দিন পাঁচ ৷৷ ৪.১১.২০১৫
১. অৰণ্যৰ শীতল-নিজম পুৱা
চিপ্চিপীয়া বৰষুণ পৰিছিল নিশা আমি শোৱাৰ অলপ পাছতে৷
তাৰ পাছতো ছেগা-চোৰোকাকৈ পাতলীয়া ধৰণৰ বৃষ্টিপাত হৈছে৷ আমাৰ পৰা প্ৰায় পঞ্চাশ মিটাৰমান
দূৰৰ টেণ্টকেইটাত সোমাই থকা অৰূপদা, জয়ন্তদা, প্ৰদীপদা আৰু অমৰলৈ চিন্তাই লাগিছিল৷ সেইখণ্ড সেমেকা৷ ভূমিস্খলনৰ
ভয়ো নথকা নহয়৷ বৰষুণ জোৰত দিব লাগিলে সৰ্বনাশ হ’ব৷ ওপৰৰ শিলৰ ছাদখনৰ বাবে আমাৰ তম্বুটোত পানী তেনেকৈ পৰা
নাই যেনিবা৷
পুৱতি নিশা তিনিমান বজাতে বোলে টেণ্টৰ কাষেৰে অহা-যোৱা
কৰা মানুহৰ পদধ্বনি শুনা গৈছিল৷ গধুৰ টোপনিৰ কোবত কোন গৈছে, কোন আহিছে, ক’ৰ মানুহ, কি কথা, মই একো ক’বই নোৱাৰোঁ৷ নিকেলে পাছত জনোৱা
মতে লিমেকিঙৰ পৰা তাকচিঙলৈ অাহ-যাহ কৰা মানুহ আছিল সেয়া৷ খোজ কাঢ়ি অহা ভাগৰুৱা মানুহবোৰ
এইখিনি ঠাইতে ক্ষন্তেক ৰয়, জিৰায়, গুহা-দোকানত চাহ খায়, আকৌ যাত্ৰা কৰে৷ নিশাৰ আন্ধাৰতো
টৰ্চ মাৰি মাৰি তেনেকৈনো অহা-যোৱা চলেনে? বৰ কষ্ট কৰিব পাৰে দেই এই স্থানীয় মানুহবিলাকে৷
সঁচাই অবিশ্বাস্য!
৫.০০ বজাতহে আজি চকু মেল খালে৷ পুৱাৰ এই প্ৰথম
পৰ্বটো চাবলৈ সদায়েই উদগ্ৰীৱ হৈ পৰোঁ৷ আজিও অৰণ্যৰ নিজম পুৱাটো উপভোগ কৰোঁ বুলি অকণো
বিলম্ব নকৰি টেণ্টৰ চেইন দুডাল খুলি দিলোঁ৷ বহি থকাৰ পৰাই বাহিৰখনলৈ এনেয়ে এবাৰ দৃষ্টি
নিক্ষেপ কৰিলোঁ৷ ক’তযে আছোঁহি আমি! সম্পূৰ্ণ নতুন
আৰু আচহুৱা পৰিৱেশ এটা৷ কথাটো ভাবি কিবা এটা ভাল লাগিল৷ দুখন পৰ্বতৰ ফাঁকত সোমাই আছোঁ
আমি৷ ডাৱৰে ঢাকি থকাত দূৰলৈ একোকে নেদেখি৷ টোপ টোপ বৰষুণ পৰি আছে৷ চেঁচা বৰষুণৰ কণিকাৰে
বাহিৰখন সেমেকা৷ কথাটোৱে মনটোও সেমেকালে৷ চিন্তা লাগিল, কি হ’ব আজিৰ কাৰ্যসূচী? গোমা আকাশখনে
অকণো ভাল ইংগিত দিয়া নাই৷ বেলিটোৰ উপস্থিতি শূন্য৷ সূৰ্যদেৱৰ ইয়াত প্ৰৱেশ পথটো কোনফালেজানো,
একো উৱাদিহ পোৱা নাই৷
নিকেলো সাৰ পালে৷ বাঁহৰ চাঙত স্বাধীন মনে জুহালৰ
জুই-ছাইৰ আমেজ লৈ চিন্তাশূন্যভাৱে টোপনি মৰা মানুহ৷ ইয়াত মোৰ সৈতে হাবিৰ মাজত, নৈৰ খলকনি কাণত লৈ তম্বুৰ সীমিত গণ্ডীত
কটাই কেনে পালেবা? ‘‘বতৰে আজি দেখোন মায়াজাল ৰচিছে!’’ বৰষুণ দেখি প্ৰথম প্ৰতিক্রিয়াটো
তেওঁৰো এনেকুৱাই হ’ল৷ দুচকু এবাৰ মোহাৰি মোৰ চিন্তাক্লিষ্ট মুখমণ্ডললৈ
চাই ক’লে, ‘‘এয়া বৰফৰ বৰষুণ৷ তাকচিঙৰ ফালে
অনৱৰতে মুকুতা সৰাদি সৰিয়েই থাকে৷’’
তাকচিঙৰ বৰফাবৃত্ত পৰ্বতৰ সৌন্দৰ্য মনপৰশা বুলি
শুনিছোঁ৷ আমি বাহৰ পতা এই স্থানতো কণ কণ বৰফৰ টুকুৰা কিছুমান ভাহি অহা দেখা গৈছে৷ মই
বৰষুণ বুলি কৈছিলোঁ৷ গাইড নিকেলেহে ক’লে বোলে সেয়া বৰফৰ বৰষুণ৷ তাকচিঙৰ ফালে মাত্ৰাটো আৰু বেছি
হ’ব৷ প্ৰকৃতিৰ এনে সুন্দৰতা জীৱনত
প্ৰথমবাৰৰ বাবে দেখিলোঁ৷
ইতিমধ্যে দলটোৰ দুই-এজন উঠিছে৷ দুই-একক বটলত পানী
ভৰাই পুৱাৰ কামফেৰাৰ তাড়নাত ইফালে-সিফালে অদৃশ্য হৈ পৰাটোও মন কৰিলোঁ৷ পানীৰ পাইপডালত
কালি প্ৰথম দেখাৰে পৰাই নিৰৱচ্ছিন্নভাৱে একে গতিত ৰূপালী ধাৰটো ওলায়েই আছে, ওলায়েই
আছে৷ বন্ধ কৰাৰ ব্যৱস্থা নাই, দৰকাৰো নপৰে চাগৈ৷ এগালমান বাচন-বৰ্তন লৈ কালি বিয়লি
কথা পতা দোকানী মহিলা এজনী ওলাই আহিল৷ ওচৰতে বহি লৈ একান্তমনে সেইবোৰ ধুই আছে তাই৷
চৰিয়া উপচি পানী বৈ আছে৷ ভ্ৰুক্ষেপ অকণো নাই৷ তাই নিশ্চয় নাজানে জীৱৰ জীৱনীশক্তিক লৈ
ব্লু প্লেনেটত আজিযে জীৱন-মৰণ সমস্যা চলিছে৷ খোৱাপানীযে এতিয়া বিলাসী সামগ্ৰীত পৰিণত
হৈছে; এবাল্টি, একলহ পানীৰ বাবে হাহাকাৰ অৱস্থা হৈছে; কিল’মিটাৰৰ পাছত কিল’মিটাৰ বাটকুৰি বাবলগীয়া হৈছে,
তাই জানো জানে? অভূতপূৰ্ব জল-সংকটত পৰি আজিযে দেশৰ চাৰিভাগৰ এক অঞ্চলেই খৰাংপীড়িত, জলশূন্য হৈ পৰা এখন ঠাইলৈ ৩৫০ কিল’মিটাৰ দূৰত্বৰ অইন এখন ঠাইৰ পৰা দৈনিক পাঁচ লাখ লিটাৰ হিচাপত ৰে’লগাড়ীৰে যোগান ধৰিবলগীয়া হৈছে বহুমূল্যৱান
পানী, মানুহক জল-সম্পদৰ সংৰক্ষণ, সংবৰ্ধন আৰু মিতব্যয়িতাৰ পাঠ পঢ়ুৱাবলগীয়া হৈছেগৈ;
বৰষুণৰ পানী ব্যৱহাৰ কৰিবলৈ খুদ প্ৰধান মন্ত্ৰীয়ে আহ্বান জনাবলগীয়া হৈছে, বলুকা-ভাস্কৰে বালিত লিখিবলগীয়া হৈছে পানী সংৰক্ষণ কৰক, জীৱন ৰক্ষা কৰক৷ সেইবোৰ তাইনো
কিটো বুজে?
বিশ্বৰ ১৮ শতাংশ লোকে ভাৰতবৰ্ষত বাস কৰে৷ আনহাতে
বিশ্বৰ মুঠ জল-সম্পদৰ ৪ শতাংশহে আছে ভাৰতত৷ জনসংখ্যা বৃদ্ধিৰ ফলত আমাৰ দেশত প্ৰতিগৰাকী
ব্যক্তিয়ে বছৰেকত পাবলগীয়া পানীৰ পৰিমাণ ক্রমাগতভাৱে কমিবলৈ লৈছে৷ তথ্যবিজ্ঞ মহলৰ হিচাপ
অনুসৰি দেশে স্বাধীনতা লাভ কৰাৰ পৰত এই পৰিমাণটো আছিল গাইপতি ৬,০৪২ লিটাৰ৷ নতুন শতিকাৰ
প্ৰথমটো বৰ্ষত হ’লগৈ ১,৮১৬ লিটাৰ৷ ২০১১ত হ্ৰাস
পালে ১,৫৪৫ লিটাৰলৈ৷ ২০২৫ চনত হেনো ১,৩৪০ লিটাৰ হ’ব৷ ২০৫০ চনলৈ হ’বগৈ ১,১৪০ লিটাৰ৷ মানে নিতৌ ৩ লিটাৰৰ অলপমান বেছি৷
ভয়ংকৰ দশা আহি আছে তাৰ মানে৷ কৃষকে আত্মহত্যা কৰিবলগীয়া পৰিস্থিতি হৈছেই ইতিমধ্যে,
এইখন ভাৰততে৷ কোনোবা স্থানৰ উষ্ণতা বৃদ্ধি পাইছে ৫১ ডিগ্ৰী পৰ্যন্ত! এনে সেউজ-সুন্দৰ
বনাঞ্চলৰ মাজত উপস্থিত থাকি ভাবিব নোৱাৰা কথা৷
ইফালে চিন্তাৰ বিষয় হৈ পৰিছে যে দেশৰ বিভিন্ন স্থানত আজি ভূতলীয় জলভাণ্ডাৰ, জলস্তৰ দিনে দিনে নিম্নগামী হৈছে৷ নিষ্কাষণ কৰিবলৈ ঠায়ে ঠায়ে ভূতলীয়
পানীও নোহোৱা হৈ আহিছে৷ হেন জানি ভূতল জলৰ অবিবেচক নিষ্কাষণত বাধা আৰোপ, উদ্যোগলৈ জলযোগান
কৰ্তন, কুঁহিয়াৰ খেতিলৈ নিৰুৎসাহ আদি পদক্ষেপ লোৱা হৈছে৷ বনানীকৰণ কাৰ্যসূচীৰ ব্যাপকতা
বৃদ্ধি, নদী পুনৰ্জীৱিতকৰণ, বৰষুণৰ পানীৰ ব্যৱহাৰ, বৰ্জিত পানীৰ পুনৰ্ব্যৱহাৰ, আনকি
শৌচালয় আৰু নৰ্দমাৰ পানীক বীজাণুমুক্ত কৰি খোৱাৰ উপযুক্ত কৰাতো আজি গুৰুত্ব আৰোপ কৰা
হৈছে৷ নতুন ধাৰণাৰ আমদানি চলিছে, ‘নলাৰ পৰা নললৈ’৷ এইবোৰ কথা তাইৰ আগত ক’লে বিশ্বাসেই নকৰিব৷ নকৰাটোৱেই
স্বাভাৱিক৷
এইফালে পানীৰ অভাৱ অকণোৱেই নাই৷ জল-দেৱতা ইমানেই
সদয়! পানী যোগানৰ বাবে উদাৰতাৰে সাজু হৈয়েই থাকে৷ এতিয়াও সেই একে কাৰ্যসূচী৷ আকাশখন
গোমা৷ বৰষুণে কণিয়াই থাকিলেও অৱশ্যে আৰণ্যক পুৱাটিয়ে কঢ়িয়াই অনা অভাৱনীয় উলাহৰ সঞ্চাৰণেৰে
মন-মগজু পুলকিত হৈ পৰিল৷ শীতলতাৰ মধুৰ শিহৰণ এটায়ো একে সময়তে দেহত থিত ল’লেহি৷ ৱিণ্ড শ্বিটাৰটো গাত সুমুৱাই
ল’লোঁ৷ তাৰ পাছত লাহেকৈ তম্বুৰ
ভিতৰৰ পৰা ওলালোঁ৷ বাহিৰখনত ঠাণ্ডা৷ হাৱাই চেণ্ডেলযোৰ ভৰিৰে চুওঁতেই গাটো সিৰসিৰাই
গ’ল৷ উঃ ঠাণ্ডা!
ইফালে সংগীসকলৰ মাজৰ কোনো কোনোৱে এতিয়াও পত্ৰ-শয়ন
তেজিবই পৰা নাই৷ সুখস্বপ্নত মজি আছে চাগৈ ৰাজীৱ, মৃণালদা, জয়ন্তদাহঁত৷ নহ’লেবা দুৰ্লঘ্য গিৰিপথেৰে কালি
ঘণ্টাৰ পাছত ঘণ্টা ধৰি কৰি অহা পদযাত্ৰাৰ ক্লান্তি আঁতৰোৱাৰ প্ৰক্রিয়াও হয়তো চলি থাকিব
পাৰে৷ দেখিলেই বুজা যায়, কষ্ট হৈছে তেওঁলোকৰ৷
ব্ৰাছডাল এহাতত লৈ পাইপডালৰ সমীপত উপস্থিত হ’লোঁ৷ নদীলৈ চাই চাই, চৌপাশ লক্ষ্য কৰি দাঁতকেইটা
মাজিছোঁ৷ পাইপৰ পানীত হাত লগাই চালোঁ৷ ভীষণ চেঁচা৷ মুখখন ধুলোঁ যেনে-তেনে৷ হাতখন কাটি
নিয়া যেন লাগিল৷ এই পানীত গা ধোৱাৰ প্ৰশ্নই নুঠে৷ মিনাৰেল ৱাটাৰৰ খালী বটল এটা ময়ো
যোগাৰ কৰিবলগীয়া হ’ল৷ তাৰ পাছতে পানী ভৰ্তি কৰি
সুচল জেগাৰ সন্ধানত বোকা-পানী ফালি হাবিৰ আঁৰলৈ খোজ আগ বঢ়াই দিলোঁ৷
(পৰৱৰ্তী লেখা – শীতল পুৱাটোৰ ইটো-সিটো)
No comments:
Post a Comment