Monday, 2 May 2016

দিন চাৰি  ৷৷ ৩.১১.২০১৫
১. কেতেনালাৰ চিকুণ পুৱাটি



পুৱা সোনকালেই সাৰ পালোঁ৷ অভ্যাসটোৱেই তেনেকুৱা৷ ইফালে আগনিশা শোৱাৰ আগতেই গৃহস্থনীৰ পৰা চুপেচাপে গম লৈ থৈছিলোঁ, প্ৰাতঃকৰ্ম সমাপনৰ অৰ্থে তেওঁলোকৰ কোন দিশে কি ধৰণৰ ব্যৱস্থাপনা উপলব্ধ আছে৷ আন্ধাৰতে তাই মোক আঙুলিয়াই দেখুৱালে৷ জখলাডাল নামি সোঁহাতে, ঘৰৰ কাষে কাষে, পিছফালে৷ লগতে এইটোও কলে যে সেইফালেৰে নৈলৈকো যাব পাৰি, কিন্তু সাৱধান৷

মোৰ সৈতে মানুহঘৰৰ বন্ধুত্ব বেছ জমি উঠিছে৷ সৰুৰে পৰাই জনজাতি অধ্যুষিত অঞ্চলত বাস কৰিছোঁ৷ সেয়ে পাৰ্বত্যই হওক, সমভূমিৰ বাসিন্দাই হওক, চিনাকি নাথাকিলেও এনে লোকৰ সৈতে মিলামিছাত অকণো অসুবিধা নাই৷ সোনকালেই মনৰ ওচৰ চাপিব পৰা, আপোন কৰি লব পৰা দস্তুৰ এটা আপোনা-আপুনি হৈ গৈছে৷ সেই একেটা প্ৰক্ৰিয়াই ক্রিয়া কৰিছে অচিনাকি তাগিন মানুহৰ সৈতেও৷ আনহাতে আমাৰ মাজৰে কোনো কোনোৱে কিন্তু কিছু দূৰত্ব বজাই চলিছে৷ এতিয়াও সহজ হব পৰা নাই৷ জনজাতীয় জীৱনশৈলী আৰু খাদ্যাভ্যাসত একেবাৰে অনভ্যস্ত বাবে তেনে হোৱাটো স্বাভাৱিক৷ মনৰ মাজত অহেতুক কিছুমান সংশয় বা প্ৰশ্নবোধকে ক্রিয়া কৰি থাকিলেও আঁতৰত অৱস্থান কৰাটো একো অস্বাভাৱিক নহয়৷ দৈনন্দিনৰ সমাজ বা পৰিৱেশতকৈ সম্পূৰ্ণ ভিন্নৰূপী এনে ধৰণৰ সমাজ বা পৰিৱেশত জীৱনত আগতে কেতিয়াও থাকি নোপোৱা, ৰীতি-নীতিত ঘপকৈ খাপ খাব নোৱাৰাটো সাধাৰণ কথা৷ তাতে দয়মত দেখি-শুনি অহা আচিংমুৰি স্থল আৰু সেই দুৰ্নামী কাণ্ডটোৱে স্থানীয় মানুহবোৰৰ প্ৰতি মনটোক অনৱৰতে শংকিত কৰি ৰাখিবও পাৰে৷ তাতে আকৌ প্ৰদীপদাই কথাই কথাই আচিংমুৰিৰ উদ্ধৃতি দি আটাইকে পদে পদে সাৱধান কৰি আহিছে৷ সি যি কি নহওক, সময় আৰু অভ্যাসে, মৰম-চেনেহ, বিশ্বাস আৰু ভাবৰ আদান-প্ৰদানে এনে আশংকা নিশ্চয় নাইকিয়া কৰিব৷ তাৰ বিপৰীতে আমাৰ চমজদাৰ শিল্পী ডক্টৰ ভূপেন হাজৰিকাই চিঞৰি চিঞৰি গাই যোৱা মিলিব লাগে, মিলাব লাগে, জীণ যাবলৈ হলে কথাষাৰ সাৰোগত কৰিবলৈ চেষ্টা কৰাটোহে সময়োপযোগী ভাল কথা৷

ধীৰ-স্থিৰ, চিকুণ-গহীন কেতেনালাৰ কাহিলি পুৱাৰ পৰিৱেশ৷ আগৰাতি আমা ম্ৰাই মোক বুজাই থোৱামতেই পুৱাতে প্ৰয়োজনীয় স্থানটিৰ সন্ধান আৰম্ভ কৰি দিলোঁ৷ পিছফালে ৫০-৬০ খোজমান অাঁতৰত ড্ৰামশ্বিটেৰে সজা বিশেষ গৃহটি দেখা পায়ো গলোঁ৷ তেনেতে শুনিলোঁ যে প্ৰদীপদাহঁত বাল্টি-মগ লৈ নৈলৈ গৈছে৷ গম পায়েই শেনটোৰ দৰে ময়ো পিছখেদি গৈছিলোঁ৷ কিন্তু লগ ধৰিব নোৱাৰিলোঁ৷ ফেঁচাটোৰ দৰে ঘূৰি আহিলোঁ৷ প্ৰদীপদা আৰু ফৰিদাবাদী দুটা মুহূৰ্ততে হাবিৰ মাজত কেনিনো হেৰাই গল ততকে নাপালোঁ৷ বটলত পানী ভৰাই নিয়া তিনিও তেতিয়ালৈ তিনিফালে নিশ্চুপ হলেই৷ হাবিয়নীৰ মাজেৰে নৈলৈ বাট থকাৰ কথাটোও আমাই কালিয়ে মোক নোকোৱা নহয়, কৈছিল৷ পিছে সোৱণশিৰিৰ সেই বলিয়া সোঁতৰ সৈতে খেলা কৰাৰ মতলব আৰু সাহস আনৰ থাকিলেও মোৰ মুঠেই নাই৷ সাঁতুৰিব মই নাজানো৷ আগ বয়সত শিকা নহল৷ জীৱনৰ বাবে দৰকাৰী এই কামফেৰা জানিবলৈ তেনেই থাকি গল৷ এতিয়া বাৰে বাৰে পস্তাওঁ৷ সেয়েহে পানী বুলিলেই সাৱধানতাৰ বিষয়টোক সৰ্বদা সৰ্বোচ্চ গুৰুত্ব দিবলগীয়াত পৰোঁ৷ আৰু সাঁতুৰিব জানিলেওনো কি? সোৱণশিৰিৰ জলস্ৰোতক প্ৰত্যাহ্বান জনোৱাটো নিঃসন্দেহে হবগৈ মূৰ্খামিৰ সমতুল্য৷ হেনজানি জানি-শুনি বিপদ চপাই লোৱাতকৈ টুথব্ৰাছডাল হাতত লৈ পুনৰবাৰ ৰাস্তাৰ দাঁতিলৈকে এখোজ-দুখোজকৈ ওলাই গলোঁ৷ যোৱাৰাতি গ্ৰেফৰ কেম্পলৈ যোৱাক লৈ ঘূৰি আহি চাঙত উঠিয়েই খোৱা গঞ্জনাৰ ছবিখনো একে সময়তে মনৰ পৰ্দাত বিৰিঙি উঠিল৷

প্ৰদূষণশূন্য চৌপাশ৷ নিৰ্মল বতাহ৷ মেঘেঢকা আকাশ৷ ফলা বাঁহৰ মাজেৰে পাহাৰৰ পৰা মুকলিলৈ বোৱাই অনা জুৰিৰ পানী পকী পথটোৰ সিটোফালে অকণমান আগলৈ অহৰহ পৰিয়েই আছে৷ ব্যৱহাৰ হওক বা নহওক কথা নাই৷ সেই স্থানত একক কিম্বা সমূহীয়াকৈ গা ধোৱা, কাপোৰ ধোৱা, মুখ ধোৱা সকলো কাৰ্যসূচী চলে৷ একো বাধা নাই৷ মুক্ত প্ৰাকৃতিক গোচল-খানা৷ আচলতে পানী, খৰি প্ৰভৃতি দৈনন্দিনৰ লাগতিয়াল বস্তুবোৰৰ অভাৱ ইয়াত একেবাৰে শূন্য৷


পৃথিৱীৰ চাৰি ভাগৰ তিনি অংশই পানীয়ে আগুৰি আছে বুলি আমি সৰুতে কিতাপত পঢ়িছিলোঁ৷ ডাঙৰ হৈ শুনিলোঁ, এই জলৰাশিৰ মাত্ৰ তিনি শতাংশ পানীহে বোলে পেয় জল হিচাপে ব্যৱহাৰোপযোগী৷ আকৌ, খাবৰ উপযোগী পানীৰো মাথোন এক তৃতীয়াংশ পানীহে হেনো মানুহৰ কাৰণে সহজলভ্য৷ এতিয়া একাংশ পণ্ডিতে এইবুলিও বোলে ভৱিষ্যদ্বাণী কৰিছে যে কেতিয়াবা যদি তৃতীয় বিশ্বযুদ্ধ এখন হয়, সেইখন লাগিব পানীৰ বাবেই৷ বিশ্বৰ চুকে-কোণে অকল্পনীয় জল-সংকটে মানুহৰ নাজল-নাথল অৱস্থাৰ সৃষ্টি ইতিমধ্যে নকৰা নহয়, কৰিছে৷ ভাৰততো অনুৰূপ অৱস্থাৰ উদ্ৰেক হৈছে৷ জলস্তৰ নিম্নগামী হৈ পৰিছে অনেক নগৰ-মহানগৰৰ৷ পানীৰ বাবে ভীষণ হাহাকাৰ৷ বাৰ্ষিক বৃষ্টিপাতৰ হাৰ তুলনামূলকভাৱে বেছি বাবে উত্তৰ-পূৰ্বাঞ্চল যেনিবা এই দিশত কিছু সুস্থিৰ হৈ আছে৷ তথাপিও এইটো মিছা নহয় যে কোনো কোনো স্থানৰ মানুহে বিশুদ্ধ পানীকণৰ বাবে জীয়াতু ভুগিবলগীয়া হৈছে৷

জানিব পৰামতে মহাৰাষ্ট্ৰৰ মাৰাথৱাড়া অঞ্চলত ৰেলগাড়ীৰ দ্বাৰা মানুহক পানী যোগান ধৰিবলগীয়া পৰিস্থিত হৈছে৷ পানীৰ বাবে সংঘৰ্ষ লাগিছে৷ পানীৰ নাটনিৰ বাবেই ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ খেল আদালতে অন্য স্থানলৈ স্থানান্তৰিত কৰিবলৈ নিৰ্দেশ দিছিল৷ দক্ষিণ ভাৰততো একে কথা৷ ইফালে গংগা নদীৰ পানী অত্যধিক হাৰত কমি যোৱাৰ পৰিপ্ৰেক্ষিতত ফাৰাক্কা জলবিদ্যুৎ প্ৰকল্প কেইদিনমানলৈ বন্ধ কৰিবলগীয়া অৱস্থা হৈ গৈছে৷ চীন আৰু অৰুণাচল প্ৰদেশৰ কেইবাখনো নদীত নিৰ্মাণ কৰি থকা জলবিদ্যুৎ প্ৰকল্পৰ নদীবান্ধসমূহৰ বাবে অসমৰ ভালেকেইখন নদীৰ জলস্তৰ হ্ৰাস পোৱাৰ সম্ভাৱনা ইতিমধ্যে অধ্যয়নকাৰীসকলে ব্যক্ত কৰিছে৷ পানীৰ অপচয় ৰোধ কৰিবলৈ চৰকাৰে বিজ্ঞাপন দিবলগীয়া হৈছে৷ বৰষুণৰ পানী জমা কৰি দৰকাৰত ব্যৱহাৰৰ কৰাৰ আহ্বান, পৰামৰ্শ আৰু উদ্‌গণি দিবলগীয়া হৈছে খুদ দেশৰ প্ৰধান মন্ত্ৰীজনেও৷

আন কথা বাদ, পানী ইয়াত উভৈনদী৷ আমি বাতৰি কাকতৰ পৃষ্ঠাত দেখাৰ দৰে দেশৰ খৰাংপীড়িত কোনো ঠাইত ডাৱৰহীন আকাশলৈ চাই সন্দিহান ভাবত বহি থকা, ৰছী-বাল্টি লৈ একেটা কুঁৱাতে পানী তুলিবৰ বাবে এপালমানে শাৰী পাতি থকা, চৰকাৰী গাড়ীৰে যোগান ধৰা পানী লবলৈ কৰা অস্বস্তিকৰ হেতা-ওপৰা, সেইবোৰ ইয়াত নাই৷ বিগত ৩০ বছৰ ধৰি বৰষুণৰ পানীকে সংৰক্ষণ কৰি চলিবলগীয়া হোৱা জয়পুৰৰ লেপৰিয়া গাঁৱৰ দৰে অবিশ্বাস্য তথা বিষম দুৰৱস্থাও ইয়াত নাই৷ জুৰিৰ পৰা টানি অনা পানী ৰাস্তাৰ কাষত দিনে-ৰাতিয়ে সমানে পৰি আছে৷

ঐহিক নগৰীয়া জীৱনৰ কাৰুকাৰ্যই মানুহক হায়ৰাণ আৰু পাগল কৰি পেলোৱা ধৰণৰ বিশৃংখলতাৰ বিপৰীতে কুমাৰী প্ৰকৃতিৰ মাজত বিৰাজমান শ্বাসৰুদ্ধকৰ সৌন্দৰ্যৰে পৰিৱেষ্টিত পাহাৰীয়া ঠাই এইবোৰ৷ এনে ঠাইবোৰ পৰিসৰত অকণমানি যদিও পৰ্যটকৰ বাবে প্ৰত্যেককে একো একোখন অতিশয় শান্তিময় লক্ষ্যস্থল বুলি অভিহিত কৰিব পাৰি৷ আনহাতে নিস্তব্ধতাৰ মাজত অৱস্থিত এইবোৰ স্থানক লৈ হৈ-চৈ বা প্ৰচাৰো শূন্য৷ এতিয়াও প্ৰকৃতি-উদ্বাউল, বন্যজীৱনপ্ৰেমী, জনজাতীয় জীৱনচৰ্যা অধ্যয়নকাৰী মুষ্টিমেয় লোকৰ আগমনস্থলেই হৈ আছে অৰুণাচলৰ ভিতৰুৱা এনেবোৰ ঠাই৷ সৰহ মানুহৰ আহ-যাহ আজিও নাই৷

নিজৰাৰ শীতল জলত চকু-মুখ ধুই এক ধৰণৰ সতেজতা অনুভৱ কৰিলোঁ৷ তাৰ পাছত স্থানীয় কাৰুকাৰ্যৰে সজা তানিহঁতৰ শৌচাগাৰটোত পদাৰ্পণৰ অৰ্থে আহিল প্ৰকৃতিৰ আহ্বান৷ ড্ৰামশ্বিটৰ দৰজাখন ঠেলি দিয়া হল৷ মুখতে মস্ত পাইপ এডালৰ মূৰটো৷ পানী দেখোন নাই! কি হব এতিয়া? চাঙৰ ওপৰত ৰৈ থকা তানিক কথাটো শুনাবলৈহে পালোঁ, দৌৰ মাৰি গৈ পাকঘৰৰ ফালৰ পৰা কানেকচনটো লগালে৷ আকৌ দৌৰি আহি মোলৈ গ্ৰীণ ছিগনেল দি দিলে৷ পাইপেৰে নিৰ্গত পানী অনৰ্গলভাৱে পৰিবলৈ ধৰিলে৷ যিমান লাগে কোনো কথা নাই৷ প্ৰকৃতিয়ে সাজি দিয়া শৌচালয়হে যেন এইটো! এনে লাগিছে, শিলৰ মাজেদি যেনিবা পাহাৰীয়া জুৰি এটাহে বৈ আছে! পানীক লৈ চিন্তা কৰিবলগীয়া আৰু একো নাথাকিল৷ পানী, পাকঘৰ আৰু পায়খানা মানুহক এই তিনিটা প সদায় ঠিক-ঠাক লাগে৷ কেতেনালাত এই সংক্ৰান্তত অন্ততঃ ভাবিবলগীয়া নাই৷ বুকুত হাত দি কব পাৰি৷

সুখস্মৃতি কিছুমান মনত লৈ বাহিৰ ওলাই আহোঁতে নৈৰ পাৰৰ ফালে হেদালি আৰু তাৰ আশে-পাশে কিবাকিবি শইচৰ খেতি এডৰা পৰিলক্ষিত হল৷ ঠেক উপত্যকা আৰু সমান মাটিৰ পৰিমাণ কম বাবে এই ঠাইবোৰত কৃষি-কৰ্ম কৰাত যথেষ্ট অসুচলতা আছে৷ জুম খেতি অলপ-অচৰপ হয়৷ বছৰৰ ছমাহ কৃষিহীন সময়৷ সেই সময়ত চিকাৰ কৰি, মাছ ধৰি, জংঘলী খাদ্য আৰু গছৰ ফল-মূল আহৰণ কৰিয়ে মানুহবোৰে পেট প্ৰৱৰ্তায়৷ উদ্যান শস্য এইফালে এতিয়াও প্ৰাথমিক অৱস্থাতে আছে৷ গতিকে অৰ্থনীতিত সি বিশেষ একো প্ৰভাৱ পেলাব পৰা নাই বুলিয়ে মোৰ মনত বিশ্বাস ঘনীভূত হল৷

প্ৰাতঃক্রিয়া সমাপনৰ পাছত ক্ষন্তেকলৈ জুইকুৰাৰ দাঁতিত বহিলোঁহি৷ পুৱাৰ ঠাণ্ডাৰ মৰকামোৰটো লগে লগে নোহোৱা হৈ পৰিল৷ তাৰ লগে লগে আমাই যতনাই দিয়া ৰঙা চাহত চুমুক দিলোঁ৷ নিজৰ টোপোলা-টাপলিবোৰ সামৰাতো সমানেই মন দিবলগীয়া হল৷ কাৰণ সময়ৰ কথা আছে৷ আমাক আলপৈচান ধৰা তাগিন ভনীটিহঁতো আহি পালে৷ অলপ পাছতে বিতৰণ হল গৰম গৰম খিচিৰি৷ আজি দুপৰীয়া আমাৰ কাৰো ভাত খোৱা নহব৷ চাউল একেবাৰে নিশালৈহে মিলিব৷ বাটত মেগী নুডলছ হয়তো এবাৰ পাম৷ গতিকে পুৱাতে চলি গব্ৰান্স; মানে, ব্ৰেকফাষ্ট আৰু লান্স একেলগে! তাকে যিয়ে যিমান পাৰে ভালকৈ খাই ললে৷ ৰাজীৱ ভট্টাচাৰ্যই গৃহস্থনীক প্লাষ্টিকৰ ঠোঙা এটা খুজি তাত কেইহেতামান ভৰায়ো লোৱা দেখিলোঁ, ভোক লাগিলে বাটত খাবলৈ৷ ভাল লাগিছে যে আগন্তুক ট্ৰেকিং-কেম্পিঙত তেৱোঁ আমাৰ সৈতে দলত আছে৷ আলফাৰ মুখ্য সেনাধ্যক্ষৰ আছুতীয়া সাক্ষাৎকাৰ লবলৈ ২০১২ চনত কণ্টকাকীৰ্ণ পথেৰে অনেক প্ৰতিকূলতা নেওচি একেলেথাৰিয়ে কৰা ৪৩ দিনীয়া শিহৰণকাৰী পদযাত্ৰাটোৱে অধুনালুপ্ত চেভেন চিষ্টাৰ্ছ পষ্টৰ সাহসী ডেকা সাংবাদিক তথা শক্তিশালী লেখকজনৰ প্ৰতি মোৰ মনত অনুসন্ধিৎসাৰ ভাব এটা তেওঁৰ দ্বাৰা লিখিত পৰেশ বৰুৱাৰ সন্ধানত কিতাপখন পঢ়াৰ পাছৰে পৰাই জগাই থৈছে৷

(পৰৱৰ্তী লেখা পদযাত্ৰাৰ আৰম্ভণি)

No comments:

Post a Comment