Tuesday, 31 May 2016

দিন পাঁচ  ৷৷ ৪.১১.২০১৫
১১. পিকনিক স্পট পালোঁগৈ


জলবিদ্যুৎ আৰু পৰ্যটনেই হৈছে আমাৰ চুবুৰীয়া পৰ্বতময় দেশ ভূটানৰ ৰাজহ সংগ্ৰহৰ মূল ব্যৱস্থা৷ তুলনামূলকভাৱে কোনো গুণে কম নহয় অৰুণাচল প্ৰদেশ৷ ইয়াতো আছে ছুইজাৰলেণ্ডৰ সৈতে ফেৰ মাৰিব পৰা প্ৰাকৃতিক দৃশ্যসজ্জাৰ দৰে পুঞ্জীভূত অসংখ্য সমল৷ নিৰ্মল জলবায়ুৰ পৰিৱেশ, শান্তিৰ পৰিৱেশ ইয়াতো আছে৷ আনহাতে জলবিদ্যুৎ শক্তি বিক্রী কৰি ভূটানে যদি ৰাজভঁৰাল টনকিয়াল কৰিব পাৰিছে এইখন ৰাজ্যয়ো নোৱাৰাৰ কোনো কাৰণেই নাই৷ আজিৰ তাৰিখত পৰোক্ষ আৰু প্ৰত্যক্ষভাৱে পৰ্যটন ক্ষেত্ৰখন হৈছে ভাৰতৰ অন্যতম বৃহৎ নিয়োগ সৃষ্টিকাৰী এখন ক্ষেত্ৰ৷ অৰুণাচল এই লাভজনক পণ্যৰ অসীম ভাণ্ডাৰ বুলি বুকুত হাত থৈ কব পাৰি৷ প্ৰকৃতিৰ নিৰ্যাস বিপণন কৰিয়েই এইখন ৰাজ্যই আহৰণ কৰিব পাৰে বৃহৎ পৰিমাণৰ ৰাজহ, চহকী কৰিব পাৰে ৰাজকোষ৷ মানুহৰ জীৱনলৈ সুপৰিৱৰ্তন আনিব পাৰে৷

তথ্যজ্ঞানীসকলে দেখুওৱা হিচাপ অনুসৰি ২০১৩ চনত পৰ্যটন ক্ষেত্ৰই ভাৰতবৰ্ষৰ অৰ্থনীতিত যোগান ধৰা ধনৰাশিৰ পৰিমাণ আছিল ২.১৭ লাখ কোটি৷ ২০২৪ চনত এই অংকটো ৪.৩৫ লাখ কোটি হব বুলি ধাৰণা কৰা হৈছে৷ অৰুণাচলৰ ঘোঁকট অভ্যন্তৰ পৰ্যবেক্ষণ কৰি আমি আশাবাদী হৈছোঁ যে যথোপযুক্ত পৰিকল্পনা, দীৰ্ঘম্যাদী আঁচনি, যোগাত্মক পদক্ষেপ আৰু বাস্তৱায়িত কৰ্মশৈলী তথা বিশাল প্ৰচাৰেৰে চলোৱা কৌশলপূৰ্ণ মাৰ্কেটিঙৰ জৰিয়তে ৰাজ্যখন দেশৰ এক নম্বৰ টুৰিষ্ট হাব নিশ্চয়কৈ হবগৈ৷ গুজৰাট চৰকাৰৰ পৰ্যটন বিভাগৰ বিজ্ঞাপন সম্বন্ধে বিভিন্নজনৰ মুখত চৰ্চা শুনা পাওঁ৷ সেই সুৰতে সুৰ মিলাই কবলৈ মন যায়, কুছ দিন ত’ গুজাৰ অৰুণাচল মে, বুলি৷ তাৰ মানে আওপকীয়াকৈ এইটোকে কবলৈ মন যে জীৱনত যদি কেইটামান দিন অৰুণাচলত, অৰুণাচলৰ প্ৰকৃতিৰ মাজত অতিবাহিত নকৰে, তেন্তে জীৱনেই বৃথা৷ মানুহৰ জীৱনৰ সৰ্ববৃহৎ আৰু সৰ্বোত্তম পঢ়াশালিখনেই হৈছে প্ৰকৃতি৷ প্ৰকৃতিৰ অনন্য ৰূপ-মাধুৰী ঠাহ খাই আছে অৰুণাচলৰ অভ্যন্তৰত৷ জীৱ বিদ্যাৰ গৱেষক ছাত্ৰ-ছাত্ৰীৰ বাবেতো এয়া স্বৰ্গসম বুলিয়ে কোৱা যায়৷

গৰা এটা নামি হাবিতলীয়া লিকে লিকে নিজৰ হিচাপত আগলৈ গৈ আছোঁ৷ আকাশত ধোঁৱা উৰিছে৷ দেখিয়ে ধাৰণা কৰি ললোঁ যে তাতে থাকিব চাগৈ আমাৰ বাকীসকল সংগী৷ বাল্টিটো নিকেলৰ পৰা আঁজুৰি ললোঁ৷ হেতাখনেৰে বিহুসুৰীয়া তালত কোবাই কোবাই ওচৰ চাপি গৈ আছোঁ, নাচোন ভংগীৰে৷ কেঁকুৰি দুটামান ঘূৰি গুহাসদৃশ ঠাই এটুকুৰাত উপনীত হলোঁগৈ৷ ৰকেশ, চিংকাৰ আৰু তালক তাত আৱিষ্কাৰ কৰি আচৰিতো লাগিল, আনন্দও লাগিল৷ অথনি ইহঁত তিনিটাই মোক এৰি থৈ ঘপাঘপ গুচি আহিছিল৷ দৃশ্যটো মনলৈ আহিল৷ কত এৰিছিল, কত লগ হলোঁ! এতিয়া আকৌ আমাক দেখা পাইহে যেন সিহঁতৰো স্ফূৰ্তি লাগিছে, মন মুকলি হৈছে৷

গতি স্তব্ধ কৰি আমি শিলত বহি জিৰালোঁ, পানী খালোঁ৷ নিকেলে কলে, ‘‘ইয়াতে আমি আজি পিকনিক খাম৷’’ পিছে অৰূপদাহঁত দেখোন অনুপস্থিত! কেনি গল সেইমখা? সেইফালে অহা নাই বুলি কলে ৰকেশহঁতে৷ দেখাও নাই পোৱা হেনো৷ সদ্যহতে আমি চাৰিটা প্ৰাণীহে উপস্থিত হলোঁ৷ আগৰে পৰাই তাত থকা তিনিৰে সৈতে মিলি মুঠতে সাতোটা৷ পৰ্টাৰহঁতে খৰি-খেৰ যোগাৰ কৰি, জুই ধৰিছেই ইতিমধ্যে৷ ডেক্‌চিত পানী বহাই বাকী কোনোবা অহালৈকে সিহঁতে অপেক্ষা কৰি আছিল৷ মানুহখিনি আহি একেলগ হলেহে ভাত ৰান্ধিবলৈ চাউল কিমান বহাব লাগিব তাৰ হিচাপ জানিব পৰা যাব৷

জংঘলৰ মাজত ডাঙৰ ডাঙৰ শিলেৰে আৱৰা ঠাইখণ্ড৷ ওচৰে-পাজৰে কোনো মানুহ, মানুহৰ ঘৰ নাই৷ গেলেন চিনিয়াকৰ দৰে পাথৰৰ প্ৰকাণ্ড ছাদ এখন দণ্ডায়মান হৈ আছে ঠিক মূৰৰ ওপৰত৷ এইবাটে আহ-যাহ কৰোঁতে ইয়াতে বোধ হয় জিৰোৱা হয়৷ ঠাইখিনিৰ নামটো নিকেলে য়াং বুলি কলে৷ য়াং, মানে নিকেলহঁতৰ ভাষাত গুহা৷ আমাৰ দ্বিতীয়টো জিৰণি শিৱিৰ চাগৈ এইডোখৰতে পতা হলহেঁতেন৷ কিন্তু দুৰ্ভাগ্যবশতঃ সেয়া বাস্তৱায়িত হৈ নুঠিল৷ তাৰ পৰিৱৰ্তে সোৱণশিৰিৰ আগলি পাৰত আজি ইয়াতে আমাৰ পিকনিক চলিব৷ খাদ্যবস্তু, চৰু-কেৰাহী ইত্যাদি লৈ অহা হৈছে৷ সন্মুখৰ ঘোপ মৰা জংঘলডৰাৰ সিফালেই নৈখন৷ বাটটোৰ সোঁহাতে৷ গুহাৰ বিপৰীতে৷ দেখা গৈ থকা নাই যদিও সোৱণশিৰিৰ শব্দটো ইয়াৰ পৰাই স্পষ্টকৈ সকলোৱে শুনা পাই আছোঁ৷ সেই শব্দ আমাৰ এতিয়া খুব পৰিচিত৷

আমাৰ হাতত নিয়া বস্তুবোৰ চিংকাৰহঁতক চমজাই দিয়া হল৷ নিকেলে নিজৰ দোৱানত কিবাকিবি নিৰ্দেশ দিলে৷ সময়টোলৈ চাই বোধ হয় ভাত-তৰকাৰিৰ যা-যোগাৰত ধৰিবলৈ কলে৷ মানুহ আমিকেইটাই৷ মুঠতে সাত৷ বাকীসকল এতিয়াও এইফালে নাই অহা যেতিয়া তেওঁলোকক হিচাপত ধৰিব নালাগে৷ আহিলে পাছত দেখা যাব৷ অযথা চাউল-দাইল নষ্ট নকৰাটোৱেই উচিত৷ আৰু অলপ আগৰ পৰা ঠাই চাই আহোঁ বুলি সিহঁত তিনিটাক তাতে এৰি আমি চাৰিও আগুৱাই যোৱাৰ মনস্থ কৰিলোঁ৷

ইমানখিনি আহি এটা কথা মন কৰিছোঁ যে এতিয়ালৈ বাটত আমি কতো কোনেও এডালো জোক দেখা পোৱা নাই৷ জোকে কাকো আক্ৰমণো কৰা নাই৷ পাহাৰীয়া জোক বৰ বিপজ্জনক বুলি গম পাওঁ৷ ভয় নকৰোঁ যদিও এইফালে জোকৰ উপস্থিতি শূন্য দেখি সকাহ পাইছোঁ৷ জোক, সাপ, লতামেকুৰী বাঘ, ভালুক, ৰাংকুকুৰ একোৱেই পোৱা নাই এতিয়ালৈ৷ আনহাতে উৰণীয়া মাখিৰ দৰে পোক দামদিমৰ উপদ্ৰৱৰো সন্মুখীন এই পৰ্যন্ত নাই হোৱা৷ যোৱাবাৰ ৰাফটিঙৰ বাবে ডাম্পৰিজোলৈ যাওঁতে পাহাৰীয়া বিষাক্ত কীট দামদিমে কামুৰি জয়ন্তদাহঁতৰ হাত-ভৰিৰ ছাল ফুটফুটীয়া কৰি পেলাইছিল৷ ইষ্টাৰ্ণ নাগালেণ্ডত কুত্তাপোক বুলি কোৱা এই মাখিয়ে দীঘলীয়া যাত্ৰাকালত ৰাজীৱকো হাৰাশাস্তি কৰিছিল বুলি কিতাপত লিখিছে৷ এইফালে কিন্তু এটাও দেখিবলৈ নাই৷ সেয়ে আমি পূৰ্ণ স্বাধীনতাৰে ঘূৰি-পকি ফুৰিব পাৰিছোঁ৷ প্ৰাণভৰি আনন্দ লব পাৰিছোঁ৷





(পৰৱৰ্তী লেখা - আকৌ এখন ওলমা সাঁকো!)

No comments:

Post a Comment