Saturday, 7 May 2016

দিন চাৰি ৷৷ ৩.১১.২০১৫
৭. ওলমা দলঙেৰে সোৱণশিৰিৰ সিপাৰলৈ



অনিশ্চয়তা আৰু উৎকণ্ঠা মন-মগজুত লৈও আনন্দোল্লাসেৰে সকলোটি গৈ আছোঁ৷ নিৰ্দিষ্ট ঠাই এডোখৰত দলটো আচম্বিতে ৰৈ যাবলগীয়া হল৷ কাৰণ খোজত খোজ মিলাই ইমানপৰে আমি অনুসৰণ কৰি থকা তাকচিংগামী পথটো সেইখিনিতে সমাপ্ত! সন্মুখত অটব্য জংঘল৷ সৰু-ডাঙৰ শিলগুটিৰ দম আৰু পানীৰ ডোঙা কিছুমান৷ তাৰ মানে বৰষুণ হৈছিল৷ পৰ্বতৰ উচ্চতাত উঠা আৰু নমা উভয়ৰে বাবে বৰষুণ সদায়েই কামনাৰ বাহিৰৰ বস্তু৷ অৰূপদাক সময় কিমান হল সুধিলোঁ৷ আস্তেকৈ ঘড়ীলৈ চালে তেওঁ৷ ৯.৩০ বাজিছে৷

বৰ্ষাৰণ্যৰ গভীৰত প্ৰৱেশ কৰাৰ মাদকতা এটা অথনিৰে পৰা মনত লাগিয়ে আছিল৷ পানীৰ ডোঙাকেইটাই কপাল কোঁচ নুখুৱাকৈ নেৰিলে পিছে৷ সি যি কি নহওক, আটায়ে সংঘবদ্ধহৈ সোৱণশিৰিৰ গৰাত থুপ খাইছোঁ৷ স্বাভিমানী নদীখনলৈ চাই চকিত হোৱাৰ সময়৷ দুদিন আগতে ডাপৰিজো এৰাৰে পৰা পাহাৰৰ ভাঁজে ভাঁজে আকৰ্ষণীয় ৰূপত দেখি অহা চিক্‌মিকীয়া চাদৰখন এতিয়া আমাৰ মুখৰ আগত জীৱন্ত ৰূপত চলমান অৱস্থাত৷ জীৱনত এনে দৃশ্য প্ৰথমবাৰ দেখা পোৱা যিকোনোজনেই নদীখনৰ একে ধৰণৰ গতি আৰু ৰং-ৰূপ দেখি স্বাভাৱিকতে বাকস্তব্ধ আৰু আতংকিত হৈ পৰাটো নিশ্চিত কথা৷

বন্ধ হৈ পৰা ভগ্নপ্ৰায় কেঁচা ৰাস্তাটোৰ সোঁহাতে সোৱণশিৰিৰ ওপৰত ওলোমা সাঁকো এখন৷ দূৰৰ পৰাই সেইখনে অৰণ্যৰ মাজেৰে চকুৰ আগত দোলা দি আছিল৷ তেতিয়া অকণোৱেই ধৰিব পৰা নাছিলোঁ যে অলপ পাছতে সেইখনেৰে আমি পাৰ হব লাগিব তলৰ নৃত্যৰতা স্ৰোতস্বিনী৷

আমি যত ৰৈছোঁ, বৰষুণ পৰি ঠাইখিনি অত-তত থিপ্‌থিপীয়া হৈ আছে৷ তাৰ পৰাই অনুমান কৰিব পাৰিলোঁ যে আগলৈ ট্ৰেকৰ অৱস্থা বিপজ্জনক হব৷ সদ্যহতে আমি শিলনি এডৰাৰে অৱৰোহণ কৰিব লাগিব৷ তেতিয়া হেঙিং ব্ৰীজখনৰ এইফালৰ মূৰটো পাম৷ তাৰ পাছতে ভয়ংকৰ গতিৰে বৈ থকা সোৱণশিৰিখন পাৰ হোৱা কাম৷ সিপাৰে আকৌ ওখ আৰু থিয় পৰ্বত৷ ঘন বৃক্ষৰ প্ৰকোপত সিফালে একোকে নেদেখি৷ আগ বাঢ়ি অহা গছপাতে ঢাকি থোৱাত ওলোমা দলঙৰ সিটো মূৰো পৰিষ্কাৰকৈ দেখা পোৱাত অসুবিধা হৈছে৷

এনজ নালাৰ পাছত এইফালে স্থায়ী দলং বা বেইলী ব্ৰীজ নাই৷ কেতিয়ানো হব পাৰে বুলি সুধিলে সদুত্তৰ দিবলৈ চেষ্টা কৰাটোও হবগৈ বাতুলামিৰহে নামান্তৰ৷ সীমান্ত সুৰক্ষাত নিয়োজিত সেনাৰ লোকে স্থানীয় মানুহৰ সহযোগত পাৰাপাৰ হবলৈ তাঁৰ, বাঁহ-বেত আৰু গছৰ ডালেৰেই অস্থায়ী ৰূপত এনেদৰে যি পাৰে ব্যৱস্থা কৰি লৈছে৷ এনেকুৱা সাঁকোৰে ইপাৰ-সিপাৰ হবলৈ কলিজাত সাহস থকাটো প্ৰথম কথা৷ ভৰি দুখন আগ বাঢ়ি থাকোঁতে হাতৰ খামোচ আৰু মন সুদৃঢ় নহলে বিপদ অনিবাৰ্য৷ কেনেবাকৈ সৰি পৰিব লাগিলে হলেই আৰু৷ ভাবিব নোৱাৰি, পাছৰছোৱা কেনে হ! ঈশ্বৰক মাতিবলৈও কিজানি সময়-সুযোগ নুকুলাব৷ এনেকুৱা জীৱন-মৰণ সমস্যাৰ মাজতো স্বভাৱজাত খুহুতীয়া সুৰেৰে প্ৰদীপদাই কৈ উঠিল, ডাইৰেক্ট টিকেট৷ কমা চমা নাই৷’ জমনি মানুহ প্ৰদীপদা৷

ইফালে মোৰ হাতত থকা খবৰ অনুসৰি তাকচিং পোৱালৈকে সোৱণশিৰি নৈখন সাপৰ দৰে পৰ্বতৰ কাষে কাষে ঘূৰি ঘূৰি পায়েই থাকিম৷ কেইবাবাৰো ইপাৰ-সিপাৰ হব লাগিব৷ এইখন দেখিয়ে নানাজনৰ চূৰ্তি হেৰাইছে৷ ভাবিছে এয়াই প্ৰথম, এয়াই শেষ, আৰু পাৰ হবলগীয়া নাই৷ সন্মুখৰ বাটত কি থাকিব পাৰে সেয়া এবাৰ শুনাই দিলত কেইজনমানৰ পেটতে হাত-ভৰি লুকাল৷ নিজে কিন্তু অংক কৰি আছোঁ, কিযে মজা নালাগিব, বাৰম্বাৰ ইপাৰ-সিপাৰ হৈ! আনন্দ লাগিছে, মনে বিচাৰি থকা ৰোমাঞ্চকৰ সময়কণ এই আহি গৈছে বুলি৷

শাৰী পাতি আমি গৰাটো নামিবলৈ উদ্যত হলোঁ৷ সেমেকা, শিলাময় এলেকা এটা৷ শিলবোৰ পিছল৷ ৰদ নপৰা, তিতি থকা শিলবোৰত শেলুৱৈৰ আস্তৰণ লক্ষ্য কৰিছোঁ৷ তাৰ ফাঁকে ফাঁকে তললৈ নামিব লাগিব৷ খোপনি ঠিক নহলে উফৰি পৰাৰ সম্ভাৱনা৷ খুপি খুপি সেইখিনি অতিক্রম কৰি থাকোঁতেই ট্ৰেকিং অভিযানটোৰ আগলিছোৱা কেনে হব আন্দাজ এটা কৰি চালোঁ৷ শংকা নহয়, মনৰ ভিতৰত পুলকহে জাগিছে, ঠিক জেগালৈ আহিছোঁ বুলি৷ সাহসেই লক্ষ্মীকথাষাৰ অন্তৰত মনে মনে জপ কৰি আছোঁ৷ প্ৰকৃতিৰ বুকুত গোপনে প্ৰতিপালিত লাৱণ্যময় উপত্যকা, দমনীয় চলনেৰে চঞ্চল সোৱণশিৰিয়ে যেন বাৰে বাৰে এই কথাই কৈ আছে... বুকুত মৰসাহস নাথাকিলে এনেকুৱা ঠাইলৈ নাহিবা৷

এলেকাটো অতিক্ৰম কৰিবলৈ আমাৰ মনত যোগ-বিয়োগ-পূৰণ-হৰণবোৰ কৰি থাকোঁতেই আমাক পিছ পেলাই ভাৰবাহক ডেকাকেইটা হাঁহি-মাতি হুৰহুৰাই নামি আহিল৷ আগে-পিছে আহ-যাহ কৰি থকা মানুহ সিহঁত৷ প্ৰত্যেকৰে পিঠিত আছে একোটাকৈ ওজনযুক্ত বেতৰ খাং যাক তাগিনসকলে অবাৰ বুলি কয়৷ পৰ্টাৰ লৰাহঁতৰ মাজৰে ৰকেশ নামৰ হৃষ্টপুষ্ট ডেকাটোৱে আকৌ মাজে মাজে ইয়াৰ্কি মাৰি আহিছে ‘‘হামলগ ৰকেট হ্যায়, ৰকেট৷ আপগ ৰুক৷ হামক আগে নিকলনে দ’’ হয়ো হয়৷ শিলে শিলে জাঁপ মাৰি মাৰি নামি নিৰ্ভীকভাৱে শিলাখণ্ড অতিক্রম কৰিলে সিহঁতে৷ তাৰ পাছত ইটোৰ পাছত সিটোকৈ হেঙিং ব্ৰীজত বগাই উঠিল৷ হেলাৰঙে পাৰ হৈ সিফালৰ পাহাৰত উঠিলেগৈয়ে! নুঠিবগৈনো কিয়? খোজ কাঢ়িবলৈ শিকাৰ দিনাৰে পৰাই ইহঁতে কেৱল পাহাৰেই বগাই আহিছে৷ শৰীৰত বল-শক্তি অটুট থাকে মানে আগলৈকো ইহঁতে পাহাৰ বগোৱা কামেইতো কৰি থাকিব লাগিব৷ গত্যন্তৰ আছে জানো কিবা?

জংঘলত বোলে তাগিন মানুহক বান্দৰৰ সৈতে তুলনা কৰা হয়৷ হাবি-জংঘল, বাঘ-ভালুক, ভূত-প্ৰেত একোলৈকে ভয় নকৰা প্ৰকৃতিৰ নিৰ্মল সন্তান, পৰ্বতৰ চিনাকি মানুহ এইবোৰ৷ জন্মাৱধি আমৃত্যু পাহাৰত থাকি থাকি, সমতল নেদেখা এই মানুহখিনিয়ে পৃথিৱীখন পাহাৰীয়া বুলিয়েই জানে চাগৈ৷ সমতল, সাগৰ আদিৰ ধাৰণা ইহঁতক দিবলৈ যোৱাটো বৃথা৷ চাউলৰ গধুৰ বস্তাটো পিঠিত লৈ থাকিও আমাৰ সমানে খোজ পেলাই অহা তানিয়ে অথনি বাটত কোৱামতে সমতলত খোজ কাঢ়িবলৈহে সিহঁতৰ হেনো কিবা আখজা আখজা লাগে৷ পৰি যাম পৰি যাম যেন লাগে হেনো৷ গতিকে পাহাৰেই ভাল৷ পাহাৰেই প্ৰথম আৰু পাহাৰেই শেষ পচন্দ৷ যিমান থিয় হয় সিমানেই মজা৷

গাইডৰ পৰামৰ্শ আৰু সাহায্যত দলৰ সদস্যসকলে এজন দুজনকৈ বল্ডাৰবোৰৰ মাজে মাজে যথেষ্ট সাৱধানতাৰে ভৰি আগুৱাইছে৷ শিলবোৰৰ ফাঁকে ফাঁকে সাৱধানে খোজ দি শিলনিডোখৰ অতিক্রম কৰি এসময়ত সকলোটি সুকলমে দলঙৰ গুৰিত উপস্থিত হলোঁগৈ৷ তানি আৰু নিকেলৰ সৈতে সেই ঠাইতে গোটেইবোৰ আকৌ থুপ খাই পৰিল৷ সন্মুখত আতংক! পুৱাৰ পৰা কঢ়া নিৰৱচ্ছিন্ন খোজৰ বাবে নহয়, হৃদয়ৰ ধিপধিপনি দলংখন দেখাৰ পাছত এতিয়াহে যেন বাঢ়ি আহিল! গতিকে সাঁকোত উঠাৰ আগেয়ে কিছু জিৰণি অৱশ্যম্ভাৱী৷ ভালে পৰ ধৰি কিবাকিবি আলোচনা-বিলোচনা চলিল৷ সেয়া অৱশ্যে চৌপাশৰ সৌন্দৰ্যত মোহিত হৈ কৰা সৃষ্টিকৰ্তাৰ বন্দনা নহয়, সাঁকোৰ শ্ৰী-চেহেৰাকলৈ অজান নিৰ্মাণকাৰীৰ প্ৰতি সন্তুষ্টি বা অসন্তুষ্টিৰ প্ৰকাশো নহয়; পাৰ হোৱাৰ শংকা মোচনৰহে চৰ্চা-ভাবনা৷

সভ্যতাৰ অগ্ৰগতি, আধুনিক প্ৰযুক্তি এফালে৷ আনফালে এয়া থলুৱা তাগিন টেকনলজি! হিচাপ কৰি পালোঁ, আঠডাল লোৰ ৰছী৷ নদীৰ দুয়োপাৰে দুজোপা প্ৰকাণ্ড গছত বান্ধি তাৰ সহায়তে সাঁকোখন ওলমাই থোৱা হৈছে৷ মাজখণ্ড তললৈ দোঁ খোৱা৷ দুজোপা গছৰ ফাঁকেৰে দলংখনত উঠিবৰ বাবে গছৰ ডালেৰে জখলা সজা আছে৷ দুহাতৰ লোৰ ৰছীকেইডালত ইংৰাজী ইউ আখৰটো লুটিয়াই দিলে যেনে দেখি তেনে সাজোনত লতা আৰু বাঁহ-বেতেৰে অলপ দূৰে দূৰে গুঁঠি থৈছে৷ ভৰি পেলাবলৈ গছৰ ডাল কিছুমান নিৰ্দিষ্ট দূৰত্বত বেতেৰে বান্ধি ৰখা হৈছে৷ সেই ডালবোৰৰ ফাঁকেৰে দলং শেষ নোহোৱা পৰ্যন্ত তললৈ দেখা পাই থাকিব৷ কেইফুটমান তলেদি হৰ্‌হৰাই বৈ আছে নৈখন৷ সৰু-বৰ শিলবোৰে দাঁত নিকটাই আছে৷ মুঠতে ভয়ংকৰ দৃশ্য৷ কিমান বিপদসংকুল তাক বুজাবৰ ভাষা নাই৷ মৰণফান্দ বুলিয়ে কৈ পেলাব কোনোবাই৷

ভয় নকৰিলে পাৰ হবলৈ সহজ৷ ভয় কৰিলেই ভৰি কঁপিব৷ সোঁ-বাওঁ, তল-ওপৰকৈ চলা দলঙৰ দোলনিটো আছেই৷ তলত ইফালে বিপদৰ অনৰ্গল হাত বাউলি৷ জোৰে খোজ দিলে সাঁকোখন বেছিকৈ কঁপে৷ গতিকে লোৰ ৰছীত ধৰি ধৰি তাল ৰাখি লাহে লাহে আগুৱাব লাগে৷ খোজ দিওঁতে মাত্ৰ পাৰি থোৱা গছৰ ডালবোৰতহে চকু দিব লাগে৷ তাকো অকণমান আগলৈ৷ পোনে পোনে ভৰিলৈ নহয়৷ দুৰ্বল চিত্তৰ মানুহে তললৈ, পানীৰ উপৰিভাগলৈ চাব নালাগে৷ মূৰ ঘূৰাব পাৰে৷ সেয়াই সাৱধানতা আৰু সহজ পন্থা৷ বাকী সিপাৰ গৈ পোৱা-নোপোৱাটো কিন্তু বিভূৰ হাতত৷








(পৰৱৰ্তী খণ্ড - পাৰ হলোঁ খৰস্ৰোতা সোৱণশিৰি)

No comments:

Post a Comment