Wednesday, 25 May 2016

দিন পাঁচ  ৷৷ ৪.১১.২০১৫
৪. আৰু কথা তাকচিঙৰ



অৰুণাচলী নাহসকলৰ বাসভূমি তাকচিং৷ সীমান্তৰ অন্তিম জনপদ৷ দূৰস্থ আৰু অগম্য সত্ত্বেও তাকচিং বৌদ্ধধৰ্মী লামাসকলৰ এখন তীৰ্থস্থান৷ এই মানুহখিনি মহাযানপন্থী বৌদ্ধ৷ লগতে দেওপূজক থলুৱা পৰম্পৰাতো বিশ্বাসী৷ এনে মিশ্ৰণেই হৈছে তেওঁলোকৰ বিশেষত্ব৷ আদিম সমাজৰ যিকোনো ক্ৰিয়াকৰ্মৰ পৰা আৰম্ভ কৰি উৎসৱ-পাৰ্বণলৈকে নাহসকল লামাৰ ওপৰতে নিৰ্ভৰশীল৷ তেওঁলোকৰ দৈনন্দিন জীৱনত নিবু অৰ্থাৎ পুৰোহিতৰ এখন বিশেষ আসন আছে৷ বৌদ্ধ ধৰ্মাৱলম্বী অন্য জনগোষ্ঠীতকৈ নাহসকলএইটো কাৰণতে পৃথক বুলিব পাৰি যে চিকাৰ কৰা আৰু মাছ ধৰাত তেওঁলোক বৰ পটু৷ ফান্দ পাতি, বৰশী বাই, জাল মাৰি, বিহ দি মাছ মৰাৰ উপৰি খালী হাতেৰেও মাছ ধৰিব পাৰে তেওঁলোকে৷ কাপোৰ-কানি নিজে বব-কাটিব নাজানিলেও তিব্বতীয় বজাৰৰ পৰা সংগ্ৰহ কৰা বহুৰঙী পোছাক শ্বুকবে, শ্বুবা বা বকু পৰিধান কৰে৷ শিৰস্ত্ৰাণ চামোৰ উপৰি তাচিং ৰুংনি, কেৰি, কজি, দিংশ্বে আদি বিবিধ মণিহাৰ তেওঁলোকে ব্যৱহাৰ কৰে৷ উপলক্ষ্যবিশেষে তাগিন আৰু নিছিৰ সাজ পিন্ধাৰ ক্ষেত্ৰতো নাহ পুৰুষ-নাৰী অনিচ্ছুক মুঠেই নহয়৷

ইণ্টাৰনেটৰ মাধ্যমেৰে বৰফাবৃত্ত তাকচিঙৰ আলোকচিত্ৰ ঘৰত বহিয়ে চাবলৈ পাইছোঁ৷ সংখ্যাত সীমিত যদিও সেই ছবি দেখি হতবাক হৈছোঁ৷ তাকচিং চাৰ্কোলৰ প্ৰশস্ত ভূখণ্ডত বিভিন্ন জাতৰ বনৰীয়া ফুল ফুলে৷ একেদৰে কেতবোৰ ফলমূল৷ তাৰ ভিতৰত লমালমে লগা অাপেল অন্যতম৷ চিনি নোপোৱা অইন কিছুমান ফুল-ফলো থকা বুলি incredible upper subansiri arunachalৰ জৰিয়তে অৱগত হৈছোঁ৷ নিজ চকুৰে সেইবোৰ চাবলৈ, ফটো তুলিবলৈ, বিৱৰণ লিখিবলৈ মনটোৱে অহৰহ তাকচিং, তাকচিং কৰিয়ে আছিল৷ মনে উৰা মাৰিলেও এতিয়া আমি অৱস্থান কৰা গেলেন চিনিয়াকৰ পৰা খোজ কাঢ়ি একেদিনাই তাকচিং পোৱাটো অসম্ভৱ কথা৷ লিমেকিঙৰ পৰা হেলিকপ্টাৰ চলে যদিও বেয়া বতৰৰ বাবে হেলিৰ আৱাজ এই পৰ্যন্ত এবাৰলৈও কাণত পৰা নাই৷ সীমাৰক্ষকক কঢ়িওৱা আৰু খাদ্য-সামগ্ৰী পৰিৱহণকাৰী হিচাপে এনেকুৱা ভিতৰুৱা অঞ্চলৰ বিশিষ্ট বাহন হৈছে হেলিকপ্টাৰ৷

অৰুণাচল হিমালয়ৰ তাকচিঙত চাইনিজ পি.এল.এ.ৰ সঘন উপস্থিতিয়ে নিৰাপত্তাৰ দিশত উত্তেজনাৰ সৃষ্টি কৰাৰ কথা ডেকান ক্রনিকলত চৰ্চাৰ বিষয় হৈ পৰিছিল৷ সেয়া আছিল বিগত ২০১৪ চনৰ অক্টোবৰ মাহৰ অন্তিম সপ্তাহৰ কথা৷ সীমান্তৱৰ্তী তাকচিং চাৰ্কোলৰ তাগিন গঞাই পিপলচ লিবাৰেচন আৰ্মীৰ সদস্যই অছা-পিলা-মায়া আৰ্মী কেম্প অতিক্রম কৰাৰ ফটো তুলিছিল৷ টাইমছ অৱ ইণ্ডিয়া’ কাকতত একে সময়তে প্ৰকাশিত এটা খবৰৰ মতে দুয়ো দেশৰ সীমান্ত সুৰক্ষা বাহিনীয়ে তহলদাৰী পহৰা চলাই থকা অতি ভিতৰুৱা অছা-পিলাৰ ৮-১০টা বিবদমান স্থানৰ প্ৰায় ১০০ বৰ্গ কিলমিটাৰ এলেকাত এটা ৰাস্তা নিৰ্মাণৰ মতলবেৰে গাড়ী আৰু আধুনিক যন্ত্ৰপাতি লৈ আগুৱাই আহিছিল চীনা সৈন্য৷ তাগিন গাঁৱত সোমোৱা চৈনিক জোৱানৰ ভিডিঅ তুলিবলৈ সক্ষম হৈছিল অত্যুৎসাহী তাগিন লোক৷ পিছত ভাৰতীয় সেনাৰ তৎপৰতাত পথ নিৰ্মাণৰ উক্ত পৰিকল্পনা বাদ দিবলগীয়া হয়৷ সেই ঠাইবোৰ ১৯৬২ চন পৰ্যন্ত ভাৰতীয় এলেকাধীন আছিল৷ সম্প্ৰতি চীনৰ অধীনস্থ৷

অৰুণাচল প্ৰদেশৰ সৈতে চীনৰ সীমাৰ দীৰ্ঘতা ১,০৮০ কিলমিটাৰ৷ শুনা কথা, এই সমস্ত এলেকাই হেনো নিৰাপদহীন৷ কাৰণ উভয় দেশৰ মাজৰ সীমা সূচোৱা কংক্রিটৰ বৰ্ডাৰ পষ্টবোৰ ঘন জোপোহা হাবিৰে ঢাক খাই পৰিছে৷ ফলস্বৰূপে আন নালাগে নিৰাপত্তা বাহিনীৰ লোকৰে সমস্যা হৈছে লাইন অৱ একচুৱেল কণ্ট্ৰল কিম্বা মেকমোহন লাইনৰ অৱস্থান চিনাক্ত কৰিবলৈ৷ প্ৰতিৰক্ষা আৰু বৈদেশিক মন্ত্ৰীৰ পৰা আৰম্ভ কৰি আৰ্মীৰ শীৰ্ষ পৰ্যায়লৈকে সীমান্তৰ বিষয়টোৱে যিমান গুৰুত্ব পাব লাগিছিল সিমান গুৰুত্ব পোৱা নাই যেন বোধ হয়৷ এনে কাৰ্যই প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ প্ৰতি সন্মান নথকাটোকেই সূচায়৷ ২০০০ চনৰ অক্টোবৰ মাহত সীমান্তত পহৰা দি থকা অসম ৰাইফল্‌ছৰ সহায়ত দিবাং ভেলী জিলাৰ সীমান্তৱৰ্তী এলেকালৈ গৈছিল দুঃসাহসিক যাত্ৰীৰ দল এটা৷ সমস্ত ভাৰত সীমান্তজুৰি দলটোৱে প্ৰত্যক্ষ কৰিছিল চীনা বিয়েৰৰ বটল, চিগাৰেট আৰু অন্যান্য খাদ্যৰ পেকেট৷ তাকে দেখি সদস্যসকল হেনো হতভম্ব হৈছিল৷ হোৱাৰ কথাই৷

তাকচিং চাৰ্কোলৰ কাচ্ছা গাঁৱৰ হিৱাক চাদেৰ নামৰ ছাত্ৰনেতা এজনে উক্ত ঘটনাৰ তিনিমাহ পূৰ্বে চীনা সৈন্যৰ আহ-যাহ সম্বন্ধে জনাইছিল৷ চৰকাৰী পক্ষ ইয়াৰ প্ৰতি মুঠেই অৱগত নাছিল৷ এইটো সত্য যে তাকচিং এলেকাৰ ভূমিপুত্ৰ অৰুণাচলীসকলে ভাৰতীয় এলেকাৰ ওপৰত চকু ৰখা বা ৰক্ষণাবেক্ষণ দি অহাই নহয়, ইণ্ডিয়ান আৰ্মী, আই.টি.বি.পি. আৰু চোৰাংচোৱা সংস্থালৈও সহায়ক হিচাপে সেৱা আগ বঢ়াই আহিছে৷ স্পৰ্শকাতৰ অঞ্চলবিলাকত লক্ষ্য কৰা সন্দেহজনক ব্যক্তিৰ চাল-চলনৰ ফটো, ভিডিঅ’ ইত্যাদি সংশ্লিষ্ট নিৰাপত্তাৰক্ষী সংস্থাসমূহক সাহসেৰে যোগান ধৰি আহিছে দেশপ্ৰেমিক গাঁওবাসীয়েই৷ ভাৰতবৰ্ষৰ ভৱিষ্যতলৈ চাই সীমাৰ বিষয়টোত চৰকাৰে বাস্তৱমুখী কাৰ্যসূচী কেতিয়াবাই হাতত লোৱা উচিত আছিল৷ কিন্তু নাই হোৱা, স্বাধীনতাৰ ৬৮ বছৰৰ পাছতো অৱস্থা তথৈবচ হৈয়ে আছে৷

ভাৰত-চীন সীমান্তত বসতি কৰা গাঁওবাসীয়ে এইটো দাবী কৰে যে ১৯৬২ চনৰ চীন-ভাৰতৰ যুদ্ধৰ সময়ত চাইনিজ পি.এল.এ.ই তাকচিং, মেনচুখা, আনিনি আদি গিৰিপথেৰে সৈন্যবোৰ পঠাইছিল৷ সেই ঠাইসমূহত কেম্প কৰি জোৱানসকলে অৰ্ডাৰৰ অপেক্ষাত আছিল৷ যুঁজখন দীঘলীয়া হোৱা হলে চীনে কেইবাটাও স্থানৰ পৰা একে সময়তে ভয়াৱহ আক্রমণ ৰচনা কৰিলেহেঁতেন৷ কিন্তু ১৮ অক্টোবৰৰ পৰা ১৬ নৱেম্বৰলৈ ২৯ দিনীয়া ভয়ংকৰ গুলীয়াগুলী; ৱালং, বমডিলাৰ পতনৰ অন্তত হোৱা যুদ্ধ বিৰতিৰ পাছত সৈন্য অপসাৰণহে কৰিলে৷ চূড়ান্ত ফলাফল, ভাৰতীয় সৈন্যবাহিনীৰ লজ্জাজনক পৰাজয়৷

২০১০ চনৰ এক প্ৰতিবেদন মৰ্মে কোৱা হৈছিল যে থাগলা ৰিঝ, নামখা শ্বু, চুমদ্ৰং শ্বু ভেলী আদি চীনৰ এলেকাধীন বুলিয়ে ধাৰাবাহিকভাৱে চীনৰ কবলত আছে৷ ইয়াৰ পৰা উত্তৰ-পশ্চিম দিশলৈ বৈ গৈছে জেমিথাং নৈ৷ যুদ্ধৰ সময়তে থাগলা শিখৰত চীনা আধিপত্য বৃদ্ধি পাইছিল৷ ১৯৬২ চনত জেমিথাঙৰ পৰা প্ৰায় ৬০ কিলমিটাৰ উত্তৰ-পশ্চিম দিশৰ থাগলা ৰিঝত চীনা আগ্ৰাসন চলিছিল৷ অৰুণাচল প্ৰদেশৰ কেন্দ্ৰস্থলত থকা কুৰুং কামেই জিলাত ১৯৬২ৰ সংঘৰ্ষৰ পূৰ্বতে প্ৰকৃত সীমাৰেখা পৰ্যন্ত ৯টা আৰ্মী বেছ কেম্প আছিল৷ বৰ্তমান তাৰে মাত্ৰ দুটা ছাউনীহে আছিল ভাৰতীয় সেনাবাহিনীৰ নিয়ন্ত্ৰণত৷ অৰ্থাৎ সাতটাই চাইনীজ আৰ্মীৰ দখলত৷ পূব অংশত দিবাং ভেলী জিলাৰ আথু-পুপু পৰ্বতমালা বিগত ২০০৬ চনৰ পৰাই চীনে অধিকাৰ কৰি আছে৷ সেইদৰে পূবৰ চাগলাগাম ৰেঞ্জৰ তিনিখন পৰ্বত চীনে অধিকাৰ কৰিছে৷ চীনৰ দ্বাৰা লাডাখ অধিকাৰ, ভাৰতভূমিত অনধিকাৰ প্ৰৱেশ, অবৈধভাৱে বাহৰ পাতি থকা, পথ নিৰ্মাণৰ প্ৰচেষ্টা চলোৱা আদি ধৰণৰ মাজে মাজে সংবাদ মাধ্যমৰ জৰিয়তে প্ৰচাৰ হোৱা খবৰবোৰে মানুহক উত্তেজিত আৰু চিন্তিত কৰি নেপেলোৱা নহয়৷

এইবিলাকলৈ চাই চীন সীমান্তৰ ক্ষেত্ৰত ভাৰত চৰকাৰে যথোপযুক্ত পদক্ষেপ লোৱাৰ দৰকাৰ বহু আগৰে পৰাই আছিল৷ চীনে কেইবা ঠাইতো সীমা সম্প্ৰসাৰণ ঘটাই আহিছে৷ অত্যাধুনিক পথ নিৰ্মাণ কৰি তুলিছে৷ ভাৰতবৰ্ষৰ অন্তিম পূবৰ শেষ গাঁও কাহোত পদাৰ্পণ কৰোঁতে লোহিত নদীৰ সিপাৰে আমি নিজ চকুৰে দেখা পাই আহিছোঁ৷ গতিকে চীনা সৈন্যৰ আগমন সম্ভৱ হৈ উঠাৰ কাৰণ হিচাপে আমাৰ পথ যোগাযোগ ব্যৱস্থাৰ দুৰৱস্থাৰ কথা একে আষাৰে উল্লেখ কৰিব পাৰি৷ ইয়ালৈ আহি আমি নিজেই দেখিছোঁ, তাকচিং আৰু লিমেকিঙৰ মাজত উপযুক্ত পথ আজিও নাই৷ কেন্দ্ৰীয় চৰকাৰ আৰু অৰুণাচল প্ৰদেশ চৰকাৰে যুদ্ধকালীন ক্ষিপ্ৰতাৰে পথ নিৰ্মাণৰ অৰ্থে উদ্যোগ লোৱা উচিত৷

আন্তৰ্জাতিক সীমান্তত অৱস্থিত তাকচিং হৈছে তাকপা চিৰি পৰিক্রমাত থকা ভাৰতৰ অন্তিম গাঁও৷ এইফালে তিব্বতীৰ আহ-যাহ চলি থাকে৷ তিব্বতী তীৰ্থযাত্ৰীসকল এইফালেৰেই তিব্বতলৈ উভতি যায়৷ পূৰ্বতে ১২ বছৰৰ মূৰে মূৰে তিব্বতৰ তীৰ্থযাত্ৰীসকলে পৱিত্ৰ ৰিংকৰ’ তীৰ্থযাত্ৰাৰ আয়োজন কৰি আহিছিল৷ ভাৰতভূমিৰ বৌদ্ধ ধৰ্মাৱলম্বী নাহসকলকো তিব্বতীৰ অংশবিশেষ বুলিয়ে ধৰা হয়৷

নাহসকলৰ মাজত জনপ্ৰিয় এক জনশ্ৰুতিয়ে কয় যে তিব্বতৰ পৰা চাৰিজন ভাতৃ বিশালাকৃতিৰ পৰ্বতমালা পাৰ হৈ সোমাই আহিছিল৷ তেওঁলোকে সোৱণশিৰি নৈৰ কাষ পালেহি আৰু তাতে এখন্তেক জিৰালে৷ তেওঁলোকৰ মাজৰে দুজন ভাতৃ শিললৈ ৰূপান্তৰিত হল৷ তাকে দেখি নিজে আৰু নিয়ে নামৰ বাকী দুজন ভাতৃ শংকিত হৈ পৰিল৷ দুয়ো সেই ঠাইৰ পৰা আগ বাঢ়ি গৈ থাকিল৷ নিজে বোলাজনে পূব কামেং জিলা এলেকাৰ ভিতৰতে থিতাপি ললে৷ নিয়েই সমস্ত সোৱণশিৰি উপত্যকাটো অতিক্ৰম কৰি তাকচিং পালেহি৷ নাহ জনসমষ্টি এই কিংবদন্তি-পিতৃ নিয়েৰ সন্তান বুলি বিশ্বাস কৰা হয়৷ আনহাতে নিজেৰ উত্তৰাধিকাৰী হৈছে বাংনি (নিছি)সকল৷













(পৰৱৰ্তী লেখা সীমাৰ ইপাৰে-সিপাৰে)

(Photo credit : incredible upper subansiri arunachal)

No comments:

Post a Comment