দিন পাঁচ ৷৷ ৪.১১.২০১৫
৭. পুনৰ পদযাত্ৰা
পুৱা দেৰিকৈ উঠিল যদিও সাৰ পোৱাৰ পাছৰে পৰাই ৰাজীৱে সংস্পৰ্শলৈ অহা
বিভিন্নজনৰ ইণ্টাৰভিউ ল’বলৈ আৰম্ভ কৰিছে৷ ছাল-বাকলি গৈ অৱস্থা নোহোৱা
বহী এখন কেম’ফ্লেজৰ দীঘল পকেটৰ পৰা উলিয়াই
গুহা-দোকানৰ খিৰিকীৰ তক্তাছটাতে থৈ লৈছে এতিয়া৷ দৰকাৰী তথ্য পালেই এফালৰ পৰা খচাখচ টুকি গৈছে৷
জাৰ্নেলিষ্ট বুলি জানি এমখা মানুহে তেওঁক আগুৰি ধৰিছে৷ তেওঁলোকে মনৰ কথাবোৰ নিঃসংকোচে
কৈছে৷ অভিযোগ দৰ্শাইছে যে দেশে স্বাধীনতা লাভ কৰা ৬৮ বছৰ পাৰ হ’ল৷ এইফালৰ পৰ্বতবাসী যেনেকৈ আছিল
তেনেকৈয়ে আছে৷ মানুহবোৰৰ কষ্টজীৱিত চেহেৰা আৰু প্ৰকাশভংগী দেখিয়েই ক’ব পাৰি যে মিছা নহয় তেওঁলোকৰ
মুখনিসৃত বৰ্ণনাবোৰ৷
শিক্ষানুষ্ঠান বুলিবলৈ তাকচিঙত আছে এখন মাত্ৰ মধ্য ইংৰাজী
বিদ্যালয়৷ অৰ্থনৈতিকভাৱে দুৰ্বল হেতুকে অভিভাৱকসকলে ছাত্ৰ-ছাত্ৰীক পঢ়িবৰ বাবে বাহিৰলৈ
পঠিওৱাত স্বাভাৱিকতে অপাৰগ৷ সমগ্ৰ তাকচিং এলেকাটোৱে হ’ল ধানখেতি নোহোৱা জেগা৷ মানুহবোৰে
চাউল কিনিবলগীয়া হয় ডাপ’ৰিজোলৈ গৈ৷ প্ৰত্যেকটো খাদ্যবস্তুৱেই
তাকচিঙৰ পৰা আনুমানিক কমেও ৭০ কিল’মিটাৰ আঁতৰত থকা কেতেনালাৰ পৰা পিঠিত কঢ়িয়াবলগীয়া হয়৷
কেতেনালা হৈছে গাড়ী চলিব পৰা অন্তিম ঠাই, আমি য’ত প্ৰথম নিশাটোৰ বাবে তাগিন দম্পতী আমা ম্ৰা, তানি
ম্ৰাৰ চাংঘৰত আশ্ৰিত হৈছিলোঁ৷ দুৰ্গম এই দুয়োটা স্থানৰ মাজত ভাবিব নোৱাৰা দূৰত্ব৷ আধুনিক
বাহনৰ বাবে এই দূৰত্ব নগণ্যমাত্ৰ ঠিকেই৷ পিছে ইয়াত কথাটো সমূলি তেনেকুৱা নহয়৷ কল্পনা কৰিব নোৱাৰা
ৰূপ হিল ট্ৰেকৰ৷ বজাৰ, শিক্ষানুষ্ঠানৰ পাছতে স্বাস্থ্য সেৱা, বিজুলী যোগান ইত্যাদি
বুলিবলৈও ঠাইখনত একোৱেই নাই৷ মুঠতে দুৰ্বিষহ দৈনন্দিন৷ আৰ্মী আৰু আই.টি.বি.পি.ৰ সাহায্য কল্পেহে
দুৰ্গমতাৰ মাজতো মানুহবোৰে কিবাকৈ তিষ্ঠি থাকিব পাৰিছে৷
মাজে মাজে এইফালৰ মানুহবোৰ সীমান্তলৈ যায়৷ সীমান্তগামী পথৰ তথৈবচ অৱস্থাও নিজেই দেখিলোঁ৷ তেনেকুৱা একাংশ ট্ৰেক দেখাৰ পাছত ভূত বা বন্যজন্তুৰ ভয় মানুহবোৰৰ
মুঠেই নাই বুলি চকু মুদি চাৰ্টিফিকেট দি দিব পাৰি৷ অসীম সাহসী মানুহবোৰ৷ নিজমুখেই স্বীকাৰ কৰিলে যে তেওঁলোক বেছিকৈ যায় মাজাৰ ফালে৷ তুলনামূলকভাৱে মাজা
ব’ৰ্ডাৰলৈ ওচৰ৷ দেহত পৰিধান কৰি
থকা চীন দেশত নিৰ্মিত চামৰাৰ জেকেটটো এজনে অতি গৌৰৱেৰে দেখুৱালে৷ ক’লে, ‘‘মাজাৰ পৰা আনিছোঁ৷ চাইনিজ মাল৷
ঠাণ্ডা অলপো নালাগে৷ পানীও অকণো নসৰকে৷’’ চীনা বস্তুৱেই নহয়, দেশখনৰ প্ৰতিও যেন গভীৰ আনুগত্যৰ উমান পালোঁ তেওঁৰ কথা-বতৰাত৷ অলপ পাছতে ক্ষোভিত ভাবত কৈ উঠিল, ‘‘ইণ্ডিয়া হামক’ ক্যা দিয়া হ্যায়? কুছ নেহী৷ চাইনা নজদিক মে’ হ্যায়৷ আতা-জাতা ৰহতা হ্যায়৷
উধৰ হামাৰা আপনা আদমী হ্যায়৷ চামানভী মিলতা হ্যায়৷ য়ে দেখিয়ে, চাইনিজ৷ কিতনা মজবুত
হ্যায়৷’’ ফেৰেককৈ জেকেটৰ চেইনডাল খুলিলে৷ ভিতৰভাগ চাবলৈ দিলে৷ এখন হাতেৰে ওপৰত কেইবাৰমান জোৰত থপৰিয়ালেও৷ দোকানৰ ভিতৰত থকা চাইনিজ ফ্লাস্কটো
মানুহজনীক তেওঁ দেখুৱাই দিবলৈ দোৱানেৰে নিৰ্দেশ দিলে৷ হাঁহিমুখে তাই সেইটো দাঙি
ধৰিলে৷ জুলীয়া পদাৰ্থ ২৪ ঘণ্টালৈকে গৰম হৈ থকা ফ্লাস্কটো প্ৰথমদিনাই জুহালত বহোঁতে
কথা প্ৰসংগত তাগিন দোকানীজনীয়ে মোক দেখুৱাইছিল৷ নেফাৰ জনগোষ্ঠীয়ে নিজকে ভাৰতৰ অংশ বুলি
অনুভৱ কৰা বুলি, ৰাষ্ট্ৰীয় সুৰক্ষাৰ ক্ষেত্ৰত হাত আগ বঢ়োৱা বুলি জানি আহিছিলোঁ৷ এতিয়া
মুখৰ আগত এনেকুৱা কথা-কাণ্ডবোৰ শুনি বেলেগ ধৰণৰ চিন্তা কিছুমানেহে মগজুক পাকঘূৰণি খুৱাই দিলে৷
ঘড়ীত দহমান বাজে৷ প্ৰথম দলটো সাজু হৈছে৷ অৰূপদা,
অমৰ, প্ৰদীপদা, দীপকদা৷ লগত তায়া আৰু লিডা৷ মোক উদ্দেশ্য কৰি পদযাত্ৰাৰ কথাটো সিফালৰ
পৰা চিঞৰি জনাই দিলে অৰূপদাই৷ ইফালে খিচিৰি খোৱাৰ পাছতে প্ৰকৃতিৰ আহ্বানৰ প্ৰতি আচম্বিতে
আকৌ এবাৰ সঁহাৰি জনাবলগীয়া হ’ল! গৈ থাকক, লগ ধৰি ল’ম বুলি মনতে ভাবি লৈ মাজালৈ যোৱা ঝুলন্ত ওলমা দলংখন সিপাৰে
এৰি আৰু অকণমান আগলৈ সোৱণশিৰিৰ গৰাৰ ফালে গুচি গ’লোঁ৷ বটল যোগাৰ কৰোঁতেই কিছু সময় গ’ল৷ গ্ৰেফৰ কৰ্মীৰ আহ-যাহ চলি
থকাত সুচল স্থান নিৰ্বাচন কৰোঁতেও অযথা কালক্ষয় হ’ল৷ আহি পাই ওলাওঁ মানে অৰূপদাহঁতে যাত্ৰা আৰম্ভ
কৰিয়েই দিলে৷
কেইমিনিটমানৰ পাছত সাজু হৈ ময়ো পিছে পিছে খেদি
গ’লোঁ৷ নিজৰ তম্বুটোৰ ভিতৰত মৃণালদা
অকলশৰে বহি আছে৷ তেওঁৰ পাৰ্টনাৰ দীপকদা প্ৰদীপদাহঁতৰ লগত গৈছে৷ মোক দেখি মৃণালদাই হাঁহিলে৷
সুধিলোঁ, ‘‘আপুনি নগ’লযে দাদা?’’ ‘‘ভৰি-চৰি বিষাই আছে কালি খোজ
কাঢ়ি কাঢ়ি৷ গতিকে নগ’লোঁ৷ দিনটো আজি তম্বুতে ৰে’ষ্ট ল’ম৷’’ উত্তৰ পাই মই নিজৰ উদ্দেশ্যত
গতি বৃদ্ধি কৰি দিলোঁ৷
লঘু বৃষ্টিপাতে পুৱাতে মন সেমেকাই তোলাৰ পাছত বৃষ্টিপ্ৰচুৰ
অৰণ্যৰ মাজৰে গৰ্জনমুখৰ সোৱণশিৰিক সোঁহাতে লৈ আগ বাঢ়িছোঁ৷ ডিঙিত ওলমি থকা কেমেৰাটো
মাজে-মধ্যে চকুলৈ উঠিছে৷ ক্ষন্তেকীয়া পৰ্যটকৰ দৃষ্টিৰে হ’লেও ইফালে-সিফালে নোচোৱাকৈ নোৱাৰিছোঁ৷
কল্পনাপ্ৰৱণ মানুহে এনেবোৰ পটভূমি দেখা পোৱা হ’লে কিমানযে গল্প লেখিলেহেঁতেন, হয়তো উপন্যাসো সৃষ্টি কৰিলেহেঁতেন৷
দৃষ্টিঅনুভূতিশীল কবিপ্ৰাণ মানুহ হোৱাহেঁতেন কতযে কবিতা ৰচা গ’লহয় এইবোৰ পৰিৱেশত! দুৰ্ভাগ্য যে মোৰ বেলিকা
সেইবোৰ নেছেল৷ এই জনমত তেনেবোৰ মৌলিক প্ৰতিভাৰ বিকাশ এতিয়ালৈকে ন’হল আৰু আগলৈকো হ’বলৈ নাই৷ কাৰণ তাৰ বাবে লাগতিয়াল
সংবেদনশীলতা, আৱেগ-অনুভূতি, কোমলতা, সাহিত্য ৰস আৰু অলংকাৰ, শব্দৰ চৰ্চা বা চাতুৰ্য আমাৰ নাই৷
চকুৰ আগত দেখি থকা বিশাল প্ৰস্তৰখণ্ডৰ অনুৰূপ ঠৰঙা, কঠিন হৃদয়ৰ লোকহে আমি৷ গল্প নহয়,
সত্যৰহে সন্ধানী প্ৰতিটো মুহূৰ্ততে৷
বীৰদৰ্পে আগত গৈ থকা অৰূপদা, প্ৰদীপদাহঁতৰ খোজগুড়ি
চাই চাই আগ বাঢ়িছোঁ৷ নিজৰ ওপৰত, নিজৰ দুভৰিৰ ওপৰত আস্থা ৰাখিছোঁ৷ দলটোক লগ ধৰাৰ কথাটোৱেহে
মন-মগজুত একমাত্ৰ হিচাপে তোলপাৰ লগাই আছে৷ নৈখন, আকাশৰ ৰং আৰু পাহাৰৰ লাৱণ্যময়ী ৰূপসজ্জাটোৱে
প্ৰথম দৰ্শনতে অভিভূত নকৰাকৈ নেৰিলে কিন্তু৷ নিকট-পৰিচিত, সৃষ্টিশীল অন্তৰৰ বন্ধুস্থানীয় মানুহৰ
মুখকেইখনমান অতৰ্কিতে মনত নপৰাকৈও নাথাকিল৷
গিৰিখাদৰ মাজেদি প্ৰৱাহিত নদী সোৱণশিৰি৷ পৰ্বতৰ
মাজে মাজে দূৰৰ পৰা এইফালে আহি আছে৷ ওচৰ পাই আকৌ দূৰলৈ গুচি গৈছে৷ ওপৰৰ পৰা চালে নীলা-বগা
ফিটাৰ দৰে কিবা এডাল পৰি থকা যেন দেখি৷ এনেকুৱা লাগে যে পাহাৰৰ পাদদেশেৰে টানি দিয়া
হৈছে চিকমিকীয়া এডাল বক্রৰেখা৷ বহু আঁতৰৰ পৰাই কৰ্ণগোচৰ হয় পানীয়ে শিলত প্ৰচণ্ড বেগেৰে
খুন্দিওৱাৰ ফলত উদ্ভৱ হোৱা শব্দসমষ্টি৷ সিপাৰত নদীৰ গাতে লাগি থকাকৈ বিশাল ব্যাপ্তিৰ
অৰণ্য৷ আদিগন্ত বিস্তৃত হৈ থকা স্তৰীভূত শিলৰ আস্তৰণ৷ মুঠতে যিমানদূৰ দৃষ্টি যায় অৰণ্য,
অৰণ্য, কেৱল অৰণ্য৷ ঘৰ-চৰ নাই৷
ইয়ালৈ অহাৰ আগতে কল্পনাৰ উত্তেজনাত ৰোমাঞ্চকৰ অনুভূতি
কিছুমানে মনটোত থৌকি-বাথৌ লগাই আছিল৷ এতিয়া সত্যৰ সন্মুখীন হ’লোঁ৷ ঘৰলৈ ঘূৰি গ’লেও আকৌ দেখা দি থাকিব চকু দুটা
জপোৱা মাত্ৰকে৷ কাণ উনালেই আকৌ শুনা পোৱা যাব সোৱণশিৰিৰ উদ্দাম ঊৰ্মিমালাৰ অবিৰত ঝংকাৰ৷
(পৰৱৰ্তী লেখা – হে’ড হাণ্টাৰৰ
মুখামুখি)
No comments:
Post a Comment