দিন তিনি ৷৷ ২.১১.২০১৫
ভাত খোৱাৰ পাছত গৃহস্থৰ নিৰ্দেশত ছোৱালীকেইজনীয়ে
ঢাৰিবোৰ চাফা কৰিলে৷ তাৰ পাছত এফালৰ পৰা শাৰী শাৰীকৈ কাৰ্পেট কিছুমান পাৰি গ’ল৷ প্ৰয়োজন অনুসৰি গাৰু আৰু কম্বলৰো
যোগান ধৰিলে৷ মোৰ ৰাক্চেকত মজুত আছিলেই যদিও পৰিষ্কাৰ গাৰু এটা আৰু মস্ত কোৰিয়ান ব্লেংকেট
এখন মোকো দিলেহি৷ আলহীৰ বাবে সুন্দৰভাৱে আগ বঢ়োৱা ইমানসোপা যা-যোগাৰ তৎমুহূৰ্ততে
দেখা পাই বিচুৰ্তিয়ে খালোঁ৷ বাকীসকলে সুবিধা অনুযায়ী নিশাটোৰ বাবে নিজ নিজ ঠাই ইতিমধ্যে অধিগ্ৰহণ
কৰিছেই৷ জুইকুৰাৰ পৰা উম পাই থকাকৈ ময়ো মোৰ শয্যা তৈয়াৰ কৰিলোঁ৷ দিনৰ দিনটো কৰা দীঘলীয়া
যাত্ৰাৰ ফলস্বৰূপে যাত্ৰীসকল ভাগৰুৱা হৈ পৰিছে৷ সৰহসংখ্যকেই কম সময়তে টোপনিৰ কোলাত আশ্ৰয় ল’লে৷
আমাৰ খোৱা-শোৱাৰ থান-থিত লগোৱাৰ পাছত গৃহস্থনী
আৰু তেওঁক সহায় কৰা ওচৰৰে ছোৱালী এজনীয়ে একেলগে ভাত খালে৷ বাকীবোৰে ইতিপূৰ্বে বিদায় লৈছে৷ খাই উঠিয়ে দুয়ো পুৱা পদযাত্ৰাৰ
আগে আগে আমাক খুৱাবলৈ ৰান্ধিবলগীয়া খিচিৰিৰ কাৰণে চাউল-দাইল বছাত লাগিল৷ নতুনকৈ খৰি জাপি জুইকুৰা বঢ়াই
দি আৰু কিছুমান কাম আগুৱাই থ’লে৷ অতিথি শুশ্ৰূষাৰ উদ্যম দেখি তাজ্জপ মানিলোঁ৷
সামান্যও এলাহ নকৰাকৈ একেৰাহে, ক্লান্তিহীনভাৱে
কাম কৰি থাকিব পৰা শাৰীৰিক ক্ষমতা আৰু মানসিক ইচ্ছা-আগ্ৰহ দুয়োটাই মোৰ মনোযোগ আকৰ্ষণ কৰিলে৷
শেতেলিত কাটি হৈ বাগৰি তেওঁলোকৰ কাম সমাপ্ত নোহোৱা পৰ্যন্ত দুয়োৰে সৈতে মই নানা বিষয়ক
কথা পাতি থাকিলোঁ৷ নতুন ঠাইডোখৰ আৰু স্থানীয় বাসিন্দাসকলৰ জীৱন প্ৰণালী সম্বন্ধে জানিবৰ যত্ন
কৰিলোঁ৷ গন্তব্যস্থলবোৰৰ মৌলিক পৰিচয় হিচাপে গাণিতিক আৰু আপেক্ষিক অৱস্থান, ভৌগোলিক
ৰূপৰেখা, সংশ্লিষ্ট জনসমষ্টিৰ ক্রিয়াকলাপ, প্ৰাকৃতিক উপাদান, নিৰ্ভৰযোগ্যতা, স্বৰূপ আৰু ক্রমবিকাশৰ
আধাৰ, ঐতিহাসিক ঘটনা-পৰিঘটনা, ধৰ্মীয় আৰু অন্যান্য আৰ্থ-সামাজিক বৈশিষ্ট্য তথা বৈচিত্ৰ,
মাটি-পানী-জলবায়ু-জীৱজগতৰ বিষয়ে অধ্যয়ন তথা সম্যক জ্ঞান আহৰণ কৰি লোৱাটো ভ্ৰমণকাৰীৰ বাবে এটা
জৰুৰী কথা৷ তদনুৰূপ জিজ্ঞাসা আৰু অনুসন্ধিৎসাৰ বশৱৰ্তী হৈয়ে প্ৰস্তুতি পৰ্বত আগতীয়াকৈ
কিছু কথা আয়ত্ত কৰি থ’লেও ক্ষেত্ৰ অধ্যয়নৰ সুযোগ এতিয়াহে যেন হাতত আহি পৰিল!
পাহাৰীয়া ঠাণ্ডা ঠাই যদিও আমা ম্ৰাৰ ঘৰত সুৰাৰ
প্ৰচলন মুঠেই নাই৷ দূৰৰ অতিথি বুলি আমাৰ বন্ধুসকলক নিজৰভাগে ব্যৱহাৰৰ অনুমতি অৱশ্যে
নিদিয়াকৈ থকা নাই৷ সেইটো নিঃসন্দেহে উদাৰতাৰ পৰিচয় বুলি ক’ব লাগিব৷ তেওঁলোকে মদ
তৈয়াৰো নকৰে, কোনেও নাখায়ো৷ সুৰাপায়ীৰ প্ৰতি ‘বহুত মায়া লাগতা হ্যায়’ বুলি কথা প্ৰসংগত আমাই বৰ
বিহ্বল কণ্ঠেৰে ব্যক্ত কৰিলে৷ শোগত যেন কান্দিয়ে দিব তাই! তানি-আমাহঁত নৈষ্ঠিক খ্ৰীষ্টান মানুহ৷ আহাৰ গ্ৰহণ কৰাৰ আগতে ৰীতিমতে প্ৰাৰ্থনা
জনায়৷ ওচৰতে গীৰ্জাঘৰটো৷ থলুৱাই হওক বা বিদেশীয়ে হওক, নিচাযুক্ত পানীয়ৰ কোনো কাৰবাৰ নথকা জনজাতীয়
গাঁও মই আগতেও দেখিছোঁ, গৈছোঁ আৰু আছোঁ৷ ২০১৩ চনত নামপঙৰ নংকি টাংচা বস্তিতো অনুৰূপ অভিজ্ঞতা হৈছিল৷ একে অভিজ্ঞতা ডং-২০১৫তো৷ ধৰ্মই এইটো সম্ভৱ কৰিছে৷ গতিকে জনজাতীয় মানুহৰ ঘৰত সাঁজপানীৰ প্ৰচলন নথকাৰ বিষয়টোত
জনৈক সংগীৰ দৰে মই একো আচৰিত হোৱা নাই৷
এইটো আটায়ে জনা কথা যে ধৰ্মীয় অস্তিত্ব ৰক্ষাৰ
কাৰণে একোটা পৰিয়ালত খাদ্য আৰু পানীয়ই এক গুৰুত্বপূৰ্ণ স্থান লাভ কৰে৷ জলবায়ু, ৰুচি, প্ৰাপ্তি আদিৰ
বাবে এখন ঠাইৰ নিৰ্দিষ্ট খোৱা-বস্তুৰ ধৰণ থাকে৷ বিভিন্ন জনজাতি আৰু গোষ্ঠীসমূহৰ স্বকীয়
খাদ্যাভ্যাসসমূহে তেওঁলোকৰ পৰিচয় আৰু স্বকীয়তা প্ৰকাশ কৰে৷ এই অঞ্চলৰ আবাসীসকলো তাৰ
ব্যতিক্রম নহয়৷ প্ৰকৃতিৰ বুকুত পোৱা উদ্ভিদ আৰু জীৱ-জন্তুৰ ওপৰত তেওঁলোক বহুলাংশে নিৰ্ভৰশীল৷
ঘন ক্রান্তীয় অঞ্চলৰ তাগিনসকলে আজিও চিকাৰ কৰিয়ে বৰ্তি আহিছে৷ দা এখনৰ লগতে বন্দুকটো
তেওঁলোকৰ জীৱন-যুদ্ধৰ নিত্যসহচৰ৷ অসমৰ দৰে অৰুণাচলৰ জনজাতিৰো এয়া অন্যতম বৈশিষ্ট্য৷ কটা, খন্দাকে
ধৰি দাখনেৰে দৈনন্দিনৰ বহু কামেই সমাপন কৰা হয়৷ দাখনক তেওঁলোকৰ আত্মপৰিচায়ক চিহ্নও বুলিব
পাৰি৷ আনহাতে বন্দুকৰ ব্যৱহাৰ চিকাৰ আৰু আত্মৰক্ষা উভয় লক্ষ্যতে চলে৷
পৰ্বতৰ কোলাত তেওঁলোকৰ কণমানি গাঁওবোৰ৷ গাঁৱৰ বাঁহৰ চাংঘৰ, আনুষ্ঠানিক শিক্ষাহীন জীৱন৷ পৰিৱেশৰ
পৰা সংগ্ৰহ কৰা বনৰীয়া শাক-পাত, ফল-মূলৰ উপৰি নৈপৰীয়া আবাসী হেতুকে তেওঁলোকে মাছ মাৰি
খায়৷ কোন স্থানত কোন কোনবিধ খাদ্য পোৱা যায়, কেতিয়া পোৱা যায় সেয়া তেওঁলোকে ভালকৈ
জানে৷ পুৰুষসকল চিকাৰ কৰা, মাছ মৰাত পাকৈত৷ ভয়-ভীত নাই৷ কান্ধত ওলমি থকা চোকা দাখন আৰু সবল বাহু দুটাই সাহস৷ মহিলাসকলো বৰ সাহসী৷ দুৰ্গম হাবিতলীয়া লুংলুঙীয়া বাটেৰে অকলেই আহ-যাহ কৰে, পৰ্বতত খৰি লুৰি ফুৰে৷ বোটলাত খুব অভ্যস্ত তেওঁলোক৷ ক্রান্তীয় অঞ্চলৰ
পাহাৰৰ ঢালত মানুহবোৰে জুম পদ্ধতিৰে সামান্য পৰিমাণে উদ্যান কৃষি কৰে৷ ঘৰুৱাভাৱে গাহৰি,
কুকুৰা আদি পশুপালনো কৰে৷ আহোঁতে বাটত আমি মেঠোন দেখা পাই আহিছোঁ৷ তানি ম্ৰাৰ ঘৰৰ বাহিৰতো
এগালমান গাহৰি শুই থকা দেখিছোঁ৷ টেঙৰ গাহৰি পোৱালিয়ে যাতে চাঙলৈ বগাই আহি বাৰাণ্ডাত
থোৱা আমাৰ খাদ্য-বস্তুবোৰ নিশা সোপাকে খাই আধ্যা পেলাব নোৱাৰে তাৰ সতৰ্কীকৰণ হিচাপে নিজৰ
কোঠালৈ শুবলৈ যোৱাৰ আগে আগে তানিয়ে জখলাৰে ওপৰলৈ উঠি অহা বাটটো ড্ৰামশ্বিট এখনেৰে
মজবুতকৈ ভেটি থ’লে৷ তাৰ পাছত মোক মাত লগাই তেওঁ বিছনালৈ
গ’ল৷
(পৰৱৰ্তী লেখা - তাগিনৰ আতিথ্যত সোৱণশিৰিৰ পাৰত প্ৰথম ৰজনী)
No comments:
Post a Comment