Saturday, 7 May 2016

দিন চাৰি  ৷৷ ৩.১১.২০১৫
১০. অৰণ্যৰ অন্তেষপুৰত



দীঘল জখলাডালৰ শীৰ্ষত অকলে অকলে বহি আছোঁ৷ ঘামৰ সৈতে একাকাৰ হৈ পৰিছে অৰণ্যৰ সুবাস৷ সোৱণশিৰিৰ সাংগীতিক লয় বা হোহোৱনিটোও এতিয়া আমাৰ বাবে আৰু অচিন শব্দ হৈ থকা নাই৷ চৌপাশলৈ চাই চাই মনে মনে ভাবিছোঁ, প্ৰকৃতিৰ ওচৰত মানুহ কিমানযে ক্ষুদ্ৰ! এই অন্তহীন অৰণ্যলৈ আহি উপলব্ধি কৰিছোঁ একোজন মানুহ কিমানযে অকলশৰীয়া, কিমানযে নিশকতীয়া!

তেনেকুৱাতে পিছফালৰ পৰা সেনাৰ ১০জনীয়া গোট এটা আহি ওলাল৷ প্ৰথমে চিন্তাই লাগিছিল তেওঁলোকক দেখি, কিবা অসুবিধা হব পাৰে নেকি বুলি৷ মোৰ কেমেৰাটোক লৈ অযথা প্ৰশ্ন তুলিব নেকি বুলিও সংশয়৷ সোধ-পোছ কৰিছিল যদিও আমাৰ হৈ গাইড নিকেল নালই তলতে কিবাকিবি উত্তৰ দি থকা দেখিছিলোঁ৷ পাছত ৰাজীৱৰো মাত শুনিছোঁ৷ জয়ন্তদাই মনে মনে মূৰ জোকাৰি আছে, মিচিকিয়াইছে৷ আমাৰ মাজত আগতেই ঠিক হৈ আছিল যে কৰবাত কাৰোবাৰ সৈতে কথা পাতিবলগীয়া হলে নিকেলেহে আগভাগ লব৷ সেয়া স্থানীয় মানুহ হওক বা আৰ্মীয়েই হওক৷ সেই কথা-বতৰাৰ পাছত লেফটেনেণ্টৰ নেতৃত্বত পৰ্টাৰসহ অহা দলটো জখলাডালেৰে ঘপঘপকৈ উঠি আহিল৷ তেওঁলোক মোৰ তেনেই কাষ পালেহি৷ ঠেক বাটটোত যেনেতেনে একাষৰীয়া হৈ থাকি পাৰ হৈ যাবলৈ দিলোঁ৷ তললৈ গিৰিখাদ৷ খোপনি হেৰুৱালে পৰিবগৈ লাগিব কেইবাফুট তলত৷ সাৱধানতা অৱলম্বন কৰিয়ে মই পাহাৰটোৰ ফালে ৰলোঁ৷ পৰ্বতৰ গাত ঘঁহনি খাই থকা অৱস্থাৰ পৰাই চকুৱে চকুৱে পৰাকেইজনক নমস্তে বুলি সম্ভাষণ জনালোঁ৷ উত্তৰত মোকো কলে, নমস্তে৷ দুই-একে কেমেৰাটোৰ ফালে চালে৷ পাছত নিকেলৰ পৰা জানিলোঁ যে লিমেকিঙৰ পৰা অাহি আছে এই জোৱানসকল৷ তামা শ্বুং শ্বুং অৰ্থাৎ টি.চি.চি.লৈ গৈ আছে৷ টি.চি.চি. সোৱণশিৰিৰ বাঁওপাৰে, পৰ্বতৰ ওপৰত৷ তাত আৰ্মীৰ কেম্প আছে, যুদ্ধাস্ত্ৰ আদিও আছে৷ সীমান্ত নিৰাপত্তাৰ ক্ষেত্ৰত টি.চি.চি.ৰ বিশেষ গুৰুত্ব আৰু ভূমিকা আছে বুলিও কলে নিকেলে৷ কিন্তু তালৈ যাবলৈ মানা কৰিলে৷ অনৰ্থক সোধ-পোছ বা অনাকাংক্ষিত সমস্যাৰ সন্মুখীন হোৱাৰ আশংকাতে কিজানি৷ হাজাৰো হওক আমি তেওঁৰ আলহী৷ সুবিধা-অসুবিধালৈ লক্ষ্য ৰখাটো গাইড হিচাপে তেওঁৰ প্ৰধান কৰ্তব্য৷

দূৰত্ব যিমানেই নহওক, ইয়াত নিজৰ দুভৰিৰ চালনাৰ বিনে অন্য উপায় নাই৷ দেশৰ প্ৰতিৰক্ষামূলক দায়িত্ব আৰু কৰ্তব্যৰ খাতিৰত এনেকুৱা দুৰ্গম ঠাইত নিয়োজিত হোৱাটো কিমানযে কষ্টকৰ আৰু প্ৰত্যাহ্বানযুক্ত তাক নেদেখিলে বুজিব নোৱাৰি৷ মালবস্তু কঢ়িয়াবলৈ যেনিবা চৰকাৰী পৰ্টাৰ পোৱা যায়৷ অলপ আগতে তেনেকুৱা পৰ্টাৰকেইজনমান পাৰ হৈ গল৷ সিহঁতৰো কমখন কষ্টনে? গাড়ী নোযোৱা ৰাস্তাত বাবুসকলৰ বস্তু-বাহানি পিঠিত লৈ সিহঁতে যাত্ৰা কৰে৷ এইকেইটায়ো ভি.আই.পি. চুটকেচৰ পৰা আৰম্ভ কৰি কি কিযে নিয়া নাই খাঙত ভৰাই! দুৰ্লংঘ্য পাহাৰৰ অচিন ৰাস্তা দেখুৱাই দিয়ে ইহঁতে৷ পাহাৰ বগাব নজনা বা অৰণ্যৰ মাজেদি খোজ কাঢ়িব নোৱাৰা বিষয়া-কৰ্মচাৰীক বোকোচাত তুলিও খলা-বমা ৰাস্তাৰে আগ বাঢ়িবলগীয়া হয়৷ তথাপি সিহঁতৰ মুখত হাঁহি, কণ্ঠত নিজৰ দোৱানত গোৱা গান৷ প্ৰকৃতিৰ সন্তান এনে শ্ৰমিকে নিজৰ জীৱন বিপন্ন কৰিও বিপদত আনক সহায় কৰাৰ দৃষ্টান্ত নথকা নহয়৷ এক কথাত পাহাৰত ত্ৰাণকৰ্তা ইহঁত৷ বাটৰ সাৰথি হওক বুলিয়েই জেঠেৰিয়েক নিকেলে লগ ধৰাত কেতেনালাৰ পৰাই ৫০ কে.জি.ৰ বস্তাটো পিঠিত তুলি ভনী জোঁৱায়েক তানি ম্ৰা গুচি আহিল আমাৰ লগত! প্ৰচণ্ড শক্তিশালী আৰু অত্যন্ত সহযোগী তথা পৰিশ্ৰমী এই মানুহবোৰ৷

দীৰ্ঘদেহী আৰু নিৰ্মেদ শৰীৰৰ আটাইকেইজন সৈনিক সন্মুখৰ প্ৰথমটো কেঁকুৰিতে অদৃশ্য হৈ পৰিল৷ হাণ্টিং বুটৰ গিৰিপ-গাৰাপ শব্দবোৰ ক্ৰমাৎ লয় পালে৷ নিকেল, ৰাজীৱ, জয়ন্তদা আৰু মই ৰৈ গলোঁ৷ খৰকৈ গুচি যাব পাৰিলোঁহেঁতেন যদিও জয়ন্তদা আৰু ৰাজীৱৰ লগত খোজ মিলাবলগীয়া হৈছে৷ দুয়ো বাৰুকৈয়ে পৰিশ্ৰান্ত হৈ পৰিছে৷ গতি তেনেই ধীৰ৷ তানি মোৰ আগত গৈ আছে৷ পিয়াহ লাগিলে ৰয়৷ তেতিয়া মোৰ বটলৰ পৰা পানী খুৱাওঁ৷ মৃণালদা আৰু দীপকদাও সৰহ দূৰত্বত নাই যেন মনে ধৰিছে৷ ভাগৰুৱা হৈ পৰাৰ পাছত দম ঘূৰাই আনিবলৈ মাজে মাজে বহে৷ তেতিয়া লগ পাওঁ৷ আকৌ আগ বাঢ়োঁ আমি৷ বাকী আমাৰ পৰ্টাৰ ছজন আৰু অন্য সদস্যগণ এতিয়ামানে কোন কত পালেগৈ নাজানো৷ জানিবৰ একো উপায়ো নাই৷ শাৰী পাতি আগে আগে গৈ আছে যদিও যোগাযোগ বিচ্ছিন্ন৷ মবাইল নেটৱৰ্ক পৰ্বতৰ কাছকণী৷ সেই ব্যৱস্থা কেতিয়া চালু হব কোৱা মস্কিল৷ গতিকে সেইবোৰ পাহৰি উৎফুল্লিত ভাবত সকলোৱে মুঠতে যিমান পাৰি আগুৱাই গৈ আছে৷ আন এফালৰ পৰা চাবলৈ গলে মবাইল-চবাইল নথকাটো ভালহে হৈছে৷ নহলে হাতৰ আঙুলিক গতি দিবলৈ গৈ ভৰিয়ে গতি হেৰুৱাব৷ ফেচবুক, হোৱাটছএপত প্ৰতি খোজতে ফটো আপলড কৰি আনক দেখুৱাওঁতে দেখুৱাওঁতে গন্তব্য কেতিয়া পাবগৈ তাৰ হিচাপ নোহোৱা হব৷ গুৰুত্বপূৰ্ণ কথাটো হল পোহৰে পোহৰে আমি এই জংঘলখন অতিক্ৰম কৰিব লাগিব৷ পাহাৰত আন্ধাৰ যিহেতু সোনকালে নামে গতিকে দিনৰ আগভাগতে যিমান পাৰি আগুৱাব লাগিব৷ পিছবেলাটো থকা ঠাই ঠিক কৰোঁতেই গুচি যায়৷ সন্ধিয়া নামি আহিল মানেই জেগাত বন্দী৷ কেম্পত সোমাই থকাই কাম৷

ক্ষন্তেক জিৰাই নিকেলৰ ইংগিতত পদচালনা আকৌ আৰম্ভ হল৷ ভাবিলোঁ, কামেং অঞ্চলত হোৱা হলে চাগৈ আমাৰ বা সৈন্যৰ এই শোভাযাত্ৰাটোৰ ৰূপ নিশ্চয়কৈ বেলেগ হলহেঁতেন৷ কামেঙৰ অৰ্থনৈতিক অৱস্থা আৰু প্ৰাকৃতিক সৌন্দৰ্য অৰুণাচলৰ বাকী ঠাইতকৈ উন্নত বুলি কোৱা হয়৷ গতিকে খোজ কাঢ়ি পৰ্বত বগোৱাতকৈ ঘোঁৰাত যোৱাটোহে নিশ্চয়কৈ দেখা গলহেঁতেন তাত৷ পৰ্বতৰ নামনি পৰ্যন্ত গাড়ীত, তাৰ পাছত অশ্বাৰোহণ৷ ইয়াত কিন্তু আমি যি ট্ৰেকত আহিছোঁ, খাটাংকৈ কব পাৰি যে এয়া ঘোঁৰায়ো উঠিব নোৱাৰা বিধৰ৷ তদুপৰি চাৰিওফালৰ প্ৰাকৃতিক ৰূপৰেখালৈ চাই কামেঙৰ সৈতে সৌন্দৰ্যৰ তুলনাটো যথাৰ্থ হোৱা নাই যেনহে লাগিছে৷ শিলে শিলে ঠেকা খাই ওলোৱা সোৱণশিৰিৰ সুললিত সংগীতৰ মূৰ্চ্ছনা, ছাঁ-পোহৰৰ খেল খেলা দুপাৰৰ পাহাৰ আৰু তাৰ বক্ষত অৱস্থিত চিৰশ্যামল অৰণ্যত সৃষ্টি হোৱা সেই মধুৰ প্ৰতিধ্বনি পৰ্যটকৰ বাবে কোনো কাৰণতে তল পৰিবলগীয়া আকৰ্ষণ নহয় বুলিয়ে মোৰ ভাব হৈছে৷ সিবাৰ পৰশুৰাম কুণ্ডৰ পৰা চীন-ভাৰত সীমান্তৰ অন্তিম জনপদ কাহো পৰ্যন্ত দেখি অহা লোহিততকৈ এই সোৱণশিৰি অধিক খৰস্ৰোতা, বহুগুণে বেছি বিপজ্জনক বুলি আগতেই মানি লৈছোঁ৷

এইকেইদিন একেৰাহে কেৱল পাহাৰ আৰু নদীকে দেখি আছোঁ৷ প্ৰকৃতিৰ এনে সৌন্দৰ্য আৰু বিশালতাৰ ওচৰত নিজকে একেবাৰে তুচ্ছ যেন লাগি গৈছে৷ আনহাতে সুন্দৰতাওযে ইমান ভয়ংকৰ হব পাৰে, নেদেখিলে বুজা নাযায়৷ প্ৰকৃতিৰ ছলনাময়ী ৰূপেৰে এইবোৰ ঠাই মনোৰম যদিও পৰ্যটকৰ প্ৰথম পছন্দ আগতেও কেতিয়াও নাছিল, এতিয়াও নহয়৷ ভৱিষ্যতলৈ কি হয় কব নোৱাৰোঁ৷ কাৰণ এইবোৰ ঠাইলৈ কৰা যাত্ৰা চূড়ান্ত কষ্টকৰ, ভয়াৱহ, অনিশ্চয়তাৰে ভৰা৷ সমুদ্ৰপৃষ্ঠৰ পৰা বহু হাজাৰ ফুট ওপৰত উঠিবলৈ বহুতো বাধা-বিঘিনি অতিক্রম কৰিবলগীয়া হয়৷ এনে উচ্চতাই শাৰীৰিক সমস্যাৰ সৃষ্টি কৰাটো সৰ্বজনবিদিত৷ পেশীত জোৰ নাথাকিলে পাহাৰ বগোৱাটো তেনেই অসম্ভৱ কথা৷ উঠিবলৈ সহজ লাগিলেও নামিবলৈ টান বুলি বহুতে স্বীকাৰ কৰে৷ তথাপিতো এনেকুৱা ঠাইবোৰৰ সৌন্দৰ্যই প্ৰকৃতিপ্ৰেমীক সদায়েই মতলীয়া কৰি আহিছে৷ কাৰোবাৰ বাবে অপ্ৰিয় হলেও কবই লাগিব যে অলপমান দুঃসাহসিক, অলপমান এড্‌ভেন্সাৰাচ নহলে এইফালে অহাটো কিন্তু মিছা৷ কেতেনালা পৰ্যন্ত গাড়ীৰে আহি তাতে তাগিনৰ চাঙত এসাজ খাই প্ৰত্যাৱৰ্তন কৰাই মংগল৷

আমাৰ এই যাত্ৰাটোৰ সংগী ৰাজীৱ অৰ্থাৎ ৰাজীৱ ভট্টাচাৰ্যই তিনি বছৰৰ আগেয়ে একেৰাহে ৪৩ দিন খোজ কাঢ়ি অজ্ঞাত গমন এটা কৰিছিল৷ পাছত যেনিবা জনাজনি হল আৰু ক্ষেত্ৰভিত্তিক অভিজ্ঞতাৰে কিতাপো লেখিলে৷ কেপ্টেইন নিপেন দাসৰ ৰূপত তেওঁ হাতে-কামে যোগাৰ কৰা সেই তথ্যসমৃদ্ধ ভ্ৰমণ বৃত্তান্ত মই পঢ়িছিলোঁ৷ আমাৰ দলত এইজন মৰসাহসীও থকা বুলি অৰূপদাৰ মুখে জানি আনন্দ লাগিছিল৷ অহাৰ আগেয়ে তেওঁৰ কিতাপখন দুনাই পঢ়ি লৈছিলোঁ৷ এতিয়া সুযোগ ওলোৱাত তাৰে গইনা লৈ আমি দুয়ো লগ লাগিলেই অৱতাৰণা কৰি গৈছোঁ বিভিন্ন প্ৰসংগৰ৷ ইষ্টাৰ্ণ নাগালেণ্ডত কন্যাক, লাইনং, পাংমি নগাৰ সমাজত চাখান কঢ়িওৱা বাঁহৰ মজবুত বাস্কেটবোৰৰ তুলনাত ইয়াত ভাৰবাহক ডেকাকেইটাই ব্যৱহাৰ কৰা বেতৰ খাংবোৰৰ গঠন আৰু বহন ক্ষমতাকলৈও প্ৰশ্ন তুলিছোঁ৷ ঠাণ্ডা ঠাই অতিক্ৰম কৰাৰ সময়ত নীৰৱতা অৱলম্বন কৰিব লাগে বুলি নগাসকলৰ মাজত বিশ্বাস থকাৰ কথাটো তেওঁৰ লেখাতে পাইছিলোঁ৷ আমাৰ সমাজত অৱশ্যে তেনেকুৱা একো নাই৷ অৰুণাচলীৰ নাজানো৷ তাগিনৰ বোধ কৰোঁ নাই৷ কাৰণ নিকেল, তানি বা আন আন পৰ্টাৰবোৰে মুখ বন্ধ কৰি খোজ কাঢ়ি থকা দেখা নাই৷ সেমেকা শীতল এলেকাৰে পুৱাৰ পৰাই আমি আহি আছোঁ যদিও সিহঁতে কথা পাতিয়ে গৈছে৷ কষ্টৰ মাজতো গান গাই, হাঁহি-মাতি গৈছে৷ ভাষা নজনাত আমি বুজিহে পোৱা নাই একো৷ 

অৰণ্যৰ এই অন্তেষপুৰত মাজতে ঘপকৈ ওলায়হি একোটাহঁত জলপ্ৰপাত৷ আকৰ্ষণীয়ভাৱে সুললিত তাৰ সুৰধ্বনি৷ শিলত পাৰি থোৱা পুৰণা গা-গছৰ ওপৰেৰে পাৰ হৈ যাব লাগে৷ পানীৰ ছিটিকনি পৰি থকা গছডালত দাৰে ঘপিয়াই কেইফুটমান অাঁতৰে অাঁতৰে খাজ কাটি ৰাখিছে, তাতে ভৰি দি খোপনি লবলৈ ৷ ঝৰ্ণাৰ ঝৰঝৰ শব্দটোত অন্যমনষ্ক হৈ কেনেবাকৈ যদি খোজটো সোঁমাজত নপৰি কাষলৈ গল, পিছল খাই কত পৰিবগৈ ঠিকনা নাই৷ সেইডালৰ তলেৰেই গুচি গৈছে জলপ্ৰপাতৰ চপচপীয়া ডোঙাটোৰ পৰা ওলাই অহা পানীৰ ধল৷ পৰ্বতৰ অভ্যন্তৰত গতিশীল যিমানেই জলধাৰা পোৱা গৈছে সকলো ধাৱমান হৈছে অনেক তলত, এতিয়া আমাৰ বাঁওহাতে নামনিৰে বৈ থকা, বনাঞ্চলৰ মাজে মাজে ৰিণিকি ৰিণিকি কোনোবাখিনিত চিকমিককৈ দেখা পোৱা সোৱণশিৰিলৈ৷ নৈ-নিজৰাৰে ভৰপূৰ অঞ্চল এটাৰ মাজেদি এইদৰেই চলি আছে এটা কঠিন ট্ৰেকিং৷ প্ৰায়বোৰ ঠাইত নিজৰাই পদপথৰ মাটি কোমল কৰি থৈছে৷ শিলবোৰো পিছল৷ তলফালে দ গিৰিখাদ৷ সাৱধান নহলেই বিপদ৷











(পৰৱৰ্তী খণ্ড - আকৌ ওলমা দলং!)

No comments:

Post a Comment