Saturday, 14 May 2016

দিন চাৰি ৷৷ ৩.১১.২০১৫
. এভাৰেষ্টাৰ তাপি ম্ৰা



পানী আৰু পাহাৰৰ কিযে মিশ্ৰণ! প্ৰকৃতিৰ এই অপূৰ্ব বেহাৰ মাজত সোমাই মন এতিয়া অতিপাত চঞ্চল৷ চৌপাশৰ প্ৰাথমিক জৰীপ কাৰ্যসূচী সামৰি গুহা-দোকানৰ সন্মুখত ৰলোঁহি৷ প্ৰাকৃতিক শিল এটাক অৱলম্বন কৰিয়ে গঢ়ি তোলা হৈছে দুকোঠলীয়া বাঁহ-কাঠ-টিনৰ জোৰা-ফোন্দা দিয়া ঘৰটো৷ কাষৰে-পাজৰে সিঁচৰতি হৈ লাংখা-লিংখি এগালমান৷ কেৰাহী, টোপোলা-টাপলি কিছুমান, চলাৰ লাইটিং চিষ্টেমৰ কালেক্টৰ পেনেল কেইখনমান, বাঁহ-কাঠ, তক্তা, খাং৷ গাহৰি গঁৰাল আৰু গ্ৰেফৰ কিবা যন্ত্ৰ এটাও আছে৷ তাৰ মাজে মাজে মতা কুকুৰা এটা আৰু গাহৰি পোৱালি এটাৰ দৌৰাদৌৰি, খাদ্যৰ সন্ধানত সিহঁতৰ ব্যস্ততা৷ ঘৰটোৰ ভিতৰত জনজাতীয় মহিলা দুগৰাকী৷ তেওঁলোকেই দোকানখন চলায়৷ পিছফালৰ কোঠাটোত জুই জ্বলি আছে৷ দোকানখনত চাহ-বিস্কুট, চিপ্‌চ, নুডল্‌চ, ফ্ৰুটি আদি আছে৷ দিদি গৰম পানী মিলেগা?’ হিন্দীতে সুধিলোঁ৷ গা বুলি ক'লে৷ গৰম পানীখিনি লৈ ৰাক্‌চেকটোৰ কাষ পালোঁহি৷ ৱাটাৰ বটলত থকা পানী কুহুমীয়া কৰি লৈ লগত থকা কেলছম দুপেকেট ঢালি দিলোঁ৷ চাইনিজ ফুড চাপ্লিমেণ্টখিনি খোৱাত দেহলৈ শক্তি অলপমান ঘূৰি আহিল৷ অলপ পাছত মগটো ঘূৰাই দিবলৈ যাওঁতে পাছফালেৰে দোকানখনৰ ভিতৰখন চালোঁ৷ বিছনা এখন, বাচন-বৰ্তন, জুহাল, পীৰা আদি আছে৷ জুইৰ ওচৰত বহাৰ অনুমতি খোজাত সোমাই আহিবলৈ কলে৷ উত্তাপময় ভিতৰখন৷ বাহিৰত ইফালে বেছ ঠাণ্ডা৷ সেই সুযোগতে তাগিন মহিলা দুগৰাকীৰ সৈতে বহি ঢেৰ কথা পাতিলোঁ৷

তেওঁলোকৰ পৰা গম পালোঁ, এইখিনি ঠাই, এতিয়া আমি যত বহি আছোঁ, এইখিনিক গেলেন চিনিয়াক বোলে৷ তেওঁলোকৰ বস্তিৰ নাম টি.চি.চি.৷ টি.চি.চি. মানে তামা শ্বুং শ্বুং৷ আমি থকা এই পাহাৰটোৰ শিখৰত আছে সেই ঠাই৷ কথাটো কওঁতে মানুহজনীয়ে ওপৰলৈ আঙুলিয়াই দেখুৱালে৷ ভাবটো এনেকুৱা যেন সৌকণতে আছে টি.চি.চি.! এক দৌৰ মাৰিলেই পাই যাম৷ পাহাৰীয়া মানুহে দিয়া দূৰত্বৰ হিচাপ বুজা খুব টান৷ বেছি দূৰ নাই, অলপহে আছে বুলিলে ধৰি লোৱা ভাল যে কেইবামাইলো হবগৈ পাৰে৷ তেনেতে সিগৰাকীয়ে জনালে যে ওপৰলৈ যাবলৈ ইয়াৰ পৰা হাবিতলীয়া বাটেৰে অলপমান আগুৱালেই ৰাস্তা পোৱা যাব৷ তেনেকৈয়ে নিতৌ অহা-যোৱা চলি থাকে৷ টি.চি.চি.ত ইণ্ডিয়ান আৰ্মীৰ কেম্প আছে৷ আনহাতে নিকটতম ভাৰত-চীন আন্তৰ্জাতিক সীমান্তলৈ ইয়াৰ পৰা খোজ কাঢ়ি আৰু দুটা-তিনিটা দিনৰ বাট৷ মাজা হৈ তালৈ ট্ৰেকিং কৰিব লাগে৷ অলপ আগলৈ থকা হেঙিং ব্ৰীজখনৰ দিশে এইবাৰ তেওঁ বহি থকাৰ পৰাই আঙুলিয়ালে৷ সেইখনেৰে সোৱণশিৰি পাৰ হৈ মাজালৈ বাট৷ পথটো দুৰ্গম৷ হলেও আহ-যাহ চলে৷ চীনৰ পৰা সিহঁতে কিবাকিবি বস্তুও আনে৷ ৰঙা ফুল থকা ডাঙৰ ফ্লাস্ক এটা দেখুৱালে৷ চাইনিজ মাল৷ চাহ বা পানী ২৪ ঘণ্টালৈ গৰম হৈ থাকে৷

ভাগৰুৱা দিনটোত এতিয়া জুইৰ ওচৰত বহি বেছ আমেজ এটা লাগিছে৷ কথা পাতিও ভাল লাগিছে৷ বাকীসকলে কোনে কত কি কৰিছে কব নোৱাৰোঁ৷ মই মুঠতে বাক্যালাপত ব্যস্ত আছোঁ৷ জানি আচৰিত লাগিল যে তাৰে এগৰাকীৰ সৰু ভায়েকটো হেনো এভাৰেষ্টাৰ! নামটো তাপি ম্ৰা৷ মাউণ্ট এভাৰেষ্টত আৰোহণ কৰা প্ৰথম অৰুণাচলী পুৰুষ পৰ্বতাৰােহীজন তেৱেঁই৷ অনেক কথাৰ মাজতে বায়েকে গৌৰৱেৰে ভায়েকৰ বিষয়ে সবিস্তাৰে কৈ যাব ধৰিলে৷ কৌতূহলী মনটো মোৰো সৰ্বসময় জাগ্ৰত হৈ থাকিল৷

তাপি ম্ৰাৰ জন্ম ১৯৮৫ চনৰ ১২ ডিচেম্বৰত৷ উজনি সোৱণশিৰি জিলাৰ লিমেকিঙৰ বাসিন্দা তেওঁ৷ আমি আহোঁতে পৰ্বতৰ বক্ষত লিমেকিং নামৰ আকৰ্ষণীয় ঠাইডোখৰ পায়ে আহিছোঁ৷ স্কুলত পঢ়ি থাকোঁতেই তাপিয়ে ৰেডিঅত এভাৰেষ্টাৰ বাছেন্দ্ৰী পালৰ নাম শুনিবলৈ পাইছিল৷ দুঃসাহসিক ক্রীড়াৰ প্ৰতি তাপি আগৰে পৰাই অতিশয় আগ্ৰহী আছিল৷ দেউতাক য়ামিন ম্ৰাই সৰুৰে পৰাই পুত্ৰক অনুপ্ৰেৰণা যোগাই আহিছিল পৰ্বত আৰোহণৰ দিশত আগ বাঢ়িবলৈ৷ তাপিয়েও তেতিয়াই জ্যেষ্ঠসকলৰ আগত কৈছিল যে তেওঁ নিজৰ জিলাখনতে থকা বৰফাবৃত্ত দাদি ক্রি পৰ্বতত আৰোহণ কৰিব বিচাৰে৷ দাদি ক্রিৰ উচ্চতা প্ৰায় ৫,০০০ মিটাৰ৷ অন্যান্য আৰোহণকাৰী আৰু ইণ্ডিয়ান আৰ্মীৰ লোকৰ সৈতে তেওঁ দুই-তিনিবাৰ সেই পৰ্বতত বগাইছিল৷

তাপি ম্ৰাই পৰ্বতাৰোহণৰ প্ৰাথমিক প্ৰশিক্ষণ গ্ৰহণ কৰে দাৰ্জিলিঙৰ হিমালয়ান মাউণ্টেনিয়াৰিং ইনষ্টিটিউটত৷ হিমাচল প্ৰদেশৰ মানালিত পেৰাগ্লাইডিঙৰ চাৰ্টিফিকেট পাঠ্যক্রমৰ উপৰি পংডামত তেওঁ জলক্রীড়াৰ প্ৰশিক্ষণ লয়৷ ইফালে দৰিদ্ৰতাৰ লগতে পৃষ্ঠপোষকৰ অভাৱে তাপিৰ পৰ্বতাৰোহণকাৰী হোৱাৰ সপোন পূৰ্ণ হোৱাত যথেষ্ট হেঙাৰ জন্মাইছিল৷ মাউণ্ট এভাৰেষ্ট বগাবলৈ হলে বহুত ধনৰ দৰকাৰ৷ প্ৰয়োজন হোৱা সেই খৰচ-পাতি সময়মতে গোটোৱাটো তেওঁৰ বাবে সহজসাধ্য কথা নাছিল৷ তৎসত্ত্বেও মনটোক দমাই ৰাখিব নোৱাৰি নিজাববীয়াকৈ যিখিনি পাৰে পুঁজি যোগাৰ কৰিবলৈ মনস্থ কৰিলে৷ পৃথিৱীৰ শিখৰত পদাৰ্পণ কৰাৰ তাগিদাতে অৰুণাচলীৰ ষ্টেটাচ চিম্বলস্বৰূপ ঘৰৰ চাৰিটা মেঠোন তেওঁ এদিন বিক্রী কৰি দিলে৷ পাছত অৰুণাচল প্ৰদেশ চৰকাৰে তেওঁক ১০.৭৫ লাখ টকাৰে সহায় কৰে৷ তাৰোপৰি স্থানীয় কেতবোৰ সংঘয়ো তাপিলৈ যৎপৰোনাস্তি অৰ্থ সাহায্য আগ বঢ়াইছিল৷

তাপি ম্ৰা ভাৰতীয় পৰ্বতাৰোহণ অভিযানৰ ইতিহাসত এক বিৰল কৃতিত্বৰ অধিকাৰী৷ তেওঁৰ ইচ্ছা আছিল বেছ কেম্পৰ পৰা আৰম্ভ কৰি কতো নোৰোৱাকৈ দিনে-নিশাই আৰোহণ কৰি ২৪ ঘণ্টাৰ ভিতৰত বিশ্বৰ সৰ্বোচ্চ উচ্চতাৰ পৰ্বতশৃংগ মাউণ্ট এভাৰেষ্টত উঠা আৰু তাৰ মাধ্যমেৰে ভাৰতৰ সবাতোকৈ খৰগতিৰ এভাৰেষ্টাৰ হোৱাৰ গৌৰৱ অৰ্জন কৰা৷ এই লক্ষ্য পূৰণৰ বাবে তাপিয়ে কেইবাটাও পৰীক্ষাত অৱতীৰ্ণ হবলগীয়া হৈছিল৷ বতৰৰ অনুকূলতালৈ চাই এই দুৰন্ত সাহসী  আৰু শক্তিশালী আৰোহণকাৰীজন এদিন সাজু হৈ পৰিল৷

শ্বেৰ্পা কৰ্ম থাপাৰ সৈতে দক্ষিণ ঢালেদি অভিযান চলাই তাপি ম্ৰাই এভাৰেষ্টত ভাৰতীয় ত্ৰিৰংগ পতাকাৰ লগতে অৰুণাচল প্ৰদেশৰ নিচান উৰুৱাবলৈ সমৰ্থ হয়৷ ইয়াৰ আগতে ২১.৪.২০০৭ত তেওঁ খালী ভৰিৰে নেপালৰ ৬,১৬০ মিটাৰ উচ্চতাৰ আইলেণ্ড শৃংগ আৰোহণ কৰিছিল৷ সেই অভিযানে এভাৰেষ্টৰ প্ৰতি তেওঁৰ দৃঢ়তা বহু পৰিমাণে বৃদ্ধি কৰে৷ ইয়াৰ পাছত তেওঁ ২০.৬.২০০৮ তাৰিখে নেপালৰে ৬,৬৫৪ মিটাৰ উচ্চতাৰ মেৰা শৃংগ বিজয় কৰিছিল৷ ২০০৯ চনত অন্য দুজন ভাৰতীয়ৰ সৈতে তেওঁ মাউণ্ট এভাৰেষ্টলৈ চলোৱা যুটীয়া অভিযানত ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰিছিল৷ বেছ কেম্প পোৱাৰ পাছত জলবায়ুৰ সৈতে খাপ খাবৰ বাবে তেওঁ তাত এমাহ পৰ্যন্ত ৰৈ যাবলগীয়া হৈছিল৷ এভালেন্সে অভিযানটোৰ কিছু সদস্যৰ প্ৰাণ কাঢ়ি লৈছিল৷ তেওঁ অনুভৱ কৰিছিল যে স্বপ্নৰ অভিযানটো হয়তো আধাতে ত্যাগ কৰিব লগা হব পাৰে৷ প্ৰতিকূল পৰিস্থিতিত পৰি তেওঁ ইমানেই শংকিত হৈছিল যে ঘৰলৈ ঘূৰি আহিবলৈকে ওলাইছিল৷ কিন্তু দুঃসাহসিক অভিযানটোত তেওঁক সহায় কৰা কেইজনমান লোকৰ মুখবোৰে তেওঁক তেনে নকৰিবলৈ বাধ্য কৰালে আৰু লক্ষ্যপথত দৃঢ়মনে আগ বাঢ়ি থাকিল৷

১.৫.২০০৯ তাৰিখে ২৫ বছৰ বয়সত ৮,৮৪৮ মিটাৰ উচ্চতাৰ মাউণ্ট এভাৰেষ্ট শৃংগত সফলতাপূৰ্বক আৰোহণ কৰি অহাৰ পাছত সোধা প্ৰশ্নৰ উত্তৰত তাপিয়ে কৈছিল যে শৃংগ পাওঁতে তেওঁৰ মনত এটা স্বৰ্গীয় অনুভূতি জাগিছিল৷ পৃথিৱীৰ শীৰ্ষবিন্দুত থিয় হৈ সকলো পাহৰি যোৱা যেন লাগিছিল৷ ঐতিহাসিক কাৰ্যটি সম্পাদন কৰি ঘূৰি অহাৰ পাছত তাপিয়ে অৰুণাচলৰ তেতিয়াৰ ৰাজ্যপাল জেনেৰেল জে. জে. সিং আৰু মুখ্য মন্ত্ৰী দৰ্জী খাণ্ডুক এভাৰেষ্টত ভাৰতীয় জাতীয় পতাকাৰ সৈতে তোলা নিজৰ ফটোৰ উপৰি শিখৰৰ পৰা বুটলি অনা শিলাখণ্ডও উপহাৰ দিয়ে৷

২০১০ চনৰ ১৯ ফেব্ৰুৱাৰী তাৰিখে ভায়েকে আফ্ৰিকাৰ ভিতৰত সৰ্বোচ্চ ৫,৮৯৫ মিটাৰ উচ্চতাৰ মাউণ্ট কিলিমাঞ্জাৰোৰ উহুৰু শৃংগত বগোৱাৰ বিষয়েও বায়েকে কথা প্ৰসংগত মোৰ আগত উৎসাহেৰে জনালে৷ গৌৰৱেৰে জনালে যে তাৰ পাছত ২০১১ চনৰ ৩১ মে' তাৰিখে তাপিয়ে অষ্ট্ৰেলিয়াৰ ২,২২৮ মিটাৰ উচ্চতাৰ মাউণ্ট কছচিউঝকো শিখৰত উঠে৷ এছিয়া আৰু আফ্ৰিকাৰ সৰ্বোচ্চ পৰ্বত শিখৰ সফলতাৰে আৰোহণ কৰা পৰ্বতাৰোহী হিচাপে লিমেকিঙৰ এই দুৰ্জেয় তাগিন যুৱকজনেই একমাত্ৰ ব্যক্তি৷ ক্ষুদ্ৰ ব্যৱসায়ী মহিলাগৰাকীৰ আন এজন ভায়েকে মণিপুৰত ডাক্তৰী পঢ়ি আছে৷ এই দুয়োগৰাকী মহিলাৰে সন্তানকেইটা ডাপৰিজোত হোষ্টেলত থাকি স্কুলত পঢ়ে৷ এনেকুৱা ভিতৰুৱা অঞ্চলত অতি কষ্টকৰ জীৱন কটায়ো লৰা-ছোৱালীক আধুনিক শিক্ষাৰে শিক্ষিত কৰাৰ প্ৰতি থকা তেওঁলোকৰ যোগাত্মক চিন্তা আৰু কৰ্মত অভিভূত নহৈ নোৱাৰিলোঁ৷ মাউণ্টেনিয়াৰিঙৰ প্ৰতি আকৰ্ষণো এই মানুহবোৰৰ এটা স্বভাৱজাত কথা যেনেই লাগিল৷





(পৰৱৰ্তী খণ্ড - সোৱণশিৰিৰ পাৰত হেঁপাহৰ এসন্ধ্যা)

No comments:

Post a Comment