Thursday, 19 May 2016

দিন চাৰি ৷৷ ৩.১১.২০১৫
১৫. অৰণ্যভূমিত নৈশযাপন


চীন-ভাৰতৰ আন্তৰ্জাতিক সীমা মেকমোহন লাইনৰ কাষৰ, মধ্য অৰুণাচলৰ অন্তৱৰ্তী এই গভীৰ স্থানলৈ আহি উপলব্ধি কৰিছোঁ অৰণ্যৰ আৱেগ আৰু সুন্দৰতা৷ বেলিটো অথনিয়ে দিগন্তৰ সিপাৰলৈ গুচি গল৷ দিগন্তক ইয়াত দূৰ-দিগন্ত বুলিব নোৱাৰি, সুউচ্চহে বুলিব লাগিব৷ বেলিটো নোহোৱা হোৱাৰ সুযোগতে অঞ্চলটোলৈ ক্রমাৎ নামি আহিল অন্ধকাৰ৷ আন্ধাৰে অৰণ্য, নৈখন আৰু জোঙা পাহাৰবোৰ ঢাকি পেলালে৷ দৈত্যাকৃতিৰ পৰ্বতে কলা ৰাক্ষসহেন ভয়ংকৰ ৰূপ ধাৰণ কৰিবলৈ এই বিশেষ ক্ষণটোলৈকেহে যেন বাট চাই আছিল! হিচাপ জানিব নোৱাৰা কেইকিলমিটাৰমান আঁতৰত অৱস্থিত বৰফাবৃত্ত উৎসৰ পৰা ওলাই আহি এতিয়া তেনেই কাষেৰে বৈ থকা স্বৰ্ণদীৰ উত্তাল শব্দময়তাৰে প্ৰতিটো পলেই যেন ইয়াত অবুজ চাঞ্চল্যৰে ভৰা৷ গভীৰ অৰণ্যানিৰ মাজত কটোৱা এনে অকলশৰীয়া ক্ষণবোৰত ভালকৈ উপলব্ধি কৰিব পাৰি বিশাল বিশ্বচৰাচৰত নিজৰ অস্তিত্ব দৰাচলতে কিমান ক্ষুদ্ৰাতিক্ষুদ্ৰ৷ সঁচাকৈয়ে ধূলিকণা মই

অন্ধকাৰক নেওচিবলৈ অস্ত্ৰ হিচাপে মোৰ বেকপেকত সোমাই থকা চলাৰ লেণ্টাৰ্ণটো উলিয়ালোঁ৷ তম্বুটোৰ ঠিক কেন্দ্ৰবিন্দুত লাইটটো ওলোমাই বান্ধি দিয়া হল৷ চুইচ অন কৰাৰ লগে লগেই পোহৰৰ ৰেঙণি বিয়পি পৰিল৷ কিবা এটা ভাল লাগি গল৷ সকলোৰে দৃষ্টি নিবদ্ধ হলহি আমাৰ টেণ্টটোত৷ সোৱণশিৰিৰ পাৰত যেন সৃষ্টি হল নতুন এক মায়াময় পৰিৱেশ৷ লাইট জ্বলা দেখি ইজন-সিজনকৈ আহিল, চালে, ভিতৰত সোমাল, বহিল আৰু আড্ডা পিটিলে৷ অৰূপদাই কাটি হৈ এখন্তেক নিতালো মাৰিলে৷ ভাগৰে নধৰিবৰ কথাই নাই৷ কেইবাকিলমিটাৰ ট্ৰেকিং, ক্লাইম্বিং কৰি অহা হৈছে আজি৷ দুপৰীয়া সৈন্যবাহিনীৰ দলটোৰ মুখামুখি হোৱাৰ পাছৰে পৰা অৰূপদাই নতুন অভিধা এটাও পাইছে৷ কেপ্টেইন কলিতা৷ এই নামেৰেই দলত জনপ্ৰিয়তা লাভ কৰিছে তেওঁ এতিয়া৷ প্ৰদীপদাও কম নহয়৷ মণিপুৰী সৈনিকজনৰ লগত কথা হোৱাৰ পাছৰে পৰাই নিজকে নিজে কৈ ফুৰিছে, লেফটেনেণ্ট কৰ্ণেল পি. কে. সিং! আন কাৰোবাক কাৰোবাক নাম দিছে ৰাইফলমেন অমুক, মেজৰ তমুক, চেণ্ট্ৰি অমৰ ইংহি, ইত্যাদি ইত্যাদি৷

কাষৰ তম্বুৰ পৰা ওলাই আহি হাৰিয়ানী যুৱক বৰুণ আৰু দেৱিন্দৰ আমাৰ তম্বুত বহিল৷ এই সুযোগতে কথা পাতি ভালদৰে চা-চিনাকি হলোঁ৷ মোৰ পৰা ভিজিটিং কাৰ্ড একোখনকৈ গ্ৰহণ কৰি দুয়ো আলফুলে হাতত ললে৷ মোৰ পকেট নোটবুকখনত নিজহাতেৰে তেওঁলোকৰ নাম-ঠিকনাও লিপিবদ্ধ কৰিলে৷ বৰুণ শ্বেওকান্দ; ফ্ৰিলেন্স জাৰ্নেলিষ্ট, আৰ.টি.আই. এক্টিভিষ্ট; ফৰিদাবাদ, হাৰিয়ানা৷ দেৱিন্দৰ শৰ্মা; দিল্লী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ, ৰাজ্যিক বিদ্যুৎ বিভাগত গাণনিকৰ চাকৰি; ফৰিদাবাদ, হাৰিয়ানা৷ দুয়োজন ওখ-পাখ, শক্তিশালী যুৱক৷ স্ফূৰ্তিবাজ দুয়োজন৷ পাহাৰীয়া নহয় যদিও পাহাৰত খোজ কঢ়াতো অভ্যস্ততাৰ পৰিচয় দিছে৷ ভাত খোৱাৰ পূৰ্বে ক্ষন্তেকীয়া হলেও এই আড্ডা আৰু এড্ৰেছ বিনিময়ৰ মুহূৰ্তটোৱে তাহানিতে পাৱেট তথা নেৰিষ্টৰ হোষ্টেলৰ এৰি অহা সুদীৰ্ঘ মধুময়-মাদকতাময় জীৱনটোলৈ বাৰুকৈয়ে মনত পেলাই দিলে৷ সেই কালতো আমি অলৈ-তলৈ ট্ৰেকিং কৰিছিলোঁ৷ এনেকুৱা কেম্পিং অৱশ্যে হোৱা নাছিল৷

বাহিৰত দেখা গৈছে, প্ৰতিজনৰে হাতে হাতে একোটাকৈ টৰ্চলাইট৷ টৰ্চলাইট বাদ দি কেনিও ওলোৱাৰ কথা ভাবিবকে নোৱাৰি ইয়াত৷ ইফালে যাত্ৰাৰ আগে আগে ডিফুৰ আৰ্মী কেণ্টিনত কিনা মোৰ সৌৰশক্তিচালিত লেম্পটো আলোচনা আৰু আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ উঠিছে৷ ৰকেশ, চিংকাৰ, তালহঁতেও কিবা কাৰণত সিহঁতৰ তিৰপালখনৰ তললৈ আহোঁতে কৌতূহলবশতঃ এইফালে একোবাৰ ভুমুকিয়াই চাইছে৷ তেনেকুৱা লাইট অন্য কাৰো তম্বুতে নাই৷ এনে দুৰ্গম ঠাইত সৌৰশক্তিৰ ওপৰত নিৰ্ভৰ নকৰিও উপায় নাই কাৰণ বিদ্যুৎ ইয়াত দৰৱত দিবলৈও নাই৷ অথচ জল-সম্পদৰ ভাণ্ডাৰ কেইহাতমান দূৰতে! বিয়লি এই ঠাইত আমি প্ৰথম পদাৰ্পণ কৰোঁতে কালেক্টিং পেনেল কেইখনমান ৰদ নাথাকিলেও বাহিৰত মেলি দিয়া চকুত পৰিছিল৷ তাৰ সহায়তে দোকানৰ ভিতৰভাগ পোহৰোৱা হয়৷ গুহা-দোকানৰ দোকানী দুজনীয়ে আন্ধাৰৰ আগে আগে দোকান বন্ধ কৰি বস্তিলৈ খোজ ললে৷ উদিত সূৰুযে বিয়পোৱা প্ৰথম পোহৰকণৰ পৰা অস্তগামী সূৰুযৰ শেষ পোহৰকণলৈকে ইয়াত মানুহৰ কৰ্মদিনৰ দীৰ্ঘতা সীমাবদ্ধ৷

আমাৰ তম্বুটো বাটৰ কাষতে পাতি দিয়াত আহ-যাহৰ বাবে নৈৰ ফালে চাৰি-পাঁচ ফুটমানহে মাটি বাকী ৰৈছে৷ তাৰ পৰা সিপিনে গৰাটো তলমুৱাকৈ উলম্বভাৱে নামি গৈছে৷ তলতে সোৱণশিৰিখন৷ ধাউ ধাউকৈ বৈ থকা পানীৰ আৱাজত আঁতৰৰ কাৰো কথা একো নুশুনি৷ হঠাতে কিবা এটা মূৰত খেলোৱাত টৰ্চটো লৈ বাহিৰ হলোঁ৷ ওচৰতে দমাই থোৱা দীঘল কাঠ এডাল দাঙি আনি বাহিৰফালে তম্বুটোত লাগি থকাকৈ পেলাই ৰাখিলোঁ যাতে অহা-যোৱা কৰোঁতে ভুলক্রমে কোনেও গাত নুঠেহি৷ পৰ্বতৰ গহ্বৰত, জংঘলৰ মাজত, ব্ৰহ্মপুত্ৰৰ সবাতোকৈ খৰস্ৰোতা উপনৈখনৰ আগলিভাগত, নৈখনৰ তেনেই কাষত তম্বু তৰি নিশা কটোৱাৰ বিৰল এক সুযোগ জীৱনত প্ৰথমবাৰৰ বাবে লাভ কৰি বুজাব নোৱাৰা ধৰণে ভাবোন্মাদ হৈ পৰিছোঁ৷


কোনে কত কি কৰি আছে চোৱাৰ মতলবেৰে মাজতে তম্বুৰ পৰা ওলাই গলোঁ৷ চৌকাৰ গুৰিত পৰ্টাৰ লৰাকেইটা আৰু বৰুণ৷ তাগে, ৰকেশ, চিংকাৰ, লিডা গোটেইমখাই চক্ৰাকাৰে জুম বান্ধি ধৰিছে তাক৷ লৰাহঁতৰ সৈতে বৰুণৰ কিবা গম্ভীৰ আলোচনা চলি আছে৷ মাজে মাজে হাঁহি আৰু কিৰীলিৰ জাউৰি৷ সন্মুখৰফালে থিয় হৈ থকা লিডা বোলা চুটি-চাপৰ তাগিন লৰাটোৱে পিন্ধি থকা জাম্পাৰটোৰ দুফালৰ পকেট দুটাৰ পৰা দুটা মাছ উলিয়াই দেখুৱালে৷ সোৱণশিৰিত ধৰা পাহাৰীয়া মাছ৷ দীঘলে এবেগেতৰ অলপমান বেছি হলেও কম নহয়৷ সোৱণশিৰিতো আমি মাছ ধৰিব পাৰোঁ বুলি সি হয়তো বাহাদুৰি মাৰিছিল৷ বৰুণ ইফালে শাকাহাৰী মানুহ৷ প্ৰদীপদাও একে৷ মোকে ধৰি দলত নিৰামিষভোজীৰ সংখ্যা তিনিজন৷ নিৰামিষ খাদ্যৰ সপক্ষে উকালতি কৰি বিভিন্ন কথাৰে বৰুণে অৰূপদাক কালিৰে পৰাই সুযোগ পালেই এৰা-ধৰাকৈ খোঁচ মাৰি আছিল৷ আজিও শপত খুৱাবলৈ চেষ্টা চলাইছে যে এতিয়াৰে পৰা অৰূপদাই মাছ-মাংস খোৱাটো বন্ধ কৰিব৷ অৰূপদা সৈমান হোৱা নাই, পিছে পিছে বৰুণেও মৰকামোৰ এৰা নাই৷ 

ৰাহঁতলৈ চাই বৰুণে কৈছে, ‘‘মাছ দুটা এৰি দে৷ কি দৰকাৰ আছিল ধৰিবলৈ?’’ সিহঁতে নেৰে৷ কেনেকৈনো এৰে? সিহঁত হলগৈ মাংসভোজী৷ আমিষ নোখোৱা মানুহ তাগিন সমাজত নায়েই৷ জুমটোৰ মাজৰে একেবাৰে কাষতে বহি থকা এটাই মাত দিলে, ‘‘এৰি দিম, কিন্তু এশ টকা লাগিব৷’’ বৰুণ তৎক্ষণাৎ ৰাজী হৈ গল৷ ইটোৱে সিটোৰ চকুলৈ চালে৷ কিন্তু কথাৰ পাকচক্ৰত কম সময়ৰ ভিতৰতে কেনেকৈজানো, দৰ-দাম এশৰ পৰা পাঁচশ টকালৈ উঠি গল! পাঁচশ টকা দিলেহে এৰিব৷ কথা-বাৰ্তাৰ সুৰবিলাকো গহীন হৈ পৰিল৷ জীৱনৰ বাজি চলিছে সিহঁতৰ মাজত! মৰণ-যন্ত্ৰণাত পৰি মাছে কাপ-কাপ কৰি আছে৷ বৰুণে কলে, ‘‘ইমানপৰলৈ এইকেইটা জীয়াই থকাই নাই৷ তহঁতে মাৰি পেলালি৷ আৰু এতিয়া পাঁচশ লাগে বুলিছ?’’ লিডাই জেকেটৰ পৰা পুনৰবাৰ বাহিৰ কৰি হাতৰ তলুৱাত লৈ দেখুৱালে আৰু কলে যে মাছ দুটাৰ এটাৰো এতিয়াও প্ৰাণবায়ু উৰি যোৱা নাই৷ বৰুণে ইফালে বিশ্বাস নকৰে৷ সি ডাঙৰকৈ কৈ উঠিল, ‘‘নাই, এনেকৈ নহব৷ জীৱিত আছে যদি পানীত এৰি প্ৰমাণ দেখুৱা৷’’

বুধিয়ক কোনোবা এটাই পানীৰ পাইপডাললৈ বিজুলীসঞ্চাৰে দৌৰ দিলে৷ বাল্টি এটাতে আধা বাল্টি পানী ভৰাই তুৰন্তে উভতি আহিল৷ লিডাই জাম্পাৰৰ পৰা উলিয়াই মাছ দুটা বাল্টিটোৰ পানীখিনিতে এৰি দিলে৷ প্ৰথমে কেলঢোপ কেলঢোপ কৰি থাকিল অলপ সময়৷ তাৰ পাছত চিপ কাঢ়িলে৷ পাহাৰীয়া নদীৰ মাছ৷ বেগেতে নমৰে৷ লিকটীয়া প্ৰাণ৷ কাণ-মূৰ জোকাৰি মাছে তল-ওপৰ কৰিব ধৰিলে৷ সকলোৰে আকৌ হাঁহি, কিৰীলি, হাত চাপৰি৷ ‘‘পাঁচশ টকা নগদ দিলেহে এৰিম, নহলে নেৰোঁ, খাই পেলাম’’ বুলি লিডাই শেষ কথা শুনাই মাছ দুটা ঘপকৈ দুহাতে পানীৰ পৰা উঠাই আকৌ জেকেটৰ পকেটত ভৰাবলৈ উদ্যত হল৷ তেনেকুৱাতে বৰুণে সিহঁতক অকণমান ৰবলৈ ইংগিত দিলে৷ মানিবেগটো আনিবৰ বাবে তম্বু অভিমুখে সি খৰখেদাকৈ খোজ ললে৷ ইফালে পানী পাই মাছ ইতিমধ্যে অধিক তজবজীয়া হৈ পৰিল৷ মিনিটৰ ভিতৰতে বৰুণ আহিল৷ হাতত অনা নোটখন মেলি সকলোকে দেখুৱাই কলে, ‘‘আগতে নদীলৈ দলিয়া, লগে লগে এইখন তহঁতৰ হৈ যাব৷’’ সমস্বৰে দুটামানে চিঞৰিলে, ‘‘নহয় নহয়, আগতে ধন হাতত দিয়ক, তৎমুহূৰ্ততে এৰিম৷’’ প্ৰতিশ্ৰুতি মানি লৈ বৰুণে পাঁচশ টকীয়াখন লিডাৰ হাতত গুজি দিলে৷ গোটেইমখা উৰুলিকৃত হৈ পৰিল৷ এতিয়া কথা ৰখাৰ পাল লিডা আৰু সংগীবৃন্দৰ৷

সিহঁতৰ কাণ্ডটো চাই ইমান পৰে বেছ ৰস পাই আছোঁ৷ বাল্টিৰ পানীত মাছ দুটা ডুবুৱাই লৈ চৌকাৰ মুখত থকা আটাইমখা টৰ্চৰ পোহৰ পেলাই বোকা খচকি নদীৰ পাৰলৈ ধাৱমান হল৷ কি কৰে চাওঁ বুলি পাছে পাছে নগৈ নোৱাৰিলোঁ৷ তলত সোৱণশিৰিখন৷ বেছি কাষলৈ নোযোৱাই মংগল৷ গৰাৰ ওপৰতে লিডাই বাল্টিটো থলে৷ এহাতেৰে পাঁচশ টকীয়াখন দৃঢ়তাৰে মুঠি মাৰি ধৰি থাকিল৷ সোঁহাতেৰে ইটোৰ পাছত সিটোকৈ দুয়োটা মাছ বাল্টিটোৰ পৰা লৈ নামনিৰ বোঁৱতী পানীলৈ দলিয়ালে৷ সোৱণশিৰিক ধিয়াই শূন্যত উৰি গৈ থকা মাছ দুটা পোহৰত দেখা পোৱাৰ আশাৰে কোনোবা কোনোবাই আকৌ সেইদিশে টৰ্চ মাৰিও থাকিল৷ অন্ধকাৰতে পানীত গৈ টুপুংকৈ পৰা শব্দটো শুনাৰ বৃথা চেষ্টা এটাৰে কাণ উনাইও ৰল৷ সোৱণশিৰিৰ পানীয়ে অচিন মাছ দুটা উটুৱাই মুহূৰ্ততে কোন ধুবুৰী পোৱালেগৈ জনা অৱশ্যে নগল৷

শীত বাঢ়িছে৷ আমি আকৌ জুইকুৰাৰ কাষলৈ আহিলোঁ৷ নিকেল, লেফটেনেণ্ট কৰ্ণেল সিং, কেপ্টেইন কলিতা, বৰুণহঁতৰ দিহাক্ৰমে ৰান্ধনি তাগে, লিডা, তায়াহঁতৰ তৎপৰতাত ভাত, দাইল, আঞ্জা ইতিমধ্যে খাব পৰা হৈ গৈছিল৷ ভোকেও বেয়াকৈ আক্ৰমণ কৰি আছে৷ ডেক্‌চি-কেৰাহীৰ উপৰি প্লেট, চামুচ, গিলাচ আদিও আমাৰ লগত লৈ অহা হৈছে৷ সকলো ব্যৱস্থাপনা সাজু কৰি লৈ অলপ পাছতে চেল্‌ফ চাৰ্ভিচ চিষ্টেমত গৰমে গৰমে নৈশ আহাৰৰ পৰিৱেশন চলিল৷

খাই উঠি শুবৰ যো-জা কৰাত বাদে বেলেগ কাম ইয়াত কৰিবলৈ একো নাই৷ ইফালে ঘড়ীত বাজিছে মাত্ৰ ৭.৩০! জীৱনৰ এটা স্মৰণীয় দিনস্বৰূপে চিহ্নিত হৈছে আজিৰ তাৰিখটো৷ তম্বুৰ ভিতৰত শ্লীপিং বেগত শুৱাৰ অপেক্ষা অন্ত পৰাৰ ক্ষণ সমাগত৷ অক্টোবৰ মাহৰ আৰম্ভণিতে কোনোবা এদিন অৰূপদাই মৰ্নিং ৱাকত লগ পাই ঘপাঘপ কোৱা বাক্যকেইটা দুনাই মনলৈ ফিৰি আহিল... ‘‘তম্বুৰ তলত নিশা খপিব লাগিব৷ শ্লীপিং বেগত শুব লাগিব৷’’ কথাবোৰ একদম মিলি গৈছে৷ সোৱণশিৰিৰ পাৰে পাৰে ভাৰতীয় সেনাবাহিনীৰ ট্ৰেকত কঠিন পদযাত্ৰা কৰিব লাগিব বুলিও কৈছিল৷ দিনৰ ভাগত সেয়া সঁচা প্ৰমাণিত হৈ গৈছে৷ পুনৰাবৃত্তি কাইলৈ আকৌ হব৷

সোনকালে শোৱাৰ অভ্যাস আমাৰ দলৰ কাৰো নাই৷ কি কৰি কটোৱা যায়? ভাত খাই উঠি মুকলিতে জুই একুৰা জ্বলাই কেইজনমানে বহিছে৷ কাষে কাষে দুডাল দুডালকৈ গোটা বাঁহ পাৰি দিয়া হৈছে, বহিব পৰাকৈ৷ বতৰ বৰ ঠিক নহয়৷ অাহিবৰে পৰাই একেলেথাৰিয়ে পানী ওলাই থকা পাইপডালৰ ওচৰলৈ গৈ হাত-ভৰিকেইটা ভালকৈ ধুলোঁ৷ শৰীৰ কাটি নিয়া যেন লাগি গল৷ তিতা ভৰি-হাত জুইকুৰাত সেকি সেমেকা ভাবটো নাইকিয়া কৰি লোৱা উচিত৷ ইফালে ঠাণ্ডাৰ প্ৰকোপ ক্ৰমান্বয়ে বাঢ়ি আহিছে৷ ট্ৰেকচুট খুলিব নোৱাৰি৷ গহীন হৈ আহিছে চৌপাশৰ পৃথিৱীখনো৷ শিলত খুন্দিয়াই থকা সোৱণশিৰিৰ কোবাল সোঁতৰ শব্দটোৱে গভীৰৰ পৰা গভীৰতৰলৈ গতি কৰা নিশাটোৰ লগে লগে পৰিৱেশটো অধিক জয়াল কৰি পেলাইছে৷ ইয়াত বন্যপ্ৰাণী কি কি জাতৰ আছে সেই বিষয়ে বিশেষ গম নাপাওঁ৷ সাতে-পাঁচে ভাবি বাহিৰত আড্ডা মাৰি বহি থকাতকৈ তম্বুত সোমাই যোৱাই উচিত হব যেনহে মনে ধৰিলে৷

দিনান্তত কৰি ৰখা ব্যৱস্থানুযায়ী প্ৰত্যেকেই তামীঘৰাসমূহত থিতাপি ললেগৈ৷ বাহিৰৰ কাম-কাজবোৰ সমাপ্ত কৰি, বস্তু-বাহানিবোৰ সামৰি নিকেল মোতকৈ আগতেই তম্বুত সোমাইছে৷ মেলি লোৱা শ্লীপিং বেগটোৰ ওপৰতে বহি তেওঁ অকণমানি নোটবুক এখনৰ পাত লুটিয়াই আছিল৷ মাজে মাজে কিবাকিবি লিখিছেও৷ তেওঁৰ নোটবুকখনৰ পৰা কেম্পৰ বিষয়ে জানিবলগীয়া কথা কিছুমান টুকি ৰাখিলোঁ৷ প্ৰয়োজন অনুভৱ কৰি মোৰখনৰ পৰা কিছু কথা তেৱোঁ লিখি ললে৷ দিনটোৰ এটা পৰ্যালোচনা চলিল আমাৰ মাজত৷

তৃণশয্যাত ঢলি পৰাৰ আগে আগে তেওঁ সদায়ে লগত ৰখা নিচেই অকণমানি পকেট বাইবেল এখন উলিয়ালে৷ বাইবেলখন মোক চাবলৈও দিলে৷ তাৰ পাছত আমাৰ দলটোৰ বাবে প্ৰভু যীশুলৈ প্ৰাৰ্থনা জনালে৷ সৰু সৰু চকু আৰু সুগোল মুখখনেৰে মানুহটোক খ্ৰীষ্টৰ একান্ত সেৱক যেনেই লাগিল৷ নৈপৰীয়া অৱস্থানত নিশাটো সুকলমে পাৰ কৰি দিয়াৰ উদ্দেশ্যে ময়ো ওপৰৱালাক আৱেদন জনালোঁ৷ উভয়ৰে সন্মতিক্ৰমে অলপ পাছত লাইটটো নুমুৱাই দিয়া হল৷ অন্ধকাৰে ছানি ধৰিলে গোটেইখন৷ কতো নামমাত্ৰও পোহৰ বুলিবলৈ নাই৷ ঘৰত হলে ইমান সোনকালে শুৱাৰ অভ্যাসেই আমাৰ নাই৷ উচপিচনি, খচমচনি আৰম্ভ হল শ্লীপিং বেগৰ ভিতৰতে৷ কি কৰা যায়? বন্ধুত্বপূৰ্ণ শৈলী আৰু আন্তৰিকতাৰে আন্ধাৰতে আমি দুয়ো দুয়োলৈ চাই বিভিন্ন প্ৰসংগ উলিয়াই আলাপ কৰি থাকিলোঁ৷


(পৰৱৰ্তী লেখা - তম্বুত থকাৰ অভিজ্ঞতা, তাগিন সংগীৰ সৈতে)

No comments:

Post a Comment