দিন চাৰি ৷৷ ৩.১১.২০১৫
১২. কেম্প চাইট পালোঁহি
সোৱণশিৰিৰ বাওঁটো পাৰে পাৰে চকুৰে দেখালৈকে আগলৈ পথছোৱা ক্রমশঃ ওখ৷ ৰাস্তা নিৰ্মাণৰ বাবে জংঘল কাটি পেলোৱা হৈছে৷ শিল ভাঙি ৰখা হেতুকে এলেকাটোৰে খোজ কাঢ়ি যাবলৈ তুলনামূলকভাৱে সহজ আৰু সুচল হৈছে৷ যদিওবা অসমান তথাপিতো অলপ আগতে এৰি অহা হাবিতলীয়া ট্ৰেকটোৰ দৰে পদে পদে বিপদৰ সম্ভাৱনা নাই৷ অৱশ্যে ঠায়ে ঠায়ে ওপৰৰ অদৃশ্য স্থানৰ পৰা তলৰ ৰাস্তাটোলৈ নামি অহা কেইবাটাও জলপ্ৰপাত৷ কোনোবাই ঠিকেই মন্তব্য কৰিছিল, ‘জলকুঁৱৰীৰ দেশ’৷ সঁচাকৈয়ে জলকুঁৱৰীৰ দেশ যেন লাগিছে৷ মাজে মাজে পানীয়ে ধুই নিছে বাটটো৷ অধিক খলা-বমা কৰি পেলাইছে৷ কষ্ট কৰি, সাৱধানতা অৱলম্বন কৰি পাৰ হ’বলগীয়া হৈছে৷ ৰাস্তাত পৰাৰ পাছত পানীৰ ধাৰটো আকৌ নামি তলেৰে বৈ থকা সোৱণশিৰিত বিলীন হৈছেগৈ৷ যেন দুখলপীয়া জলপ্ৰপাত একোটা! কেইবাঠাইতো একেই ছবি৷ তেনে আহুকলীয়া স্থানবোৰ পালেই গাত পানী নপৰিবৰ বাবে জোৰত দৌৰ মাৰি বা জঁপিয়াই পাৰ হোৱাৰ প্ৰচেষ্টা চলিছে আমাৰ মাজত৷ খৰখেদাকৈ পাৰ নহ’লে জোতা, কাপোৰ, ৰাক্চেক্ চব তিয়াই পেলোৱাৰ সম্ভাৱনা৷ পানীবোৰো অতি চেঁচা৷ ওপৰৰ পৰা পোনেই তালুৰ ওপৰতে পৰা হেতুকে আমি সেইবোৰক ‘নেছাৰেল শ্বাৱাৰ’ বুলি নামকৰণ কৰিলোঁ৷ গা ধুবলৈ কিমানযে মজা নালাগিব এইবোৰত! পিছে শৰীৰ কাটি নিয়া হেন ঠাণ্ডা সহ্য কৰিবও পাৰিব লাগিব৷
সোৱণশিৰিখনক এইবাৰ সোঁহাতে লৈছোঁ আমি৷ প্ৰাকৃতিক ভাৰতবৰ্ষৰ অন্তিম সীমাক ধিয়াই উৰুলিকৃতহৈ দলটো সদলবলে আগ বাঢ়ি আছে৷ এবাৰ জলপ্ৰপাতৰ পানীয়ে মোৰ জোতা-মোজাৰ একাংশ তিয়াই দিলে৷ এই অৱস্থাটো বৰ অস্বস্তিকৰ৷ খোজ কাঢ়িবলৈ ভীষণ অসুবিধা হয়৷ বিকল্প নথকাত তেনেকৈয়ে গৈ থাকিবলগীয়া হ’ল৷ এইটো আশংকাতে সিদিনা নাচ্ছোত হাণ্টিং শ্বু এযোৰ কিনি থওঁ বুলি ভাবিছিলোঁ৷ জোখ নিমিলিল৷ ভৰিত থকাযোৰ পিন্ধিব নোৱাৰা হ’লে মোৰ ফালে আধ্যাই৷ দ্বিতীয় এযোৰ নাই৷ ৰৈ যাব লাগিব চাগৈ জংঘলৰ মাজত! অৰূপদাৰ ৰাক্চেকত তেওঁৰ ভাগৰ অতিৰিক্ত জোতা এযোৰ সুমুৱাই অনা হৈছে৷ হ’লেও বেগটো প’ৰ্টাৰৰ বাস্কেটত সোমাই থকাত উলিওৱাটো এতিয়া সম্ভৱপৰ নহয়৷ সিফালে উডক্ৰাফটৰ মজবুত আৰু ডাঠ তলুৱাৰ জোতা পিন্ধি গপচ হৈ অহা অৰূপদা, জয়ন্তদা, ৰাজীৱ, দীপকদাহঁতে অকণো কেৰেপ নকৰাকৈ বোকা খচকি, পানী ফালি পাৰ হৈ গৈছে৷ এইটো কাৰণতে চাগৈ গামবুট লাগিব বুলি ডাক্তৰ জ’তি নাল’ৱে জয়ন্তদাক পূৰ্বতেই সকীয়াইছিল৷ অৱস্থাটোৱে কথাষাৰ সোঁৱৰাই দিলে৷
বোকা-পানী মহতিয়াই আমি যাবলগীয়া হৈছে৷ পাহাৰৰ তেনেই কাষেৰে আগ বঢ়া পদপথটো আকৌ জংঘল এছোৱাত সোমাই পৰিল৷ ৰ’দ নপৰা সেমেকা অঞ্চল৷ কঠোৰ পদধ্বনিৰে তাৰ মাজেৰে গৈ আছোঁ৷ দিনৰ ১.০০ বজাৰ অলপ পাছতে এঠাইত উপস্থিত হ’লোঁগৈ৷ সেইখিনিত বুলড’জাৰে ঠাইখিনি বহল কৰিছে যদিও বৰষুণ পৰাৰ ফলত এতিয়া কাম চলি থকা নাই৷ অঞ্চলটো তেনেই বোকাময় হৈ পৰিছে৷ বুলড’জাৰখন এঠাইত ৰখাই থোৱা হৈছে৷ দেখিলেই অনুমান কৰিব পাৰি যে কেইবাদিনো ধৰি ৰাস্তাৰ নিৰ্মাণ কাৰ্য বন্ধ আছে৷ সোঁকাষৰ শিল আৰু শুকান ঠাই চাই চাই খোজ দি সেইখিনি অতিক্ৰম কৰি থাকোঁতেই বাওঁহাতে পাথৰৰ গুহা এটা আৰু তাতে দোকান এখনৰ উপস্থিতি সন্মুখলৈ আহিল৷ গুহাটোৰ বেৰত খিৰিকী এখন কটা আছে৷ সেইখন দেখিয়েই জৰ্জ বাৰ্নাৰ্ড শ্ব’ৰ বাক্য এষাৰ তুৰন্তে মনলৈ আহি গ’ল৷ ‘তুমি নিজে হ’লা এখন খিৰিকী, যাৰ মাজেদি বাহিৰৰ জগতখনক দেখিবলৈ পোৱা৷’ গুহাটোৰ ভিতৰৰ পৰা খিৰিকীখনেৰে বাহিৰৰ প্ৰাকৃতিক জগতখন দেখিবলৈ কেনে হ’ব বাৰু? সন্মুখ পাওঁতেই কল্পনাটো মূৰত খেলালে৷ লগে লগে সেইফাললৈ পিঠি দি চৌদিশ এবাৰ চক্ৰাকাৰে পৰ্যবেক্ষণ কৰি ল’লো৷ গম পালোঁ যে এই খণ্ডতে আমাৰ জিৰণি-কেম্প পতা হ’ব৷
গুহা দোকানখনৰ সন্মুখত, বাটৰ দাঁতিত, সোৱণশিৰিৰ পাৰত পাহাৰীয়া বাঁহ এগালমান পেলাই থোৱা আছিল৷ তাৰ ওপৰতে ৰাক্চেক্টো নমালোঁ৷ শ্লীপিং বেগটোও কাষতে থ’লোঁ৷ খোজ কঢ়া আৰু পাহাৰ বগোৱাৰ ফলত প্ৰত্যেকৰে পেটে কলমলাইছে৷ আমাই কেতেনালাত পুৱাতে খিচিৰি খুৱাইছিল৷ তাৰ পাছত একোৱেই পেটত পৰা নাই৷ অথচ ইমান দূৰ একেৰাহে উঠা-নমা কৰি আহিবলগীয়া হৈছে৷ শৰীৰৰ শক্তি কমি অহাটো স্বাভাৱিক৷ বাঁহজাপৰ ওপৰতে তানিয়ে থৈ যোৱা চাউলৰ বস্তাটোত ভেজা দি মই অলপমান হেলান দিলোঁ৷ ভাগৰ গুচোৱাটো প্ৰথম কাম৷ তাৰ পাছত কিনো আছে চাওঁ বুলি দোকানখনৰ কাষ পালোঁগৈ৷ আগেয়ে উপস্থিত হোৱা ৰাইজে দোকানৰ পৰা কিনি লোৱা লালচাহৰ সৈতে বাস্কেটত সোমাই থকা কিবাকিবি খাদ্য গোগ্ৰাসে খাই আছে৷ ভাগ ময়ো পালোঁ৷
সোৱণশিৰিখনক এইবাৰ সোঁহাতে লৈছোঁ আমি৷ প্ৰাকৃতিক ভাৰতবৰ্ষৰ অন্তিম সীমাক ধিয়াই উৰুলিকৃতহৈ দলটো সদলবলে আগ বাঢ়ি আছে৷ এবাৰ জলপ্ৰপাতৰ পানীয়ে মোৰ জোতা-মোজাৰ একাংশ তিয়াই দিলে৷ এই অৱস্থাটো বৰ অস্বস্তিকৰ৷ খোজ কাঢ়িবলৈ ভীষণ অসুবিধা হয়৷ বিকল্প নথকাত তেনেকৈয়ে গৈ থাকিবলগীয়া হ’ল৷ এইটো আশংকাতে সিদিনা নাচ্ছোত হাণ্টিং শ্বু এযোৰ কিনি থওঁ বুলি ভাবিছিলোঁ৷ জোখ নিমিলিল৷ ভৰিত থকাযোৰ পিন্ধিব নোৱাৰা হ’লে মোৰ ফালে আধ্যাই৷ দ্বিতীয় এযোৰ নাই৷ ৰৈ যাব লাগিব চাগৈ জংঘলৰ মাজত! অৰূপদাৰ ৰাক্চেকত তেওঁৰ ভাগৰ অতিৰিক্ত জোতা এযোৰ সুমুৱাই অনা হৈছে৷ হ’লেও বেগটো প’ৰ্টাৰৰ বাস্কেটত সোমাই থকাত উলিওৱাটো এতিয়া সম্ভৱপৰ নহয়৷ সিফালে উডক্ৰাফটৰ মজবুত আৰু ডাঠ তলুৱাৰ জোতা পিন্ধি গপচ হৈ অহা অৰূপদা, জয়ন্তদা, ৰাজীৱ, দীপকদাহঁতে অকণো কেৰেপ নকৰাকৈ বোকা খচকি, পানী ফালি পাৰ হৈ গৈছে৷ এইটো কাৰণতে চাগৈ গামবুট লাগিব বুলি ডাক্তৰ জ’তি নাল’ৱে জয়ন্তদাক পূৰ্বতেই সকীয়াইছিল৷ অৱস্থাটোৱে কথাষাৰ সোঁৱৰাই দিলে৷
বোকা-পানী মহতিয়াই আমি যাবলগীয়া হৈছে৷ পাহাৰৰ তেনেই কাষেৰে আগ বঢ়া পদপথটো আকৌ জংঘল এছোৱাত সোমাই পৰিল৷ ৰ’দ নপৰা সেমেকা অঞ্চল৷ কঠোৰ পদধ্বনিৰে তাৰ মাজেৰে গৈ আছোঁ৷ দিনৰ ১.০০ বজাৰ অলপ পাছতে এঠাইত উপস্থিত হ’লোঁগৈ৷ সেইখিনিত বুলড’জাৰে ঠাইখিনি বহল কৰিছে যদিও বৰষুণ পৰাৰ ফলত এতিয়া কাম চলি থকা নাই৷ অঞ্চলটো তেনেই বোকাময় হৈ পৰিছে৷ বুলড’জাৰখন এঠাইত ৰখাই থোৱা হৈছে৷ দেখিলেই অনুমান কৰিব পাৰি যে কেইবাদিনো ধৰি ৰাস্তাৰ নিৰ্মাণ কাৰ্য বন্ধ আছে৷ সোঁকাষৰ শিল আৰু শুকান ঠাই চাই চাই খোজ দি সেইখিনি অতিক্ৰম কৰি থাকোঁতেই বাওঁহাতে পাথৰৰ গুহা এটা আৰু তাতে দোকান এখনৰ উপস্থিতি সন্মুখলৈ আহিল৷ গুহাটোৰ বেৰত খিৰিকী এখন কটা আছে৷ সেইখন দেখিয়েই জৰ্জ বাৰ্নাৰ্ড শ্ব’ৰ বাক্য এষাৰ তুৰন্তে মনলৈ আহি গ’ল৷ ‘তুমি নিজে হ’লা এখন খিৰিকী, যাৰ মাজেদি বাহিৰৰ জগতখনক দেখিবলৈ পোৱা৷’ গুহাটোৰ ভিতৰৰ পৰা খিৰিকীখনেৰে বাহিৰৰ প্ৰাকৃতিক জগতখন দেখিবলৈ কেনে হ’ব বাৰু? সন্মুখ পাওঁতেই কল্পনাটো মূৰত খেলালে৷ লগে লগে সেইফাললৈ পিঠি দি চৌদিশ এবাৰ চক্ৰাকাৰে পৰ্যবেক্ষণ কৰি ল’লো৷ গম পালোঁ যে এই খণ্ডতে আমাৰ
গুহা দোকানখনৰ সন্মুখত, বাটৰ দাঁতিত, সোৱণশিৰিৰ পাৰত পাহাৰীয়া বাঁহ এগালমান পেলাই থোৱা আছিল৷ তাৰ ওপৰতে ৰাক্চেক্টো নমালোঁ৷ শ্লীপিং বেগটোও কাষতে থ’লোঁ৷ খোজ কঢ়া আৰু পাহাৰ বগোৱাৰ ফলত প্ৰত্যেকৰে পেটে কলমলাইছে৷ আমাই কেতেনালাত পুৱাতে খিচিৰি খুৱাইছিল৷ তাৰ পাছত একোৱেই পেটত পৰা নাই৷ অথচ ইমান দূৰ একেৰাহে উঠা-নমা কৰি আহিবলগীয়া হৈছে৷ শৰীৰৰ শক্তি কমি অহাটো স্বাভাৱিক৷ বাঁহজাপৰ ওপৰতে তানিয়ে থৈ যোৱা চাউলৰ বস্তাটোত ভেজা দি মই অলপমান হেলান দিলোঁ৷ ভাগৰ গুচোৱাটো প্ৰথম কাম৷ তাৰ পাছত কিনো আছে চাওঁ বুলি দোকানখনৰ কাষ পালোঁগৈ৷ আগেয়ে উপস্থিত হোৱা ৰাইজে দোকানৰ পৰা কিনি লোৱা লালচাহৰ সৈতে বাস্কেটত সোমাই থকা কিবাকিবি খাদ্য গোগ্ৰাসে খাই আছে৷ ভাগ ময়ো পালোঁ৷
কেম্প চাইটৰ চৌপাশ লক্ষ্য কৰি ভালেই লাগিল৷ দুৰ্বাৰ গতিত সন্মুখত ৪০ ফুটমান তলত সোৱণশিৰিখন৷ গৰাটোৰ ওপৰতে নৈৰ কাষলৈ খুঁটি এটাত বন্ধা পাইপ এডালৰ মুখেৰে অহৰহ পানী নিৰ্গত হৈ আছে৷ পাইপডাল দেখা গৈছে যদিও উৎসৰ সৈতে কেনিনো সংযোগ কৰি ৰখা হৈছে, ক’ৰ পৰানো পানীবোৰ অকণো বিৰতি নোহোৱাকৈ আহি আছে সঠিকভাৱে ধৰিব পৰা নাই৷ খোৱা পানী সংগ্ৰহৰ উপৰি ধোৱা-পখলাও তাতে কৰা হয়৷ পাথৰ কিছুমান ৰাখি ঠাইখিনি সুবিধাজনক কৰি লোৱা হৈছে৷ মস্ত চৰিয়া এটাও পতা আছে৷ ভৰ্তি চৰিয়াৰে নিগৰি পানী বৈ আছে সোৱণশিৰিলৈ৷ অলপ পাছতে দোকানখনৰ পৰা জনজাতীয় মহিলা এগৰাকী ওলাই আহিল৷ পাইপডালৰ কাষতে খৰধৰকৈ কিবা ধুলে আৰু বাল্টিত পানী লৈ ভিতৰ সোমাল৷
নদীলৈ মুখ কৰি থিয় হ’লে বাওঁহাতে ৰাস্তাটো যেনি গৈছেগৈ, সেইফালে কেইখোজমান আগলৈ প্ৰকাণ্ড শিল কাটি ছাদ এখনৰ দৰে কৰি ৰখা দেখা হৈছে৷ তাৰ তলেদিয়ে ৰাস্তাটো৷ নৈখনৰ সিপাৰে মন্দিৰ নে স্তুপসদৃশ কিবা এটা দেখা পাইছোঁ৷ জংঘলে বেৰি আছে৷ পাহাৰৰ এনে আপদীয়া স্থানত কিমান দিনৰ আগতে, কি দৰকাৰত সেইটো নিৰ্মিত হৈছিল বাৰু? কৌতূহলেৰে প্ৰশ্নটো কৰি পেলোৱাত সময়টো সঠিককৈ ক’ব নোৱাৰিলেও আগতে ৰাস্তাটো সোৱণশিৰিৰ সিপাৰেদি আছিল বুলি নিকেলে জনালে৷ বি.আৰ.অ’.ই সাজিছিল সেইটো৷ তাৰ কাষতে হাবি কাটি তম্বু তৰি নিশা কটোৱা ভাল হ’ব বুলিও ক’লে তেওঁ৷ তাৰ পৰা ১০০ মিটাৰমান আগলৈ নৈৰ ওপৰত আকৌ এখন ওলমা সাঁকো৷ ঠিক ৰেপিড এটাৰ ওপৰতে৷ সাঁকোখনৰ সিপাৰৰ মূৰটো ৰৈ থকা স্থানৰ পৰাই দেখা পাই আছোঁ৷ সেইখন দেখি একাংশ সংগীৰ মুখমণ্ডলত আশ্চৰ্যৰ অভিব্যক্তি পুনৰবাৰ উজলি উঠিছে৷ প্ৰশ্ন হৈছে, শংকা জাগিছে, সেইফালেৰেই যাব লাগিব নেকি আমি? আলোচনা-বিলোচনাৰ অন্তত গুহা দোকানৰ আশে-পাশে মুকলি ঠাইখিনিতে নিশা কটোৱাৰ সিদ্ধান্ত হ’ল৷
পোহৰ থাকোঁতেই এলেকাটোৰ বুজ লওঁ বুলি আগলৈ গ’লোঁ৷ মূল বাটটো পাথৰৰ ছাদখনৰ তলেদি ক্ৰমাৎ ওপৰলৈ উঠি হাবিত লুকাই পৰিছে৷ সাঁকোখন এৰি অকণমানি ঠেক পথ এটা অৰণ্যৰ মাজলৈ সোমাই গৈছে৷ সেইবাটেৰে মাজালৈ যায়৷ প্ৰচণ্ড শীত আৰু সকলো প্ৰতিকূল পৰিস্থিতি নেওচি মানুহবােৰে খোজ কাঢ়ি অহা-যোৱা কৰে ৷ মাজা হৈছে সীমান্তৰ নিকটৱৰ্তী ঠাই৷ চীনৰ একেবাৰে ওচৰত৷ বাটটোলৈ আঙুলিয়াই নিকেলে ক’লে যে সেইফালেহে ব’ৰ্ডাৰলৈ চুটিবাট৷ হেঙিং ব্ৰীজখনৰ পৰা ৫০ মিটাৰমান আগলৈ, সিপাৰে দুৰন্ত গতিত ওলাই আহিছে শক্তিশালী নৈ এখন৷ সেয়া মাজানালা৷ নৈখন সোৱণশিৰিত সংযুক্ত হৈছে৷ সোৱণশিৰিৰ সিপাৰলৈ বহু দূৰ ব্যাপী গছ-গছনিৰে ভৰা দুৰ্গম আৰু থিয় শৈলপৰ্বত৷ দুশাৰী পৰ্বতৰ চেপত অৱস্থিত এই স্থান৷ সহজেই ধাৰণা কৰিব পাৰি যে বেলিটো ইয়াত কম সময়ৰ বাবেহে দৃশ্যমান হ’ব, আন্ধাৰ সোনকালে নামি আহিব৷ ইফালে বতৰৰ অৱস্থাও বৰ ঠিক নহয়৷ ইয়াত বতৰ বৰ অবিশ্বাসী৷ এই মুকলি, এই ডাৱৰ, এই বৰষুণ৷ সেয়ে ৰাস্তাৰ কামৰ অগ্ৰগতিও চাগৈ অতি লেহেমীয়া৷

তাল’, লিদা, তাগে’, ৰকেশ, চিংকাৰ আৰু তায়া৷ প্ৰত্যেকৰে ডিঙিয়ে ডিঙিয়ে ওলমিছে একোখনকৈ দা৷ যাত্ৰা স্থগিত কৰিয়েই নিকেলৰ তৎপৰতাত কামবোৰ সিহঁতে ভগাই লৈছে৷ প্ৰথমে ঠাই চাফা কৰা, খৰি গোটোৱা, পানী অনা আদি কাম৷ কেইটামানে খৰি বিচাৰি জংঘললৈ সোমাই গ’ল৷ তানি গৈছে সিপাৰত জংঘল কাটিবলৈ৷ তাতে কেম্প বনোৱা হ’ব বুলিয়েই সি এতিয়াও ভাবি আছে৷ অথচ সিদ্ধান্ত সলনি কৰা হ’ল৷ এইবোৰ সিহঁতৰ চিনাকি ঠাই! অৰণ্য সিহঁতৰ আপোন ঘৰ৷ তানিৰ কান্ধত বন্দুকটো আছে৷ তায়াৰ পকেটত কেটেপা৷ আহি থাকোঁতে বাটত সিহঁতে চৰাই চিকাৰ কৰিছে৷ মাৰি পেলোৱা চৰাইটো অথনি দ্বিতীয়খন হেঙিং ব্ৰীজ পাৰ হৈ গৰাত থুপ খাওঁতে পকেটৰ পৰা উলিয়াই দেখুৱাইছিল৷ বীৰত্বৰ প্ৰমাণহে যেন! কেতিয়াবাই প্ৰাণবায়ু উৰি যোৱা অচিনাকি চৰাইটোৰ মৃতদেহ দেখি মনতে দুখ লাগিছিল৷ ইমান ধুনীয়া জীৱবোৰক কিছুমান মানুহে কেনেকৈযে বধ কৰে! নাগালেণ্ডলৈ গ’লেতো চৰাই-চিৰিকটি দেখিবলৈকে পোৱা নাযায়৷ ইয়াত যেনিবা আছে৷ তথাপি মানুহৰ পেটৰ দায়ত এদিন নোহোৱা হোৱাৰ আশংকাও নথকা নহয়৷
আমাৰ দলৰ আনবোৰৰ কেনেকুৱা নাজানো, মোৰ হাতত কিন্তু অস্ত্ৰ বুলিবলৈ একোটোৱেই নাই৷ দুটা বস্তু লগত নিনিওঁ বুলি যাত্ৰাৰ আগতেই ঘৰতে মনস্থ কৰি থৈছিলোঁ৷ এটা হ’ল অস্ত্ৰ, আনটো দৰব৷ সিদ্ধান্ত লৈছিলোঁ যে খালী হাতেৰেই যাম৷ তদুপৰি দৰবৰ দ-টোও মোৰ বেগত নাথাকিব৷ নিজকে নিজে জুখি চোৱাৰ এয়াই সুবৰ্ণ সুযোগ৷ সম্ভাব্য শাৰীৰিক কষ্টক তুচ্ছ জ্ঞান কৰি মানসিকভাৱে সম্পূৰ্ণ প্ৰস্তুত হৈ ওলালেও কিবা কাৰণত অসুস্থতাৰ সন্মুখীন হ’ব লগা হ’ব পাৰে বুলি ভালদৰেই জানো৷ অথচ তেনেকৈয়ে গুচি আহিলোঁ, একো নহয় বুলি দৃঢ়চিত্ত হৈ৷ নিৰ্মল বায়ু আৰু বিশুদ্ধ পানীয়েই পাৰ্বত্য পৰ্যটকৰ বাবে স্বয়ংক্রিয় দৰব৷ আনহাতে শুচিবায়ু স্বভাৱৰ মানুহে তেনেবোৰ স্থানত বৰ্তিব নোৱাৰে বুলিও মোৰ মনত গোপনে ধাৰণা এটা নথকা নহয়৷ পৰিৱেশৰ সৈতে মিলিব পৰাটোৱেই উত্তম পন্থা৷ তাৰ বাবে দৰবৰ প্ৰয়োজন নাই৷ তাতে দৰব আৰু ডাক্তৰৰ পৰা সততে দূৰত অৱস্থান কৰি আহিছোঁ যেতিয়া তেতিয়াও কথাটো তেনেকৈয়ে ভাবিলোঁ৷
(পৰৱৰ্তী খণ্ড - এভাৰেষ্টাৰ তাপি ম্ৰা)আমাৰ দলৰ আনবোৰৰ কেনেকুৱা নাজানো, মোৰ হাতত কিন্তু অস্ত্ৰ বুলিবলৈ একোটোৱেই নাই৷ দুটা বস্তু লগত নিনিওঁ বুলি যাত্ৰাৰ আগতেই ঘৰতে মনস্থ কৰি থৈছিলোঁ৷ এটা হ’ল অস্ত্ৰ, আনটো দৰব৷ সিদ্ধান্ত লৈছিলোঁ যে খালী হাতেৰেই যাম৷ তদুপৰি দৰবৰ দ-টোও মোৰ বেগত নাথাকিব৷ নিজকে নিজে জুখি চোৱাৰ এয়াই সুবৰ্ণ সুযোগ৷ সম্ভাব্য শাৰীৰিক কষ্টক তুচ্ছ জ্ঞান কৰি মানসিকভাৱে সম্পূৰ্ণ প্ৰস্তুত হৈ ওলালেও কিবা কাৰণত অসুস্থতাৰ সন্মুখীন হ’ব লগা হ’ব পাৰে বুলি ভালদৰেই জানো৷ অথচ তেনেকৈয়ে গুচি আহিলোঁ, একো নহয় বুলি দৃঢ়চিত্ত হৈ৷ নিৰ্মল বায়ু আৰু বিশুদ্ধ পানীয়েই পাৰ্বত্য পৰ্যটকৰ বাবে স্বয়ংক্রিয় দৰব৷ আনহাতে শুচিবায়ু স্বভাৱৰ মানুহে তেনেবোৰ স্থানত বৰ্তিব নোৱাৰে বুলিও মোৰ মনত গোপনে ধাৰণা এটা নথকা নহয়৷ পৰিৱেশৰ সৈতে মিলিব পৰাটোৱেই উত্তম পন্থা৷ তাৰ বাবে দৰবৰ প্ৰয়োজন নাই৷ তাতে দৰব আৰু ডাক্তৰৰ পৰা সততে দূৰত অৱস্থান কৰি আহিছোঁ যেতিয়া তেতিয়াও কথাটো তেনেকৈয়ে ভাবিলোঁ৷
No comments:
Post a Comment