Wednesday, 25 May 2016

দিন পাঁচ  ৷৷ ৪.১১.২০১৫
৫. সীমাৰ ইপাৰে-সিপাৰে



মানচিত্ৰত আমি দেখা Migytunক স্থানীয় তাগিন, নাহ বা অন্যান্যসকলে মাজা বুলি কয়৷ আনহাতে তাকচিঙৰ অন্য নাম Lower Na৷ এই দুই স্থান আন্তৰ্জাতিক সীমান্তৰ ইপাৰে-সিপাৰে৷ গেলেন চিনিয়াকৰ পৰাই দুটা বাটেৰে দুফালে যোৱা যায়৷ আমাৰ তম্বুৰ ওচৰতে থকা ওলমা দলংখনেৰে সোৱণশিৰি পাৰ হৈ গৈ থাকিলে গেলেম, বিদাক হৈ মাজা সীমান্ত৷ নিকেল, তানিহঁতে কোৱামতে সেইফালেদিহে চীনলৈ ওচৰ৷ মেকমোহন লাইনৰ সিপাৰে Migytun অৰ্থাৎ মাজা, এইপাৰে লংজু৷ লংজুৰ নাম নুশুনা ভাৰতীয় লোক বোধ হয় কমেই আছে৷ ১৯৬২ৰ চীন-ভাৰত যুদ্ধখনৰ স্পাৰ্কিং স্পট এইটোৱেই৷ আনহাতে স্থানীয় লোকে মাজানালা আখ্যা দিয়া অতি খৰস্ৰোতা নৈখনেই চাৰি শ্বু৷ হিমালয়ৰ হিমবাহৰ পৰা ই ওলাই আহিছে৷ গেলেন চিনিয়াকত সোৱণশিৰিৰে মিলিছে৷ সংগম থলীটোক মাজা পইণ্ট বুলিও কোৱা হয়৷ আমাৰ অস্থায়ী বাহৰ মাজা পইণ্টৰ বিপৰীতে, প্ৰায় ২০০ মিটাৰ পিছুৱাই পতা হৈছে৷ এইফালৰ জান-জুৰি, নৈ-নিজৰা, জলপ্ৰপাতসমূহৰ উৎপত্তি, গতিপথ, দুপাৰৰ আবাসীকে ধৰি আনুষংগিক অান আন কথাবোৰৰ যথোপযুক্ত অধ্যয়ন আৰু গৱেষণা সম্পূৰ্ণ হবলৈ এতিয়াও চাগৈ কিমানযে বাকী! মাজা পইণ্টত থিয় হৈ এইবুলিয়েই অনুভৱ কৰিছোঁ৷

ঐতিহাসিকভাৱে ইমানবোৰ গুৰুত্বপূৰ্ণ স্থান এইটো দিশত আছে যে ভাবি আচৰিত হৈছোঁ৷ তত্ৰাচ অদ্যপৰ্যন্ত কৌতূহলী পৰ্যটক, অনুসন্ধিৎসু গৱেষকৰ সংখ্যা একেবাৰে নগণ্য৷ এয়া নকলেও চলে যে ভ্ৰমণৰ প্ৰতি অনুৰাগ মানুহৰ মাজত বিশ্বব্যাপী বাঢ়ি আহিছে৷ বিশ্বৰ এক গুৰুত্বপূৰ্ণ সেৱাৰ উদ্যোগ তথা ব্যৱসায় হিচাপে গঢ় লৈ উঠিছে পৰ্যটন৷ পৰ্যটন উদ্যোগক সাৰথি কৰি অৰ্থনৈতিক বিকাশ সাধনে আৰ্থ-সামাজিক উন্নয়ন দ্ৰুততৰ কৰিবলৈ সক্ষম হব বুলি ঠাইবিশেষে মানুহে আশা কৰা হৈছে৷ সীমান্ত আৰু ইক টুৰিজিমৰ প্ৰতিও আগ্ৰহীৰ সংখ্যা দিনকদিনে বাঢ়ি আহিছে৷ তাৰে বশৱৰ্তী হৈ আমিও ভাৰত-বাংলাদেশ, ভাৰত-ম্যানমাৰ, ভাৰত-নেপাল আৰু ভাৰত-চীন সীমান্ত অঞ্চল গৰকিছোঁ, নিজ চকুৰে চাইছোঁ৷ এক কথাত কবলৈ গলে সীমান্ত পৰ্যটনৰ সোৱাদেই বেলেগ৷ তদুপৰি এবাৰ নিচা লাগিলে সহজে এৰাটো টান৷ সীমান্তই বাৰে বাৰে হাতবাউলি দি মাতি থাকে৷ দূৰগম্য, কষ্টগম্য, অগম্য, একো কথা নাই৷

শেহতীয়া খবৰ অনুযায়ী বিশ্বৰ সৰ্ববৃহৎ উদ্যোগ বুলি পৰিগণিত হৈছে ভ্ৰমণ-পৰ্যটন৷ ৰাজহ আৰু নিয়োগ উভয় দিশতে প্ৰচুৰ সম্ভাৱনাময় এই খণ্ডটোৱে আমাৰ দেশখনক আগুৱাই নিয়াত উচিত পদক্ষেপ লোৱাটো সময়ৰ আহ্বান৷ কেন্দ্ৰীয় চৰকাৰৰ গৃহ-ৰাজ্য মন্ত্ৰী তথা অৰুণাচলৰ সু-সন্তান কীৰেন ৰিজিজুৱে উত্তৰ-পূৰ্বাঞ্চলত এডভেন্সাৰ আৰু সাংস্কৃতিক পৰ্যটনৰ অগ্ৰগতিৰ অৰ্থে ইয়াৰ জনগণৰ মানসিকতাৰ পৰিৱৰ্তন হোৱাটোৰ পোষকতা কৰিছে৷ উত্তৰ-পূবৰ বাবে মন্ত্ৰীগৰাকীয়ে কিছুমান পৰিকল্পনা হাতত লৈছে বুলিও আমি জানিব পাৰিছোঁ৷ তাৰ ভিতৰত সীমান্ত বাণিজ্য অন্যতম৷ পৰ্যটনৰ বিকাশৰ হকে কেন্দ্ৰীয় চৰকাৰে ১৫০ কোটি টকা মোকলাই দিয়াৰ খবৰো আমি বাতৰি কাকতৰ পৃষ্ঠাতেই পঢ়িবলৈ পাইছোঁ৷ উত্তৰ-পূবৰ বাবে এয়া নিশ্চয়কৈ ভাল খবৰ৷ প্ৰদূষণশূ্ন্য আৰু সুন্দৰী অৰুণাচলে নিজৰ মনোমোহা ৰূপটি দেখুৱাবলৈ সদায়েই যেন তৎপৰ৷ ইয়াৰ মাটি-পানী-আকাশৰ স্বৰূপ দেখি এনে লাগে যেন সৃজনকৰ্তাই ইয়াতেই সমস্তখিনি ঢালি-বাকি দি নিজেও সুখী হৈছে!

গ্ৰাম্য পৰ্যটনৰ ক্ষেত্ৰত তাকচিঙৰ লিগু নামৰ গাঁওখন আকৰ্ষণীয় আৰু জনাজাত বুলি শুনিছোঁ৷ স্থানীয় গাঁওবাসীয়ে তাত হেনো হোমষ্টেৰ ব্যৱস্থা গঢ়ি তুলিছে৷ গ্ৰাম্য পৰ্যটনৰ ক্ষেত্ৰত অৰুণাচলৰ ঐতিহ্য, চহকী সংস্কৃতিৰ প্ৰদৰ্শনৰ লগতে জনজাতীয় জীৱন-চৰ্যাই লাভ কৰিছে অনন্য গুৰুত্ব৷ পৰিৱৰ্তিত সময়, পৰিৱৰ্তিত মূল্যবোধৰ সৈতে তাল মিলাই চৰকাৰে পৰ্যটন ক্ষেত্ৰখনত ব্যাপক পৰিৱৰ্তন সাধিব পাৰে৷

তাকচিঙৰ সিপাৰেই আছে তিব্বত৷ পৃথিৱীৰ মূধচ৷ ১৯৫৯ চনত চীন চৰকাৰৰ হস্তক্ষেপৰ বাবে তিব্বতীয় ধৰ্মগুৰু তথা প্ৰশাসক দালাই লামাই ৮০,০০০ সাংগোপাংগ লগত লৈ লাছাৰ পৰা ভাৰতলৈ গমন কৰিছিল৷ হিমালয় অতিক্রম কৰি আহিছিল৷ তেতিয়াৰ পৰাই তিব্বত চীন দেশৰ অধীনস্থ৷ ভাৰত সীমান্তৰ সিপাৰে চীন বুলিয়ে এতিয়া মেপত উল্লেখ পোৱা যায়৷

তিব্বত আমাৰ ওচৰৰ, অথচ নিষিদ্ধ এখন দেশ৷ এখন পুৰোহিতপ্ৰধান ৰাষ্ট্ৰ বুলি তিব্বতক নজনা লোক কমেই আছে৷ আনুমানিক সপ্তম শতিকাত বৌদ্ধ ধৰ্ম তিব্বতত প্ৰৱেশ কৰিছিল৷ তিব্বতীয় বৌদ্ধ মনীষা অত্যন্ত উচ্চ পৰ্যায়ৰ বুলি গণ্য কৰা হয়৷ ইয়াৰ লোকসকলৰ এটা বিশেষভাৱে মন কৰিবলগীয়া দিশ হৈছে তীৰ্থযাত্ৰা৷ ধৰ্মীয় বিধি-বিধান অনুসৰণ কৰি তীৰ্থ কৰাটো অতি সৎ কাম বুলি তেওঁলোকৰ মাজত এটা ধাৰণা অতীজৰে পৰাই বদ্ধমূল হৈ আছে৷ বৌদ্ধ ধৰ্মৰ প্ৰতি গভীৰ অনুৰাগ আৰু নৈষ্ঠিক বিশ্বাস তেওঁলোকৰ তীৰ্থযাত্ৰাৰ মূল কাৰণ৷

ধৰ্মীয় ধ্যান-ধাৰণাৰে পৱিত্ৰ বুলি গণ্য কৰা ঠাইকেই তীৰ্থ বোলা হয়৷ আনহাতে সংস্কৃতমূলীয় তীৰ্থ শব্দৰ অৰ্থ হৈছে খটখটি৷ পৰ্বত-পাহাৰ, গুহা-গহ্বৰ, শৈলশিখৰ, নিজৰা-প্ৰস্ৰৱন, হ্ৰদ-সৰোবৰ, পথাৰ-প্ৰান্তৰ, নদী-সমুদ্ৰৰ সংগমস্থল ইত্যাদি ধৰাপৃষ্ঠত থকা প্ৰাকৃতিক অৱয়ৱ তথা পৱিত্ৰতা আৰু মাহাত্ম্য আৰোপ কৰা ঠাইক মানুহে তীৰ্থস্থান বুলি অতীজৰে পৰাই চিহ্নিত কৰি আহিছে৷ তীৰ্থক্ষেত্ৰলৈ গৈ আৰাধনা কৰিলে ঈশ্বৰ সহজে সন্তুষ্ট হয় আৰু তীৰ্থযাত্ৰীৰ মনোকামনাই সিদ্ধি লাভ কৰে বুলি বিশ্বাস কৰা হয়৷ ধৰ্মীয়ভাৱে তাৎপৰ্যপূৰ্ণ তেনেকুৱা নিৰ্দিষ্ট স্থানত প্ৰাৰ্থনা, অধিবাস, উপবাস আদি ক্রিয়া কৰি তীৰ্থযাত্ৰা সম্পন্ন কৰা হয়৷ মানৱ সমাজ আৰু সংস্কৃতিত তীৰ্থক্ষেত্ৰ আৰু তীৰ্থযাত্ৰাৰ প্ৰভাৱ সুদূৰপ্ৰসাৰী৷

তিব্বতৰ প্ৰতিজন বৌদ্ধধৰ্মীয়ে জীৱনকালত কৰিবলগীয়া তীৰ্থযাত্ৰা মুঠতে তিনিটা৷ পশ্চিম তিব্বতৰ কৈলাশৰ সমীপৰ ঠাই কৰা এনে এক তীৰ্থস্থান যি তিব্বতীসকলৰ অন্তৰত বিশেষ গুৰুত্ব পাই আহিছে৷ সেইদৰে পেমাকো এলেকাৰ গ্যালা পেৰি আৰু নামচা বাৰৱা শৃংগৰ মাজৰ গিৰিপথছোৱা যিফালেদি চাংপো নাম লৈ ব্ৰহ্মপুত্ৰখন বৈ আহিছে তাতো আছে অনেক বৌদ্ধালয় আৰু বিহাৰ৷ ভাৰত-চীন সীমান্তৰ দাঁতি-কাষৰীয়া, ব্ৰহ্মপুত্ৰ নদৰ ভাৰতবৰ্ষত প্ৰৱেশদ্বাৰ গেলিং-টুটিঙৰ ওচৰৰ য়াং চাং শ্বু পৰ্যন্ত এই বিহাৰবোৰ আছে৷ তৃতীয় তীৰ্থস্থানটি হৈছে সোৱণশিৰি উপত্যকাৰ উত্তৰৰ তাকপা চিৰি শৃংগৰ কাষৰ ঠাইখন৷ তিব্বতৰ লোপা প্ৰদেশৰ দক্ষিণলৈ সম্প্ৰসাৰিত এনেকুৱা তীৰ্থযাত্ৰাৰ পথ কিছুমান পাছলৈ নেফা বা বৰ্তমানৰ অৰুণাচল প্ৰদেশত সোমাই পৰিছে৷

ভাৰতৰ পৰা হাজাৰ হাজাৰ হিন্দু তীৰ্থযাত্ৰী কৈলাশলৈ তীৰ্থ কৰিবলৈ যায়৷ পূৰ্বতে সীমাৰ সিপাৰৰ তিব্বতী আৰু এইপাৰৰ ভাৰতীয়সকলে কৰা নতুবা আন আন তীৰ্থস্থানসমূহলৈ মুক্তভাৱে আহ-যাহ কৰিছিল৷ পিছলৈ ৰাজনৈতিক সীমাৰেখাৰ সৃষ্টি হল৷ ইয়ে কৈলাশগামী ভাৰতীয়সকললৈকো বাধাৰ সৃষ্টি কৰিলে৷ ১৯৫৯ চনৰ পৰা ১৯৮২ চন পৰ্যন্ত এই বাধা অধিক ক্রিয়াশীল আছিল৷ এই সময়ছোৱাৰ ভিতৰতে চীনে তিব্বতীসকলক পেমাকো আৰু তাকপা চিৰিত তীৰ্থ কৰাৰ পৰা বাৰণ কৰিছিল৷ ১৯৫৩ চনৰ পৰাই তাকপা চিৰি তীৰ্থটন কাৰ্যতঃ স্তব্ধ হৈ পৰে৷ তীৰ্থৰ বাট ভাৰত আৰু চীনৰ মাজত বিভক্ত হয়৷ ১৯৬২ৰ চীন-ভাৰত যুদ্ধৰ পাছৰ পৰা এই বাট সম্পূৰ্ণ বন্ধ হৈ আছে৷ ১২ বছৰৰ মূৰে মূৰে হোৱা ৰিংকৰ ১৯৫৬ চনত অনুষ্ঠিত হব লাগিছিল৷ দুৰ্ভাগ্যক্ৰমে নহল৷ তেতিয়াৰে পৰা আজিলৈ হোৱাই নাই৷ হিচাপ কৰি চালে দেখা যায় ২০১৬ বৰ্ষটো ৰিংকৰ তীৰ্থ পৰিক্ৰমা বলগীয়া বৰ্ষ আছিল!

(পৰৱৰ্তী লেখা তাকপা চিৰিৰ পৱিত্ৰ তীৰ্থযাত্ৰা)

No comments:

Post a Comment