দিন পাঁচ ৷৷ ৪.১১.২০১৫
৯. তাকচিঙৰ জংঘলী বাট
সোৱণশিৰিত মাছ মাৰিবলৈ জয়ন্তদাই ঘৰৰ পৰাই বৰশী লৈ আহিছিল৷ টোপ হিচাপে ব্যৱহাৰ কৰা ৰং-বিৰঙী ভুৱা মাছ কেইটামানো আনিছে৷ এংলিঙৰ প্ৰতি
মানুহজনৰ কিযে দুৰ্বাৰ বাসনা! অভিজ্ঞতাও সৰহ৷ জীয়াভৰলীকে ধৰি অৰুণাচলৰ অভ্যন্তৰৰ ঠাই কিছুমান, জাছিংফা একুৱা টুৰিজিম ৰিজ’ৰ্টৰ মাহৰুল বিল, মেঘালয়ৰ কেতবোৰ ভিতৰুৱা জেগা আনকি আন্দামান-নিকোবৰ দ্বীপপুঞ্জ পৰ্যন্ত মাছ মাৰি ঘূৰি ফুৰিছে৷ পিছে দুৰ্ভাগ্যক্ৰমে ইয়াত সুযোগৰহে একেবাৰে
অভাৱ ঘটিল৷ উজনিত সোৱণশিৰিখন ঠেক৷ আমি ৰৈ থকা ঠাইত ২০-২৫ ফুটমান হ’ব চাগৈ৷ সোঁত কিন্তু মাৰাত্মক৷
বৈ যাওঁতে ওলোৱা শব্দটোও ভয়ানক৷ এই ফালি-ছিৰি লৈ যাব যেন! ব্ৰহ্মপুত্ৰৰ সবাতোকৈ খৰবেগী
উপনৈ এইখন৷ পাহাৰৰ চেপত তাৰে আগলি চাবলৈ আহিছোঁ৷ গতি দুৰ্দান্ত হ’বই৷
এনেকুৱা অৱস্থানত মাছ মৰাৰ আশা আৰু আনন্দ দুয়োটাকে
দেখদেখকৈয়ে বাদ দিবলগীয়া হ’ল জয়ন্তদাই৷ তাৰ সলনি পাৰত ৰৈ
ৰৈ ৰেপিডবিলাক চোৱাত ব্যস্ত হ’ল৷ অভিভূত হৈ পৰিল সেইবোৰত মনোনিৱেশ কৰি৷ ৰাফটিং কৰাতো চখ আছে জয়ন্তদাৰ৷ এইখন সোৱণশিৰিতে কৰা দুঃসাহসিক নৌকাচালনাৰো অভিজ্ঞতা আছে৷ ইফালে এইবোৰ বিষয়ত জ্ঞান বুলিবলৈ মোৰ নামৰ বিপৰীতে আছে এটা প্ৰকাণ্ড শূন্য৷ এংলিং, হোৱাইট ৱাটাৰ ৰাফটিং এইবোৰৰ একো আগ-গুৰি বুজি নোপোৱা, দেখি নোপোৱা মানুহ
মই৷ প্ৰেক্টিকেলি সেইবিলাক কাহানিও কৰিও পোৱা নাই জনমত৷ পৰ্বতে-কন্দৰে খোজ কাঢ়ি থকাৰহে একান্ত
পক্ষপাতী৷ য’লৈকে যোৱা যায়, যিমান দূৰ নহওক
কিয়, কোনো বিৰোধ নাই৷ কিন্তু আজিৰ দিনটোৰ আটাইতকৈ গম্ভীৰ কথাটো হৈছে যে দলীয় সিদ্ধান্তমৰ্মে কোনেও তাকচিং নাপামগৈ! সেইটোকে লৈ মনত
বিৰহ-বেদনা কিছুমানে খুন্দিয়ায়ে আছে অথনিৰে পৰাই৷ খঙো উঠিছে মনে মনে৷
শুভ-লক্ষণ সদ্যহতে এইটোৱেই যে বতৰটো আগতকৈ
অলপমান দাঙিছে৷ জয়ন্তদাই নৈৰ নীলা-সেউজীয়া আৰু স্ফটিকবগা পানীবোৰলৈ চাই চাই কৈ গ’ল কোনটো ৰেপিডৰ গ্ৰেড কি হ’ব পাৰে৷ ৰেপিডৰযে শ্ৰেণী বিভাজন
থাকে, ১ৰ পৰা ৬লৈ ৰেংক থাকে, এইহে জানিলোঁ৷ এইফালে সৰহভাগ ৰেপিড ৪ আৰু ৫ গ্ৰেডৰ দেখা
গৈছে৷ ৬ও ওলাইছে৷ ৬ গ্ৰেডৰ ৰেপিড মানে মৃত্যুৰ হাতবাউলি৷ দাদাৰ বক্তব্যৰ পৰাই দুই-এটা নতুন কথা
থাউকতে শিকিলোঁ৷ পিছে লাস্যময়ী নৈখনৰ ৰূপত মুগ্ধ হোৱাৰ বাদে সেইবিলাকে মোক বিশেষভাৱে
আকৰ্ষিত বা অনুসন্ধিৎসু কৰি তুলিব নোৱাৰিলে৷ তাৰ কাৰণ, পানীৰ সৈতে খেলিবলৈ অনিচ্ছুকতা৷
কাৰণ মইযে সাঁতুৰিব নাজানো! শিলত খুন্দিওৱাৰ ফলত তীব্ৰ গতিত ছিটিকি পৰা পানী আৰু তাৰ সৈতে বায়ুৰ সংমিশ্ৰণ ঘটি উঠা বুৰবুৰণিৰে ভৰি থকা নদীপৃষ্ঠ, ঘূৰণীয়া পাকবোৰ যাক পকনীয়া বা চাকনৈয়া
বোলে, সেইবিলাকৰ সৈতে খেলা কৰাৰ ইচ্ছা আৰু সাহস এটাও মোৰ নাই৷ তাতে এইখন হৈছে সোৱণশিৰি, দেখিলেই
ভয় লগা৷ বিপৰীতে, পাহাৰ বগাবলৈ ভাল পাওঁ, কাৰণ পাহাৰতে ডাঙৰ-দীঘল হৈছোঁ৷ দলৰ সদস্য বাছনিৰ সময়ত অৰূপদাই এবাৰ কওঁতেই পৰ্বত বগাম বুলি সৈমান হৈ তাকচিঙলৈ বুলি ওলাই আহিছিলোঁ৷
জয়ন্তদাই আৰু ক’লে, ‘‘প্ৰত্যেকটো ৰেপিডেই একোটা জলপ্ৰপাত৷ পানীৰ তলত লুকাই
থকা এনে জলপ্ৰপাত কিমান গভীৰ, কিমান ভয়ংকৰ হ’ব সেইটো ধৰা পেলোৱা সহজ কথা নহয়৷ এক্সপাৰ্টৰ বাবেহে সেয়া সম্ভৱ৷’’ সোৱণশিৰিত যোৱা বছৰ কৰা দুঃসাহসিক
ৰাফটিঙৰ অভিজ্ঞতাৰ মনোৰম বৰ্ণনাও তেওঁ মাজে মাজে শুনাই থাকিল৷ মাছ মৰা আৰু নৌকাচালনাত খাচিয়া আৰু অৰুণাচলী এক্সপাৰ্টৰ দক্ষতা
বখানিলে৷ শিলৰ ওপৰেৰে তীব্ৰবেগে ঘপকৈ নামি যোৱা ৰেপিডবোৰ আৰু তেনে খৰস্ৰোতা ৰেপিডে
সৃষ্টি কৰা ফেনীল অৱস্থানসমূহ চাই চাই উভতি আমি তলৰ তম্বুথলীলৈ আহিব ধৰিলোঁ৷ চিন্তা
কৰিলোঁ, এখন নদীৰ সন্দৰ্ভত উৎপত্তিৰ পৰা মোহনালৈকে কতযে জানিবলগীয়া কথা থাকে!
পদ্ধতিগত অধ্যয়ন-গৱেষণা মনপুতি কৰিবলৈ হ’লে গোটেই জীৱনটোৱেই যাবগৈ! নাম মনলৈ আহিল তেনেকুৱা
কেইজনমান নমস্য কৃচ্ছ্ৰসাধকৰ যাৰ লেখনিৰ জৰিয়তে ভালেমান নৈৰ বিষয়ে কিতাপত পঢ়িবলৈ পাইছোঁ৷ কিন্তু দুৰ্গম অৱস্থানৰ বিস্তৃত বৰ্ণনা আজিও সীমাবদ্ধ৷ গৱেষক, পণ্ডিত একো নহওঁ যদিও একমাত্ৰ প্ৰাণৰ সন্তুষ্টিৰ বাবেই সেয়ে নিজেই যিমান পাৰোঁ গৈছোঁ, চাইছোঁ, নয়ন সাৰ্থক কৰিছোঁ৷ পৰ্বতত নদীৰ আগলিভাগ দৰ্শন কৰাটোক এটা দুঃসাহসিক হ’বী বুলিলে ভুল নহ’ব চাগৈ৷
ভৰিৰ গতি আমাৰ অত্যন্ত ধীৰ৷ গেলেন চিনিয়াকৰ জিৰণি-কেম্পৰ
পৰা সবাতোকৈ পলমকৈ ৰাওনা হোৱা বৰুণ, দেবিন্দৰ আৰু নিকেল আমাৰ ওচৰ পালেহি৷ নিকেলৰ
এহাতত বাল্টি, হেতা৷ কান্ধত পেলাই লৈছে মস্ত দীঘল দাৰিকিৰে থলুৱা বৰশী এটা৷ বৰুণ আৰু দেবিন্দৰে
গা-পা ধুই চিকুণটি হৈ নতুন সাজত আহিছে৷ সিহঁতে প্ৰস্তাৱ দিলে যে ঘূৰি নহয়, আগলৈ যোৱা
হওক৷ নদী সোৱণশিৰিৰ পাৰত আজি এক বিশেষ কাৰ্যসূচী লোৱা হৈছে৷ প্ৰস্তাৱ মানি ইমানপৰে
দি থকা উভতনি খোজবোৰৰ দিশ সলাই জয়ন্তদা, ৰাজীৱ আৰু মই, তিনিও আকৌ ওপৰমুৱা হৈ দিলোঁ,
সিহঁত তিনিওৰে সহিত৷
গৈ গৈ ইউ টাৰ্ন এটাত উপস্থিত হ’লোঁগৈ আমি ছজন পৰ্যটক৷ তাতে থমকিব লগা হ’ল৷ শিলগুটি দিয়া ৰাস্তা এটা পাক
মাৰি ওপৰলৈ গৈছে৷ দেখাত গাড়ী চলিব পৰা যেন লগা ৰাস্তাটো টি.চি.চি.লৈ উঠিছে বুলি
গম পালোঁ৷ পৰ্বতৰ ওপৰত টি.চি.চি.৷ তালৈ আমি নাযাওঁ৷ তেন্তে আচল ৰাস্তাটো কেনি, যিফালে যোৱাৰ লক্ষ্যত
আহিছোঁ আমি? সেইখিনিতে কাষত পুৰণি মেছিন দুটামান আছিল৷ কি মেছিননো বুলি জুপি থাকোঁতেই
পাহাৰৰ ওপৰৰ পৰা তিৰোতা এজনী পিঠিত বোজাসহ নামি আহিল৷ অকলশৰে তেনেকৈ আহিবলৈ তাইৰ
অকণো ভয় লগা নাই৷ কাণ্ড দেখি আচৰিতেই লাগিল৷ আনহাতে সেইফালেযে আহ-যাহ কৰা বাট এটা আছে
আনে দেখুৱাই নিদিলে ধৰাই মস্কিল৷ এই পৃষ্ঠভূমিৰ
মানুহে দুৰ্গম পাহাৰ, জংঘল অতিক্রমি এনেকৈয়ে যাতায়াত কৰে, মৌলিক প্ৰয়োজনৰ তাড়নাত৷ পুৰুষ মহিলা বুলি কথা নাই৷ ভাবি আশ্চৰ্যান্বিত হওঁ যে ইমান কষ্ট আৰু দুখ-দুৰ্দশাৰ মাজতো ইহঁতে মন খুলি
হাঁহিব পাৰে৷ জনজাতীয় মহিলাজনীয়েও আমালৈ চাই হাঁহিমুখীয়া দৃষ্টি নিক্ষেপ কৰিলে, যেন
পুৰণি চিনাকিহে! তাইৰ বডী লেংগুৱেজ পাঠ কৰি এনেহে লাগিল, তাই যেন কৈছে, ‘‘দেখিলি, কেনেকৈ নামি আহিলোঁ?”
সৰু সৰু চকু, সুগোল হাত-ভৰি৷ গাঁঠলু মহিলাজনীকে
সোধা হ’ল তাকচিঙৰ ৰাস্তাটো কেনি বুলি৷
খাংটো মূৰত লৈ থাকিয়ে নিজে নামি অহাৰ দিশটোলৈ ঘূৰি হাঁহি মাৰি তাই আঙুলি টোঁৱালে আৰু
ক’লে, ‘‘উধৰ সে৷’’ বাট চিনালে তাই, কিন্তু মূৰে-কপালে
হাত দিবলগীয়া অৱস্থা হ’ল আমাৰ৷ তাই যিফালে দেখুৱালে
সেইটো ৰাস্তা নে গৰুবাট নে কি? সত্তৰ ডিগ্ৰী থিয়কৈ উঠি গৈছে এটা জংঘলী লিক৷ দুকাষে শৰীৰত
কোবাই যোৱাকৈ হাবি৷ বৰষুণ পৰি পিছল হৈ আছে৷ ন-বোৱাৰীৰ শিৰৰ সেন্দূৰীয়া সেওঁতাৰ দৰে
প্ৰথম কেইটামান খাপ দূৰৰ পৰাই জিলিকি আছে যদিও সমূলি বিশ্বাস নহয় যে সেইটোৱেই তাকচিঙৰ
ট্ৰেক৷ তাকচিঙৰ বাবে ঘৰৰ পৰাই মনটো সংকল্পবদ্ধ হৈ আহিছিল৷ দলীয় সিদ্ধান্তত পৰি ইয়াত
আনুষংগিক কথাবোৰ সোপা-ঢিলা হৈ পৰিল৷ এতিয়া বাটটো দেখি কঠিনতা নিশ্চিত সত্ত্বেও মনটো
পুনৰবাৰ উদ্বাউল হৈ উঠিল৷
যিফালেই জংঘল ভাঙি সোনকালে যাব পাৰি সেইফালেই
বাট৷ এইটোৱেই দস্তুৰ ইয়াত৷ মানুহজনীক আকৌ এবাৰ সুধি আঁতি-গুৰি ল’লোঁ৷ তাই নৰ’লে, গ’লগৈ৷ সেইফালেদিয়ে এতিয়া আমি যাব
লাগিব, ব’লক বোলাত জয়ন্তদা আৰু ৰাজীৱৰ লাগিল লেঠা৷ জয়ন্তদাই গভীৰভাৱে কিবা এটা ভাবিলে অলপপৰ৷
চিন্তাৰ ৰেখাবোৰ কপালখনত ইতিমধ্যে প্ৰকট হৈ উঠিছেই৷ মোলৈ সজোৰ নিৰ্দেশ আহিল, ‘‘ছাজিদ উঠি গৈ চাই আহাঁচোন, আমি
যাব পাৰিমনে নাই?’’ এবাৰ নহয়, দুবাৰ ক’লে তেনেকৈ৷ বগুৱা বাই মই উঠি গ’লোঁ৷ এঢাপ গৈয়ে লিকটো কেঁকুৰিত
হেৰাই গ’ল৷ কুঁজা হৈ আকৌ এঢাপ উঠি গ’লোঁ৷ আকৌ একেখন ছবি৷ অলপ সময়ৰ
পাছত সাৱধানে খুপি খুপি নামি আহিলোঁ৷ জয়ন্তদালৈ চাই স্পষ্ট কথা কৈ দিলোঁ, ‘‘দাদা আপুনি নোৱাৰিব’’ বুলি৷ অৱজাৰভেছন ৰিপ’ৰ্ট পাই ৰাজীৱেও স্বগতোক্তি
কৰিলে, ‘‘তাৰ মানে উভতি যোৱাই মংগল৷’’
তৎক্ষণাৎ সিদ্ধান্ত হৈ গ’ল৷ আমাক আগ
বাঢ়ি যাবলৈ দিলে৷ ৰাজীৱ আৰু জয়ন্তদাই সেইখিনিতে ইফাল-সিফাল কৰি থাকিল৷ অলপ পাছতে তম্বুলৈ
ঘূৰিল চাগৈ৷ তেওঁলোকৰ পৰা অব্যাহতি পাই আমি চাৰিয়ে ইতিমধ্যে এজন এজনকৈ শাৰী পাতি পাহাৰ
বগাই অদৃশ্য হৈ গ’লোঁ সেমেকা বনাঞ্চলৰ মাজত, তাকচিঙৰ জংঘলী বাটটোৰে৷
(পৰৱৰ্তী খণ্ড - বিশাল পাহাৰ, ৰসাল পাহাৰ)
No comments:
Post a Comment