Saturday, 7 May 2016

দিন চাৰি  ৷৷ ৩.১১.২০১৫
৮. পাৰ হলোঁ খৰস্ৰোতা সোৱণশিৰি



ওলমা দলংখনৰ প্ৰস্থ বৰ বেছি তিনিফুট হব৷ দীঘল কিমান হব নাজানো৷ অনুমান কৰিবলৈও একো আঁত পোৱা নাই৷ নদীখন এইখিনিত কিমান বহল সেয়াও অনিৰ্ধাৰিত৷ দলঙৰ পৰা পানী কিমান তলত আছে তাকো ধৰিব পৰা নাই৷ এইবোৰ হিচাপ মিলাই থকাতকৈ সুকলমে সোনকালে পাৰ হোৱাহে ঘাই কথা৷ দুহাতে ধৰিব পৰাকৈ আছে লোৰ জৰী৷ দিন পুৰণি হোৱাত মাজে মাজে কাঁইট কিছুমান ওলাই আহিছে৷ নাচাই-নেমেলি হাত চোঁচৰাই নিলে তলুৱা ফালি নিয়াটো খাটাং৷ সৰ্বস্ব প্ৰযুক্তিনিৰ্ভৰ একবিংশ শতিকাৰ আজিৰ তাৰিখতো কেইডালমান তাঁৰ, বাঁহ-বেত, গছৰ ঠাল-ঠেঙুলিৰে জোৰা-ফোন্দা দিয়া এনে সাঁকোবোৰ ভিতৰুৱা অঞ্চললৈ সংযোগী ব্যৱস্থাস্বৰূপে আজিও সগৰ্বে দণ্ডায়মান ৰূপত দেখা যায়৷ পূব-পশ্চিম-উত্তৰ-দক্ষিণ অৰুণাচলৰ সকলো দিশৰ এখন চিনাকি ছবি৷ ফোঁপযহী মানুহলৈ যেন ভেঙুচালি এয়া মুখৰ আগতে! কথাটো ভাবি হাঁহিমেই নে কান্দিমেই যেন লাগিল৷ প্ৰাকৃতিক দৃশ্যপটটোৱেহে মনটোক শান্ত কৰি ৰাখিব পাৰিলে৷

ইফালে শিলাময় এলেকাটো যিকোনো প্ৰকাৰে অতিক্রম কৰি আহিলেও দলটোৰ অধিকসংখ্যকৰে এই ধৰণৰ নগ্ন আৰু ঝুলন্ত সাঁকো দেখা বা পাৰ হৈ পোৱাৰ অভিজ্ঞতা আগতে কাহানিও হোৱা নাই৷ কথা প্ৰসংগত সেয়া খোলাখুলিকৈয়ে ওলাই পৰিছে৷ এনেকুৱা অকল্পনীয় ব্যৱস্থাপনা বহুতেই জীৱনকালত এয়াই প্ৰথম দেখিছে বুলিও অকপটে প্ৰকাশ কৰিছে৷ গছৰ ডাল কাটি পথালিকৈ পাৰি থোৱা আৰু তলেৰে শিলত খুন্দা-খুন্দলি খাই সশব্দে ধাৰাসাৰে গৈ থকা ফেন উঠা পানীয়ে বহুতৰে মনৰ কোণত স্বাভাৱিকতে মৰণ-শংকাৰ সঞ্চাৰ নকৰাকৈ থকা নাই৷ দুৰু দুৰুকৈ কঁপাইছে বুকু৷ বডী লেংগুৱেজতে সেয়া স্পষ্ট হৈ উঠিছে৷ কিন্তু কাৰো বাবেই এইটো এতিয়া ভয় খোৱাৰ সময় নহয়৷ এয়া সাহসৰ পৰীক্ষাহে৷ সাহস গোটোৱাৰ, সাহস যোগোৱাৰহে সময় এয়া৷

৫০ কেজি ওজনৰ চাউলৰ বস্তাটো নিৰ্বিঘ্নে কঢ়িয়াই অনা তানি ম্ৰা মস্ত পাথৰ এটাৰ ওপৰত ৰৈ আছে৷ বস্তাটো যেন তলত নথবই! পিঠিতে ওলোমাই ৰাখিব যেন! মতলবটো তেনেকুৱা নিচিনাই লাগিল৷ অৱশ্যে অলপ পাছতে সেইটো নমাই নদীলৈ পিঠি দি বহিল৷ ৰাক্‌চেকটো গছ এজোপাতে ভেজা দি ৰাখি ময়ো তাৰ সমীপতে থকা চেপেটা শিল এছটাত বহি ললোঁ, হৃদযন্ত্ৰৰ গতিটো স্বাভাৱিক হওক বুলি৷ নিকেলে বাকীসকলক পাৰ হোৱাত সহায় কৰি আছে৷ টিপ্‌ছ শিকাই আছে, এনেকৈ ধৰিব, এনেকৈ আগ বাঢ়ি যাব, এনেকুৱা নকৰিব ইত্যাদি ইত্যাদি৷ শংকা বিদূৰ কৰি সংগীসকল এজন এজনকৈ অগ্ৰসৰ হৈছে৷ তেওঁলোকৰ খোজ-কাটলবোৰ একান্তমনে লক্ষ্য কৰি আছোঁ৷ তানিয়ে মোলৈ চালে৷ আমি দুয়ো অন্তিম যাত্ৰী৷ অৱশ্যে নিকেল আমাৰ পাছত থাকিব৷ তেনেতে মিচিকিয়া হাঁহি এটা মাৰি তানিয়ে মোক সুধিলে, ‘‘ছেকেগা না?’’

পূৰ্বৰ অভিজ্ঞতা মোৰ কেইবাটাও আছে৷ অভিজ্ঞতাই সাহস৷ গতিকে অকণো কেৰেপ কৰা নাই৷ আত্মদৃঢ়তা পূৰামাত্ৰাই পুহি ৰাখিছোঁ৷ খপজপ নকৰি বাকীসকলক আগ ধৰি পাৰ হৈ যাবলৈ বাট মোকলাই দিছোঁ৷ ৰছী এৰি নিদিব আৰু পানীলৈ নাচাব বুলি চিঞৰি-বাখৰি এই পাৰৰ পৰাই উৎসাহ যোগাই থাকিলোঁ তেওঁলোকক৷ এনে ওলমা দলঙত একেলগে সৰহ মানুহ উঠা অনুচিত৷ অঘটন ঘটি যাব পাৰে৷ পিঠিত ৰাক্‌চেক্‌ লৈ প্ৰদীপদা আৰু অমৰ প্ৰথমতে গলগৈ৷ তাৰ পাছত ফৰিদাবাদী দেৱিন্দৰ আৰু বৰুণ অগা-পিছাকৈ গৈছে৷ পাছে পাছে অৰূপদা গল৷ মৃণাল শৰ্মা, দীপক দাস প্ৰায় ওচৰা-ওচৰিকৈ৷ ৰাজীৱ তাৰ পাছত৷ জয়ন্তদা লাইনত মজুত আছিল যদিও কিবা ভাবি ৰৈ দিলে৷ ৰাজীৱে মোৰ কেমেৰাটোলৈ আঙুলিয়াই কলে, মই দলংখনত উঠি লওঁ, মোৰ এখন ফটো তুলি দিবচোন আপুনি৷

নিজৰ নাম আহিবলৈ অপেক্ষা কৰি থাকোঁতেই কিবা এটা বুদ্ধি মূৰত খেলালে৷ তৎক্ষণাৎ ৰাক্‌চেকৰ একাষে সুমুৱাই নিয়া ৰছীডাল বাহিৰ কৰিলোঁ৷ ইমান পৰে সোঁ-বাওঁ-সোঁ কৰি হাত সলাই সলাই কঢ়িয়াই নি থকা শ্লীপিং বেগটো ৰাক্‌চেকৰ ওপৰত পথালিকৈ আটি আটি বান্ধি পেলালোঁ৷ ডিঙিত কেমেৰাটো আগৰ দৰেই ওলমি থাকিল৷ ৰাজীৱৰ পাছতে মোৰ পাল পৰিল৷ গধুৰ বস্তাটো পিঠিত লৈ তানিও আস্তেকৈ থিয় হৈছে৷

দলঙৰ মুখত ৰৈ তীক্ষ্ণ দৃষ্টিৰে নিকেলে তদাৰক কৰি আছে৷ ‘‘আপ যাইয়ে’’ বুলি কোৱাৰ লগে লগে জৰীক সাৰথি কৰি ভৰি আগুৱাই নিলোঁ৷ দলংখন নাচি উঠিল৷ নদীৰ ধাৰাবাহিক নিনাদে যাতে মনঃসংযোগ ভেদিব নোৱাৰে, তাৰ খেয়াল আগধৰিয়ে ৰাখিছোঁ৷ খোজ পেলাবলগীয়া ডালবিলাকৰ মাজত কৰবাত কৰবাত ২ ইঞ্চি পৰ্যন্ত ফাঁক! কাষত ভৰি দিলে দলং হালি যায়৷ সাহসেৰে আৰু সাৱধানে গৈ আছোঁ৷ সোঁমাজ পাই অকণমান ৰলোঁ৷ সাঁকোখন মৃদু দোলনত ইফাল-সিফাল কৰি আছে৷ তলেৰে প্ৰচণ্ড গতি আৰু গৰ্জনেৰে বৈ আছে সোণালী নদী সোৱণশিৰি৷ ব্ৰহ্মপুত্ৰৰ সৰ্ববৃহৎ আৰু সৰ্বাধিক খৰস্ৰোতা উপনৈ৷ জীৱনত প্ৰথমবাৰৰ বাবে এনেদৰে নৈখন অতিক্রম কৰিবলৈ পাইছোঁ৷ এটা বিৰল সুযোগ আৰু স্মৰণীয় অভিজ্ঞতা৷

বোঁৱতী পানীলৈ চালোঁ৷ দুৰ্বাৰ গতি, প্ৰচণ্ড শক্তি এই চলন্ত পানীৰ৷ এনে গতিশক্তিৰ সুবাদতে বৃহৎ পৰিমাণৰ জলবিদ্যুৎ উৎপাদনৰ সম্ভাৱনাৰে আজিও চহকী ভাৰতৰ উত্তৰ-পূব৷ এনেকুৱা নৈ-নিজৰা, জান-জুৰিবোৰক ভিত্তি কৰিয়ে উত্তৰ-পূৰ্বাঞ্চলৰ কেউখন ৰাজ্য মিলি মুঠতে ৫৮,৩৫৬ মেগাৱাট বিদ্যুৎশক্তি উলিয়াব পৰাৰ ক্ষমতা ৰাখিছে৷ তাৰে ভিতৰত অৰুণাচল প্ৰদেশে অকলেই উৎপাদন কৰিব পাৰে ৫০,০৬৪ মেগাৱাট৷ এনেকুৱা দৃশ্য এটা প্ৰত্যক্ষ কৰাৰ পাছত অৰুণাচলৰ ক্ষমতাক লৈ কোনেও কোনো ধৰণৰ প্ৰশ্ন তোলাৰ আৰু অৱকাশেই নাথাকে৷ বিপৰীতে, মেঘালয়ৰ উৎপাদন ক্ষমতা ২,২৯৮ মেগাৱাট, মণিপুৰৰ ১,৭৬১ মেগাৱাট৷ অসমৰ ৬৫০ মেগাৱাট মাত্ৰ৷ অৰ্থাৎ অৰুণাচলৰ সমৰ্থতা অসমৰ ৭ গুণৰো অধিক!

এতিয়া কথা হল, যিখন প্ৰদেশৰ বুকুৰে ইমূৰৰ পৰা সিমূৰ ব্যাপী এনে ধৰণৰ অনন্ত জলস্ৰোত কালনিৰৱধি বৈ গৈছে সেইখন ৰাজ্য অৰ্থনৈতিক দিশত আজিও দুখীয়া৷ কথাটো সঁচাই ভাবিবলগীয়া৷ প্ৰাকৃতিক পৰ্যটন আৰু বিদ্যুৎ শক্তি, কেৱল এই দুটা কামেই অৰুণাচলীৰ জীৱনলৈ আমূল পৰিৱৰ্তন আনিব পাৰে৷ ৭৮৪টা বান্ধৰ সম্ভাৱনাৰে অৰুণাচল যথাৰ্থতে ভাৰতৰ Dam Pradesh যি সমগ্ৰ ৰাষ্ট্ৰক ইলেকট্ৰিচিটিৰে পোহৰাব পাৰে, ডিজিটেল ইণ্ডিয়াৰ স্বপ্ন সাকাৰ কৰি তুলিব পাৰে৷ খৰাংপীড়িতলৈ লাখ লাখ টেংকাৰ জল যোগান ধৰিব পাৰে, শত-সহস্ৰ মনোৰঞ্জক জলকেলি অৰ্থাৎ একলেণ্ড সৃষ্টি কৰিব পাৰে, হাজাৰ হাজাৰ বটল মিনাৰেল ৱাটাৰ খুৱাব পাৰে পূৰ্বোত্তৰৰ এই ৰাজ্যখনে, অকলেই৷ চলমান নীলা-সেউজীয়া জল সম্পদলৈ চাই চাই ইয়াৰ পাৰত বাস কৰা তানিহঁতৰ জীৱন-জীৱিকাৰ দেখি অহা ৰূপ আৰু মানুহবোৰৰ প্ৰগতিৰ বিষয়ে ভবাই তুলিলে সোৱণশিৰিয়ে৷

The earth has music for those who listen. Shakespeareএ কোৱা কথা৷ লোৰ জৰীত দুহাতেৰে মুঠি মাৰি ধৰি অলপ সময় নদী-সংগীত শুনি ৰলোঁ৷ তাৰ পাছত এখন হাত এৰিলোঁ৷ এহাতেৰে খামুচি থাকি আনখন হাতেৰে কেমেৰাটো অন কৰিলোঁ৷ আগে-পাছে, সোঁৱে-বাঁৱে স্নেপ কিছুমান লৈ আছোঁ৷ তাকে দেখি অৰূপদাই সিপাৰৰ পৰা প্ৰাণটাকি আটাহ পৰাত লাগিল৷ মই একো নুশুনাৰ ভাও জুৰিলোঁ৷ নহলেযে আৰু সুযোগ নাই৷ হেঁপাহটো পলুৱাই দুয়ো তীৰৰ দৃশ্যাৱলী মেমৰী কাৰ্ডত বন্দী কৰিহে তেওঁলৈ চালোঁ৷ কেইবাজনেও হাত বাউলিৰে সোনকালে পাৰ হৈ আহিবলৈ ইংগিত দি আছে৷ অৰূপদাৰ কাণ ফলা চিঞৰকেইটা পৰ্বতত প্ৰতিধ্বনিত হৈ সোৱণশিৰিৰ বুকুত হেৰাই গল৷ কাম হৈ যোৱাত লাহেকৈ লেন্সখন জপালোঁ৷ ভাবিলোঁ, ডিফুত এৰি থৈ অহা মোৰ প্ৰকৃতিব্যাকুল, ভ্ৰমণ অনুৰাগী অগ্ৰজ যাত্ৰাসংগী অৰুণদাক সন্তুষ্ট কৰিবলৈ এইখিনি যথেষ্ট হব নিশ্চয়৷ মনটোৱে হব বোলাত বেতেৰে জুঁটি থোৱা গছৰ ডালবোৰৰ ওপৰেৰে মধ্যনদী এৰি আকৌ খোজৰ আৰম্ভণি হৈ গল, আকৌ আহিল দলঙৰ দোলনি৷ এইবাৰ খোজ আগতকৈ কিছু খৰ৷ সিপাৰ চমু চাপি আহিছে৷

সোৱণশিৰি পাৰ হৈ সিপাৰে ৰৈ থকাসকলৰ ওচৰ পোৱাত কেইবাখনো মুখে অকণো পলম নকৰি টান কথা কিছুমান শুনাই দিলে৷ এবাৰ উঁইচিৰিঙাৰ পাল্লাত পৰি বহু মানুহ উঠি দিয়াত ওলোমা দলং ভাগি এপাল মানুহ কামেং নৈত সৰি পৰিছিল আৰু আটাইবোৰ মৰিছিল৷ অনাহূত আৰু আকস্মিক সলিল সমাধিৰ সেই হৃদয় বিদাৰক ঘটনাটো সদস্যবৰ্গৰ মাজত ততালিকে চৰ্চাৰ বিষয়-বস্তু হৈ পৰিল৷ তেনে নঞৰ্থক কথাত ভাগ নলৈ মোৰ পাছত ভয়ে ভয়ে আহি থকা জয়ন্তদালৈ চালোঁ আৰু সাহস যোগাই থাকিলোঁ৷ নিকেল তেওঁৰ পাছে পাছে আছে৷ চাউলৰ বস্তাটো পিঠিত লৈ তানিয়ে সিটো মূৰৰ পৰা চাই আছে দলংখন খালী হোৱালৈ৷ কাৰণ তাৰ পিঠিত ৫০ কে.জি. অতিৰিক্ত ওজন আছে৷

তানি অহালৈ বাট চাই চৌপাশৰ নৈসৰ্গিক সৌন্দৰ্য উপভোগ কৰাৰ সুযোগ ললোঁ৷ তদুপৰি আগলৈ ট্ৰেকটো কেনি আছে তাৰো সন্ধানত চকু ঘূৰোৱাত লাগিলোঁ৷ ওচৰ চাপি আহি তানিয়ে মোক লাহেকৈ শুনালে যে আগত আৰু এখন এনেকুৱা হেঙিং ব্ৰীজ পাম৷ কথাটো উচ্চগ্ৰামত প্ৰচাৰ কৰি দিলোঁ৷ তাকে শুনি কোনো কোনোৰ কপালৰ বলিৰেখাবোৰ মুহূৰ্তৰ ভিতৰতে কোঁচ খাই পৰিল৷ সুকলমে এইখন পাৰ হোৱাৰ সকাহত মনত আনন্দময় ভাব এটাই ক্ৰিয়া কৰিছিল৷ কিন্তু সেয়া যেন স্থায়ী হবলৈকে নাপালে৷ অাগন্তুক বিভীষিকাত অণ্ঠ-কণ্ঠ শুকাবৰ উপক্ৰম হল! চিন্তা কৰিলোঁ, সেইখন কেতিয়া পাওঁগৈ৷ সন্মুখত আকৌ এটা মজা আহি আছে তাৰ মানে! পূৰা লুটিব লাগিব৷ জীৱনত কমেইহে পোৱা যায় এনেকুৱা নিৰ্ভেজাল মুহূৰ্ত৷ কথা সলাই পৰ্বতৰ দেহেৰে একেলেথাৰিয়ে উঠি গৈ থকা লুংলুঙীয়া ৰাস্তাটোত বিস্ময়েৰে আটায়ে মনোনিৱেশ কৰিলোঁ৷







(পৰৱৰ্তী খণ্ড - লুংলুঙীয়া ট্ৰেকেৰে থিয় পৰ্বতত আৰোহণ)

No comments:

Post a Comment