দিন তিনি ৷৷ ২.১১.২০১৫
১৪. কেতেনালাৰ সন্ধিয়াটি
গৃহস্থৰ নাম তানি ম্ৰা৷ পৰিবাৰ আমা ম্ৰা৷ আমা নিকেলৰ
আপোন ভনীয়েক৷ সেয়েহে চাগৈ আমি এইকণ সুবিধা পাবলৈ সক্ষম হ’লোঁ৷ তাগিন দম্পতীহালৰ পুত্ৰ সন্তান দুটা৷ ডাপৰিজোত
হোষ্টেলত থাকি ক্রমে দশম আৰু নৱম শ্ৰেণীত পঢ়ি আছে৷
কেতেনালাৰ পৰা ডাপৰিজোলৈ নিতৌ টাটা চুম’ চলে৷ আচলতে লিমেকিঙৰ পৰাহে লাইনটো লয়গৈ৷ ভাড়া ৬০০ টকা৷ কেতেনালা নামৰ আমি ৰৈ যোৱা এই সৰু গাঁওখনত
২২ ঘৰ মানুহৰ বসতি৷ চহৰীয়াৰ সৈতে স্বাভাৱিকতেই পৃথক ইয়াৰ দৈনন্দিন৷
ঠাইডোখৰ তাগিন জনজাতি অধ্যুষিত৷ অনেক সীমাবদ্ধতাৰ মাজেৰে অগ্ৰসৰ হয় কেতেনালাবাসীৰ জীৱন আৰু জীৱিকা৷ চিকিৎসালয় নাই৷ জলবায়ু ভাল বাবেই চাগৈ বেমাৰ-আজাৰৰ পৰা বাছি থাকে মানুহবোৰ৷ কিবা অসুখ-বিসুখ হ’লে ঔষধপাতি পাবলৈ সেনাৰ সাহায্য ভিক্ষা কৰিবলগীয়া হয়৷ অন্যথা মৃত্যুৱেই অনিবাৰ্য পৰিণতি৷ শিক্ষানুষ্ঠান
বুলিবলৈ ইয়াত মধ্য ইংৰাজী বিদ্যালয় এখন আছে৷ তাৰ পাছতে অৱস্থা চাই ব্যৱস্থা৷ পঢ়া-শুনা কৰিবৰ বাবে বাহিৰলৈ
ওলাই যাবলগীয়া হয়৷ পাণ্ডৱবৰ্জিত এই ঘোঁকটত বাস কৰিও ল’ৰা-ছোৱালীৰ অধ্যয়নৰ কথা ভাবিবলৈ
আমি থকা ঘৰটোৰ মানুহহালে চিন্তাশক্তি পাইছে৷ মানুহক ঘঁহি-পিহি মানুহৰ কামত অহা সম্পদ
কৰিবলৈ হ’লে শিক্ষা অবিহনেযে গত্যন্তৰ
নাই তাক বাৰুকৈয়ে বুজি উঠিছে তেওঁলোকে৷ কথাটো ভাল লাগিল৷ আনহাতে নিষ্কলুষ মনৰ মানুহবোৰক শিক্ষাৰ পোহৰ নোপোৱাৰ সুযোগ লৈ কোনোবাই ঠগিলে খুব দুখ পায়৷ এবাৰ বেয়া পালে মন ঘূৰাবৰ আৰু উপায় নাথাকে৷
সমূহীয়া গীৰ্জাঘৰ এটাও আছে ইয়াত৷ মানুহখিনি খ্ৰীষ্টধৰ্মী৷ পূৰ্বৰ তিব্বতীয় মূলৰ এই জনসমষ্টি পৰৱৰ্তী সময়তহে ধৰ্মান্তৰিত হৈছে৷ জীৱন-চৰ্যাত গীৰ্জাই আগ বঢ়োৱা নীতিশিক্ষাৰ প্ৰভাৱ স্পষ্ট৷ আধুনিক মানৱ সমাজৰ অহিতকাৰক কুসংস্কাৰ আৰু পুৰণি আচৰণৰ বেয়াবোৰ ত্যাগ কৰিব পৰাটো সমাজৰ বাবে মংগলজনক৷ গাঁওখনত মদ্যপান একেবাৰে
নিষিদ্ধ৷ থলুৱা লাওপানী বুলিবলৈও নাই৷ তানিৰ ঘৰত মদ বাদেই; চিগাৰেট, চাধা, তামোল-পাণৰো
আনকি প্ৰচলন নেদেখিলোঁ৷ পূব অৰুণাচল ভ্ৰমণ কৰোঁতে মই দেখি অহা, সেইফালে অবাধ হাৰে প্ৰচলিত কানিৰ সেৱনো এইফালে নাই বুলি ক’লে৷
বাহিৰৰ জগতৰ সৈতে সংযোগ ৰক্ষাকাৰী বুলিবলৈ ওচৰতে
স্থানীয় লোকে চলোৱা এটা পি.চি.অ’. আছে বুলি কথা প্ৰসংগত জানিব পাৰিলোঁ৷ পিছে সৈন্যবাহিনীৰ জোৱানৰ দীঘলীয়া
শাৰীৰে পি.চি.অ’.টো হেনো অনৱৰতে ভৰি থাকে৷ ম’বাইল ফোনৰ ইয়াত কাম নাই৷ হ’লেও মানুহ কিছুমানৰ হাতত হেণ্ডছেট একোটা দেখা পাইছোঁ৷ ভাবিলোঁ, কি কৰে তাৰে? গান শুনে, টৰ্চ জ্বলায়, সময় চায়, ফটো তোলে৷ মোৰ ওচৰতে বহি বগী ছোৱালী এজনীয়ে ম’বাইলত ইটোৰ পাছত সিটো হিন্দী গান বজাই নিজেও সুৰত সুৰ মিলাই কণ্ঠ নিগৰাব ধৰিলে৷ অচিনাকি মানুহবোৰৰ আগত তাইৰ এই নিঃসংকোচ সংগীতপ্ৰীতি মই মন কৰিলোঁ৷ মুকলি মন, সৰল অন্তৰৰ হাঁহিমুখীয়া মানুহ ইহঁত৷ দুই-এষাৰ কথা পাতিলত মোৰ সৈতে সহজ হৈ পৰিল৷ আপোন ভাব এটাই তেনেকৈয়ে হৃদয়ত বহি ল’লে৷
ঠাইডোখৰত সৈন্যৰ ছাউনীৰ লগতে এক কিল’মিটাৰমান আগলৈ জেনেৰেল ৰিজাৰ্ভ
ইঞ্জিনিয়াৰ ফ’ৰ্চ, চমুকৈ গ্ৰেফৰ কেম্প আছে৷ দিনৰ দিনটো যধেমধে ইফালে-সিফালে ক্লিক কৰি থকাত মোৰ কেমেৰাটোত চাৰ্জ কমি আহিছিল৷ অৰুণদালৈ মনত পৰিল৷ বেটেৰীৰ অভাৱত তেওঁ দিয়া ৩২ জিবিৰ
মেম’ৰী কাৰ্ডখনত পৰ্যাপ্তসংখ্যক ফটো
সুমুৱাই নিব নোৱাৰিলে আশা তেনেই চেঁচাপানী হ’ব৷ নিকেলক মনে মনে কথাটো অৱগত কৰিলোঁ৷ গুৰুত্বসহকাৰে শুনাৰ পাছত চাহ খাই উঠালৈকে
তেওঁ মোক ৰ’বলৈ ক’লে৷ তাৰ পাছতে নিজৰ ভনী জোঁৱায়েক
অৰ্থাৎ গৃহস্থজনক লগ লগাই দিলে৷ তানিয়ে মোক খোজ কঢ়ায়েই লৈ গ’ল অকণমান আঁতৰত থকা গ্ৰেফৰ কেম্পটোলৈ৷
পদব্ৰজে নগ’লে এই মুলুকত বেলেগ ব্যৱস্থাও নাই অৱশ্যে৷
বাহিৰত কেওফালে অন্ধকাৰ আৰু পাহাৰীয়া জাৰ৷ সোৱণশিৰি নৈৰ ফেৰফেৰীয়া বতাহে আমাৰ শৰীৰত চেঁচা স্পৰ্শ দি গ’ল৷ বেৰৰ
ফাঁকেৰে অহা জুইৰ পোহৰ দুই-এঘৰত দেখা গৈছে৷ আন্ধাৰ ফালি আচম্বিতে এটা যেন ভৌতিক নৈশ
ট্ৰেকিং আমাৰ! ৰন্ধ্ৰে ৰন্ধ্ৰে যেন শিহৰণ৷ এনেকুৱা সুযোগ আৰু আহে ক’ত? ইফালে দুয়ো দুয়োৰে অচিনাকি৷ অচিন-অবিন ঠাই৷ বিশ্বাসতে ময়ো গৈ আছোঁ হিন্দীতে কথা পাতি পাতি৷ বিভিন্ন প্ৰশ্নৰ অৱতাৰণা কৰি গৈছোঁ আৰু কথাবোৰ জানি লৈছোঁ৷ টৰ্চ মাৰি মাৰি দহমিনিটমানৰ পাছত কেম্পত উপস্থিত হ’লোঁগৈ৷ তাত ডিজেল জেনেৰেটৰ ছেট চলি আছে৷ গতিকে লাইট আছে৷ জেনছেটৰ ধপ্ ধপ্ শব্দ এটা সিফালৰ পৰা ভাহি আহিছে৷ সোৱণশিৰিৰ হৰহৰণিক সেই শব্দই পিছে হৰুৱাব পৰা নাই৷
গ্ৰেফত কৰ্মৰত উত্তৰাঞ্চল আৰু বিহাৰৰ লোক দুজনৰ কোঠাত সোমাই কেমেৰাৰ বেটেৰীটো ফুল চাৰ্জ কৰিবলৈ
সুবিধা পালোঁ৷ অনুমতি খুজি টৰ্চটোও চাৰ্জ দি ল’লোঁ৷ সেইখিনি সময়তে তাত মুখৰ আগত চলি থকা ৰঙীন
টিভিও চাবলৈ পালোঁ৷ ষ্টিলৰ ডাঙৰ গিলাচত আধাগিলাচকৈ গৰম চাহো আমাক খুৱালে তেওঁলোকে৷ বুজিলোঁ,
তানিৰ লগত মানুহখিনিৰ সম্পৰ্ক যথেষ্ট ভাল৷ ইয়াত গ্ৰেফ, আৰ্মী আৰু স্থানীয় লোকসকল মিলিজুলি
থাকে বুলি ধাৰণা এটা মনলৈ আহিল৷ চিভিল, মিলিটেৰী সকলোৱে মিলি নাথাকি উপায় নাই৷ ঘৰৰ পৰা শতযোজন নিলগত, পাহাৰৰ চেপত বিচিত্ৰ এক কৰ্মস্থলী৷ পৰিস্থিতি সৈতে মোকাবিলা কৰি ছাউনী পাতি আছে, কষ্টসাধ্য প্ৰচেষ্টাৰে প্ৰযুক্তিৰ সহায়ত ৰাস্তা-ঘাট কাটি উলিয়াইছে৷ ষ্টাডী লিভ লৈ আমাৰ সৈতে একালত নেৰিষ্টত পঢ়া এন. ডি. গোৰে নামৰ মহাৰাষ্ট্ৰৰ ছাত্ৰজনেও
গ্ৰেফত কাম কৰিছিল৷ পৰিৱেশটোৱে তেওঁৰ মুখখন স্মৃতিপটলৈ ঘূৰাই আনিলে৷ এতিয়া ক’ত কি কৰি আছে জনাৰ উপায় নাই৷ ১৯৯৩ চনতে এৰাএৰি৷ তেতিয়াৰে
পৰাই সংযোগ সম্পূৰ্ণৰূপে বিচ্ছিন্ন৷ মাজে মাজে সেই মাৰাঠী সহপাঠীলৈ মনত নপৰা নহয় অৱশ্যে৷
তানিৰ ঘৰত মই দীৰ্ঘ সময় ধৰি অনুপস্থিত থকা হেতুকে
‘ছাজিদ ক’ত অন্তৰ্ধান হৈ গ’ল’ বুলি বিভিন্নজনৰ মনত প্ৰশ্ন
আৰু চিন্তা দুয়োটাৰে সমানেই উদ্ৰেক ঘটিছিল৷ যোৱাৰ পৰত অৰূপদাক ইংগিত এটা দি গৈছিলোঁ
যদিও আহি পাই চাঙত উঠোঁতেই ৰাজহুৱাভাৱে তীক্ষ্ণ প্ৰশ্নবাণৰ সন্মুখীন হ’বলগীয়া হ’ল৷ অজান-অচিনাকি নতুন ঠাইত দ্বিতীয়বাৰ তেনেকৈ যেনিতেনি
ঘপকৈ ওলাই নাযাবলৈ দিয়া কঠোৰ সকীয়নী শুনিবলগীয়া হ’ল দলৰ জ্যেষ্ঠ সদস্য প্ৰদীপদাৰ পৰা৷ বাকী দুই-একেও মৃদু সুৰত অভিযোগ উত্থাপন কৰিলে৷ সমৰ্থনসূচক
ইংগিতেৰে শুভাকাংক্ষীসকলৰ সন্মুখত শিৰ নত কৰিলোঁ যদিও আপোন ভালেই জগত ভাল কথাষাৰকে সহজাত স্বভাৱৰ বশৱৰ্তী হৈ
পেটত লৈ থাকিলোঁ৷ আন মানুহৰ অন্যায় নকৰাকৈ নিজৰ কাৰ্যৰে নিজৰ আৰু নিজক অৱলম্বন কৰি
জীয়াই থকা মানুহৰ দায়িত্ব লৈ জীৱন-সংগ্ৰাম কৰিবলৈ পাহাৰীয়া এই মানুহবোৰে এতিয়া শিকিছে বুলিয়ে
মোৰ সৰল ধাৰণা৷ তদুপৰি তথাকথিত সভ্যতাৰ পৰা শতযোজন নিলগত অৱস্থানৰত এই মানুহবোৰৰ অন্তঃপ্ৰৱাহৰ উমান লোৱাটোও এই যাত্ৰাত মোৰ বাবে এটা দৰকাৰী কাম৷
জনজাতীয় সমাজ পাৰস্পৰিক সহায়-সহযোগিতাৰ মাজেৰে
চলে৷ প্ৰতিৱেশী চাঙৰ ছোৱালী-বোৱাৰীকেইজনীমানে আমাৰ বাবে ভাতসাজ ৰন্ধাত তানিহঁতৰ চাঙত
হাতে-কামে উৎসাহেৰে লাগি গ’ল৷ ভাতেই তেওঁলোকৰো প্ৰধান আহাৰ৷
উপকৰণ অনুসাৰে ৰন্ধনশৈলীৰ পাৰ্থক্য থাকিলেও খাদ্য-প্ৰণালী আমাৰ সৈতে একেবাৰেযে অমিল,
তেনে নহয়৷ আনহাতে প্ৰয়োজনীয় খাদ্য-বস্তু আমাৰ হাতত মজুত আছিলেই৷ প্ৰদীপদা আৰু অৰূপদাৰ তত্ত্বাৱধানত চাউল-দাইল, আলু-পিয়াঁজ, ছয়াবিন আদি হিচাপ কৰি উলিয়াই দিয়া
হ’ল৷ গতিকে অসুবিধা অকণোৱেই নহ’ল৷ ভাগৰুৱা দেহা লৈ কোনো কোনোৱে শেতেলিত হাত-ভৰি পোনালে৷ আলহীৰ বেশ ত্যাগ কৰি আমি কেইজনমানে গৃহস্থনীলৈ সহায়কাৰীৰ ৰূপত হাত আগ বঢ়ালোঁ৷
কামৰ মাজে মাজে অভ্যাগতৰ সৈতে চা-চিনাকি, নিজৰ মাজত আৰু তেওঁলোকৰ সৈতেও বিভিন্ন ধৰণৰ
বাৰ্তালাপ, হাঁহি-ধেমালি ইত্যাদি চলি থাকিল৷ ৰঙা চাহৰ পৰিৱেশনো হৈ থাকিল মাজে মাজে৷ জুইৰ উত্তাপে পৰিৱেশটোলৈ অবৰ্ণনীয় মাদকতা আনি
দিলে৷ থলুৱা বাই-ভনীহঁতৰ তৎপৰতাত সোনকালেই ভাতমুঠি সাজু হৈ উঠিল৷ গৃহকৰ্তীৰ সিদ্ধান্তমতেই নিশা ৮.০০ বজাতে আমি
জুইৰ গুৰিত বহি সমভিব্যাহাৰে নিশাৰ আহাৰ খালোঁ৷
(পৰৱৰ্তী লেখা - কেতেনালাৰ নিশাটি)
No comments:
Post a Comment