দিন চাৰি ৷৷ ৩.১১.২০১৫
আৰণ্যক নীৰৱতাৰ মাজেৰে আমি ভ্ৰমি ফুৰা এই এলেকাবোৰৰ যোগাযোগ আৰু পৰিৱহণ ব্যৱস্থা একেবাৰে তথৈবচ৷ ভাৰত-চীন আন্তৰাষ্ট্ৰীয় সীমান্তলৈ এইফালেদি মসৃণ যাত্ৰাপথ আজিও হৈ উঠা নাই৷ প্ৰয়োজনীয় বয়-বস্তু পিঠিত
বোজাই কৰি স্থানীয় লোকে লিমেকিঙৰ পৰা তাকচিঙলৈ কেইবাদিনো ধৰি বৰ্ণনাতীত কষ্টেৰে খোজ
কাঢ়িবলগীয়া হয়৷ পদপথটো দেখি বিচূৰ্তি খাইছোঁ৷ বাৰে বাৰে ভবাই তুলিছে মোক৷ ভাবনাত ডুব গৈ থাকোঁতেই গিৰগিৰকৈ সন্মুখৰ পৰা আহি ওলাল জলফাইৰঙী পোছাক পৰিধানকাৰী এদল সৈন্য৷ এইবাৰ কিন্তু মোৰ ভয় অকণো লগা নাই৷ চকুত চকু থৈ মিচিকিয়াইছোঁ, মূৰ দুপিয়াই সম্ভাষণ জনাইছোঁ, ‘জয়হিন্দ’ বুলিও কৈছোঁ৷ যেন পুৰণা চিনাকিহে! দুৰন্ত গতিত পল্টনটো পাৰ হৈ নেদেখা গ’ল৷ খোজ-কাটলতে প্ৰমাণ পালোঁ কিমান শক্তিশালী, কিমান তজ্বজীয়া এই মানুহবোৰ, শাৰীৰিক, মানসিক উভয় দিশতে৷ তাগজ নহ’লেনো বাৰু, কৰ্তব্য আৰু দায়িত্বৰ নামত ক’লীয়াপানী সদৃশ এনেকুৱা একো সুবিধা নথকা স্থানত বীৰদৰ্পে ঘূৰ্মুটিয়াই ফুৰিব পাৰেনে?
এঠাইত দেখিলোঁ খাং এটাতে টিনপাত কেইচলামান৷ গছ এডালত কোনোবাই ভেজা দি ৰাখিছে৷ দীঘলে দীঘলে মাজেদি ফালি এখন টিনপাতক দুটুকুৰা কৰি লৈছে৷ নহ’লে কঢ়িয়াব নোৱাৰি৷ এতিয়াও চাগৈ গৈ থাকোঁতে অ’ত-ত’ত জংঘলে কতবাৰ বাধা আৰোপ কৰিছে! সমস্যাক সন্মুখত ৰাখি তেনেকৈয়ে অহা-যোৱা কৰি থাকে মানুহবোৰে৷ সাধাৰণ লোকটো বাদেই, আৰ্মীৰ লেফটেনেণ্ট, কেপ্টেইনেও আনকি সাংগোপাংগসহিত হাতত লাখুটি লৈ খোজ কাঢ়িয়েই অাহ-যাহ কৰে৷ তাৰ বাদে গত্যন্তৰ নাই৷ সেয়া আমি নিজেই দেখিবলৈ পালোঁ৷ তেওঁলোকে ব্যৱহাৰ কৰা ট্ৰেকতে আমিও খোজ দি আছোঁ৷
ইণ্ডিয়ান আৰ্মীৰ ট্ৰেকত যাব লাগিব বুলি অৰূপদাই সেই তেতিয়াই, যাত্ৰাটোৰ কথা প্ৰথমবাৰ মোক কওঁতেই কৈছিল৷ আজি তাতেই আমাৰ পদচালনা চলি আছে৷ আহিম বুলি ভাবিলোঁ, ওলালোঁ, আহি গ’লোঁ৷ তাকে ভাবি এতিয়া আচৰিত লাগিছে যদিও গৈ থাকোঁতে ট্ৰেকটো কটা থলুৱা মানুহবোৰৰ বিষয়ে ভাবিহে বহুগুণে বেছি আচৰিত লাগিছে৷ এনেকুৱা দুৰ্গম পাহাৰৰ ঘন জংঘলত ট্ৰেক নিৰ্মাণ কৰাটো কিমানযে কষ্টকৰ কাম! ইমানৰ পাছতো এইটো জানি ভাল লাগে যে এই ধৰণৰ ট্ৰেক কটা মানুহেই পাছত এদিন পৃথিৱীৰ শীৰ্ষবিন্দুত উঠিছেগৈ৷ প্ৰচণ্ড শক্তিশালী আৰু অতি দুঃসাহসী মানুহবোৰ৷ সেয়েহে সফল কৰিব পাৰিছে মাউণ্ট এভাৰেষ্ট অভিযান৷ প্ৰকৃষ্ট উদাহৰণ, নৰ্থ-ইষ্টৰ প্ৰথম এভাৰেষ্টাৰ টিনে মেনা ৷ সিবাৰ আমি মায়’ডিয়ালৈ যাওঁতে তাইক সাক্ষাৎ কৰাৰ চেষ্টা এটা কৰিছিলোঁ৷ ৰ’য়িঙৰ মিচিমি হিল কেম্পৰ গৰাকী জিবি পলোৱে ফোন কৰি কৰি হায়ৰাণ হৈ গ’ল৷ নাই, নিজৰ বুলেট মটৰ চাইকেলখন লৈ কোন ধুবুৰী পালেগৈ তাই, নট ৰিচ্চেবল হৈয়েই ৰ’ল৷ আশা এটা থাকি গ’ল৷ বিপৰীতে, পাহাৰত খোজ কঢ়া বা সঘন উঠা-নমা কৰাৰ নিয়মীয়া অভ্যাস নথকাৰ ফলস্বৰূপে আমাৰ দলৰ কোনো কোনো সদস্যৰ গতি তেনেই মন্থৰ হৈ পৰিছে৷ অকণমান দূৰত্ব অতিক্ৰম কৰিবলৈকে হিচাপতকৈ অনেক বেছি সময় লাগি গৈছে৷ নিকেলে বৰ ধৈৰ্য ধৰি বাট দেখুৱাই সকলোকে নি আছে৷ মাজে মাজে খোজবােৰ খৰ কৰাৰো তাগিদা দিছে৷ আনহাতে এইটো সহজবোধ্য কথা যে মহাৰণ্যৰ অভ্যন্তৰত বিৰাজমান বিৰল আমেজখিনি ল’বলৈ হ’লে শাৰীৰিক পৰিশ্ৰম কম-বেছি পৰিমাণে কৰিব লগা হয়েই৷ নহ’লে অৰণ্যলৈ অহাটোৱেই অৰ্থহীন৷
নদীপৃষ্ঠৰ পৰা ক্রমাৎ ওপৰলৈ, তাৰ পাছত আকৌ ক্রমাৎ তলৰ
নদীখনলৈ৷ খোজ কাঢ়ি, আঁঠু কাঢ়ি, বগুৱা বাই ইতিমধ্যে এখন ওলমা দলং পাৰ হৈ দলটো আগ বাঢ়িছে৷ হাবি কমি আহিছে৷ হাবিৰ মাজত ওলাইছে মুকলি এডোখৰ৷ তাতে আমি অলপ পৰ ৰ’লোঁ৷ ঘৰ এটাৰ ভগ্নাৱশেষ দেখা গ’ল তাত৷ নিকেলে টুৰিজিম ডিপাৰ্টমেণ্টৰ কিবা আছিল বুলি ক’লে৷ আচৰিত হ’লোঁ শুনি৷ এই বিশাল অৰণ্যত কেনে ধৰণৰ গৃহ হ’ব পাৰে সেইটো? বিশ্বাসেই নহয়৷ তথাপি মানিবলৈ বাধ্য কাৰণ অতীতৰ অৱশেষ স্বৰূপে কিবা অকণমান এতিয়াও আছে তাত৷
ওপৰৰ পৰা নামি নামি পুনৰ সোৱণশিৰিৰ ওপৰত সজা আন এখন ওলমা সাঁকোৰ মুখ পালোঁগৈ৷সিখনৰ দৰেই গছ এডালত ঠাল-ঠেঙুলি কিছুমান বান্ধি দলংখনৰ প্ৰৱেশদ্বাৰ সজা হৈছে৷ যেন তোৰণহে এখন৷ পিছে আগৰখনৰ তুলনাত এইখনৰ ৰূপটো আৰু ভয়ংকৰ দেখােন! আগৰখনত ভৰি পেলাবৰ বাবে দিয়া গছৰ ডালবোৰ গোটাকৈ আছিল৷ এইখনত সেইবোৰ ফালি পথালিকৈ বেতেৰে ইডালৰ পাছত সিডাল বান্ধি ৰখা হৈছে৷ তাৰ ওপৰত দোপ দিয়েই পাৰ হ’ব লাগিব আমি৷ ক’ৰবাত ক’ৰবাত মৃত্যুভয় জগাই তোলাকৈ বৃহৎ জোখৰ ফাঁক৷ তাকে দেখি কেইজনমান সংগীৰ বুকুৱে ধান বানিবলৈ আৰম্ভ কৰিলেই৷ এনেয়ে হ’লে বেত বস্তুটো সহজে নিছিগে বা নাভাগে, মামৰেও নধৰে৷ হ’লেও... কোনে জানে?
অলপ আগেয়ে এবাৰ নৈ পাৰ হোৱাৰ অভিজ্ঞতা এইবাৰ যোগ হ’ল সাহস আৰু আত্মবিশ্বাসৰ সৈতে৷ তাকে সাৰথি কৰি এখোজ দুখোজকৈ ইজনৰ পাছত সিজনকৈ শাৰী পাতি ৰ’ল৷ মোৰ কোনো অসুবিধা নাই৷ আহিছোঁ যেতিয়া পাৰ হ’বইতো লাগিব৷ এইবুলিয়ে ভাবি লৈছোঁ আৰু মনটো ডাঠ কৰিছোঁ৷ আনহাতে আগৰবাৰৰ দৰে এইবাৰ কিন্তু শেষৰফালে নাথাকিলোঁ৷ পাছে পাছে অতি ধীৰে ধীৰে নামি আহি থকা ৰাজীৱ আৰু জয়ন্তদাক নিকেল আৰু তানিৰ হাতত গতাই আগুৱাই যাবলৈ প্ৰস্তুত হ’লোঁ৷ খোজ পেলোৱাৰ লগে লগে শলখাবোৰ কেৰমেৰাই উঠিল৷ বুঢ়া মানুহৰ দাঁতৰ দৰে দলংখন কঁপিবলৈ ধৰিলে৷ বুকুত সাহস স্থিৰেৰে ৰাখি, হাতৰ খোপনি মজবুতকৈ ৰাখি আগুৱান হৈছোঁ৷ দোপ খাই পৰা দলঙৰ মাজপানীত এইবাৰো ৰ’লোঁ৷ অাস্, কি সুন্দৰ দৃশ্যপট! পানীৰ ওপৰৰ পৰা ইফালে-সিফালে দেখা এইবোৰ এতিয়াই নাচালে চাম কেতিয়া? সৌন্দৰ্যসুধা পান কৰাৰ লগতে অথনিৰ দৰেই কেমেৰাটো অন কৰি দিলোঁ আৰু চৌদিশৰ দৃশ্যাৱলী ক্লিক কৰিহে এৰিলোঁ৷ অৰুণদাৰ বাবে মেম’ৰী কাৰ্ডত আৰু অকণমান সোঁৱৰণি সঞ্চিত হ’ল৷ নেদেখা চকুবোৰে ফটো চাই চাই পাছত অন্ততঃ কিবা অকণমান হ’লেও জানিব পাৰিব, আনন্দও হয়তো ল’ব পাৰিব৷ ফটোৱে মিছা কথা নকয়৷ গতিকে প্ৰমাণো হ’ব যে বাটৰ বিৱৰণীবোৰ সঁচা৷ নহ’লেবা মিছা আৰু অতিৰঞ্জিত বুলি পেট-কপটীয়া কোনোবাই আকৌ কথাবোৰ টিলিকিতে উৰাই দিয়াৰ অপচেষ্টা চলাব পাৰে৷ এতিয়া অন্ততঃ সেই ভয় নাই৷ সি যি কি নহওক, নৈৰ সিপাৰে গৰাৰ ওপৰৰ পৰা নিৰীক্ষণ কৰি থকা অৰূপদাই এইবাৰ কিন্তু এটা চিঞৰো নামাৰিলে৷

দলং পাৰ হোৱাৰ পাছত আটায়ে আকৌ এটা কষ্টকৰ শৈলাৰোহণৰ মুখামুখি হ’বলগীয়া হ’ল৷ এজন-দুজনকৈ ওপৰলৈ উঠি যোৱাসকল
তাতে একেলগ হৈছে৷ শিলে শিলে সাৱধানী খোজ দি, বগুৱা বাই এসময়ত ময়ো ওপৰ পালোঁগৈ৷ হেঙিং ব্ৰীজখন পাৰ হওঁতে প্ৰত্যেকৰে পদচালনা একধ্যানে লক্ষ্য কৰি থকা অৰূপদাই তেওঁৰ কাষত উপস্থিত হওঁতেই মন্তব্য শুনাই দিলে, ‘‘তোমাৰ খোজটো প’ৰ্টাৰবিলাকৰ লগত মিলে’’৷ অৰূপদা, প্ৰদীপদা, অমৰহঁত আগতেই শিলাখণ্ডটো পাৰ হৈ পাথৰৰ ওপৰত বহি আছিল৷ হয়তো খোজৰ গতি-প্ৰকৃতিকে লক্ষ্য কৰি আছিল৷ বৰুণ আৰু দেৱিন্দৰে ওপৰতে ভাৰীকেইটাৰ সৈতে চুপতি কৰি আছে৷ সিহঁতৰ মাজৰ বন্ধুত্ববোৰ বৃদ্ধি পাই আহিছে৷ মানুহবোৰৰ সাহস বাঢ়ি আহিছে৷ মাজে মাজে দাখন বা বন্দুকটো লৈ ধেমালিও চলিছে৷ আচিংমুৰিৰ প্ৰসংগৰে মাজে মাজে প্ৰদীপদাই ভয় খুৱায়ো আছে অৱশ্যে৷ অৰূপদাৰ প্ৰশংসা-বাণীৰ প্ৰতিক্ৰিয়া স্বৰূপে মই মাত নামাতিলোঁ ৷ হাঁহি এটাৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰি নিৰ্বিকাৰ চিত্তে চৌপাশৰ প্ৰকৃতিৰ বুকুলৈ দৃষ্টি প্ৰসাৰিত কৰি দিলোঁ৷ এই বিৰল সৌন্দৰ্যসুধা পান কৰাটোহে গুৰুত্বপূৰ্ণ কাম তথা সময়ৰ আহ্বান৷ আমি আহিছোঁৱেই এইটো কাৰণতে৷
তেনেতে তলত দেখিলোঁ, আঃ বুলি কৈ ৰাজীৱ হঠাতে বহি গৈছে! তেওঁৰ আগে-পাছে থকাকেইজনৰ মাজত হুৱাদুৱা লাগিছে কি হ’ল কি হ’ল বুলি৷ এইটো অঞ্চলটোত থকা সাপৰ আধিক্যৰ বিষয়ে আগতেই জানিবলৈ পাইছিলোঁ৷ তেনেস্থলত তেনেকুৱা কিবা অঘটন ঘটা নাইতো? এতিয়ালৈ এডালো সাপ চকুত পৰা নাই যদিও চিন্তিত হ’লোঁ, কি হ’ল ৰাজীৱৰ? ৰক্ষা, তলৰ পৰা খবৰ আহিল, শিলৰ ফাঁকত অকস্মাতে পিছল খাই ভৰি সোমাই যোৱাত সোঁভৰিত দুখ পাইছে ৰাজীৱে৷ খোজ পেলাব পৰা নাই৷ ঠাইতে বহি দিছে৷ ৰাজীৱৰ সাহায্যৰ বাবে এইফালৰ পৰা কোনোবা কোনোবা নামি গৈছে৷ দাং-কোলাকৈ তুলি অনা হ’ব তেওঁক৷ কিবাকিবি কৰাত অলপ পাছত অকণমান সুস্থ হ’ল যেনিবা৷ অভিজ্ঞতাৰে পৰিপুষ্ট আৰু মানসিক দৃঢ়তা তুংগত থকা ৰাজীৱে এই অভিযানত দলটোৰ সন্মুখত থাকি আমাক নেতৃত্ব দিব বুলি ভাবি আহিছিলোঁ৷ তেওঁ পিছে শাৰীৰ শেষৰফালেহে স্থান ল’লে৷ ঘৰৰ পৰাই লৈ যোৱা বেতৰ দীঘল লাখুটি এডালত ভৰ দি আৰম্ভণিৰে পৰাই খুব ধীৰে ধীৰে তেওঁ খোজ পেলাই আহিছে৷ ৱাকিং ষ্টিক এডাল লৈ তেওঁৰ কাষে কাষে আছে জয়ন্তদা৷ ওচৰা-ওচৰিকৈ ৱাকিং ষ্টিক লৈ দীপকদা আৰু মৃণালদা৷ বৰুণ আৰু দেৱিন্দৰ আগত যদিও ইটোৱে সিটোৰ লগ অকণমানো এৰা নাই৷ অমৰ আৰু প্ৰদীপদাও যেন সনা-পোটকা৷ প্ৰদীপদাৰ হাতৰ মুঠিত ডিফুতে তৈয়াৰ কৰি লোৱা কাঠৰ দণ্ডডাল৷ অৰূপদায়ো বে’ছ কেম্প এভাৰেষ্টাৰ ডেকা এজনৰ পৰা ভাল ৱাকিং ষ্টিক এডাল যোগাৰ কৰি আনিছে৷ এতিয়াহে বুজিলোঁ, খোপনি ৰখাত সহায় কৰাৰ বাদেও এনেকুৱা দণ্ড এডালৰ অন্য কি কাম৷
গৰাটোৰ ওপৰত আমি উঠিয়েই পোৱা ঠাইখিনিৰ বাওঁহাতে আগলৈ কাটিং চলি আছিল৷ তাতে তিৰপালৰ অস্থায়ী চালি এখন৷ বি.আৰ.অ’.ৰ পোছাক পিন্ধা দুজনমান মানুহ আছে৷ জনজাতীয় মহিলা এগৰাকীয়ে টিফিন কেৰিয়াৰত ভালেমান দূৰৰ টি.চি.চি.ৰ পৰা তেওঁলোকলৈ খানা লৈ আহিছে৷ তলৰ পৰাই সেইফালে কিবা এটা থকাটো দেখা পাই আছিলোঁ৷ তেতিয়াই বুজি গৈছিলোঁ যে আমি সিমানখিনি পৰ্যন্ত বগাব লাগিব৷ তাৰ মানে পুৱা পথ সমাপ্তিত এৰি অহা উচ্চতাৰ প্ৰায় সমানলৈ৷ অস্থায়ী চালিখনৰ কিছু আগলৈ ৰক্ ড্ৰিল মেছিন এটাও ৰৈ আছে৷ তাৰ আগলৈ হাবিয়নী৷ এইফালেদি কাটি আগ বঢ়াই নি ৰাস্তাটো অথনি সোৱণশিৰিৰ এইপাৰে পথটো শেষ হোৱা মূৰটোতে মিলাবগৈ চাগৈ৷ ৰাস্তাটোৰ চাৰ্ভে হৈ যোৱাৰ পাছত কৰ্ম সম্পাদনৰ নিমিত্তে ঠায়ে ঠায়ে এনে ড্ৰিলিং মেছিন সংস্থাপিত কৰা হৈছে বুলি কোৱা কথাটোযে সঁচা, তাৰ প্ৰমাণ পালোঁ৷
আমি ৰৈ আছোঁ৷ নিকেলে মানুহ গন্তি কৰি আছে৷ সকলো আহিল, তানি নাই৷ তানি আহি পোৱাই নাই৷ ক’লৈ গ’ল তানি? দুচকুৱে পিতপিতাবলৈ ধৰিলে তানিক বিচাৰি৷ সি তেতিয়াও সোৱণশিৰি পাৰ হোৱাই নাই৷ চাউলৰ বস্তাটো দলঙৰ সিটো মূৰে পাথৰ এটাৰ ওপৰত জিলিকি আছে৷ আৰু তানিয়ে কৰিছে কি? খাপৰ পৰা দাখন উলিয়াই লৈ সাঁকোৰ গুৰিটোৰ আশে পাশে গজি উঠা অনাকাংক্ষিত জংঘলবোৰ বহি বহি এফালৰ পৰা কাটি আছে৷ পৰ্বতৰ মানুহৰ অলিখিত নিয়মেই এইটো৷ নিজৰ বাটৰ হাবি-জংঘল নিজে চাফা কৰি নাথাকিলে কৰিবনো কোনে? ‘আপোন হাত জগন্নাথ, পৰত আশ বনত বাস’৷ যুগ যুগ ধৰি তেনেকৈয়ে চলি আহিছে৷ ইতিপূ্ৰ্বেও প’ৰ্টাৰ তাল’, লিদা, তাগেহঁতক মন কৰিছিলোঁ, হাতত উন্মুক্ত দা লৈ অগ্ৰসৰ হওঁতেও সন্মুখলৈ আগ বাঢ়ি অহা গছ-লতাৰ ঠাল-ঠেঙুলিবোৰ কাটি বাটটো মোকলাই গৈছে৷ নিজৰ কৰ্তব্য শেষ কৰি অলপ পাছতে নিৰ্বিঘ্নে দলংখন পাৰ হৈ, শিলনিৰে উঠি তানি আমাৰ ওচৰ পালেহি৷

গৰাৰ ওপৰলৈ অহাৰ পাছত সকলোৰে বাবে কিছু সময়লৈ জিৰণি ঘোষণা কৰা হ’ল৷ ফোঁপনি শেষ কৰি পানী পি লৈ, ডেইৰী মিল্ক চকলেট খাই খাই ওলোমা দলং পাৰ হোৱাৰ
অভিজ্ঞতাৰ লগতে এইছোৱা এলেকা উঠা-নমাৰ অনুভৱ-অনুভূতি, ক্ৰিয়া-প্ৰতিক্ৰিয়া বিভিন্নজনে নিজা নিজা সুৰত ব্যাখ্যা কৰিবলৈ আৰম্ভ কৰিলে৷ এটা ভীষণ কষ্টকৰ হাবিতলীয়া ট্ৰেকিং৷ জীৱনলৈ মনত থাকি যাব সকলোৰে৷ তাকো দিনটোৰ আৰম্ভণিতেই৷ পথক্লান্তিয়ে যেন বেছিভাগকে জুৰুলা কৰিছে! প’ৰ্টাৰকেইটায়ো পাহাৰৰ গাত আঁউজি দম লৈছে৷ তাৰ মাজতে পৰিৱেশটো হাস্যমধুৰ আৰু উপভোগ্য হৈ উঠিছে প্ৰদীপদাৰ ৰসাল কথাত৷ সিফালৰ পৰা আহি থকা জনৈক মণিপুৰী সৈনিকৰ সৈতে প্ৰদীপদাই মাতৃভাষাতে অলপ সময় ধৰি বাৰ্তালাপ কৰিলে৷ অৰুণাচলৰ ঘোঁকটত সুদূৰ সেনাপতি জিলাৰ নিবাসী স্বজাতিৰ মানুহক অাচম্বিতে লগ পাই গৌৰৱান্বিতও হ’ল৷
সৰহ সময় ৰৈ দিয়াত শৰীৰবোৰত ঠাণ্ডা লাগি আহিব ধৰিলে৷ সেইখিনিতে কেম্প কৰাৰ প্ৰস্তাৱ এটাও নোলোৱা নহয়, ওলাল৷ কিন্তু পানী, খৰি আদি সংগ্ৰহৰ ক্ষেত্ৰত অসুবিধা আৰু নিৰাপত্তাৰ দিশটোলৈ চাই ঠাইখিনি কেম্পৰ বাবে অসুচল বুলি সৰ্বসন্মতিক্ৰমে বিবেচিত হ’ল৷ আগত ভাল ঠাই থকাৰ সম্ভেদ এটাও আহিল৷ হাতত সময় অলপমান থকাত তাৰ পৰা আৰু কিছুদূৰ আগুৱাই সুচল ঠাইকণত ৰোৱাৰ সিদ্ধান্ত চূড়ান্ত কৰা হ’ল৷ ৰাস্তাৰ বাবে শিলাময় পাহাৰ কাটি থোৱাত সন্মুখত ওলাই থকা বাটটো আগৰ দৰে এতিয়া জংঘলময় নহয়৷ হাতে-কান্ধে যাৰ যি আছিল প্ৰত্যেকে সেইবোৰ পুনৰবাৰ উঠাই ল’লে কেম্প চাইটৰ সন্ধানত৷

(পৰৱৰ্তী খণ্ড - কেম্প চাইট পালোঁহি)

No comments:
Post a Comment