দিন তিনি ৷৷ ২.১১.২০১৫
১৩. তাগিনৰ চাঙত উঠিলোঁ
কাঠেৰে সজা খটখটি বগাই দলে-বলে চাঙৰ ওপৰলৈ সংগীসকল
উঠি গ’লেই৷ দলবদ্ধ খোজৰ ভৰত চাংঘৰৰ
গাধৈ কেৰ্কেৰাই-মেৰ্মেৰাই উঠিছে৷ অন্ধকাৰতে ভাহি অহা সেই শব্দবোৰে মোক অতিকৈ আকৰ্ষণ
কৰিছে৷ খৰখেদাকৈ ময়ো নিজৰ ৰাক্চেক্ আৰু শ্লীপিং বেগ হাতে-কান্ধে লৈ সেইফালে গতি কৰিলোঁ৷
নঙলাকেইডাল দেও দি একেকোবেই খটখটিত ভৰি থ’লোঁগৈ৷ তাৰ পাছত এবাৰ ওপৰলৈ চালোঁ৷ আচলতে টৰ্চ মাৰি মাৰি
বাহিৰৰ আলেখলেখ চাই থাকোঁতেই কিছু পলম হৈ গ’ল মোৰ৷ ক’তো লাইট এটাও জ্বলা দেখা নাই৷ চকুৱে সামৰিব পৰালৈকে অঞ্চলটোত
ইলেকট্ৰিচিটিৰ নাম-গোন্ধই নাই৷ কোঢ়াল বুলিবলৈও সোৱণশিৰিৰ ধাৰাবাহিক হৰ্ হৰ্ শব্দসমষ্টিৰ
বাদে অন্য একো নাই৷ সাৱধান হ’লোঁ, কেনিবা কুকুৰ-চুকুৰ থাকিব পাৰে বুলি৷ এটাও কুকুৰ নেদেখি ভালেই
পালোঁ৷ গাহৰিকেইটামানহে একাষে চুপচাপ শুই আছিল৷
কালভাৰ্টটোৰ কাষতে থকা এই চাংঘৰটোতে নিশাটোলৈ আমাৰ
আশ্ৰয়ৰ ব্যৱস্থা কৰা হৈছে৷ বাঁহ, গছৰ ডাল, ব’ল্ডাৰ কিছুমানেৰে চৌহদটো বেৰি ৰাখিছে৷ নঙলামুখতে ক’লা ৰঙৰ তিনি ইঞ্চিমান ব্যাসৰ
পাইপ এডাল পৰি আছে৷ পানীৰ পাইপ যেন অনুমান হ’ল৷ পাহাৰীয়া ঠাইৰ সুবিধাটো হ’ল মধ্যাকৰ্ষণ শক্তিৰ কাৰ্যকাৰিতাক
কামত খটুৱাই দূৰৰ পৰ্বতীয়া নিজৰাৰ পৰা ফলা বাঁহ বা পাইপেৰে প্ৰয়োজনীয় পানী বোৱাই আনিব পাৰি৷ ইয়াতো সেই বুদ্ধিকে প্ৰয়োগ কৰিছে নিশ্চয়৷ মোৰ সন্মুখত মাটিৰ পৰা চাৰিফুটমান উচ্চতাত
চাংঘৰটো৷ খুঁটাবিলাক কাঠ-বাঁহৰ৷ বেৰাবোৰ বাঁহৰ৷ বান্ধিবলৈ বেত ব্যৱহাৰ কৰিছে৷ ওপৰত
দুচলীয়াকৈ টিনৰ চালি৷ চাঙৰ তলত ফলাখৰি কিছুমান দ’মাই থোৱা দেখিছোঁ৷ পৰ্বতবাসীয়ে সকলো সময়তে জুই
ব্যৱহাৰ কৰে৷ জুহালত জুই একুৰা অনৰ্গল জ্বলাই ৰখাটো জনজাতীয় মানুহৰ নিয়ম বুলিব পাৰি৷ চাঙৰ ওপৰলৈ উঠিবৰ বাবে কাঠৰ চিৰি সাজি থোৱা আছে৷ মজিয়াখনো কাঠৰে৷ তলত সৰি নপৰিবলৈ নিৰাপত্তা
হিচাপে দুডালকৈ গোটা বাঁহ কাষে কাষে খুঁটাৰ সৈতে বান্ধি থৈছে৷ ওপৰ উঠিয়েই এখন মুকলি
বাৰাণ্ডা৷ বাৰাণ্ডাখনৰ আচ্ছাদন হিচাপে এছোৱাত আলকতৰাৰ ড্ৰামছিট দিয়া হৈছে৷ ৰছীত ওলোমাই কাপোৰ
কিছুমান যেনি-তেনি খেলিমেলিকৈ মেলি থৈছে মুকলি বাৰাণ্ডাখনতে৷ বেৰখনত ইফালে-সিফালে ঢেৰ
কিবাকিবি যেনে আৰ্চী, টুপী, জেকেট, লাখুটি, ফটো আদি হয় ওলোমাই নতুবা বান্ধি ৰখা হৈছে৷
সংগীসকল সোমোৱা কোঠাটোৰ কাঠৰ দৰজাখন মেলি থোৱাই আছিল৷ দৰজাৰ বাওঁকাষে কাঠৰ আলমাৰী এটা৷
ৰঙাকৈ পা-পোছ এখনো পাৰি থোৱা আছে দুৱাৰমুখতে৷ শ্লীপিংবেগটো মজিয়াত ৰাখি মই জোতাযোৰৰ
ফিটা খুলিলোঁ৷ তাৰ পাছত পৰ্দাখন সামান্য ঠেলি ভিতৰলৈ চালোঁ৷ নতুন জগত এখনে তাত যেন মোক স্বাগতম জনাবলৈহে ৰৈ আছিল!
সৌৰশক্তিচালিত লাইট এটা কোঠাটোত ঢিমিক-ঢামাককৈ
জ্বলি আছে৷ পোহৰ পৰ্যাপ্ত নহয়৷ বিপৰীতফালে কি আছে সেই পোহৰত মণিবই পৰা নাযায়৷ তক্তা
আৰু বাঁহৰ গাধৈ পৰা কোঠাটোৰ সোঁমাজতে জুহাল৷ জুই একুৰা দপ্দপাই জ্বলি আছে৷ অগ্নিৰ
পোহৰে যেন কোঠাটো পোহৰোৱাত চ’লাৰ লাইটটোক সহায় কৰিছে৷ লগতে উত্তাপময় কৰি তুলিছে ভিতৰখন৷
লোৰ ত্ৰিপদী এডালত কলহ আকাৰৰ পাত্ৰ এটা তুলি থোৱা আছে৷ বহুদিনীয়া পাত্ৰ চাগৈ৷ বৰণটো কিচ্কিচীয়া ক’লা৷ কেট্লি এটাৰ উপৰি চেপেনা,
পীৰা আদিও পৰি আছে ওচৰতে৷ জুহালৰ ওপৰত দুখলপীয়া ধোঁৱা-চাং এখন৷ জনজাতীয় তথা গ্ৰাম্য
জীৱন-চৰ্যাত জুহাল থকা ঘৰৰ ওলমা চাংখন অপৰিহাৰ্য অংগ৷ নিত্যপ্ৰয়োজনীয় দ্ৰব্যাদি সংৰক্ষণৰ
এয়া এক বিজ্ঞানসন্মত পদ্ধতি৷ মাছ-মাংস, লাও-কোমোৰা, চামৰাৰ বয়-বস্তু আদি সৰঞ্জামবোৰ
ইয়াৰ ওপৰত তুলি থৈয়ে সংৰক্ষণ কৰা হয়৷ ভৱিষ্যতলৈ সাঁচি থ’বলগীয়া বস্তুবোৰ ধোঁৱা-চাঙত এইবাবেই
তুলি থোৱা হয় যাতে আক্রমণকাৰী পোক-পৰুৱা, নিগনিকে ধৰি কেতবোৰ অণুজীৱৰ পৰা সেইবোৰ সহজে
ৰক্ষা কৰিব পাৰি৷ খৰি শুকুওৱাৰ লগতে নিমখৰ পাত্ৰ, টৰ্চ লাইটৰ দৰে আন্ধাৰ হোৱাৰ পাছতে
সঘনাই দৰকাৰ হোৱা বস্তু আদিবোৰ হাত দিলেই
পোৱাকৈ তাগিন মানুহে ৰখা নিৰ্দিষ্ট স্থানো এই চাংখনেই৷ আমি প্ৰৱেশ কৰা মানুহঘৰৰ ধোঁৱা-চাং
থকা ডাঙৰ কোঠাটোৰ লগতে লাগি আছে বাচন-বৰ্তন সজ্জিত সৰু অংশ এটা৷ গেছ চিলিণ্ডাৰ, টেবুল আৰু
ষ্ট’ভো দেখিলোঁ তাত৷ তাৰ এমূৰে বাচন ধোৱাৰ ব্যৱস্থা৷ তাৰ সিফালে গা
ধোৱা ঠাই৷ ক’লা ৰঙৰ পাইপডাল পোনে পোনে তালৈকে
আহিছে৷ জুহালৰ কাষত থকা খুঁটা এটাত খাপৰ সৈতে দা কেইখনমান ওলোমাই থৈছে৷
দলটো প্ৰৱেশ কৰাৰ ক্ষণিক মুহূৰ্তৰ পাছতে গৃহস্থই
জুইকুৰাৰ চৌপাশে কেইবাখনো ঢাৰি পাৰি দিলে৷ ঠাণ্ডা লাগি আহিছিল৷ অগ্নিক কেন্দ্ৰ কৰি আমি সকলোটি
বহি পৰিলোঁ৷ শৰীৰবোৰ সেকি ল’লোঁ৷ তাপ পাই তামৰঙী মুখবোৰ ক্রমে ক্রমে উজ্জ্বল হৈ উঠিল৷
১৫ মিনিটমানৰ ভিতৰতে চাহ-বিস্কুট যাচিলে৷ আমাক
চাবলৈ ওচৰ-পাজৰৰ মতাই-মাইকীয়ে মিলাই মানুহ কিছুমানৰো আগমন ঘটিল৷ সন্ধিয়াৰ ভাগত আচম্বিতে
ঘটা দুগাড়ী অচিনাকি লোকৰ আগমনে প্ৰত্যেকৰে চাংঘৰবোৰত কৌতূহলৰ জোকাৰ একোটাহঁত দি গৈছিল
নিশ্চয়৷ চাওঁতে চাওঁতে ভালেমানজনৰ সমাগমেৰে কোঠাৰ ভিতৰখন গম্গমীয়া হৈ পৰিল৷ চুবুৰীয়া,
মালবাহক, অভ্যাগত, গৃহস্থৰ গিৰিপনিত সৃষ্টি হোৱা গাধৈৰ কেৰেক-মেৰেক শব্দই পৰিৱেশটোলৈ
যেন বিপুল ধৰণে প্ৰাণচঞ্চলতা এটা কঢ়িয়াই আনিলে!
চাহপৰ্বৰ পাছত মজিয়াতে বহি লৈ হিচাপ-কিতাপ চলিল৷
সেয়া সমাপ্ত কৰি জে. জে. ভাই আৰু মাদা চৰুমক সানন্দে বিদায় জনোৱা হ’ল৷ নাহৰলাগুন ৰে’ল ষ্টেচনৰ পৰা যাত্ৰা আৰম্ভ কৰি
দুদিন ধৰি আমাৰ সৈতে আহি সিহঁতো সমানেই আনন্দিত আৰু সন্তুষ্ট হৈছে বুলি মুখৰ লগতে দেহৰ
ভাষাত স্পষ্ট হৈ উঠিছে৷ নিশাটো ইয়াৰে চিনাকি কাৰোবাৰ ঘৰত কটাই পুৱাই গাড়ী লৈ ডাপৰিজোমুখী
হ’ব সিহঁত৷ আমি গুচি যাম জংঘললৈ৷ এৰাএৰি হোৱাৰ মুহূৰ্তত
আকৌ কেতিয়াবা লগ পাম বুলি কওঁতে বেয়াই লাগিছিল৷ দুদিনীয়া যাত্ৰাত আমাৰ পৰম মিত্ৰ হৈ
পৰিছিল সিহঁত দুটা৷ দায়িত্বশীল ড্ৰাইভিঙেৰে আমাক আনি যথাস্থান পোৱাই দিয়াত দুয়োৰে
প্ৰতি কৃতজ্ঞতা আৰু ধন্যবাদ জনালোঁ৷
আনহাতে এইটো অৱশ্যে ঠিক যে কেৱল এখন গাড়ীতে সীমাবদ্ধ
কৰি ৰখা নহ’ব আমাৰ এই যাত্ৰা৷ গাড়ীয়ে লৈ যাব নোৱাৰা
স্থানতো হ’ব লাগিব আমাৰ বিচৰণ৷ তদুপৰি মাত্ৰ
এটা চাংঘৰৰ সীমনাতো নিজকে আবদ্ধ নাৰাখিম৷ প্ৰকৃতিৰ মুক্তাংগনত নিজকে এৰি দিম, স্বাধীনমনা
বিহংগৰ দৰে৷ মাদা আৰু জে. জে. ভাইৰ প্ৰস্থানৰ পাছত কেতেনালাৰ এই স্থানৰ পৰাই পিছদিনা
পুৱাতে আৰম্ভ হ’ব লগা ট্ৰেকিং-কেম্পিং সন্দৰ্ভত সৰৱ আলাপ-আলোচনা
আৰম্ভ হ’ল৷ ৰে’ল আৰু মটৰগাড়ী যাত্ৰাৰ অন্তত
তৃতীয় পৰ্যায়ত হ’বলগীয়া উক্ত পদচালনাটোৰ বাবেহে
ময়ো সৰহ পৰিমাণে উৎকণ্ঠিত হৈ আছিলোঁ, কোন কেতিয়াবাৰে পৰাই৷ অবুজ উত্তেজনাত মনটো নাচিবলৈ ধৰিলে৷
No comments:
Post a Comment