহয়৷ এইফালে তদনুৰূপ প্ৰেকটিচ নাই বুলি মােৰ দৃঢ়বিশ্বাস আছিল৷ সেই বিশ্বাস সঁচা প্ৰমাণিত হোৱাত তেওঁৰ লগতে ময়ো হাঁহিলোঁ৷ উৎসাহ আৰু সন্তুষ্টিৰ হাঁহি৷

Zarkoই ইয়াত খুব ঠাণ্ডা পাইছে৷ মেন্‌-চু-খাৰ অচিনাকি শীতে মানুহজনৰ শব্দযন্ত্ৰ তেনেই নিশকতীয়া কৰি পেলাইছে৷ তৎসত্ত্বেও ভ্ৰমণকাৰীৰ পাৰস্পৰিক মিলনৰ উৎসাহতে তেনেকৈয়ে কিছু কথা পতা হল৷ স্বদেশৰ নামটো ক্ৰৱেচিয়া বোলাৰ লগে লগেই সেই দেশৰ সৰ্বকালৰ শ্ৰেষ্ঠ ষ্ট্ৰাইকাৰ ডেভৰ শ্বুকাৰ আৰু বৰ্তমান এফ.চি. বাৰ্চিলোনাৰ মিডফিল্ডাৰ আইভান ৰাকিটিকৰ চেহেৰা মোৰ মনলৈ উৰি আহিছিল৷ দবা খেলা ব'ৰ্ডৰ ঘৰবোৰৰ অনুৰূপ সাজোনৰ ৰঙা-বগা জাৰ্চী জাতীয় দলৰ৷ কিন্তু কথা বেছি পাতিলে কষ্ট পাব বুলি ফুটবলৰ প্ৰসংগ মন থাকিলেও একো নুলিয়ালোঁ৷ ঠাণ্ডা পানী নাখাবলৈ সকীয়ালোঁ তেওঁক৷ নিজৰ যত্ন লবলৈও কলোঁ৷ আৰু কলোঁ কিবা সমস্যা হলে তৎক্ষণাৎ যাতে জনায়৷ লুক-ঢাক কৰিব নালাগে৷ নহলে হিতে বিপৰীত হব পাৰে৷ মোৰ ৰূম নম্বৰ ২০১৷' কথা শুনি মৰম লগাকৈ হাঁহিলে তেওঁ৷ মোৰ গাত খামুচি ধৰি কৃতজ্ঞতাও প্ৰকাশ কৰিলে৷ তাৰ পাছত নানাক খুজি গৰম পানী এগিলাচ লৈ পুৱা লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায় মাগিলে৷ দৰজামুখ পাওঁতে সোঁহাতখন ওপৰলৈ দাঙি ক'লে, 'গুড নাইট৷' ভাল লাগিল পূব ইউৰোপৰ সমুদ্ৰ তীৰৰ বৰ্ষীয়ান ক্ৰ'ৱেটছজনক৷ এই বয়সতো ঘূৰি ফুৰিছে! বিদেশৰাষ্ট্ৰ ভাৰতবৰ্ষ আহি পাইছে৷ তাৰো আকৌ তেনেই এমূৰীয়া অৰুণাচল প্ৰদেশ, এইহেন ঘোঁকটৰ মেন্‌-চু-খা পালেহি৷ তাকো অকলে অকলে! কিহৰ তাড়নাত? কেনেকৈ পাৰে এই মানুহবোৰে? চিন্তা কৰি ৰ'লোঁ৷

মেন্‌-চু-খাই, জি.টি.এল. হ'মষ্টে'ই ইয়াত থিতাপি লোৱা মানুহবোৰক যেন এক ধ্যান, এক প্ৰাণ, এক সৌন্দৰ্য ভাবনাৰে আপোন কৰি তুলিছে! পৰ্যটন আৰু পৰ্যটকৰ বিশেষত্ব এইবোৰেই৷ এসময়ত আমি ৰৈ যোৱা কেইজনে নিশাৰ আহাৰ খালোঁ৷ ভাত, দাইল, ভাজি, শাক সিদ্ধ, পাপৰ, আচাৰ আদিৰে আয়োজনটো বেচ সুন্দৰ হৈছিল৷ মই এনেয়েও কম খোৱা মানুহ৷ প্ৰয়োজনতকৈ অকণো বেছি অাহাৰ নাখাই, শাৰীৰিক আৰু মানসিকভাৱে সকলো সময়তে সক্ৰিয় হৈ থকাটোকে বিচাৰোঁ৷ ডাক্তৰ আৰু দৰৱৰ লগত মিতিৰালি নাই৷ খাদ্য খোৱাৰ পাছত আকৌ কিছুপৰ বহিলোঁ৷ দিনটোৰ ভাগৰক নিয়ন্ত্ৰণাধীন কৰিব নোৱাৰি সংগীসৱ এজন-দুজনকৈ বিছনালৈ গ'ল৷ কাম-কাজ সামৰি গেবু, নানা, ৰূপা, চাংগেও বহিল৷ মোৰ নিৰামিষাহাৰী চৰিত্ৰটো এইবাৰ ইহঁতৰ কৌতূহলৰ বিষয় হৈ পৰিল৷ তেনেই ঘৰুৱা আন্তৰিকতাৰে অনেকপৰ কথা চোবোৱাৰ অন্তত গা-হাত সেকি, এসময়ত আড্ডা সামৰি ময়ো নিজৰ কোঠাত সোমালোঁহি৷

শোৱা ঠাইডোখৰ ঠিক-ঠাক কৰি আছোঁ৷ অনুভৱ হল, মেন্‌-চু-খাত সফলতাৰে পদাৰ্পণ কৰাৰ সুবাদত দেহ-মন-আত্মা আটাইবোৰ দেখোন অতিমাত্ৰা আনন্দৰে পৰিপূৰ্ণ হৈ পৰিছে! তাক্‌চিঙৰ পৰা আহি থাকোঁতে ট্ৰেইনতে জয়ন্তদাই ঘোষণা কৰি দিছিল জুলাইত ঝুক ভেলী, নৱেম্বৰত মেন্‌-চু-খা৷ ভবামতেই জুলাইত মণিপুৰ-নগালেণ্ড সীমান্তৰ ঝুক ভেলী পালোঁগৈ৷ নৱেম্বৰত আজি এয়া অৰুণাচলৰ মেন্‌-চু-খাত, ভাৰত-চীন আন্তৰ্জাতিক সীমাৰেখাৰ সমীপত উপস্থিত হৈছোঁ৷ আশা কৰামতেই ভালে ভালে আহি পালোঁ৷ স্বৰ্গীয় সুষমাৰে আৱৰা মেন্‌-চু-খাৰ শীতল কোলাত সোঁশৰীৰে আশ্ৰয়প্ৰাৰ্থী হৈ আছোঁ এতিয়া৷ ঠিকনা জি.টি.এল. হ'মষ্টে'৷

বেৰৰ কাষলৈ ঠাই দখল কৰি দীপকদা আগতেই শুই পৰিছে৷ কুমাৰী প্ৰকৃতিৰ নয়নাভিৰাম ৰূপে মোহাৱিষ্ট কৰাৰ উপৰি একা-বেঁকা পাৰ্বত্য পথে ভীষণ ভাগৰুৱা কৰি পেলাইছে চাগৈ৷ ডাঠ তোছকৰ ওপৰত হালধীয়া শ্লীপিং বেগ! তাৰ মাজত সোমাই থকা দীৰ্ঘকায়াৰ মানুহজনৰ মূৰটো পিছফালৰ পৰা দেখি হাঁহি উঠি গ'ল মোৰ৷ মৃদুসুৰীয়া নাসিকা-সংগীতো আৰম্ভ হৈ গৈছে৷ তাকে কেন্দ্ৰ কৰি ক্ষন্তেকৰ বাবে চিন্তাতেই পৰিলোঁ৷ দেখিছোঁ এইবিধে সতকাই লগ নেৰিছে মোক৷ খনমাৰ Dovipie Innত সেই ৰাতি সুবীৰ, ঝুক' ভেলীৰ ভি.আই.পি. গে'ষ্ট হাউচত সুবীৰ-অৰুণদা একেলগে৷ যোৱা নিশা আল'ত অৰূপদা আৰু প্ৰদীপদা যুটীয়াভাৱে৷ এতিয়া দীপকদাও! সংগী যিয়েই নহওক, সকলোৰে দেখোন মিউজিক চিষ্টেম চালু হৈ যায় বিছনাত গা এৰি দিয়াৰ পাছতে! দৰৱ নোহোৱা বেমাৰ৷ দীপকদাৰ ফালে চালোঁ এবাৰ৷ তেওঁ মুঠেই ক'ব নোৱাৰে৷ সি যি কি নহওক, শুবতো লাগিবই ময়ো৷ ঊলৰ টুপীটোৰে কাণ দুখন ভালকৈ ঢাকি ললোঁ৷ গায়ে-মূৰে জাপি লোৱা দুখনকৈ ধুনীয়া আৰু নোমাল কম্বলৰ উমত সুখৰ টোপনিত সোনকালেই বুৰ গলোঁগৈ৷


দিন তিনি  ৷৷ খণ্ড ১০

সন্ধিয়াৰ পাছতে এবাৰ বাহিৰখন চোৱাৰ প্ৰৱণতা জাগি উঠিল৷ অৰূপদা, প্ৰদীপদা আৰু মই ওলাই গলোঁ৷ নতুন ঠাই যদিও কোনো চিন্তা বা সমীহ কৰিবলগীয়া একো নাই৷ গেবুক সোধাত আৰাম্‌চে যা সক্‌তা হ্যায় বুলি উদ্‌গণি দিলে৷ খোজেৰে গৈ আমি মেন্‌-চু-খাৰ দোকান-বজাৰ চালোঁ৷ জোতা, জেকেট, চুৱেটাৰ আদি কৰি গৰম কাপোৰেৰে দোকানবোৰ ঠাহ খাই আছে৷ ক্রেতা তেনেকৈ নাই৷ ইয়াত উপলব্ধ হস্তশিল্পজাত সামগ্ৰীৰ ভিতৰত বাঁহ-বেতেৰে থলুৱাভাৱে নিৰ্মিত বাস্কেট, টুপী, চকী, মেজ, মুঢ়া, ৰেক্‌, ট্ৰে আদি; কাঠত কাটি উলিওৱা মানৱ আকৃতি, পুতলা, জন্তু আদি; তিব্বেতান থাংকা পেইণ্টিং, তিব্বেতান শ্বল উল্লেখযোগ্য৷

চহৰৰ মাজ-মজিয়াত থকা ভাৰতীয় ষ্টেট্‌ বেংকৰ বিল্ডিংটো চাৰিমহলীয়া৷ কাষতে, ৰাস্তাৰ সিটো পাৰে অথনি দেখি যোৱা ডাঙৰ স্তুপটো৷ পোনে পোনে অদূৰত ভাৰতীয় বায়ুসেনাৰ Advanced Landing Ground (ALG)ৰ বাউণ্ডেৰী দেৱাল৷ দেৱালখন জি.এল.টি.ৰ ৫০ মিটাৰমান আঁতৰেদি গৈছে৷ ঘপকৈ আকৌ মনত পৰিল, এছ.বি.আই.ৰ ডিফু শাখাত কৰ্মৰত বিষয়া য়িগু ন্যৰাকলৈ৷ তেওঁ ইয়াত কিছু বছৰ কাম কৰি যোৱা বুলিছিল৷ ঠাইখন ভাল, কেৱল এমূৰীয়া আৰু বাট বহু দূৰ বুলি কৈছিল৷ এদিন একেলগে বহি তেওঁৰ পৰা প্ৰয়োজনীয় খবৰবোৰ টুকি লৈছিলোঁ৷ আৰু আজি, এতিয়া, এয়া, সেই ঠাইখনতে আমাৰ মুক্ত বিচৰণ চলিছে৷ কথাটো ভাবিয়ে আনন্দ লাগিছে৷ ইয়াকে চাগৈ সৌভাগ্য বোলে!

গান্ধী মাৰ্কেট ইতিমধ্যে বন্ধ হব ধৰিছেই৷ ভোক লগাত কিবা এটা খাওঁ বুলি হোটেল বিচাৰি চলাথ কৰিছোঁ৷ এখনো পোৱা নাই৷ শাৰী শাৰী দোকানবোৰৰে এখনত সোমাই দিলোঁ৷ বেকাৰী বুলি জনাজাত এইখন দোকান৷ লখিমপুৰৰ পৰা বিয়া হৈ অহা বাঙালী মহিলা এগৰাকীয়ে চলায়৷ পৰিচয় হোৱাৰ উপৰি কেউজনেই ইয়াত উপলব্ধ চাহ-বিস্কুট খালোঁ৷ অসমীয়া সলসলীয়াকৈ কব পৰা দোকানীগৰাকীয়ে চুফাৰিৰ হাঁচতি খুলিছে৷ দেখা পাই পাণেৰে সৈতে ময়ো এটুকুৰা খুজি খালোঁ৷ এইকেইদিন পাণ-তামোল খোৱা হোৱা নাই৷ পাণ, চুফাৰি কৰ পৰা আনে আপোনালোকে?’ উত্তৰত তেওঁ কলে, তলৰ পৰাই আনো৷’ তল মানে চিলাপথাৰ বুজাইছে৷ চিলাপথাৰৰ পৰা ইয়ালৈ দূৰত্ব অনেক৷ আল'ৰ বাহিৰে বাহিৰে লিকাবালি, বাছাৰ, বাম, ন্যৰাক, ৱাক হৈ মেন্‌-চু-খালৈ ৩১৫ কিল'মিটাৰৰ কম নহ'ব৷ মনতে হিচাপ কৰি চালোঁ৷ মালবাহী গাড়ী আহি পাওঁতে কেইবাদিনো লাগি যায়৷ দোকানৰ বয়-বস্তুবোৰ তেনেকৈয়ে আহে চিলাপথাৰৰ উপৰি আল, পাচিঘাটৰ পৰাও৷ আগতে অত্যাৱশ্যকীয় সা-সামগ্ৰী, বিশেষকৈ খাদ্যদ্ৰব্য এয়াৰ ড্ৰপিং হৈছিল৷ প্ৰয়োজন পৰিলে আজিও হয়, বিশেষকৈ লেণ্ড স্লাইডৰ সময়ত৷ এতিয়া এ.এল.জি. হৈ উঠিল৷ গতিকে অসুবিধা কমিছে চাগৈ৷

এই দুদিনে সঞ্চয় কৰা অভিজ্ঞতাৰ ভিত্তিতে মনৰ ভিতৰত মানচিত্ৰ আঁকি চিন্তা কৰিছোঁ চিলাপথাৰ কত, আলত, পাচিঘাট ক'ত, আৰু ক'ত মেন্‌-চু-খা! পথ যোগাযোগ, যাতায়াত ব্যৱস্থা কেনেকুৱা সেয়া আমি দেখা পাই আহিছোঁ৷ ৰাজ্যৰ ৰাজধানী ইটানগৰৰ পৰা ইয়ালৈ দূৰত্ব ৪৭০ কিলমিটাৰমানেই হৈ যাব৷ আল-মেন্‌-চু-খাৰ মাজত নিতৌ টাটা ছুম চলে৷ ৮ ঘণ্টীয়া যাত্ৰাটো পুৱা ৫.৩০ বজাতে আৰম্ভ হয়৷ ধলপুৱাতে উঠি সেইখন ধৰিব নোৱাৰিলে দিনটোলৈ আৰু একো নাই৷ ভাড়া গাইপতি ৪৫০ টকা৷ আমি চাহ খোৱা বেকাৰীৰ কাষতেই টিকট কাউণ্টাৰ এটা প্ৰত্যক্ষ কৰিলোঁ৷ কাইলৈৰ কাৰণে বুকিং শেষ হোৱা বুলিও গম পালোঁ চলি থকা কথাবোৰৰ পৰাই৷ মূৰামূৰি সময়ত চিট্‌ পোৱা নাযায়৷ একে অভিজ্ঞতা কেতেনালা, লিমেকিঙৰ পৰা ডাপ'ৰিজ'লৈ অহা ছুম'ৰ ক্ষেত্ৰতো আগতে পাই থৈছোঁ৷ নিজা গাড়ী থাকিলে জঞ্জাল নাই৷ নহ'লে ভিতৰুৱা ঠাইবোৰৰ পৰা ওলাই আহিবৰ বাবে মানুহে খাপ পাতিব লগা হয়৷ কাউণ্টাৰে চিট্‌ নাই বা বুকিং ফুল্‌ বুলিলে বিকল্প নাথাকে৷ বহি থাকক আৰু তেনেকৈয়ে এটা দিন বৰবাদ! আমাৰ বেলিকা এই লৈ টেনচন বুলিবলৈ অকণাে নাই যেনিবা৷ লগত পুলিন গগৈৰ বলেৰ'খন আৰু বসুদেব সাহাৰ কে.ইউ.ভি. ৰাখি থোৱা হৈছে, আমাক যেনি-তেনি কঢ়িয়াই নিবলৈ৷

আপাৰ চিয়াং জিলাৰ সদৰ ঠাই ইংকিয়ঙৰ পৰা ফুৰিবলৈ অহা, Trans-Arunachal Highway Projectৰ কৰ্মচাৰীৰ দল এটায়ো আমি থকা চৌহদতে থিতাপি লৈছেহি৷ আমাতকৈ কিছু সময় পূৰ্বে তেওঁলোক উপস্থিত হৈছে৷ চিক-দিদৰ হিবা লাইন হোটেলত আমি ভাতৰ অপেক্ষাত ৰৈ থাকোঁতে দলটো উঠি অহা স্কৰপিঅ' আৰু বলেৰ' গাড়ী দুখন দেখিছিলোঁ৷ প্ৰস্তাৱিত হাইৱেটোৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠাৰ পাছত ভৱিষ্যতৰ পৰিব্ৰাজকে মেন্‌-চু-খাৰ পৰা আল হৈ চীন সীমান্তৱৰ্তী আপাৰ চিয়াং জিলাৰ টুটিং বা আপাৰ সোৱণশিৰি জিলাৰ সদৰ ডাপৰিজ একেদিনাই পাবগৈ পাৰিব বুলি আশা কৰা হৈছে৷ আন্তঃৰাষ্ট্ৰীয় সীমা মেক্‌মোহন লাইনৰ কাষে কাষে ৰাজ্যৰ পূব প্ৰান্তৰ চাংলাং জিলাৰ বিজয় নগৰৰ পৰা পশ্চিম প্ৰান্তৰ টাৱাং জিলাৰ মাগ-থিংবুলৈ নিৰ্মাণ হবলগীয়া Arunachal Pradesh Frontier Highway আৰু প্ৰস্তাৱিত East-West Industrial Corridor Highwayই পৰস্পৰ ছেদ কৰিব আৰু মেন্‌-চু-খাৰ মাজেৰে পাৰ হৈ যাব৷ ২,৪০০ কিলমিটাৰ পথদৈৰ্ঘ আৰু ৪০,০০০ কোটি টকাতকৈও অধিক ব্যয়সাপেক্ষ এইটো ভাৰতবৰ্ষৰ ইতিহাসতে সৰ্ববৃহৎ একক আন্তঃগাঁথনিযুক্ত প্ৰকল্পৰূপে চিহ্নিত হৈছে৷ ভৱিষ্যতৰ দিনত ভৈৰৱকুণ্ড, ৰুক্‌চিনৰ দৰে ঠাইবোৰ হৈ উঠিব ঔদ্যোগিক পদপথ৷

ইফালে এই দলটোতকৈও ভালেমান সময়ৰ আগতে অসমৰ নামৰূপৰ পৰা আহি ওলাইছে দুজন ডেকা৷ দুয়ো বাইক ৰাইডাৰ৷ এজন অসমীয়া, তেওঁ দীৰ্ঘদেহী৷ আনজন দক্ষিণ ভাৰতীয়, তেওঁ লাহী আৰু চাপৰ৷ এজনৰ ৰয়েল এন্‌ফিল্ড, আনজনৰ বাজাজ্‌ পাল্‌ছাৰ৷ বাইকাৰ্ছসকলৰ বাবে মেন্‌-চু-খাৰ ৰাস্তা নিশ্চয়কৈ উপভোগ্য৷ সেয়ে এওঁলোকো আহিছে৷ বছৰটোৰ বিভিন্ন সময়ত, বিশেষকৈ নৱেম্বৰৰ পৰা মাৰ্চ মাহ পৰ্যন্ত এনেকৈয়ে বিভিন্ন উদ্দেশ্যৰে ইয়ালৈ টুৰিষ্ট আহিয়েই থাকে৷ বিদেশীও আহে৷ আমি যেনিবা দেশীৰ শাৰীত পৰিছোঁ আৰু পৰিসংখ্যাটো বঢ়াইছোঁ৷

আধুনিকতাৰ পৰশ পোৱা ৰঙা ৰুফিং, ৰঙা বেৰেৰে জিলিকি থকা ধুনীয়া ঘৰটোত ভৰি দি সোঁৱে পোনেই পোৱা কোঠাটোৱে আমাৰ, মানে সদ্যহতে দীপকদা আৰু মোৰ দখলত৷ কোঠাবোৰৰ ভিতৰভাগৰ ব্যৱস্থাৱলী সুন্দৰ৷ বাথৰুম-লেট্ৰিন পৰিষ্কাৰ৷ মজিয়া আৰু বেৰত টাইল্‌চ লগোৱা আছে৷ ইংলিচ ছীষ্টেমৰ কমোড্‌ আৰু ৰানিং ৱাটাৰ৷ গীজাৰো আছে৷ দুজনীয়া আহল-বহল বিছনা৷ গাৰু, গিলিপ, কম্বল, বিচনা চাদৰ, পৰ্দা আদিও ইমান চাফা! আমাৰ কোঠাতকৈ জয়ন্তদাহঁত বা প্ৰদীপদাহঁত থকা কোঠাটোহঁত বেছি ভাল৷ ডাঙৰ আৰু ধুনীয়া৷ ৰূম হিটাৰৰ উপৰি ডাঠ কাৰ্পেটো পৰা আছে তাত৷

ফুৰি-চাকি আহি কোঠালিত সোমায়ে ঘৰলৈ ফোন এটা কৰোঁ বুলি ভালেমান পৰলৈ যুদ্ধ এখন চলাবলগীয়া হল৷ ইয়াত বি.এছ.এন.এল.ৰ নেটৱৰ্ক পোৱা যায় যদিও অসুবিধা আছে৷ যুঁজি যুঁজি পৰিবাৰৰ মাতষাৰ যেনিবা শুনা পালোঁ এসময়ত৷ অনেক চেষ্টাৰ মূৰকত মোৰ ম'বাইলটোৰেই ৰূমমেট্‌ দীপকদাৰ গুৱাহাটীস্থিত পত্নী আৰু জীৰ সৈতেও যোগাযোগ কিবাকৈ সম্ভৱ হল৷ নিজৰটোৰে নোৱাৰিলে৷ প্ৰদীপদায়ো টিকাব নোৱাৰিলে৷ উচ্‌পিচাই থাকিল ঘৰলৈ সংযোগ স্থাপন নোহোৱাত৷ ম'বাইলৰ গৱেষণা সোনকালেই অন্ত পেলাই চুইচ অফ্‌ কৰি থৈ দিলোঁ ৰাক্‌চেকৰ ভিতৰত৷ 'ফোন লৈ খেলি থাকিবলৈ ইয়ালৈ অহা নাই৷ সোমাই থাক৷' নিজকে নিজে ক'লোঁ৷

যাত্ৰাকালত পিন্ধি অহা কাপোৰযোৰ সলাই, হাত-মুখ ধুই বিছনাত দীঘল দি পৰিছোঁ, কিছু সময় কম্বলৰ উম লওঁ বুলি৷ সমান্তৰালভাৱে, আজি পুৱাৰে পৰা বিয়লিলৈকে অতিক্রম কৰা আল-মেন্‌-চু-খা বাটছোৱাৰো মনে মনে পৰ্যালোচনা এটা কৰি আছোঁ৷ চিনেমাৰ ৰীলৰ দৰে মানসপটত আহি-গৈ আছে যাত্ৰাপথৰ সুন্দৰ সুন্দৰ লেণ্ডস্কেপবোৰ৷ লগতে যেনি-তেনি এৰি থৈ অহা অৰুণাচলৰ অতুলনীয় প্ৰাকৃতিক বৈভৱ৷ কেমেৰাটো চাৰ্জ দিয়াৰ কথা মনত পৰাৰ লগে লগে উম এৰি উঠি আহিব লগা হ'ল৷ লগে লগে অনুভৱ হোৱা চেঁচা ভাবটোৱে জনাই দিলে যে ঠাণ্ডা কিছু আছে ইয়াত৷ বাহিৰৰ পৰা গেবুৱে জয়ন্তদাক ডাঙৰ ডাঙৰকৈ কৈ থকা শুনিলোঁ শৰ্মাজী, আপোনালোকৰ কাৰণে পাকঘৰত জুইৰ ব্যৱস্থা কৰিছোঁ৷ সকলোৱে তালৈকে আহিব৷ পৰিয়ালৰ সৈতে চা-চিনাকি হব৷ কথা পাতিম৷ মজা লাগিব৷' ৰঙিয়াল মানুহ গেবু চোনা৷ প্ৰথম চিনাকিতে সহজ হৈ পৰিছে আমাৰ৷

হাত-ভৰি পোনাই কিছু সতেজ হৈ লোৱাৰ পাছতে দপ্‌দপাই খট্‌খটি বগাই গেবুৰ পাকঘৰত প্ৰৱেশ কৰিবলৈ উদ্যত হ'লোঁ৷ জোতাযোৰ খুলি কাঠৰ দৰজাখন ঠেলি দিয়ে মই অবাক৷ ভিতৰত আন এক মুখৰিত পৃথিৱী! চেন্নাইৰ পৰা কিনি আনি সংস্থাপন কৰা বিশেষ ধৰণৰ চৌকা এটাক ঘেৰাও কৰি বাকীসকল ইতিমধ্যে বহিছেই৷ আহল-বহল পাকঘৰটো৷ চোফা, ডাইনিং টেবুল, কাপ-বৰ্ড, ধোৱা-পখলা ঠাই, টেলিভিচন ছেট আদি যথাস্থানে সুসজ্জিত৷ কাষতে এটা পৃথক আধুনিক ৰন্ধনশালা৷ তাত গেছ ষ্টভত ৰন্ধা হয়৷ ইয়ালৈ চিলিণ্ডাৰ আল'ৰ পৰা আহে৷ সিফালৰ কোঠাবোৰত পৰিয়ালটোৰ সদস্যসকল থাকে৷ বেচ দীঘলীয়া আকৃতিৰ ঘৰটো৷

চিনাকি পৰ্ব আৰম্ভ হল৷ গেবু, গেবুৰ পত্নী নানা, ৰূপা নামৰ অথনি চাহ দিয়া ছোৱালীজনী, বাহিৰত জুই ধৰি দিয়া চাংগে নামৰ লৰাটো৷ এই চাৰি সদস্যৰেই Gayboo's Traditional Lodge (GTL Homestay)৷ ৰূপা হৈছে নানাৰ ভনীয়েক৷ স্থানীয় হায়াৰ ছেকেণ্ডাৰী স্কুলত দ্বাদশ শ্ৰেণীত পঢ়ি আছে তাই৷ চাংগে গেবুৰ ভতিজাক৷ সি ক্লাছ এইটত পঢ়ে৷ ইহঁত দুয়োটাই হমষ্টেটো চলোৱাত যথেষ্ট পৰিমাণে সহায় কৰে গেবু আৰু নানাক৷ আটাইকেইটা মানুহেই বেছ কৰ্মদক্ষ, খুব তৎপৰ আৰু সপ্ৰতিভ৷ আলোচনাত গম পালোঁ, আমি থকা হমষ্টেটো আৰম্ভ কৰা হৈছিল সৌ-সিদিনাখন মাত্ৰ, ২০১৪ চনত৷ কম দিনৰ ভিতৰতে বিশ্বৰ বিভিন্ন কোণৰ বিভিন্নজন পৰ্যটক ইয়াত আলহী হৈছেহি৷ তাৰ মানে এইটো বুজিলোঁ যে মেন্‌-চু-খাৰ কথা ভাৰতৰ বাহিৰৰ মানুহেও নজনা নহয়৷ কিন্তু আমাৰ মানুহেই নাজানেচোন! অৰুণাচলৰ ৰাজ্যপাল পি. বি. আচাৰ্যই Indians know more about US, than the NE বুলি এবাৰ এটা মন্তব্য কৰিছিল৷ সুচিন্তিতভাৱেই কৰিছে তেখেতে৷ আমাৰ মানুহে আমেৰিকাৰ কথা জানে, অথচ নিজৰ ৰাজ্যখনৰ চাৰিচুকেই নাজানে! অৰুণাচল প্ৰদেশতো এতিয়াও The least visited part of India৷ আৰু মেন্‌-চু-খা? The untouched paradise on earth!

অই্ন কাৰো কথা নাজানো, আমি হ'লে paradise on earth ওলালোঁহি৷ কাইলৈ পুৱাই খোজ কাঢ়ি Local sight seeingত ওলাম৷ তাৰ পাছত গাড়ী লৈ ওলাম সীমান্তলৈ৷ মেন্‌-চু-খা উপত্যকাৰ শ্বাসৰুদ্ধকৰ সৰগীয় ৰূপ চাম, নিজৰ চকুৰে৷ তাকে কেন্দ্ৰ কৰি অনামী উত্তেজনাত মনটোৱে জঁপিয়াই আছে৷ জুইকুৰাই উত্তাপময় কৰি তোলা কোঠাটোৰ পৰ্যটনময় পৰিৱেশৰ এই মুহূৰ্তত কথা-বতৰাৰ বিষয় কেৱল সত্য-শিৱ-সুন্দৰ৷ বেমাৰ-আজাৰ, দুশ্চিন্তা, চাপ, অশান্তি... এইবোৰৰ প্ৰৱেশ নিষেধ৷


দিন তিনি  ৷৷ খণ্ড ৯

ভাগ্যক্রমে আমাৰ বাবে কোঠা চাৰিটা পোৱা গল যেনিবা৷ মই আৰু দীপকদা; অৰূপদা আৰু প্ৰদীপদা; জয়ন্তদা, ৰাজীৱ আৰু শিৱদেব; চালকদ্বয় বসুদেব আৰু পুলিন একোটা ৰূমত সংগীৰ ৰূপত থকাটো ঠিক হল৷ অলপ পাছতে ৰূপাই আমাক চমজাই দিয়ামতে চাবি হাতত লৈ কোঠালৈ আগ বাঢ়িলোঁ৷ প্ৰত্যেকটো কোঠাৰে দৰজাত নম্বৰ লিখা আছে৷ আমাৰ ৰূম নম্বৰ ৷ সোমায়ে সোঁহাতে, মুখতে৷

ৱিণ্ড চিটাৰটো খুলি ঠাণ্ডা পানীৰেই চিধাই হাত-মুখ ভালকৈ ধুলোঁ৷ অনেক দূৰ ভ্ৰমি অহা হৈছে৷ মেন্‌-চু-খাত থকা-খোৱাৰ ব্যৱস্থা হৈ উঠাত সুখী ভাবনাৰে গামোচাখনেৰে মুখখন মচি আছোঁ৷ তেনেকুৱাতে জোতাৰ গিৰিপ-গাৰাপ ধ্বনি তুলি বাহিৰত মহিলা এগৰাকীৰ আবিৰ্ভাৱ! খৰ খোজেৰে তেওঁ আমি থকা ঘৰটোৰ বাৰাণ্ডাৰ এমূৰে ৰখা ৱাশ্বিং মেশ্বিনটোত কিবা চাবলৈ আহিছিল৷ দেখা পাই কিবা ভাবি ময়ো ওলাই আহিলোঁ৷ আপ নানীজী হ্যায় না? বুলি পোনছাটেই প্ৰশ্ন কৰি পেলালোঁ তেওঁক৷ মেশ্বিনটোৰ ঢাকোনখন জপাই মোলৈ চাই মানুহজনীয়ে হাঁহিলে৷ মূৰ দুপিয়ালে৷ লগতে নিজৰ নামটো শুধৰাই দিলে নানা৷ বুজিলোঁ, নানী নহয় নানা৷ কওঁতে মোৰ ভুল হল৷ আচ্ছা নানাজী, সিদিনা গেবুজীকযে ফোন কৰিছিলোঁ, সেইজন মানুহ ময়েই৷ আপুনি ৰিচিভ্‌ কৰিছিল আৰু কথা পাতিছিল৷ কৈছিল, গেবুজী বস্তিলৈ যোৱা বুলি৷ এইবুলি তেওঁৰ লগত হিন্দী ভাষাতে চমু বাৰ্তা বিনিময় চলিল৷ আমি কৰ পৰা আহিছোঁ, কেইজন আহিছোঁ ইত্যাদি জানিব বিচাৰিলে তেওঁ৷ বাৰু চাৰ, আপোনালোকে এতিয়া ৰেষ্ট লওক, দূৰ বাট অতিক্রমি আহিছে৷ ময়ো খানাৰ যা-যোগাৰত লাগোঁগৈ৷ বুলি পুনৰ একে গতিৰেই নানাজী আমাৰ বাঁওহাতে থকা অন্য এটা ঘৰত উঠিলগৈ৷ সেইটোতে গেবুৰ পৰিয়ালটো থাকে৷ পাকঘৰো তাতেই৷ বাকী দুটা ঘৰ আলহীৰ বাবে৷ ৰঙা টিনপাত দিয়া আমি থকা দেখনিয়াৰ ঘৰটো নতুনকৈ সজা৷ বেৰবোৰ পাইন কাঠৰ, মজিয়া পকী, দুমহলীয়া৷ ধুনীয়া লাগিছে সোমাই৷

আচলতে নানা এইমাত্ৰ দোকানৰ পৰা আহি পাইছে৷ আমি অলপ আগতে পাই অহা গেবুজ শ্বপ্‌খন তেৱেঁই চলায়৷ খোজ-কাটল দেখিয়ে গম পাইছোঁ, কিমান কৰ্মচঞ্চলা হব এই মহিলাগৰাকী৷ চাহ দিয়া ছোৱালীজনী, ৰূপাৰো একেই স্পীড্‌৷ ইহঁতে সলসলীয়াকৈ ৰাষ্ট্ৰভাষা কব পাৰে৷ মেন্‌-চু-খাৰ মানুহ নিজৰ দোৱানৰ উপৰি হিন্দী আৰু কাম চলাব পৰাকৈ ইংৰাজী কোৱাত অভ্যস্ত৷ গতিকে ভাষাৰ সমস্যা নাই৷

এওঁলোক তিব্বেত-মংগলয়ড্‌ নৃগোষ্ঠীয় মূলৰ মেম্বা লোক৷ মেম্বাসকল বৌদ্ধ ধৰ্মাৱলম্বী৷ মেন্‌-চু-খাত বৌদ্ধ মানুহৰে সংখ্যাটো সৰহ৷ দঞি-পল পন্থী আৰু খ্ৰিষ্টানৰ সংখ্যা তাকৰ৷ বৌদ্ধধৰ্মীয় পৰিৱেশ এটাযে ইয়াত সবলভাৱে বিৰাজমান সেয়া অথনি চহৰৰ মাজেদি প্ৰথমবাৰ পাৰ হৈ আহি থাকোঁতেই ধাৰণা কৰি পেলাইছোঁ৷ ভগৱান বুদ্ধক হিন্দুসকলৰ পালনকৰ্তা আৰু পৰমপূজ্য দেৱতা বিষ্ণুৰ নৱম অৱতাৰ বুলি কোৱা হয়৷ দোকানৰ প্ৰায় সন্মুখতে তিনিআলিৰ একোণত মঠ এটা দেখিবলৈ পালোঁ৷ মঠটো দেখি মোৰ ব'মডিলা আৰু ইটানগৰলৈ মনত পৰিল৷ মেম্বা জনজাতিৰ সৈতে তিব্বতৰ কম্বু, ইউবু, থম্বু দোৱানৰ মিল পোৱা যায় বুলি আগতে এঠাইত পঢ়িছিলোঁ৷ মেম্বা জনগোষ্ঠীটো কম্বু দোৱান ব্যৱহাৰ কৰা তিব্বতীয় লোকৰ এটা উপশাখা৷ মেম্বাসকলে Nyingmapa School of Tibetan Buddhism অনুসৰণ কৰে৷ তিব্বেতান লিপিৰ পৰা উদ্ভূত হিকৰ নামে তেওঁলোকৰ নিজা লিপি আছে৷ আনহাতে কেৱল দোৱানৰ বাহিৰে অন্য দিশত ৱেষ্ট কামেং আৰু টাৱাঙৰ মন্‌পাসকলৰ সৈতে মেম্বাসকলৰ সামঞ্জস্য থকা বুলি কোৱা হয়৷ এই জন-সমষ্টিৰ প্ৰব্ৰজন একালত টাৱাঙৰ ফালৰ পৰা হৈছিল বুলিও জনা যায়৷ খাদ্যাভ্যাস, কলা-কৌশল আদি উভয়ৰে একেই৷

পশুপালন মেম্বাসকলৰ পুৰণি বৃত্তি৷ তেওঁলোকে ধান, গোমধান, জোৱাৰ, কণীধান, আলু, মাহ আদিৰ খেতি কৰে৷ গাখীৰৰ পৰা মাখন, ঘি তৈয়াৰ কৰে৷ গাখীৰ উতলাই তাত তিব্বতীয় চাহপাত আৰু সামান্য নিমখ দি এটা কঁড়ীয়াত মথি চাহ তৈয়াৰ কৰি প্ৰচুৰ পৰিমাণে খায়৷ ৱালঙত সঞ্জু আৰু মই মৰ্নিং ৱাক কৰিবলৈ যাওঁতে জীৱনত প্ৰথমবাৰৰ বাবে পাইছিলোঁ জাখ্ৰিং অৰ্থাৎ মেয়ৰ জনগোষ্ঠীৰ পৰম্পৰাগত নমক চ্যায় 'মেয়ৰ টি' পাহৰিব নোৱাৰা স্বাদ৷ তাৰ আগতে লে'ক অফ্‌ ন' ৰিটাৰ্ণলৈ যাওঁতে নামপঙৰ নংকি বস্তিত টাংচা চাঙত পাইছিলোঁ তেওঁলোকে ঘৰুৱাভাৱে প্ৰস্তুত কৰা তিতা চাহ 'ফালাপ'ৰ সোৱাদ৷ এইবাৰ ইয়াত মেম্বা চাহৰ জুতি ল'বই লাগিব বুলি ভাবি থৈছোঁ৷

অৰুণাচলৰ ফেষ্টিভেল কেলেণ্ডাৰ লক্ষ্য কৰি মই অভিভূত হওঁ৷ সৌ মূৰৰ টাৱাং ফেষ্টিভেলৰ পৰা আৰম্ভ কৰি সৌ মূৰৰ পাংচাও পাচ ৱিণ্টাৰ ফেষ্টিভেললৈকে, চৰকাৰী পৃষ্ঠপোষকতাত আয়োজিত অনুষ্ঠানসমূহৰ উপৰি জনগোষ্ঠীমাত্ৰেই বছৰটোৰ বিভিন্ন সময়ত উদ্‌যাপন কৰি অহা উৎসৱ-পাৰ্বণসমূহ ৰাজ্যখনৰ সাংস্কৃতিক পৰ্যটনৰ আকৰ্ষণীয় আৰু শক্তিশালী সমল হৈ পৰিছে৷ মেন্‌-চু-খাৰ মেম্বাসকলৰ প্ৰধান উৎসৱ লচাৰ৷ ফেব্ৰুৱাৰী মাহত পাঁচদিনীয়াকৈ এই উৎসৱ পালনৰ মাধ্যমেৰে নতুন বছৰ উদ্‌যাপন কৰা হয়৷ তেওঁলোকে নৃত্য-গীত ভাল পায়৷ কোনো বাদ্যযন্ত্ৰ নোহোৱাকৈ কৰা ইশ্বে তেওঁলোকৰ এটা জনপ্ৰিয় নৃত্য৷ তেওঁলোকে হাতে বোৱা আৰু ৰং কৰা বৌদ্ধধৰ্মী বস্ত্ৰ পিন্ধে৷ মেম্বা পুৰুষ আৰু মহিলাই ব্যৱহাৰ কৰা পৰম্পৰাগত সাজক ক্রমে Chub আৰু Phumey বোলে৷ তেওঁলোকে আ-অলংকাৰো পৰিধান কৰে৷ গেবু, নানা, ৰূপাহঁতৰ শৰীৰত আমি এতিয়া অৱশ্যে পৰম্পৰাগত সাজপাৰ, অলংকাৰৰ পৰিৱৰ্তে জিন্‌চ-জেকেট আৰু কলাফুল পৰ্যন্ত ঢকা জোতাহে দেখা পাইছোঁ৷

ইতিমধ্যে চৌদিশ অন্ধকাৰ হৈ পৰিল৷ অত-তত দেখা গৈছে নিয়ন লাইটৰ তিৰ্‌বিৰণি৷ হমষ্টেৰ চৌহদত জেনেৰেটৰ চেট্‌ চলিছে৷ ইলেক্‌ট্ৰিক্‌ কাৰেণ্ট নাই৷ খুঁটা আছে, বিদ্যুৎ পৰিবাহী তাঁৰবোৰো ওলমি থকা দেখিছোঁ৷ বহুদিনৰ আগতেই জনৈক ট্ৰেভেলাৰৰ ব্লগ্‌ পঢ়ি জানি থৈছিলোঁ যে মেন্‌-চু-খাত বিদ্যুতৰ সমস্যা আছে৷ জলবিদ্যুৎ উৎপাদনৰ সম্ভাৱনাই তোলপাৰ লগাই থকা এখন ৰাজ্যৰ অতিপাত ধুনীয়া ঠাই এখনত এতিয়াও এনে অৱস্থা! সন্ধিয়া ৬.০০ বজাৰ পৰা নিশা ১১.০০ বজা পৰ্যন্ত জেনেৰেটৰ চলাই পোহৰৰ ব্যৱস্থা কৰা হয়৷ অন্যথা অন্ধকাৰ৷ মানুহৰ হাতে হাতে টৰ্চ লাইট৷ ইয়ালৈ আহি এতিয়া নিজেই প্ৰমাণ পালোঁ৷ চৌহদটোত প্ৰৱেশ কৰোঁতেই দেখা গৈছিল, সোঁহাতে মস্ত ইলেক্‌ট্ৰিক্‌ জেনেৰেটৰ এটা আছে৷ ৰাক্‌চেকৰ পৰা টৰ্চ উলিয়াই ময়ো পিন্ধি থকা ডাঠ জেকেটটোৰ পকেটত ভৰাই লৈছোঁ৷


দিন তিনি  ৷৷ খণ্ড ৮

এখন সৰু প্ৰশাসনিক চহৰ মেন্‌-চু-খা৷ পশ্চিম চিয়াং জিলাৰ উত্তৰ অংশত ভাৰত-তিব্বত সীমান্তৰ ওচৰত অৱস্থান ইয়াৰ৷ পঢ়িবলৈ পোৱা মতে মেন্‌-চু-খাৰ পূৰ্বৰ নাম আছিল বাজাচিৰি৷ কালক্ৰমত মানুহৰ মুখত হৈ পৰিল বজশ্ৰী৷ বাজাচিৰিৰ অৰ্থ য়াৰগ্যাপচু৷ চু মানে নৈ বা পানী৷ বাজাচিৰি পূৰ্বতে তিব্বতৰ অংশ আছিল৷ ইয়াৰ নিবাসীসকলৰ প্ৰধান জীৱিকা আছিল পশুপালন৷ ধৰ্ম বিশ্বাসত মেন্‌-চু-খাৰ মানুহবোৰ এতিয়াও তিব্বতৰ মহাযান অৰ্থাৎ বজ্ৰযান পন্থী৷ ১৯৬২ৰ চীনা যুদ্ধৰ সময়ত মেন্‌-চু-খাৰ গুৰুত্বপূৰ্ণ ভূমিকা আছিল৷

ঠেক ৰাস্তাটোৰে গাড়ীখন আগুৱাইছে৷ খুব মনোযোগেৰে ইফালে-সিফালে দৃষ্টিপাত কৰি গলোঁ৷ অৰুণাচলৰ অন্যান্য ঠাইত দেখাৰ দৰে বাঁহ আৰু টকৌপাতৰ ঘৰ ইয়াত দেখা নাইচোন৷ টিনপাত লগোৱা পাইন কাঠৰ তক্তা-বাটামেৰেহে সজ্জিত ঘৰবোৰ৷ তাকো অত-তত সিঁচৰতি হৈ আছে৷ পৰিৱেশটোৱে আগতে ফটোত দেখা ইউৰোপৰ কোনোবা পাৰ্বত্য পৃষ্ঠপটৰ দৃশ্যৰ সৈতে কিবা এক সামঞ্জস্য আনি দিলে৷ গাড়ীখন আৰু আগ বঢ়াৰ লগে লগে ইফালে-সিফালে সিঁচৰতি হৈ থকা বাসগৃহবোৰ ক্রমাৎ থূপ খাই আহিল৷ টিলাসদৃশ উপৰিভাগৰ হাঁফলু আকৃতিৰ গঠনটোৱেও দৃষ্টি টানি নিলে৷ বেলেগ এখন জগতত সোমাই পৰিলোঁ আমি৷

মেন্‌-চু-খা ৱেষ্ট চিয়াং জিলাৰ এটা মহকুমা৷ আমি আহোঁতে পোৱা পেনে নামৰ ঠাইটুকুৰাৰ পৰাই মহকুমাটোৰ আৰম্ভণি হৈছে৷ মহকুমাটো চাৰিটা ৰাজহ-চক্রত বিভক্ত৷ মেন্‌-চু-খা, তাত, পিডি আৰু মণিগং৷ মেন্‌-চু-খা চাৰ্কোলটো গঠন কৰা হৈছিল বিগত ১৯৫১ চনত৷ ইয়াৰ অন্তৰ্গত ১৮খন গাঁও আছে৷ সেইবোৰ হল কাদাচিল, ছেকৰ, তেছিং পাংগা, দেৰ্‌জিলিং, বাৰাংগা, বুম্‌জি পাংগা, ফাৰ্‌গে, মেন্‌-চু-খা, ইউৰনি, ছিংবিৰ, গালিং, ডিজিংথাং, থাৰ্‌গেলিং, ছেগাং, হ্লালুং, মনগাং, মণিগং, পিডি৷ বৃহত্তৰ আদি জনগোষ্ঠীৰ অন্তৰ্গত বৰি, বকাৰ, পাইলেবো বা লেবো, ৰামোৰ উপৰি মেম্বাসকলে এই জিলাত বাস কৰি আহিছে৷ ভিতৰুৱা অনেকবোৰ ঠাইলৈ এতিয়াও পকী পথ যোগাযোগ সম্ভৱ হৈ উঠাই নাই৷ গতিকে যাতায়াত আৰু জীৱন-যাত্ৰা উভয়েই কষ্টকৰ৷

মেন্‌-চু-খা মহকুমাৰ তিনিটা সংমণ্ডল৷ মেন্‌-চু-খা, তাত আৰু মণিগং৷ মেন্‌-চু-খা সংমণ্ডলত মেম্বা জনজাতিয়ে বাস কৰে৷ মহকুমা সদৰ মেন্‌-চু-খাৰ পৰা ১০ কিলমিটাৰৰ ভিতৰত তেওঁলোকৰ গাঁওবোৰ অৱস্থিত৷ পৰ্বতৰ অধিক উচ্চতাত অৰ্থাৎ আমাৰ লক্ষ্যস্থান মেন্‌-চু-খা প্ৰধানকৈ মেম্বাসকলৰ বসতিপ্ৰধান ঠাই৷ গাপ, পাউক, পাদুচা, লিপুচি, হিৰি, পুৰয়িং, ৰাপুম, চাৰুং, থাৰ্টি  ফাইভ, ৰিগ, কাৰ্টে আদি মেন্‌-চু-খাৰ আশে-পাশে থকা সৰু-বৰ জনপদ৷ ২০১৪ চনৰ পৰিসংখ্যানুযায়ী মেন্‌-চু-খাৰ জনসংখ্যা আছিল প্ৰায় ৫,০০০৷ মেন্‌-চু-খাৰ পৰা ২৩-৫০ কিলমিটাৰ আঁতৰত পূব দিশত য়মগ নৈৰ সোঁপাৰে দুৰ্ধৰ্ষ আৰু যুদ্ধপ্ৰিয় ৰামো জনজাতিৰ বসতি৷ মেন্‌-চু-খাৰ পৰা ৩-৬ দিনৰ পদপথত অৱস্থিত তাত সংমণ্ডলত পাইলেবোসকলে বাস কৰে৷ তাতৰ পৰা উত্তৰ-পশ্চিমে ৬ দিনৰ পদপথত মণিগং৷ দুৰ্দান্ত যুঁজাৰু বকাৰ জনজাতিয়ে মণিগং সংমণ্ডলত বসতি কৰে৷ কিছুসংখ্যক তাগিন লোকো ইয়াত আছে৷ সকলোৱে সমন্বয় আৰু সমিলমিলেৰে বসবাস কৰি আহিছে৷ মেম্বাৰ লচাৰ (নৱবৰ্ষ); বকাৰ, ৰামো, পাইলেবোৰ পদি বাৰ্বি আৰু তাগিনৰ ছি-দঞি লেখত লবলগীয়া উৎসৱ৷

চহৰ সোমাই গেবু চোনাৰ হমষ্টেটো কেনি তাৰে অনুসন্ধান আৰম্ভ হল৷ অচিন কোনোবা পথিকে দেখুৱাই দিয়ামতে ভাৰতীয় ষ্টেট্‌ বেংকৰ বিশালাকাৰ বিল্ডিঙৰ তলত থকা গেবুজ শ্বপৰ সন্মুখত অগা-পিছাকৈ গাড়ী দুখন ৰৈ গল৷ দোকানখন এক কথাত গেবুৰ টুৰিষ্ট ইন্‌ফৰ্মেচন্‌ চেণ্টাৰ৷ পেট্ৰল, ডিজেল, হাৰ্ডৱেৰ, ৰেস্তোৰাঁ, হমষ্টে আৰু টুৰিষ্ট গাইডৰ বাবে যোগাযোগথলী৷ তাৰ পৰা দিয়া পথ নিৰ্দেশনা অনুসৰণ কৰি জেনেৰেল গ্ৰাউণ্ডৰ সমীপত অৱস্থিত গেবুজ ট্ৰেডিচনেল্‌ লজ্‌ ওলালোঁগৈ৷ তাতে প্ৰথমবাৰৰ বাবে দেখা পালোঁ হমষ্টেটোৰ মালিক তথা স্থানীয় ব্যৱসায়ী গেবু চোনাক৷

গেবুৰ সৈতে চিনাকি হৈ আমি প্ৰত্যেকেই কৰমৰ্দন কৰিলোঁ৷ চুটি-চাপৰ, সৰৱৰহী, ডেকা মানুহজনে হাঁহিমুখে আমাক সম্ভাষণ জনালে৷ অন্ধকাৰ নামি আহিছে৷ ঠাণ্ডাও বাঢ়ি আহিছে৷ ইয়াত তাপমান জাৰকালি সৰ্বোচ্চ ১৬ ডিগ্ৰী আৰু সৰ্বনিম্ন -৮ ডিগ্ৰী পৰ্যন্ত হয়৷ জহকালি দিনৰ ভাগত উষ্ণতা সৰ্বোচ্চ ৩০ ডিগ্ৰী আৰু নিশালৈ সৰ্বনিম্ন ৮ ডিগ্ৰী চেণ্টিগ্ৰেড হয়৷ আলহীৰ প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখিয়ে লৰা এটাই বাহিৰত জুই ধৰাৰ যো-জা চলাইছে৷ শুকান খৰিৰ জুইৰে জাৰ পুউৱা আৰু ভাত-পানী ৰন্ধা, দুয়োটা কামেই চলে৷ গেবুৰ নিৰ্দেশত ছোৱালী এজনীয়ে আমাৰ বাবে চাহ কৰিলে৷ কম সময়ৰ ভিতৰতে থিয়ৈ থিয়ৈ তাই গৰম চাহ যাচিলেহি৷ দুহাতৰ মাজত কাপটোৰ উমাল পৰশ পাওঁতেহে ভাল লাগিল৷ জুইকুৰা ইতিমধ্যে জ্বলি উঠিছে৷ চৌপাশে বহিবৰ বাবে এফুটীয়া গা-গছৰ ঘূৰণীয়া আসন কিছুমান পৰি আছে৷ সেইবোৰতে সকলোটি বহিলোঁ৷ গেবুৰ সৈতে কথা-বতৰাও চলি থাকিল৷ ছোৱালীজনীয়ে ব্যস্ততাৰে আমাতকৈ আগতে অহা দল এটাৰ বাবে কোঠাৰ ব্যৱস্থা কৰি থকা দেখা গল৷ দলটোৰ সদস্যসকলে নিজৰ গাড়ীৰ পৰা বস্তু-বাহানিবোৰ আনি কোঠাত সুমুৱাইছে৷ আমাৰ কি হব দাদা? জয়ন্তদাক সুধিলোঁ৷ একে প্ৰশ্নকে জয়ন্তদাই কৰিলে গেবুক৷ গেবুৱে কলে, ৰূপাক কলোঁ নহয়৷ তাই সকলো কৰি দিব৷ কোঠাৰ ব্যৱস্থাপনা শীঘ্ৰে কৰি দিয়াৰ কথালৈ ছোৱালীজনীক উদ্দেশ্যি নিজেও লগে লগে চিঞৰিলে এবাৰ৷ সিফালৰ পৰাও সঁহাৰিসূচক মাত এষাৰ ভাহি আহিল৷ দুটা কথাত নিশ্চিত হলোঁ৷ এক. ৰূপা তাইৰ নাম৷ দুই. তায়ে হমষ্টেটোৰ হৰ্তা-কৰ্তা-বিধাতা৷

দিন তিনি  ৷৷ খণ্ড ৭

চৌদিশৰ আকাশ এতিয়াও পৰিষ্কাৰ হৈ আছে৷ অৱশ্যে এইটো ঠিক যে কম সময়ৰ ভিতৰতে অন্ধকাৰে ছানি ধৰিবহি৷ সন্মুখত নিশা এটা আহি আছে৷ অচিনাকি ঠাই এখনলৈ গৈ আছোঁ৷ পাওঁ পাওঁ হৈছোঁৱে৷ কিন্তু কত থাকিম, খাম ক'ত, এজনেও সঠিক নাজানো৷ ফেচবুকত পোৱা গেবু চোনা নামৰ মানুহ এজনক জয়ন্তদাই ইয়ালৈ অহাৰ দিনদিয়েক আগতে ফোনেৰে এবাৰ যোগাযোগ কৰিছিল৷ সমস্যাটো হ'ল, তাৰ পাছত আৰু এবাৰো পোৱা নাই৷ গতিকে থকা-খোৱা বাদেই আনকি অহাৰ কথাও খাটাংকৈ একো পতা নহলেই৷ এতিয়া বাটে বাটে অনেক চেষ্টা কৰি থকাৰ পাছতো মবাইলটো এবাৰো ৰিং হোৱা নাই৷ আনহাতে দাদাই খবৰটো তেতিয়াই মোক জনোৱাত ২৩ তাৰিখে মই নেৰানেপেৰাকৈ চেষ্টা চলাই এবাৰ মাত্ৰ কিবাকৈ সংযোগ পাইছিলোঁ৷ গেবুৰ পৰিবাৰে কল্‌টো ৰিচিভ্‌ কৰিলে৷ মানুহজন নাই, বস্তিলৈ যোৱা বুলি কলে৷ আচল প্ৰসংগ নুলিয়াই মানুহগৰাকীৰ পৰা মই তেতিয়া উমান ললোঁ, মেন্‌-চু-খাত ঠাণ্ডা কিমান, সেইটোহে৷ হিন্দীতে কলে, ঠাণ্ডা আছে৷ কিন্তু সিমান হোৱা নাই এতিয়াও৷ তথাপি ডাঠ জেকেট, ঊলৰ হাতমোজা, টুপী, মাফ্‌লাৰ, মাস্ক আদি লাগে৷ গেবু চোনা হৈছে মেন্‌-চু-খাত থকা গেবুজ ট্ৰেডিচনেল্‌ লজ্‌ (জি.টি.এল. হ'মষ্টে')ৰ গৰাকী৷

মাজে মাজে বিধ্বস্ত পথ, মাজে মাজে বেইলী ব্ৰীজ৷ চাং ঘৰৰ আধিপত্যৰে যাত্ৰাকালত নাম নজনা কোনোবা গাঁৱো পাইছোঁ৷ মাজেৰে গৈছোঁ, দাঁতিৰে গৈছোঁ৷ লক্ষ্যস্থানলৈ কেই কিলমিটাৰমান বাকী৷ হঠাতে পাহাৰীয়া নৈ এখনে পথৰ দাঁতিতে সোঁহাতে লগ ললেহি৷ পাৰে পাৰে লেথাৰি নিছিগা পাইন গছৰ অৰণ্য৷ তাৰ মাজেৰে কুলু কুলু সুৰধ্বনিৰে নৈখন বাগৰি আহিছে৷ দুপাৰৰ ৰূপৰেখা দেখি উত্তেজনাত যেন ফাটি পৰিম! পূৰ্ব অধ্যয়নৰ কৃপাত সহজেই চিনি পাই গ'লোঁ, য়াৰগ্যাপ্‌ চুৱেই হ'ব লাগিব এইখন৷ চু শব্দই পানী, নদী আদি বুজায়৷ নৈখন উজনি দিশে আলৰ পৰাই আমি দেখি আহি থকা য়মগত পৰিছে, তাত'ৰ ওচৰত; চিয়াঙৰ সেউজবুলীয়া জলস্ৰোতত মিলি যোৱাৰ আগলৈকে আল'ৰ পৰা নামনি অঞ্চলত য়মগ নৈখন চিপুৰ লগ লাগি নাম লৈছে চিয়ম৷ অত্যন্ত দুৰ্গম, উঠা-নমা পথৰ অন্তত এনে এটা পৰিৱেশ হঠাতে উন্মেলিত হোৱাত কিবা এক অনিৰ্বচনীয় প্ৰাপ্তিৰ আনন্দত মনটো হৰ্ষিত হৈ উঠিল৷ চকুৰ আগত নন্দন-কানন ভাহি উঠাৰ দৰে এক অভাবনীয় দৃশ্য৷ সিপাৰতেই যেন ৰম্যপুৰী!

মেন্‌-চু-খাৰ জনপ্ৰিয় নাম হৈছে মেচুকা৷ কালক্রমে মানুহৰ মুখ বাগৰি মেন্‌-চু-খাৰ পৰা এই চল্‌তি শব্দটো হৈছে৷ মেন্‌-চু-খা বা মেচুকা উপত্যকাটো বহল আৰু সুদৃশ্য৷ সমুদ্ৰ পৃষ্ঠৰ পৰা ঠাইখনৰ উচ্চতা ১,৮২৯ মিটাৰ৷ ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ মাহত ইয়াত বৰফ পৰে৷ বৰফে ঢাকি ধৰা মেন্‌-চু-খাৰ আকৰ্ষণীয় স্নেপ কিছুমান মই অন্য ব্যক্তিৰ ফেচবুক্‌ একাউণ্ট আৰু ব্লগত দেখিছোঁ৷ দেখি উদ্বাউল হৈছোঁ৷ অপৰূপ প্ৰাকৃতিক সৌন্দৰ্যৰ বাবে এই স্থানৰ সুনাম আছে৷ ঐতিহাসিক আৰু ধৰ্মীয় দৃষ্টিভংগীৰেও তাৎপৰ্যপূৰ্ণ ঠাই৷ দুঃসাহসিক ক্রীড়াকলাপ যেনে ৰাফ্‌টিং, এংলিং, ট্ৰেকিং, হাইকিং, কেম্পিং ইত্যাদিৰ বাবেও আদৰ্শ জেগা৷ বহুতে কিন্তু আজিও ঘূণাক্ষৰেও নাজানে৷ ভাৰতবৰ্ষৰ চীন সীমান্তৱৰ্তী অন্তিম পূবৰ গাঁও কাহোৰ পৰা উভতি আহি আমি আশ্ৰয় লোৱা তিনিচুকীয়াৰ গুঁইজানৰ ডিব্ৰু নৈৰ পাৰৰ বনশ্ৰী ৰিজৰ্টত আলোচনা প্ৰসংগত বেনুদাই সেই সময়তে কৰা মন্তব্যটো এইটো মুহূৰ্তত মনলৈ বাৰে বাৰে আহি আছে মই ভাবোঁ পৃথিৱীৰ ভিতৰতে অন্যতম ধুনীয়া ঠাই মেন্‌-চু-খা৷ জীৱনকালত পাৰিলে এবাৰ যাব৷ সেই তেতিয়াৰে পৰাই মনটো কট্‌কটাই আছিল মোৰ৷ অংকটো কৰি আছিলোঁ৷ আৰু এয়া আজি আহি আহি মেন্‌-চু-খাৰ ওচৰ চাপিছোঁ৷ এইটো প্ৰান্তত আন্তৰ্জাতিক সীমান্ত মেক্‌মোহন লাইনৰ কাষৰ শেষৰখন ডাঙৰ গাঁও হৈছে মেন্‌-চু-খা৷ তাকে লৈ মনৰ মাজত এতিয়া সীমাহীন উৎকণ্ঠা৷ সীমান্ত বুলিলেই অদ্ভুত শিহৰণ এটা জাগে৷ শিহৰণকাৰী হয়ো৷ ভাৰতৰ পূব সীমাত থিয় হৈ সিপাৰৰ ৰঙাচীন চোৱাৰ শিহৰণটো কম জানো?

বাঁওহাতলৈ এটা কেঁকুৰি৷ কেঁকুৰিটো ঘূৰি দিয়াৰ লগে লগে চকুৰ আগত দেখা দিলে অন্য এখন পৃথিৱী, যাক লৈ অন্তৰত কোন কাহানিবাৰে পৰাই নিৰৱচ্ছিন্নভাৱে চলি আহিছিল অনেকবোৰ জল্পনা-কল্পনা৷ অৱধাৰিতভাৱেই এই মুহূৰ্তত মানসপটত ভাহিছে ৰত্নাকৰৰ পৰা বাল্মিকী হোৱা বেনুদা (জয়নাল আবেদিন)ৰ মুখমণ্ডল৷ লগতে অৰুণদা, অনিলদা, সঞ্জুহঁতৰ মুখবোৰ৷ টীম মাৰ্ক পলৰ সেই সংগীসকলৰ এজনেও এই যাত্ৰাত সুবিধা কৰিব নোৱাৰিলে৷ কেৱল মইহে আহিছোঁ৷ তাকে লৈ নিজকে ভাগ্যৱান বুলিও ভিতৰি গৰ্ব অকণমান হৈ নুঠা নহয়৷ এই মনোকামনা বা আকাংক্ষা আজি সফলকাম হোৱাত নীৰৱে ঈশ্বৰক ভূৰি-ভূৰি ধন্যবাদ দিলোঁ৷

এতিয়া শেষ নৱেম্বৰ৷ এড্‌ভেন্‌চাৰ্‌ এট মেন্‌-চু-খা ২০১৬ হৈ গৈছে, দিনদিয়েক আগতে৷ আমি ইচ্ছা কৰিয়ে তাৰ পাছত আহিছোঁ৷ হেম-গেমৰ পৰা আঁতৰি শান্ত-সমৃদ্ধ মেন্‌-চু-খাখন চাবলৈ৷ পৰ্বত-শীৰ্ষত বগাকৈ জিলিকি আছে বৰফ৷ নিশ্চিতভাৱে সেয়া লাহে লাহে বৃদ্ধি পাই আহিব৷ ডিচেম্বৰৰ শেষাৰ্ধত বিস্তৃত ৰূপত ছানি ধৰিব সমগ্ৰ অঞ্চলটোকে৷ জলবায়ু পৰিৱৰ্তনৰ বাবে প্ৰাকৃতিক উপাদানসমূহৰ হীন-ডেঢ়ি আৰু বায়ুমণ্ডলত ঘটা প্ৰদূষণৰ কাৰণে উচ্চ স্থানত অৱস্থিত ঠাইবিশেষত বৰফৰ পৰিমাণ আগতকৈ তুলনামূলকভাৱে কমি অহা বুলি শুনা পাইছিলোঁ৷ মেন্‌-চু-খালৈ আহি বৰফ নেদেখিলে আমিও আশ্চৰ্যচকিতই হলোঁহেঁতেন৷ পিছে কৌতূহলী চকু দুটাই ঘপকৈ হিম-শিখৰৰ শুভ্ৰ জিলিঙনি ধৰা পেলালে আৰু দৃষ্টিও তাতে কিছু সময়লৈ নিবদ্ধ হৈ ৰল৷ 

সৌৱা চাওক, বৰফ৷ চলমান বলেৰ'ৰ পৰাই অতি উৎসাহেৰে বাঁওফাললৈ আঙুলিয়াই দেখুৱালোঁ মই৷ বৰফ দেখা পাইহে প্ৰদীপদাৰো উৎকণ্ঠা যেন শাম কাটিল! তাৰ আগলৈকে আমি যিমানেই মেন্‌-চু-খাৰ ওচৰ চাপিছোঁ সিমানেই তেওঁৰ বৰফ চোৱাৰ ইচ্ছাটো তীব্ৰতৰ হৈ আহি আছিল৷ জিভাত আখৈ ফুটাদি দেধাৰ প্ৰশ্ন বৰফ পামনে নাপাম দেখা? ... বৰফ পামনে বাৰু আমি? ইত্যাদি ইত্যাদি৷ মোৰ ফালৰ আইনাখনলৈ হালি ভালকৈ এপলক চালে তেওঁ৷ আটাইৰে ক্ষেত্ৰতে মন কৰিছোঁ অকণমান বেলেগ ধৰণৰ উত্তেজনা৷ লগতে সন্তুষ্টিৰ সহাস্য খলকনি৷ ৱাঃ ৱাঃ, আঃহা, উউউস্‌, অ'... গাড়ীৰ ভিতৰখন মুহূৰ্ততে শব্দময় হৈ পৰিছে৷ সিখন গাড়ীৰ যাত্ৰীসৱৰ প্ৰতিক্ৰিয়া কেনে হৈছে নাজানো৷ আগে আগে গৈ আছে, গহীন গতিত৷

Welcome to Menchukha, The land of temperate horticulture. অৰুণাচল প্ৰদেশ চৰকাৰৰ উদ্যানশস্য বিভাগৰ ফলক এখনে আমাক আদৰিলে৷ প্ৰায় একে সময়তে দেখা পালোঁ, সোঁহাতে পৰ্বতৰ বক্ষত বগাকৈ উজলি আছে MENCHUKHA আখৰকেইটা, যাৰ কথা পুলিন গগৈয়ে অলপ আগতে কৈছিল আৰু ময়ো ইণ্টাৰনেটত চাওঁতে দেখিছিলোঁ৷ এইবাৰ প্ৰদীপদাৰ ফালে হাউলি খিৰিকীৰে দৃশ্যটো হেঁপাহ পলুৱাই উপভোগ কৰিলোঁ অৰূপদা আৰু মই৷ দীপকদায়ো ডিঙি নুঘূৰাই নোৱাৰিলে৷ উত্তেজনাৰ মাত্ৰা বুজি চালকে আগতেই আইনা দুখন নমাই থৈছিল৷ প্ৰাপ্তিৰ এজাউৰি হাঁহিয়ে গাড়ীৰ ভিতৰখন পুনৰবাৰ ৰজন্‌জনাই গল৷ খুব ধুনীয়া ঠাই এখনলৈ আহিছোঁ যেন লাগিল অাৰম্ভণিতেই৷

চৌপাশে পৰ্বতমালাই আগুৰা মেন্‌-চু-খা উপত্যকাটো প্ৰথম দৰ্শনত এখন আহল-বহল কেৰাহীৰ দৰেই লাগিছে৷ ৩৬০ ডিগ্ৰী ব্যাপী শিখৰে আগুৰা এটা প্ৰশস্ত উপত্যকা৷ ঠেক ৰাস্তাটোৰে ধীৰে ধীৰে আমি এই আকৰ্ষণীয় ভূভাগত পদাৰ্পণ কৰিলোঁ৷ মেন্‌-চু-খা সোমাওঁতে ঘড়ীত বিয়লি ৪.৩০ হল৷ মনত পেলাবলৈ যত্ন কৰিলোঁ, পুৱা কেইবজাত আল' এৰিছিলোঁ!


দিন তিনি  ৷৷ খণ্ড ৬

১.৩০ বজাত আগলৈ যাত্ৰা আৰম্ভ হল৷ অকাই-পকাই ৰাস্তাটোৱে একেৰাহে আৰু ওপৰলৈ উঠাই নি আছে৷ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি থাকি আমি তাদ’ গীত পালোঁ৷ ১৯৬২ চনত এইখিনি পৰ্যন্ত আহিছিল আগ্ৰাসী চীনা সৈনিক৷ তাত দখল কৰি তাদ’ গীতলৈ আহি থাকোঁতে ভাৰতীয় বিমান বাহিনীৰ লোকে স্বদেশীয় সৈন্য বুলি ভাবি আকাশমাৰ্গৰ পৰা গৰম ৰুটী-ভাজিৰ টোপোলা পেলাইছিল৷ চীনা জোৱানে পৰম তৃপ্তিৰে সেইবোৰ খাইছিল৷ এই কথাটো কিতাপৰ পৃষ্ঠাত এদিন পঢ়িবলৈ পাইছিলোঁ৷

মেন্‌-চু-খা খণ্ডৰ ভিতৰুৱা গ্ৰামীণ এলেকাত খেতি-বাতিয়ে মানুহৰ জীৱন ধাৰণৰ মূল চালিকা শক্তি৷ অন্যান্য বিষয়সমূহ যেনে শিক্ষা, বিদ্যুৎ যোগান, ৰাস্তা, পানী যোগান, স্বাস্থ্য আদিত পিছ পৰা৷ আল'ৰ পৰা ১১৫ কিল'মিটাৰ দূৰত্বৰ এই অঞ্চলতে চিয়ম অৰ্থাৎ য়মগৰ উপনৈ তাগুৰশ্বিটত বান্ধ সাজি ৬০ মেগাৱাট বিদ্যুৎশক্তি উৎপাদনৰ লক্ষ্যৰে তাগুৰশ্বিট হাইড্ৰ' ইলেকট্ৰিক প্ৰজেক্ট নিৰ্মাণৰ অৰ্থে L&T Power Development Limited চৰকাৰৰ পৰা সেউজ সংকেট পোৱা বুলি জানিছিলোঁ৷ বিগত ২৩ ডিচেম্বৰ ২০০৮তে চিয়াং অৱবাহিকাৰ উক্ত প্ৰকল্পটোৰ Memorandum of Understanding সম্পূৰ্ণ হৈছিল৷ প্ৰকল্পথলী কোনফালে আছে ৰাস্তাৰ পৰা একো উৱাদিহ নাপালোঁ৷ গাড়ী চলি গৈ থাকিল৷ জলবিদ্যুৎ উৎপাদনৰ সম্ভাৱনীয়তা ৰাজ্যখনৰ অন্য দিশৰ দৰে এইফালেও অনেক আছে৷ সিবোৰৰ পুংখানুুপুংখ অধ্যয়ন, কোন নদীৰ ক্ষমতা কিমান তাৰ হিচাপ কাহানিবাই স্থিৰ হৈ গৈছে৷

অতিশয় camera-friendly এইফালৰ দৃশ্যপটবোৰ৷ লেণ্ডস্কেপৰ বিবিধতাই ফটোগ্ৰাফাৰ, ফটোৰসিকক সহজেই পাগল কৰি দিব৷ কেমেৰা এটা আনিছোঁ যদিও কলাত্মক দিশটোত মুঠেই চহকী নহওঁ৷ উচাহৰ কোবতে মন গ'লেই, চকুৱে ভাল দেখিলেই যেনি-তেনি টোঁৱাই-ভিৰাই ক্লিক্‌ কৰি আছোঁ৷ পাছত চালে অন্ততঃ ঠাইখিনি, সময়টো গম পাম৷ তেনেকৈয়ে আমি কুয়িং পালোঁহি৷ ইয়াৰ পাছত তাত৷ তাতলৈ ৫ কিলমিটাৰ বাকী থাকোঁতে তাত-তালিহা ৰড জংছন৷ বাঁওহাতে তালিহালৈ৷ পকী স্তম্ভত দূৰত্ব স্পষ্টকৈ উল্লেখ কৰি থোৱা আছে৷ দিশ নিৰ্দেশনাও দিয়া হৈছে৷ এইবোৰে পৰ্যটকক খুব সহায় কৰে৷ দূৰত্বৰ অংকবোৰ পঢ়ি বুজা গ'ল যে তিনিআলিটোৰ পৰা আমাৰ লক্ষ্যস্থান মেন্‌-চু-খালৈ ৫৫ কিলমিটাৰ আৰু যাব লাগিব৷ পুৱা এৰি থৈ অহা আল চহৰৰ পৰা ১২৬ কিলমিটাৰ আহিলোঁ৷ আনহাতে তালিহালৈ দূৰত্ব ১৩৩ কিলমিটাৰ৷ তাকচিঙলৈ যাত্ৰা কৰি থাকোঁতে তালিহা পাবলৈ ২-৩ কিল'মিটাৰ থাকোঁতে ৰাস্তা এটা সোঁহাতে পৰ্বতৰ বক্ষৰে তললৈ নামি যোৱা মন কৰিছিলোঁ৷ মোৰ ধাৰণাত সেইটোৱেই আহি আহি ইয়াত সংযোজিত হৈছে৷

গগৈয়ে গাড়ীখন সোঁহাতে লৈ গল৷ ১০ মিনিটমান চলোৱাৰ অন্তত চলন্ত গাড়ীৰ পৰাই তেওঁ সোঁহাতে আঙুলিয়াই দেখুৱালে, নামনিৰ ফালে নৈৰ পাৰে পাৰে তাত'ৰ পৰা মণিগঙলৈ যোৱা সংকীৰ্ণ বাটটো৷ প্ৰায় লগালগিকৈয়ে সিখন গাড়ীও ৰ'লহি৷ ষ্টাৰ্ট বন্ধ নকৰাকৈয়ে এখন্তেক ৰৈ চালোঁ আটায়ে৷ ভয়ংকৰ পথ৷ খৰস্ৰোতা শিলাময় নৈ, থিয় পৰ্বতৰ এঢলীয়াত ছাঁ-পোহৰৰ খেল আৰু কেঁকুৰিযুক্ত ঠেক পথৰ সন্মিলনত দৃশ্যটো আমি ৰৈ থকা স্থানৰ পৰা নিঃসন্দেহে মনোমোহা লাগিছে৷ পিছে সেই সৌন্দৰ্যৰ অভ্যন্তৰত অনাকাংক্ষিত সত্য এটাও লুকাই নথকা নহয় যে চালকজন অকণমান অন্যমনষ্ক বা কিবা কাৰণত ষ্টিয়াৰিং অলপমান ঊনৈশ-বিশ হ'লেই গাড়ীয়ে-মানুহে, বয়-বস্তুৱে সমূলঞ্চে সৰি পৰিবগৈ নৈৰ বুকুত৷ সুশৰীৰে ঘূৰিযে আহিব, আশা নাই৷ কথাটো কল্পনা কৰিয়ে চাগৈ ৰাজীৱৰ কপালৰ বলিৰেখাবোৰ সংকুচিত হোৱাৰ উপক্ৰম ঘটিল৷ বাৰে বাৰে উচ্চাৰণ কৰি থাকিল এটা শব্দকে... deadly... deadly৷

কোন শিখৰতযে উঠিলোঁহি আহি আহি! আৰু ১০ মিনিটমানৰ পাছতে তাতত উপস্থিত হলোঁ৷ এই ঠাইৰ উচ্চতা ৪,৫৯২ ফুট৷ বি.আৰ.অ.ৰ সেউজীয়া চাইনবৰ্ডত লিখি থোৱা আছে You are at an altitude of 4,592 feet বুলি৷ তাত পোৱালৈকে প্ৰায় এঘণ্টা সময় আমি একেৰাহে উঠিয়েই থাকিবলগীয়া হল পকাই পকাই৷ যাত্ৰাটো বেচ উপভোগ্য হৈছে৷ ওপৰৰ পৰা চাই তলত এৰি থৈ অহা পথটো, নীলা জলৰাশি আদিকে ধৰি আৰণ্যক দৃশ্যৰাজি মুকলিভাৱে দেখা পাইছোঁ৷ আকাশলংঘী পাহাৰৰ মাজত সোমাই থাকি বেলেগ ধৰণৰ মজা লাগিছে৷ প্ৰকাশ কৰিব নোৱাৰা অনুভূতি কিছুমানো জাগিছে৷ চুবলৈ মন গৈছে জোঙা জোঙা চূড়াবোৰ৷ আকাশলৈও যেন সৰহ দূৰ নাই! পৰ্বতৰ দ গৰাবোৰ দেখিলে বহু লোকৰে গাঁঠিত জীউটো বান্ধিবলগীয়া অৱস্থা হয়৷ বহুজন যাত্ৰীৰে মূৰ ঘূৰায়, বমি হয়৷ ভ্ৰমণ উপভোগ্য হওক ছাৰি হৈ পৰে দুৰ্ভোগ৷ আমাৰ যেনিবা কাৰো তেনে সমস্যা সমূলি নাই৷ ঠিকে-ঠাকে আৰু সানন্দে আহি আছোঁ আটাইকেইজন পৰ্বতপ্ৰেমী, দৃশ্য চাই চাই, হাঁহি-স্ফূৰ্তি কৰি৷ মাজে মাজে বিস্কুট চোবাইছোঁ, পানী পি লৈছোঁ, বাটত কিনি লোৱা কমলাৰ বাকলি গুচাইছোঁ৷

তাত হৈছে মেন্‌-চু-খা আৰু মণিগং পথৰ সংগমস্থল৷ ঠেক ৰাস্তাটো তাতত দুভাগ হল৷ বৰ্ড এখনত লিখা আছে যে বাঁৱে মেন্‌-চু-খা, সোঁৱে মণিগং৷ য়মগৰ পাৰেৰে মণিগঙৰ দিশে আগুৱাইছে তললৈ নামি যোৱা গড়কাপ্তানী পথটো৷ য়মগ বা চিয়মৰ উৎপত্তিস্থল মণিগং চাৰ্কোলৰ বৰফাবৃত্ত পৰ্বতমালা৷ ঠাইখনলৈ ইয়াৰ পৰা দূৰত্ব ৬৭ কিলমিটাৰ মাত্ৰ৷ হলেও যাবলৈ ৭-৮ ঘণ্টা লাগে৷ বিভিন্ন কথা-বতৰাৰ মাজতে আমাৰ চালকজনে নিজৰ অভিজ্ঞতাৰ পেড়াটো আকৌ এবাৰ খুলি দিলে৷ আৰ্মী অফিছাৰৰ লগত মণিগঙলৈ তেওঁ এবাৰ গাড়ী চলাই গৈছিল৷ অতিশয় বিপদসংকুল পথ৷ বৰষুণ পৰিলে বিপদ অনিবাৰ্য৷ ছুম ঠিক যদিও বাৰিষা ট্ৰেক্টৰহে সবাতোকৈ উপযুক্ত৷ আনহাতে মই পঢ়িবলৈ পাইছিলোঁ, ১৯৬২ চনত চীনা জোৱানৰ ৫০০জনীয়া এটা দল মণিগঙৰ পৰা কিপুনাংগ্‌ গিৰিপথেদি আহি য়মগ অতিক্রম কৰি য়াপুইক্‌ ওলাইছিলহি৷ তেওঁলোকে মেন্‌-চু-খাৰ পৰা ভাগি অহা ভাৰতীয় সৈন্যক বাট ভেটি ধৰিছিল৷ আজিৰ তুলনাত সেই সময়ত ঠাইবিলাক কেনেকুৱা দুৰ্গম আছিল, ৰাস্তাবোৰ কি ধৰণৰ আছিল সেয়া কল্পনাও কৰিব নোৱাৰোঁ৷ দুৰ্লংঘ্য পৰ্বতৰ ফাঁকে ফাঁকে কিছু সময়ৰ পূৰ্বে ২০১৬ৰ নমুনা অকণমান দেখি আহিছোঁ৷ তাৰ অৰ্থ, সেইফালে এতিয়াও একো হোৱাগৈ নাই৷ ভূ-প্ৰাকৃতিক অৱস্থানজনিত প্ৰত্যাহ্বান নেওচি পথ উন্নয়ন সাধিত হ'লেহে সীমান্ত নিকপকপীয়া হ'ব৷

৫০ কিলমিটাৰ দূৰত্ব অতিক্রম কৰিবলৈ এতিয়াও বাকী৷ তাৰ মানে ২ ঘণ্টা কথাই নাই৷ আমি বাঁওহাতে আগ বাঢ়িলোঁ৷ পুলাছা, ৰাপুম্‌, ৰিগ আদি পাৰ হৈ আহিলোঁ৷ উলম্বপ্ৰায় পাহাৰত ইতিমধ্যে পাইন অৰণ্যৰ আৰম্ভণি ঘটিছে৷ ঠাণ্ডাও আগতকৈ তুলনামূলকভাৱে বাঢ়িছে যেন লাগিছে৷ পুলিন গগৈয়ে ইমানপৰে সুন্দৰভাৱে গাড়ীখন চলাই নি আছে৷ মেন্‌-চু-খা পাওঁ কি নাপাওঁ হওঁতে তেওঁ জনালে, জেগা পাবৰ হৈছে৷ পাহাৰৰ ওপৰত ডাঙৰ ডাঙৰকৈ MENCHUKHA বুলি আগতে লিখা আছিল৷ আগৰবাৰ আহোঁতে মই দেখিছিলোঁ৷ এতিয়া আছেনে নাই নাজানো৷ আপোনালোকে মন কৰি যাবচোন৷ সকলোৰে মুখবোৰ তৎমুহূৰ্ততে উজ্জ্বল আৰু চকুবোৰ সজাগ হৈ পৰিল৷ দৃশ্যটো মই গুগল খুঁচৰোঁতে পাইছিলোঁ৷ এতিয়া বাস্তৱত দেখিম৷ মেন্‌-চু-খাক কোনো কোনোৱে কাশ্মীৰৰ সৈতে তুলনা কৰে৷ কোনো কোনোৱে কয় Ladakh with greenary৷ মই সিমান ঘূৰা-ফুৰা কৰা নাই৷ কাশ্মীৰলৈও যোৱা নাই, লাডাখলৈও নাই যোৱা৷ আহিছোঁ মেন্‌-চু-খালৈ৷ একেখন ঠাইতে দেশৰ পৰ্যটন মানচিত্ৰৰ শীৰ্ষস্থানীয় দুঠাইৰ অনুৰূপ সমাৱেশ! ইয়াতকৈ বঢ়িয়া কথা কি হ'ব পাৰে? এইবোৰকে লৈ মনৰ ভিতৰত অনামী উত্তেজনা কিছুমান অহৰ্নিশে বিৰাজমান হৈ থাকিল৷ গাড়ীখন যিমানে আগুৱাইছে উত্তেজনাৰ তীব্ৰতাও সিমানেই বাঢ়িছে৷

দিন তিনি  ৷৷ খণ্ড ৫

বিলে, দুপু, ৰৱ, জেনে এৰি য়াপিক্‌ পালোঁ৷ তাত সংমণ্ডলৰ একেবাৰে পূবত অৱস্থিত গাঁও য়াপিক্‌৷ কাষতে বায়ৰ পৰ্বত৷ য়াপিকৰ পৰা মেন্‌চুখা উপত্যকা নোপোৱা পৰ্যন্ত আলৰ পৰাই লগ দি অহা নৈখন অতল গহ্বৰেদি বৈ থাকে, মাজে মাজে দেখা দিয়ে বুলি প্ৰস্তুতি কালতে গম পাইছিলোঁ৷ তাৰ মানে আমাৰ অৱস্থান এতিয়া যথেষ্ট উচ্চতাত৷ পৰ্বতৰ ওপৰে ওপৰে সৰ্পিল পথে পথে য়াপিক্‌ এৰি পালোঁহি হিৰ্‌গ৷ কেঁকুৰি এটা ঘূৰিছোঁ মাত্ৰ, বাওঁহাতে দূৰৰ পৰাই দৃশ্যমান হল হৰহৰাই পৰি থকা সুউচ্চ জলৰাশি৷ জলপ্ৰপাতটোৰ ঠিক সন্মুখতে দীঘল আৰ.চি.চি. ব্ৰীজ এখনো আছে৷ পানী তাৰ তলেৰে গৈছে৷ নৈত পৰিছেগৈ৷ দলং নাপাওঁতেই অন্য এক কেঁকুৰি৷ কেঁকুৰিটো নৌপাওঁতেই হোটেল এখন৷ লগতে অান দোকান দুই-এখন৷ হোটেলখনৰ ঠিক সন্মুখতে থামিল আমাৰ গাড়ী দুখন৷ Welcome to Hiba Line Hotel, Siko Dido (Waterfall), Yapo/Hirgo, P.O. Tato, P.S. Mechukha, Dist. West Siang (A.P.), TL No. MK/TL/16/2016/84 dtd. 29.7.16৷ চাইনব'ৰ্ডত লিখা কথাখিনি একে উশাহে পঢ়ি পেলালোঁ৷

আকাশত ৰদে জল্‌মলাইছে৷ ৰিব্‌ৰিব্‌ বতাহ বলি আছে৷ কাণ দুখনত বৰকৈ ঠাণ্ডা অনুভৱ কৰিছোঁ৷ আমি সোমাই আছোঁ ওখ আৰু জোঙা পৰ্বতৰ অন্তৰ্ভাগত৷ অৰূপদাক সুধিলোঁ, 'সময় কিমান হ?' 'দুপৰীয়া ১২.৩০ বাজে৷' গাড়ীৰ পৰা মাটিত ভৰি দিয়ে সকলোটি চিধাই ধাৱমান হল জলপ্ৰপাত চাবলৈ৷ মই পোনে পোনে আগুৱাই নগৈ এৰি থৈ অহা দিশটোলৈহে ঘূৰি খোজ ললোঁ৷ ইয়াতো এটা কেঁকুৰি৷ এইফালেও চাবলগীয়া দৃশ্য কিছু আছে৷ পিছুৱাই গৈ থাকি দৃষ্টিনন্দন পৰ্বতমালা আৰু পৰ্বততলীৰ ফটো তুলিলোঁ৷ ইয়াৰ পৰা নৈখনৰ নীল বৰণীয়া পানীৰ ধাৰটো দূৰৈত দেখি আছোঁ৷ ওপৰৰ পৰা চাই ভাল লাগিছে৷ দাঁতিতে থকা শিল এটাৰ ওপৰত বহি অকলশৰে দৃষ্টিসুখ পলুৱাই লোৱাৰ পাছতহে কাষৰ পৰা জলপ্ৰপাতটো চাওঁগৈ বুলি ৰাস্তাটোৰে আগলৈ নামি আহিব ল'লোঁ ধীৰ খোজেৰে৷ সঠিকভাৱে কোৱাটো টান যদিও এইখিনিৰ পৰাই অনুমান কৰিছোঁ, জলপ্ৰপাতটোৰ উচ্চতা ১৫০ মিটাৰমান হব চাগৈ৷ নামটো চিক-দিদ৷ দাঁতিত থিয় কৰি ৰখা শিলাস্তম্ভত লিখা আছে৷ হোটেলৰ বেৰত ওলমাই ৰখা চাইনব'ৰ্ডতো আছিল৷ শিলটোৰ তলফালে চিত্ৰসহ লিখি ৰখা Kumaon Rezang-la শব্দকেইটা দেখিয়ে লাডাখৰ চুশ্বুল উপত্যকাৰ দক্ষিণ-পূবত অৱস্থিত ৰিজাং গিৰিপথ, ১৯৬২ৰ ভাৰত-চীন যুদ্ধ আৰু সেনা জোৱানৰ সাহসিকতাৰ কাহিনী মনলৈ আহি গ'ল৷ একে সময়তে স্মৃতিয়ে উৰা মেলিলে অৰুণাচলৰ পূব প্ৰান্তৰ ৱালং, নামতি ভেলী আদি সমৰথলীবোৰলৈ৷ লোহিতৰ পাৰৰ ৱালঙত ভাৰতীয় সেনাবাহিনীৰ যুদ্ধ স্মাৰকত থিয় হৈ নীলা নৈখনলৈ চাই চাই অভিভূত হোৱা মুহূৰ্তবোৰ চিনেমাৰ ৰীলৰ দৰে ধাৰাবাহিকভাৱে মনলৈ আহি থাকিল স্তম্ভটোৰ পৰা দৃষ্টি অাঁতৰ নকৰালৈকে৷

মেন্‌-চু-খাৰ ফালে যাবলৈ অহা মিলিটেৰী গাড়ী কিছুমান পকী দলংখনৰ ওপৰতে শাৰী পাতি ৰৈছে৷ মবাইল ফোনত সংযুক্ত কেমেৰাৰে জোৱানসকলে খুব ফটো তুলিছে৷ কিছুমানে ছেল্‌ফী লৈছে৷ সৈন্যদলৰ মাজে মাজেই খোজ পেলাই দলং পাৰ হ'লোঁ আৰু লুংলুঙীয়া বাটেৰে নামি গ'লোঁ জলপ্ৰপাতৰ শীতল জল স্পৰ্শ কৰি চাওঁ বুলি৷ শিলত ঠেকা খাই উফৰি অহা পানীৰ কণিকা কিছুমান অতৰ্কিতে গায়ে-মুখে পৰিলহি৷ চেঁচা পৰশটোৱে শৰীৰত ঠাণ্ডা দুগুণে অনুভৱ কৰালে৷ এয়া বেলেগ ধৰণৰ সুখবোধ৷ প্ৰকৃতিপ্ৰদত্ত এনে সুখস্পৰ্শ পাবলৈ অনৱৰতে ব্যাকুল হৈ থাকোঁ৷ মেন্‌-চু-খালৈ ইয়াৰ পৰা দুঘণ্টাৰ বাট যাবলৈ বাকী আছে৷ তাত ঠাণ্ডা কেনেকুৱা হব পাৰে, এনেয়ে এবাৰ অনুমান কৰি চালোঁ৷ ৰাক্‌চেকত টুপী, হাত মোজা আছে বাৰু৷ চিন্তা নাই, দৰকাৰ হ'লে পিন্ধি ল'ম৷

প্ৰায় ৪ বছৰ ধৰি প্ৰকাশ ছেত্ৰীয়ে চিক-দিদ জলপ্ৰপাতৰ কাষৰীয়া এই সুখময়, সৌন্দৰ্যময়, নিৰিবিলি জেগাত ভাতৰ হোটেলখন চলাই আছে৷ পৰিয়ালো ৰাখিছে৷ আমাৰ প্ৰত্যেকৰে পেটে কলমলাই আহিছে৷ গতিকে হিবা হোটেলতে দুপৰীয়াৰ সাজৰ বাবে কথা পতা হল৷ সিফালৰ পৰা 'হৈ যাব' বোলাত আমাৰ মনবোৰ ভাল লাগিল৷ অকণো ৰৈ নাথাকি অৰূপদা নিজেও লাগি গল, ৰান্ধনীৰ সমানে সমানে৷ ৰন্ধা-বঢ়া কাৰ্য তেওঁ ভাল পায় আৰু সিদ্ধহস্তও৷ প্ৰদীপদা আৰু কাটাউচে তদাৰক কৰি গ'ল৷ মই জুইৰ গুৰিত বহি শীতে আক্ৰমণ কৰা শৰীৰটো তপতোৱাৰ লগতে খাদ্য প্ৰস্তুতিৰ আলেখ-লেখবোৰ চাই থাকিলোঁ৷ মাজে মাজে ছেত্ৰী, ছেত্ৰীৰ পৰিবাৰ আৰু লৰা-ছোৱালীহালৰ সৈতে বাক্যালাপ চলাই থাকিলোঁ, ভগা ভগা নেপালী ভাষাৰে৷ ঠাইটুকুৰাৰো বুজ ললোঁ৷ আমাৰ উপস্থিতিত পাকঘৰটোৰ ভিতৰখনত উখল-মাখল লাগি গৈছে৷ নিজৰ নিজৰ ভাগে স্বামী-স্ত্ৰীহাল কামত ব্যস্ত হৈ পৰিল৷ নহৰু দুফোটামান গুচাই ময়ো সহায় কৰি দিলোঁ৷

চৌকাৰ জুইকুৰা দপ্‌দপাই জ্বলি উঠিছে৷ গাটো গৰম হলত মুকলি আকাশৰ তললৈ ওলাই আহিবৰ মন গ'ল৷ কাষৰ দোকানখন আদি জনগোষ্ঠীয় মহিলা এগৰাকীৰ৷ তেওঁৰ সৈতে কথা-বাৰ্তা হলোঁ৷ সৰু সৰু লৰা-ছোৱালীকেইটামানে কাষতে খেলি আছে৷ সিহঁতৰ সৈতেও কিছু সময় কটালোঁ আৰু ফটো তুলিলোঁ৷ হোটেলখনৰ বাহিৰত সজা বাঁহৰ চাং এখনত পাহাৰীয়া কচু, ৰঙালাউ, পিঠিত বস্তু কঢ়িওৱা জনগোষ্ঠীয় বাস্কেট আদি বিক্রীৰ বাবে থৈ দিয়া হৈছে৷ অলপ সময় সেইবোৰ লিৰিকি-বিদাৰি চালোঁগৈ৷ সেইবোৰ দেখি দলৰ কোনো কোনোৱে ঘূৰি যাওঁতে ইয়াৰ পৰা কচু, ৰঙালাউ কিনি নিয়াৰ ইচ্ছা ব্যক্ত কৰিলে৷ আগ্ৰহ দেখি ভালেই লাগিল৷ সময়ত কাৰ মনে কি চিন্তে সেয়াহে অনিৰ্ধাৰিত৷

পৰিসংখ্যাৰ ফালৰ পৰা অৰুণাচল প্ৰদেশৰ ৮০ শতাংশ অঞ্চলেই ঘন অৰণ্যৰে পৰিৱেষ্টিত৷ আমাকো এতিয়া চতুৰ্দিশৰ পৰা আগুৰি পেলাইছে অনুপম সৌন্দৰ্যপূৰ্ণ সেউজীয়া পাহাৰ-পৰ্বতে৷ পানীৰ অবিচ্ছিন্ন কল্‌কলনিৰ শব্দই ঠাইডোখৰ প্ৰতি মুহূৰ্ততে মুখৰ কৰি ৰাখিছে৷ বিপদসংকুল হোৱা সত্ত্বেও কেঁকুৰিৰ আঁৰত লুকাই পৰা যাত্ৰাপথটো মোহনীয়৷ ইফালে-সিফালে পিট্‌পিটাই ফুৰিছোঁ, তেনেতে ৰন্ধনশালাৰ পৰা প্ৰদীপদাৰ চিঞৰ ভাহি আহিল... 'ভাত খাব পৰা হৈছে, আহি যোৱা৷' ভিতৰ সোমাই চাওঁ যে মাংসৰ কেৰাহী তেতিয়াও জুইৰ ওপৰতে৷ বক্‌-বক্‌কৈ উতলি আছে৷ তাৰ মানে বুজা গল, নিৰামিষাহাৰীক প্ৰথমে সুবিধাটো দিয়া হৈছে৷ মধ্যস্থতাকাৰী প্ৰদীপদা৷ মোৰ লগতে তেৱোঁ নিৰামিষভোজী৷ টেবুল এখন অধিকাৰ কৰি প্ৰদীপদা আৰু মই আগে-ভাগে বহি গলোঁ৷ গৰম গৰম ভাত, দাইল, স্কোৱাচ সিদ্ধ আৰু আলু ভাজি আহিল৷ পৰম তৃপ্তিৰে খাই আছোঁ৷ গিলাচ, থাল হাতত লৈ কাটাউচ টেবুলৰ ফালে চাপি আহিল৷ তেওঁ নিৰামিষাহাৰী নহয়৷ ধোঁৱা উৰি থকা আমাৰ খাদ্য-সম্ভাৰলৈ মনোযোগেৰে চাই থাকিল অলপপৰ৷ মোৰ ভাগৰ স্কোৱাচ এটুকুৰা খালে৷ তাৰ পাছতে কি হ'ল জানো, সজোৰে ঘোষণা কৰি দিলে যে তেওঁ নিৰামিষহে খাব আজি!

কিয় নাজানো, অৰুণাচলৰ নৈ, পৰ্বত আৰু অৰণ্যৰ সংমিশ্ৰিত ৰূপটোৱে বাৰে বাৰে বিমুগ্ধ কৰে মোক৷ ভাত-পানী খাই চিক-দিদৰ সন্মোহনী অংগসজ্জা পুনৰবাৰ পৰিদৰ্শন কৰিবলৈ ওলালোঁ, অকলে অকলে৷ এইটো বাটে এইটোৱেই সবাতোকৈ ওখ-ডাঙৰ জলপ্ৰপাত৷ কৰ পৰানো নিৰৱচ্ছিন্নভাৱে ওপৰৰ পৰা ওলাই আহি আছে ইমানকৈ পানী? কোনোবা বগাইছেনে বাৰু তালৈকে? সিফালে কি আছে? এতিয়া পানী কম আছে৷ বাৰিষা নিশ্চয় বৰ ভয়লগা হৈ পৰিব৷ পানীৰ ছিটিকনি দলং পাবহি৷ এইবোৰকে লৈ মনৰ ভিতৰত ভাব আৰু ভাষাৰ অনেক টনা-আঁজোৰা চলিব লাগিল, চেঁচা বতাহজাক দেহত লৈ৷

প্ৰাপ্ত এক খবৰৰ মতে, অৰুণাচল চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী আৰু পানী যোগান বিভাগটোৱে আগন্তুক ২০২০ চনত সকলোৰে বাবে সুৰক্ষিত খোৱাপানী যোগানৰ প্ৰতিশ্ৰুতি ইতিমধ্যে ঘোষণা কৰিছে৷ সেই অনুসৰি ২০১৯ চনত অৰুণাচলক অপেন ডিফেক্‌চন্‌ ফ্ৰী ৰাজ্য আৰু ২০২১ চনত সকলোৰে বাবে বিশুদ্ধ খোৱাপানী উপলব্ধ কৰাৰ অভিলাষী লক্ষ্য বান্ধি লোৱা হৈছে৷ পানীৰ উৎসসমূহ বৰ্তাই ৰখাৰ উদ্দেশ্যে সেউজ বন্যভূমি সংৰক্ষণৰ হকে কাম কৰিবলৈ পৰ্যাৱৰণ আৰু বন বিভাগকো আহ্বান জনোৱা হৈছে৷ নিশ্চয়কৈ এটা ভাল আৰু জনহিতকৰ লক্ষ্য এয়া৷ এনেস্থলত মিনাৰেল ৱাটাৰৰ আগ্ৰাসন কমিব বুলি ভাবিব পাৰি নিশ্চয়৷ ইয়াত এইটো কথাত সুখী হ'লোঁ যে হিবা লাইন হোটেলত বটলৰ কাৰবাৰ নাই৷ জলপ্ৰপাতৰ পানী খাবলৈ পালোঁ৷

চকুৰ সন্মুখত প্ৰাকৃতিকভাৱে বিশাল হাৰত ধাৰাবাহিক এৰিয়েশ্বন চলি থকা চিক-দিদ৷ এনেবোৰ পানীকে বটলত ভৰাই বিক্রী কৰিয়েচোন ধনী হৈ যাব পাৰি! ডিঙি বেঁকা কৰি সেইফালে চাই চাই কিছু সময় কটালোঁ মনতে ভাবি ভাবি৷ তেনেকুৱা সময়তে সংগীসকল হোটেলখনৰ পৰা এজন এজনকৈ বাহিৰ ওলাই আহিল৷ ভাব সামৰি ময়ো মনে মনে গাড়ীত বহিলোঁহি৷