দিন চাৰি ৷৷ ৩.১১.২০১৫
কেতেনালা এৰি আগলৈ যাবৰ সময় হৈ আহিল৷ নিজৰ নিজৰ
বস্তু-বাহানি লৈ লাহে লাহে এজন এজনকৈ চাঙৰ পৰা মাটিলৈ নামিছে৷ একেবাৰে অন্তিমত পৰিলোঁ
মই৷ ৭.৩০ বজাত তাকচিং অভিমুখে আমাৰ দলটোৰ পদযাত্ৰা আৰম্ভ হৈ গ’ল৷ দল বোলোঁতে বাহিৰৰ পৰা অহা
আমি ১০জন (জয়ন্ত শৰ্মা, ৰাজীৱ ভট্টাচাৰ্য, দীপক দাস, মৃণাল শৰ্মা, বৰুণ শ্বেওকান্দ,
দেৱিন্দৰ শৰ্মা, অৰূপ কলিতা, প্ৰদীপ কুমাৰ সিং, অমৰ ইংহি, আব্দুছ ছাজিদ), গাইড এজন
(নিকেল নাল’) আৰু প’ৰ্টাৰ ৭জন (তাল’ নাল’, লিদা নাল’, তাগে’ নাল’, ৰকেশ ন্যজু, চিংকাৰ চেকে, তায়া
ৰাই আৰু তানি ম্ৰা)৷ অনানুষ্ঠানিক ফ্লেগ অফ্ হৈ গ’লত দলটোৰ সদস্যসকলে উৎসাহ-আনন্দেৰে উৰুলিকৃত হৈ
আগলৈ খোজ দিবলৈ আৰম্ভ কৰিলে৷ প্ৰদীপদা, অমৰ আৰু মই নিজৰ নিজৰ বয়-বস্তু যেনে ৰাক্চেক্,
শ্লীপিং বেগ আদি পিঠি আৰু হাতত লৈ নিজেই কঢ়িয়াইছোঁ৷ যেন অভিজ্ঞ ট্ৰেকাৰহে! বাকীসকলে
মালবাহকৰ বাস্কেটৰ সহায় লৈছে৷ প’ৰ্টাৰ নোলোৱাকৈ পৰ্বতত উঠাটো সম্ভৱ কৰিবলৈকে ইয়ালৈ অহাৰ কেইবাদিনো
আগৰে পৰাই ডিফুৰ ওখ-চাপৰ ৰাস্তাত খোজ কাঢ়িছিলোঁ, পিঠিত বেগ লৈও প্ৰেকটিছ চলাইছিলোঁ৷ সেই অনুশীলন কিমান কাৰ্যকৰী
হয় এতিয়াহে দেখা যাব৷
প্ৰদীপদা, জয়ন্তদা, অৰূপদা, দীপকদা, ৰাজীৱ আদিৰ
হাতত একোডালকৈ ৱাকিং ষ্টিক৷ মোৰ সেইবোৰ যোগাৰ নাই৷ সমস্ত কথা-কাণ্ডই মোৰ বাবে নতুন
আৰু পদে পদে আনৰ পৰা শিকিবলগীয়াহে৷ কেৱল ইমানেই মাত্ৰ জানো যে দূৰণিবটীয়া যাত্ৰা এটাও সৰু খোজ এটাৰেই আৰম্ভ হয়৷ এনে ধৰণৰ দলীয় এড্ভেন্সাৰ ট্ৰেকিং-কেম্পিং
আগতে মই কাহানিও কৰি পোৱা নাই৷ না আছে জাংগল ট্ৰেকিঙৰ প্ৰশিক্ষণ৷ অভিজ্ঞতা আন কাৰোবাৰ
থাকিলেও মোৰ নাই৷ কোলাহলপূৰ্ণ পৰিৱেশৰ পৰা সাময়িক অব্যাহতি লৈ নিস্তব্ধ অৰণ্য ভ্ৰমণৰ
জৰিয়তে অৰুণাচলৰ ৰূপে-ৰসে-ৰঙে ভৰা বিনন্দীয়া প্ৰাকৃতিক অময়াপুৰীত দুদিনমান থাকিম বুলি
ওলাই আহিছোঁ৷ স্বাভাৱিকতে কৌতূহল, অনুসন্ধিৎসা, আনন্দ আদিৰ সংমিশ্ৰণে মনটো অতিকৈ চঞ্চল
কৰি পেলাইছে৷
আমাৰ গাইড নিকেল নাল’, গৃহস্থ তানি ম্ৰা আৰু মই অন্তিমত৷
আমা, দাদি, নানা আৰু মামাই চাঙৰ পৰা নামি আহি আমাক বিদায় জনালে৷ সিহঁত আটায়ে যেন মনে-প্ৰাণে কৈ উঠিল চৰৈৱতি, গৈ থাকক, গড ব্লেছ৷ তাৰ পাছতে আমি তিনিও একেলগে ঘৰৰ আগৰ ৰাস্তাত ভৰি দিলোঁ৷ কালি হোৱা চা-চিনাকিৰ পাছৰে পৰাই আমাৰ মাজত ত্ৰিকোণ বন্ধুত্ব আৰু আত্মীয়তা গঢ়
লৈ উঠিছে৷ তানিয়ে বাদামীৰঙী ধুনীয়া ট্ৰেকচুট এযোৰ পিন্ধিছে৷ বন্দুক এটাও কান্ধত লৈছে৷ গুলী পকেটত৷ চিকাৰ আৰু নিৰাপত্তা, বন্দুকটোৰ দুটা মুখ্য কাম৷ নিকেলৰ গাত আছে চামৰাৰ জেকেট৷ দুয়োৰে ভৰিত
হাণ্টিং শ্বু৷ নিজকে কিবা আদিম অৰণ্যবাসী হ’বলৈ ওলোৱা যেনহে লাগিছে এইবোৰ দেখি!
পথৰ দাঁতিতে থকা এঘৰৰ বাৰাণ্ডাত প’ৰ্টাৰ ডেকাকেইটাই টোপোলা-টাপলিবোৰ
ভাগ-বতৰা কৰি আছে৷ বস্তুবোৰ ঠাহি ঠাহি খাঙত সুমুৱাই লৈছে৷ তানিৰ তত্ত্বাৱধানত সিহঁত
আমাৰ পিছে পিছে আহি থাকিব৷ গতিকে তানি সেইখিনিতে ৰৈ গ’ল৷ নিকেলে কিবাকিবি বুজালে৷ তাৰ পাছত আমি দুয়ো খোজ বঢ়াই দিলোঁ৷
দলৰ বাকী সকলোটি আগত আছে৷ বৰ উৎসাহ আৰু ধুমধামেৰে গৈ আছে সদস্যসকল৷ যেন আজিয়েই তাকচিং
পাবগৈ! অথচ দূৰত্বৰ সঠিক জোখ-মাখ কিল’মিটাৰ হিচাপত কোনেও ক’ব নোৱাৰে৷ এটা মাইল প’ষ্টো নাই৷ চিভিলিয়ান লোকৰ দলবদ্ধ
ট্ৰেকিং-কেম্পিং এইফালে হেনো এয়াই প্ৰথম৷ পথটোৰ অৱস্থা আৰু বতৰৰ বতৰা জানিবৰো একো উপায়
নাই৷ সকলোফালে অনিশ্চয়তা৷
পাহাৰত ঘূৰোঁতে মেপৰ অতিশয় প্ৰয়োজন হয়৷ এনেকুৱা অনিশ্চিত যাত্ৰাত
অৱশ্যে মানচিত্ৰৰ কোনো কাম নাই৷ এইটো যিহেতু প্লিজাৰ ট্ৰিপ অৰ্থাৎ প্ৰমোদ ভ্ৰমণ নহয়, সেয়েহে মোৰ হাতত থকা মেপ আৰু বাকী সকলোবিলাক সংগৃহীত তথ্য স্বজ্ঞানে
আৰু ইচ্ছাকৃতভাৱেই ঘৰত এৰি থৈ আহিছোঁ৷ মনত যিখিনি আছে সেয়াই সম্বল৷ অনিশ্চয়তাক লৈ খেলা
কৰাৰ মতলবতে আমি আটায়ে আহিছোঁ৷ বাকী ভৰসা নিকেল নাল’৷
Every kg is a pain/burden in the hills.
Lesser the luggage, better it is. এইবুলি দৰকাৰী কথা এষাৰ পাইছিলোঁ trekking tips
সম্বন্ধে গুগলত খুঁচৰি থাকোঁতে৷ তাৰে বশৱৰ্তী হৈ শেষ মুহূৰ্তত মোৰ ৰাক্চেক্টোৰ পৰা
বাছি বাছি বস্তু কিছুমান উলিয়াই পেলালোঁ৷ লগত অনা কাপোৰৰ মোনা এখনতে সমস্ত সুমুৱালোঁ৷
তাৰ পাছত সেই মোনা আমা ম্ৰাৰ হাতত জমা দি দিলোঁ৷ ক’লোঁ যে ঘূৰি আহি চমজি ল’ম৷ তাই আথে-বেথে নি শোৱাকোঠাৰ
বাকচত ভৰাই থ’লেগৈ৷ ৱালঙলৈ যাওঁতে ইণ্ডিয়ান আৰ্মীৰ ৱে’ট কেণ্টিনত কিনা ক’লা ট্ৰেকচুটযোৰ পিন্ধো-নিপিন্ধোকৈ
লিৰিকি-বিদাৰি আছিলোঁ৷ কিবা ভাবি অৱশেষত পিন্ধিয়েই ল’লোঁ৷ এইখিনি কৰোঁতেই আনবোৰতকৈ মই পিছ পৰি গ’লোঁ৷ অৰূপদাই চিঞৰ দুটামান মাৰিছিল৷
সঁহাৰি নাপালে৷ ফলাফল, আমাৰ চকুৱে ঢুকি পোৱা পৰিসৰলৈকে এতিয়া লগৰ এজনো নাই৷ অনেক ব্যৱধানত
সিহঁত আগ বাঢ়ি কেতিয়াবাই অদেখা হৈছে৷ অৱশ্যে চিন্তা নাই যে মোৰ সৈতে নিকেল নাল’ আছে৷ তেওঁ এতিয়া মোৰ বাবে নতুন
হৈ থকা নাই৷ সৰ্বশেষত আৰম্ভ কৰিও দলটোক আমি সোনকালেই লগ ধৰিম বুলি দৃঢ় হৈ যাত্ৰা আৰম্ভ কৰিছোঁ৷
দহ-বাৰ মিনিটমান খোজ কাঢ়ি আগলৈ গৈয়ে পালোঁ পথ নিৰ্মাণকাৰী
সংস্থা গ্ৰেফৰ কেম্পটো৷ অস্থায়ীভাৱে নিৰ্মিত ঘৰবোৰ৷ এটা অংশৰ পৰা ধোঁৱা উৰিছে৷ বোধ
হয় ৰান্ধনীশাল৷ মাজত এখন চোতাল৷ ক্রেন, এক্সকেভেটৰ, ডাম্পাৰ আদি চোতালখনতে ৰখাই থোৱা
হৈছে৷ চিনিব পাৰিলোঁ, তানিৰ লগত যোৱাৰাতি ইয়ালৈকে আহিছিলোঁ, কেমেৰাৰ বেটেৰী চাৰ্জ কৰিবৰ
বাবে৷ দিনৰ পোহৰত দেখা পাই ঠাইডোখৰ তন্নতন্নকৈ চালোঁ৷ কেম্পৰ ৰাস্তাটো সোঁহাতে সামান্য
তললৈ নামি গৈছে৷ আমি যাবলগীয়া ৰাস্তাটো ওপৰলৈ উঠি আগলৈ গুচি গৈছে৷ গ্ৰেফৰ কেম্পটো নাপাওঁতেই
সোৱণশিৰিৰ পাৰত ভাৰতীয় সৈন্যবাহিনীৰ ভালেকেইখন গাড়ী সেউজীয়া জালেৰে আৱৰি ৰখা অৱস্থাত
পৰিলক্ষিত হ’ল৷ গাড়ীবোৰ তেনেকৈ থোৱা দেখি
আচৰিতো হ’লোঁ৷ সীমান্তৰ নিৰাপত্তাজনিত
নিয়মৰ পৰিপ্ৰেক্ষিততে শ্যামলীমাত মিলি থকাকৈ সেইদৰে থৈছে চাগৈ৷
ওপৰৰ পৰা ঘূৰি চালোঁ
আমি নিশা কটোৱা কণমানি ঠাইখিনিলৈ৷ সন্মুখৰ দুৰ্জয় পাহাৰখণ্ডৰ সৈতে কি এক শৈল্পিক স্থিৰচিত্ৰ!
মেঘবোৰ দেখিবলৈ এনে লাগিছে কোমল বগা কপাহ কিছুমানহে যেন পৰ্বতৰ গাত অ’ত-ত’ত আঠা লগাই থোৱা হৈছে! অৰণ্যৰ মাজেৰে জিলিকি উঠিছে সোৱণশিৰিৰ চিলমিল
ৰূপালী পানী৷ শিলে শিলে ঠেকা খাই ওলোৱা শব্দ কিছুমানেও অনৰ্গল কৰ্ণপটহত খুন্দিয়াই আছেহি৷ শীতলতাই আমাৰ শৰীৰ আৱৰি ধৰিছে৷ সুখ আৰু সৌন্দৰ্যৰ বিমল অনুভূতি মনত লৈ অগ্ৰসৰ হ’লোঁ৷
No comments:
Post a Comment