দিন পাঁচ ৷৷ ৪.১১.২০১৫
এনেয়ে মৰঠাণ্ডা৷ প্ৰদীপদা আৰু অমৰ জলপ্ৰপাতলৈ ৰাওনা
হ’ল গা ধুবলৈ৷ সোৱাদটো কেনে পালে,
আহিয়েই তাৰ বিৱৰণী শুনালে৷ গা ধোৱা কামটোত মই কিন্তু একেবাৰে উৎসাহ দেখুৱাব খোজা নাই৷
পানীৰ লীলাখেলাত প্ৰথমৰে পৰাই সতৰ্কতা অৱলম্বন কৰি আছোঁ৷ সেয়া নৈয়ে হওক বা আমি নেছাৰেল শ্বাৱাৰ নাম দিয়া জলপ্ৰপাতেই
হওক৷ ইফালে ফৰিদাবাদী দুটাক বাল্টি-মগ লৈ ওলমা দলঙৰ ফালে নামি যোৱা দেখিছোঁ৷ আনে যিয়ে
যি কৰক-নকৰক পাছৰ কথা, স্নান কাৰ্যক লৈ ৰাজীৱ হ’লে সম্পূৰ্ণ নিৰ্বিকাৰ ৰূপত আছে৷ আলফাৰ শিৱিৰলৈ
যাওঁতে তিনি সপ্তাহ ধৰি তেওঁ গা নোধোৱাকৈ অতিবাহিত কৰিছিল৷ কথাটো নিজৰ কিতাপত
নিজেই লিপিবদ্ধ কৰি থৈছে৷ সেইফালতকৈ অৰ্থাৎ ইষ্টাৰ্ণ নাগালেণ্ডতকৈ এইফালে অৰ্থাৎ চেণ্ট্ৰেল
অৰুণাচলত ঠাণ্ডাৰ মাত্ৰাটো নিঃসন্দেহে বেছি৷ উচ্চ হিমালয়ৰ মানুহবোৰে আমাৰ দৰে নিয়মিত গা ধোৱা কামটোক লৈ স্বাভাৱিকতে মূৰ ঘমাই নাথাকে৷ বহুতে আকৌ হাত-ভৰিকেইটা, বৰ বেছি মস্তক পখালিয়ে স্নানকাৰ্য সামৰে৷ নিজ চকুৰে দেখা পোৱা দৃশ্য, সজীৱ হৈ মনত আছে৷
অলপ পাছতে ৰাতিপুৱাৰ চাহ-বিস্কুটৰ ভাগ পালোঁ৷ এঘণ্টামানৰ
ভিতৰতে খিচিৰি ৰে’ডী হৈ যাব৷ প্ৰস্তুতিত ব্যস্ত
আছে ৰকেশ, তায়া আৰু তানি৷ টীম লিডাৰ জয়ন্তদাই ক’লে, ‘‘খিচিৰি খাই আমি ওলাই যাম৷ প্ৰাকৃতিক বনাঞ্চলৰ মাজে মাজে,
সোৱণশিৰিৰ পাৰে পাৰে যিমানদূৰ পাৰি ট্ৰেকিং কৰিম৷ ইটো-সিটো চাম৷ পিছবেলা ঘূৰি আহিম৷
নিশাটো ইয়াতে কটাম৷ তম্বুকেইটা ভাঙিব নালাগে৷ যেনে আছে তেনেই থাকক৷ ইয়াৰ পৰা আগ বাঢ়িব
নোখোজাসকলে তম্বুতে জিৰাই থাকিব পাৰিব৷’’ আন্ধাৰ হোৱাৰ আগে আগে আহি পাবৰ বাবে সকলোকে সকীয়াই দিয়া হ’ল৷
তেতিয়ালৈকে জেগা অকণমানকে চোৱা যাওক নহ’লে৷ এইবুলি ভাবি কেমেৰাটো
ডিঙিত ওলোমাই লৈছোঁ৷ আগলৈ দেখি থকা ৰাস্তাটোৰে সোৱণশিৰিৰ পাৰে পাৰে ধীৰে ধীৰে খোজ দি ওলাই গ’লোঁ৷ তানিয়ে মোক সংগ দিলে৷ অলপমান
যাওঁতেই বিশেষ জাতৰ কাঠ এডালে প্ৰথমেই দৃষ্টি আকৰ্ষণ কৰিলে৷ পাহাৰৰ গাত আওজাই থোৱা
আছে কাঠডাল৷ এফুটমান আঁতৰে আঁতৰে খাজ কটা৷ তানিৰ পৰা গম পালোঁ, আচলতে সেইডাল এডাল জখলা৷ স্থানীয় মানুহে
ওপৰলৈ উঠাৰ বাবে গছৰ ডালৰ এই ধৰণৰ সঁজুলি ব্যৱহাৰ কৰে৷ এখোপ এখোপকৈ উঠি ওপৰ পালে কাঠডালো দাঙি
নিয়ে৷ তাৰ সহায়ত আকৌ এঢাপ বগায়৷ অসুচল ঠাইতো তেনেকৈয়ে অলপ অলপকৈ উঠি গৈ থাকে৷ বুদ্ধিটো
বেছ কাৰ্যকৰী৷
পথ নিৰ্মাণৰ বাবে শিলৰ পাহাৰ ভঙা কামটো এইফালেও
কৰি থকা হৈছে৷ ৰক ড্ৰিলিং মেছিন এটা ৰাস্তাৰ দাঁতিতে পালোঁ৷ মানুহ-দুনুহ নাই৷ কাম আৰম্ভ
কৰাৰ সময় হোৱা নাই চাগৈ৷ এনেদৰে কেইবাঠাইতো দেখি অহা, একে সময়তে চলা কাম-কাজবোৰে ৰাস্তাটো হৈ
উঠাৰে ইংগিত বহন কৰিছে৷ হ’লেও, কেতিয়া হৈ উঠিব কোৱাটো
মস্কিল৷ তাৰ প্ৰধান কাৰণ হৈছে বতৰ৷ বতৰৰ অৱস্থা আৰু ভূ-প্ৰাকৃতিক অৱস্থানে আমাকো অগ্ৰসৰ
হোৱাত যথেষ্ট বাধা আৰোপ কৰিছে৷ তথাপি বাধা-বিঘিনিক সন্মুখত লৈ প্ৰদীপদা, অৰূপদা আৰু
হাৰিয়ানী দুটাৰ সৈতে ময়ো শেষ পৰ্যন্ত আগুৱাবলৈ দৃঢ়মনা হৈ ৰৈছোঁ৷ পিছে অলপ পাছতে প্ৰথমে
অৰূপদা আৰু তাৰ পাছত প্ৰদীপদাই নাম প্ৰত্যাহাৰ কৰাত বাহিনীটো দুৰ্বল হৈ পৰিল৷ তাৰ পাছতো
বৰুণে উৎসাহৰ বন্তিগছি জীয়াই ৰাখিছিল৷ পিছে কথাবোৰ নতুনকৈ ভাবিবলগীয়া হ’ল, কাৰণ ঘূৰি আহি কেতেনালাত আমাৰ
বাবে কোনেও অপেক্ষা কৰি নাথাকিব বুলি সিদ্ধান্ত স্থিৰ কৰি পেলালে৷ তাৰ মানে এই মুহূৰ্তৰ পৰা
সমগ্ৰ বাটটো আমি তিনিটা অকলশৰীয়া হৈ পৰিম, যিটো একেবাৰে যুগুত নহয়৷ মনে নামানিলেও দলীয় সিদ্ধান্তৰ
প্ৰতি শ্ৰদ্ধা ৰাখি দিনজোৰা কাৰ্যসূচীতে অৱশেষত ক্ষান্ত থাকিবলগীয়া হ’লোঁ৷ পৰ্বতৰ চেপত, জংঘলৰ মাজত
এনে অচিন-অবিন ঠাইত দল কোনোপধ্যে ভাঙিব নোৱাৰি৷ এইটো গুৰুত্বপূৰ্ণ কথা৷
৮.৩০মান বাজিছে৷ উভতি আহি তম্বুৰ ওচৰ পাইছোঁহি৷
সোৱণশিৰিৰ সিপাৰে শিল এছটাত থিয় হৈ অচিনাকি লোক এজন! এইপাৰে তাগে’ আৰু তায়া৷ সিহঁতো নদীগৰ্ভৰ এটা
পাথৰৰ ওপৰত৷ হাতে চুব পৰাকৈ সোৱণশিৰিখন৷ দৃশ্যটো দেখিয়ে বুকু চিৰিংকৈ গ’ল৷ থিয় গৰাটোৱেদি ইহঁত দুটা কেতিয়ানো কেনেকৈ তালৈ নামিল ক’ব নোৱাৰোঁ৷ ক্ষন্তেকতে সিপাৰৰজনে
গাৰ সৰ্বশক্তি প্ৰয়োগ কৰি দলি মাৰি পঠোৱা প্লাষ্টিকৰ বটল এটা উৰি আহিল তাগে’ৰ ফালে৷ ক্ৰিকেট খেলৰ কেট্ছ
ধৰাদি শূন্যতে সি বটলটো থপিয়াই ধৰি পেলালে৷ বটলটোৰ ডিঙিত ৰছীৰে বন্ধা৷ সিপাৰত থকাজনে হাতৰ ৰছীডাল
কাটি ইহঁতক ক’লে বটলটোতে পকাবলৈ৷ নিৱিষ্টমনে
চাই ৰ’লোঁ কাণ্ডটো৷ কোনোবাই কওঁতেহে
গম পালোঁ যে দলং নিৰ্মাণৰ বাবে সেয়া নদীখনৰ জোখ লৈছে সিহঁতে৷ উক্ত স্থানত দলং এখন হ’ব বুলি জানি ৰং লাগিল৷ দলং হোৱাটো
ভাল কথা৷ দেৱাল নহয়, দলংহে লাগে আমাক৷ দলঙে সম্পৰ্ক স্থাপন কৰে৷ দেৱালে সম্পৰ্ক বিনষ্ট
কৰে৷
ৰিঅ’ ব্ৰীজৰ পাছত এইফালে দলং এখনো আমি দেখা পোৱাই নাই৷ যি
পাইছোঁ সেয়া গছৰ ডাল আৰু বাঁহ-বেতেৰে তাগিন প্ৰযুক্তি(!)ৰে নিৰ্মিত ওলমা সাঁকোহে৷ পাৰ
হওঁতে আমাৰ মাজৰে বহুতেই ইতিমধ্যে ত্ৰাহি মধুসুধন সোঁৱৰিছে৷ ঘূৰি যাবলৈ আছেই অথোন!
তাকে লৈ অৱচেতন মনত বন্দী হৈ ৰোৱা সেই ঝুলনে ৰাতি টোপনিতোযে কাৰোবাক চক্ নুখুৱাব তাৰ
মানে নাই৷ সি যি কি নহওক, এইডোখৰত দলং হ’ব বুলি শুনি আটায়ে কথাটো ভাল পাইছে৷ আশা কৰিছে, বেইলী
ব্ৰীজেই নিৰ্মাণ কৰা হ’ব চাগৈ৷ পকা ৰাস্তাৰে টাটা চুম’ত ডাপ’ৰ পৰা আহি থাকোঁতে মন কৰিছিলোঁ,
এইফালে বেছিভাগেই হয় বেইলী ব্ৰীজ, নহয় ছাছপেনছন ব্ৰীজ৷ তাৰ নিৰ্দিষ্ট কাৰণ নথকা নহয়৷
পাহাৰীয়া নৈ-নিজৰাবোৰ বেছ খৰস্ৰোতা৷ বৰষুণ দিলে হঠাতে উফন্দি উঠে৷ সোঁতে দলঙৰ অনিষ্ট
সাধন কৰে৷ ধলত উটি অহা কাঠৰ কুণ্ডা, গছ-গছনি, বিয়াগোম শিল আদি বাগৰি দলঙৰ খুঁটা নষ্ট
কৰে৷ গতিকে মাজত খুঁটা নিদিয়াকৈ দলংবোৰ সজা হয়৷ দীঘল দলঙৰ দুয়োটা মূৰে ভালকৈ ঢালাই
কৰি মজবুতকৈ বান্ধি ৰখা হয় যাতে অলপো লৰচৰ নকৰে৷ শক্তিশালী লোৰ জৰীৰ সহায়ত ওপৰৰ পৰা
ওলোমাই ৰখা হয় দলংখন৷ তলেৰে অকণো বাধা নোপোৱাকৈ পানীভাগক আপোন ইচ্ছাৰে বৈ যাবলৈ এৰি
দিয়া হয়৷ প্ৰৱল বেগী নৈৰ ওপৰত মানুহৰ কাৰিকৰী বুদ্ধিমত্তাৰে সজা হয় এনেবোৰ দলং, পানীয়ে
যাৰ ক্ষতিসাধন কৰিব নোৱাৰে৷
মাজা পইণ্টত কেনেকুৱা দলং সজা হ’বগৈ নাজানো, কিন্তু আচৰিত হৈছোঁ
বিপদৰ লগত খেলি নদীৰ প্ৰস্থ উলিয়াবলৈ ইহঁতকেইটাই কৰা মৰণপণ প্ৰচেষ্টাতহে৷ ইঞ্জিনিয়াৰিং
চিন্তাৰে হোৱা হ’লে অংকৰ আশ্ৰয় লোৱা গ’লহেঁতেন৷ বাহু আৰু কোণৰ সম্পৰ্কৰ
জৰিয়তে নৈখনৰ প্ৰস্থ নিৰ্ণয় কৰা যায়৷ ত্ৰিকোণমিতিৰ সহায়ত এইটো সম্ভৱ৷ দশম শ্ৰেণীৰ গণিতৰ
কিতাপতেই এনেকুৱা উদাহৰণ পোৱা যায়৷ যথা- নদীৰ পাৰত থকা ঘৰৰ বেলকনিত ছোৱালী এজনী বহি আছে৷
পোনে পোনে সিপাৰত থকা ফুলৰ টাব এটালৈ তাই চাই আছে৷ অৱস্থানকেইটাই এটা সমকোণী ত্ৰিভুজৰ
সৃষ্টি কৰিছে৷ এতিয়া যদি ছোৱালীজনী বহি থকাৰ উচ্চতাটো জনা যায় তেনেহ’লে নদীখনৰ প্ৰস্থ উলিয়াব পাৰি৷
ইয়াত পিছে বটলত ৰছী পকাই লৈ দলি মৰা হৈছে, ঠেক চাই ঠাই নিৰ্বাচন কৰি৷ সেই ৰছী জুখিলে ওলাই যাব সোৱণশিৰি কেইহাত বহল৷ গাণিতিক পদ্ধতিৰ
ব্যৱহাৰোপযোগিতাৰ অৰুণাচলৰ জংঘলত কাম নাই!
গুহা-দোকানৰ সন্মুখ আহি পালোঁ৷ দোকানখনৰ ঠিক মুখতে
১২-১৩জনীয়া জুম এটা৷ কথাবোৰ হাঁহি হৈ বতাহত ভাহিছে৷ কেৰমব’ৰ্ড এখন তৰিছে তাত৷ আমাৰ প’ৰ্টাৰবোৰেই পাৰ্টনাৰ ভগাই খেলাত
লাগিছে৷ গ্ৰেফৰ কৰ্মী আৰু দোকানীহঁতো কাম এৰি খেল চোৱাত মগ্ন৷ ভাল লাগিল, অৰুণাচলৰ
দুৰ্গম ঘোঁকট হ’লেও খেলাৰ সামগ্ৰী এপদ অন্ততঃ
আছে ইয়াত৷ অমৰ আৰু ময়ো জুমৰ মাজত সোমাই পৰিলোঁ৷ চাই আছোঁ সিহঁতমখাৰ খেল, শুনি আছোঁ সিহঁতৰ আনন্দ-উল্লাসৰ মুক্ত প্ৰকাশ৷ সেমেকা বতৰ বাবে
ময়দাত মাজে মাজে ষ্ট্ৰাইকাৰটো লাগি ধৰে৷ তেনেকুৱা হ’লেই কিৰীলিৰ মাত্ৰা চৰে৷ হাস্যব্যংগ ডায়লগ একোটাও মাজে মাজে উফৰি আহে৷ উত্তৰ-প্ৰত্যুত্তৰ৷ জীৱনৰ সময়বোৰ এনেকৈয়ে আপোন-পাহৰা ভাবত পাৰ হয় ইয়াত৷ খেলাৰ ইচ্ছা এটা নজগা নহয়, জাগিছিল৷ হ’লেও নিজকে সম্বৰণ কৰি দৰ্শক হিচাপেই সীমাবদ্ধ থাকিলোঁ৷
অতি কঠিন কালিৰ প্ৰথম খেপৰ ট্ৰেকিংটোৱে দলৰ ভালেকেইজনক লেবেজান কৰি পেলাইছে৷ অমৰৰ ভৰি ফাটি তেজ ওলাইছে৷ মৃণালদাৰ গা বিষাইছে৷ পানী লাগিছে কেইজনমানৰ৷ অঞ্চলটোৰ ভূ-প্ৰাকৃতিক অৱস্থাটোৰ বিষয়ে আগতীয়াকৈ অৱগত নোহোৱাৰ বাবে আৰু নিয়মিত খোজ কঢ়া, বগোৱাৰ অভ্যাস নথকাৰ বাবে এতিয়া এনে যাতনা ভোগ কৰাটো স্বাভাৱিক কথা৷ অন্য ব্যায়াম নহ’লেও নিয়মীয়া প্ৰাতঃভ্ৰমণৰ উপৰি পিঠিত ৰাক্চেক লৈ খোজ কঢ়াৰ অনুশীলন কৰাটো কেম্পিং-ট্ৰেকিঙৰ বাবে অপৰিহাৰ্য৷
অতি কঠিন কালিৰ প্ৰথম খেপৰ ট্ৰেকিংটোৱে দলৰ ভালেকেইজনক লেবেজান কৰি পেলাইছে৷ অমৰৰ ভৰি ফাটি তেজ ওলাইছে৷ মৃণালদাৰ গা বিষাইছে৷ পানী লাগিছে কেইজনমানৰ৷ অঞ্চলটোৰ ভূ-প্ৰাকৃতিক অৱস্থাটোৰ বিষয়ে আগতীয়াকৈ অৱগত নোহোৱাৰ বাবে আৰু নিয়মিত খোজ কঢ়া, বগোৱাৰ অভ্যাস নথকাৰ বাবে এতিয়া এনে যাতনা ভোগ কৰাটো স্বাভাৱিক কথা৷ অন্য ব্যায়াম নহ’লেও নিয়মীয়া প্ৰাতঃভ্ৰমণৰ উপৰি পিঠিত ৰাক্চেক লৈ খোজ কঢ়াৰ অনুশীলন কৰাটো কেম্পিং-ট্ৰেকিঙৰ বাবে অপৰিহাৰ্য৷
(পৰৱৰ্তী লেখা – তাকচিঙলৈ বহুদূৰ)
No comments:
Post a Comment