Saturday, 7 May 2016

দিন চাৰি ৷৷ ৩.১১.২০১৫
৬. আচৰিতভাৱে পাই গলোঁ এগিলাচ গৰম চাহ!



David Attenboroughৰ মূল্যৱান কথা এষাৰ আছে৷ People must feel that the natural world is important and valuable and beautiful and wonderful and an amazement and a pleasure.যাত্ৰাপথৰ বৰ্ণনা, ভ্ৰমণৰ বাবে উৎকৃষ্ট সময়, স্থানসমূহৰ মাজৰ দূৰত্ব, সুবিধা-অসুবিধা, মানচিত্ৰ ইত্যাদিবোৰ ভ্ৰমণ বিষয়ক পুথি-পাঁজি আৰু আজিকালি ইণ্টাৰনেটৰ জৰিয়তে উপলব্ধ৷ ঘৰতে বহি সেইবোৰৰ পৰা কিছু নহয়, বহুত তথ্যই অতি সহজে সংগ্ৰহ কৰিব পাৰি৷ পিছে তাত সন্তুষ্টি একেবাৰেই নাই৷ সোঁশৰীৰে, নিজে ক্ষেত্ৰসমূহলৈ নাহিলে সত্যাসত্য একো অনুধাৱন কৰিব নোৱাৰি৷ একো মজা নাই৷ তদুপৰি উৎসভেদে দৃষ্টিভংগীৰ পাৰ্থক্য থকাটোও অৱধাৰিত৷ এনে কাৰণ আৰু তাড়নাতে পিঠিত ৰাক্‌চেক্‌ আৰু হাতত কেমেৰা লৈ কুমাৰী প্ৰকৃতিৰ গৰ্ভত হেৰাই যোৱাৰ চেষ্টা এটা কৰি চাইছোঁ৷ জনঅৰণ্যৰ পৰা শতযোজন আঁতৰলৈ আহি জীৱনৰ নিৰ্ভেজাল আৰু ৰোমাঞ্চভৰা মুহূৰ্ত কিছুমানৰ স্বাদ পোনপটীয়াকৈ চাকি চোৱাৰ প্ৰয়াস কৰিছোঁ৷ আহি দেখিছোঁ, এই অঞ্চলবোৰ এতিয়াও অৱহেলিত আৰু আজিও কষ্টগম্য ঠিকেই৷ কিন্তু স্পৰ্শকলুষহীন, প্ৰদূষণশূন্য৷ ঔষধি গুণসম্পন্ন, সৌন্দৰ্যবৰ্ধক, বৈজ্ঞানিকভাৱে কৌতূহলপূৰ্ণ, লুপ্তপ্ৰায় উদ্ভিদ-বৃক্ষৰে ঠাইবোৰ মেটমৰা৷

ঘড়ীত ৮.০০ বাজি ৩০ মিনিট পাৰ হৈ গৈছে৷ সোৱণশিৰিৰ জলস্তৰৰ পৰা মাত্ৰ কেইফুটমান ওপৰত আমি অৱস্থানৰত হৈ আছোঁ৷ বাহাদুৰ জোৱান শ্বেৰ বাহাদুৰ থাপাৰ সমাধিত চেলুট মাৰি তলৰ পৰা ওপৰমুৱাকৈ উঠিবলৈ আৰম্ভ কৰিলোঁ৷ তেনেদৰে ঘূৰি আহোঁতে হিচাপ কৰি পালোঁ, ঢাপটোত মুঠতে ১২০টা ষ্টেপ আছে৷ জংঘলৰ মাজত শিল কাটি কাটি অতি কষ্টেৰে খটখটিবোৰ বহুওৱা হৈছে৷ প্ৰচেষ্টাটোক প্ৰশংসা নকৰি নোৱাৰি৷ দৰাচলতে কালি এই শ্বেৰি থাপা স্মাৰকৰ আশে-পাশেই আমাৰ কেম্প পতাৰ কথা আছিল৷ কিন্তু আমি আহি পাওঁতে পলম হোৱাত অন্ধকাৰে ছানি ধৰিলে আৰু সেইটো সম্ভৱপৰ হৈ নুঠিল৷ সি যি কি নহওক, শ্বেৰি থাপা মেমৰিয়েল এতিয়া খোলা চকুৰে দেখি, এই বিষয়ে উন্মুক্ত কৰ্ণৰে নিকেলৰ পৰা শুনি বিৰল অভিজ্ঞতা অকণমানেৰে পুষ্ট হোৱাৰ সৌভাগ্য লভিলোঁ৷ ঘূৰাই এবাৰ ভাবিলোঁ, কালি থকা নহল নাই বাৰু, অন্ততঃ আজি নিশাটোৰ বাবে এই স্থানতেই থাকি যাব পৰা হলে! পিছে আগলৈ যোৱাৰ, আগত কি আছে চোৱাৰ দুৰ্বাৰ তাড়নাই কাকোৱেই মোৰ ভাবনাটোৰ হকে প্ৰোৎসাহিত নকৰিলে৷ অকণো বিৰতি নলৈ ট্ৰেকাৰ্ছসকল ধুমধামেৰে আগুৱান হৈ থাকিল৷

সেইখিনিৰ পৰা আগলৈ যোৱা ৰাস্তাটোৱে দীঘলীয়া পাক এটা লৈ নামনিয়েদি এইফালে আকৌ ঘূৰি আহিছে৷ ফৰিদাবাদৰ পৰা অহা দেৱিন্দৰ আৰু বৰুণে খোজ কাঢ়ি বৰ চখ পাইছে৷ দুদিন আগলৈকে অচিনাকি আৰু বহিৰাগত, স্ফূৰ্তিবাজ যুৱক দুজনৰ সৈতে আমিও ক্ৰমান্বয়ে সহজ আৰু অন্তৰংগ হৈ পৰিছোঁ৷ ঘূৰি আহি তলতে ওলোৱা পকা ৰাস্তাটোলৈ ওপৰৰ পৰা এঢলীয়াৰে নামি চৰ্টকাট মাৰিবৰ প্ৰয়াস কৰিছে সিহঁত দুটাই৷ এনেকুৱা চমু পথবোৰ বৰ থিয় আৰু বিপজ্জনক৷ মৰণক শৰণ দি বগুৱা বাব লাগে৷ চোঁচৰিব লাগে৷ খোপনি ঠিকমতে ৰাখিব নোৱাৰিলে কৰবাতযে চিত-ভোলোঙা দিবগৈ লাগিব সেইটো একেবাৰে খাটাং৷ সিহঁতকে ধৰি দলৰ অল্পসংখ্যকে খুপি খুপি সেইফালেৰে নামি পুনৰ পকী ৰাস্তাটোত উঠিল৷ অলপ আগলৈ আৰু এটা চৰ্টকাট আছিল৷ ৰিস্ক কম৷ সৰহভাগেই সেইবাটেদি নামিল৷

আগলৈ গৈয়ে বেইলী ব্ৰীজ এখন৷ নিকেলক সোধাত জুৰিটোৰ নাম এনজ নালা বুলি কলে৷ শিলাময় এলেকাৰে নামি অহা জুৰি৷ স্বাভাৱিকতে খৰস্ৰোতা৷ সিপাৰে আগতে কোনোবাই জুই ধৰি ভাত ৰন্ধাৰ চিন-মোকাম দেখা গৈছে৷ জুৰিটোৰ পাৰত তম্বু তৰি থাকিবলৈ, বনভোজ খাবলৈ কিমানযে মজা লাগিলহেঁতেন! খৰ গতিৰে পানীবোৰ হৰহৰাই নামি গৈ আমি দেখা পাই থকা দূৰত্বতে সেউজবুলীয়া সোৱণশিৰিৰ বুকুত বিলীন হৈছে৷ এইফালে এনেকুৱা জুৰি, জলপ্ৰপাতৰ পয়োভৰ মানিবলগীয়া৷ পদে পদে পিকনিক স্পট৷ শিলে শিলে ঠেকা খাই নামনিলৈ ধাৱিত হোৱা প্ৰত্যেকটো জান-জুৰিৰে পানীৰ সোঁত অতি প্ৰবল৷ ব্ৰীজখন পাৰ হৈ গৈ আগৰ কেঁকুৰিত ৰক্‌ ড্ৰিলাৰ এখন পালোঁ৷ মানুহ-দুনুহ নাছিল অৱশ্যে৷

প্ৰায় সমকৌণিকভাৱে হোৱা টাৰ্নিং এটা৷ এল টাৰ্নটোৰ পাছতে সোৱণশিৰিক সোঁহাতে লৈ বাওঁহাতে শিলৰ পৰ্বতক স্পৰ্শ কৰি পথটো ক্রমাৎ অগ্ৰসৰ হৈছে৷ ধুনীয়া দৃশ্য এটা৷ অনুভূতি প্ৰকাশক আমাৰ মাত-কথাবোৰ কাষতে থকা নৈখনৰ খলকনি তোলা শব্দৰ প্ৰকোপত হিচাপতকৈ বেছ কিছু ডাঙৰকৈ উলিয়াবলগীয়া হৈছে৷ নহলে কাষৰজনে পৰিষ্কাৰভাৱে শুনা নাপায়৷ একেটা কথাকে দুই-তিনিবাৰকৈ কব লাগে৷ এনেকৈ কিমান দূৰ গৈ থাকিব লাগিব নাজানো৷ আনন্দ অৱশ্যে ভীষণকৈয়ে লাগিছে সকলোৰে৷ নিকেল আৰু মোৰ গতি ধীৰ৷ আমাক এৰি সকলো ট্ৰেকাৰ্ছ ধমধমাই গুচি গল৷ আমাক অনুসৰণ কৰা পৰ্টাৰৰ দলটোহে এই পৰ্যন্ত ওচৰ পোৱাহি নাই৷

আগত গৈ কেঁকুৰি এটা ঘূৰোঁতেই দেখা গল, গ্ৰেফৰ লোকে ৰক্‌ ড্ৰিল মেছিনৰ সহায়ত পৰ্বতৰ শিল ফুটুৱাত মনোনিৱেশ কৰি আছে৷ ফৰ্মেচন কাটিঙৰ কামটো মনোযোগেৰে চালোঁ অলপ পৰ৷ ড্ৰিলৰ সহায়ত উলিওৱা ফুটাত জিলেটিন আদি বিশেষ সামগ্ৰী সংস্থাপন কৰা হয়৷ তাৰ পাছত বিস্ফোৰণ৷ তেনেকৈয়ে প্ৰকাণ্ড প্ৰকাণ্ড শৈল পৰ্বত ভাঙি চূৰমাৰ কৰি অহা হৈছে৷ বিস্ফোৰণে ছিটিকাই পেলোৱা শিলবোৰ বুলডজাৰ বা এক্সকেভেটৰেৰে আঁতৰাই ৰাস্তা উলিওৱা হৈছে৷ সুদূৰ কেৰালাৰ লোক এম. কে. মোহন দীৰ্ঘদিন ধৰি ইয়াত এই কামত নিয়োজিত হৈ আছে৷

পথৰ দাঁতিতে ৰৈ আমালৈ চাই থকা কেৰেলিয়ানজনৰ সৈতে থিয়ৈ থিয়ৈ চিনাকি হলোঁ৷ অকণমান ৰৈ ৰঙা চাহ এগিলাচ খাই যাবলৈ টানি অনুৰোধ জনালে তেওঁ৷ কাষত এদম খৰি আৰু চাহৰ সঁজুলি৷ স্থানীয় তাগিন লোকেও তেওঁৰ সৈতে কাম কৰি আছিল৷ নিকেল নালৰ চিনাকি৷ কাজেই পৰস্পৰৰ মাজত নিজা দোৱানত ভাব বিনিময় আৰম্ভ হল৷ শহাকণীয়া হৈ ৰৈছিলোঁ যদিও তাকচিং শব্দটোৰ বাদে অন্য এটা শব্দও মই বুজি নাপালোঁ৷ মোহনৰ সৈতে দুআষাৰ পাতি কামৰ বুজ ললোঁ৷ কৰ মানুহ, কত কাম কৰি আছেহি! আচৰিত নহৈ নোৱাৰি৷ না টেলিফোন-মবাইল, পা-পৰিয়ালৰ সৈতে না সঘন যোগাযোগ৷ জংঘলত আৱদ্ধ জীৱন৷

তেনেকুৱাতে দেখা পালোঁ, খৰ গতিৰে খোজ পেলাই মালভাৰীকেইটা আহি আছে৷ আমাক পাৰ কৰি হাঁহি মাৰি সিহঁত কদমত গুচি গল৷ নিকেলে কিবা কলে৷ একো বুজি নাপালোঁ৷ চাহ সাজু হল৷ তাতে বহি লৈ কথা পাতি পাতি আমি চাহ খালোঁ৷ গৰম চাহটোপাই দেহালৈ সজীৱতা ঘূৰাই আনিলে৷ য়শৱন্ত গড়ত প্ৰত্যেক পৰ্যটনকাৰীকে চাহেৰে কৰা আপ্যায়নৰ বিপৰীতে শ্বেৰি থাপা মেমৰিয়েলত তেনেকুৱা একো ব্যৱস্থা নেদেখি ক্ষণিকপৰ আগতে আক্ষেপৰ ভাব মনলৈ আহিছিল৷ কিন্তু আচৰিত কথা, গৰম চাহ এগিলাচ হঠাতে ভাগ্যত মিলি গল! নিকেল আৰু মোৰ বাদে এই আতিথেয়তা দলৰ অন্যসকলে অৱশ্যে নাপালে৷

সাদৰ আতিথ্যৰ পাছত কৰ্মীসকলক মাত লগাই শিলাময় পৰ্বতৰ কাষে কাষে আমি দুটাই যাত্ৰা আকৌ আৰম্ভ কৰি দিলোঁ৷ চকু জুৰোৱা সেউজ-নীল পৰ্বতমালা আৰু উপত্যকাৰ মাজত সোমাই নিজকে কত আছোঁ কত আছোঁ যেন লাগিল৷ খোজত খোজ মিলাই নিকেলে বিভিন্ন প্ৰসংগ বৰ্ণাই গল৷ ফেনীল সোৱণশিৰিখন মাজে মাজে ৰৈ ৰৈ চালোঁ৷ সোৱণশিৰিৰ এই পৰ্বতীয়া লয়লাস আৰু ভৈয়ামৰ গুৰু-গম্ভীৰ ৰূপৰ মাজত স্বাভাৱিকতে তফাৎ প্ৰচুৰ৷ চালে চাই থাকিবৰ মন যায় সোৱণশিৰিৰ এতিয়া দেখি থকা এই নৰ্তকী ৰূপ৷

ৰাস্তা নিৰ্মাণৰ বাবে ৮০-৯০ ডিগ্ৰীকৈ উলম্বভাৱে শিলৰ পাহাৰ কটা হৈছে৷ কামটোত যথেষ্ট সময় আৰু ধৈৰ্যৰ প্ৰয়োজন৷ মানুহৰ প্ৰয়োজনত প্ৰকৃতিৰ সৈতে অপেন চেলেঞ্জ বুলি যাক একে আষাৰে অভিহিত কৰিব পাৰি৷ মোহনৰ মুখে জানিব পৰামতে উভয় মূৰৰ পৰা কাটিং চলাই অহা হৈছে৷ অৰ্থাৎ তাকচিঙৰ ফালৰ পৰাও একেদৰে কাম আগ বাঢ়ি আহিছে৷ অগ্ৰগতি যাতে খৰতকীয়া হয় তাৰ বাবে পাহাৰ ফালিবলৈ মধ্যমীয়া ওজনৰ ক্রাউলাৰ ৰক্‌ ড্ৰিলাৰ ব্যৱহাৰ কৰা হৈছে৷ হেলিকপ্টাৰৰ সহায়ত মেছিনবোৰ জংঘলৰ মাজে মাজে সুচল জেগা চাই নমাই দিয়া হৈছে বুলি কথা প্ৰসংগত গম পালোঁ৷

এই অঞ্চলটো প্ৰাকৃতিক দুৰ্যোগত আক্রান্ত অঞ্চল৷ নেৰানেপেৰা প্ৰৱল বৃষ্টিপাতে এবাৰ য়াৰ্বিৰ পৰা কেতেনালা পৰ্যন্ত ৩.৫ কিলমিটাৰ পথ হেনো ধুই লৈ গৈছিল৷ পাছত বি.আৰ.অ.ই অতিৰিক্ত শ্ৰমেৰে সোৱণশিৰিৰ পাৰে পাৰে নকৈ পথটো উলিয়াবলগীয়া হৈছে৷ মুঠতে সকলোফালেই কষ্ট আৰু লেথাৰি নিছিগা প্ৰত্যাহ্বান৷ তাৰ মাজতো লিমেকিং-তাকচিং পথটো ২০১৬ চনৰ মাৰ্চ মাহৰ শেষত হৈ উঠিব বুলি অহুকাণে-পহুকাণে শুনিবলৈ পাইছোঁ৷ সঁচা-মিছা নাজানো৷ কিন্তু এতিয়া নিজ চকুৰে দেখি যিটো বুজি পাইছোঁ, সেয়া সহজসাধ্য নহব চাগৈ৷ এই ৰাস্তা হওঁতে আৰু ২০ বছৰ লাগিব বুলি দলৰ বিভিন্নজনে তিৰ্যক মন্তব্য দিয়াও কাণত পৰিছে৷

যিয়েই যি ভাবক-নাভাবক, ৰাষ্ট্ৰৰ নিৰাপত্তাৰ দিশটোলৈ চালে পথ যোগাযোগ সোনকালে স্থাপন হোৱাটো জৰুৰী৷ অৱশ্যে ৰাস্তাটো হৈ উঠিলে উপত্যকাৰ সেমেকা, প্ৰদূষণশূন্য বুকুত আজিৰ দৰে খোজ কঢ়াৰ মুদাটোও চাগৈ মৰিব৷ নিৰ্ভেজাল আৰু ৰোমাঞ্চভৰা মুহূৰ্ত কিছুমানৰ মাজেৰে সদ্যহতে লাভ কৰা জীৱনৰ বিৰলধৰ্মী স্বাদকণ তেতিয়ালৈ কিজানি সমূলি নাথাকিব৷ মানুহৰ উৎপাতত সুন্দৰী প্ৰকৃতিয়ে ৰূপহীনতাত ভোগাটো নতুন কথা নহয়৷ আমাৰ ঘৰুৱা ৰাজ্য অসমত আমি সকলোৱে দিনে দিনে সেয়া দেখি আহিছোঁ৷











(পৰৱৰ্তী লেখা - ওলমা দলঙেৰে সোৱণশিৰিৰ সিপাৰলৈ)

No comments:

Post a Comment