দিন চাৰি ৷৷ ৩.১১.২০১৫
১৪. সোৱণশিৰিৰ পাৰত হেঁপাহৰ এসন্ধ্যা
কথা-বতৰাৰে মনটো ভৰাই পেলোৱাৰ লগতে জুইৰ উত্তাপেৰে
গাটো গৰম কৰি গুহা-দোকানৰ বাহিৰ ওলালোঁ৷ বাহিৰত খোজ দিয়েই দেখোঁ যে মুখৰ আগৰ মুকলি ঠাইডোখৰত
বেলেগ এটা দৃশ্যপট তৈয়াৰ হৈ উঠিছে৷ বেলিৰ পোহৰ ক্রমাৎ স্তিমিত হৈ আহিছে৷ আন্ধাৰে হাতোৰা
মেলাৰ আগে আগে টেণ্ট সজাটো বাধ্যতামূলক৷ সেয়েহে প্ৰায় সকলোৱেই একক বা দ্বৈত প্ৰচেষ্টাত
তম্বু তৰিবলৈ যো-জা চলাইছে৷ বুজিলোঁ, তাৰ মানে দুজন দুজনকৈ যোৰা বান্ধিলেই৷ তামাম
নিৰ্মাণস্থলীত পৰিণত হৈছে গেলেন চিনিয়াক৷ হাৰিয়ানী দুটাৰ টেণ্ট ৰে’ডী হ’লেই৷ সেউজীয়া তম্বুটোৰ ভিতৰ সোমাই
দুইটাই কাপোৰ-কানি ঠিক-ঠাক কৰি আছে৷ মোৰ চকুৱে চকুৱে পৰাত হাঁহিলে৷ অমুকাৰ ইফালে নিজাববীয়াকৈ
তম্বুৱেই নাই৷ কাৰ লগত থাকিম, কাৰ সৈতে নিশাটো কটাবলৈ পাম তাৰো একো উম-ঘাম নাই৷ ক’তো ঠাই নাপালে অৰূপদাৰ চিংগল
টেণ্টতে কুচিমুছি সোমামগৈ বুলি চুপচাপ ভাবি থৈছোঁ৷ নহ’লেবা প’ৰ্টাৰৰ লগতে থাকি দিম৷ সিহঁতৰ
বাবে ডাঙৰ চাই তিৰপাল এখন লৈ অহা হৈছিল৷
সোৱণশিৰিৰ গৰ্জন কাণত লৈয়ে আজি ৰাতিটো আমি অৰণ্যভূমিৰ
মুক্তাংগনত পৰি থাকিম৷ বিৰল এক অভিজ্ঞতা লাভৰ সময় আৰু সুযোগ চমু চাপি আহি আছে৷ তাৰ
বাবেই যোৱা কিছুদিনৰ পৰা হৃদয়তযে কত কিমান উৎকণ্ঠা! মানসিক প্ৰস্তুতি সেই তেতিয়াৰে
পৰাই৷ ব্যস্ততাৰে ইফাল-সিফাল কৰি থকা গাইড নিকেল নাল’ক সুধিলোঁ, ‘‘নিকেলজী, আপ কাহাঁ ৰহেংগে?’’ তেওঁৰো তম্বু নাই৷ হ’লেও মুখমণ্ডলত চিন্তাৰ ভাবো অকণো
নাই৷ ক’লে, ‘‘প’ৰ্টাৰ লোগকা সাথ শো যাউংগা৷’’ খাৰাংখাচ জবাব৷ লগে লগে মোকো
ঘূৰাই সুধিলে, ‘‘আপ কাহাঁ বেইঠেগা?’’ ময়ো চিধাচিধি উত্তৰ দিলোঁ যে
মোৰ তম্বু-চম্বু নাই, কি কৰোঁ জানো!
ভাৰবাহক ল’ৰাকেইটাই অথনিৰে পৰা যন্ত্ৰবৎ কাম কৰি গৈছে৷ সিহঁতে ঠাই
চাফা কৰিলে, পিঠিত খাং লৈ দ’ম দ’ম শুকান খৰি বিচাৰি আনিলে, পানী
যোগাৰ কৰিলে, জুই ধৰি চাহ কৰিও খুৱালে৷ এতিয়া ভাত ৰন্ধাতো পূৰাদমে লাগি গৈছে৷ গছৰ ওপৰত
উঠি তম্বুৰ তলত পাৰিবলৈ মৃণালদা, দেৱিন্দৰহঁতক জংঘলী পাতো বোজায়ে বোজায়ে আনি দিছিল
সিহঁতেই৷ মই ভিতৰত কথা পাতি থাকোঁতেই বাহিৰত এইবোৰ ঘটি গ’ল৷ একো ক’বই নোৱাৰোঁ৷ সিহঁতৰ ভিতৰৰে দুটামানে
লাগি-ভাগি শিলৰ ছাদখনতে গোটা বাঁহ কেইডালমান আউজাই ৰাখি তিৰপালখন এফলীয়াকৈ ওলোমাই সন্মুখত
আহি থকা নিশাটোৰ বাবে যৎপৰোনাস্তি নিজৰ সুবিধাকণ কৰি পেলাইছিল৷ সন্ধিয়া লাগি অহাত চৌকাৰ
পৰা অঙঠা নি তিৰপালৰ তলতে জুই একুৰা জ্বলাই খৰি জাপি দিলে৷ গোটেইখন ধোঁৱাময় হৈ পৰিছে৷
বুদ্ধিটো হ’ল, মহ-ডাঁহ, পোক-পৰুৱা কিবা
থাকিলে আপোনা-আপুনি পলাব৷ ৰাতিটো জ্বলি থকাকৈ শুকান খৰি অলপো বেলেগে যোগাৰ কৰি ৰাখিলে৷
গছৰ ডাল-পাত এবোজা কাটি আনি তলখনত মেলি দিলে৷ তাৰ ওপৰতে পৰি থাকিব লাগিব আজি ৰাতিটো৷
মই সিহঁতৰ আলেখলেখবোৰ চাই থাকিলোঁ৷ অগ্নিয়ে তাপ, পোহৰ আৰু নিৰাপত্তা নিদিয়া হ’লে কিমানযে অসুবিধা হ’লহেঁতেন পৃথিৱীৰ একাংশ মানুহৰ!
আধুনিক জীৱন পৰিক্রমাৰ পৰা ওলাই এনেকুৱা ঠাইলৈ আহিলেহে কথাটো প্ৰেক্টিকেলি বুজাত সহায়
হয়৷
বুলড’জাৰখনৰ ওচৰতে প্ৰকাণ্ড পাথৰ এটাৰ কাষত জয়ন্তদা, অৰূপদা,
প্ৰদীপদা আৰু অমৰ ব্যস্ত হৈ পৰিছে৷ তম্বু নিৰ্মাণৰ অভিজ্ঞতা বা জ্ঞান বুলিবলৈ মোৰ তেনেই
শূন্য৷ তথাপি বোকা-পানী ফেনেকি থলীখন এবাৰ পৰিদৰ্শন কৰি আহিলোঁগৈ৷ অকণমান আছুতীয়াকৈ
নিৰ্বাচন কৰা কেম্প চাইটটো হ’লে মোৰ মুঠেও পচন্দ হোৱা নাই৷ কিয়নো ঠাইখিনি জেকা৷ লেণ্ড স্লাইডৰ ভয়ো
নথকা নহয়৷ সেইফালে অহা-যোৱা কৰা বাটটোও অসুচল৷ মনটোক দমাব নোৱাৰি কথাটো অৰূপদাক জনালোঁ
মনে মনে৷ কিন্তু টেণ্ট ইতিমধ্যে খাড়া হৈ গ’লেই৷ তম্বু এটাৰ ভিতৰৰ পৰাই জয়ন্তদাই মোক মই কাৰ লগত থাকিম
সুধিলে৷ মোৰ তম্বু নাই বোলাত উপায় দিলে, ‘‘দীপকৰ ওচৰত এক্সট্ৰা টেণ্ট এটা আছে৷ তুমি সেইটো ল’ব পাৰা৷ মই তেওঁক কৈ দিওঁ বাৰু৷’’
দেৱিন্দৰ আৰু বৰুণে দোকানখনৰ ঠিক পোনে পোনে মাজবাটতে
সিহঁতৰ আহল-বহল তম্বুটো বহুৱাইছে৷ বিমানত তুলি দিল্লীৰ পৰাই লৈ আহিছিল সেইটো৷ শুকান
ঠাই যদিও সিহঁতৰ জেগাখিনিক লৈও সমস্যা নথকা নহয় অৱশ্যে৷ কামৰ উদ্দেশ্যত পুৱা ব’ৰ্ডাৰ ৰ’ডছ অৰ্গেনাইজেছনৰ মানুহে কেনেবাকৈ
বুলড’জাৰ চলাই দিব লাগিলে সৰ্বনাশ৷
এতিয়ালৈ দেখা এই গোটেইকেইটা তম্বুৱেই ক্ষতিগ্ৰস্ত হ’ব৷ সাতে-সোতৰই প’ৰ্টাৰহঁতৰ কাষতে থকাই বুদ্ধিমানৰ
কাম হ’ব বুলি মই ধাৰণা কৰিলোঁ৷ মালভাৰীহঁতৰ
পৰা ভালেকেইখোজ আঁতৰত, এমূৰীয়াকৈ দীপকদা আৰু মৃণালদাৰ নীলা-কমলাৰঙী টেণ্ট৷ তম্বুটো
য’ত পাতিছে শিলৰ ছাদখনৰ তলেৰে সেইটো
আচলতে আহ-যাহৰ বাট৷ ওপৰৰ অংশটো আগ বাঢ়ি থকাৰ বাবে ছাদখনৰ তলত থাকিলে বৰষুণৰ কাৰণে অকণো
ভয় নাই৷ তদুপৰি ফেৰ্ফেৰীয়া বতাহ আৰু জাৰৰ উপদ্ৰৱৰ পৰাও কিছু হ’লেও সকাহ পোৱা যাব৷
ইফালে চৌকাটোৰ ওচৰতে, গ্ৰেফৰ মেছিনটোৰ দাঁতিত ৰাজীৱে অকলশৰীয়াকৈ বাহৰ পাতিছে৷ গছপাতৰ ওপৰত নীলা পলিথিন৷ প’ৰ্টাৰৰ সাহায্যত পূৰণ চিনৰ দৰে খুঁটি পুতি তিৰপাল এখন ওপৰত দুচলীয়াকৈ ৰাখি সজা তেওঁৰ অস্থায়ী ঘৰখন চাবলগীয়া হৈছে৷ তাকে দেখি বাকীবোৰৰ হাঁহিয়ে উঠিছে৷ বেতৰ লাখুটিডাল ঘপকৈ পোৱাকৈ ওপৰতে লগাই ৰাখিছে৷ এই স্থান আহি পোৱাৰ পাছৰে পৰা সাংবাদিকৰ বুদ্ধিমত্তা আৰু বাক্পটুতাৰে ৰাজীৱে ইতিমধ্যে মুখৰ আগত পোৱা অনেকজনকে বন্ধুত্বসুলভ ব্যৱহাৰেৰে প্ৰয়োজনীয় কথা কিছুমান সোধাত তৎপৰ হৈছে আৰু তথ্য উদ্ঘাটনৰ চেষ্টা চলাইছে৷ অথনি ভৰিত দুখ পোৱা ৰাজীৱে এতিয়া পলিথিনৰ ওপৰত বাগৰি জিৰাইছে৷ নাগালেণ্ডৰ ভিতৰুৱা, আধুনিক সভ্যতাৰ পৰশ নোপোৱা কিছুমান স্থানত সিদ্ধ খাদ্য খাই এনেকৈ থকাৰ দীঘলীয়া অভিজ্ঞতা তেওঁৰ আছে৷
ইফালে চৌকাটোৰ ওচৰতে, গ্ৰেফৰ মেছিনটোৰ দাঁতিত ৰাজীৱে অকলশৰীয়াকৈ বাহৰ পাতিছে৷ গছপাতৰ ওপৰত নীলা পলিথিন৷ প’ৰ্টাৰৰ সাহায্যত পূৰণ চিনৰ দৰে খুঁটি পুতি তিৰপাল এখন ওপৰত দুচলীয়াকৈ ৰাখি সজা তেওঁৰ অস্থায়ী ঘৰখন চাবলগীয়া হৈছে৷ তাকে দেখি বাকীবোৰৰ হাঁহিয়ে উঠিছে৷ বেতৰ লাখুটিডাল ঘপকৈ পোৱাকৈ ওপৰতে লগাই ৰাখিছে৷ এই স্থান আহি পোৱাৰ পাছৰে পৰা সাংবাদিকৰ বুদ্ধিমত্তা আৰু বাক্পটুতাৰে ৰাজীৱে ইতিমধ্যে মুখৰ আগত পোৱা অনেকজনকে বন্ধুত্বসুলভ ব্যৱহাৰেৰে প্ৰয়োজনীয় কথা কিছুমান সোধাত তৎপৰ হৈছে আৰু তথ্য উদ্ঘাটনৰ চেষ্টা চলাইছে৷ অথনি ভৰিত দুখ পোৱা ৰাজীৱে এতিয়া পলিথিনৰ ওপৰত বাগৰি জিৰাইছে৷ নাগালেণ্ডৰ ভিতৰুৱা, আধুনিক সভ্যতাৰ পৰশ নোপোৱা কিছুমান স্থানত সিদ্ধ খাদ্য খাই এনেকৈ থকাৰ দীঘলীয়া অভিজ্ঞতা তেওঁৰ আছে৷
দীৰ্ঘদেহী দীপক দাস বেচ এড্ভেন্সাৰাচ মানুহ৷ দিল্লীৰ
পৰা লেহ-লাডাখলৈ বুলেট মটৰ চাইকেল চলোৱা মজবুত লোক৷ দিল্লীৰ পৰা পাজিৰ’ গাড়ী চলাই তিনিদিনত গুৱাহাটী
ওলোৱাৰ ৰেকৰ্ড আছে৷ ক’হিমাত অনুষ্ঠিত কাৰ ৰে’লীত প্ৰথম পুৰস্কাৰ পোৱা প্ৰতিযোগী তেওঁ৷
তেওঁৰ টেণ্ট-পাৰ্টনাৰ মৃণাল শৰ্মা৷ তেওঁ আকৌ অসমৰ বাহিৰত ছিমলা-মানালিত ট্ৰেকিং কৰা
মানুহ৷ প’ৰ্টাৰহঁতৰ সিপাৰে তেওঁলোকৰ তামীঘৰাটি৷
দীপকদাই অনা পৰ্টেবল টেণ্টটো এনেয়ে ৰৈ যোৱাত, আৰু মোৰ হাততো বিকল্প নথকাত উপায়হীন হৈ
খুজি পেলালোঁ৷ তেওঁ পিছে উদাৰচিত্তেই মোক দি দিলে৷ বচ, নিকেল আৰু মোৰ সমস্যা সমাধান
হৈ গ’ল৷ কাঠমাণ্ডুত কিনা ধুনীয়া টেণ্টটো৷
ব্যৱহাৰ এবাৰো হোৱাই নাই৷ ওজন বেছি নহয়৷ বৰুণ-দেৱিন্দৰহঁতৰটোৰ দৰে কঢ়িয়াবলৈও অসুবিধা
নহয়৷ দুজনীয়া টেণ্টৰ এহাতমান দীঘল টোপোলাটো হাতত লৈ মনে মনে ভাবিলোঁ, কেনেকৈবা পাতে?
মইতো একো নাজানো৷ জীৱনত এইটো কাম আজিলৈ কৰি পোৱা নাই৷ আজি পাওঁতেই শিকি থ’ব লাগিল৷
প’ৰ্টাৰহঁতৰ এইপাৰে বাটটোৰ একাষৰীয়াকৈ থকা শুকান ঠাইখিনিকে
আমি নিৰ্বাচন কৰিছোঁ৷ শিলগুটি, মাটিৰ চপৰা আৰু অন্যান্য কিবাকিবি কিছুমান অ’ত-ত’ত পৰি আছিল৷ বাঁহৰ টুকুৰা এটা
হাতত লৈ সিঁচৰতি হৈ থকা আৱৰ্জনাবোৰ চোঁচি-চোৰোকি পৰিষ্কাৰ কৰিব ধৰিলোঁ৷ খলাবমাবোৰো সমান
কৰি পেলোৱা হ’ল৷ সুন্দৰ ঠাই এডোখৰ ওলাই পৰিল৷
নিকেলৰ নিৰ্দেশত তায়া নামৰ প’ৰ্টাৰ ল’ৰাটোৱে জংঘলী গছৰ পাত এসোপামান
কাটি আনি দিলে৷ ডিঙিয়েদি ওলোমাই লোৱা দাখনেৰে সৈতে পৌৰুষৰ প্ৰতীকস্বৰূপ শক্তিশালী বাহু
দুটাই কেঁকোৰা চুলিৰ বগা ল’ৰাটোক তুলি ধৰিছে৷ তাৰ সুন্দৰ-সুঠাম, তাগ্ৰা শৰীৰটোৱে মোৰ মনোযোগ আকৰ্ষণ নকৰাকৈ নাথাকিল৷ তায়াৰ সহযোগতে পাতখিনি ধুনীয়াকৈ
মেলি দিয়া হ’ল৷ এইবোৰ কামত ইহঁত সিদ্ধহস্ত৷
তেনেকৈ কৰাত পাতৰ তোচক ক্ষন্তেকতে সাজু হৈ উঠিল৷ এইবাৰ পেকেট খুলি তম্বুটো সাৱধানে
টানি উলিয়ালোঁ৷ দীপকদাক ক’লোঁ, ‘‘আপুনি কৈ যাব, মই ফিটিং কৰিম৷
এইটো কাম মই আগতে কেতিয়াও কৰি পোৱা নাই৷’’ পৰম উৎসাহেৰে তেওঁ বতাই গ’ল৷ মই সেইমতে কৰি গ’লোঁ৷ কেইটামান মিনিটৰ ভিতৰতে টেণ্টটো থিয় হৈ গ’ল৷ বাহিৰত পৰি থকা নিকেল আৰু
মোৰ ৰাক্চেক্, শ্লীপিং বেগ আদি এটা এটাকৈ দাঙি আনি ভিতৰত সোমোৱালোঁ৷ বস্তুবোৰ ঠিক-ঠাক
কৰোঁতে এনে লাগিল যেন নতুন ঘৰ এটা লোৱাৰহে প্ৰস্তুতি!
আনন্দ আৰু সুখত উখল-মাখল এক বন্য পৰিৱেশ৷ কমলা-নীলাৰঙী
আমাৰ বাইকালাৰ টেণ্টটো আন সকলোতকৈ উজ্জ্বল আৰু সুদৃশ্য দেখা গৈছে৷ স্বাভিমানী সোৱণশিৰিৰ
পাৰত উচ্চশিৰে সেয়া যেন আমাৰো স্বাভিমান৷ ভিতৰত সোমাই চেইন দুডাল বন্ধ কৰি পত্ৰ-শয্যাত
এনেয়ে এবাৰ বাগৰকেইটামান মাৰি চালোঁ৷ এ... মজ্জা৷ কেঁচা পাতৰ মলমলীয়া সুবাস৷ সোঁৱে-বাঁৱে লামলাকতু এসোপা৷ নতুন ঘৰৰ সমানেই উত্তেজনা আৰু মাদকতা৷
(পৰৱৰ্তী লেখা - অৰণ্যভূমিত
নৈশযাপন)
No comments:
Post a Comment