দিন চাৰি ৷৷ ৩.১১.২০১৫
১৬. তম্বুত থকাৰ অভিজ্ঞতা, তাগিন সংগীৰ সৈতে
তম্বু তৰি জংঘলত কটোৱাৰ প্ৰথম অভিজ্ঞতা এয়া৷ দিনৰ দিনটো এটা চেলেঞ্জিং ট্ৰেকত উঠি-নামি অহা হৈছে৷ উচ্চতা আৰু কঠোৰতাক শৰীৰে গ্ৰহণ কৰিছে যেনেই ভাব হৈছে৷ ট্ৰেকটোৰ ফ্লেছবেক মনলৈ অহাৰ লগে লগে Challenges are what make life interesting and overcoming them is what makes life meaningful বুলি Joshua J. Marineএ কোৱা বাক্য এটাও মনত পৰিছে৷ প্ৰত্যাহ্বানক জয় কৰিহে আমিও অৰণ্য, নদী আৰু প্ৰস্তৰখণ্ডৰ সমাহাৰ প্ৰকৃতিৰ এই অনন্য স্থানত উপনীত হ’ব পাৰিছোঁ, অৰুণাচলী তাগিন সংগীৰ সৈতে শুবলৈ, নিৰলে কথা পাতিবলৈ পাইছোঁ৷ অতি নিশ্চিতভাৱেই এই মুহূৰ্তবোৰ জীৱনৰ বিশেষ মুহূৰ্ত হিচাপে আজীৱন সজীৱ হৈ থাকিব৷
অৰুণাচল প্ৰদেশৰ নিৱাসী আদিসকল পূৰ্বতে আবৰ নামেৰে জনাজাত আছিল৷ আদি জনগোষ্ঠীৰ মাজত বহুবোৰ উপ-গোষ্ঠী আছে৷ গালং, তাগিন তাৰ ভিতৰতে পৰে৷ অন্য এঠাইত পঢ়ি পোৱা মতে চিয়াং জিলাৰ ভূভাগত বাস কৰা পাদাম, মিন্ইয়ং আৰু গালং খেলৰ মানুহক অতীজত আবৰ বুলিছিল৷ ধৰ্মীয় দৃষ্টিভংগীৰে চালে তাগিনসকল আদিৰ সৈতে মিল থকা৷ আনহাতে সামাজিক পৰম্পৰা আৰু নীতি-নিয়মৰ ফালৰ পৰা নিছিৰ সৈতে মিল থকা জনজাতি৷
অৰুণাচলৰ অপৰূপ প্ৰাকৃতিক শোভাত ৰহণ সানি বৈ থকা সোৱণশিৰি নৈৰ পাৰে পাৰে বসবাস কৰা নৃগোষ্ঠীবোৰৰ ভিতৰত তাগিনসকল প্ৰধান৷ এই মানুহখিনিয়ে বসতি কৰা অঞ্চলবিলাকৰ প্ৰাকৃতিক অৱস্থা এতিয়াও বৰ নিৰ্মম৷ কাজেই বাহিৰৰ লগত তেওঁলোকৰ বিশেষ সম্পৰ্ক পুৰণি সময়ছোৱাত গঢ়ি উঠা নাছিল৷ বাহিৰৰ লোকক বিশেষ মৰমৰ চকুৰেও নাচাইছিল৷ আজিও কোনো কোনোৱে কয় যে মানুহবোৰ স্বভাৱতে অন্তৰ্মুখী আৰু উগ্ৰ৷ তেওঁলোকে নিজৰ মাজতে থাকি ভাল পায়৷ বাহিৰা লোক দেখিলে সন্দেহৰ চকুৰেহে চায়৷
ৰাজনৈতিকভাৱে স্বকীয় পদ্ধতিত চলা তাগিনৰ সমাজ-ব্যৱস্থা
পিতৃপ্ৰধান৷ তেওঁলোকৰ বিয়া-বাৰু আলাপ-আলোচনাৰ মাজেৰে অনুষ্ঠিত হয়৷ বিয়াত ছোৱালীৰ গা-ধন
দিয়াৰ নিয়ম আছে৷ তাগিনসকলৰ মাজত অতীজত দাস প্ৰথাৰ প্ৰচলন আছিল আৰু দাস বেচা-কিনাও কৰিছিল৷
এজনী তৰুণী তিৰোতাৰ দাম আছিল এটা মেঠোন, দুটা পিতলৰ কলহ বা অধিক৷ গা-ধন দিয়াৰ পাছতহে
বিয়া হ’ব পাৰে৷ অৱস্থাসম্পন্ন পুৰুষৰ
ক্ষেত্ৰত বহুবিবাহ গ্ৰহণযোগ্য৷ একেদৰে মোমায়েক, জেঠায়েক, মাহীয়েকৰ পুতেক বা জীয়েক কিম্বা
দদায়েক, বৰদেউতাক, পেহীয়েকৰ পুতেক বা জীয়েকৰ মাজৰ বিবাহতো বাধা নাই৷
তাগিনসকলে গাঁও পাতি বাস কৰে যদিও এঠাইৰ পৰা আন
ঠাইলৈ গাঁওখন সমুলঞ্চে উঠি যোৱাৰ নিয়মো নথকা নহয়৷ এওঁলোকৰ গাঁৱত ডেকাচাং আৰু গাঁও সমিতি
নাই৷ একোটা চাংঘৰ একোটা ফৈদৰ একতাৰ পৰিচায়ক৷ একেখন চালৰ তলত বাস কৰা পৰিয়ালবোৰ পাৰস্পৰিক
সহযোগিতাৰ মাধ্যমেৰে চলে৷ লুট-পাটজনিত ঘটনা
আৰু আন্তঃফৈদ সংঘৰ্ষত স্বজাতিৰ ভাবনাৰে তেওঁলোক সদায়েই ভাবিব নোৱাৰা ধৰণে একত্ৰিত হোৱাৰ
নজিৰ পোৱা যায়৷
থল আৰু পৰ্বতৰ জনজাতিসকলৰ সমাজত প্ৰচলিত পুৰোহিত
প্ৰথা তাগিন সমাজতো, বিশেষভাৱে দঞি-পল’ৰ উপাসকসকলৰ মাজত আছে বুলি কোৱা হয়৷ এওঁলোকৰ সমাজত বিভিন্ন
ফৈদ আছে৷ এই ফৈদ বা শ্ৰেণীসমূহ সমাজত গুৰুত্ব অনুযায়ী ক্ষমতাসীন পদ্ধতিৰে গঠিত৷ জন্মগত
হিচাপে সমাজৰ একেবাৰে উচ্চ খাপটো হ’ল নিবু অৰ্থাৎ পুৰোহিত শ্ৰেণী, তাৰ পাছত নাইট বা ধনী শ্ৰেণী,
অপেন বা দৰিদ্ৰ শ্ৰেণী আৰু ন্যাইৰা বা দাস শ্ৰেণী৷ সূৰ্য-চন্দ্ৰ দেৱতাই নৱজাতকৰ কপালত
ভৱিষ্যৎ গণনা লিখে বুলি তাগিনসকলৰ দৃঢ়বিশ্বাস৷ নিবুসকল বহু জ্ঞানী আৰু তেওঁলোকৰ পৌৰাণিক
কাহিনীৰে ভৰপূৰ জ্ঞান আছে৷ দৈৱশক্তিৰ বলত নৱজাতকৰ কপাল চাই তেওঁলোকে মংগলামংগল নিৰ্ণয়
কৰে৷ ৰোগৰ উৎপত্তি, আকস্মিক দুৰ্ঘটনা আৰু অন্যান্য বিপদ-আপদৰ বেলিকা নিবুৰ কৰ্তব্য
লেখত ল’বলগীয়া৷ সাধনাৰ বলত নিবুৱে অনিষ্টকাৰী
দেৱ-দেৱী, ভূত-প্ৰেত, ডাইনী-যখিনীৰ সৈতে কথা পাতিব পাৰে৷ ৰোগৰ উপশমৰ বাবে কি কি বলি-বিধান
দিব লাগে তাৰো পৰামৰ্শ বিচাৰিব পাৰে৷ পূৰ্বতে তাগিনসকলে মূৰৰ চুলি যিমান পাৰে সিমান
দীঘল হ’বলৈ এৰি দিছিল৷
তাগিনসকল স্বাস্থ্যৱান আৰু কৰ্মঠ৷ জীৱন নিৰ্বাহৰ
বাবে তেওঁলোকে খেতি-বাতি, পশুপালন আদি কৰে৷ তেওঁলোকে প্ৰধানকৈ জুম প্ৰথাৰেই খেতি কৰে৷
জুমতলীত সমূহীয়াভাৱে কাম কৰে, সমূহীয়াকৈ উৎসৱৰ আনন্দ উপভোগ কৰে৷ তেওঁলোকৰ মাজত বয়ন
শিল্পৰ বিশেষ প্ৰচলন নাই৷ বোৱা-কটাত মহিলাসকল পাকৈত নহয়৷ গতিকে পৰম্পৰাগত কাপোৰ-কানিও
কম৷ তেওঁলোকৰ মাজত যুদ্ধযাত্ৰা আৰু চিকাৰৰ সময়ত পিন্ধা সাজ-পাৰ আছিল৷ তাগিন পুৰুষ-মহিলা
উভয়ে ৰঙা দীঘল চোলা পৰিধান কৰে৷ পুৰুষে বেতৰ টুপী, জন্তুৰ ছালৰ পেটী ব্যৱহাৰ কৰে৷ তিব্বতৰ
পৰা আমদানি কৰা পছমী কাপোৰৰ প্ৰচলন তেওঁলোকৰ মাজত দেখা যায়৷ আজিকালি অৱশ্যে কঁকালত
লগাই বোৱা শালৰ প্ৰয়োগ তাগিন সমাজত দেখা যায়৷ বিভিন্ন ধৰণৰ মণি তেওঁলোকে অলংকাৰ হিচাপে
পিন্ধে৷
তাগিনসকলৰ মাজত গীত-মাতৰ ঐতিহ্যও বিশেষ নাই বুলিব
পাৰি৷ চুনে-ৰেব’, তাকাৰ গিনি, ক’নি-ব’কাৰ, হয়ে পিনাম আদি তেওঁলোকৰ
পৌৰাণিক নৃত্য৷ সৰ্বশক্তিমান পৰমেশ্বৰস্বৰূপ দঞি-পল’ত তেওঁলোকৰ অগাধ বিশ্বাস৷ নানা অপায়-অমংগলৰ অপদেৱতা
বা ভূত-প্ৰেততো তেওঁলোক বিশ্বাসী৷ দঞি-পল’ বিশ্বাসী তাগিনসকলৰ মাজত তিব্বতৰ পৱিত্ৰ ঘণ্টাৰ চাহিদা
বেছি৷ প্ৰতি বছৰে জানুৱাৰী মাহৰ পাঁচ তাৰিখৰ পৰা সাত তাৰিখৰ মাজত তেওঁলোকে চি-দঞি উৎসৱ
ধুমধামেৰে পালন কৰে৷ চি হৈছে পৃথিৱী আৰু দঞি মানে সূৰ্য৷ সমস্ত জনগোষ্ঠীটোৱেই একগোট
হৈ প্ৰকৃতিৰ এই উপাদানৰ অৰ্চনা কৰে৷ কৃষিৰ উন্নতি আৰু ৰোগ-ব্যাধি নিৰাময়ৰ কামনাৰে প্ৰাৰ্থনা
জনায়৷
অৰুণাচলৰ অত্যন্ত ভিতৰুৱা, আন্তৰ্জাতিক সীমান্তৱৰ্তী
অঞ্চলসমূহত বাস কৰা জনগোষ্ঠীয় লোকসকলৰ নিজা নিজা দোৱান আছে৷ সাম্প্ৰতিক ভাষাবিজ্ঞানত
অৱশ্যে দোৱান অৰ্থাৎ ‘ডাইলেক্ট’ শব্দটোৰ পৰিৱৰ্তে ‘লেংগুৱেজ ভেৰাইটি’ শব্দটো ব্যৱহাৰ কৰাৰহে পোষকতা
কৰা হয়৷ সি যি কি নহওক, অৰুণাচলৰ প্ৰায় মানুহেই হিন্দীত ভাব প্ৰকাশ কৰিব পাৰে৷ ইয়াৰ
কাৰণ তেওঁলোকৰ সৈতে হিন্দী বলয়ৰ সীমান্ত নিৰাপত্তাৰক্ষীসকলৰ সৈতে সঘন সম্পৰ্ক৷ তাৰে
ফলত হিন্দী ক’বলৈ শিকি পেলায়৷ ৰাষ্ট্ৰভাষাৰ
জৰিয়তে ভাব বিনিময়ত অভ্যস্ত হৈ পৰে৷ তৎসত্ত্বেও একাংশ অৰুণাচলীয়ে আজিও অসমীয়াৰ লগত
এক নিকট আৰু নিবিড় আৱেগিক সম্পৰ্ক উপলব্ধি কৰে৷ একালত অৰুণাচলৰ সাংস্কৃতিক জীৱনলৈ উত্তৰৰ
তিব্বত আৰু পূবৰ বৌদ্ধ সংস্কৃতিৰ লগতে দক্ষিণৰ অসমীয়া সাংস্কৃতিক চিন্তাধাৰা প্ৰৱাহিত
হৈছিল৷ অৰুণাচল হৈ পৰিছিল সাংস্কৃতিক ত্ৰিবেণীসংগম৷ মোৰ তম্বু-সংগী নিকেল নাল’ই নিজৰ মাতৃভাষা তাগিনৰ উপৰি
ইংৰাজী, হিন্দী আৰু অসমীয়াও ক’ব পাৰে৷ গতিকে আমাৰ ভাবৰ আদান-প্ৰদানবোৰত ক’তো অকণোৱেই খোকোজা নালাগিল৷ অৰুণাচলীৰ
জিভাত অসমীয়া শুনাৰ মজা এটা আছে৷ নিকেল মোৰ তম্বু-সংগী হোৱাৰ সুবাদত সেয়াও আজি মই
লাভ কৰিছোঁ৷
উত্তৰ-পূব কিম্বা নেফাৰ জনজাতিৰ বান্ধৱ ভেৰিয়াৰ এলৱিনৰ নাম
নজনা লোক খুব কমেইহে আছে চাগৈ৷ নেফাই নহয়, পৃথিৱীৰ প্ৰায় সকলাে জনগোষ্ঠীৰ বিষয়ে অসীম জ্ঞানপুষ্ট এই সুদক্ষ নৃতত্ত্ববিদজনে ১৯৫৯ চনত লিখা A
Philosophy of NEFA গ্ৰন্থত তাগিনসকলৰ অতীতৰ বিষয়ে কিছু কথা জানিবলৈ পোৱা যায়৷ আনহাতে
অসম বুৰঞ্জীয়ে আমাক কয়, কৰতোৱা-গংগাক সীমা কৰি আহোম ৰাজ্য বিস্তাৰৰ পৰিকল্পনাৰে স্বৰ্গদেউ
ৰুদ্ৰসিংহই নিজে সেনাপতিৰ দায়িত্ব বহন কৰি ছয় লাখ সেনাৰে ভটিয়াই গৈ বৰনদীৰ কাষত কোঠ
মাৰিছিল৷ ইতিহাসৰ সেই পৃষ্ঠাকেই ভিত্তি কৰি গৌৰৱ কৰিব পাৰি যে গুৱাহাটীৰ উত্তৰে বৰনদীৰ
পাৰত বাহৰ পাতি ৰোৱা আহোম স্বৰ্গদেউৰ সেই বিশাল সৈন্যবাহিনীত হেনো ২০০জন তাগিনো আছিল৷
তেনেকুৱা সাহসী বংশধৰ এজনৰ সৈতে তম্বুত একেলগে থকাৰ সুবিধাটো কিবা ভাগ্যক্ৰমেহে মোৰ
হাতলৈ আহিল যেন লাগিছে৷
হে’ড হাণ্টাৰ বুলিলে নৃগোষ্ঠীয় নগাসকলৰ কথা পোনেই মনলৈ
আহে৷ এতিয়াহে জানিছোঁ যে নগাসকলৰ দৰে অতীজত তাগিন সমাজতো হেনো নৰমুণ্ড চিকাৰ কৰাৰ
দস্তুৰ আছিল৷ চিকাৰত জয়ী হ’লে খোপা বা বাওঁহাতখন কাটি অনাৰ
ৰীতি আছিল৷ যুঁজাৰুসকলে অনা স্মৃতিচিনবোৰক কেন্দ্ৰ কৰিয়েই পুৰোহিতে যথাবিহিত প্ৰথাৰে
ক্রিয়া-কাণ্ড পালন কৰিছিল৷ এনে ধৰণৰ কাজ-কৰম নকৰিলে নিহত ব্যক্তিৰ আত্মাই ঘাতকক উৎপীড়ন
কৰে বুলি দৃঢ়বিশ্বাস কৰিছিল তেওঁলোকে৷ দূৰ অতীত বা সেই ১৯৫৯ৰ পৰা আজি এই ২০১৫৷ সময়
সলনি হোৱাৰ লগে লগে মানুহৰ ধ্যান-ধাৰণাবোৰো স্বাভাৱিকতে সলনি নোহোৱাকৈ থকা নাই৷ তাৰ
প্ৰভাৱতে তাগিনসকলৰো জীৱন-পদ্ধতিত পৰিৱৰ্তনৰ বা লাগিছে৷ তাৰ উৎকৃষ্ট আৰু জীৱন্ত প্ৰমাণস্বৰূপে
আজি নিকেল আৰু মই একেটা তম্বুতে গাত গা লগাই শুব পাৰিছোঁ৷ কালি-পৰহিলৈকে আমি অচিনাকি আছিলোঁ৷
আজি সখা হৈ পৰিছোঁ৷ আনহাতে ‘যি জাতিয়ে সভ্যতাৰ পোহৰ দেখা পৃথিৱীখনৰ সৈতে সম্পৰ্ক স্থাপন কৰে সেই
জাতিয়েহে সভ্যতাৰ পোহৰ দেখে’ বুলিও প্ৰেক্টিকেল কথা এষাৰ আছে৷ প্ৰশ্ন জাগে, আধুনিক জীৱন আৰু আদিবাসী
জীৱন, গ্ৰহণযোগ্য কি, পৰিত্যাজ্য কি? উৎকৃষ্টতা আৰু নিকৃষ্টতা কাৰ কিমান? তাৰ ভিত্তিতে অতীত, বৰ্তমান, ভৱিষ্যতক লৈ গৱেষণা কৰাৰ থল নিশ্চয় আছে৷
অতীজত ঘটি যোৱা কিছুমান হিংসাত্মক ঘটনাৰ ফলত বাহিৰা
লোকে তাগিন মেজাজৰ প্ৰতি আজিও বিশেষ সতৰ্কতা অৱলম্বন কৰি আহিছে৷ ইফালে নিকেলৰ মনৰ ওচৰ
চাপি মোৰ কিন্তু বিশ্বাস নহ’ল যে তেওঁৰ পূৰ্ব-প্ৰজন্মই বহিৰাগত ইংৰাজ আৰু ভাৰতীয় চৰকাৰী বিষয়াক
কাটি হত্যা কৰাৰ নজিৰ ৰাখি গৈছে৷ মুঠেই বিশ্বাস নহ’ল যে নিকেলৰ পূৰ্বপুৰুষে মুণ্ড চিকাৰ কৰিছিল, হে’ড হাণ্টাৰ আছিল৷ অাগৰ, এতিয়াৰ আৰু আহি থকা দিনবোৰৰ সম্বন্ধে নানানটা কথা পাতি পাতি এটা সময়ত দুয়ো প্ৰকৃতিৰ নিদ্ৰাবাণত ধৰাশায়ী হৈ পৰিলোঁ৷
তম্বুৰ আশে-পাশে টোপ টোপ বৰষুণৰ মুকুতা সৰিছে৷ এটা ৰহস্যময়, ভৌতিক পৰিৱেশ৷ সোৱণশিৰিখন আপোন স্বাভিমান আৰু ছন্দেৰে খল্খলাই থাকিল মাত্ৰ কেইফুটমান আঁতৰেৰে৷
তম্বুৰ আশে-পাশে টোপ টোপ বৰষুণৰ মুকুতা সৰিছে৷ এটা ৰহস্যময়, ভৌতিক পৰিৱেশ৷ সোৱণশিৰিখন আপোন স্বাভিমান আৰু ছন্দেৰে খল্খলাই থাকিল মাত্ৰ কেইফুটমান আঁতৰেৰে৷
(পৰৱৰ্তী লেখা – অৰণ্যৰ শীতল-নিজম পুৱা)
No comments:
Post a Comment