Saturday, 7 May 2016

দিন চাৰি  ৷৷ ৩.১১.২০১৫
৫. শ্বেৰ বাহাদুৰ থাপাৰ সমাধিত এখন্তেক


১৫ মিনিটমানৰ পাছতে শ্বেৰি থাপা মেমৰিয়েল পালোঁগৈ৷ শ্বেৰি থাপা শব্দ দুটাক স্থানীয় মানুহে শ্ৰী তাপা বুলি উচ্চাৰণ কৰে৷ এই শব্দযুগলে শ্বেৰ বাহাদুৰ থাপাক বুজায়৷ শ্বেৰ বাহাদুৰ থাপা ২ জম্মু আৰু কাশ্মীৰ ৰাইফলছৰ একালৰ ৰাইফলমেন আছিল৷ তেওঁৰে স্মৃতিবিজড়িত এয়া এক নিৰ্জন ঠাই৷ সেইখিনিত উপস্থিত হৈ ৰাস্তাটোৰ দাঁতিত সোঁহাতে ওচৰা-ওচৰিকৈ এখন ফলক, Hero of 1962 war বুলি লিখা এটা স্মৃতিস্তম্ভ আৰু এটা ফ্লেগ ষ্টেণ্ড দেখা পালোঁ৷ ফ্লেগ ষ্টেণ্ডটোৰ নিম্নাংশত হিন্দীতে পুণ্য স্মৰণ বুলি লিখা আছে৷ বাহিনীটোৰ পতাকা এখন সগৌৰৱে উৰি আছে৷ এই জোৱানজনৰ সন্দৰ্ভত স্থানীয় অধিবাসী আনকি শিশুসকলৰো মুখত উল্লেখ শুনা যায়৷ লিমেকিঙৰ পৰা এইখিনিলৈকে ২৫ কিলমিটাৰমানেই হব৷ এনেকুৱা নিৰ্জনতাতে ২ জম্মু আৰু কাশ্মীৰ ৰাইফলছৰ জৰিয়তে স্বৰ্গীয় হাবিলদাৰজনলৈ দেশবাসীৰ তৰফৰ পৰা শত শত প্ৰণাম যচা হৈছে৷ আমাৰ এই অভিযানৰ প্ৰস্তুতিৰ কালত শ্বেৰি থাপা মেমৰিয়েলৰ বিষয়ে সামান্যভাৱে জানিবলৈ পাইছিলোঁ৷ এতিয়া উপস্থিত হলো আৰু দেখিলোঁ৷ ৰাক্‌চেক্‌ আৰু শ্লীপিং বেগটো এঠাইত নমাই থৈ পোনতে উশাহ-নিশাহৰ গতিটো স্বাভাৱিক কৰি ললোঁ৷ পানীও কেইঢোকমান গিলি ললোঁ৷ তাৰ পাছত ফলকখনত কিনো লিখা আছে বুলি পঢ়িবলৈ ওচৰ চাপিলোঁ৷

১৯৬২ৰ চীনা আগ্ৰাসনৰ সময়ত চাইনিজ পি.এল.এ. সদস্যৰ গুলীত প্ৰাণ আহুতি দিয়াৰ পূৰ্বে সোৱণশিৰিৰ উৎপত্তিস্থলৰ সমীপত কষ্টগম্য তামা শ্বুং শ্বুং পৰ্বত শিখৰত এই সাহসী সৈনিকজনে অনেক চীনা জোৱানৰ প্ৰাণ কাঢ়ি অতি বাহাদুৰিৰ পৰিচয় দিছিল৷ পাছত পি.এল.এ.ৰ সদস্যই তেওঁক গুলীয়াই হত্যা কৰে৷ সাহিয়াল সৈনিকজনৰ মৃত শৰীৰ তেওঁ ঢলি পৰা স্থানতে কবৰ দিয়া হৈছিল৷ সেই স্মৃতিচিহ্ন ইমে চিক নালাৰ পাৰত আছিল৷ জি.অ.চি. ৫৬ ইনফেনট্ৰি ডিভিজনে আমি বাটৰ কাষত পোৱা এই নৱনিৰ্মিত স্মৃতিচিহ্নটি মুকলি কৰিছে৷ স্থানীয় জনগণে এইজন বীৰ জোৱানৰ প্ৰতি সদায়ে উচ্চ সন্মান প্ৰদৰ্শন কৰি আহিছে৷ ২০১০ চনত বৰ্ডাৰ ৰডছ অৰ্গেনাইজেচনে ওচৰৰে এনজ নালাৰ ওপৰত থকা বেইলী ব্ৰীজখন সাজি ছহিদগৰাকীৰ নামেৰে নামকৰণ কৰে৷ যাত্ৰাকালত আমি সেই দলঙেৰে পাৰ হব লাগিব৷ ভাৰতীয় সৈন্যবাহিনীয়ে এই সৈনিকজনক প্ৰথমতে কিন্তু পলৰীয়া ভগনীয়া বুলিহে ঘোষণা কৰিছিল৷ তেওঁৰ বিষয়ে তথ্যপাতিও ৰখা নাছিল৷

স্মৃতিস্তম্ভ, পতাকাথলী আদি নিৰীক্ষণ কৰি থকা অৱস্থাতে নিকেলে কলে যে বাহাদুৰ জোৱানজনৰ সমাধিটো দৰ্শন কৰিবলৈ হলে গৰাটোৰ কেইবাফুট তললৈ নামিব লাগিব৷ উক্ত স্থানত তেতিয়া নিকেল, দীপকদা, বৰুণ, দেৱিন্দৰ, অৰূপদা, জয়ন্তদা আৰু মই৷ আমিকেইজনহে আছোঁ৷ বাকীসকল মূল বাটেৰে পোনে পোনে গুচি গলগৈ৷ বীৰ সৈনিকৰ সমাধি চোৱাৰ ইচ্ছা হয়তো নাই, নহয়তো তলত তেনেকুৱা চাবলগীয়া ঠাই আছে বুলি গমেই নাপালে৷ কোনোবাই কৈ নিদিলে গম নোপোৱাটোৱে স্বাভাৱিক৷ এই দুৰ্গমতা আৰু নিৰ্জনতাত সেয়া কবওনো কােনে? এটাও নৰমনিচ দেখিবলৈ নাই!

গাইডৰ নিৰ্দেশ আৰু সাহসত আমি অৱৰোহণৰ সিদ্ধান্ত লৈ ললোঁ৷ অৰূপদা আৰু জয়ন্তদা নানামিল৷ চিধা ৰাস্তা ধৰিলে৷ কেইখোজমান আগুৱাই পাক মাৰি তললৈ নামি যোৱা লুংলুঙীয়া বাটটো চালোঁ৷ হাবিত অদৃশ্য হৈ পৰিছে৷ ষ্টেপ আছে যদিও তেনেই উলম্ব৷ বাঘ-ঘোং লুকাই থাকিলেও ধৰা টান৷ মৰসাহস কৰি শিল আৰু কঠিন মাটিৰ থিয় থিয় খটখটিৰে তললৈ নামি গলোঁ আমি পাঁচজন৷ বাটলৈ আগ বাঢ়ি অহা লতাবোৰ হাতেৰে গুচাই যাবলগীয়া হৈছে৷ হাবি ভাঙি অন্তিমত শিলৰ গুহাসদৃশ স্থান এডোখৰত উপস্থিত হলোঁগৈ৷ প্ৰকাণ্ড শৈলস্তৰৰ মাজত তাতো এখন স্মৃতি ফলক আৰু এটা কবৰ দেখা গল৷ নিকেলে বৰ্ণনা আৰম্ভ কৰিলে৷ শ্বেৰ থাপা কত ৰৈ চিগাৰেট হুপি আছিল, কোন ফালৰ পৰা গুলী আহি কেনেকৈ আঘাত কৰিলে, ইত্যাদি ইত্যাদি৷

জানিব পাৰিলোঁ যে সেনাবাহিনীৰ পহৰাদাৰী দল এটাৰ সদস্য আছিল হাবিলদাৰ শ্বেৰ বাহাদুৰ থাপা৷ ২ জম্মু আৰু কাশ্মীৰ ৰাইফলছৰ ছেকচন কামাণ্ডাৰ হিচাপে চীনা সৈন্যৰ গতিবিধিৰ ওপৰত তেওঁ অহৰহ শেনদৃষ্টি ৰাখিছিল৷ ১৮ অক্টোবৰ ১৯৬২ৰ বিয়লি ৩.০০ বজাত সোৱণশিৰি উপত্যকাৰে ক্রমাৎ আগ বাঢ়ি অহা পি.এল.এ.ৰ ২০০জনীয়া দল এটাৰ সৈতে ভাৰতীয় সেনাৰ পহৰাদাৰী দলটো মুখামুখি হয়৷ সংঘৰ্ষত তেওঁৰ লগৰীয়া ভাৰতীয় সৈন্যসকলৰ মৃত্যু ঘটে৷ শ্বেৰ থাপাৰ হাতত আছিল এটা এল.এম.জি.৷ সহযোগী এজনৰ সৈতে সুচল ঠাইত অৱস্থান লৈ সেই সামান্য অস্ত্ৰৰেই চীনা বাহিনীৰ অগ্ৰগতিত তেওঁ সাহসেৰে বাধা প্ৰদান কৰিবলৈ ধৰিলে৷ গুলীয়াগুলীত একোবত সহযোগীজন বেয়াকৈ জখম হল৷ তাৰ পাছত এই সাহসী হাবিলদাৰজনে এককভাৱেই প্ৰতিৰোধ সংগ্ৰাম আগ বঢ়াই গল৷ কথিত আছে, তেওঁ অকলেই ইমান পি.এল.এ. সৈন্যক নিধন কৰিছিল যে সোৱণশিৰি নৈয়ে হেনো সেই মৃতদেহ কঢ়িয়াই নিব নোৱাৰা হৈছিলগৈ৷ উচ্চপদস্থ বিষয়াকে ধৰি ৬৫-৭০জন চীনা সেনা তেওঁ নিধন কৰিলে৷ এটা সময়ত হাতত গুলী-বাৰুদ শেষ হৈ আহিল৷ ফলত পলাই যাবলগীয়া পৰিস্থিতি হল৷ তেওঁৰ হাততে আঘাতপ্ৰাপ্ত চীনা সৈনিক এজনৰ গুলীত কেতেনালাৰ ৰিঅ ব্ৰীজৰ সমীপত এই সাহিয়াল সৈনিকজন বেয়াকৈ আঘাতপ্ৰাপ্ত হয় আৰু মৃত্যুমুখত পৰে৷

শ্বেৰ বাহাদুৰ থাপাৰ মৰণপণ আত্মনিয়োগে ৭২ ঘণ্টা পৰ্যন্ত চীনা সৈন্যৰ অগ্ৰগতি ৰোধ কৰিবলৈ সমৰ্থ হৈছিল৷ চীনা পি.এল.এ.ৰ সদস্যসকলে ভাৰতীয় সৈন্যজনৰ সাহসক যথোপযুক্ত স্বীকৃতি দি ঘটনাস্থলীতে তেওঁৰ মৃতদেহ সন্মান সহকাৰে পুতি দিছিল৷ তদুপৰি কাঠৰ এপিটাফ এটাও কাষতে সাজি ৰাখিছিল যত যোদ্ধাজনৰ সাহসিকতা আৰু বীৰত্বক স্বীকাৰ কৰি সৰু টোকা এটা লিখি থৈছিল৷ এপিটাফত লিখা চীনা ভাষাৰ কথাখিনিৰে শ্বেৰ বাহাদুৰ থাপা নামৰ ৬২ৰ মহান অথচ বহুতে নজনা যুঁজাৰুজনৰ যুজোধান মনোবৃত্তিক উচ্চ প্ৰশংসা কৰা হৈছিল৷ ছহিদ জোৱানজনৰ কৰ্মই স্থানীয় লোকসকলৰো অন্তৰ জয় কৰিছিল৷ গাঁওবাসীয়ে পাছত তেওঁৰ সমাধিত এটা স্মাৰক সাজিলে৷ শ্বেৰি থাপা অভিধাৰে এই অঞ্চলৰ তাগিন লোকসকলে আজিও এই বীৰজনাৰ সমৰ্পিত আত্মাৰ ত্যাগ তথা সাহসৰ স্মৃতি শ্ৰদ্ধাসহকাৰে জীয়াই ৰাখিছে৷

আনহাতে শ্বেৰ থাপাৰ সাহসিকতাৰ বিষয়ে ইণ্ডিয়ান আৰ্মীয়ে হেনো গমেই পোৱা নাছিল৷ প্ৰথমাৱস্থাত স্থানীয় লোকসকলেহে সমাধি এটা যৎপৰোনাস্তি নিৰ্মাণ কৰিছিল৷ ২০১২ চনৰ এপ্ৰিল মাহত সীমান্তৰ স্পৰ্শকাতৰ অঞ্চল ভ্ৰমণ কৰিবলৈ যোৱা ইনফেনট্ৰি ব্ৰিগেডৰ কামাণ্ডাৰ ব্ৰিগেডিয়াৰ এম. ডি. শ্বাক্কোৰ উক্ত সমাধিস্থলৰ পুতৌ লগা অৱস্থাটো দৃষ্টিগোচৰ হয়৷ কামাণ্ডাৰগৰাকীৰ তত্ত্বাৱধানত ঘটনাস্থলীতে এটা স্মাৰক সাজিবলৈ তেতিয়াই সিদ্ধান্ত লোৱা হয়৷ ষ্টেপ, ফলক, বেদী আদিৰে বৰ্তমান আমি দেখা এই সমাধি ইনফেনট্ৰি ব্ৰিগেডৰ দ্যা সোৱণশিৰি ৱাৰিয়ৰৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে আৰু জনসাধাৰণলৈ উছৰ্গা কৰা হৈছে৷ এজন দেশপ্ৰেমী যোদ্ধাৰ প্ৰতি স্থানীয় মানুহৰ এইটো এক সপ্ৰশংস সমৰ্থন যি বীৰে নিজৰ প্ৰাণকো তুচ্ছ জ্ঞান কৰি চীনা আগ্ৰাসন প্ৰতিৰোধেৰে সহস্ৰজনৰ জীৱন ৰক্ষা কৰি গল৷

দিন পুৰণি হল যদিও প্ৰসংগক্রমে মনলৈ আহিল নৱেম্বৰ ১৯৯২ত টাৱাঙলৈ যোৱা কথা৷ টাৱাঙৰ পথত চেলা পাছৰ পৰা ১৪ কিলমিটাৰ আঁতৰত পাইছিলোঁ যুদ্ধস্মাৰক য়শৱন্ত গড়, যত মৰণোত্তৰভাৱে মহাবীৰ চক্র বিজেতা ৪ গাড়ৱাল ৰাইফলছৰ সৈনিক য়শৱন্ত সিং ৰাওতৰ প্ৰতি আজিও শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰি অহা হৈছে৷ তেওঁৰ নামতে হৈছে সেই ঠাইডোখৰৰ নামটোও৷ চীন-ভাৰতৰ যুদ্ধৰ সময়ত য়শৱন্ত ৰাওতে শত্ৰু-সৈন্যক অকলেই তিনি দিন পৰ্যন্ত উক্ত স্থানতে ভেটা দি ৰাখিছিল৷ পৰম পৰাক্রম আৰু বুদ্ধিমত্তাৰে যুঁজ কৰা সেই ভাৰতীয় সৈনিকজন পাছত চীনা জোৱানৰ হাতত ধৰা পৰে৷ তাতেই তেওঁক গছ এডালত ফাঁচি দিয়া হয়৷ য়শৱন্ত সিঙক সহযোগ কৰা স্থানীয় ছোৱালী চেলা আৰু নুৰাৰ নাম দুটা চিৰস্মৰণীয় কৰি ৰাখিবলৈকে অঞ্চলটোৰ পৰ্বত দুখনৰ চূড়া দুটাৰো নাম ৰখা হৈছে চেলা আৰু নুৰা৷ সেই চেলাৰ পৰাই চেলা পাছ যি স্থলৰ নাম আজি পাৰ্বত্য পৰ্যটকৰ মুখে মুখে৷ বিদেশী শত্ৰুৰ বিৰুদ্ধে প্ৰদৰ্শন কৰা বিপুল সাহস, অসম্ভৱ শাৰীৰিক ক্ষমতা তথা মনোবলৰ বাবেই মৰণোত্তৰভাৱে য়শৱন্ত সিঙক প্ৰদান কৰা হৈছিল মহাবীৰ চক্র৷

তাকচিঙৰ বাটত আমি পোৱা শ্বেৰ বাহাদুৰ থাপা নামৰ ভাৰতীয় জোৱানজনৰ কৃতিত্বও তুলনামূলকভাৱে কোনো গুণে কম নাছিল বুলি কোৱা হয়৷ তৎসত্ত্বেও এই মহান যোদ্ধাজনৰ সাহসিক কাৰ্যকলাপ সীমাবদ্ধতাৰে কেৱল সেই এলেকাটোতহে সুঁৱৰি অহা হৈছিল৷ মৰণোত্তৰভাৱে হলেও বাহিৰৰ কোনেও তেওঁৰ সাহসিকতা আৰু দেশপ্ৰেমক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰচাৰ কৰাৰ লগতে উপযুক্তভাৱে সন্মানো দৰ্শোৱা নাছিল৷ ইমান দিনে অজ্ঞাত হৈ ৰোৱাৰ পাছত ২০১২ বৰ্ষত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিৰক্ষা দপ্তৰৰ মন্ত্ৰী এ. কে. এণ্টনীয়ে নতুন দিল্লীৰ অমৰ জোৱান জ্যোতিত এই বীৰ যোদ্ধাজনৰ প্ৰতি শ্ৰদ্ধা প্ৰদৰ্শন কৰে৷ শ্বেৰ বাহাদুৰ থাপা সম্বন্ধে অৰ্ধশতিকাৰ অন্তত অৱশেষত ৰাষ্ট্ৰই জানিলে৷ আৰু আজি আমি এই বয়সত ভাৰতৰ সামৰিক ইতিহাস বিজড়িত উক্ত যুদ্ধস্থলী আৰু Unsung Hero এজনৰ সমাধি স্বচক্ষে চোৱাৰ সৌভাগ্য লভি গৌৰৱান্বিত হলোঁ৷

য়শৱন্ত সিঙক বাবা বুলি সম্বোধন কৰা হয়৷ য়শৱন্ত গড় অঞ্চলৰ বাসিন্দা তথা ভাৰতীয় জোৱানসকলে বিশ্বাস আৰু অনুভৱ কৰে যে বাবাৰ আত্মাটোৱে এতিয়াও উক্ত অঞ্চলত বিচৰণ কৰে৷ বাবাৰ আত্মাৰ উদ্দেশ্যে ভাৰতীয় সেনাৰ জোৱানৰ দ্বাৰা নিয়মিতভাৱে বিছনা পাৰি থোৱা হয়, পুৱাৰ জলপান, দুপৰীয়াৰ আৰু নিশাৰ আহাৰো পৰিৱেশন কৰা হয়৷ অনুৰূপ কাৰবাৰ এটা কিবিথোলৈ যাওঁতে ৱালঙৰ পৰা ১৮ কিলমিটাৰ ওপৰত অৱস্থিত হেলমেট টপত দেখা পাইছিলোঁ৷ য়শৱন্ত গড়ত প্ৰত্যেক পৰ্যটনকাৰীকে একাপ গৰম চাহেৰে আপ্যায়ন কৰা হয়৷ যাত্ৰাপথত বাবাই তেওঁলোকক ৰক্ষা কৰিব, শত্ৰুক পৰাস্ত কৰাত সহায় কৰিব বুলি ভবা হয়৷ ইয়াত অৰ্থাৎ শ্বেৰি থাপা মেমৰিয়েলত অৱশ্যে প্ৰচলিত তেনেকুৱা একো বিশ্বাস বা ব্যৱস্থাপনা নেদেখিলোঁ, নুশুনিলোঁ৷ অৰণ্যৰ সম্পূৰ্ণ নীৰৱতাৰ মাজত আছে শ্বেৰ থাপাৰ সমাধি৷ শব্দ বুলিবলৈ মাথোন নৈৰ খলকনি৷













(পৰৱৰ্তী খণ্ড - আচৰিতভাৱে পাই গলোঁ এগিলাচ গৰম চাহ!)

No comments:

Post a Comment