Saturday, 7 May 2016

দিন চাৰি  ৷৷ ৩.১১.২০১৫
৯. লুংলুঙীয়া ট্ৰেকেৰে থিয় পৰ্বতত আৰোহণ



Tough times never last but tough people do. সময় যথেষ্টখিনি লাগিলেও হেঙিং ব্ৰীজখন আমি সফলতাপূৰ্বক পাৰ হলোঁ৷ তাৰ পাছতে হিল ট্ৰেকটোৰ আৰম্ভণি৷ ওপৰলৈ চালোঁ৷ অৰণ্যৰ পৰা মহাৰণ্যৰ ফালে ধাৱমান এটা লুংলুঙীয়া বাট৷ কেইবা খলপ কৰি পৰ্বতৰ গাৰে একে কোবতে বহুত ওপৰলৈ গৈছেগৈ৷ এঢলীয়াত খোপনি ধৰিবলৈ মাজে মাজে গছৰ ডালকে সাৰথি হিচাপত পুতি বা বান্ধি ৰখা হৈছে৷ সকলোবোৰেই অস্থায়ী ব্যৱস্থাপনা৷ পৰ্বতৰ শৰীৰত উলম্বভাৱে একেৰাহে আৰোহণ কৰি আমি যথেষ্ট উচ্চতা পাবগৈ লাগিব৷ তাৰ পাছত নিশ্চয় আকৌ নামিব লাগিব৷ কিমানদূৰ এনেকৈ বগাব লাগিব বুলি দুই-একৰ মুখেৰে প্ৰশ্ন ওলাইছিল৷ সেই প্ৰশ্ন অবান্তৰ মাথো৷ কাৰণ হিচাপ উলিয়াবলৈ উৎস একো নাই৷ গৈ থাকিলে এটা সময়ত নিজেই গম পাম৷ তদুপৰি জনা উচিত যে পাহাৰত ট্ৰেকিং কৰাটো টান কাম৷ তাৰ তুলনাত ট্ৰেকিঙক লৈ ভ্ৰমণ কাহিনী লিখাই অনেক সহজ৷

ট্ৰেকিং শব্দটো মূলতঃ পৰ্তুগীজ৷ পৰ্তুগীজ TREKKENৰ পৰা এই শব্দটি উদ্ভৱ হৈছে, যাৰ অৰ্থ Travelling far and wide on bullokcarts৷ ইংৰাজী TREKKING শব্দটোৰ আভিধানিক অৰ্থ হৈছে স্থানান্তৰণ বা ভ্ৰমণ৷ অতীত কালত নিজ নিজ উদ্দেশ্যৰে তীৰ্থযাত্ৰী, বেপাৰী আনকি ৰজা-মহাৰজায়ো ট্ৰেকিং কৰিছিল৷ ঊনবিংশ শতিকাৰ শেষাৰ্ধত সংগঠিতভাৱে ট্ৰেকিঙৰ আৰম্ভণি হোৱা বুলি কোৱা হয়৷ তেতিয়াই চিমলা আৰু শ্ৰীনগৰত স্থাপিত হৈছিল ট্ৰেকিঙৰ এজেন্সি৷ ১৯৪২ চনত ডুন স্কুলৰ কেইগৰাকীমান শিক্ষকে তেওঁলোকৰ ছাত্ৰসকলক লৈ বদ্ৰীনাথৰ ওপৰত অৱস্থিত অৰোৰা ভেলীলৈ গৈছিল৷ ভাৰতীয়ৰ মাজত সেয়াই প্ৰথম ট্ৰেকিং বুলি পৰিচিত৷ ভাৰতত ট্ৰেকিং-ক্লাইম্বিঙৰ প্ৰসাৰ ঘটে ভূতপূৰ্ব প্ৰধান মন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ উৎসাহ আৰু সাহায্যক্ৰমে৷ ১৯৬১ চনত ইণ্ডিয়ান মাউণ্টেনিয়াৰিং ফাউণ্ডেচন আৰু ১৯৬৫ চনত নেহৰু ইনষ্টিটিউট অৱ মাউণ্টেনিয়াৰিং প্ৰতিষ্ঠা হৈছিল যাৰ ফলক্ৰমে দুঃসাহসিক ক্ৰীড়া হিচাপে ট্ৰেকিং জনপ্ৰিয় হৈ উঠিল৷

Trekking is a form of walking, undertaken with the specific purpose of exploring and enjoying the scenery. It usually takes place on trails in areas of relatively unspoiled wilderness.’ প্ৰকৃতিৰ গোপন তথা নিষ্কলুষ স্বৰ্গত প্ৰৱেশ কৰিবলৈ ট্ৰেকিঙৰ বাদে আন উপায় নাই৷ পৰ্বতৰ উচ্চতৰ অংশৰ বাবে কৰা ট্ৰেকিং প্ৰস্তুতিক মূলতঃ দুভাগত ভগোৱা হয়৷ শাৰীৰিক আৰু মানসিক৷ উভয়তে শক্তিশালী হোৱাটো জৰুৰী৷ পৰ্বত বগাবলৈ হলে কলাফুলতো জোৰ লাগে, বুকুতো জোৰ লাগে৷ তাৰ বাবে আৰোহণ-অৱৰোহণৰ সৈতে সম্পৰ্কযুক্ত কিছুমান ব্যায়াম-প্ৰাণায়াম, বোজাসহ উঠা-নমা আদিকে ধৰি কেতবোৰ অনুশীলন অপৰিহাৰ্য৷ আমাৰ এই ট্ৰেকিং-কেম্পিং তেনেকুৱা কোনো নিয়ম-নীতি বা বিশেষ পৰিকল্পনাৰ মাজেৰে হোৱা নাই৷ আগ্ৰহী কেইজনমানে হাবিয়াহ পূৰণৰ উদ্দেশ্যৰে একত্ৰিতভাৱে ওলাই আহিছোঁ৷ বাছি লৈছোঁ এনেবিলাক থলী যাক বুলিব পাৰি Far from the madding crowd৷ এনেকুৱা Off-bit jungle trekkingবোৰ অতিকৈ ৰোমাঞ্চকৰ, যাৰ জৰিয়তে চকুৰ সন্মুখত উন্মীলিত পাহাৰী সৌন্দৰ্য প্ৰত্যক্ষভাৱে পান কৰাৰ উপৰি সচৰাচৰ অপৰিচিত উদ্ভিদ তথা প্ৰাণীকুলৰ মাজত সোমাই অনবদ্য অনুভূতি আৰু স্মৰণীয় অভিজ্ঞতা আহৰণ কৰিব পাৰি, পাহাৰীয়া ভাইসকলৰ তেনেই কাষ চাপিব পাৰি, যিটো সমতলত আৰু নগৰীয়া জনঅৰণ্যত একেবাৰেই নহব৷

ধীৰ গতিত দলটোৱে পৰ্বতৰ একা-বেঁকা গাৰে বগাই বগাই ক্রমান্বয়ে ওপৰলৈ উঠিব ধৰিছে৷ মোৰ মূৰত আছে সুপ্ৰিয়দাই ৱৰ্ল্ডকাপ ফুটবলৰ সময়তে কানাডাৰ পৰা আনি দিয়া বিখ্যাত ব্ৰাজিল কেপটো৷ টুপীটো মূৰৰ ওপৰত এনেকুৱাকৈ ৰাখিছোঁ যাতে সন্মুখৰ দুটামান ষ্টেপহে দেখা পাওঁ৷ তাতোকৈ বেছি নহয়৷ বাটে বাটে মাজে মাজে সকলোৱে জিৰণি লৈছে৷ আধা ঘণ্টা খোজ কঢ়াৰ পাছত পাঁচ মিনিট জিৰোৱা উচিত৷ তেনেকৈ এবাৰ জিৰাওঁতেই মনলৈ উৰি আহিল ইন্দিৰা মিৰি ডাঙৰীয়ানীৰ ছবিখন৷ নিজৰ ৰাজ্যখনত ভাল চাকৰিৰ অভাৱ নথকা সত্ত্বেও স্কটলেণ্ডফিৰৎ এই বিদূষী মহিলাগৰাকীয়ে কিহৰ তাড়নাতনো অৰুণাচলৰ দুৰ্গম পাহাৰত খোজ কাঢ়ি ঘূৰি ফুৰিছিল, ভাবিলে আচৰিত লাগিবৰ কথাই৷ অশিক্ষিতৰ মাজত শিক্ষাৰ পোহৰ বিয়পোৱাৰ সংকল্প কিমান দৃঢ় হব পাৰে, সেয়া বুজিব পাৰি শিক্ষাবিদগৰাকীৰ জীৱন আৰু কৰ্মৰ বিষয়ে পঢ়ি৷

আমি ইয়ালৈ শিক্ষাৰ পোহৰ বিলাবলৈও অহা নাই, পেটৰ দায়তো অহা নাই৷ আমি আহিছোঁ মনৰ তাড়নাত এই দুৰ্গম অঞ্চলবোৰ স্বচক্ষে চাবলৈ৷ জীৱন কেনেকৈ জীয়াই আছে ইয়াত? তাকে জানিবলৈ আহিছোঁ৷ শিহৰণকাৰী এই ঠাইলৈ আহিছোঁ প্ৰকৃতিৰ নিৰিবিলি সংস্পৰ্শত থাকিবলৈ পোৱাৰ উত্তেজনা প্ৰশমনৰ অৰ্থে৷ ঘৰ, আপোন পৰিয়াল, নিজৰ ঠাইখন আৰু মানুহবোৰ, নিজৰ নিজৰ কাম-কাজবোৰ এৰি আঁতৰি আহিছোঁ, কেইদিনমানৰ বাবে, দুনয়ন সাৰ্থক কৰিবলৈ৷ ইন্দিৰা মিৰিৰ উদ্দেশ্যৰ তুলনাত আমাৰ মহতালিৰ পৰিমাণ মস্ত শূন্য৷ ট্ৰেকটোৰ অৱস্থা দেখিয়ে প্ৰথমেই সেয়ে মনত জাগিছে সেই নাৰীগৰাকীৰ কথা৷ লগতে অনেক প্ৰশ্ন৷ সত্য কথা যে ৰাস্তা-ঘাট বিচাৰি অৰুণাচলৰ কিছুমান ঠাইলৈ আজিও হাবি ভাঙি যাব লাগে৷ আজিও হেলিকপ্টাৰ ড্ৰপিং হয়৷ আৰু সেই তেতিয়া, ১৯৪৭ চনত? অৰুণাচলৰ পথ সংযোগ ব্যৱস্থা কেনেকুৱা হব পাৰে তেতিয়া? কল্পনা কৰি চমকি উঠিলোঁ৷ দুৰ্গম পাহাৰত শিক্ষা বিপ্লৱৰ সূচনাকাৰী ইন্দিৰা মিৰি কম সাহসী আৰু কষ্ট কৰিব পৰা মহিলা আছিলনে? অলপধতুৱা হোৱা হলে সেই তেতিয়াৰ দিনতে সোৱণশিৰি, টিৰাপ, কামেং আৰু লোহিতৰ ভালুকপুং, ৰূপা, বমডিলা, ডিৰাং, জিৰো, দুইমুখ, আলং, পাচিঘাট, নামচাই, দেনিং, থেৰলিয়াং আদি পদব্ৰজে মহতিয়াই ফুৰিব পাৰিলেহেঁতেননে?

১৯৭৭ চনত ভাৰত চৰকাৰৰ দ্বাৰা পদ্মশ্ৰী সন্মানিত, ২০০৪ চনৰ শংকৰদেৱ বঁটাপ্ৰাপক, দুঃসাহসী বিদূষী মেৰেঙৰ কথাকে একান্তমনে ভাবি গৈ আছোঁ৷ এসময়ত ট্ৰেকটো বাঁওহাতলৈ ঘূৰিল৷ আগলৈ আকৌ লুংলুঙীয়া জংঘলী বাট৷ সমতল নায়েই৷ কেনিবা কিবাহে চোপ লৈ থাকিলেও গম পোৱা নাযায়৷ এই ওখ এই চাপৰ৷ সীমান্ত শেখৰে গোৱা গানটোৰ লগত তেনেই মিলি গৈছে... ঠাইতে ওখ, ঠাইতে চাপৰ৷ ক্ষন্তেকতে উঠিবলগীয়া হৈছে, ক্ষন্তেকতে নামিবলগীয়া হৈছে৷ হলেও, যাব যে মই (আমি) লাগিব৷ ইন্দিৰা মিৰি কিজানি ইয়াতকৈও ভয়ানক বাটেৰেহে গৈছিল৷ লগত আছিল দা লোৱা মিচিমি, নিছি, আপাতানি বা টাংছা৷ তাৰ তুলনাত আমাৰ পৰ্টাৰৰ হাতত তাগিনৰ দা আৰু কেটেপাৰ উপৰি এনলীয়া বন্দুক এটাও আছে৷ গতিকে ভয় কিহৰ?

ইন্দিৰা মিৰিয়েই নহয়, শিক্ষা বিস্তাৰৰ লক্ষ্যৰে এদল অসমীয়া শিক্ষকেও সৌ তাহানিতে অৰুণাচল, নাগালেণ্ডৰ চুকে-কোণে সোমাইছিলগৈ৷ ঘৰ-পৰিবাৰ এৰি পাৰ্বত্য জনজাতিৰ মাজত নিজকে বিলীন কৰি দিছিল তেওঁলোকে৷ শিক্ষাৰ উগ্দতিৰ অৰ্থে সঁপি দিছিল জীৱন৷ সেই মাটি-পানী-বায়ুক আঁকোৱালি লৈ পৰ্বতীয়া মানুহৰ মৰমত, উন্নয়নমুখী মনোভাব আৰু আন্তৰিক দায়বদ্ধতাত বন্দী হৈ পৰিছিল দিনৰ পাছত দিন, মাহৰ পাছত মাহ, বছৰৰ পাছত বছৰ ধৰি৷ এনেকুৱা বাটেৰেই তেতিয়া ঘণ্টাৰ পাছত ঘণ্টা খোজ দিবলগীয়া হৈছিল, ইখনৰ পাছত সিখন পাহাৰ পাৰ কৰিবলগীয়া হৈছিল৷ হয়তোবা ইয়াতকৈ অধিক বিপদসংকুল আৰু পদে পদে জীৱনৰ শংকাও বেছিহে আছিল৷ তেনেকুৱা দায়বদ্ধতাৰ পৰাও আমিবোৰ সম্পূৰ্ণ মুক্ত৷


ট্ৰেকটোৰ ঠায়ে ঠায়ে বাট কাটি উলিয়াবলৈ অসুচল হোৱা এলেকা কিছুমান পাই আহিছোঁ৷ তেনে জেগাত গছৰ ডালেৰে নিৰ্মাণ কৰা সৰু-বৰ জখলা কিছুমান পোৱা গৈছে৷ কিছুমান চুটি, কিছুমান দীঘলীয়া৷ তেনেকুৱা জখলাৰ খলপত সাৱধানে ভৰি দি তলৰ পৰা ওপৰলৈ বগুৱা বাবলগীয়া হৈছে৷ কৰবাত আকৌ তেনে ব্যৱস্থাৰে নামিবলগীয়াও হৈছে৷ উঠোঁতে পোনে পোনে উঠিলেও নমাৰ বেলিকা মানুহটো ঘূৰি লৈছোঁ৷ তেতিয়া সুবিধা হয়৷ কৰবাত কৰবাত শিলৰ একোটা চেপ৷ ৰাক্‌চেকটো লাগি ধৰে৷ মাজেদি কোনো ৰকম পাৰ হৈছোঁ৷ তাৰ পাছতে প্ৰকাণ্ড খাদৰ কাষে কাষে সাৱধানে আগুৱাবলগীয়া হৈছে৷ দুভৰি আৰু জোতাত বিশ্বাস নাৰাখিলে বাগৰি পৰাৰ সম্ভাৱনা৷ গছত শেলুৱৈ, শিলত শেলুৱৈ, জখলাত শেলুৱৈ৷ হাতে ঢুকি পোৱাতে অত-তত বনৰীয়া ফুল৷ তেনেকুৱা আৰণ্যক নীৰৱতাৰ মাজত ওলাইছে জয়াল যেন লগা একোটা গুহা৷ মাজে মাজে অচিন পখীৰ প্ৰতিধ্বনিত সুহুৰি৷ বহুত তলেদি বৈ থকা আৰু দূৰৰ পৰা ভাহি অহা সোৱণশিৰিৰ হৰহৰণিয়ে পৰিৱেশটো বেছি ভৌতিক কৰি তুলিছে৷ লগে লগে হৃদয়ত সঞ্চিত হৈছে এটা মায়াৱী অনুভূতি, যাক ভাষাৰে প্ৰকাশ কৰা নাযায়৷

গুহাটোৰ মুখতে পাথৰত বহি মৃণালদাই দিয়া শুকান খেজুৰ দুটামান চোবাবলৈ পালোঁ৷ ট্ৰেকিঙত খেজুৰ, চকলেট আদি খাই খাই যাব লাগে হেনো৷ মোৰ হাতত পিছে সেইবোৰ একোটোৱেই মজুত নাই৷ পৰ্টাৰৰ বাস্কেটত কিবা-কিবি আছিল বুলি জয়ন্তদাই উল্লেখ কৰিছিল৷ সিহঁতো আগ বাঢ়ি গুচি গল৷ সংযোগ অসম্ভৱ৷ সেইবোৰ ভাবি নাথাকি ভাগৰ লাগিলে ৰৈ লৈছোঁ৷ ডিঙি শুকালে আমা ম্ৰাই পুৱাতে গৰম পানী ভৰাই দিয়া বটলটো খুলি পানী কেইঢোকমান গিলিছোঁ৷ বচ সিমানেই৷ তাৰ পাছত আকৌ উঠা-নমা৷

টিৰাপ, মিচিমি, আবৰ, সোৱণশিৰি আৰু বালিপাৰা এই পাঁচোটা উপত্যকাত ভাগ কৰা হৈছিল নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেন্সি, নেফাক৷ নেফাৰ নাম শুনিলে খামিডাঠ মানুহেও হেনো তেতিয়া পিছ হুহকি গৈছিল৷ পাহাৰ আৰু পথৰ শংকা বাদেই, ভয়ংকৰ মানুহৰ বসতি ইয়াত৷ অথচ নেফাৰ শিক্ষা বিভাগৰ প্ৰথম শীৰ্ষ বিষয়া ইন্দিৰা মিৰি প্ৰমুখ্যে শিক্ষক বাহিনীয়ে তেনেকুৱা পাহাৰীয়া জনগোষ্ঠীৰ মাজলৈকে মৰসাহ কৰি কঢ়িয়াই নিছিল শিক্ষাৰ অমূল্য বন্তিশিখা৷ সেয়েহে সেইসকল আজিও নমস্য, আজিও পূজ্য৷

প্ৰসংগক্ৰমে মনলৈ আহিল অৱসৰপ্ৰাপ্ত শিক্ষক শহুৰ-দেউতাৰ মুখখন৷ স্বৰাজোত্তৰ কালতে অনুৰূপ সেৱাৰ্থে তেৱোঁ সোমাইছিলগৈ অৰুণাচল নহয়, নগাৰাজ্যত৷ নাগালেণ্ড চৰকাৰৰ শিক্ষা বিভাগত মকৰল হৈ ৰাজধানী কহিমাৰ পৰা শিক্ষকতাৰ যাত্ৰাসূচী শুভাৰম্ভ কৰি এন.এছ.চি.এন. উগ্ৰপন্থী কবলিত ইষ্টাৰ্ণ নাগালেণ্ডৰ ফেক আৰু মন ডিষ্ট্ৰিক্টৰ ফুমচিং, তোতক, চাজুবা, লংলেং, মন, টিজিট আদিত আছিলগৈ৷ পাহাৰে পাহাৰে খোজ কাঢ়ি, হেলিকপ্টাৰে পেলোৱা ৰেচন খাই ভাৰত-ম্যানমাৰ সীমান্ত পৰ্যন্ত কটাই অহা তেওঁৰ জীৱনৰ ৰোমাঞ্চকৰ কাহিনীবোৰেও একে সময়তে স্মৃতিপটত ভিৰ কৰিলেহি৷

হঠাতে ধুমকৈ শব্দ এটা ভাহি আহিল৷ লগে লগে আমাৰ গাইডে সাৱধানতাসূচক দুআষাৰ কৈ নিৰাপদ ঠাইত বহি যাবলৈ নিৰ্দেশ দিলে৷ মই উঠি উঠি দীঘল জখলা এডালৰ মূৰটো পাইছিলোঁগৈ৷ আমাৰ মাজত দূৰত্ব এটা ইতিমধ্যে আহি পৰিছে৷ গতিকে তেওঁ কি কৈছে একো নুশুনিলোঁ৷ অচিন বাটত যোগাযোগ বিচ্ছিন্ন হোৱাৰ আশংকা এটাও মনলৈ নহাকৈ থকা নাই৷ স্বগতোক্তি কৰিলোঁ, কোনোবাই আমালৈ গুলীয়ালে নেকি? ভয়ো খালোঁ অকণমান৷ ইণ্ডিয়ান আৰ্মীয়ে কিবা সন্দেহবশতঃ কাৰোবাক গুলীয়াইছে যদি? এনকাউণ্টাৰজাতীয় একো নহয়তো? কি ঠিক! চিন্তাটোৱে পাকঘূৰণি খুৱালে৷

তেনেতে বাকীকেইজনক হঠাৎ থমকি ৰৈ যি যত যেনেকৈ আছে তৎমুহূৰ্ততে বহি পৰা দেখিলোঁ৷ অকলশৰীয়া অৱস্থাত হতভম্ব হৈ গলোঁ মই৷ কিয় তেনেকৈ ঘপকৈ বহি গল জয়ন্তদা, ৰাজীৱ আৰু নিকেল? ৰাক্‌চেক্‌টো শিল এছটাৰ ওপৰত পৰাকৈ ৰাখি জখলাৰ অন্তিম কাঠডালত ময়ো চুপে-চাপে বহি দিলোঁ৷ জংঘলৰ মাজেৰে মূৰৰ ওপৰত গোমা আকাশ৷ চকুৰে যেনেতেনে মণিব পৰা অৱস্থানত তলৰ কেঁকুৰি এটাত দেখা পালোঁ ৰাজীৱক৷ মাটিতে লেপেটা কাঢ়ি বহি আছে৷ সাৰি-সিকটি নাই৷ এইফালেও চাই থকা নাই যে আকাৰে-ইংগিতে কিবা সুধিম বা জানিব পাৰিম৷ তেওঁৰ বাওঁহাতে জয়ন্তদা আৰু নিকেল আছে চাগৈ৷ থাকিলেও এইফালৰ পৰা দেখা যোৱা নাই৷ কি ঘটিছে, কিমানপৰ এনেকৈ থাকিব লাগিব নাজানো৷ বাকী সদস্যবোৰ আমাতকৈ আগ বাঢ়ি থকাত কোনে কি পজিচন ললে, কাৰ দি অৱস্থা হৈছে একো নাজানিলোঁ৷ উৎকণ্ঠা এটা মনত লৈ বহি থাকিলোঁ তেনেকৈয়ে৷ মোৰ বাবে সম্পূৰ্ণ এটা নতুন অভিজ্ঞতা৷

অলপ পাছত প্ৰচণ্ড শব্দৰে অঞ্চলটো কঁপাই বিস্ফোৰণ এটা ঘটিল৷ জিলেটিনে পাহাৰ ফলাৰ শব্দ ইমান ভয়ানক বুলি এইহে জানিলোঁ৷ পাছত নিকেলে কওঁতে বুজিলোঁ, ব্লাষ্টিঙৰ ফলত উফৰি অহা শিলে যাতে শৰীৰত আঘাত কৰিবহি নোৱাৰে তাৰ বাবেই এইকণ সাৱধানতা৷ প্ৰথম শব্দটো সাৱধানবাণীস্বৰূপ ইংগিতৰ বাহক৷ পাছৰটো শিল ফলাৰ শব্দ৷ ৰাস্তা নিৰ্মাণৰ অৰ্থে কাটি থকা কোনোবা এজেগাই সেই শব্দৰ উৎপত্তিস্থল৷ গ্ৰেফৰ নামমাত্ৰ মানুহ কেইজনমানে তাত কাম কৰি আছে৷ সিহঁতো বৰ সাহসী৷ বিভীষিকাৰ মাজতো স্থিতপ্ৰজ্ঞৰ দৰে নিজৰ কৰ্তব্য সম্পাদন কৰি গৈছে সিহঁতে৷ বিস্ফোৰণথলী চোৱাৰ হেঁপাহ এটা জাগিছিল৷ পিছে অৰণ্যই আঁৰ কৰি ধৰাত এইফালৰ পৰা একোকে দেখা নগৈছে৷ ১০ মিনিটমান সেইদৰে একে ঠাইতে জব্দ হৈ থাকিবলগীয়া হোৱাত অস্বস্তি লাগি আহিছিল৷ ইফালে বলি থকা চেঁচা মৃদু মলয়াত দেহা শীতল হৈ পৰিল৷ থিয় পৰ্বত বগোৱাৰ ফলত ট্ৰেকচুটৰ তলৰ কাপোৰবোৰ ঘামত তেনেই জেপ্‌জেপীয়া হৈ পৰিছিল৷ ফলস্বৰূপে ঠাণ্ডা লাগিব ধৰিলে৷ শৰীৰটো চেঁচা হৈ আহিল৷ তথাপি পৰৱৰ্তী নিৰ্দেশ অহালৈ ধৈৰ্যৰে বাট চোৱাৰ বাদে হাতত অন্য উপায় নাই৷ একো নজনাকৈয়ে যেনে আছিলোঁ তেনেই বহি থাকিলোঁ জখলাৰ মূৰত৷










(পৰৱৰ্তী লেখা - অৰণ্যৰ অন্তেষপুৰত)

No comments:

Post a Comment