Wednesday, 25 May 2016

দিন পাঁচ  ৷৷ ৪.১১.২০১৫
৬. তাকপা চিৰিৰ পৱিত্ৰ তীৰ্থযাত্ৰা



তাকপা চিৰি হৈছে তাকচিঙৰ পৰা প্ৰায় ২০ কিলমিটাৰ উত্তৰা-দক্ষিণাকৈ অৱস্থিত এক পৰ্বত শিখৰ৷ সমুদ্ৰপৃষ্ঠৰ পৰা ইয়াৰ উচ্চতা ২,৪৫০ মিটাৰ৷ প্ৰশস্ত পাহাৰ শিখৰৰ নিম্নাংশত কেজু লা৷ কেজু লাৰ সমীপত এটা সৰু হ্ৰদ৷ হ্ৰদটোক পুৰাং বা পতৰাং বুলি কোৱা হয়৷ তিব্বতী জনবিশ্বাসত এই লেক আৰু পৰ্বত শিখৰক পৱিত্ৰ বুলি গণ্য কৰা হয়৷ জুলাই মাহৰ পৰা ছেপ্টেম্বৰ মাহলৈকে একালত ইয়াত বিশাল আয়োজনেৰে বছৰেকীয়াকৈ তীৰ্থযাত্ৰা চলিছিল যাক বোলা হৈছিল কিংকৰ৷

তিব্বতী লোকসকলে বিশ্বাস কৰে যে চাৰিটা জলাশয় আৰু চাৰিটা গিৰিপথযুক্ত পৰ্বত হৈছে আটাইতকৈ পৱিত্ৰ৷ সেইফালৰ পৰা তাকপা চিৰি তেওঁলোকৰ বাবে এখন অতি পৱিত্ৰ স্থান৷ কিয়নো ইয়াত আছে কেজু লা, চাংয় লা, কাংয় লা, চাগাম লা আৰু চুম লা৷ লাৰ অৰ্থ হৈছে গিৰিপথ৷ এই সকলোখিনি গিৰিপথকে সামৰি তাকপা চিৰি শিখৰটো ৰেজিনচেই নামে জনপ্ৰিয়৷

চুম লাৰ অন্য নাম হল লংজু৷ ১৯৬২ৰ চীনা যুদ্ধৰ সময়ত লংজু কাণ্ডৰ বাবে জনাজাত হৈ পৰিছিল এই লংজু৷ সোৱণশিৰি নৈৰ উত্তৰে স্থিত চুম লা বা লংজু সেইখন ঠাই যত চীনা সৈন্যই আগুৰি ধৰিছিল ভাৰতীয় তদাৰকী চকী৷ লংজুৰ উপৰি কংকা, নামখা শ্বু আৰু পূব ভাৰতৰ লোহিত নৈৰ উত্তৰে অৱস্থিত ৱালঙৰ বিপৰীতে সুপৰিকল্পিত ৰূপত ঢলা চকীৰ অনুৰূপ সমৰসজ্জা কম সময়ৰ ভিতৰতে গঢ়ি তুলিছিল চীনে৷ শেষ পৰিণতি চীনৰ জয়, ভাৰতৰ পৰাজয়৷

তাকপা চিৰিৰ আশে-পাশে পৰ্বতৰ বক্ষত আছে চাৰিটাকৈ শ্বু অৰ্থাৎ জলাশয়৷ পূবে হেমব্ৰাং শ্বু, পশ্চিমে য়ুমে শ্বু, উত্তৰে চাৰি শ্বু আৰু দক্ষিণে তাকচাং শ্বু৷ এই জলাশয়কেইটাক একেলগে শ্বুজিনচেই বোলা হয়৷ তিব্বতী জনমানসত বিশ্বাস প্ৰচলিত আছে যে এনেকুৱা এটা পৰ্বতত বছৰেকত এবাৰ তীৰ্থ কৰিলে পুণ্য অৰ্জন কৰিব পাৰি৷ 

তাকপা চিৰিত তিনিটা হ্ৰদ আছে৷ পুৰাং, ক্যমু আৰু য়ামবাৰে৷ বিশ্বাস আছে যে এই হ্ৰদকেইটাৰ ভিতৰত পুৰাং বা পতৰাং হৈছে পতি, ক্যমু হৈছে পত্নী আৰু য়ামবাৰে হৈছে পুত্ৰ৷ পতি-পত্নী-পুত্ৰৰ মাজত পতি অৰ্থাৎ পুতৰাং লেকটোকে সবাতোকৈ পৱিত্ৰ বুলি গণ্য কৰা হয়৷ তিব্বতৰ সকলো তীৰ্থযাত্ৰীয়েই ইয়াত আৰাধনা কৰে৷ তীৰ্থযাত্ৰাৰ আকৰ্ষণৰ ই কেন্দ্ৰবিন্দুস্বৰূপ৷ Tony Huberৰে লিখা The Cult of the Holy Crystal Mountain নামৰ কিতাপত এই বিষয়ে উল্লেখ আছে৷

তাকপা চিৰিৰ নিম্ন অংশৰে খোজ কাঢ়ি চিকচাৰ, মিপা, চাগাম লা, তামলাংগংগা হৈ পুৰাং হ্ৰদলৈ যোৱা হৈছিল৷ হ্ৰদত উপস্থিত হৈ প্ৰাৰ্থনা জনোৱা হৈছিল৷ ঘূৰি আহোঁতে তুমদান, চাকতা চাংগু, কাৰ্কয়ু লা হৈ য়ুমেলৈ আহিছিল৷ তাকপা চিৰিৰ এঢলীয়া অংশৰে চাৰিখন নৈ ওলাইছে৷ পূব দিশৰ চাৰি শ্বু আৰু পশ্চিম দিশৰ য়ুমে শ্বু জলাশয়ৰে একে নাম লৈ এই নৈবোৰ বৈ আহিছে৷

তাকচিঙৰ স্থানীয় লোকসকলে ৰিংকৰক লগাৰ বুলি কয়৷ এইটো এটা দীঘলীয়া তীৰ্থটন৷ ১২ বছৰৰ মূৰত এবাৰ পালন কৰা হয়৷ ১৯৫৬ চনত শেষবাৰৰ বাবে এই যাত্ৰা কৰা হৈছিল৷ ১৯৬২ চনত চীন-ভাৰতৰ সংঘৰ্ষ লগাৰ পাছত তীৰ্থযাত্ৰা অনুষ্ঠিত হোৱাৰ তথ্য পাবলৈ নাই৷ পৰম্পৰা অনুযায়ী ৰিংকৰ তীৰ্থযাত্ৰা তিব্বতৰ বিভিন্ন প্ৰান্তৰ পুৰুষসকলৰ মাজতেই সীমাবদ্ধ আছিল৷ শ্বচাম, চাৰি শ্বু, লংজু, বিদাক, গিলিম’ আৰু আমি কালিৰে পৰা বাহৰ পাতি থকা গেলেন চিনিয়াক হৈ সোৱণশিৰিৰ পাৰেৰে দাজবুং, দাদু, ৰেডিং, তাকচিং আৰু তাৰ পৰা য়ুমে পাইছিলগৈ৷ ৰেডিঙৰ পৰা তাকচিঙলৈ ১৮ কিলমিটাৰ পথ এতিয়া মটৰগাড়ী আহ-যাহ কৰিব পৰা বিধৰ বুলি ভ্ৰমণকাৰীৰ নথিৰ জৰিয়তে জানিব পাৰিছোঁ৷

ৰিংকৰৰ উদ্দেশ্যে যাত্ৰা কৰা তীৰ্থযাত্ৰীসকলে সেই সময়ত সোৱণশিৰি উপত্যকাৰ তাগিন জনগোষ্ঠীৰ বসতিপ্ৰধান অঞ্চলত সোমাবলৈ ভয় কৰিছিল৷ কিয়নো তাগিনবিলাকে তীৰ্থযাত্ৰীক আদবাটতে ৰখাই লৈ বয়-বস্তু লুট কৰি লৈ গৈছিল৷ ফলস্বৰূপে তেওঁলোকে তাগিনৰ পৰা সুৰক্ষা আৰু পথ প্ৰদৰ্শক লৈছিল৷ ১৩টা য়াক, ৫০খন দা, ১০৮ডাল হাৰ আৰু অন্যান্য খাদ্যবস্তু সংগ্ৰহ কৰি দিছিল৷ তেনেকুৱা গাইডে শ্বায়াল শ্বু আৰু য়ুমে শ্বু পৰ্যন্ত তীৰ্থযাত্ৰীসকলৰ সৈতে সহযোগ কৰিছিল৷ এৰি অহাৰ আগতে পথ প্ৰদৰ্শকৰ সন্মানাৰ্থে ভোজৰ আয়োজন কৰি স্থানীয় পানীয় আপং আৰু খাদ্য যাচিছিল৷

তিব্বত আৰু ম্যানমাৰৰ বনাঞ্চলৰ অধ্যয়নকাৰী, বিখ্যাত উদ্ভিদবিদ F. Kingdon Wardএ উক্ত এলেকাটোলৈ গৈ তাৰ উদ্ভিদকুলৰ বিষয়ে লিখি থৈ গৈছে৷ তেওঁৰে পদাংক অনুসৰণ কৰি অন্য এজন উদ্ভিদ বিজ্ঞানী F. Ludlowএ নিজৰ ভ্ৰমণকালত তাকপা চিৰিৰ যাত্ৰাপথকে ধৰি বিভিন্ন দিশ সামৰি আলোক-চিত্ৰ তুলি থৈছে৷ ব্ৰিটিছ চৰকাৰে তদানীন্তন নেফা আৰু তিব্বত সীমান্তৰ উত্তৰ অংশত জৰীপ চলাবলৈ F. M. Bailey আৰু H. T. Morsheadক দায়িত্ব দিছিল৷ তেওঁলোকৰ জৰীপ আৰু দৃষ্টিভংগীৰ ওপৰত ভিত্তি কৰিয়ে ১৯১৩ চনত ত্ৰিদেশীয় চিমলা অভিৱৰ্তনত হেনৰী মেকমোহনে তিব্বত আৰু ব্ৰিটিছ ভাৰতৰ সীমান্ত নিৰ্দেশক মেকমোহন লাইনডাল টানি পেলাইছিল৷ Bailey আৰু Morsheadএ তাকপা চিৰিলৈ চলা চমু তীৰ্থযাত্ৰা কিংকৰত ভাগ লৈছিল৷ সেই যাত্ৰাৰ ফলতে তেওঁলোকে উক্ত অঞ্চলসমূহ দেখিবলৈ পাইছিল৷ তেওঁলোকে দৰ্লমা লাও অতিক্রম কৰিছিল৷ পৱিত্ৰ স্ফটিক পৰ্বত তাকপা চিৰিৰ আশে-পাশে চলা দীঘলীয়া ৰিংকৰৰ বিষয়ে Ludlow আৰু অন্যান্য লেখকে লিখি থৈ গৈছে৷

উল্লেখযোগ্য যে এতিয়া অতীত হৈ পৰা ৰিংকৰ নামৰ সুদীৰ্ঘ তীৰ্থযাত্ৰাটি চীনৰ চাৰি শ্বুৰ পাৰেৰে আৰম্ভ হৈ অৰুণাচল প্ৰদেশত সোমাইছিলহি৷ সোৱণশিৰি নৈৰ পাৰেৰে আহি তীৰ্থযাত্ৰীসকলে আকৌ উত্তৰলৈ গতি কৰিছিল৷ গতিকে উক্ত যাত্ৰাপথৰ দক্ষিণ অংশটো পৰে ভাৰত এলেকাত৷ পূৰ্বজসকলৰ মাজৰ বয়োজ্যেষ্ঠসকলেহে উক্ত তীৰ্থটনৰ বিষয়ে জানিছিল আৰু ভাগ লৈছিল৷ পৱিত্ৰ পৰ্বতৰ বুকুৰ সেই যাত্ৰাটিৰ বিষয়ে তথ্যপাতি অপৰ্যাপ্ত হাৰত সম্প্ৰতি পাবলৈকে নাই৷ যিখিনি জনা গৈছে তাৰ ওপৰত ভিত্তি কৰি, বৰ্তমানৰ ভূপ্ৰাকৃতিক অৱস্থিতিলৈ চাই সহজেই ধাৰণা কৰিব পাৰি কিমান কষ্টকৰ আৰু প্ৰত্যাহ্বানপূৰ্ণ আছিল সেই পদযাত্ৰা৷

আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পৰা প্ৰায় ৪০ কিলমিটাৰ ভিতৰত অৱস্থিত লাষ্ট ইণ্ডিয়ান মিলিটেৰী পষ্ট ২৩ বৰ্ডাৰ ৰডছ টাস্ক ফৰ্চ (প্ৰজেক্ট অৰুণাংক)ৰ ১২৮ ৰড কনষ্ট্ৰাকচন কম্পেনীয়ে তাকচিং চাৰ্কোলত অত্যাধুনিক যন্ত্ৰপাতি আৰু মানৱ শক্তিৰে নিৰন্তৰ প্ৰচেষ্টা অক্ষুণ্ণ ৰাখিছে পথ যোগাযোগ সম্ভৱ কৰি তুলিবলৈ৷ ৰাস্তাটোৱে নিৰাপত্তা শক্তিশালী হৈ উঠাত গুৰুত্বপূৰ্ণ ভূমিকা নিশ্চয় গ্ৰহণ কৰিব৷ তাৰ লগে লগে ঐতিহ্যপূৰ্ণ ১২ বছৰীয়া ৰিংকৰ যাত্ৰা, বছৰেকীয়া কিংকৰ যাত্ৰা পুনৰ আৰম্ভ হোৱাটোও বহুতে কামনা নকৰা নহয়৷ তেনে হলে জুন-জুলাই মাহত বছৰি আয়োজন চলা অমৰনাথ যাত্ৰাৰ দৰেই অৰুণাচল হিমালয়ৰ তীৰ্থ দৰ্শনেও সমাজত গুৰুত্ব পাব৷ সীমান্তৰ ৰাস্তা মুকলি হলে চুবুৰীয়া ৰাষ্ট্ৰ দুখনৰ মাজত আদান-প্ৰদান বাঢ়িব৷ বুজাবুজি উন্নত হোৱাতো সহায়ক হব৷ আমাৰ এই সমস্ত খূদুৱনিৰ উত্তৰবোৰ অৱশ্যে আগন্তুক সময়েহে দিব৷

(পৰৱৰ্তী লেখা পুনৰ পদযাত্ৰা)

No comments:

Post a Comment