Friday, 25 August 2017

৩২. সুবীৰৰ নাসিকাগৰ্জন

বিশিষ্ট ব্ৰিটিছ ব্যংগ ঔপন্যাসিক Anthony Burgessৰ কথা এষাৰ আছে৷ ''হাঁহক, জগতখনে আপোনাৰ সৈতে হাঁহিব; ঘোৰ্ঘোৰাওক, আপুনি অকলেই শুব লাগিব৷''

কোঠাৰ ভিতৰত শোৱা কোনোবা এজন সংগীৰো যদি ৰাতি নাক বজা স্বভাৱটো থাকে তেন্তে বাকীসকলৰ অৱস্থা কেনেকুৱা হয় তাৰ বৰ্ণনা অভিজ্ঞতাপুষ্টসকলে খুব ভালকৈ দিব পাৰিব৷ খনমালৈ আহি এইটো অভিজ্ঞতাই জীৱনলৈ মোকো বাৰুকৈয়ে পুষ্ট কৰি তুলিলে৷ এজনৰ সমস্যাৰ কাৰণে আনৰ নিদ্ৰাসুখত ইমানেই ব্যাঘাত জন্মে যে নিশাৰ টোপনি হেৰুৱাই অশান্তিত ছট্‌ফটাবলগীয়া হয়৷ আৰু আজি কাৰ্যতঃ সেইটোৱেই হ'ল অৰুণদা আৰু মোৰ৷ কি সুন্দৰভাৱে অলপ আগলৈকে খনমা, ঝুক' ভেলীৰ পৰা Pieter Steynৰ 'Zapuphizo, Voice of the Nagas'ক সামৰি বিশাল আয়তনৰ জ্ঞানগৰ্ভ আলোচনা কিছুমানত বুৰ গৈ আছিলোঁ, পাহাৰীয়া ৰঙা চাউলেৰে ভাতকেইটা খাইছিলোঁ, আৰু এতিয়া এই নিৰ্মম অশান্তি!

ৰূমমেট সুবীৰ অশান্তিকৰ হৈ পৰিল৷ পোনপটীয়া কাৰণটো হ'লগৈ সুবীৰৰ নাসিকাগৰ্জন৷ সচৰাচৰ মানুহেই জানে যে শব্দ প্ৰাবল্যৰ একক হৈছে ডেচিবেল৷ বিজ্ঞানী-গৱেষকৰ জোখমতে নাকৰ ঘোৰ্ঘোৰণিৰ শব্দ ৬০ৰ পৰা ৯০ ডেচিবেল পৰ্যন্ত হ'ব পাৰে৷ অৰ্থাৎ সাধাৰণ কথা পতা শব্দৰ পৰা চলন্ত ডিজেল ট্ৰাক বা ৰে'লৰ আৱাজৰ সমান৷ কোনো গহীন স্বাস্থ্যগত বিষয় নহয় যদিও এই শব্দমালা বৰ অস্বস্তিদায়ক৷ ৰাতিটো আগুৱাইছে মানে সুবীৰো আমাৰ বাবে চূড়ান্ত অশান্তিদায়ক হৈ উঠিল৷

শুই থাকোঁতে উশাহত গ্ৰহণ কৰা বায়ুৰ প্ৰৱেশত আংশিকভাৱে বাধা পৰাৰ ফলত সৃষ্টি হোৱা শব্দটো শুনিবলৈ একেবাৰে ভাল নলগা বিধৰ৷ জিভা, কোমল তালু, তালুমূল, এডেনয়ড, আলজিভা আদি কোমল অংশৰ মাজেৰে মুখৰ ভিতৰলৈ বতাহ প্ৰৱেশ কৰোঁতে আমাৰ ঘোৰ্ঘোৰণি সঁজুলিবোৰত কম্পন উঠে৷ ওলমা বা শিথিল কলাবোৰৰ কম্পনৰ ফলত শব্দৰ সৃষ্টি হয়৷ পেশীৰ দুৰ্বল গঠন বা ডিঙিৰ চৌপাশৰ অতিৰিক্ত মেদ বা ওজনে ওপৰ অংশৰ বায়ু সোমোৱা পথ ঠেক কৰাৰ ফলতো শব্দটো বিকট হ'ব পৰে৷ কেতিয়াবা লেলেটিয়া ছাইনাছৰ সমস্যা বা আন শ্বাস-প্ৰশ্বাসজনিত অসুখ থাকিলেও অদ্ভুত শব্দ উঠিব পাৰে৷ কিন্তু সৰহভাগ মানুহৰ ক্ষেত্ৰত কোনো বিশেষ কাৰণ নোহোৱাকৈয়ে কেৱল উশাহ-নিশাহ লোৱাৰ বেয়া অভ্যাসৰ বাবেই নাসিকাগৰ্জনৰ সৃষ্টি হয়৷

সুবীৰৰ ক্ষেত্ৰত কাৰণটো কি হ'ব নাজানাে৷ আমাক চিন্তাত পেলাই সি মজাসে নাক বজাই বজাই শুই আছে৷ অৰুণদা আৰু মই বিছনাত বহি লৈ মধ্যৰাতিৰ আলোচনা-চক্ৰ আয়োজন কৰিছোঁ৷ কিতাপৰ পৃষ্ঠালৈ মনত পেলাইছোঁ৷ বিষয়-বস্তু হৈছে দুয়োৰে বিছনা দুখনৰ মাজত অবিৰামভাৱে চলি থকা তৃতীয় ব্যক্তিজনৰ নাসিকাৰ শাস্তিদায়ক আৱাজ৷ চিন্তা কৰিছোঁ, দুয়োজনৰে পৰিত্ৰাণৰ উপায় কি হ'ব এতিয়া? আমি শুব পাৰিমনে? নে এনেকৈয়ে ৰাতি পুৱাব? তিনিজনৰ এজনেহে শুব নেকি! হাঁহিও উঠিছে, খঙো উঠিছে৷

মদ্যপান, ধুমপান, মেদবহুলতা, জড়তা বা এলেহুৱা স্বভাৱ আদিয়ে নাকৰ ঘোৰ্ঘোৰণিৰ সৃষ্টি কৰাত সহায় কৰাৰ উপৰি ইয়াৰ মাত্ৰা বঢ়ায়৷ এলকহলে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ ওপৰত অৱসাদজনক প্ৰভাৱ পেলায়৷ ফলত পেশীবোৰ শিথিল হৈ টোপনিত বায়ুৰ প্ৰৱেশপথ ঠেক হৈ পৰে৷ ফলস্বৰূপে শব্দৰ সৃষ্টি হ'ব পাৰে৷ ধুমপানৰ ফলত ডিঙিৰ কলাবোৰ ফুলি উঠে৷ ফলত নাকৰ বায়ুপথ বন্ধ হৈ পৰে৷ ফলস্বৰূপে শব্দৰ উদ্ভৱ হ'ব পাৰে৷ সুবীৰৰ ক্ষেত্ৰত বেমাৰটো কোনটো? ধৰাৰ সাধ্য আমাৰ নাই৷ আমি চিকিৎসকো নহওঁ, ৰোগীও নহওঁ৷

ঘোৰ্ঘোৰণি নিৰাময়ৰ কোনো সহজ চিকিৎসা নাই বুলি কোৱা হয়৷ কেতবোৰ উপায়েৰে কমাইহে ৰাখিব পৰা যায়৷ আমাকো তুৰন্তে উপায় এটা লাগে৷ শোৱাৰ অৱস্থিতিৰ লগত ঘোৰ্ঘোৱাৰ সম্পৰ্ক থাকে হেনো৷ পিঠিখন তললৈ দি ওপৰমুৱাকৈ শোৱা মানুহে ডাঙৰ শব্দ কৰি ঘোৰ্ঘোৰায়৷ পিঠি তললৈ দি শুলে জিভা আৰু দাঁতৰ আলুৰ পেশী শিথিল হৈ মুখ মেল খায় আৰু জিভা পিছলৈ ঘূৰ খায়৷ তাৰ ফলতো কম্পন উঠে৷ ঘোৰ্ঘোৰণি ক্রমে বেছি হ'ব ধৰিলে উশাহ লোৱাত অসুবিধা হয়৷ তেতিয়া ব্যক্তিজন নিজে নিজে সাৰ পাই উঠে৷ তেতিয়া ভালদৰে উশাহ-নিশাহ লৈ তেওঁ শোৱাৰ অৱস্থানটো ঠিক কৰি লয় আৰু পুনৰ শুই পৰে৷ আনহাতে, কাতি হৈ শুলে জিভাখন সঠিক অৱস্থানত থাকে আৰু ঘোৰ্ঘোৰণিৰ মাত্ৰাও ভালেখিনি কমি থাকে৷ একেৰাহে বাজি থকা সুবীৰলৈ চাই আছোঁ, কেতিয়ানো নিজে নিজে সাৰ পাই উঠিব বুলি৷ পিছে নাই, ইঞ্জিন চালুৱে হৈ আছে৷ অলপমান সকাহ পাবলৈকে কাতি কৰিব পাৰি নেকি চালোঁ, নাই লৰাবকে নোৱাৰোঁ৷

ঘোৰ্ঘোৰণিৰ পৰা ৰক্ষাৰ অৰ্থে শব্দ প্ৰতিৰোধী বিশেষ ধৰণৰ গাৰু, দাঁতৰ পাৰিৰ তলৰ অংশত লগোৱা বস্তু, ৰেকৰ্ডাৰ আদিকে ধৰি কেতবোৰ যান্ত্ৰিক ব্যৱস্থা বজাৰত নোলাৱা নহয়, ওলাইছে হেনো৷ কিন্তু সেইবোৰ ব্যৱহাৰ কৰাতো অসুবিধা আৰু টোপনিতো ব্যাঘাত জন্মায়৷ ঘোৰ্ঘোৰণি নিয়ন্ত্ৰণ কৰিবলৈ আলজিভা, তালু আৰু গ্ৰসনীৰ অস্ত্ৰোপচাৰ, ৰেডিঅ'-কম্পনাংক অপসাৰণ আদি আছে যদিও পাৰ্শ্বক্রিয়া থকাৰ বাবে সেইবোৰৰ ব্যৱহাৰো সীমিত৷ পিছে আমাৰ এইজনতো নিজেই মেডিকেলৰ মানুহ৷ একো ভবা নাইনে? পত্নীয়ে কোৱা নাইনে? সুবীৰৰ পত্নীৰ বাৰু কি দশা হয়? নে তেওঁৰো সমানেই চলে? ঘোৰ্ঘোৰণিৰ উত্তৰ ঘোৰ্ঘোৰণিয়েই হয়তো হ'ব পাৰে৷

সুবীৰৰ নাসিকাগৰ্জনৰ তীব্ৰতাই অৰুণদা আৰু মোক বেছ দুৰ্ভোগ ভোগাইছে৷ ফাৰ্মাচিষ্ট হৈও তেওঁ ইয়াৰ নিৰাময়ৰ চিন্তা তিলমাত্ৰও নকৰা যেন লাগিল৷ আগতে জনা হ'লে আমি ব্যৱস্থা বেলেগ কৰিলোঁহেঁতেন৷ পিছে সেই সময় কেতিয়াবাতে উকলিল৷ সদ্যহতে কাণত ঠিলা দিয়াৰহে উপক্ৰম ঘটিছে৷ কেইবাবাৰো উঠা-বহা কৰি থাকি অস্বস্তি লগাত সুবীৰৰ গাৰুটো টান মাৰি উলিয়াই দিলোঁ৷ অলপ সময়ৰ বাবে পৰিৱেশটো শান্ত হ'ল যদিও বেছি সময় নিটিকিল, আকৌ বাজিল৷ দ্বিতীয় প্ৰচেষ্টা হিচাপে গাৰুটো মুখৰ ওপৰত বহুৱাই ৰাখিলোঁ৷ একেই কথা৷ নগণ্য বিৰতিতে শব্দমালা আকৌ উদ্ভৱ হ'ল৷ ৰূমমেটৰ অৱস্থাক লৈ অৰুণদা আৰু মই মধ্যৰাতিও ডাঙৰ ডাঙৰকৈ কথা পাতিলোঁ৷ খুবমতে হাঁহিলোঁও৷ বাকী কোঠাৰ বন্ধুসকলে Kiphoত কি নাটক চলি আছে গম পাইছে যদিও নাজানো৷ সুবীৰে হ'লে সাৰ নাপালে৷ নাক বজাই বজাই শুয়ে থাকিল আৰু আমাক উজাগৰে থাকিবলৈ বাধ্য কৰালে৷ শেষত সিদ্ধান্ত ল'লোঁ যে এয়াই আৰম্ভণি, এয়াই শেষ৷ এইজন দাগী ট্ৰেভেলাৰৰ সৈতে ৰূমমেট আৰু কেতিয়াও হোৱাত নাই৷ বেয়া পালেও ক'ম যে এনেকুৱা নিনাদগ্ৰস্ত নৈশসংগী বৰ আহুকলীয়া, বিশেষকৈ যাত্ৰাকালত৷


৩১. খনমাৰ নিশাটি

মনটোক দমাই ৰাখিব নোৱাৰিলোঁ আৰু অতিথিশালাৰ মূল দৰজাখন মেলি অকলেই ওলাই আকাশখন চালোঁগৈ এবাৰ৷ চৌপাশলৈও চালোঁ৷ খনমাই নিঃপালি দিলে৷ কেনিও সাৰি-শব্দ নাই৷ বাহিৰত ঠাণ্ডা৷ পাহাৰীয়া মানুহৰ সময় পৰিচালনা আমাৰ লগত নিমিলে৷ নিশা চাৰে ছয়মান বজাৰ ভিতৰত নৈশ আহাৰ হৈ যায় সকলোৰে৷ খনমাতো একেটাই কথা৷ খট্‌খটিৰ ওপৰেৰে দেখি থকা দূৰৈৰ বিজুলী চাকিবিলাকে ঠাইডোখৰৰ শান্তিপূৰ্ণ অৱস্থিতিৰ কথাকে যেন ঘোষণা কৰিছে৷ আকাশখন পিছে মুকলি নহয়৷ বৰষুণ পৰিব৷ পুৱাতে ইফালে ক'হিমালৈ যাব লাগিব৷ নাজানো বতৰে কি বিহু দেখুৱায়৷ বতৰৰ অচিলা লৈ খনমাবাসী সকলোটি শুই পৰিছে চাগৈ৷ ব্যতিক্রম মাথো এনে ৰুটিনৰ সৈতে অভ্যস্ত নোহোৱা আমি পৰ্যটককেইটা৷ তাতে দুপৰীয়াৰ ভাত যথেষ্ট পলমকৈ খোৱা হৈছে৷ গতিকে অন্ততঃ ১০ বাজক বুলি ৰৈ আছোঁ৷

Kipho ৰূমৰ আড্ডাটো সৰৱ হৈ উঠাৰ পথত৷ কথা ওলাইছে ফিজো, এন.এছ.চি.এন.ৰ পৰা আৰম্ভ কৰি কাইলৈ ঝুক' ভেলীত ট্ৰেকিং কৰালৈকে৷ নগা জনগণৰ বিদ্ৰোহৰ সৈতে জড়িত কেইবাটাও ঘটনাৰ সৈতে আংগামী নগা আৰু খনমা গাঁওখনৰ নাম ওতপ্ৰোতভাৱে আৰু বিশেষভাৱে সংযুক্ত৷ অৰূপদা আৰু সুবীৰৰ সৈতে শেহতীয়াভাৱে কাষৰ কোঠাৰ পৰা আহি আড্ডাত যোগ দিছেহি ৰাজীৱে৷ তেওঁৰ পূব নাগালেণ্ডৰ অভিজ্ঞতালব্ধ প্ৰসংগৰে মুখৰিত হৈ উঠিছে কোঠাটো৷ সিহঁতৰ ভাগৰ পটেট' চিপ্‌চ খাবলৈ দিয়া হৈছে মোক৷ অৰূপদা অলপ পাছতে ওলাই গল৷ পাকঘৰৰ খবৰ ললেগৈ৷ ডাইনিং ৰূমত শিবু, জন, আখুত'হঁতে হট্‌কেছত ভাত-ভাজি যতনাই টেবুলৰ ওপৰত ৰাখি থৈ কেতিয়াবাই গুচি গৈছে৷ আমি ইফালে লেকচাৰত মছগুল৷ মোক ভাত খাই লবলৈ চিঞৰি কৈ গ'ল অৰূপদাই৷ ''ইহঁতৰ দেৰি হব, তুমি ভাতটো খাই লোৱা দেই৷'' আকৌ এবাৰ তলৰ পৰা ফোনতেই তেওঁ এক প্ৰকাৰ জোৰ কৰিলে মোক৷ তেওঁ জানে, সুবীৰ, ৰাজীৱহঁতৰ পলম হ'ব৷ কথাবোৰ গীত হৈ হৈ উৰিব আৰু অলপ সময়ৰ পাছতে৷ বুজি পাইছোঁ, সিহঁতৰ পাল্লাত পৰি মোৰ যেন পেটৰ কেঁচু-কুমটি নমৰে তাৰ বাবেই জ্যেষ্ঠজনৰ এয়া সাৱধান-বাণী৷

এতিয়ালৈ ভোক নলগা নহয়৷ খোজো কঢ়া হ'ল যথেষ্ট৷ তল-ওপৰ, ওপৰ-তল৷ ৫ কিল'মিটাৰৰ কম নহ'ব বুলি অলপ আগতে এই সদনতে নিশ্চিত হৈছে৷ ভাতমুঠিক উপলক্ষ্য কৰি সভাস্থলী ত্যাগ কৰাৰ ইচ্ছা এটায়ো এতিয়া খুন্দিয়াব ধৰিছে৷ পিছে যি দেখিছোঁ, প্ৰসংগতলীৰ পৰা ওলাই অহাটোহে টানেই হৈ পৰিছে৷ ''আংগামী নগা যেনেকুৱা যোদ্ধা, গীতে-মাতেও চহকী৷ তেওঁলোকৰ গীত-মাতবোৰত কবিত্ব আছে, মাধুৰ্য আছে, সাহিত্যিক উৎকৰ্ষৰ বাবে অন্তৰ্নিহিত বিষয়-বস্তুও আছে৷'' ''কথাটো হয়৷ আমি ঘণ্টাদিয়েক আগতে উপস্থিত হোৱা খনমা গাঁৱৰ আংগামী নগাৰ গান দুশাৰীমান ময়ো অলপ সময়ৰ আগতে এঠাইৰ পৰা সংগ্ৰহ কৰিলোঁ৷ গীতত কৈছে… 'খ্ৰেচাম্যে পোৱ বমে কেন্যে... হেই-হো-হেইহো৷' ভাবাৰ্থটো হেনো এনেকুৱা… দুটি নাৰী-পুৰুষ, কিনো কৰিবা, চিৰন্তন সমস্যা আমাৰ, আনন্দ কৰা, আনন্দ কৰা৷ ৰামধেনুৰ লেখীয়া বিচিত্ৰধৰ্মী আৰু লোক-জীৱনত সমাদৃত এইবোৰ মৌখিক সাহিত্য৷'' এনেকুৱা গভীৰতাৰ পৰা ঘপকৈ উঠি আহোঁনো কেনেকৈ?

আৰু অকণমান সময়৷ তাৰ পাছতে অৰূপদাৰ কথা মানি ৰাজীৱ আৰু সুবীৰক Kiphoতে এৰাৰ সংকল্পটো দৃঢ় কৰি পেলালোঁ৷ শ্লিপাৰযোৰ চোঁচৰাই চোঁচৰাই বিচাৰি উলিয়ালোঁগৈ তলৰ ডাইনিং হলটো৷ অৱশ্যে আশা কৰাতকৈ কম সময়ৰ ভিতৰতে সিহঁত দুটাও সভা সামৰি ভাতৰ পাতত হাজিৰ হ'ল৷ পৰদেশৰ কথা৷ নিজৰ ঘৰুৱা ৰুটিন নচলে৷ খাদ্যৰ থলীতেই পুনৰবাৰ মুখবোৰ দেখা পালোঁ বাকী সকলোজন সদস্যৰে৷ সুদৃশ্য কোঠাটোত আটায়ে মিলি আনন্দ কৰি এমুঠি খালোঁ৷ আমাক দিয়া ৰঙা চাউলবিধে দ্বিতীয়বাৰলৈ সকলোৰে জিভাক জয় কৰিলে৷ ভাতকেইটাৰ বৰণটো কাৰবিসকলে জুমতলীত কৰা চুবকৰ অনুৰূপ৷ ''যাওঁতে এবস্তা কিনি ঘৰলৈ লৈ যাব লাগিব৷'' সোৱাদটো সহজে হেৰুৱাব নোখোজা কোনোবা এজনে চিধাচিধিকৈ মনৰ ভাব-অনুভূতি প্ৰকাশ কৰিয়ে পেলালে৷ মই মন কৰিলোঁ, এসময়ৰ বিভীষিকাস্বৰূপ আংগামী নগাৰ আতিথ্যও এই পাহাৰীয়া চাউলবিধৰ দৰেই মিঠা৷ ইমান মৰম কৰিছে আমাক!

সময় সলনি হৈছে৷ মানসিকতাৰো পৰিৱৰ্তন হৈছে৷ নিৰ্ভয় দিব পাৰিছে নাগালেণ্ডে৷ এনেবোৰ কাৰণতেই ইয়াত আজি পৰ্যটন উদ্যোগে পোশা মেলিছে৷ আগতে কম মানুহ আহিছিল৷ এতিয়া বেছি৷ আমিও আহিছোঁ৷ আগলৈ আৰু সৰহ মানুহ আহিব খনমালৈ৷ চাবলগীয়া, জানিবলগীয়া, শিকিবলগীয়া বহুত আছে ইয়াত৷ খনমাক বাদ দি নাগালেণ্ড ভ্ৰমণ মিছা৷ মইতো ভাবো, প্ৰথমেই আহিব লগা ঠাই খনমাহে৷ এতিয়া বুজিছোঁ, দীপমইনাই ভ্ৰমণ-সূচীত কিয় খনমাক আগস্থান দিলে, কিয় আমাক ৰাতিটো নগৰীয়া ক'হিমাত নাৰাখি গাঁৱলীয়া খনমাত ৰাখিলে৷ উচিত চিন্তাই কৰিলে তেওঁ৷ তাৰ বাবে দীপমইনা দুৱৰা ধন্যবাদাৰ্হ৷

সোনকালে শুবগৈ লাগে৷ অথচ এৰাএৰি যেন নহ'মেই! ভাত খোৱাৰ পাছত ৰিচেপশ্বন কক্ষৰ চোফাত বহি আকৌ এভাগ কথোপকথন আৰম্ভ হ'ল৷ এইবাৰ আলোচনা চলিছে নাগালেণ্ডৰ পৰ্যটন উন্নয়নৰ বিষয়ে৷ সম্ভাৱনাই ঠাহ খাই আছে নাগালেণ্ডৰ পাহাৰে পাহাৰে৷ আলোচনাথলীতে চিনাকি হ'লোঁ ডিব্ৰুগড়ৰ পৰ্বতীয়াৰ হীৰেন গগৈৰ সৈতে৷ পেছাত কি নাজানো, নিচাত ফটোগ্ৰাফাৰ৷ দীপমইনাৰ চিনাকি ল'ৰা৷ কম বয়সীয়া এই ডেকাও গৈছিল অৰুণাচল-চীন সীমান্তৰ দুৰ্গম আতুপপলৈ৷ তেওঁৰ মুখে সেই অভিজ্ঞতাৰ ৰোমাঞ্চকৰ বিৱৰণী শুনিলোঁ৷ হীৰেন এইবাৰ আহিছে, ঝুক ভেলীলৈ যাবলৈ৷ কাইলৈ, আমাৰ লগত৷


Tuesday, 22 August 2017

৩০. ৰাণী গাইদিনলু

যদিওবা সদ্যহতে খনমাত ভ্ৰমি ফুৰিছোঁ, নাগালেণ্ডৰ মানচিত্ৰখন চকুৰ আগত নাচি আছে৷ নগা পাহাৰ অঞ্চলটো স্বাধীনচিতীয়া, স্বাভিমানী বিভিন্ন নগা ফৈদৰ বাসভূমি৷ আও, আংগামী, কন্যাক, চেমা, লথা আদি কৰি দুকুৰিৰ ওচৰা-উচৰি ফৈদ-উপফৈদত বিভক্ত এই নৃগোষ্ঠীয় মানুহখিনিক সামগ্ৰিকভাৱে নগা হিচাপে জনা যায়৷ আনহাতে নগা বিদ্ৰোহৰ বিষয়ে অধ্যয়ন কৰিলে এইটো কথা প্ৰতিপন্ন হয় যে নগাসকলৰ সাম্ৰাজ্যবাদবিৰোধী এক গৌৰৱজনক ইতিহাস আছিল৷ বহু বছৰ ধৰি তেওঁলোকে ব্ৰিটিছৰ বিৰুদ্ধে অকলেই যুঁজ কৰিছিল৷

১৮৩৫ চনৰ পৰা ১৮৫১ চনলৈ ইংৰাজসকলে প্ৰায় ১০বাৰ নগাসকলৰ বিৰুদ্ধে অভিযান চলাইছিল৷ ১৮৬৬ চনত আংগামী নগাসকলক বশীভূত কৰি ইংৰাজে চামাগুটিঙত প্ৰশাসনিক কেন্দ্ৰ এটা স্থাপন কৰিছিল৷ ১৮৭৯ চনৰ ৪ অক্টোবৰত আংগামী নগাসকলে বিদ্ৰোহ কৰি ব্ৰিটিছ-ইণ্ডিয়াৰ প্ৰথমজন পলিটিকেল এজেণ্ট G. H. Damantক হত্যা কৰে৷ ২২ নৱেম্বৰত লগা বেটেল্‌ অফ্‌ খনমাত প্ৰাণ যায় Major C. R. Cock, Sub. Major Nurbir Sai আৰু LT. H. H. Furbesৰ, যাৰ স্মৃতিশিলা ক্ষন্তেক আগতে আমি পৰ্বতৰ শিখৰত দেখা পাই আহিছোঁ৷ এই ঘটনাবোৰ সংঘটিত হৈছিল খনমাত৷ ডামাণ্টক হত্যা আৰু চাৰিবাৰকৈ ব্ৰিটিছক আক্ৰমণ কৰাৰ পাছত তেওঁলোকে ক'হিমা অৱৰোধৰ চেষ্টাত নামে৷ কৰ্নেল জনষ্টোন নামৰ সামৰিক বিষয়াজনে ২,০০০ সৈন্যসহ অভিযানৰ গুৰি ধৰি উক্ত বিদ্ৰোহ দমন কৰিছিল৷ আংগামীৰ পাছত চৰকাৰে চেমা, লথা, আও আদি ফৈদকো বশীভূত কৰিছিল৷

১৮৮০ত ব্ৰিটিছ আৰু খনমাবাসীৰ মাজত শান্তি-চুক্তি হোৱাৰ পাছত বিংশ শতিকাৰ প্ৰথমাৰ্ধত অন্য এফালে মূৰ দাঙি উঠিছিল জেলিয়াংৰং আন্দোলন নামে খ্যাত এক বিদ্ৰোহে৷ ইয়াৰ সংগঠক তথা নেতা আছিল দক্ষিণ-পশ্চিমৰ টামেংলং ছাব-ডিভিজনৰ পুইলুৱান গাঁৱৰ ৰংমেই ফৈদৰ নগা যুৱক হাইপউ জাদোনাং৷ নগাসকলৰ বিভিন্ন ফৈদৰ ভিতৰত দুটা বৃহৎ গোটক কাবুই নগা আৰু কাচ্চা নগা বুলি জনা যায়৷ ইয়াৰে জেমী আৰু লিয়াংমেই ফৈদ দুটা কাচ্চা নগা গোটৰ অন্তৰ্ভুক্ত৷ ৰংমেই ফৈদক কাবুই নগা ফৈদৰ অন্তৰ্গত বুলি জনা যায়৷ এই ফৈদসমূহক ঐক্যবদ্ধ কৰি যি আন্দোলনৰ সূত্ৰপাত হৈছিল তাকেই জেলিয়াংৰং আন্দোলন বুলি কোৱা হৈছিল৷

জাদোনাঙে প্ৰথমে ইংৰাজ সৈন্যবাহিনীত যোগ দি বিশ্বযুদ্ধৰ সময়ত মেছোপটেমিয়াৰ বিভিন্ন ৰণাংগনৰ অভিজ্ঞতা অৰ্জন কৰিছিল৷ স্বগৃহলৈ অহাৰ পাছত তেওঁ দৈৱশক্তিৰ অধিকাৰী পুৰুষ হিচাপে খ্যাতি অৰ্জন কৰে আৰু তেওঁৰ বহুতো অনুগামীৰ সৃষ্টি হয়৷ আন্তঃফৈদ শত্ৰুতা আৰু কুসংস্কাৰেৰে আচ্ছন্ন নগাসকলক ঐক্যবদ্ধ কৰিবলৈ তেওঁ হেৰেকা (বিশুদ্ধ) নামৰ এক ধৰ্মীয় বিশ্বাসৰ প্ৰচাৰত নামি পৰে৷ ক্রমে এই সংস্কাৰ আন্দোলন ৰাজনৈতিক আন্দোলনলৈ পৰিৱৰ্তিত হয়৷ অচিৰেই ব্ৰিটিছৰাজৰ অৱসান ঘটি এক স্বাধীন নগা ৰাজ্য প্ৰতিষ্ঠিত হ'ব বুলি প্ৰচাৰ চলাই তেওঁ ৰাইজৰ মাজত ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰে৷ ১৯৩০ চনত জাদোনাঙে সকলো জেলিয়াংৰং গাঁৱতে চৰকাৰী কৰ-কাটল দিয়াৰ পৰা বিৰত থকাৰ নিৰ্দেশ জাৰি কৰে৷ পৰম্পৰাগত অস্ত্ৰ-শস্ত্ৰৰে ব্ৰিটিছৰ বিৰুদ্ধে অভ্যুত্থানৰ পৰিকল্পনা কৰি প্ৰস্তুতি চলাই থাকোঁতেই ব্ৰিটিছে তেওঁক বন্দী কৰে আৰু প্ৰাণদণ্ড বিহে৷ কাম্বিৰণ নামৰ এখন গাঁৱত চাৰিজন ব্যৱসায়ীক হত্যা কৰাৰ ভুৱা অভিযোগত ১৯৩১ চনৰ ২৯ আগষ্টত ইম্ফল কাৰাগাৰৰ পাছফালে থকা নামবুল নৈৰ পাৰত জাদোনাঙক ফাঁচীকাঠত তোলা হৈছিল৷

জাদোনাঙৰ মৃত্যুৰ পাছত তেওঁৰ ভগ্নী গাইদিনলুৱে জেলিয়াংৰং আন্দোলনক নেতৃত্ব দিবলৈ ওলাই আহে৷ ১৩-১৪ বছৰীয়া গাইদিনলুৱে নগাভূমিৰ গাঁৱে গাঁৱে ঘূৰি নগাসকলক সশস্ত্ৰ সংগ্ৰামৰ বাবে সংগঠিত কৰিব ধৰিলে৷ তেওঁক আশ্ৰয় দিয়াৰ অপৰাধত ইখনৰ পাছত সিখনকৈ নগা গাঁও ভস্মীভূত হ'বলৈ ধৰিলে চৰকাৰী বাহিনীৰ পৃষ্ঠপোষকতাত৷ গাইদিনলুৰ তৎপৰতাত নগা অঞ্চলৰ পৰা গৃহকৰ আৰু বেগাৰ (বিনামূলীয়া শ্ৰমিক) খাটিবলৈ লোক সংগ্ৰহত চৰকাৰ বেয়াকৈ ব্যৰ্থ হ'ল৷ অচিৰেই তেওঁৰ অনুগামীসকল মিলিত হৈ এক বৃহৎ নগা গেৰিলা যোদ্ধাবাহিনী গঢ়ি তুলিলে৷ গাইদিনলুক ধৰি দিয়াৰ বাবদ নগদ ধন আৰু বন্দুক পুৰস্কাৰ দিয়া হ'ব বুলিও চৰকাৰৰ তৰফৰ পৰা ঘোষণা কৰা হ'ল৷ কিন্তু কোনোপধ্যেই নগাসকলে তেওঁলোকৰ প্ৰিয় নেত্ৰীৰ প্ৰতি বিশ্বাসঘাতকতা নকৰিলে৷ এইগৰাকী বীৰাংগনাক লৈ বহু কিম্বদন্তীৰ সৃষ্টি হৈছিল নগা পাহাৰত৷ যৌৱনৰ শীৰ্ষকালতেই গাইদিনলুৱে নগাসকলৰ চকুত দেৱীৰ মৰ্যাদা লাভ কৰিছিল৷ তেওঁৰ জন্ম হৈছিল ১৯১৫ চনৰ ২৬ জানুৱাৰীত, ব্ৰিটিছ-ইণ্ডিয়াৰ অধীনস্থ মণিপুৰৰ নাকাও গাঁৱত৷ আনুষ্ঠানিক শিক্ষা বুলিবলৈ নাছিল৷

আত্মগোপনকাৰী অৱস্থাত গাইদিনলুৱে স্বজাতিৰ মানুহক উদ্বুদ্ধ কৰিবলৈ ১০০টামান গীত ৰচনা কৰি নিজে গাঁৱে গাঁৱে গাই ফুৰিছিল৷ জাতীয় স্বাধীনতা সংগ্ৰামৰ নেতৃবৃন্দৰ সৈতেও তেওঁ যোগাযোগ গঢ়ি তুলিছিল৷ স্বাধীনতাৰ কাৰণে ভাৰতীয় জাতীয় আন্দোলনত তাৰ আগতে নগা মানুহে অংশ গ্ৰহণ কৰা নাছিল৷ ১৯৩২ চনত এইখন খনমাতে আত্মগোপন কৰি থাকোঁতে চৰকাৰী বাহিনীৰ অতৰ্কিত আক্রমণত গাইদিনলু কৰায়ত্ত হয়৷ তেতিয়া তেওঁৰ বয়স মাত্ৰ ১৬ কি ১৭ বছৰ৷ ব্ৰিটিছ চৰকাৰে তেওঁক মণিপুৰলৈ নি নৰহত্যা আৰু ৰাজদ্ৰোহৰ অপৰাধত আজীৱন কাৰাদণ্ড বিহে৷

১৯৩৭ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ তদানীন্তন সভাপতি জৱাহৰলাল নেহৰু উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণলৈ আহিছিল৷ তেতিয়াই তেওঁ গাইদিনলুৰ সংগ্ৰাম আৰু বন্দীদশাৰ বিষয়ে অৱগত হয়৷ গাইদিনলুক জনাৰ উৎকণ্ঠাতে তেওঁ ছিলঙলৈ গৈ তাৰ কাৰাগাৰৰ বন্দী কুঠৰীত আবদ্ধ সংগ্ৰামীগৰাকীক সাক্ষাৎ কৰিলে৷ উক্ত আন্তৰিক, আৱেগিক সাক্ষাতত নাৰীগৰাকীৰ মুখৰ পৰা আন্দোলনৰ কাহিনী শুনি মুগ্ধ হৈ পৰিছিল নেহৰু৷ গাইদিনলুক তেতিয়া তেওঁ প্ৰথমবাৰৰ বাবে সম্বোধন কৰিছিল নগাসকলৰ ৰাণী বুলি৷ পাহাৰৰ এই সাহসী সন্তানগৰাকীৰ বিষয়ে ভাৰতবাসীক অৱগত কৰাবলৈ তেওঁ 'ৰিলিজ গাইদিনলু' নামৰ এখন পুস্তিকাও ৰচনা কৰিছিল৷ জনমতৰ প্ৰবল হেঁচাত পৰি ১৯৪৭ চনত ভাৰতে স্বাধীনতা লভাৰ ক্ষণতে ৰাণী গাইদিনলুক চৰকাৰে মুক্তি দিবলৈ বাধ্য হয়৷

তাৰ পাছৰে পৰা তেওঁ নগাসকলক আগ বঢ়াই নিয়াৰ কামত আত্মনিয়োগ কৰি গ'ল৷ ৰাণী গাইদিনলুৱে পূৰ্বপুৰুষ পালিত পৰম্পৰাগত ধৰ্ম বিশ্বাসক পোষকতা কৰাৰ লগতে নগাসকল খ্ৰিষ্টানলৈ পৰিৱৰ্তিত হোৱা কাৰ্যৰ ঘোৰ বিৰোধিতা কৰিছিল৷ ১৯৭২ চনত ক'হিমাত থকা সময়তে তেওঁলৈ স্বাধীনতা যুঁজাৰু হিচাপে স্বীকৃতি আৰু তাম্ৰপত্ৰ অৰ্পণ কৰাৰ উপৰি ১৯৮২ চনত ভাৰত চৰকাৰে পদ্মভূষণ সন্মানেৰে তেওঁক সন্মানিত কৰিছিল৷ ১৯৮৩ চনত বিবেকানন্দ সেৱা বঁটা দিয়া হৈছিল৷

১৯৯৩ চনৰ ১৭ ফেব্ৰুৱাৰীত ৭৮ বছৰ বয়সত মণিপুৰৰ ভিতৰুৱা নিজ গাঁও লংকাওত ৰাণী গাইদিনলুৰ পৰলোকপ্ৰাপ্তি হয়৷ এইগৰাকী নাৰীলৈ মৰণোত্তৰভাৱে বীৰছা মুণ্ডা সন্মান যচাৰ উপৰি ১৯৯৬ চনত ভাৰত চৰকাৰে তেওঁৰ নামৰ ডাকটিকট প্ৰকাশ কৰে৷ ২০১৫ত তেওঁৰ চিত্ৰ সংযোজনেৰে দেশীয় মুদ্ৰা উলিওৱা হয়৷

১৯৬০ চনমানৰ ভিতৰতে নগাসকলৰ অধিকাংশ লোক খ্ৰিষ্টানলৈ ধৰ্মান্তৰিত হৈ পৰিছিল৷ খ্ৰিষ্টানৰ বিৰোধিতা কৰি অহাৰ বাবেই নগাসকলৰ মাজত গাইদিনলুৰ কৰ্মৰাজিৰ সৰহ প্ৰচাৰ নাই বুলি কোৱা হয়৷ আন এটা কাৰণ ভাৰত চৰকাৰৰ সৈতে মিত্ৰতা৷ সেই বাবেই চাগৈ এসময়ত তেওঁ লুকাই থকা, তেওঁ ধৰা পৰা খনমাত তেওঁৰ স্মৃতি হিচাপে আমিও একোৱেই নেদেখিলোঁ৷ ২০১৫ত কেন্দ্ৰীয় চৰকাৰ আৰু টি. আৰ. জেলিয়াং মন্ত্ৰীসভাৰ ফালৰ পৰা গাইদিনলু মেম'ৰিয়েল হল এটা প্ৰতিষ্ঠাৰ কুৰুং-কাৰাং শুনা পাইছিলোঁ যদিও নাগালেণ্ডৰ বিভিন্ন সমাজৰ বিৰোধিতাত সেইটো হৈ নুঠিল৷


২৯. Dovipie Innত সন্ধিয়াৰ আড্ডা

ইতিহাসৰ ভালেমান ঘটনা-পৰিঘটনাৰ জীৱন্ত সাক্ষী এইখন খনমা৷ আমি খনমা ভ্ৰমি আহি অতিথিশালা সোমাওঁতে ৭.০০ বাজি পাৰ হ'ল৷ আন্ধাৰো ভালকৈয়ে হ'ল৷ ইতিমধ্যে দীপমইনাই কৰি ৰখা আগতীয়া বন্দৱস্ত অনুসৰি স্থানীয় লোক এজন আহি আমাৰ বাবে অপেক্ষা কৰি আছিল৷ খবৰটো পাই ঠিৰাং হ'ল যে বাহিৰৰ বহা ঘৰটোতে আটায়ে মুখামুখি হ'ম৷ প্ৰকাণ্ড প্ৰকাণ্ড গা-গছৰ পৰা কাটি উলিওৱা কাঠৰ চোফা আৰু টেবুলেৰে সজ্জিত ঘৰটোৰ অন্তৰ্ভাগ৷ বাৰ্ণিচ মৰাত ৰঙচুৱা, চক্‌চকীয়া হৈ উঠিছে৷ কি গছ ধৰিব নোৱাৰিলোঁ৷ প্ৰায় ২০ বৰ্গফুট জোখৰ মজিয়াখন শিলৰ৷ বেৰবিলাকৰ নিম্নাংশ বাঁহৰ৷ ওপৰভাগত পাটী, সুন্দৰকৈ ফ্ৰেমিং কৰা৷ অপৰ্যাপ্ত বায়ু চলাচলৰ বাবে ৰখা হৈছে কেইবাখনো মুক্ত আৰু আহল-বহল খিৰিকী৷ তাৰে দিগ্‌বলয় আৰু পৰ্বতৰ সৌন্দৰ্য উপভোগ কৰিব পাৰি৷ ধুনীয়া ঘৰটোৰ সন্মুখত ফুলৰ টাব কিছুমানো সজাইছে৷ সন্মুখৰ বেৰখন কাঠৰ৷ আগফালৰ পৰা ঘৰটো দেখাত পৰম্পৰাগত আংগামী গৃহৰ দৰেই৷ শুৱনি আৰু আকৰ্ষণীয়৷

''অ' সাথীখান, আমাখান আংগামী ট্ৰাইব পৰা আছে দেই৷ ঘৰ ভি এইটু খনমাতে আছে৷ আমাখান ইংলিচ ভি নাজানে, হিন্দী ভি নাজানে, কেনেকা কৰিব? খালি নাগামীজহে জানিয়া থাকিছে৷'' মান্য ভাষা নজনাৰ বাবে অলপ যেন দুখবোধ আগন্তুকৰ৷

''নাগামীজ পৰাহে কথা কৰাটো বেচ্চি সুন্দৰ হবলে আছে অ' সাথী৷ নাগামীজ পৰা কবিনা৷ আচ্‌চ, আমাখান বেচ্চি খুশী হবতো৷'' প্ৰবীণে লগে লগে মানুহজনক চিন্তামুক্ত কৰি দিলে৷

''হোই!'' তেওঁ আমালৈ চাই সুখৰ হাঁহি এটি মাৰিলে৷ চাগৈ ভাবিলে, বাচি গ'লোঁ৷ ইহঁতে নাগামীজ বুজে৷ পৰৱৰ্তী বাক্যটোত সেয়া প্ৰকট হ'ল৷ ''আচ্‌চ, ঠিক আছে ঠিক আছে, বেচ্চি থেংকচ দেই৷'' আমিও হাঁহিলোঁ, তেওঁৰ সমানে সমানে৷

প্ৰথমে দীপমইনা দুৱৰাই আষাৰচেৰেক ক'লে৷ তাৰ পাছত Neizo Zhotsoই মানুহজনৰ সম্বন্ধে পৰিচয়জ্ঞাপক দুআষাৰ দাঙি ধৰিলে৷ তাৰ মুখৰ পৰা জানিলোঁ যে আগন্তুকৰ নাম Krusalie Sophi৷ খনমাৰ বাসিন্দা৷

একেলগে বহি থাকোঁতেই 'The Naga Saga'ৰ কথা ওলাল৷ কিতাপখন Dovipie Innৰ আলমাৰীত আছে৷ লেখক Kaka D. Iralu৷ ইৰালু শব্দটো আলোচনালৈ লগে লগে মোৰ মনলৈ উৰি আহিল একে উপাধিৰ অন্য এজন ইৰালুৰ নাম আৰু কাহিনী৷ তেওঁ নিকেতু ইৰালু, আংগামীৰ গৌৰৱ৷ 'কিতাপ, মানুহ আৰু প্ৰকৃতিৰ সংগত' নামৰ গ্ৰন্থত 'নিকেতু ইৰালুৰ কাৰণে এটা ঘৰ' শীৰ্ষক ৰচনা এখনত হোমেন বৰগোহাঞি চাৰে উল্লেখ কৰিছিল অসাধাৰণ মানুহজনৰ কথা৷ শিক্ষিত নগাসকল কিমান বিশ্বমনস্ক, সমাজ সেৱাৰ কামত তেওঁলোকৰ আত্মোৎসৰ্গ কিমান, তাৰে অনন্য উদাহৰণ সেইজন ইৰালু৷ পাঁচখন মহাদেশক নিজৰ কৰ্মক্ষেত্ৰ হিচাপে বাছি লৈ কাম কৰি অহাৰ পাছত হিংসা আৰু সংঘাতে ৰক্তাক্ত কৰি ৰখা নাগালেণ্ডক শেষ জীৱনৰ প্ৰধান কৰ্মক্ষেত্ৰ হিচাপে বাছি লৈ ৰাজ্যখনত শান্তি স্থাপনৰ কামত কেইবাবছৰো ধৰি সক্রিয়ভাৱে জড়িত হৈ আছে তেওঁ৷ ইফালে ইৰালুৰ আছিল এটা ডাঙৰ সমস্যা৷ সেইটো হ'ল, থকা ঘৰৰ সমস্যা৷ মানে, তেওঁৰ ঘৰ নাই৷ পিছে উক্ত সমস্যা সমাধান কৰিবলৈ স্বতঃপ্ৰণোদিতভাৱে আগ বাঢ়ি আহিল নাগালেণ্ডৰ আংগামী ৰাইজ৷ আচৰিত লাগে শুনিলে৷

মন কৰোঁ যে হত্যা, হিংসা, সন্ত্ৰাস আৰু দুৰ্নীতিৰ খবৰে অগ্ৰাধিকাৰ পোৱা আমাৰ ছপা কিম্বা বৈদ্যুতিন প্ৰচাৰ মাধ্যমসমূহে নাগালেণ্ড বুলিলে পোনেই এনে ধাৰণাৰ উদ্ৰেক কৰায় যে ড্ৰাগছ আৰু এইড্‌ছতকৈ অধিক নাটকীয় খবৰ এই ভূখণ্ডত যেন আন একোৱেই নাই৷ কিন্তু নগাভূমিৰ শান্ত-সুন্দৰ প্ৰকৃতিৰ কোলাত যিবোৰ ভাল কাম-কাজ চলি আছে, মনুষ্যত্বৰ যি নীৰৱ সাধনা চলি আছে তাৰ খবৰ আমাৰ কাষ আহিয়েই নাপায়৷ বেয়া খবৰে ভাল বাৰ্তা, উচ্চ সাধনাবোৰক সদায়ে ঢাকি ৰাখে৷ মন-মগজু-মানসিকতা নষ্ট কৰি পেলায়৷

নিকেতু ইৰালুৰ কাহিনী এটা উদাহৰণ৷ মনুষ্যত্বৰ সেই নীৰৱ সাধনাৰ অনন্য নিদৰ্শন ৰাখি নাগালেণ্ডৰ মানুহে ইৰালুৰ প্ৰতি কৃতজ্ঞতা আৰু প্ৰশংসাৰ চিনস্বৰূপে তেওঁক দিব খুজিলে এটা উপহাৰ৷ উপহাৰটি হ'ল, প্ৰায় ২৫ লাখ টকা ব্যয়সাপেক্ষ এটা ঘৰ৷ নিৰ্মাণস্থল ডিমাপুৰ-ক'হিমা পথৰ চেকু নামৰ সৰু ঠাইটুকুৰা৷

নিকেতু ইৰালুৱে পিছে ৰাজনৈতিক বা সামৰিক ক্ষমতাৰ বলেৰে স্বজাতি, স্বগোষ্ঠীৰ কাৰণে লেখত ল'বলগীয়া কোনো কাম কৰা নাছিল৷ সাহিত্য, বিজ্ঞান, সংগীত, ক্রীড়া, চিকিৎসা, ধৰ্ম প্ৰচাৰ প্ৰভৃতি ক্ষেত্ৰত বিপুল খ্যাতি অৰ্জন কৰি নাগালেণ্ডলৈ তেওঁ কোনো গৌৰৱো কঢ়িয়াই অনা নাছিল৷ তেওঁ পৃথিৱীৰ অনেকবোৰ সংঘৰ্ষপীড়িত ঠাইলৈ গৈ তাৰ মানুহৰ মাজত প্ৰেম, মৈত্ৰী, শান্তি আৰু অহিংসাৰ বাণী প্ৰচাৰ কৰিছে৷ জাতি, বৰ্ণ, ভাষা, ধৰ্ম, ৰাষ্ট্ৰ আৰু ভূগোলৰ সীমা অতিক্রম কৰি সকলো মানুহৰ আগত তেওঁ দাঙি ধৰিছে মানৱতাৰ মহান আদৰ্শ৷ সৰ্বোপৰি নগাসকলৰ চৰম ৰাজনৈতিক আৰু নৈতিক সংকটৰ সময়ত তেওঁ নগাসকলক দেখুৱাইছে নৈতিক উত্তৰণৰ পথ৷ নগাসকলক তেওঁ শুনাইছে আশা আৰু বিশ্বাসৰ বাণী৷ একে আষাৰে ক'বলৈ গ'লে এই গান্ধীবাদী আংগামীজনে নগাসকলক দিছে নৈতিক নেতৃত্ব৷

তাকে চাই ধাৰণা কৰিব পাৰি, আংগামীসকল কিমান আগ বঢ়া৷ বহুকেইজন বিখ্যাত লোক ওলাইছে আংগামী নগা সমাজৰ পৰা৷ এ. জেড. ফিজো, এ. কেভিশ্বে, থেফুলা নাখ্ৰ' আংগামী, ভিজল আংগামী, চেমুৱেল এম. চেখ'চে', ডক্টৰ কে. কিৰে, মেথানেলি চ'ল', টি চাখ্ৰে, নেইফিঅ' ৰিঅ', এল. চুখ্ৰি', জন বস্ক' জাচুকি, ডক্টৰ এছ. লাইঝিয়েতচু, ৰেভাৰেণ্ড ডক্টৰ এন. উচ', ৰেইভিলি আংগামী, চানু আংগামী তাৰে কেতবােৰ দৃষ্টান্ত৷ বৰ্তমান ৮১ বছৰ বয়সীয়া নিকেতু ইৰালুৰো এইখন খনমাৰ সৈতে সম্পৰ্ক নথকা নহয়৷ আংগামী ফিজো তেওঁৰ আপোন মোমায়েক৷

এইফালে আমাৰ চ'ফি বোলাজনৰ আনুষ্ঠানিক কাহিনী-কথন আৰম্ভ হওঁ হওঁ৷ তেনেকুৱাতে ইমানপৰে কোঠাত জিৰণি লৈ থকা ৰাজীৱ ভট্টাচাৰ্য আহিল৷ মানুহজনৰ কাষতে বহি ল'লে৷ কথা আৰম্ভ হ'ল৷ তাৰ ফাঁকতে মই উঠি গৈ ৰাজীৱৰ কাণত ফুচফুচাই ক'লোঁ… ''এখেতৰ কথাবিলাক গুৰুত্বপূৰ্ণ৷ আপোনাৰ ম'বাইল ফোনেৰে ৰেকৰ্ড কৰি লওকনা৷ পাছত আপোনাৰ কামত আহিব৷'' ''ঠিক কৈছে৷'' ৰাজীৱে মূৰ দুপিয়ালে৷ তৎমুহূৰ্ততে ভইচ্‌ ৰেকৰ্ডিঙো চালু কৰি দিলে৷ নাগালেণ্ডৰ বিদ্ৰোহ সম্বন্ধে ৰাজীৱৰ বিস্তৰ অধ্যয়ন আছে৷ আলফাৰ গুৰু এন.এচ.চি.এন.ৰ মুৰব্বী ব্যক্তিক লগ পাইছে, ইণ্টাৰভিউ লৈছে৷ কথাৰ মাজে মাজে চ'ফিক তেওঁ কেতবোৰ প্ৰয়োজনীয় প্ৰশ্ন সুধি গ'ল৷ মানুহজনে কেতিয়াবা নাগামীজ, কেতিয়াবা আংগামীতে উত্তৰ দিলে৷ Neizoই ইংৰাজীলৈ তৰ্জমা কৰি থাকিল৷ নাগা-ব্ৰিটিছৰ বেটেল্‌ অফ্‌ খনমাৰ পৰা আৰম্ভ কৰি ফিজো, চাখ্ৰে', লালডেংগা, আন আন ৰাজ্যৰ বিদ্ৰোহী নেতাসকলৰ কথাও ওলাল৷ বাধ্য ছাত্ৰৰ দৰে একান্তমনে শুনি গ'লোঁ আমি৷ কল্পনা কৰি চালোঁ এই ভূভাগৰ অতীতৰ চিত্ৰ৷ যিকোনো জাতিৰ জীৱনতে এনে একোটা সময় আহে যেতিয়া ক্ষন্তেক থমকি ৰৈ ইতিমধ্যে হৈ যোৱা ঘটনাৱলীৰ মূল্যায়ন, বিশ্লেষণ আৰু পৰীক্ষা কৰাৰ প্ৰয়োজন হয়৷ অৱশেষত নগাসকলৰ কাৰণেও তেনে এটা সময় আহিল৷ তাৰ প্ৰতিফলন খনমাত আমি আজিৰ তাৰিখত দেখা পাইছোঁ৷

নগা জাতীয়তাবাদৰ উত্থান ভাৰতৰ সামাজিক-ৰাজনৈতিক ইতিহাসত এক অতি গুৰুত্বপূৰ্ণ ঘটনা বুলি ইতিমধ্যে পৰিগণিত হৈছে৷ বিংশ শতিকাত খ্ৰিষ্টান ধৰ্ম গ্ৰহণ, ব্ৰিটিছৰ অধীনত প্ৰশাসনিক একতা আৰু স্বৰাজোত্তৰ কালত ভাৰত চৰকাৰৰ বিৰুদ্ধে স্বাধীন নাগালেণ্ডৰ বাবে চলা বিদ্ৰোহৰ ফলতে আধুনিক নগা জাতীয়তাবাদ গঢ় লৈ উঠিছিল৷ ১৯১৮ চনত কহিমাত জন্ম হৈছিল নাগা ক্লাবৰ৷ উপায়ুক্ত হিচাপে নগা পাহাৰত কাৰ্যনিৰ্বাহ কৰা চাৰ চাৰ্লছ পছি নামৰ ব্ৰিটিছ আই.চি.এছ. অফিচাৰজন আছিল ইয়াৰ ঘাই হোতা৷ নগা প্ৰভাৱশালী ব্যক্তিসকলৰ সামাজিক আৰু ৰাজনৈতিক সমাৱেশৰ প্ৰধান কেন্দ্ৰস্থল আছিল নগা ক্লাব৷ পিছলৈ ইয়েই নগা উপজাতিসমূহৰ এক উমৈহতীয়া ৰাজনৈতিক মঞ্চ হৈ উঠে৷ উক্ত মঞ্চতে দ্বিতীয় বিশ্বযুদ্ধৰ পাছত আধুনিক নগা জাতিৰ ভ্ৰূণ অংকুৰিত হোৱা বুলি ধৰা হয়৷ নাগা ক্লাবৰ বিকল্প হিচাপে ১৯৪৫ চনৰ এপ্ৰিল মাহত জন্ম হয় নাগা হিল্‌ছ ডিষ্ট্ৰিক্ট কাউন্সিলৰ৷ পৰৱৰ্তী সময়ত ই পুনৰ্গঠিত হয় নাগা নেছনেল কাউন্সিল (এন.এন.চি.) নামে৷ পছিৰ দ্বাৰা অনুপ্ৰাণিত হৈ এন.এন.চি.য়ে হঠাতেই অসম, মণিপুৰ, বাৰ্মা আৰু নেফাত বাস কৰা নগাসকলক ঐক্যবদ্ধ কৰি এখন ফেডাৰেল ৰাজ্যৰ কাৰণে এক নৰম দাবী উত্থাপন কৰিছিল৷ তদানীন্তন অসমৰ ভিতৰতে থাকি স্থানীয় স্বায়ত্তশাসনৰ ভিত্তিত জাতীয় স্বাৰ্থ তথা স্বকীয়তা সুৰক্ষিত কৰাই আছিল এন.এন.চি.ৰ আৰম্ভণিৰ লক্ষ্য৷ অবিস্মৰণীয় কালৰে পৰাই নগাসকলৰ মাজত চলি অহা গ্ৰাম স্বৰাজৰ ধৰণেৰে আৰম্ভ কৰি নাগালেণ্ডক ভাৰতৰ ৰাজনৈতিক দলবিলাকৰ পৰা মুক্ত কৰি ৰখা অৰ্থাৎ পাৰ্টীবিহীন গণতন্ত্ৰৰ পোষকতা কৰা হৈছিল৷ পিছলৈ ইয়াৰ মুখ্য দাবী হৈ পৰে স্বাধীন নাগালেণ্ড৷ কাৰ্যপন্থায়ো ৰূপ সলায়৷

আলোচনাই গহীন গতি লৈ থাকোঁতেই ''সাথীখান, টে'ষ্ট কৰি কিনা চাবিতো'' বুলি গৰম গৰম পকৰি আৰু চাহপানী পৰিৱেশনেৰে আতিথ্য চলিল, Dovipie Innৰ কীচ্চেনৰ পৰা৷ অসমীয়াৰ দৰেই নগা লোক বৰ অতিথিপৰায়ণ৷ স্বভাৱতে স্ফূৰ্তিবাজ৷ খাই আৰু খুৱাই ভাল পায়৷ যাক ভাল পায় তাক বহুত ভাল পায়৷ কিন্তু এবাৰ যদি কেনেবাকৈ বেয়া পালে... নোকোৱাই ভাল৷

১৯৪৭ চনত ভাৰতৰ স্বাধীনতা অৱশ্যম্ভাৱী হৈ উঠাৰ পৰিপ্ৰেক্ষিতত নগা নেতৃত্ব নাগালেণ্ডৰ ৰাজনৈতিক ভৱিষ্যৎ সম্পৰ্কে সন্দিহান হৈ উঠে৷ ভৈয়ামৰ সংখ্যাগৰিষ্ঠ ভাৰতীয়ৰ সম্ভাব্য আগ্ৰাসনৰ পৰা স্বকীয় সংস্কৃতি অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত ভাৰতৰ পৰা সম্পূৰ্ণ বিচ্ছিন্নভাৱে থাকিবলৈ তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰে৷ ১৯৫০ চনত এন.এন.চি.ৰ নেতৃত্বলৈ আহে আংগামী জাপ্‌ফু ফিজো৷ তেতিয়াৰ পৰাই স্বাধীন নাগালেণ্ডৰ দাবীয়ে ক্রমাৎ তীব্ৰতৰ আৰু হিংসাত্মক ৰূপ পৰিগ্ৰহ কৰে৷ ফিজোৰ তত্ত্বাৱধানত ১৯৫১ চনত গণভোট অনুষ্ঠিত হয়৷ ১৯৫২ চনত নাগালেণ্ডৰ প্ৰথম সাধাৰণ নিৰ্বাচন বৰ্জন কৰা হৈছিল৷ ১৯৫৪ চনত হংকিন গৱৰ্নমেণ্ট আৰু পিছলৈ নাগা ফেডাৰেল গৱৰ্নমেণ্ট নামে সমান্তৰাল চৰকাৰ গঠন হয়৷ ১৯৫৬ চনত নাগা হ'ম গাৰ্ডছ আৰু পিছলৈ নাগা আৰ্মী নামে সশস্ত্ৰ বিদ্ৰোহী সংগঠনে জন্ম লয়৷ সশস্ত্ৰ পন্থা কলিতে নিধন কৰিবলৈ ১৯৫৬ চনত ভাৰত চৰকাৰে বিদ্ৰোহী নগাৰ বিৰুদ্ধে সশস্ত্ৰ সেনাবাহিনী নিয়োগ কৰে৷ কালক্রমত নগাসকলৰ আন্দোলনে মাৰাত্মক ৰূপ লয়৷ ১৯৮০ চনত গঠন হয় নেছনেল ছ'চিয়েলিষ্ট কাউন্সিল অফ্‌ নাগালেণ্ড (এন.এছ.চি.এন.)৷ এন.এন.চি. (আদিন'), এন.এন.চি. (খুদাও) আদি বহুতো আত্মগোপনকাৰী, উগ্ৰবাদী সংগঠনৰ জন্ম হয়৷ চীন, পাকিস্তান, বাংলাদেশৰ সাহায্যপুষ্ট হৈ এই সংগঠনবোৰে ভাৰতীয় সৈন্যৰ সৈতে অবিৰাম সংঘৰ্ষ, কূটাঘাত আৰু ভ্ৰাতৃঘাতী কাৰ্যকলাপত লিপ্ত হৈ পৰে৷ নাগালেণ্ড পৰিচিত হয় ভাৰতবৰ্ষৰ সবাতোকৈ অশান্ত অঞ্চল বুলি৷

বিদ্ৰোহৰ সমান্তৰালভাৱে নগা সমস্যাৰ শান্তিপূৰ্ণ ৰাজনৈতিক সমাধানৰ চেষ্টা বহু আগৰে পৰাই চলি আহিছে৷ ১৯৪৭ চনৰ ন-দফীয়া, দহ-দফীয়া হাইদৰী চুক্তি, ১৯৫৭-১৯৫৮-১৯৫৯ চনৰ নাগা পিপল্‌ছ কনভেনশ্যন, নাগালেণ্ড পীচ মিছন গঠনৰ ফলস্বৰূপে ১৯৬৪-৬৭ চনৰ অস্ত্ৰবিৰতি আৰু শান্তি আলোচনা, ১৯৭৫ চনৰ শ্বিলং চুক্তি, ১৯৭৭ চনত লণ্ডনত অনুষ্ঠিত মোৰাৰজী দেশাই আৰু এ. জেদ. ফিজোৰ আলোচনা আদি পন্থা আৰু প্ৰচেষ্টা চলালেও সকলোবোৰ বিফল হয়৷ সন্ত্ৰাসবাদী বিচ্ছিন্নতাবাদ আজিও নাগালেণ্ডৰ জ্বলন্ত সমস্যা হৈয়ে আছে৷ এন.এছ.চি.এন. আজিও নগাৰাজ্যৰ প্ৰধান বিদ্ৰোহী সংগঠন৷ তৎসত্ত্বেও আদিমতা আৰু একাকীত্বৰ পৰিধি অতিক্রমি তথাকথিত আধুনিকতাৰ দিশে সম্প্ৰতি ধাৱমান হৈছে নতুন প্ৰজন্মৰ নগাসকল৷ ইউৰোপীয় জীৱন প্ৰণালী আৰু সাজসজ্জাৰ প্ৰতি অনুৰক্ত নতুনচাম নগা৷ অস্ত্ৰ-শস্ত্ৰ আৰু ৰক্তপাতৰ প্ৰতি তেনেই উদাসীন৷ ইফালে এন.এছ.চি.এন. আজি ৯টা ভাগত বিভক্ত৷ ১৯৯৭ চনৰ পৰা চলি অহা নিঃচৰ্ত অস্ত্ৰবিৰতি; চৰকাৰ আৰু বিদ্ৰোহীৰ মাজত বেংকক, নতুন দিল্লীত অনুষ্ঠিত আলোচনা আদিৰ পাছত তেওঁলোকে বিচাৰে নগা সমস্যাটোৰ শান্তিপূৰ্ণ সমাধান হওক৷ নিবনুৱা সমস্যা, অৰ্থনৈতিক বিকাশ তথা বৈষম্যৰ সমস্যা, পৰম্পৰাগত সামাজিক বন্ধনৰ শিথিলতা, অৱলুপ্তিৰ গৰাহৰ পৰা থলুৱা কৃষ্টি-সংস্কৃতি উদ্ধাৰ আদিৰ বিপৰীতে গ্ৰহণ কৰা যথোচিত পদক্ষেপে নাগালেণ্ডক আগুৱাই নিব বুলি তেওঁলোকে ভাবে৷ খনমালৈ আহি, আংগামী গাঁও পৰিভ্ৰমণ কৰি আমিও আজি শান্তি আৰু কৰ্মোদ্যম দেখা পালোঁ৷


২৮. পদব্ৰজে খনমা দৰ্শন-৫

খনমা গাঁৱত ঘূৰি ফুৰোঁতে সন্ধিয়া লাগিল৷ 'নগাসকল ভাৰতীয় নহয়৷' চিকাৰীৰ ঘৰৰ পৰা ওলাই আহি বাহিৰত দেখা পালোঁ এনেদৰে লেখা আৰম্ভ হোৱা ফলক এখন৷ ওচৰত ৰৈ মবাইলত থকা টৰ্চ লাইটটো জ্বলোৱাৰ যো-জা চলাই আছোঁ৷ ইতিমধ্যে বাকীসকলে পোহৰ পেলালেই৷ সুবিধাই হ'ল মোৰ৷ তাত কি লিখা আছে উৎসুকতাৰে এবাৰ পঢ়ি চালোঁ৷ ব'ৰ্ডখনৰ ফটোও তুলি ললোঁ৷ ইংৰাজীত লিখা আছে… Kuthotsu (Hiesenu kike), Khonoma Village.
The Nagas are not Indians. Their land was never a part of Indian territory. Their land exclusively belonged to them.
When the Indians forcibly tried to take over our land, hostility and conflict broke out between the Nagas and the Indians in the year 1956. At this point in time, the Kuthotsu clan consisted of 60 households with a population of 209.
We were determined not to give away of our land to the Indians or to be ruled over by them. We let yesterday's joys lift our spirits as we sought after tomorrow's welfare, in the hope that tomorrow's generation would continually cherish us, and, accordingly, all of us chose to head for the wilderness.

আখৰখিনিৰ তলত ৬০টা নাম লিখা আছে৷ তাৰ ঠিক তলতে আছে For the cause of our land, we give our souls and made the wilderness our home. Tell others, we pray, of how our bones lie strewn here and there.

এই আখৰখিনিৰ তলত আকৌ ২৫টা নাম আছে৷ তাৰ ঠিক তলতে পঢ়িলোঁ এনেদৰে This monolith is raised by the Kuthotsu clan on this, the 16th day of May, 2011, in honour and memory of all the members of its clan who chose to head for the wilderness.


ফলকখন নাপাওঁতেই স্মৃতিশিলা এটা আছিল৷ বাকীসকলে জুম বান্ধি ধৰা দেখি ময়ো চালোঁগৈ৷ আখৰবোৰ ভালদৰে পঢ়িব নোৱাৰা হৈ পৰিছে৷ কষ্ট কৰি যিখিনি উদ্ধাৰ কৰিব পাৰিলোঁ তাৰ পৰা বুজি পালোঁ যে এইটো জনৈক ভিয়াথু ঝুনয়ুৰ সোঁৱৰণত প্ৰতিষ্ঠাপিত শিল৷ ১৯৫০ চনত ভাৰতীয় সেনাই ভিয়াথুক নৃশ্ংসভাৱে মাৰধৰ কৰিছিল৷ কাৰণ তেওঁ কৈছিল... At any bate the Nagas can never accept anything less than the Naga souvereignty. ৮০ বছৰ বয়সত ১৯৮৯ চনৰ ১৬ জুলাইত মৃত্যুক সাবটি লৈছিল মানুহজনে৷

ইমানেই কঠোৰমনা আছিল আংগামী নগা! সাৰ্বভৌম স্বাধীন নাগালেণ্ড ৰাষ্ট্ৰৰ দাবীত অৱস্থান লোৱা এন.এন.চি.য়ে তাহানিতে চৰকাৰক দাখিল কৰা স্মাৰক-পত্ৰত সেই সময়তে এনেকৈ কোৱা হৈছিল নগা জনসাধাৰণ স্বাধীন আছিল আৰু ৬০০ বছৰ ধৰি অসম উপত্যকাত ৰাজত্ব কৰা আহোম ৰজাসকলেও তেওঁলোকৰ দেশখন তলতীয়া কৰিব পৰা নাছিল৷ ব্ৰিটিছৰ আগমনৰ আগলৈকে নাগালেণ্ড কেতিয়াও অসম অথবা ভাৰতৰ অংগ নাছিল৷ ইয়াণ্ডাবু সন্ধিৰ যোগেদি অসম উপত্যকাৰ ওপৰত ব্ৰিটিছে সৰ্বময় কৰ্তাৰ ক্ষমতা লাভ কৰিলে৷' এইটো সত্য যে ১৮৩০ৰ পৰা ১৮৮০ চন পৰ্যন্ত খনমাবাসীয়ে সাহস আৰু সৰ্বশক্তিৰে ব্ৰিটিছক প্ৰতিহত কৰি আহিছিল৷ খবৰেই নাছিল আন কাৰো তেতিয়া৷

আনহাতে ১৯৫৫ চনত আণ্ডাৰগ্ৰাউণ্ড হৈ পৰা খনমাৰ সন্তান ফিজো কিমান সাহসী আছিল? জানিবলৈ এটা উদাহৰণেই যথেষ্ট৷ ভাৰতীয় সশস্ত্ৰ বলৰ বিপক্ষে গেৰিলা যুদ্ধৰ সূচনাৰে তেওঁ প্ৰথমে পূব পাকিস্তান (এতিয়া বাংলাদেশ), তাৰ পাছত চুইজাৰলেণ্ড, তাৰ পাছত লণ্ডন পালেগৈ৷ উদ্দেশ্য, স্বাধীন নাগালেণ্ডৰ বাবে আন্তঃৰাষ্ট্ৰীয় সমৰ্থন বিচৰা৷ সেয়া 
১৯৬০ৰ কথা৷ পাছপ'ৰ্ট নোহোৱাকৈ উপস্থিত হোৱাত হিথ্ৰ' বিমান বন্দৰত তেওঁক আটক কৰা হ'ল৷ 'পাছপ'ৰ্ট ক'ত?' কৰ্তব্যৰত বিষয়াই সুধিলে৷ উত্তৰত কি ক'লে ফিজোৱে? 'When you came to my land Nagaland, you did not carry any passport. Why can't I visit your land without a passport?'

ভাবনাবিভোৰ হৈ নিজান পথ এছোৱাৰে আন্ধাৰে-মুন্ধাৰে খোজ পেলাই দলৰ সৈতে খনমাৰ আনটো মূৰ পালোঁহি৷ এতিয়া তলৰ পৰা খট্‌খটিৰে একেৰাহে বগাই শীৰ্ষলৈ উঠি যাব লাগিব৷ মানুহৰ ঘৰৰ মাজে মাজে থিয় থিয় ষ্টেপবোৰ৷ আহি আহি ঘৰ এটাত ৰ'লোঁ৷ বিভিন্ন সম্পদেৰে অন্তৰ্ভাগ ঠাহ খাই আছে৷ বাধাহীনভাৱে প্ৰৱেশ কৰি সেইবোৰ চাব ধৰিলোঁ এফালৰ পৰা৷ গাঁওখনৰ মানুহ কিছুমানে এই ঘৰটোলৈ আহি ভিন ভিন ধৰণৰ কাম-কাজ কৰে৷ চাৰু-কাৰু শিল্পৰ থলী যেনেই লাগিল৷ সোঁমাজতে জুহালখন৷ আঙঠা ৰঙা হৈয়ে আছে৷ অলপ অলপকৈ ধোঁৱাও ওলাই আছে৷ কাঠ-বাঁহেৰে নিৰ্মিত সামগ্ৰী, দা আদি বেৰত সজাই থোৱা আছে৷ বহিবৰ বাবে যেনি-তেনি দেখা গৈছে পীৰা কিছুমান৷ আৰু অলপ পাছতেই ঘৰটোৱে প্ৰাণ পাই উঠিব চাগৈ৷ এতিয়া বিৰতি, মানে কৰ্মীসকলৰ নিশাৰ আহাৰ খোৱাৰ সময়৷ পাহাৰীয়াসকলৰ খাদ্য গ্ৰহণৰ সময় আমাৰ নিচিনা নহয়৷


২৭. পদব্ৰজে খনমা দৰ্শন-৪

এতিয়া নমাৰ পাল৷ ষ্টেপখিনি তললৈ নামিছে৷ সেইমতে আমিও নামি আছোঁ৷ পুৰণি ঘৰ এটাৰ সন্মুখেৰে গৈছোঁ৷ আশে-পাশে বিবিধ ফুল৷ আন একো নহ'লেও ফুল আছেই৷ কচুপাতত বৰষুণৰ পানীৰ বিন্দু বিন্দু কণিকা৷ অান এফালে খৰিৰ দ'ম৷ সন্মুখতে মৰমলগা কণমানি এজনীয়ে আমালৈ চাই আছে৷ দুবছৰীয়ামানেই হ'ব৷ ষোড়শী এজনীয়ে শিল এটাৰ ওপৰত তাইক থিয়কৈ ধৰি আছে৷ মই কেমেৰাটো টোঁৱালত হাঁহিলে৷ সিহঁতৰ ওচৰত ৰৈ ধেমালি কৰিলোঁ অলপ সময়৷ ফটোও তুলি ল'লোঁ৷ ফুটপাথটোৰ সৈতে পাহাৰৰ গালৈ থকা দেৱালৰ শীৰ্ষৰে ওপৰৰ পৰা নামি অহা লতিকাবোৰত ফুল ফুলি এডোখৰ ঠাই ফুটফুটীয়া হৈ আছে৷ খুব ভাল লাগিল দেখি৷ আলফুলে চুই চালোঁ এবাৰ৷ নিয়ৰসিক্ত দূবৰিৰ দৰেই অনুভৱ হ'ল৷ কেইখোজমান গৈয়ে এখন দুৱাৰৰ সন্মুখত আটায়ে ৰৈ যাবলৈ বাধ্য হ'লোঁ৷ গাঁৱৰ এটা মূৰৰ প্ৰৱেশদ্বাৰ এইখন৷ দৰজাৰ ওচৰতে নক্সা কিছুমান অঁকা আছে৷ উত্তৰ-পূৰ্বাঞ্চলৰ জনজাতিৰ বন্ধু আখ্যায়িত ভেৰিয়াৰ এল্‌উইনে আংগামী নগাসকলৰ দুৱাৰৰ নক্সাবোৰৰ সৌন্দৰ্য বৰকৈ বখানি গৈছে৷ এতিয়া নিজে দেখিলোঁ আৰু অভিভূত হলোঁ৷ দুৱাৰখনৰ দাঁতিত কিছুপৰ ৰৈ আটায়ে তন্নতন্নকৈ চালোঁ সেই কাৰুকাৰ্য৷ প্ৰৱেশদ্বাৰৰ দুয়ো দাঁতিয়েও ফুলে ৰমক-জমক কৰি আছে৷ ফুল ভাল পোৱাসকল ইয়ালৈ আহিলে আন নহ'লেও এই এটা মাত্ৰ কাৰণে
 তেওঁলোকৰ খোজ কঢ়াৰ দুখ-ভাগৰ পাহৰাই ৰাখিব বুলি মোৰ মনত ধাৰণা এটা ইমান সময়ে বদ্ধমূল হৈ উঠিছে৷

দুৱাৰৰ সিপাৰে আলিবাট এটা৷ আলিবাটটোৰ সিপাৰে খনমা বেপ্টিষ্ট চাৰ্চ৷ ১৮৯০ চনত এই গাঁৱত খ্ৰিষ্ট ধৰ্মৰ প্ৰথম প্ৰৱেশ ঘটিছিল৷ আজিৰ তাৰিখত ৯৮.২২ শতাংশ লোকেই খ্ৰিষ্টান৷ শিলত কটা দেৱালৰ বাবে বিখ্যাত চাৰ্চটোৰ আমি ঠিক মুখামুখিকৈ থিয় হ'লোঁ৷ পুৰণি ইতিহাসৰ মৌন সাক্ষী এই প্ৰাৰ্থনা গৃহ৷ ফিজোক বিচাৰি জ্বলাই দিয়াৰ অপচেষ্টা চলিছিল এই গীৰ্জাঘৰটো৷ অগ্নিসংযোগৰ পৰা কথমপি বাচি গ'লেও বেৰত তেতিয়াই লগা বন্দুকৰ গুলীৰ দাগ হেনো আজিও আছে৷ তালৈকে চাই এ. জেদ. ফিজো কিমান মৰসাহসী আৰু বুদ্ধিসম্পন্ন মানুহ আছিল ভাবি উলিয়াব নোৱাৰি৷ মুগ্ধদৃষ্টিৰে দূৰৰ পৰাই একধ্যানে লক্ষ্য কৰিলোঁ গিৰ্জাটো৷ গিৰ্জাটোৱে এতিয়া বিশালাকাৰ ৰূপ ধাৰণ কৰিছে৷ তাৰ অন্তৰালত গাঁওবাসীৰ শ্ৰমদানো মানিবলগীয়া৷ বাহিৰৰ কোনো মানুহৰ সহায় নোলোৱাকৈ আৰু কাৰো পৰা দান-বৰঙণি গ্ৰহণ নকৰাকৈ খনমা গাঁৱৰ মানুহে চাৰ্চটো সাজিছে৷ সমান আকৃতিৰ অসংখ্য শিলৰ টুকুৰাৰে বেৰবোৰ সজা হৈছে৷ গোটেই গিৰ্জাটোৰ অতি সামান্য অংশতহে বিলাতী মাটি ব্যৱহাৰ কৰা হৈছে হেনো৷ প্ৰকাণ্ড শিলৰ টুকুৰাবোৰ ইমান নিখুঁত আৰু মিহিকৈ কটা হৈছে যে সেইবোৰ ভূমিকম্পয়ো লৰচৰ কৰিব নোৱাৰাকৈ ইডোখৰৰ লগত সিডোখৰ কাপ খাই লাগি আছে৷ প্ৰতি টুকুৰা শিলৰ ৰঙো বেলেগ বেলেগ৷ এক কথাত একক আৰু অনন্য ইয়াৰ নিৰ্মাণ শৈলী৷ সেয়া খনমাৰ স্বাভিমানী আংগামীৰ বাহাদুৰি৷


লাইটবোৰ দুই-এটাকৈ জ্বলি উঠিছে৷ এই গিৰ্জাটো সাজিবলৈ ৭ বছৰ সময় লাগিছিল৷ এয়া গাঁওবাসীৰ আত্মনিৰ্ভৰশীলতাৰেই নিদৰ্শন নহয়, ই তেওঁলোকৰ অনুপম শিল্প-নৈপুণ্য আৰু সৌন্দৰ্যবোধৰো পৰিচায়ক বুলি হোমেন বৰগোহাঞি চাৰে 'আত্ম দীপো ভব'ত (খনমাত এটা দিন) কেতিয়াবাই গুণানুকীৰ্তন কৰি থৈছে৷ পঢ়িবলৈ পাইছিলোঁ যে খনমাত বেপ্টিষ্ট চাৰ্চ প্ৰতিষ্ঠা হোৱাৰ ১০০ বছৰ পূৰ্ণ হৈছিল ১৯৯৭ চনত৷ শতবাৰ্ষিকী উৎসৱ পালন কৰিবলৈ ৰাইজে ৩ বছৰ আগৰে পৰাই উদ্যোগ লৈছিল৷ চৰকাৰ বা বাহিৰৰ মানুহৰ পৰা ফুটা কড়িও সহায় নোলোৱাকৈ উক্ত উৎসৱ উদ্‌যাপন কৰিবলৈ তেওঁলোকে কঠোৰভাৱে সিদ্ধান্ত লৈছিল৷ সেইমতে গাঁওখনৰ অধিবাসীসকলে কাঠ-বাঁহ-বেতৰ নানা তৰহৰ আচবাব, সঁজুলি, ঘৰ সজোৱা বস্তু, পুতলা আদি সাজি উলিয়াইছিল৷ বস্তুবোৰ বিক্রী কৰি পোৱা ধনকে উৎসৱটো পালনাৰ্থে যথাযথভাৱে খৰচ কৰিছিল৷ উগ্ৰপন্থীৰ নগা পাহাৰত সেয়া আছিল অতিকৈ অনুকৰণীয় কৰ্ম৷ সেই গিৰ্জা আজি আমি স্বচক্ষে দেখিলোঁ৷ দেখি ধন্য হ'লোঁ৷ খনমাৰ আংগামীৰ প্ৰশংসনীয় কৰ্মশক্তিৰ আৰু এটা উমান পালোঁ আজি এটা মাত্ৰ দিনতে৷ ৰাজ্যিক ৰাজধানী ক'হিমাৰ পৰা ২০ কিল'মিটাৰ আঁতৰত মুকলি মনে ঘূৰি-ফুৰি আছোঁ আমি৷ কোনো দ্বিধাবোধ, কোনো প্ৰকাৰৰ সংশয় বুলিবলৈ নাই৷

অন্তিম ষ্টেপকেইটাৰে নামি ভিলেজ চাৰ্কুলাৰ ৰ'দটো পালোঁ৷ Mahatma Gandhi National Rural Employment Guarantee Scheme (MGNREGS)ৰ অধীনত ২০১০-১১ চনত পথটো সজা হৈছিল৷ ২০১৩ চনৰ ১৬ জানুৱাৰীত নাগালেণ্ড চৰকাৰৰ মুখ্য সচিব আলেমটেমশ্বি জমিৰে আনুষ্ঠানিকভাৱে মুকলি কৰিছিল৷ আমাৰ মুখৰ আগতে তিনিআলি এটা৷ প্ৰায় পোনে পোনে এটা বাট গিৰ্জাৰ কাষেৰে ওপৰলৈ গুচি গৈছে৷ বাওঁফালৰ পৰা এটা ঢালেৰে উঠি অহা ৰাস্তাটো পাক লৈ বিপৰীত ঢাললৈ নামিছে৷ Neizoৰ নিৰ্দেশ মানি এইবাৰ আমি যাব ধৰিছোঁ সোঁহাতে৷ বাটটো ঠেক, সৰু গাড়ী যাব পৰা ধৰণৰ৷


সোঁহাতলৈ ঘূৰোঁতেই পোৱা খনমা গ্ৰীণ ভিলেজৰ স্মৃতিশিলা এটাই পোনেই দৃষ্টি আকৰ্ষণ কৰিলে৷ খনমা হৈছে ভাৰতবৰ্ষৰ প্ৰথম সেউজীয়া গাঁও৷ ইয়াক গঢ়ি তোলাৰ উদ্দেশ্যে ভাৰত চৰকাৰৰ পৰ্যটন মন্ত্ৰণালয় আৰু নাগালেণ্ড চৰকাৰৰ পৰ্যটন বিভাগৰ পৃষ্ঠপোষকতাত ৩ কোটি টকা ব্যয়সাপেক্ষ প্ৰকল্প হাতত লোৱা হৈছিল৷ তিনিবাৰকৈ নাগালেণ্ডৰ মুখ্য মন্ত্ৰী হোৱা নেইফিঅ' ৰিঅ', যি নিজেও এজন আংগামী, তেৱেঁই শিলান্যাস কৰিছিল ২০১৫ চনৰ ২৫ অক্টোবৰ তাৰিখে৷ এই অঞ্চলৰ মানুহে এতিয়া গছ নাকাটে, চিকাৰো নকৰে৷ অতীত নিৰবধি প্ৰকৃতিনিৰ্ভৰ হৈ বাস কৰি অহা ঠাই এখনৰ নিবাসী মানুহখিনিৰ বাবে এইটো নিঃসন্দেহে অতি গুৰুত্বপূৰ্ণ আৰু সাহসী পদক্ষেপ৷ নগা পৰ্বতত লুকাই থকা খনমা নামৰ গাঁওখন ৰাজ্যখনৰ অান আন গাঁওসমূহৰ উপৰি আন ৰাজ্যৰ কাৰণেও সেয়েহে অনুকৰণীয় হৈ উঠিছে৷ ইমান দূৰ বাট কুৰি বাই আহিও আমি ক'তো অকণমান জাবৰৰ দ'ম, গেলা-পচা গোন্ধ নাই পোৱা, যিটো আমাৰ সৰু-বৰ নগৰ-মহানগৰসমূহত তেনেই সুলভ৷ নাকত ৰুমাল লোৱাৰ দৰকাৰেই নাই ইয়াত৷

গ্ৰীণ ভিলেজ প্ৰজেক্টৰ অন্তৰ্গত শিলেৰে নিৰ্মিত চাৰ্কুলাৰ বাটটোৰে নামি যাব ধৰিলোঁ৷ খনমাৰ প্ৰত্যেকটো ঘৰৰে চালবোৰৰ বৰণ সেউজীয়া আছিল৷ ক'ৰবাত ক'ৰবাত অকণ অকণ চকুত পৰাৰ বাদে এতিয়া সি কাৰ্যতঃ নাইকিয়া হৈ পৰিছে৷ দৰাচলতে সেউজ গাঁৱৰ প্ৰকৃত অৰ্থ ঘৰৰ চালত কৃত্ৰিম ৰং সানি মাথো দেখাত সেউজীয়া কৰি পেলোৱাটো মুঠেই নহয়৷ সেউজী প্ৰাকৃতিক পৰিৱেশ সৃষ্টিৰে চিৰদিনৰ বাবে গঢ়ি তোলা চিৰসেউজীয়াহে আচল কথা৷ মৰ্মাৰ্থটো আমি সোনকালেই বুজি উঠিলোঁ৷ সেয়েহে আজি অপৰিৱৰ্তনীয় ৰূপত 
চৌদিশে সেউজ পাহাৰ লক্ষ্য কৰিছোঁ, যিবোৰে খনমাক প্ৰদান কৰিছে অনন্য মাত্ৰা৷ ইয়াৰ হকে খনমাৰ মানুহে উচিত পদক্ষেপ আৰু বজ্ৰকঠোৰ সংকল্প আগতেই লৈছে৷ প্ৰকৃতি সংৰক্ষক হিচাপে ভালেমান ৰাষ্ট্ৰীয় ছেমিনাৰত ভাগ লোৱা চিলে চাখ্ৰে'ই এবাৰ এখন আলোচনীত এইবুলি লিখিছিল... “We no longer wage war with nature anymore. We do want peace in our land among tribesmen and we realize that even our wildlife wants peace and freedom.” খনমা আৰু ইয়াৰ চৌদিশ এতিয়া যেনেকৈ সেউজীয়া, আগলৈকো সেউজীয়া হৈ থাকক৷ তাকে কামনা কৰি ইফালে সিফালে কৌতূহলী দৃষ্টি ৰাখি গাইডৰ সৈতে খোজ দি আছোঁ৷

অকণমান আগলৈ আকৌ চৌবাচ্চা এটা৷ দেৱালত সাৱধানবাণী 
লিখা আছে... Washing of vehicle is strictly prohibited৷ ওপৰত এসোপামান ফলাখৰি৷ বাওঁহাতে গেলামালৰ দোকান এখন৷ বজাৰ-সমাৰ এতিয়ালৈ ইয়াত দেখা পোৱা নাই৷ দৈনন্দিন প্ৰয়োজনীয় বয়-বস্তু, শাক-পাচলি কোনফালে পোৱা যায়? প্ৰশ্ন এটা জাগি উঠিল৷ যেনি-তেনি বিজুলী-বাতিবোৰ জ্বলি উঠিছে৷ খনমাৰ নৈশ ৰূপটো দেখি ভাল লাগিছে৷ কেনিও কোনো ধৰণৰ হাই-উৰুমি শুনা নাই৷ প্ৰায় ইটাৰ জোখৰে শিল কিছুমান শৃংখলিতভাৱে পাৰি আমি গৈ থকা ৰাস্তাটো সজা হৈছিল৷ তললৈ সৰি নপৰিবলৈ বাওঁকাষে ৰেলিং দিয়া আছে৷ অথনি ওপৰৰ পৰা দেখা খলপীয়া খেতি পথাৰবোৰ এতিয়া ওচৰ চাপি আহিছে৷ তাৰ মানে আমি অনেকখিনি নামি আহিলোঁ৷ ৰাস্তাটোৱে আমাক একেবাৰে তললৈ লৈ যাব বুলি ধাৰণা হৈছে৷


খনমা ষ্টুডেণ্টছ্‌ ইউনিয়নৰ বিল্ডিং পাৰ হৈ বাওঁহাতে তলফালে অৱস্থিত ঘৰ কেইটামানৰ ফালে Neizoএ আমাক ঘূৰালে৷ মুকলি ঠাই এখিনিৰ তিনিফালে কেইবাটাও ঘৰ৷ বিজুলী চাকিয়ে আলোকিত কৰা এঘৰৰ বাৰাণ্ডাত কেইজনমান লোক বহি কিবা গহীন আলোচনাত মগ্ন৷ প্ৰৱেশদ্বাৰৰ বাওঁকাষে মজিয়াৰ পৰা বেৰৰ উচ্চতা পৰ্যন্ত ওখকৈ ফলাখৰিৰ দ'ম৷ গাইডে স্থানীয় মানুহকেইজনক সম্ভাষণ জনালে৷ তেওঁলোকৰ দোৱানত কিবাকিবি কথাও পাতিলে৷ পোনপটীয়াকৈ বুজি নাপালোঁ যদিও আমিযে গাঁওখন চাবলৈ আহিছোঁ তাকে জনোৱা বুলি অনুমান কৰিলোঁ৷ তেওঁলোকৰ ভাব-ভংগীৰ পৰা এইটোও অনুমান হ'ল যে আমাৰ আগমন ভাল পাইছে তেওঁলোকে৷ আমি ৰৈ থকাৰ পোনে পােনে বাৰাণ্ডাখন৷ বাৰাণ্ডাৰ কাঠৰ বেৰত প্ৰকাণ্ড বন্দুক এটা সজাই ৰখা আছে৷ দলটোৰ প্ৰতিজনৰে সেইটো কৌতূহলৰ কাৰণ হৈ উঠিল৷ অনুমান কৰিলোঁ, বন্দুকটো দীঘলে মোৰ হাতেৰে ৮ হাতৰ কম নহ'ব৷ আটাইৰে মনত এটাই প্ৰশ্ন জাগিছে, বিৰাট আকাৰৰ এই বন্দুক চলোৱাজনৰ অবয়ৱটো কেনেকুৱা আছিল বাৰু? এসময়ৰ নগাদা-যাঠীধাৰী আংগামীৰ হাতত ইতিহাসৰ এটা ক্ষণত বন্দুক-বাৰুদ প্ৰচুৰ ৰূপত আহি পৰাৰ কথা সকলোৱে জানে৷ পিছে এইখন খনমাৰে একবিংশ শতিকাৰ নৱ-প্ৰজন্মই এতিয়া বন্দুক-ৰিভলভাৰ এৰি নতুনৰ চিন্তাত মগ্ন হৈছে৷ ফিজোৰ খনমাৰ নতুন পুৰুষে আজি বন্দুকক বিদায় দিছে৷ ভাবি পাইছে যে বন্দুকেৰে সমাধান নাহে৷ বন্দুক এতিয়া বেৰত সজোৱা বস্তু মাত্ৰ৷

ঘৰটোত আওপুৰণি সম্পদ কেইবাবিধো দেখিলোঁ৷ পোনে পোনে থকা অন্য এটা ঘৰো দেখুৱালেগৈ৷ তাৰ পৰা আমাক আৰু এটা ঘৰলৈ লৈ গ'ল৷ সেইটো এজন প্ৰাক্তন চিকাৰীৰ বাসস্থান৷ জীৱিত চিকাৰীজনৰ আগৰ পুৰুষসকল নৰমুণ্ড চিকাৰী আছিল বুলি ক'লে৷ দাৰে চাঁচি উলিওৱা কাঠৰ খলপা-খলপ তক্তা, মিঠাতেল নহ'লে ঘিউৰ টিং কাটি উলিওৱা শ্বিট, বাঁহৰ বেৰৰ অংশবিশেষ, টিনপাত আদিৰ সংমিশ্ৰণ এই ঘৰটোৰ চাৰিবেৰ আৰু ওপৰভাগ৷ সোমাওঁতেই বাহিৰৰ বেৰখনত ওপৰলৈ মেঠোনৰ মূৰ ৪টা লগাই ৰখা চকুত পৰিল৷ Neizoৰ পাছে পাছে খোজ পোনাই সোমাই গৈ থাকি একেবাৰে জুহালেই পালোঁগৈ৷ কোনো বাধা নাই৷ ধোঁৱাই চুই থকাকৈ চালখনৰ তলফালে পশু-পক্ষীৰ এগালমান মূৰ, বিভিন্ন আকৃতিৰ হাড়, জঁকা আদি শাৰী পাতি সজাই ৰাখিছে৷ বাস্কেটত ভৰায়ো হাড়-মূৰ, মই চিনি নোপোৱা আন কিবা-কিবি ওলোমাই থৈছে৷ অন্য এখন বেৰত খুঁচি থোৱা অৱস্থাত দা এগালমান৷ বাঁহ-বেতৰ সামগ্ৰী, গোমধানকে ধৰি অন্যান্য শস্যৰ সঁচলৈ থোৱা গুটি, হাতুৰী-বটালি, কেইবা প্ৰকাৰৰো কোৰ আদি দেখা গৈছে৷ জুইৰ গুৰিতে পীৰা এখনত বহি আংগামীজনে কাঠৰ মস্ত পাত্ৰ এটাৰ পৰা কাঠৰ চামুচেৰে কিবা উলিয়াই লাহে লাহে কিন্তু একান্তমনে খোৱাত ব্যস্ত৷ চৌকাৰ বাওঁফালে ৰেক্‌ এডালত ক'লা পৰি যোৱা ৰন্ধন সঁজুলিবোৰ৷

আমি মানুহজনৰ সন্মুখত উপস্থিত হ'লোঁ৷ ঘৈণীয়েকো আহিল৷ গাইডে তেওঁলোকৰ বিষয়ে কৈ গ'ল৷ পুৰুষজনৰ বয়স ৭০ বছৰমান হ'ব৷ আটিল শৰীৰ৷ চুলিৰ বৰণ বগা৷ কাণত কাণফুলি৷ ডিঙিত মালা৷ হাত-ভৰিবোৰলৈ চালেই ধৰিব পাৰি কেনেকুৱা কষ্টকৰ জীৱন-শৈলী তেওঁলোকৰ৷ এসময়ত পাকৈত চিকাৰী আছিল৷ এতিয়া এৰিলে৷ পাছৰ প্ৰজন্মও সেইটো কামত নাই৷ খনমাৰ মানুহে চিকাৰ বাদ দিছে৷ এওঁলোক এতিয়া সংৰক্ষকহে৷ কোনােবাই চিকাৰ কৰা, গছ কটা বুলি গম পালে সাৰণ নাই৷ খনমা গাঁৱৰ এই কথাটোৱে মোৰ মনত গভীৰভাৱে ৰেখাপাত কৰি গ'ল৷ চিন্তা কৰিলোঁ, মানুহজনক কিবা এটা দি যোৱা যাওক৷ টকা ১০০কে তেওঁৰ হাতত গুজি দিলোঁ৷ ক'লোঁ, 'বেচ্চি মৰম পৰা দিছে দেই বাবা' বুলি৷ তেওঁ মোক হেণ্ডশ্বেক কৰিলে, হাঁহিলে৷ খুব সন্তুষ্ট হোৱা যেন লাগিল মানুহজনক৷ আংগামীতে কিবাকিবি বিৰবিৰালে যদিও বুজি নাপালোঁ৷ Neizoহঁত ওলাই আহিলেই৷ 'আমাখান যাব দেই, আপুনিখান খুচ্চি কৰি কেনা থাকিব দেই বাবা, প্ৰেয়াৰ কৰি থাকিবি' বুলি ময়ো বিদায় ল'লোঁ৷



Tuesday, 15 August 2017

২৬. পদব্ৰজে খনমা দৰ্শন-৩

আমি য'ত আছোঁ তাৰ পৰা আংগামী গাঁওকেইখনমান দেখা গৈ আছে৷ প্ৰতিৰক্ষাৰ প্ৰয়োজনত নগা গাঁওবোৰ তেনেকৈ পৰ্বতৰ উচ্চতাত ওপৰে ওপৰে পতা হয়৷ Neizoই গাঁওকেইখনৰ নামকেইটা এফালৰ পৰা কৈ গৈছিল৷ মনতহে নৰ'ল এটাও৷ দূৰৰ পৰ্বতত বিয়লিৰ ৰ'দ পৰি প্ৰকৃতিয়ে বৰণ সলাব ধৰাত লক্ষ্য সিফলীয়া হ'ল৷ প্ৰবীণ আৰু চেলেঙো নিজৰ নিজৰ কেমেৰা লৈ ফটো তোলাত ব্যস্ত৷ জয়ন্তদা আৰু অৰূপদাই ম'বাইল ফোন উলিয়াই লৈছে৷ অপূৰ্ব দৃশ্যটি উপভোগ কৰিবলৈ লৈ গাঁওকেইখনৰ নামকেইটা নোটবুকত টুকিবলৈও পাহৰি থাকিলোঁ৷ সৌন্দৰ্যৰ মায়াত পৰি সুবীৰ অথনিতে ক'ৰবাত নোহোৱা হ'ল৷

পাহাৰৰ ওপৰত অৱস্থিত এইখন খনমা৷ খনমা নামটো আহিছে আংগামীসকলে Khwuno-ra বোলা স্থানীয় উদ্ভিদ এজোপাৰ পৰা৷ গছজোপাৰ বৈজ্ঞানিক নাম Glouthera fragrantisima৷ ক'হিমা জিলাৰ চাচু ঝুব্‌ঝা মহকুমাৰ এখন মধ্যমীয়া গাঁও খনমা৷ ২০১১ চনৰ লোকপিয়ল অনুসৰি জনসংখ্যা ১,৯৪৩৷ খনমাৰ আংগামীসকল তিনিটা ফৈদত বিভক্ত৷ Merhüma (M-Khel), Semoma (S-Khel) আৰু Thevoma (T-Khel)৷ আমি বাহৰ পতা Dovipie Inn নামৰ হোটেলখন T-Khel এলেকাত পৰে৷ নগাৰাজ্যৰ ভিতৰত শিক্ষিত লোকৰ পৰিমাণ খনমাতে সৰ্বাধিক৷ শতকৰা হিচাপত এই হাৰ ৮৩.৪১৷ ইফালে ৰাজ্যিক পৰিসংখ্যাটো হ'লগৈ ৭৯.৫৫

ওপৰৰ পৰা চাই দেখিছোঁ, খনমাৰ ঘৰবোৰ ওচৰা-উচৰিকৈ সজা৷ আহ-যাহ কৰিবলৈ লুংলুঙীয়া তল-ওপৰ বাট৷ কাঁইটীয়া গছ, শুং থকা গছ-লতাৰে কিছুমান ঘৰ সুৰক্ষিত কৰি ৰাখিছে৷ টিনপাতবোৰ পুৰণি হৈছে৷ মাজে মাজে পোৱা একোখন দোকান, ঘূৰণীয়া শিল সজাই ৰখা বহা ঠাই, বিভিন্ন জাতৰ ফুল, পানীৰে পূৰ্ণ চৌবাচ্চা, ফুটপাথ, সমাধি, জাপি থোৱা শিলৰ দ'ম, দ'মাই ৰখা খৰিৰ ভাণ্ডাৰ আদিয়ে আৰম্ভণিৰে পৰাই আমাৰ দৃষ্টি থপিয়াই নিছে৷

আংগামীসকলৰ একেখন গাঁৱতে কেইবাটাও খেলৰ মানুহ থাকে৷ খেলবিলাকৰ মাজত অতীতত বৈৰিতা আছিল আৰু যুঁজ-বাগৰো চলিছিল৷ তেওঁলোক যুদ্ধপ্ৰিয় জনজাতি৷ তাৰ ফলস্বৰূপে শিৰচ্ছেদ কৰাটো ভয়াৱহ যদিও সাধাৰণ ঘটনাৰ দৰেই আছিল৷ ১৮৭৯ চনত ব্ৰিটিছে আংগামী অঞ্চল অধিগ্ৰহণ কৰি আন্তঃফৈদ যুদ্ধ-বিগ্ৰহবোৰৰ অন্ত পেলায়৷ আংগামীসকলে পিতৃপ্ৰধান সামাজিক ব্যৱস্থা মানি চলে৷ বিয়া-বাৰু তেওঁলোকে একেটা খেলতে কৰাব নোৱাৰে৷ দেউতাকৰ সম্পত্তি সতি-সন্ততিৰ মাজত সমানে ভগাই দিয়া হয়৷ নুমলীয়া পুত্ৰই পিতৃ-মাতৃৰ ঘৰটো লাভ কৰে৷ বৃদ্ধাৱস্থাত মাক-দেউতাকক চোৱা-চিতা কৰাৰ দায়িত্বও তেৱেঁই পালন কৰে৷ সামাজিক শ্ৰেণী বিভাজন আংগামী সমাজত নাই৷

আমি আকৌ ষ্টেপ বগাবলৈ ধৰিলোঁ৷ গাঁওখনৰ প্ৰায় সোঁমাজ পালোঁগৈ৷ শৈলনিৰ্মিত পুৰণি স্থান এটালৈ Neizoই উঠাই নিছে আমাক৷ উঠি গৈ থাকোঁতে স্কোৱাচ, আঙুৰ, টেঙা ফলৰ গছ, ফুল, কবৰ, শৈলস্তম্ভ আদি দেখা পালোঁ৷ ওপৰত Archaeological Survey of Indiaই পোতা লোৰ ফলক এখন নীৰৱে থিয় হৈ আছে৷ নীলাত বগা আখৰেৰে হিন্দী আৰু ইংৰাজীত লিখা আছে Protected Monument : This monument has been declared to be of national importance under the Ancient Monuments and Archaeological Sites and Remains Act 1958 (24 of 1958). Whoever destroys, removes, injures, alters, defaces, imperils or misuses this monument shall be punishable with imprisonment which may extend to 3 months or with find which may extend to five thousand rupees, or with both.

মাৰ্বল পাথৰেৰে নিৰ্মিত প্ৰায় ৪ ফুট ওখ বৰ্গাকাৰ স্মাৰক এটা৷ চাৰিফালে চাৰিজনৰ নাম খোদাই কৰা আছে৷ G. H. Damant, M.A.C.S., Killed at Khonoma, 4.10.1879. Major C. R. Cock, D.A.A.G., Killed at Khonoma, 22.11.1879. Sub Maj Nurbir Sai, 44th G.R., Died at Khonoma, 22.11.1879. Lt. H. H. Furbes, 44th G.R., Mortally wounded at Khonoma, Died and buried at Sechima, 22.11.1879

আহি আহি আমি খনমাৰ সৰ্বোচ্চ স্থানটিত উপস্থিত হ'লোঁ৷ চাৰিওপাশে চক্রাকাৰে দৃষ্টি ঘূৰাই নাচাই নোৱাৰি৷ শাৰী শাৰী পৰ্বতে ঘেৰি আছে খনমাক৷ এইখিনিৰ পৰা আমি অথনি গাড়ীৰে অহা ৰাস্তাটো দেখা পাইছোঁ৷ খনমা গে'টখনৰ অৱস্থানটো সৌ কেঁকুৰিটোতে সিফালে মুখ কৰি হ'ব চাগৈ৷ অদূৰত পৰ্বতৰ বক্ষত গাঁও কেইখনমানো দেখিছোঁ৷ গাইডে আঙুলিয়াই কৈছে সৌৱা স্কুল৷ সৌৱা ... সৌপিনে ট্ৰেগোপান চেংক্‌চুৱেৰী৷ সৌটো কেথলিক চাৰ্চ৷ গিৰ্জাটোৰ পাছফালেৰে জংঘলৰ মাজে মাজে জুলুকিলৈ যোৱা ৰাস্তাটো ইয়াৰ পৰা দেখা গৈছে৷ সেইফাললৈকে আমি অথনি ভুলক্ৰমে গুচি গৈছিলোঁ! সিফালৰ পৰা দেখা পাইছিলোঁ খনমাখন৷ তল ফালে আছে খলপ কাটি কাটি কৰা খেতিপথাৰ৷ অতীব সুন্দৰ দৃশ্য তাৰ৷ আমি থকা হোটেলখনো সৰুকৈ দেখা গৈ আছে৷ সেইখন খনমাৰ পূবফালৰ শেষ প্ৰান্তলৈ আছে৷ ওপৰৰ পৰা ভালকৈ ধৰিব পাৰিছোঁ৷


আমাৰ বাওঁহাতে ওখ পৰ্বত৷ তাতে ট্ৰেগোপান অভয়াৰণ্য৷ এলেকা ৭০ বৰ্গ কিল'মিটাৰ৷ পাৰিপাশ্বিকতাক লৈ চলোৱা প্ৰাথমিক অধ্যয়নে এইটো নিশ্চিত কৰিছে যে খনমাৰ আশে-পাশে থকা অৰণ্যত প্ৰায় ২৫০ টা প্ৰজাতিৰ উদ্ভিদ আছে৷ ইয়াৰ পৰা ৭০বিধ ঔষধি, ৮৪ জাতৰ বনৰীয়া ফল, ১১৬ জাতৰ বনৰীয়া পাচলি, ৯বিধ মাশ্বৰুম আৰু ৫ ধৰণৰ প্ৰাকৃতিক ৰং পাব পাৰি৷ স্থানীয় আবাসীসকলে পোৱা প্ৰজাতিৰ সংখ্যা ২০৪৷ তাৰে ভিতৰত আছে ৪৫ বিধ অৰ্কিড, ১১ প্ৰজাতিৰ বেত আৰু ১৯ জাতৰ বাঁহগছ৷ ইয়াৰোপৰি গাঁওবাসীয়ে ২৫বিধ সাপ, ৬ প্ৰকাৰৰ জেঠী, ১১ জাতৰ উভচৰ প্ৰাণী, ১৯৬ প্ৰজাতিৰ চৰাই, ৭২ বিধ বন্য জীৱ প্ৰত্যক্ষ কৰিছে৷

এসময়ৰ যোদ্ধা খনমাবাসীয়ে আজিৰ তাৰিখত আৰু এক ঐতিহাসিক পদক্ষেপ হাতত লৈছে৷ ১৯৯০ চন মানৰ পৰা গাঁওবাসীয়ে কাঠৰ ব্যৱসায় ৰোধ কৰি আহিছে৷ আগতে জংঘলৰ পৰা ডাঙৰ ডাঙৰ কুন্দা নিবলৈ হাতী লৈ মানুহ আহিছিল৷ স্থানীয় মানুহৰো তাত হাত আছিল৷ কিন্তু পিছলৈ খনমাবাসীয়ে প্ৰতিৰোধ আগ বঢ়ালে৷ বিগত ভালেকেইটা বছৰ ধৰি আংগামীসকলে প্ৰাকৃতিক সম্পদ আৰু বন্যপ্ৰাণী সংৰক্ষণ, প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা, গাঁও প্ৰশাসন, সংঘৰ্ষ প্ৰত্যাহাৰ, উন্নয়নমূলক কাম-কাজ আদিত গুৰুত্ব দি আহিছে৷ নতুন কাৰিকৰী চিন্তাৰ পৰীক্ষা-নিৰীক্ষা চলিছে খনমাত৷ ভাৰতৰ ভিতৰতে পৰিৱেশ আন্দোলনৰ আগশাৰীৰ থলী হিচাপে পৰিগণিত হৈছে খনমা৷

পূৰ্বতে চিকাৰ কৰাটো নগা জীৱনশৈলীৰ আনুষংগিক পথ আছিল৷ মাংস খোৱাৰ নামতে বছৰি বৃহৎ সংখ্যক নিৰীহ জন্তু আৰু চৰাই বধ কৰা হৈছিল৷ বিলুপ্তপ্ৰায় ট্ৰেগোপানো সাৰি যাব পৰা নাছিল৷ ১৯৯৩ চনত ৩০০ ট্ৰেগোপান বধ কৰা হৈছিল, গাঁওখনৰ মাংসৰ চাহিদাৰ বাবে৷ এই বধ কাৰ্যই এদিন এনে এক চিন্তাৰ আমদানি কৰিলে যে চিন্তাশীল আৰু দূৰদৰ্শী গঞাসকলে চিকাৰৰ বিৰুদ্ধে ক্ৰুছেদ আৰম্ভ কৰি দিলে৷ সঁচাই অবিশ্বাস্য৷ গাঁওখনৰ কিছুসংখ্যক আবাসী আৰু বাহিৰত চাকৰি কৰি থিতাপি লগা কিছুসংখ্যক পুৰণি মানুহে ইয়াৰ গুৰি ধৰিলে৷ স্থানীয় একাংশই বিৰোধিতা নকৰাকৈও নাথাকিল পিছে৷

১৯৯৮ চনত খনমা ভিলেজ কাউন্সিলে ২০ বৰ্গ কিলমিটাৰ ভূমি আৱৰি Khonoma Nature Conservation and Tragopan Sanctuary (KNCTS) গঢ়ি তোলাৰ ইচ্ছা প্ৰকট কৰে৷ গাঁওখনৰ জ্যেষ্ঠ লোকসকলে ইয়াত আগ-ভাগ ল'লে৷ আশীৰ দশকত বন বিভাগৰ ঠিকাদাৰ হিচাপে কাম কৰা চিলে চাখ্ৰে'ৰ নাম এই ক্ষেত্ৰত প্ৰাতঃস্মৰণীয় হৈ ৰ'ব৷ বন বিষয়া টি. আংগামীৰ সৈতে তেওঁ এদিন আলোচনা কৰিলে৷ গাঁওখনৰ বন-বননিৰ একাংশ বন্য পশু-পক্ষীৰ সংৰক্ষণৰ হকে ব্যৱহাৰ কৰাৰ দিশত পদক্ষেপ লোৱাৰ চিন্তা এটা উদ্ৰেক ঘটিল৷ ১৯৯৫ চনত চাখ্ৰে' গাঁও পৰিষদৰ সদস্য হল৷ চকুৰ আগত চৰাইবোৰ নিধন যজ্ঞ দেখি তেওঁৰ মনটো অধিক জাগ্ৰত হৈ উঠিল৷ বহু গঞাই তেওঁৰ দ্বাৰা হৈ থকা বাধা প্ৰদান কাৰ্যৰ বিৰোধিতা কৰিলে এই বুলি যে চিকাৰ কৰাটো নগা সংস্কৃতিৰ অন্যতম অংগ৷ গতিকে বন্ধ কৰিব নোৱাৰি৷ ইয়াৰ পাছৰ তিনিটা বছৰ ধৰি অনেক বুজনি দিয়াৰ অন্তত অধিকাংশ গাঁওবাসী সৈমান হল৷ ১৯৯৮ চনৰ ডিচেম্বৰ মাহত Care for nature ভাবনাৰে ট্ৰেগোপান অভয়াৰণ্যখনৰ আধাৰশিলা স্থাপন কৰা হয়৷ এতিয়া কেৱল অভয়াৰণ্য এলেকাতে নহয়, খনমা গাঁওখনতো চিকাৰ কৰাটো একেবাৰে নিষেধ৷ তাৰ সলনি খেতি-বাতি আৰু পশুপালনহে আদৰণীয়৷ চৰাই মাৰি ফুৰা মানুহ আমাৰো চকুত পৰা নাই৷


২৫. পদব্ৰজে খনমা দৰ্শন-২

শৈলনিৰ্মিত দেৱাল এখন৷ তাতে এখন কাঠৰ দুৱাৰ৷ দুপতীয়া দুৱাৰখনত তলা এটা ওলমি আছে৷ আমি তাৰ সন্মুখত ৰৈ আছোঁ৷ দৰজাৰ ওপৰত ক'লা ফলক এখন৷ পঢ়িব ধৰিলোঁ... The fiercest of battles were fought between the British and the Nagas between 1850-79 in this Semoma Fort of Khonoma. This fort was described as one of the strongest of the Northeast by Maj. John Butler of the British Army. মেজৰ জন বাটলাৰে উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে অন্যতম শক্তিশালী বুলি কৈ যোৱা দুৰ্গ এইটো৷ বাওঁহাতলৈ ডাঙৰ পকী ফলক এখন৷ তাৰ দাঁতিৰেই ওপৰলৈ উঠা-নমা কৰা খটখটি আছে৷ আমি উঠি গ'লোঁ৷ আমাৰ লগত অহা Neizo Zhotsoই জনালে যে এইটো এটা পুৰণি দুৰ্গ৷ সংৰক্ষণৰ লক্ষ্যৰে পাছত দুৰ্গটোৰ আধুনিকীকৰণ কৰা হৈছে৷ 

ওপৰৰ পৰা নামি অহাৰ পাছত সকলোৰে ধ্যান পকী ফলকখনত ন্যস্ত হ'ল৷ ঘটনা আৰু কৰ্ম বৰ্ষ অনুপাতে লিখি থোৱা আছে৷ ১৮২৫ চনত দুৰ্গটো সম্পূৰ্ণ কৰি তোলা হৈছিল৷ ১৮৫০ত প্ৰথম এংল'-খনমা যুঁজখন এই দুৰ্গৰ পৰাই চলিছিল৷ ১৮৭৯ত ব্ৰিটিছৰ লগত খনমাবাসীৰ দ্বিতীয় ৰণ লাগে৷ দুৰ্গটো তেতিয়া প্ৰথমবাৰৰ বাবে ধ্বংসপ্ৰাপ্ত হয়৷ কিন্তু পাছৰ বছৰতে ইয়াক নতুনকৈ সাজি উলিয়ায়৷ ১৯০৬ চনত ব্ৰিটিছ চৰকাৰে দুৰ্গটোৰ দ্বিতীয়বাৰৰ বাবে ক্ষতিসাধন কৰে৷ ১৯১৯ত পুনৰ্নিৰ্মাণ হৈ উঠে৷ ১৯৫৬ চনত ইণ্ডো-নাগা সংঘৰ্ষৰ সময়ত আকৌ ক্ষতিগ্ৰস্ত হয়৷ ১৯৯০ চনত পুনৰায় তৈয়াৰ কৰি পেলোৱা হয়৷ আংগামী নগাৰ কল্পনা কৰিব নোৱাৰা সেই প্ৰচণ্ড কায়িক, মানসিক শক্তিৰ বিষয়ে ভাবি তবধ মানিলোঁ৷ আকৌ চিন্তা কৰিলোঁ, এতিয়া আমি দেখা পোৱা আৰ.চি.চি. নিৰ্মাণ কাৰ্যৰ কাৰণে প্ৰয়োজন হোৱা শিল, বালি, লো, চিমেণ্ট ইত্যাদিবোৰো ইয়ালৈ কঢ়িয়াই অনাটোও কি, মুখৰ কথানে?

দুৰ্গৰ ওপৰৰ পৰা তলৰ দৃশ্যাৱলী সুন্দৰকৈ দেখা যায়৷ আমাৰ সন্মুখত পুৰণি ঘৰ কিছুমান৷ শুদা ভৰি আৰু হাতত বেতৰ লাখুটি লোৱা বুঢ়ী এজনী এফালৰ পৰা আহি তাৰে ঘৰ এটাত সোমাই গ'ল৷ বাকী কোনো মানুহকেই এতিয়ালৈ দেখিবলৈ পোৱা নাই৷ শান্ত-সমাহিত পৰিৱেশ৷ মূৰৰ ওপৰত মেঘাচ্ছন্ন আকাশ৷ পুৰণা ঘৰবোৰৰ মাজত আৰ.চি.চি. বিল্ডিং এটাও জিলিকিব ধৰিছে৷ ডাৱৰৰ আঁৰে আঁৰে টেলিকমৰ টাৱাৰ কেইটামানে গৰ্বিত ভাবত নিজৰ অস্তিত্ব জাহিৰ কৰি আছে৷ Neizoএ এইবাৰ আমাক কাষতে থকা পুৰণি মৰং ঘৰ এটাত সুমুৱালেগৈ৷ ইয়াৰ পৰা এফালে পোনে পোনে তললৈ আমি আশ্ৰয় লোৱা Dovipie Innখন দেখা পাইছোঁ৷ তাৰ সিপাৰে উপত্যকা৷ তাৰ মানে আমাৰ হোটেলখন খনমাৰ একেবাৰে এমূৰে অাছে৷ দিশটোহে ধৰিব পৰা নাই৷ সেউজীয়া ভেলীটোৱে সেইখিনিতে ৰোমান Y আখৰৰ অনুৰূপ আকৃতি গঢ়িছে৷

অলপ দূৰলৈকে দীপমইনাও আহিছিল আমাৰ সৈতে৷ কেতিয়ানো অন্তৰ্ধান হ'ল গমকে নাপালোঁ৷ ইফালে দুৰ্গ দৰ্শন কৰিয়েই অৰুণদা অতিথিশালালৈ উভতিল৷ খনমাৰ ষ্টেপসোপা বগোৱাটো মুখৰ কথা নহয়৷ উলম্বভাৱে একে লেথাৰিয়ে উঠি উঠি তেওঁৰ বোধ কৰোঁ ভাগৰ লাগিল৷ কাইলৈ আকৌ ঝুক' ভেলীলৈ ৬-৭ ঘণ্টাজোৰা ট্ৰেকিঙৰ কথা আছে৷ খোজৰ বিকল্প নাই৷ গতিকে শক্তি সঞ্চয় কৰি ৰাখিব লাগিব৷ এইবোৰকে ভাবি-চিন্তি চাগৈ দাদা উলটি গ'লগৈ৷ দীপমইনাও নোহোৱা হ'ল৷ আমি বাকীবোৰে নিজৰ উদ্দেশ্যত গাইডক অনুসৰণ কৰি আগ বাঢ়ি থাকিলোঁ৷

কি বিশেষ বস্তুনো আছে মৰং ঘৰটোত? সোমাই গ'লোঁ৷ বাৰাণ্ডাত চাৰিফালে চাৰিডাল কাঠ পৰা আছে৷ মাজত জুহাল৷ বাটটোৰ বাওঁফালে এদ'মমান শুকান খৰি৷ কাঠৰ বেৰাত দুখন ঢাল সজাই ৰখা হৈছে৷ এখন গোলাকাৰ৷ জ্যামিতিক বিভাজনৰ সহজ প্ৰয়োগেৰে থাউকতে উলিয়াই পেলালোঁ যে ঢালখনৰ এক অষ্টমাংশ নাই৷ কেতিয়াবাই ভাগিল৷ হ'লেও সংৰক্ষণ কৰি ৰাখিছে৷ আনখন ঢাল দীঘলীয়া৷ পুৰণি ফটোত নগা যোদ্ধাই তেনেকুৱা ঢাল লৈ থকা দেখা পোৱা যায়৷ কিমান পুৰণি হ'ব পাৰে বাৰু এইবোৰ? ব্ৰিটিছৰ সৈতে যুঁজ দিয়া দিনৰে হয়৷ দীঘলীয়া ঢালখনলৈ আঙুলিয়াই Neizo উৎসাহেৰে ক'লে, ''এলিফেণ্ট চামৰা লাগা আছেত' ইটো৷ টাচ্চ কৰি কিনা চাবিনা৷'' চুই চালোঁ৷ সঁচাই, ইমান টান আৰু ডাঠ! আচৰিত হোৱা দেখি সি আকৌ ক'লে, ''বুলেট ভি পাছ নহবলে আছে৷'' বন্দুকৰ গুলীয়েও ভেদ কৰিব নোৱাৰা নগা যোদ্ধাৰ ৰক্ষাকবচ৷ আজিকালিৰ বুলেটপ্ৰুফেও কিজানি পাত্তা নাপাব৷ ''কিমান ওজন হ'ব বাৰু এইখনৰ? দাঙি ফুৰিবলৈ মানুহটোও কম বলী হ'ব লাগিবনে? আংগামী মানুহ সঁচাই শকত-মস্ত আছিল দেই৷ পূ্ৰ্বপুৰুষৰ তুলনাত এই Neizoটোহে দেখোন কিবা চেৰেলা পৰিল৷ এক গতা মাৰিলে সৌফালে পৰিবগৈ৷'' তাৰ ফালে চাই কোনােবাই কৈ থকা কথাবোৰ সি বুজি পালে৷ হ'লেও একো নাই৷ দোস্তি ইতিমধ্যে হৈয়ে গৈছে আমাৰ৷ গতিকে হাঁহিলে মাথো৷ দীপমইনাৰ হকে সেৱা আগ বঢ়োৱা ই এতিয়া আমাৰ সকলোৰে মৰমৰ গাইড৷ তাৰ ইচ্ছাৰ ওপৰতে নিৰ্ভৰ কৰিছে আমাৰ দীৰ্ঘদিনীয়া আকাংক্ষা ভালকৈ পূৰণ হোৱা-নোহোৱাটো৷

''This way...'' এইবুলি হাতত লৈ থকা ছাতিটোৰে নিৰ্দেশ দি চিৰি এটাৰ কাষতে ওপৰত থকা ঘৰ এটালৈ Neizoএ আমাক উঠাই নিলে৷ দীঘলীয়াকৈ কোঠাটো৷ কেইগৰাকীমান আংগামী মহিলাই কঁকালত লগোৱা শালত একান্তমনে কাপোৰ বৈ আছে৷ নিজৰ দোৱানত গাইডৰ সৈতে তেওঁলোকে কিবাকিবি পাতিলে৷ মুঠ কথা, এইটোকে বোধ হয় জনালে যে বাহিৰৰ পৰা এইসকল টুৰিষ্ট আহিছে তহঁতক চাবলৈ৷ ইফালে তেওঁলোকৰ কামত যাতে কোনো ব্যাঘাত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি কোনেও আমনি নকৰিলোঁ৷ অলপ পৰ ৰৈ নীৰৱে তেওঁলোকৰ কাম-কাজ চালোঁ আৰু খট্‌খটিৰে নামি আকৌ মূল ফুটপাথডোখৰ পালোঁহি৷ মহিলাৰ সমবায় বোৱা-কটা কেন্দ্ৰ সেইটো৷ আংগামীসকল কৰ্মী মানুহ৷ এক তথ্য অনুসৰি ১,৯৪৩ জনসংখ্যাৰ খনমাত কৰ্মীৰ সংখ্যা ১,২২৭৷ তাৰে ভিতৰত মূল কৰ্মী ৮৮০, আংশিক কৰ্মী ৩৪৭৷ কৰ্মী মানুহৰ নমুনা আমি নিজেই দেখিলোঁ৷ কৰ্মব্যস্ত হেতুকেই গাঁওখন নিমাত-নিজান৷ অলপ আগতে মনলৈ অহা প্ৰশ্নটোৰ উত্তৰ এতিয়া নিজে নিজেই পাই গ'লোঁ৷ বহিবলৈ য'তে-ত'তে ঠাই ইমানবোৰ আছে, অথচ কেনিও কাকো আড্ডা পিটি থকা এই পৰ্যন্ত চকুত পৰা নাই৷ ডেকা-চেঙেলীয়া কিছুমান গোট খাই কেৰমব'ৰ্ড খেলি থকাও দেখা নাই৷ আমাৰ ফালে হ'লে তেনে দৃশ্য সুলভ৷

খনমাৰ সামাজিক প্ৰগতিৰ এটা ৰূপ হৈছে কৰ্ম আৰু সংৰক্ষণ৷ এই গাঁৱলৈ অহা যিকোনো লোকেই ইয়াৰ মানুহখিনিক বিভিন্ন কামত জড়িত হৈ থকা দেখিবলৈ পায়৷ তাৰে কিছুমান নতুন চিন্তাযুক্ত, কিছুমান আওপুৰণি৷ ভাৰতৰ ভিতৰত বোধ হয় খনমাই একমাত্ৰ সক্ৰিয় গাঁও যৰ বাসিন্দাই বিশ্ব নাগৰিক হিচাপে নিজৰ পৰিচয় বেলেগ ধৰণে দাঙি ধৰি আহিছে৷ প্ৰতি বছৰে ১ ছেপ্টেম্বৰৰ দিনটোত এই গাঁওখনৰ জন্মদিন উদ্‌যাপন কৰা হয়৷ পৰম্পৰা পালনৰ নিমিত্তে দূৰত থকা খনমাবাসী আপোন ঠাইখনলৈ আহে৷ অথবা বিশ্বৰ যতেই নাথাকক কিয়, তাতেই গাঁৱৰ জন্মতিথি যথাৰীতি পালন কৰে৷ নিজৰ বা সন্তানৰ জন্মদিন বছৰি ধুমধামেৰে পতা আমাৰ মানুহবোৰৰ কাৰণে এইটো শুনিবলৈ বৰ আজব ধৰণৰ কথাই হ'ব চাগৈ৷

ক্ষন্তেক বিৰতিৰ পাছত আকৌ বগাব ধৰিলোঁ আমি৷ কিছু আগলৈ এটা চৌবাচ্চা৷ ভালেকেইডাল পাইপ আহিছে, গৈছে৷ ওচৰলৈ গৈ চালোঁ৷ পানীৰে ভৰ্তি৷ সেই পানী পৰ্বতৰ ওপৰলৈ ক'ৰ পৰা টানি অনা হৈছে? উৎসটো তলত আছে৷ চৌবাচ্চাৰ ওপৰত টিনপাত লগোৱা হৈছে৷ কাষৰে-পাজৰে ফুল কিছুমান ফুলি আছে৷ ওপৰঞ্চি পানীভাগ এডাল চুটি পাইপেৰে নিৰ্গত হৈ এফালে পৰি আছে৷ লেতেৰা অকণো কেনিও নাই৷ পৰ্বতত অৱস্থিত যদিও গাঁওখনত পানীৰ আকাল নহয় যেন ধাৰণা হ'ল মোৰ৷ জল পৰিবহণ ব্যৱস্থাপনাটো সক্ৰিয় আৰু ভাল যেন লাগিল৷ আমাৰ ভৈয়ামৰ নগৰ-চহৰতে পৰিষ্কাৰ খোৱাপানী এটুপিৰ বাবে আজিও হামৰাও কাঢ়িবলগীয়া অৱস্থা হয়৷ তথাকথিত মিনাৰেল ৱাটাৰৰ বটলে ছানি ধৰিলে গোটেইখন৷ তাকে চাই খনমাখন পানী যোগানত আগ বঢ়াহেচোন৷

চৌবাচ্চাৰ কাষেৰে ঠেক চিৰি৷ সেইটােদি উঠি আছোঁ৷ গছ এজোপাত ফল কিছুমান ওলমি আছে৷ সেউজীয়া বৰণ৷ ধৰিব নোৱাৰিলোঁ কি ফল৷ দেখাত কমলা টেঙাৰ দৰে৷ আমাৰ মুখৰ আগত ষ্টেপৰ সোঁহাতে শিলৰ ৰিটেইনিং ৱাল এখন৷ ক্ৰছ অঁকা মাৰ্বলৰ ফলক এখন তাত লগোৱা আছে৷ ফুলৰ তোৰা এটাও থৈ দিয়া হৈছে৷ কাৰোবাৰ কবৰ যেন অনুমান হ'ল মোৰ৷ নগাসকলে মানুহৰ মৃত্যু ঘটিলে চৌহদৰ ভিতৰতে সমাধিস্থ কৰে৷ ক'হিমাত ডেভিদহঁতৰ ঘৰলৈ যাওঁতে দেখিছিলোঁ, সিহঁতৰ প্ৰয়াত আংগামী মাকজনীৰ কবৰটো, ঘৰৰ পৰা দেখি থকাকৈ, তললৈ, বাৰীৰ একোণত৷ ডিফুতো মোৰ বাল্যবন্ধু আচুমৰ কবৰটো, বাৰীৰ ভিতৰতে দিয়া হৈছে৷ আচ্ছেং-আখাহঁতৰ মৰমৰ ছোৱালীজনীৰ কবৰটোও ঘৰৰ পদূলিমুখতে৷ খনমা গাঁৱত আমি তেনেকুৱা ভালেমান সমাধি দেখা পালোঁ৷ এই মানুহখিনিয়ে আত্মাৰ পৰৱৰ্তী অস্তিত্বত বিশ্বাস কৰে৷ এতিয়া প্ৰায় সকলোৱেই খ্ৰিষ্টধৰ্মী৷ প্ৰভু যিশুৰ বাণী তেওঁলোকে কায়-মনো-বাক্যে অনুসৰণ কৰে৷

এখোপ এখোপকৈ ঊধ্বমুখী গতিৰে ক্ৰমান্বয়ে খনমাৰ শীৰ্ষলৈ আৰোহণ চলি আছে৷ সভা-সমিতি আৰু খেল-ধেমালি পতা স্থান এডোখৰ পালোঁগৈ৷ ২০০৬ চনত ইয়াক নিৰ্মাণ কৰা হৈছিল৷ সমতলৰ অভাৱত পৰ্বতবাসীয়ে বুদ্ধি খটুৱাই ঘৰৰ ওপৰতে সমানকৈ যৎপৰোনাস্তি মুকলি ঠাই উলিয়াবলগীয়া হয়৷ একাষে সৌৰশক্তিৰে প্ৰজ্জ্বলিত লাইটো আছে৷ গাঁৱৰ সমূহীয়া কিবাকিবিবোৰ ইয়াতে পতা হয়৷ আন একাষে খট্‌খটি আছে৷ সেইফালেৰে উঠি গৈ ওপৰ পালোঁ৷ অৰূপদা, জয়ন্তদা, মাধৱদা, প্ৰবীণ, চেলেংহঁতো ওপৰত ৰ'লহি৷ এই স্থানৰ পৰা খনমাৰ আন এটা ফাল দেখা গৈছে৷ অপূৰ্ব দৃশ্যাৱলী৷ তলত খলপ কাটি কৰা খেতিপথাৰ৷ ধানগছেৰে সেউজীয়া হৈ আছে৷ আংগামীয়ে ঝুম খেতি নকৰে৷ এইদৰেহে কৰে৷ মূল ১৭টা নগা নৃগোষ্ঠীৰ ভিতৰত এনে খেতি কৰা গোষ্ঠীৰ সংখ্যা হৈছে ২৷ তাৰে অন্যতম আংগামীসকল৷ এই পদ্ধতি অনুসৰণ কৰাৰ ফলত তেওঁলোকে একেডোখৰ মাটিতে প্ৰতি বছৰে ধানৰ খেতি কৰিব পাৰে৷ গতিকে ঝুম খেতিৰ ওপৰত তেওঁলোক তুলনামূলকভাৱে কম নিৰ্ভৰশীল৷ Terraced wet-rice cultivation নগা পাহাৰৰ বিশেষ সৌন্দৰ্য৷ চাবলৈ ভাল লাগে৷ আমি আটায়ে ওচৰা-উচৰিকৈ ৰৈ সেইবোৰ চোৱাত ধৰিলোঁ৷