দিন পাঁচ ৷৷ ৪.১১.২০১৫
৮. হে’ড হাণ্টাৰৰ মুখামুখি
‘যেনিয়েই চকু যায় তেনিয়েই থমকি ৰয় নাচাবৰ মন নাই
একো৷’ সোঁৱে-ৱাঁৱে যেনিয়েই দৃষ্টিপাত
কৰোঁ তেনিয়েই চকু ৰৈ যায়৷ মায়াময় প্ৰকৃতি৷ তাৰ মাজতে চকামকাকৈ পশ্চিমৰ কেঁকুৰিত এবাৰ দলটোৰ দুজনমানক দেখা
পাইছিলোঁ৷ এক লহমাৰ বাবেহে মাত্ৰ৷ ইফালে আটাহ পাৰিলেও নুশুনা দূৰত্ব৷ সোৱণশিৰিৰ বৃহৎ গৰ্জনৰ
আগত টেঁটুফালি চিঞৰ মাৰিলেও কাম নাই৷ গতিকে ইন্দ্ৰিয় দমন কৰিবলৈ বাধ্য হ’লোঁ৷ দৌৰি-ঢাপৰি আগুৱাইছোঁ যদিও
অসমান, ক্রমাৎ ওখলৈ যোৱা আৰু টুকুৰা-টুকুৰ শিলগুটিৰে পৰিপূৰ্ণ ৰাস্তাটোত খোজৰ গতিবেগ পৰি
আহিল৷ বুকুৰ ধপধপনি বাঢ়িল৷ অৰূপদাহঁত অদৃশ্য হৈ গ’ল৷ কাৰ্যতঃ অসম্ভৱ হৈ দেখা দিলে তেওঁলোকক লগ ধৰাটো৷ টেণ্টৰ
পৰা অনেক দূৰত সোৱণশিৰিৰ পাৰত এতিয়াহে তেনেই অকলশৰীয়া অনুভৱ কৰিব ধৰিলোঁ৷ কি কৰা যায়? অকলে অকলে
আগলৈ যোৱাতকৈ তম্বুলৈকে উভতি যোৱাই উচিত হ’ব৷
মনৰ মাজতে গুণা-গঁথা কৰি যাওঁ কি নাযাওঁ খোজেৰে
নামনিমুৱাকৈ উভতিবলৈ লৈছোঁ৷ তেনেকুৱাতে তলফালৰ পৰা ৰকেশ, চিংকাৰ আৰু তাল’ক আহি থকা দেখিলোঁ৷ ঠাইতে ৰৈ
দিলোঁ৷ সিহঁত ওচৰ পালেহি৷ পিঠিত খাং, কান্ধত বেগ, ডেক্চি-কেৰাহী ইত্যাদি৷ সিহঁতে মোলৈ চাই চিনাকি
হাঁহি মাৰিলে যদিও কোনো প্ৰশ্ন নকৰিলে৷ ময়ো মোৰ অৱস্থাটো ইচ্ছা কৰিয়েই সিহঁতক নজনালোঁ৷
সিহঁতে মোক নদীৰ পাৰত ফুৰিবলৈ অহা বুলিয়েই ভাবি ল’লে কিজানি৷ গান গাই গাই একেৰাহে তিনিও উঠি গৈ থাকিল৷
ক’ত যাব, কি নিৰ্দেশ লৈ আহিছে একো গম নাপালোঁ৷ এই প’ৰ্টাৰবোৰে বৰ খৰকৈ খোজ দিয়ে৷
অবিশ্বাস্য অথচ একদম খাঁটি কথা যে পাহাৰত খোজ দিব নজনা মানুহে ইহঁতৰ সৈতে একে তালত মুঠেও যাব
নোৱাৰিব৷ হাবিতলীয়া ৰাস্তাবিলাকো আনকি প’ৰ্টাৰৰ নখ দৰ্পণত থাকে বুলি কোৱা হয়৷ পিছে আগত গৈ থকা দলটোৰ সাক্ষাৎ
নাপালেহে কি হ’বজানো? এইটো ৰাস্তাৰ কথা ইহঁতে বাৰু
জানেনে? জংঘলৰ মাজত অৰূপদাহঁতৰ অৱস্থিতি উলিয়াব পাৰিবনে? কেইবাটাও প্ৰশ্নই একে সময়তে
মনত জুমুৰি দি ধৰিলে৷ ইহঁতৰ সৈতে নোযোৱাটোৱেই ভাল হ’ব৷ তম্বুলৈ উভতি যোৱাৰ প্ৰৱণতাটো আকৌ উকালে৷ কিন্তু
হঠাতে কি হ’ল নাজানো, পৰুৱাই পোৱা মানুহৰ দৰে
তিনিওৰে পিছত যাবলৈ ধৰিলোঁ৷ গতি ধীৰ৷ তেনে খোজেৰে সিহঁতকেইটাক কোনোপধ্যে লগ ধৰা নাযায়৷
অৱধাৰিতভাৱেই আগৰ কেঁকুৰিত তিনিওটা নাইকিয়া হৈ পৰিল৷ আকৌ অকলশৰীয়া হ’লোঁ৷ চকুৱে দেখি থকা অৱস্থাত
কোনো নাই৷ তথাপি লাহে লাহে আগলৈ গৈ আছোঁ মই৷ হেৰাই যোৱাৰ আনন্দ ল’বলৈ গৈ সঁচাসচিকৈয়ে যেন হেৰাই
গৈছোঁ মধ্য অৰুণাচলৰ অভয়াৰণ্যৰ বক্ষত!
উঠি উঠি অলপদূৰ পাইছোঁগৈ৷ এনেতে বন্দুক আৰু দা
লৈ সিফালৰ পৰা আহি থকা দুজন মানুহ অকস্মাৎ মোৰ মুখৰ আগতে ওলাল৷ গাত জন্তুৰ ছালৰ জেকেট,
চামৰাৰ টুপী, অচিন বেশভূষা৷ অপৰিচিত স্থান, অপৰিচিত ব্যক্তি৷ অজানা ঠাই, দুৰ্গম অৰণ্যত
সাৱধানে চলা-ফিৰা কৰা উচিত বুলি জনা আছে৷ কি ঠিক, কাৰোবাৰ বাবে আমি অপ্ৰত্যাশিত অতিথিও
হ’ব পাৰোঁ৷ দেখিয়ে বুকুখন ঢিপিংকৈ
মাৰিলে৷ অচিনাকি নবাগতৰ প্ৰতি তেওঁলোকৰ মনোভাববা কেনে? আচিংমুৰি কাণ্ডটোৱেও একে সময়তে
মনত ৰেখাপাত কৰিলেহি৷ আজি আৰু শেষ৷ কাটিলে মোক৷ মূৰ কটাটো তেওঁলোকৰ সংস্কৃতি৷ দাখনৰ
পাছতে বন্দুকটো তেওঁলোকৰ সুৰক্ষা কবচ৷ এইবোৰ লগত থাকিলে কাৰোবাক আক্রমণ-প্ৰত্যাক্ৰমণ
কৰিবলৈও সৰহপৰ ভাবিব নালাগে৷ বিপৰীতে অস্ত্ৰহীন, শক্তিহীন, অসহায় মই৷ নিজৰ বুকুৰ ধপধপনি
নিজেই শুনা পাই আছোঁ৷ তথাপি সাহ কৰি লেহেমীয়াকৈ খোজ আগুৱাই দি আছোঁ৷ হাত এখন ৰাখিছোঁ
কেমেৰাটোৰ ওপৰত৷ প্ৰথমে টুপীটো নতুবা কেমেৰাটো কাঢ়িব বুলিয়ে ধৰি লৈছোঁ৷ টনা-আঁজোৰা
কৰিলে দিয়েই দিম লাগে৷ ডিঙি দুছেও কৰাৰ পৰা পৈতৃক প্ৰাণটো অন্ততঃ কিবা প্ৰকাৰে বচাব
পাৰিলেই হয়৷
ওচৰ পায়েই অৰুণাচলী দুজন থমকি ৰ’ল৷ বেচ মজবুত, বলৱান মানুহ৷ পিঠিত
বেতৰ বাস্কেট একোটা৷ এই দুটাই মোক ধৰি সোৱণশিৰিলৈ দলিয়াই দিলেও মাত মাতোতা বা সাক্ষী
গোপাল কোনো নোলাব৷ মুহূৰ্ততে বিক্ষিপ্ত ভাবনা কিছুমান খেলি গ’ল মনত৷ ক’হিমাৰ পৰা ১২ কিল’মিটাৰ আঁতৰৰ কিছামা হেৰিটেজ ভিলেজত
হৰ্নবিল ফেষ্টিভেলত কন্যাক নগাৰ ৱাৰ ডেন্স দেখিছোঁ, ৱাৰ ক্রাই শুনিছোঁ৷ নামপঙত পাংচাও
পাচ ৱিণ্টাৰ ফেষ্টিভেলত ৱাংচুৰ ৱাৰ ডেন্সো দেখিছোঁ৷ ডিঙিত পিতলৰ নৰমুণ্ড পিন্ধি, হাতত
নৰমুণ্ড লৈ, মতগজ শৰীৰত আঁকি-বাকি কিযে এক উদ্দাম প্ৰদৰ্শন! কন্যাক, ৱাংচুৰ দৰে তাগিনো
হে’ড হাণ্টাৰ, নৰমুণ্ড চিকাৰী৷ কালি
ৰাতি নিকেলে কোৱাত গম পাইছোঁ যে শত্ৰুৰ মূৰ কটা পৰম্পৰা তাগিনৰো হেনো আছিল৷ হে’ড হাণ্টাৰৰে বংশধৰ এই দুই আগন্তুক৷
আহি আছে ওচৰ চাপি৷ আকৌ ভাবিলোঁ, মূলতে সকলোতো মানুহেই৷ পৰিৱেশ-পৰিস্থিতি, সামাজিক
নিয়ম-কাৰণহে বেলেগ বেলেগ৷ মই কাৰো একো অন্যায় কৰা নাই৷ গতিকে মোক কোনেও অন্যায় নকৰে নিশ্চয়৷
যি হয় হ’ব বুলি ঈশ্বৰক চিন্তি নিজকে এৰি
দিলোঁ অচিনাকি নৈসৰ্গিকতাৰ মাজত৷
‘‘আপলোগ কিছ মকছদ সে য়ঁহা আয়ে হ’?’’ সিফালৰ পৰা অহা নীৰৱতা ভংগকাৰী
শব্দকেইটা শুনি জেগাত ৰৈ গ’লোঁ৷ যথাসম্ভৱ চমু উত্তৰেৰে সঁহাৰি জনোৱাৰ চেষ্টা চলিল৷ আকৌ সুধিলে, ক’ৰ পৰা আহিছোঁ আমি৷ সেপ দুটামান গিলি লৈ সেয়াও জনালোঁ৷ তাকচিঙলৈ যাব বিচাৰোঁ বুলিলত
মুখমণ্ডলত ওলাই পৰা প্ৰতিক্রিয়াৰ ভাবটো পঢ়ি এনেকুৱা লাগিল যেন তাকচিং সৌকণহে৷ পাহাৰত ঘূৰি ফুৰিবলৈ
কেৰেপ নকৰা মানুহ এইবোৰ৷ কিল’মিটাৰৰ পাছত কিল’মিটাৰ হেলাৰঙে নমা-উঠাকৈ যাব-আহিব পাৰে৷ তাৰ তুলনাত আমাৰ শাৰীৰিক গঠন আৰু মানসিক অৱস্থাবোৰ বহুত পৃথক, বহুত লেহুকা৷ শেষত জনালে, ‘‘মে’ বস্তি কা মুখিয়া হুঁ৷ বুৰা মত মাননা হা, এইসেই পুছা৷’’ নিমিষতে মোৰ মুখলৈ পানী ফিৰি
আহিল৷ বস্তিৰ নামটো কৈছিল৷ কি বা আছিল, দোদুল্যমান পৰিস্থিতিত পৰি সেই ক্ষুদ্ৰ গাঁৱৰ
কথা একোৱেই মনত নৰ’ল৷ প্ৰথমতে ভয় লাগিলেও পাছলৈ মানুহ
দুজনৰ প্ৰতি ভাল ভাবেই জাগিল৷
আদিম বৰ্বৰতাৰ গোন্ধ আৰু বিভীষিকা আশংকা কৰি থাকোঁতে
সৰল আৰু নিভাঁজ অন্তৰৰহে পৰিচয় ওলাল৷ দুশ্চিন্তা আৰু শংকাৰ মাজত সৌজন্যতাৰ এই প্ৰকাশ,
তাৰ অনুভূতি কেনে, লিখিত ভাষাৰে বুজোৱা টান৷ জীৱনলৈ সজীৱতা ঘূৰাই অনা মৃত-সঞ্জীৱনী
এয়া৷ এটা সাংঘাতিক অভিজ্ঞতা পুঞ্জীভূত কৰি সঁচাৰ্থত দোধোৰ-মোধোৰতে পৰিলোঁ৷ কি কৰা যায়
এতিয়া? আগ বাঢ়িম নে ঘূৰিম? আগ বাঢ়িবলৈ প্ৰথম কথা ৰাস্তা চিনি নাপাওঁ৷ ছজনীয়া প্ৰথম দলটো, তিনিজনীয়া দ্বিতীয় দলটো ভালেমান আগুৱাই গুচি গ’ল৷ সিহঁত এতিয়া ৰেঞ্জৰ বাহিৰত৷ লগ ধৰাটো সম্ভৱৰ কথাই নহয়৷ ভীতিগ্ৰস্ততাৰ সামৰণিত পোৱা হেৰাই
যোৱাৰ বিৰল আনন্দকণ নেওচি ঘূৰি যাবলৈকো মুঠেই ভাল লগা নাই৷ ইফালে দুয়োকাষে হাবি-জংঘল৷ দুৰ্গম প্ৰাকৃতিক
পৰিৱেশত হিংস্ৰ বন্যজন্তুৰ উপস্থিতিও নুই কৰা নাযায়৷ কাল ৰূপ লৈ ক’ত কিহে চোপ লৈ আছে কোনে জানে? মানুহৰ পৰা ভাগ্যক্ৰমে বাচিলোঁ যেনিবা৷
গহন বনৰ মাজত এনেকৈয়ে ঘূৰাই পোৱা যায় জীৱনৰ সজীৱ
স্পন্দন৷ স্মৃতিপটত অনন্য অভিজ্ঞতাৰ সাঁচ সাঁচি ধীৰে ধীৰে উভতি খোজ ল’লোঁ৷ প্ৰকৃতিয়ে সন্মুখত মেলি
ৰখা কৌতূহলপূৰ্ণ সৌন্দৰ্যৰ সঁফুৰালৈ পিঠি দি কিছুদূৰ অতিক্ৰম কৰি আহিছোঁ, তেনেকুৱাতে ওপৰৰ
পৰা দেখা গ’ল, জয়ন্তদা আৰু ৰাজীৱ আহি আছে৷ হাতত ৱাকিং ষ্টিক লৈ তেনেই লেহেম গতিৰে বাটকুৰি বাই গৰাটো উঠি আছে৷ সেই স্থানত অকলশৰীয়া ৰূপত মোক দেখি
তেওঁলোকৰ মনতো প্ৰশ্নৰ অৱতাৰণা নোহোৱাকৈ নাথাকিল৷ যথাযথ বিৱৰণী শুনোৱাৰ উপৰি জনালোঁ যে কেম্পৰ
পৰা আগতে ওলাই যোৱা ছজনীয়া দলটো কেনি গ’ল মই তলকিবই নোৱাৰিলোঁ৷ পিছ লৈছিলোঁ যদিও এইটো অৱস্থাহে
হ’ল৷ প’ৰ্টাৰ তিনিটাকো অনুসৰণ কৰিব নোৱাৰিলোঁ৷ দুয়োৰে সৈতে চামিল
হৈ পশ্চিম দিশে আকৌ অগ্ৰসৰ হ’লোঁ কইনাখুজীয়া বুলনত৷
(পৰৱৰ্তী লেখা - তাকচিঙৰ জংঘলী বাট)
No comments:
Post a Comment