দিন তিনি ৷৷ ২.১১.২০১৫
মাটিকালিৰ ফালৰ পৰা ভাৰতবৰ্ষৰ উত্তৰ-পূবৰ ৰাজ্যকেইখনৰ ভিতৰত এমূৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ (৮৩,৭৪৩ বৰ্গ কিল’মিটাৰ) আটাইতকৈ ডাঙৰ৷ তাৰ বিপৰীতে জনসংখ্যা আৰু জনবসতিৰ ঘনত্ব কিন্তু কম৷ প্ৰতি বৰ্গ কিল’মিটাৰত মাত্ৰ ১৭জন৷ আনহাতে উত্তৰ-পূৰ্বাঞ্চলৰ
ৰাজ্যসমূহৰ ভিতৰত অৰুণাচল প্ৰদেশক ভিন্ন জনগোষ্ঠীৰ সমন্বয়থলীৰূপে বহুতেই বহু ঠাইত বহু
প্ৰসংগত চিনাকি দি আহিছে৷ ইয়াৰ জনগোষ্ঠীবোৰৰ প্ৰত্যেকৰে ভাষা সুকীয়া সুকীয়া৷ আন কথাত,
প্ৰত্যেকটো ভাষিক জনগোষ্ঠীৰে উপগোষ্ঠী বা ফৈদ কিছুমান আছে৷ এই ফৈদবোৰৰ মাজত বহুতো উপভাষাৰো
প্ৰচলন আছে৷ চৰকাৰী তথ্য অনুসৰি অৰুণাচলত ২৬টা ভাষা আৰু ৭০টা উপভাষা পোৱা যায়৷ এই প্ৰদেশত
থকা তিব্বতবৰ্মীয় ভাষাসমূহৰ এটা ভাগ হৈছে টানি৷ টানি উপভাষাৰ অন্তৰ্গত ভাষাসমূহৰ ভৌগোলিক
অৱস্থিতিলৈ চালে দেখা যায় যে আমি ভ্ৰমণ কৰি থকা এই উজনি সোৱণশিৰি জিলাখনত তাগিন, পশ্চিম চিয়াং জিলাত গালং আদি
সিঁচৰতি হৈ আছে৷ ‘আদি’ শব্দটোৱে গালং, তাগিন আদি কেইবাটাও
ভাষাক সাঙুৰি লয়৷ এনেকৈয়ে সাধন হৈছে ভাষিক সমন্বয়৷
অন্য এক দৃষ্টিভংগীৰে চালে দেখা যায় যে এই ৰাজ্যখনত
ইমানেই ভাষা আছে যে ইটো জনগোষ্ঠীয়ে সিটোৰ ভাষা বুজি নাপায়৷ একোটা জনগোষ্ঠীৰ লোকসকলৰ
কিছু অংশ একভাষী৷ কিছু অংশ দ্বিভাষী৷ কোনো কোনো ত্ৰিভাষী বা বহুভাষী৷ এটা হিচাপ অনুসৰি
অৰুণাচল প্ৰদেশৰ শতকৰা ৮০ ভাগ লোকেই অসমীয়া, ভগা অসমীয়া ভাষাক সংযোগী ভাষাৰূপে ব্যৱহাৰ কৰি আহিছিল৷ তাহানি এখন অসম হৈ থকাৰ ফলস্বৰূপেই একাংশ প্ৰৌঢ় আৰু বয়ষ্ক লোকে অসমীয়া ভাষাটো আজিও
ক’ব পাৰে৷ বহুতেই অসমীয়া মাধ্যমত
পঢ়ি সাহিত্যৰ উত্তৰণৰ দিশতো অৱদান যোগাইছে৷ লুম্মেৰ দাই (আদি), য়েছে দৰজে ঠংচি (ছেৰদুকপেন),
ৱাংচাম জংচাম (টাংচা), কেংচাম কেংলাং (টাংচা), কে. লাংফি (টাংচা), বাগ্দেবী দাবি
(গালং), ডাঃ কেদাৰ এইচ. ক্রী (মিচিমি), বেংগিয়া টুলুম (নিছি), হেমন্ত বেংগিয়া (নিছি),
চিৰং ৰাকপা বাপু (মনপা), ব’ৰ ৰিনচিম খ্ৰিমে, এইচ. কে. ম’ৰাং, টাগাং টাকি
আদিৰ নাম আমি শুনি আহিছোঁ৷
নাগালেণ্ডৰ আও, আংগামী, কন্যাক, লথা, ছেমা, ৰেংমা, টাংখুল, জেমী, চাকেচাং, পৌমাই, পচুৰি, চুমি, চাংতাম, ফোম, ৰংমেই ইত্যাদিসকলৰ মাজত আজিও প্ৰচলিত ‘নাগামিজ’ৰ ধৰণে অৰুণাচলৰ আদি, আপাতানি, নিছি, খামতি, হিলমিৰি, মিচিমি, টাংচা, তাগিন, গালং, পাদাম, নক্টে, ৱাংচু, চিংফৌ, জাখ্ৰিং, লিচু, মনপা, ছেৰদুকপেনসকল আৰু বাহিৰা লোকৰ মাজত ভাব বিনিময়ৰ অৰ্থে ‘নেফামিজ’ নামে লিংগুৱা-ফ্ৰাংকা এটা চলিছিল৷ অসমীয়া মিহলি সেই কথিত ভাষা বৰ্তমান বিলুপ্তিৰ গৰাহত৷ সিংহভাগ অৰুণাচলীৰ মাজত ৰাষ্ট্ৰভাষাৰ গ্ৰহণযোগ্যতা আৰু প্ৰেম লাহে লাহে লক্ষণীয়ভাৱে বৃদ্ধি পাই আহিল৷ নিকেলে পাৰে যদিও তানি, আমা, দাদিহঁত বা পিছৰ প্ৰজন্মই অসমীয়া বা নেফামিজ ক’ব নোৱাৰে৷ হিন্দী কথোপকথনত কিন্তু অকণোৱেই অসুবিধা নাই৷ ইয়াত আজিকালি ঘৰুৱা পৰিৱেশত নিজৰ কথিত ভাষাটো, সামাজিক পৰিৱেশত হিন্দী, বিদ্যালয়ত হিন্দী আৰু
ইংৰাজী ভাষা চলে৷ অপ্ৰিয় হ’লেও এইটো একেবাৰে সত্য কথা যে একোটা
শক্তিশালী ভাষাই সদায় দুৰ্বল ভাষাৰ ওপৰত প্ৰভুত্ব বিস্তাৰ কৰি সেই ভাষাৰ অস্তিত্ব বিপন্ন
কৰিব খোজে৷ তেনেস্থলত ভাষিক সজাগতাৰ বাবে সেই ভাষা ব্যৱহাৰকাৰী স্থানীয় ৰাইজ, শিক্ষিত
জনসাধাৰণ, অৰুণাচল প্ৰদেশ চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ আন্তৰিকতাৰে আগ বাঢ়ি আহিব লাগিব৷ অন্যথা নিজা নিজা দোৱানসমূহো ভাবুকিৰ সন্মুখীন হোৱাটো খাটাং৷
বিশেষজ্ঞ বিজ্ঞসকলৰ মতে অৰুণাচলৰ ভাষাসমূহ এতিয়াও বিজ্ঞানসন্মত অধ্যয়ন
আৰু বিস্তৰ গৱেষণাৰ থলী৷ ইয়াৰ কেতবোৰ ভাষা সম্বন্ধে সীমিত অধ্যয়নহে হৈছে৷ নিছি, গালং,
তাগিন আদি ভাষাৰ সৰু সৰু মনোগ্ৰাফ ইংৰাজী ভাষাত প্ৰকাশ পাইছে৷ এটা তথ্যমতে অৰুণাচলৰ
ভাষাবোৰৰ শতাংশ হিচাপত ১০ শতাংশৰ ক্ষেত্ৰতহে গৱেষণা হৈছে আৰু কিতাপ-পত্ৰ ছপা হৈছে৷
কেইটামান ভাষাৰ গৱেষণালব্ধ শব্দকোষ, ব্যাকৰণ, সংক্ষিপ্ত অভিধান আদি প্ৰকাশ হৈছে যদিও
প্ৰকৃত ছবিখন পোহৰলৈ আহিবলৈ এতিয়াও বহুলাংশই বাকী৷ খামতি ভাষাৰ বাহিৰে অন্য কোনোটো
ভাষাৰে লিপি নাই৷ সেয়ে লিখিত সাহিত্যও নাই৷ বিপৰীতে প্ৰায়বোৰ ভাষাৰে লোক-সাহিত্য আছে৷ মুখ বাগৰি অহা কাহিনী আছে৷ পিছে সেইবোৰ এতিয়াও পূৰ্ণৰূপত সংৰক্ষণ হোৱা নাই৷ ফলস্বৰূপে সময় আগ বঢ়াৰ লগে লগে কালৰ
গৰ্ভত হেৰাই গৈ আছে৷ বিভিন্নজনে দৰ্শোৱামতে অতি ভিতৰুৱা অঞ্চল, যাতায়াতৰ অসুচলতা, পথ
প্ৰদৰ্শকৰ অভাৱ আদিয়েই এই ভাষাবোৰৰ বিস্তৰ অধ্যয়ন, গৱেষণা প্ৰকল্প, মান্যতা প্ৰদান ইত্যাদি
কাৰ্যতঃ ফলপ্ৰসূ হৈ নুঠাৰ কাৰণ৷
ডাপ’ৰ পৰা আৰম্ভ কৰি তালিহা, চিয়ুম, নাচ্ছোক সামৰি লিমেকিং,
তাকচিং পৰ্যন্ত মধ্য অৰুণাচলৰ প্ৰায় ৬,০০০ বৰ্গ কিল’মিটাৰ এলেকা জুৰি তাগিনৰ বিচৰণভূমি৷ ৰাজ্যখনৰ প্ৰায়বোৰ
জনগোষ্ঠীৰ লোকৰ দৰে তাগিনসকলো দ্বিভাষী৷ ইয়াৰ বাবে তেওঁলোকৰ নিজৰ ভাষাটোক আগুৱাই অনাত
বাধাৰ সৃষ্টি হৈছে৷ ভাষা-সাহিত্যৰ চৰ্চা মাতৃভাষাত আটাইতকৈ সুবিধাজনক বুলি আমি জানো৷
পিছে সাম্প্ৰতিক সময়লৈ তেনে উত্তৰণ দেখিবলৈ পোৱাটো বাদেই বিশ্বায়নে ক্ষুদ্ৰ ক্ষুদ্ৰ
জনগোষ্ঠীসমূহৰ ভাষাক বিপন্নপ্ৰায় কৰি তোলা বুলিহে অভিযোগ শুনা যায়৷
ভিন্ন প্ৰসংগত লেথাৰি নিছিগা কথা পাতোঁতে পাতোঁতে গৃহকৰ্তী আমা ম্ৰা সম্বোধনত এসময়ত
‘দিদি’ মানে বাইদেউ হৈ পৰিল৷ তাইৰ বাবে মই হৈ পৰিলোঁ ‘দাদা’৷ মেকুৰীচকুৱা,
বগী ধকেধকী দাদি নামৰ ছোৱালীজনী হ’লগৈ ‘বহন’ মানে ভনী৷ সম্পৰ্কবোৰ তেনেকৈয়ে
গাঢ় হৈ উঠিল৷ টোপনিয়ে সিহঁত দুজনীকো বোধ হয় আমনি কৰিব ধৰিছিল৷ এসময়ত ‘দাদা গুড নাইট’ বুলি কৈ চ’লাৰ লাইটটো নুমুৱাই দুয়ো গ’লগৈ৷ চাঙৰে খুঁটা এটাত দেৱাল
ঘড়ী এটা ওলোমাই থোৱা আছিল৷ টৰ্চ মাৰি চালোঁ৷ প্ৰায় ১১.০০ বাজে৷ আধুনিক সভ্যতাৰ পোহৰৰ
পৰা দূৰত্বত, পাহাৰৰ ফাঁকত অৱস্থিত পিছপৰা অনুন্নত তাগিন গাঁৱত মধ্যনিশা মানে কি
সেয়া ইয়ালৈ আহি ভালকৈ গম পালোঁ৷ আনহাতে, বৰ বৰ নগৰ-চহৰতো নথকা উদাৰতাৰ ভাব আৰু মৰম-চেনেহৰ প্ৰৱাহটিৰ
উমান ইয়ালৈ নাহিলে কেতিয়াও অনুমান কৰিব পৰা নগ’লহেঁতেন৷
প্ৰকৃতিৰ অৱদান বৰষুণ৷ বাহিৰত টোপাটোপে বৰষুণ পৰিছে৷ আমাহঁতে সেয়া বৰফৰ বৰষুণ বুলিয়ে কয়৷ সংগীসকল ইতিমধ্যে নিঃপালি দিলে৷ চাঙৰ জুইকুৰাৰ উম আৰু টিনপাতৰ ওপৰত পৰা বৰষুণৰ সাংগীতিক ধ্বনিয়ে ভাগৰৰ সৈতে সনা-পিটিকা হৈ শোৱাৰ কাৰণে
যেন সকলোকে কেতিয়াবাতে উচটাইছিল৷ তাগিনৰ চাংঘৰত জীৱনৰ প্ৰথম নিশাটোৰ নিদ্ৰাসুখ গ্ৰহণৰ
বাবে ময়ো উদ্যত হ’লোঁ৷ কাৰ্পেটৰ ওপৰত শ্লীপিং বেগটো পাৰি লোৱাত মোৰ শয়নথলী বেছ
আৰামদায়ক হৈ পৰিল৷ জুইকুৰাৰ তেনেই কাষত অৱস্থান লোৱাৰ বাবে ঠাণ্ডাৰ আক্রমণৰ পৰাও হাত
সাৰি গৈছোঁ৷ তাতে গৃহস্থৰ বিশেষ কৃপাত ডবল ব্লেংকেট এখনে মোৰ শৰীৰটোক হেঁচা মাৰি ধৰি
আছে৷ ভাবি থ’লোঁ যে জাৰ বেছিকৈ লাগিলে শ্লীপিং বেগৰ ভিতৰত সোমাম৷
চকু দুটা মুদিবৰ যত্ন কৰিলোঁ৷ সোঁহাতে মাত্ৰ কেইমিটাৰমান আঁতৰেদি বৈ থকা সোৱণশিৰিখন৷ ধাৰাবাহিক হৌ হৌ ধ্বনি৷ অবিৰতভাৱে সেয়া কৰ্ণপটহত বাজি আছে৷ নিশাৰ নীৰৱতাত শব্দটো অধিক স্পষ্ট, অধিক ভয়ংকৰ হৈ উঠিছে৷ কালৰূপ লৈ এই যেন মহতিয়াই লৈ যাব! স্থানীয় মানুহৰ বাবে নিচেই চিনাকি কিম্বা হৃদয়ৰ আপোন হ’লেও এদিনীয়া মানুহ হিচাপে সোৱণশিৰিৰ সেই ভয়ানক গৰ্জনে মোৰ তন্দ্ৰালু ভাবটোক কিছু সময়লৈ বিধি-পথালি নিদিয়াকৈ নাথাকিল৷ মনৰ ভাগৰ নাছিল যদিও দিনটোৰ যাত্ৰাৰ ফলত শৰীৰটো ভাগৰুৱা হৈ পৰিছিল কিজানি৷ ঈশ্বৰক চিন্তি এটা সময়ত টোপনি গুচি গ’লোঁ৷
চকু দুটা মুদিবৰ যত্ন কৰিলোঁ৷ সোঁহাতে মাত্ৰ কেইমিটাৰমান আঁতৰেদি বৈ থকা সোৱণশিৰিখন৷ ধাৰাবাহিক হৌ হৌ ধ্বনি৷ অবিৰতভাৱে সেয়া কৰ্ণপটহত বাজি আছে৷ নিশাৰ নীৰৱতাত শব্দটো অধিক স্পষ্ট, অধিক ভয়ংকৰ হৈ উঠিছে৷ কালৰূপ লৈ এই যেন মহতিয়াই লৈ যাব! স্থানীয় মানুহৰ বাবে নিচেই চিনাকি কিম্বা হৃদয়ৰ আপোন হ’লেও এদিনীয়া মানুহ হিচাপে সোৱণশিৰিৰ সেই ভয়ানক গৰ্জনে মোৰ তন্দ্ৰালু ভাবটোক কিছু সময়লৈ বিধি-পথালি নিদিয়াকৈ নাথাকিল৷ মনৰ ভাগৰ নাছিল যদিও দিনটোৰ যাত্ৰাৰ ফলত শৰীৰটো ভাগৰুৱা হৈ পৰিছিল কিজানি৷ ঈশ্বৰক চিন্তি এটা সময়ত টোপনি গুচি গ’লোঁ৷
(পৰৱৰ্তী লেখা - কেতেনালাৰ চিকুণ পুৱাটি)
No comments:
Post a Comment