দিন চাৰি ৷৷ ৩.১১.২০১৫
৩. কস্তুৰী মৃগৰ বিচৰণভূমিত
ঠিক গ্ৰেফৰ কেম্পটোৰ ওপৰ পাইছোঁ৷ অৰুণাচল প্ৰদেশ চৰকাৰৰ ডাপৰিজো বন সংমণ্ডলৰ পৰিৱেশ আৰু বন বিভাগৰ চাইনব’ৰ্ড এখনে দৃষ্টি কাঢ়ি নিলে৷ পথৰ দাঁতিত সোঁহাতে পুতি ৰখা ফলকখনত হিমালয়ান মাস্ক ডিয়েৰ (Moschus Leucogaster) অৰ্থাৎ কস্তুৰী মৃগৰ ছবিসহ কথা কিছুমান লিখা আছে৷ কস্তুৰী হৰিণ এটা লুপ্তপ্ৰায় বন্যপ্ৰাণী যাৰ সংখ্যা দিনকদিনে কমি আহিছে৷ এই প্ৰাণীবিধৰ শাৰীৰিক আৰু চাৰিত্ৰিক গুণাগুণত কেতবোৰ বিশিষ্ট ৰূপ পৰিলক্ষিত হয়৷ ভাৰতীয় বন্যপ্ৰাণী (সংৰক্ষণ) আইন ১৯৭২ অনুযায়ী দণ্ডনীয় বুলি উল্লেখ থকা, চৰকাৰী মোহৰ সম্বলিত ফলকখনৰ সন্মুখত অলপ সময় ৰৈ উৎসুকতাৰে পঢ়াত লাগিলোঁ৷
ঠিক গ্ৰেফৰ কেম্পটোৰ ওপৰ পাইছোঁ৷ অৰুণাচল প্ৰদেশ চৰকাৰৰ ডাপৰিজো বন সংমণ্ডলৰ পৰিৱেশ আৰু বন বিভাগৰ চাইনব’ৰ্ড এখনে দৃষ্টি কাঢ়ি নিলে৷ পথৰ দাঁতিত সোঁহাতে পুতি ৰখা ফলকখনত হিমালয়ান মাস্ক ডিয়েৰ (Moschus Leucogaster) অৰ্থাৎ কস্তুৰী মৃগৰ ছবিসহ কথা কিছুমান লিখা আছে৷ কস্তুৰী হৰিণ এটা লুপ্তপ্ৰায় বন্যপ্ৰাণী যাৰ সংখ্যা দিনকদিনে কমি আহিছে৷ এই প্ৰাণীবিধৰ শাৰীৰিক আৰু চাৰিত্ৰিক গুণাগুণত কেতবোৰ বিশিষ্ট ৰূপ পৰিলক্ষিত হয়৷ ভাৰতীয় বন্যপ্ৰাণী (সংৰক্ষণ) আইন ১৯৭২ অনুযায়ী দণ্ডনীয় বুলি উল্লেখ থকা, চৰকাৰী মোহৰ সম্বলিত ফলকখনৰ সন্মুখত অলপ সময় ৰৈ উৎসুকতাৰে পঢ়াত লাগিলোঁ৷
প্ৰাণী বিজ্ঞানীৰ মতে এই অৰণ্যত পোৱা জন্তুবিধৰ
শ্ৰেণী Mammalia, গোত্ৰ Moschidae, জাতি Moschus, প্ৰজাতি M. Leucogaster৷ ব’ৰ্ডখনত লিখা আছে… The white bellied or Himalayan
Musk Deer (Moschus Leucogaster) is a species of Musk Deer. It used to be
considered as subspecies of the Alpine Musk Deer. The Musk Deer is under the
treat due to poaching, deforestation, habit fragmentation and degradation. As
such population of Musk Deer has been declining dramatically though it is
listed as protected mammals, this species is not widely studied due to its
solitary and evasive nature. However richness and density of trees, shrubs and
saplings did not differ between pellet sites, adjacent sites and control sites
though their diversity and evenness were different neither any particular seeds
remain viable passing through the digestive tract of deer germination. The Musk
Deer plays the role of plant seed dispersal. Thus in order to conserve this
species, human and cattle activities should be minimised at its habitat with
the priority to conserve to those tranquil and pristine area.
কিতাপত পোৱামতে মতা কস্তুৰী মৃগৰ নাভিদেশত নোমেৰে
আৱৰা এটা মাংসগ্ৰন্থি থাকে৷ সেই গ্ৰন্থিত এবিধ পদাৰ্থ উৎপন্ন হয়৷ তাক মৃগনাভি বোলা
হয়৷ কস্তুৰী বা গন্ধকলাই বুলিও কয়৷ পনীয়া আৰু সুগন্ধি সেই পদাৰ্থবিধ অতি আপুৰুগীয়া৷
বিশেষ গুণযুক্ত উক্ত পদাৰ্থবিধ আয়ুৰ্বেদিক আৰু এলপেথিক ঔষধৰ প্ৰস্তুতিত ব্যৱহাৰ কৰা
হয়৷ হৰিণাৰ মাংসই বৈৰী বুলি অসমীয়াত কথা এষাৰ আছে৷ কস্তুৰী হৰিণৰ ক্ষেত্ৰত পিছে মৃগনাভিহে
প্ৰথম লক্ষ্য৷ দ্বিতীয় উদ্দেশ্য হৈছে ইহঁতৰ দাঁত৷
সচৰাচৰ হৰিণবোৰৰ দৰে কস্তুৰী মৃগৰ মুখমণ্ডলত মাংসগ্ৰন্থি
বা টেমুনা নাথাকে৷ ইহঁতৰ শিঙো নগজে৷ শিঙৰ পৰিৱৰ্তে ওপৰ পাৰি দাঁতৰ আলুৰ পৰা দুটা দীঘল
দাঁত ওলাই আহি তলৰ ফালে ভাঁজ খায়৷ অৰুণাচলৰ আদি-পাদাম জনজাতিৰ লোকসকলে এই দুৰ্মূল্য
বন্যপ্ৰাণীবিধৰ কুকুৰ দাঁত অলংকাৰ হিচাপে ব্যৱহাৰ কৰে৷ প্ৰায় প্ৰত্যেকজনী পাদাম গাভৰুৰ
পৰম্পৰাগত মালাতেই এটা-দুটাকৈ কস্তুৰী হৰিণৰ দাঁত থাকে৷
কস্তুৰী হৰিণৰ ঠেঙৰ খুৰাকেইটা গোটা৷ গতিকে সহজে
পাহাৰত খোজ কাঢ়ি যাব পাৰে৷ ইহঁতে বহলপতীয়া গছ-গছনিয়ে আৱৰি থকা ঠাইত থাকে৷ আন পহুৰ দৰে
জাক বান্ধি নাথাকে৷ অকলশৰীয়াকৈ হাবিৰ মাজত অনুকূল পৰিৱেশত চৰি ফুৰে৷ দিনত গছ-গছনিৰ
তলৰ সুবিধাজনক ঠাইত চেপেটা লাগি পৰি থাকে৷ আবেলি ওলাই আহে আৰু নিৰামিষ আহাৰ যেনে ঘাঁহ-বন,
শেলুৱৈ, কুঁহিপাত আদি উদ্ভিদজাতীয় খাদ্য খায়৷ মাইকী কস্তুৰী হৰিণে বাৰিষা এবাৰত এটাকৈ
পোৱালি জগায়৷
চীনা চোৰাং কাৰবাৰীয়ে চীনা ঔষধত ব্যৱহাৰ কৰা জন্তুৰ
অংগ-প্ৰত্যংগ আৰু উদ্ভিদ, বিশেষকৈ কস্তুৰী মৃগ আৰু মিচিমি তিতা বিচাৰি ভাৰতীয় এলেকাত
সোমোৱাৰ বিষয়ে মাজে-মধ্যে শুনিবলৈ পোৱা যায়৷ মৃগনাভি নামৰ পদাৰ্থবিধ চীন দেশত হেনো
প্ৰায় ১৫০বিধ দৰবৰ তৈয়াৰী কাৰ্যত ব্যৱহৃত হয়৷ অবৈধ প্ৰৱেশকাৰী আৰু চোৰাং চিকাৰীৰ দ্বাৰা
হত্যা কৰাৰ ফলস্বৰূপে এই নিৰীহ প্ৰাণীবিধৰ সংখ্যা দ্ৰুতগতিত হ্ৰাস পাই আহিছে৷ দ্বিতীয়তে,
অপৰিকল্পিতভাৱে বনাঞ্চল ধ্বংস কাৰ্য চলি থকাৰ ফলত ইহঁতৰ লগতে অন্যান্য জীৱৰো বিচৰণভূমি
হ্ৰাস পাই আহিছে৷ কস্তুৰী মৃগ নামৰ আপুৰুগীয়া জন্তুবিধ বচাবলৈ হ’লে সৰ্বসাধাৰণৰ মাজত প্ৰচলিত
চিকাৰৰ পৰম্পৰাৰ পৰা আদি কৰি ভালেকেইটা দিশত সজাগতা অনাৰ প্ৰয়োজন আছে৷ বন্যপ্ৰাণীৰ
প্ৰতি প্ৰেম আৰু প্ৰকৃতিভিত্তিক পৰ্যটন শিল্পৰ উন্নয়নে এনে সমস্যাৰ সমাধানত বাটকটীয়াৰ
ভূমিকা ল’ব পাৰে৷ প্ৰধানকৈ কস্তুৰী হৰিণৰ
সংৰক্ষণক কেন্দ্ৰ কৰিয়ে অৰুণাচল প্ৰদেশৰ দিবাং ভেলী জিলাত ৪,১৪৯ বৰ্গ কিল’মিটাৰ অঞ্চল সামৰি গঢ়ি তোলা হৈছে
দিবাং বন্যপ্ৰাণী অভয়াৰণ্য৷
স্তন্যপায়ী বন্যপ্ৰাণীৰ প্ৰচুৰতাৰে পৰিপূৰ্ণ অৰুণাচলৰ
অৰণ্যভূমি৷ আমি উপস্থিত হোৱা এই হাবিতো বহুতো আপুৰুগীয়া গছ-গছনি আৰু জীৱ-জন্তু আছে৷
ইয়াৰ ৰূপ দেখিয়েই সেই ধাৰণা অনায়াসে কৰিব পাৰিছোঁ৷ যিমানেই আগুৱাইছোঁ, Rainforest
Zoo এখনত সোমাই পৰিম যেন ভাব হৈছে৷
(পৰৱৰ্তী লেখা - বৰ্ষাৰণ্যত সোমাই পৰিলোঁ)
No comments:
Post a Comment