দিন পাঁচ ৷৷ ৪.১১.২০১৫
তাকচিং হৈছে মধ্য অৰুণাচলৰ অত্যন্ত ভিতৰুৱা আৰু
একাষৰীয়া এলেকা৷ অক্ষাংশ-দ্ৰাঘিমাংশৰে বুজোৱা এই ঠাইৰ ভৌগোলিক অৱস্থান ২৮.২ ডিগ্ৰী
৩৫' ৮৬'' উত্তৰ, ৯৩.৮ ডিগ্ৰী ৯১' ৯৬'' পূব৷ সমুদ্ৰপৃষ্ঠৰ পৰা গড় উচ্চতা প্ৰায় ১,৮৩৫
মিটাৰ৷ নিত্যপ্ৰয়োজনীয় সা-সামগ্ৰী ইয়াত প্ৰশাসনৰ তৰফৰ পৰা যোগান ধৰা হেলিকপ্টাৰৰ সহায়ত
এয়াৰ ড্ৰপিং হয়৷ পথ যোগাযোগ স্থাপনৰ কাৰণে শিলাময় পাহাৰত ফৰ্মেচন কাটিং চলিহে আছে ঠায়ে ঠায়ে৷
কোনেও ক’ব পৰা নাই তাকচিঙলৈ আচলতে কিমান দূৰ আৰু গৈ পাওঁতে কেইদিন
লাগিব৷ পুৱাতে আমাৰ কেম্পথলীত আহি ওলাইছিল সেনাবাহিনীৰ ছটফটীয়া কেপ্টেইন এজন৷ তামা শ্বুং শ্বুঙৰ পৰা আহি আছে, লিমেকিঙলৈ যাব৷ জয়ন্তদা,
অৰূপদা, ৰাজীৱহঁতে চিনাকি হৈ তেওঁৰ সৈতে কথা পাতিছিল৷ বহুতৰে ‘ক্যা কৰনেকে লিয়ে আয়া ইস জংগলমে’’ টাইপৰ অবাক প্ৰশ্ন আৰু নঞৰ্থক মন্তব্যৰ বিপৰীতে
উদ্যমী ডেকা অধিকাৰীজনে কিন্তু আমাক শলাগিলেহে৷ এনেকৈ দলবান্ধি অহা আমিয়েই প্ৰথম বুলি কেতেনালাৰ চাঙত সিদিনা নিশা তানি আৰু আমা ম্ৰায়ো কৈছিল৷ সি যি কি নহওক, তাকচিং ওচৰ নহয়, কষ্টগম্য আৰু কেইদিনমান
অবিৰতভাৱে খোজ কাঢ়িলেহে পাবগৈ বুলিলে আৰ্মী অফিচাৰজনে৷ কালি ৰাতি শোৱাৰ আগতে মই নিকেলৰ বহীখনৰ পৰা টুকি ৰখামতে
কেতেনালা আৰু গেলেন চিনিয়াকৰ পাছত দাজ’বুং (১,৬৪০ মিটাৰ) আৰু দাদু (১,৬৫০ মিটাৰ)ত ৰে’ষ্ট কেম্প পাতিব লাগিব৷ এনেকুৱা জিৰণি শিৱিৰ বঢ়াবও লগা হ’ব পাৰে৷ হিচাপ
কৰি চোৱাত দেখা গ’ল যে উভতি নাহোঁতেই আমাৰ ইনাৰ লাইন
পাৰ্মিটৰ ম্যাদ উকলি যাব৷ ইফালে কেতেনালাৰ পৰা ঘৰলৈ ঘূৰি আকৌ তিনিদিনৰ বাট৷ সেয়া যেনিবা গাড়ী আৰু ৰে’লযোগে হ’ব৷ কিন্তু আগলৈ যোৱাটো সম্পূৰ্ণ নিৰ্ভৰ কৰিছে ভৰি দুখনৰ
ওপৰত৷ খোজৰ গতিয়েহে নিৰ্ণয় কৰিব তিনিদিনত পাবগৈ নে পাঁচদিনত নে কেতিয়া৷ পিঠিত ২০ কে.জি.ৰো অধিক
ওজন কঢ়িয়াই স্থানীয় মানুহে কোনোমতে তিনিদিনত পালেগৈও আমাৰ দলীয় পদচালনাৰ যিটো ৰূপ
দেখা গৈছে, তিনিটা দিনত সেয়া সম্ভৱ নোহোৱাটোৱে খাটাং৷ এনেকুৱা কেইটামান অংকই ঘোৰ সংকটত
পেলাই দিলে৷
তাকচিং অৰুণাচল প্ৰদেশৰ আপাৰ সোৱণশিৰি জিলাৰ এটা
চাৰ্কোল৷ অঞ্চলটোত আজিও যাতায়াত আৰু যোগাযোগৰ ক্ষেত্ৰত নানান আহুকাল আছে৷ তালৈ এতিয়াও
পথ গঢ়ি উঠা নাই৷ কৰ্মতৎপৰ, ভৱিষ্যদৰ্শী, দায়িত্বশীল অভিযন্তা অবিহনে এনে কাৰ্য মুঠেই
সম্ভৱপৰ নহয় বুলি পথৰ এছোৱা দেখাৰ পাছত অনুভৱ কৰিছোঁ৷ আনহাতে এইটোও শুনিছিলোঁ যে ৰেডিঙৰ পৰা তাকচিঙলৈ
গাড়ী যাব পৰা পথ আছে, যেনেদৰে এইফালে শ্বেৰি থাপা মেম’ৰিয়েল পৰ্যন্ত সৰু গাড়ী অহাটো সম্ভৱ৷ সদ্যহতে কিন্তু সোৱণশিৰিৰ পাৰে পাৰে পৰ্বত উঠি-নামি খোজ কাঢ়িয়ে তাকচিঙলৈ
যোৱাৰ প্ৰথা৷ এই ব্যৱস্থাৰে অহা-যোৱা কৰা দুই-এজন স্থানীয় লোকৰো আমি মুখামুখি হৈছোঁ৷ তেওঁলোকৰ পৰাও জানিছোঁ যে প্ৰয়োজনীয়
লাম-লাকতু সহিত লিমেকিঙৰ অৰাক ভিলেজৰ পৰা আৰম্ভ কৰি তাকচিঙলৈ কেইবাদিনো খোজ কাঢ়িব
লাগে৷ এটা দুৰ্গম আৰু কষ্টকৰ যাত্ৰা৷
ডাপৰিজোৰ পৰা তাকচিঙলৈ দূৰত্ব ২২১ কিল’মিটাৰ বুলি ধৰা হয়৷ সোৱণশিৰি নৈৰে দূৰত্ব ৯৬ কিল’মিটাৰ বুলিও এঠাইত পাইছোঁ৷ তথ্যবোৰ কিমানদূৰ সত্য, ইয়ালৈ আহি এই সম্পৰ্কে সন্দেহ যথেষ্ট ঘনীভূত হৈছে৷ আনহাতে প্ৰাকৃতিক দৃশ্যাৱলী কিন্তু মানিবলগীয়া৷ তাৰে তাগিদাতে আমিও সোমাইছোঁহি পৰ্বতৰ মাজৰ পাৰাপাৰহীন এই বনাঞ্চলত৷ তাকচিং চাৰ্কোলত চিংকি মাজাগ নামে এটা হ্ৰদ আছে৷ সোৱণশিৰি আৰু য়ুমে নৈৰ সংযোগস্থলৰ উত্তৰে য়ুমেৰ পৰা চীনা এলেকাৰ তাকপা চিৰিলৈ তীৰ্থযাত্ৰী যোৱা বাট আছে৷ তাকপা চিৰিক ‘স্ফটিক পৰ্বত’ বুলি জনা যায়৷ এইবোৰৰ অন্তৰালত অনেক কথা আৰু শ্ৰুতিমধুৰ কাহিনী আছে৷ সেইবোৰ শুনি উত্ৰাৱল হৈ পৰিলেও আমাৰ বাবে তাকচিং এতিয়া যেন বহুদূৰ!
ডাপৰিজোৰ পৰা তাকচিঙলৈ দূৰত্ব ২২১ কিল’মিটাৰ বুলি ধৰা হয়৷ সোৱণশিৰি নৈৰে দূৰত্ব ৯৬ কিল’মিটাৰ বুলিও এঠাইত পাইছোঁ৷ তথ্যবোৰ কিমানদূৰ সত্য, ইয়ালৈ আহি এই সম্পৰ্কে সন্দেহ যথেষ্ট ঘনীভূত হৈছে৷ আনহাতে প্ৰাকৃতিক দৃশ্যাৱলী কিন্তু মানিবলগীয়া৷ তাৰে তাগিদাতে আমিও সোমাইছোঁহি পৰ্বতৰ মাজৰ পাৰাপাৰহীন এই বনাঞ্চলত৷ তাকচিং চাৰ্কোলত চিংকি মাজাগ নামে এটা হ্ৰদ আছে৷ সোৱণশিৰি আৰু য়ুমে নৈৰ সংযোগস্থলৰ উত্তৰে য়ুমেৰ পৰা চীনা এলেকাৰ তাকপা চিৰিলৈ তীৰ্থযাত্ৰী যোৱা বাট আছে৷ তাকপা চিৰিক ‘স্ফটিক পৰ্বত’ বুলি জনা যায়৷ এইবোৰৰ অন্তৰালত অনেক কথা আৰু শ্ৰুতিমধুৰ কাহিনী আছে৷ সেইবোৰ শুনি উত্ৰাৱল হৈ পৰিলেও আমাৰ বাবে তাকচিং এতিয়া যেন বহুদূৰ!
উত্তৰ-পূব ভাৰতৰ বিভিন্নখন ৰাজ্যৰ লগতে অৰুণাচল
প্ৰদেশৰো বিভিন্ন জিলাত অনেকটা স্বল্পজ্ঞাত জনজাতিয়ে বাস কৰে৷ তেওঁলোকৰ বিষয়ে তুলনামূলকভাৱে
অতি কম তথ্য পোৱা যায়৷ তাকচিং অঞ্চলৰ লোকসকল তিব্বতবৰ্মীয় ফৈদৰ৷ সাংবিধানিক সূত্ৰমতে
তেওঁলোক অনুসূচিত শ্ৰেণীৰ অন্তৰ্ভুক্ত৷ মুঠ জনসংখ্যা কম৷ ৬০০ও নহয়৷ অৰ্থনৈতিক আৰু শৈক্ষিক ক্ষেত্ৰত
এইসকল এতিয়াও উপান্ত অৱস্থাতে আছে৷ পৰিচয় বা মৰ্যাদাৰ ক্ষেত্ৰতো মানুহখিনিয়ে এতিয়াও খোপনি
পুতিব পৰা নাই৷ দেশৰ এমূৰীয়া সীমান্ত অঞ্চলত বাস কৰা হেতুকে ঐতিহাসিক যুগৰ পৰা বৰ্তমানলৈকে বিশেষকৈ
সীমান্তৱৰ্তী জনজাতিসমূহৰ বহিঃজগতৰ সৈতে সম্পৰ্ক আৰু যোগাযোগ আজিৰ তাৰিখতো অতি সীমিত
হৈ আছে৷ চৰকাৰে প্ৰস্তুত কৰা কল্যাণকামী আৰু উন্নয়নমূলক আঁচনিবোৰৰ সা-সুবিধা এনেবোৰ
জনজাতিয়ে কদাচিতহে উপভোগ কৰিবলৈ পায় বুলি বিভিন্ন মহলত অভিযোগ নথকা নহয়৷ ক’বলৈ গ’লে জীৱন ধাৰণৰ মৌলিক সা-সুবিধাবোৰৰ পৰাই তেওঁলোক একেবাৰে
বঞ্চিত হৈ আছে৷ কষ্টগম্য অঞ্চলবিলাকত উন্নয়নমূলক কামৰ অৱস্থিতি কেনিও লক্ষ্য কৰা নাযায়৷ দেশৰ
মূল ভূখণ্ডৰ পৰা তেনেই বিচ্ছিন্ন৷ শিক্ষানুষ্ঠান নাই, চিকিৎসানুষ্ঠান নাই৷ জনবসতি অৱশ্যে
তেনেই সেৰেঙা৷ অ’ত কেইঘৰমান, ত’ত কেইঘৰমান৷ হ’লেও মানুহখিনিয়ে তেওঁলোকে পৈতৃক ভেটি এৰি
চহৰাঞ্চললৈ উঠি যোৱা নাই৷ কষ্টকৰ জীৱন পদ্ধতিকে আঁকোৱালি লৈ প্ৰজন্মৰ পাছত প্ৰজন্ম ধৰি নীৰৱে
কালাতিপাত কৰি গৈছে, আনে সিমান একো নজনাকৈ৷
আমাৰ মাজত চলা আলোচনাত এই কথায়ো ৰসৰ সঞ্চাৰ কৰিছিল
যে পাহাৰত এনেকৈ আজীৱন বাস কৰা লোকসকলে হেনো ভৈয়ামৰ সমতলত মুঠেই খোজ কাঢ়িব নোৱাৰা হৈ পৰে৷
যেনেকৈ সমতলত খোজ কঢ়া মানুহৰ বাবে অৰুণাচলৰ এনেবোৰ পাহাৰ বগোৱাটো সহজসাধ্য নহয়৷ তেওঁলোকে সমতললৈ ওলাই আহিবলৈ টান পায়৷ সমতলৰ মানুহেও পৰ্বতত উঠিবলৈ অসুবিধা পায়৷ গতিকে
উভয় দিশৰ পৰাই কথাবোৰ গ্ৰহণযোগ্য৷ তথাপি এইটো নক’লে নহ’ব যে পৰ্বত-ভৈয়ামৰ সমাহাৰেই বিশাল ভাৰত ভূখণ্ড৷
নাহ হৈছে অৰুণাচল প্ৰদেশৰ সবাতোকৈ সৰু জনগোষ্ঠী৷
তাকচিং অঞ্চলৰ পাঁচখন গাঁওব্যাপী এই জনগোষ্ঠীৰ মানুহৰ প্ৰধান বসতি৷ তেওঁলোকে উচ্চ পৰ্বতৰ বক্ষত বাস কৰে৷ শিলেৰে ঘৰ সাজি ভেড়া ছাগলী পোহে৷ ঊলৰ কাপোৰ তৈয়াৰ কৰি জীৱন নিৰ্বাহ কৰে৷ নাহসকলে ভাবে যে তেওঁলোক জলদেৱতাৰ বংশজ৷ তেওঁলোকৰ মাজত পৌৰাণিক কিংবদন্তিমূলক আখ্যানৰ প্ৰচলন আজিও আছে৷ তেনেকুৱা মুখ বাগৰি অহা এক কাহিনীৰ মতে সৃষ্টিকৰ্তা নিইলোৱে পূৰ্বতে এই ঠাইত পদাৰ্পণ কৰিছিল৷ থিতাপি ল’বৰ উদ্দেশ্যৰে নিজৰ পুত্ৰ কনিঙক ইয়াতে এৰি থৈ গৈছিল৷ আনহাতে কনিঙৰ এজন মনুষ্য পুত্ৰ আছিল৷ তেওঁৰ নাম নাবু৷ নাপেৰ বুলিও জনা যায়৷ নাবু বা নাপেৰৰ সতি-সন্ততি এই নাহসকল৷
(পৰৱৰ্তী লেখা – আৰু কথা তাকচিঙৰ)
No comments:
Post a Comment