Saturday, 7 May 2016

দিন চাৰি  ৷৷ ৩.১১.২০১৫
৪. বৰ্ষাৰণ্যত সোমাই পৰিলোঁ



কোনোবাই কৈছিল, A virgin forest is where the hand of man has never set foot. অৰুণাচলৰ দুৰ্গম বনাঞ্চলৰ স্বৰূপটো তেনেকুৱাই৷ সৰহ মানুহৰ পদস্পৰ্শ এতিয়াও বহুপিনে পৰাই নাই৷ পৰাটো সহজ নহয়ো৷ তথাপিও কেতবোৰ বিশেষ প্ৰাণী আৰু উদ্ভিদ ক্রমাৎ বিলুপ্ত হব ধৰিছে৷ তাৰ কাৰণ অৱশ্যে মানুহেই৷ সেই দৃষ্টিকোণৰ পৰা চাই বন্যপ্ৰাণী সংৰক্ষণৰ অৰ্থে ভিতৰুৱা অঞ্চলসমূহৰ জনসাধাৰণৰ মাজত জাগৰণ অনাটো এটা ডাঙৰ প্ৰত্যাহ্বান বুলিব পাৰি৷ কিয়নো তেনে অঞ্চলৰ মানুহবোৰ সকলোফালৰ পৰাই সাংঘাতিকভাৱে বঞ্চিত৷ চৰকাৰী সাহায্য আঁচনিৰ কোনো বস্তুৱেই তেওঁলোকৰ হাত নাপায়গৈ বুলিলেও ভুল নহব৷ তেনে পৰিস্থিতিত তেওঁলোকে জীয়াই থকাৰ স্বাৰ্থতে গছ-গছনি ধ্বংস কৰি জুম খেতি আৰু বাছ-বিচাৰ নোহোৱাকৈ জন্তু চিকাৰ কৰিবলৈ বাধ্য৷ এনে মানুহবোৰৰ দুখ-দুৰ্দশাৰ সত্য কাহিনী বাহিৰৰ কিমান মানুহে গম পায়? অতি সহজ প্ৰশ্ন এটা৷ সেইবোৰলৈ চাই পৰিৱেশ সচেতনতা, বন্যপ্ৰাণী সংৰক্ষণ শব্দবোৰ কিবা খাপ নোখোৱা যেনহে লাগে দেখোন!

ভাবনাৰে গধুৰ হৈ আগলৈ গৈ আছোঁ৷ আঠ বাজিবৰ হল৷ সন্মুখত বেইলী ব্ৰীজ এখন৷ বৰ বেছি ডাঙৰ নহয়৷ সেয়াই কেতেনালা জুৰি৷ ইয়াৰ পৰাই ঠাইটুকুৰাৰ নামটো কেতেনালা হৈছে৷ আনে নকলেও সেয়াই সত্য বুলি ধৰি লৈছোঁ৷ কাৰণ অৰুণাচলৰ অনেক জেগাৰ নাম নৈ-নিজৰাৰ পৰা আহিছে৷ উদাহৰণ অনেক৷

অল্পসংখ্যক মুনিহ-তিৰোতাই দলংখন পাৰ হৈ বাওঁহাতে পথৰ দাঁতিত কাম কৰি আছে৷ যোৱা ৰাতি কেম্পত লগ পোৱা গ্ৰেফৰ লোক এজনো তাতে উপস্থিত আছিল৷ চকুৱে চকুৱে পৰা মাত্ৰকে তেওঁ মোক চিনি পালে আৰু হাঁহি মাৰি সম্ভাষণ জনালে৷ প্ৰতি-সম্ভাষণ জনাই আমি অগ্ৰসৰ হলোঁ৷ আমি কৰ পৰা আহিছোঁ, কলৈ গৈ আছোঁ তেওঁ জানে কাৰণ আগনিশা তেওঁৰ কোঠাত বহোঁতে তানিয়ে প্ৰসংগটো উলিয়াইছিল৷ সুযোগ পাই বাটৰ কথা সুধিছিলোঁ৷ তাকচিং পোৱাটো সহজ নহয় বুলিয়েই কৈছিল৷ তথাপি নঞৰ্থক কথা দলৰ মাজত প্ৰচাৰ কৰাৰ পৰা বিৰত থাকি পদযাত্ৰাৰ সোৱাদ লবলৈহে মন কৰিলোঁ৷ দেখা যাওক আগত কি হয়৷

এনেকুৱা পাৰ্বত্য পৰিৱেশৰ সৈতে খাপ খাব পৰা সবল-শিক্ষিত মানুহৰ বাবে ভিতৰুৱা এইবোৰ ঠাইত কৰণীয় কাম পিছে অনেক আছে৷ প্ৰথম কথা, শৈক্ষিক, অৰ্থনৈতিক, সামাজিকভাৱে নিজে স্থানীয় মানুহৰ ঊৰ্ধ্বত থাকিও নিৰহংকাৰচিত্তে থলুৱা জনসাধাৰণক আপোন কৰি লব পাৰিব লাগিব৷ স্থানীয় উন্নয়নৰ বাবে আন্তৰিকতাৰে কাম কৰিবলৈ ইচ্ছুক আৰু সুস্থিৰ হব লাগিব৷ শিক্ষা-দীক্ষা, স্বাস্থ্য উপযোগী দিহা, পৰিষ্কাৰ-পৰিচ্ছন্নতা, কৃষি-কৰ্ম আদিৰ ক্ষেত্ৰতো প্ৰয়োজনীয় পৰামৰ্শ ইত্যাদিকে ধৰি আগ বঢ়াবলগীয়া বহুখিনিয়ে আছে ইয়াত৷ মুখ বন্ধ ৰাখি নিকেলৰ সৈতে মনে মনে খোজ দি থাকিলেও এই কথাবোৰ মোৰ মনৰ মাজত অবিৰতভাৱে অহা-যোৱা কৰি থাকিল৷

বেলিৰ পোহৰ দেখিবলৈ নাই৷ ঘন অৰণ্যৰ মাজত ঠেক বাটটো অকাই-পকাই হেৰাই গল৷ জলপ্ৰপাতৰ ছিটিকনিয়ে মোৰ কাপোৰ আৰু জোতা তিয়াইছে৷ পানীৰ ডোঙাবোৰ জঁপিয়াই, দেও দি পাৰ হৈছোঁ৷ কোন কাহানিবাই পকা কৰা ৰাস্তাটো এতিয়া ক্ষত-বিক্ষত৷ সোঁহাতে খল্‌খলাই থকা সোৱণশিৰিখন৷ এইবোৰ চাই ভাব হৈছে, কোনোবা জলকুঁৱৰীৰ দেশতহে যেন প্ৰৱেশ কৰিলোঁ আমি! ইফালে বিতোপন বনৰীয়া ফুলে পাহাৰৰ পৰা ওলমি থাকিয়ে ঠায়ে ঠায়ে সম্ভাষণ জনাই গৈছে৷ Rhododendron arizelum, Rhododendron santapaui আদি সোৱণশিৰি জিলাত পোৱা সৌন্দৰ্যবৰ্ধক উদ্ভিদ৷ Dipteris wallichii ইয়াত পোৱা দুষ্প্ৰাপ্য ঢেঁকীয়াজাতীয় উদ্ভিদ৷ অৰুণাচলৰ জংঘলত এতিয়াও অচিন ফুলৰ অস্তিত্ব আৱিষ্কাৰ হৈয়েই আছে৷ হৈ থাকিবও চাগৈ৷ এই হাবিবোৰৰ গভীৰ অভ্যন্তৰত কি আছে এতিয়াও সম্পূৰ্ণভাৱে জানিব পৰা হোৱা নাই৷ জনাটো সহজ নহয়ো৷

মানুহক জীৱনৰ অভিজ্ঞতাৰ লগতে প্ৰকৃতিৰ শিক্ষাৰো বৰ দৰকাৰ৷ প্ৰকৃতিৰ সৈতে বাস কৰা মানুহৰ হেনো আশা-আকাংক্ষা কম, সন্তুষ্টি বেছি৷ এই অঞ্চলৰ মানুহবোৰ টকা-পইচাৰ অংকেৰে দুখীয়া ঠিকেই৷ প্ৰাণ-প্ৰাচুৰ্যৰে কিন্তু মতলীয়া৷ এটা ৰাতিতে তাৰ প্ৰমাণ পাই গৈছোঁ৷ চহৰীয়া মানুহৰ অনাহক নিগেটিভ চিন্তা আৰু কথাই কথাই অসন্তুষ্টি বৰ বেছি৷ হেন জানি চহৰীয়া জীৱনৰ সৈতে পৃথকত্ব অনুভৱ কৰিবলৈ, চিৰ-জীৱনৰ বাবে আপুৰুগীয়া স্মৃতি সঞ্চয় কৰিবলৈ,  প্ৰকৃতিৰ পৰা পোনপটীয়াকৈ বুনিয়াদী শিক্ষা আহৰণ কৰিবলৈকে এনেবোৰ অঞ্চল হাতত সময় লৈ পদব্ৰজে ভ্ৰমণ কৰাটো নিশ্চয় এটা উচিত কাৰ্য৷ মহানাগৰিক নহলেও আমিও নগৰীয়া মানুহেই৷ আহিছোঁ কুমাৰী প্ৰকৃতিৰ পৰশ বিচাৰি৷ সেই কলুষতাহীন পৰশে আমাকো জীৱনলৈ বেলেগ ধৰণৰ উৎসাহ, মনোবল, মাদকতা, আত্মসন্তুষ্টি আদি যোগাই থাকিব বুলিয়ে ধাৰণা৷

বতাহত ডাল-পাতবোৰ, পাহাৰৰ গছ-গছনিবোৰ লৰিছে৷ এনে লাগিছে যেন চৌপাশে সেয়া নৃত্যৰতা দেৱদাসীহে! এনেকুৱা একোটা দুৰ্লভ দৃশ্যৰ কল্পনা অৰণ্যৰ বাহিৰত থকা মানুহে কৰিব নোৱাৰাটোৱেই স্বাভাৱিক কথা৷ চাবলৈ গলে বৃহৎ পৃথিৱীখনৰ ক্ষুদ্ৰাতিক্ষুদ্ৰ অংশ এটাহে এয়া৷ ঈশ্বৰৰ এই সৃষ্টিকৰ্ম কিমান সুন্দৰ, কিমান সৰস, কিমান মোহনীয়া সেয়া শ্যামল অৰণ্যৰ অভ্যন্তৰতহে আচলতে সঠিকভাৱে উপলব্ধি কৰিব পৰা যায়; কংক্রিটৰ অৰণ্যত, মানুহৰ মহাৰণ্যত মুঠেই নহয়৷ সমগ্ৰ সত্তা আলোড়িত কৰা এনেকুৱা চিৰ-সেউজ অনুভৱবোৰে আমাৰ দেহ-মনক বৰকৈ চহকী কৰি তোলে৷ কোনোবাই ইতিপূৰ্বে কৈ যোৱা প্ৰকৃতিয়েই ঈশ্বৰ, ঈশ্বৰেই প্ৰকৃতি’ বোলা কথাষাৰ বুজি পাবলৈ সহজ হয়৷ আনহাতে পাছত এই উপলব্ধিসমূহ আনৰ আগত তুলি ধৰিবৰ বাবে শব্দ দৰিদ্ৰ, বাক্য দুৰ্বল, ভাষাই সামৰিব নোৱাৰা হয়গৈ৷ সেয়েহে যিকোনোজনৰ বাবে নিজৰ চাক্ষুস দৰ্শনহে কাম্য৷ দ্বিতীয়তে, বনাঞ্চল ধ্বংসৰ হাৰ দিনক দিনে অবাঞ্চিতভাৱে বাঢ়ি যোৱাৰ লগে লগে এনেকুৱা গভীৰ অৰণ্য দৰ্শনৰ সুযোগ আজিকালি নাইকিয়া হৈ আহিছে৷ স্কুলীয়া ছাত্ৰাৱস্থাত আমি যি ফৰেষ্টত পংপঙাই ফুৰিছিলোঁ সেয়া এতিয়া উকা৷ সৰু কালতে দেখা সেই হাবি-জংঘলবোৰ, ঘন অৰণ্যবোৰ মানুহৰ উৎপাতত যথেষ্টখিনি হ্ৰাস পাই আহিল৷ চৰকাৰৰ বন বিভাগে বটানিকেল গাৰ্ডেন পাতি তাতহে এতিয়া সংৰক্ষণ কৰিব ধৰিছে বিবিধ গছ-লতিকাৰ প্ৰজাতি৷ গছ থাকিলেহে মানুহ থাকিব’ বোলা বহুমূলীয়া কথাষাৰ মানুহে পাহৰি যাব ধৰিছে৷

সৰু কালত বননিয়ে দিয়া সেই আলোড়নৰ অনুৰণন এতিয়া এইফালে আহি যেন ঘূৰাই শুনিবলৈ পাইছোঁ৷ খোজবিলাক, ভৰি দুখন শক্তিশালী ৰূপত স্বয়ংক্রিয়ভাৱেই আগলৈ চলি গৈ আছে৷ সেউজীয়াৰ বিশালতাত অৱগাহন কৰি মধুময় লৰালি ৰোমন্থনত লাগিছোঁ৷ দলবদ্ধভাৱে আমি যাত্ৰা কৰি আছোঁ অচিনাকি বাটৰ অচিন বাটৰুৱা হৈ৷



(পৰৱৰ্তী খণ্ড - শ্বেৰ বাহাদুৰ থাপাৰ সমাধিত এখন্তেক)

No comments:

Post a Comment