দিন তিনি ৷৷ ২.১১.২০১৫
লিমেকিং এৰি আমি কেতেনালাত উপস্থিত হওঁগৈমানে ঘড়ীত
৫.০০ বাজি পাৰ হ’ল৷ দুয়োহাতে শাৰীবদ্ধ অৰণ্য-পৰ্বত,
মাজে মাজে সৰু জনবসতি, তাৰ মাজেৰেই ঠেক ৰাস্তাটো৷ সেই ৰাস্তাৰেই আগ বাঢ়ি আছে টাটা চুম’ দুখন৷ ইতিমধ্যে কাণি-মুনি বাৰুকৈয়ে
লাগি আহিছে৷ পাহাৰৰ ভাঁজত বেলি সোনকালে অদৃশ্য হয়৷ ফলত আন্ধাৰো সমতলতকৈ তুলনামূলকভাৱে
আগধৰি হয়৷ অৰূপদাই এইবাৰ টৰ্চ মাৰিহে সময়টো জনাব পাৰিলে৷ একে সময়তে গাড়ীৰ আইনাখনতো
এটোপ-দুটোপকৈ প্ৰত্যক্ষ কৰিবলৈ পালোঁ ক্ষীণ বৰষুণৰ উপস্থিতি৷ টোপালকেইটাই ভিতৰি মনটো
হ’লে সেমেকালে৷
বিজুলীৰ পোহৰ ইয়াত নাই৷ মোদী চৰকাৰে দেশৰ গ্ৰাম্য
এলেকাসমূহ সম্পূৰ্ণৰূপে বিজুলী-বাতি থকা অঞ্চল কৰিবলৈ সিদ্ধান্ত লোৱাৰ পাছত লাহে লাহে
বিজুলীৰ সুবিধা নথকা গ্ৰাম্য এলেকাসমূহতো এই সুবিধা উপলব্ধ হোৱাৰ আশ্বাস দিছে৷ স্বাধীনতাৰ
৬৮ বছৰৰ পাছত সৌ-সিদিনা উত্তৰ প্ৰদেশৰ শীতল খেৰা গাঁৱৰ গাঁওবাসীয়ে বিজুলীৰ পোহৰ প্ৰথম
দেখিলে৷ খবৰটো আমি বাতৰি কাকতৰ পৃষ্ঠাত পঢ়িবলৈ পাইছোঁ৷ বিপৰীতে, অৰুণাচলৰ এই দুৰ্গম
ঘোঁকটত ৰাজহুৱা স্বাৰ্থত ট্ৰেন্সফৰ্মাৰৰ উদ্বোধন কেতিয়াকৈনো হ’ব কোনেও চাগৈ ক’ব নোৱাৰিব৷ এন.এইচ.পি.চি.ৰ জৰিয়তে
অসম-অৰুণাচল সীমাৰ গেৰুকামুখত নিৰ্মাণ কৰিব খোজা ২,০০০ মেগাৱাট শক্তিসম্পন্ন নামনি
সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটোৰ পৰা অৰুণাচল প্ৰদেশে গৃহ ৰাজ্যৰূপে বিনামূলীয়াকৈ ১৩
শতাংশকে ধৰি মুঠতে ২৯৪ মেগাৱাট বিদ্যুৎ শক্তি লাভ কৰিব বুলি ভাগ-বতৰাৰ হিচাপত দেখুওৱা
হৈছিল৷ সেই শক্তিৰে এই ঠাইবোৰ উজলি উঠিবনে নুঠে সেইটো এক বৃহৎ প্ৰশ্নবোধক৷ সময়ে তাৰ
উত্তৰ নিশ্চয়কৈ দিব৷ সদ্যহতে আমি এইফালে দেখিবলৈ পোৱা সত্যটো হ’ল, সন্ধিয়াৰ পাছত বেলি গুচি গ’লে পৰ্বতৰ মাজত এতিয়াও আন্ধাৰেই
ৰজা৷ আমাৰ বাবেও সন্মুখত ৰৈ আছিল চোৰে চৰিয়ালেও গম নোপোৱা বিধৰ অন্ধকাৰ পৰিৱেশ এটা৷
গাইড নিকেল নাল’ৰ নিৰ্দেশত কালভাৰ্ট এটাৰ ওপৰতে আমাৰ গাড়ী দুখনৰ
ষ্টাৰ্ট বন্ধ কৰা হ’ল৷ সম্পূৰ্ণ অচিনাকি ঠাই৷ আচহুৱা পৰিৱেশ৷ নামটো কেতেনালা বুলি জনা গ’ল৷ ইফালে-সিফালে দেখিছোঁ, টৰ্চ লাইটৰ গোলাকাৰ পোহৰ কিছুমান উফৰি
ফুৰিছে৷ ময়ো নিজৰ টৰ্চটো ৰাক্চেকৰ পৰা টান মাৰি উলিয়াই হাতত লোৱাই উচিত বুলি তৎমুহূৰ্ততে
বিবেচনা কৰিলোঁ৷
আমাৰ গাড়ী দুখন য’ত ৰ’ল তাৰ পৰা আগলৈ ইংৰাজী বৰ্ণমালাৰ
ভি আখৰটোৰ আৰ্হিত দণ্ডায়মান থিয় পৰ্বতমালা৷ অৰূপদাই কোৱাৰ দৰে এইবোৰ হিল্ছ নহয়, মাউণ্টেইনহে৷ হিমালয়ৰে শাখা-প্ৰশাখা৷ আমি ৰৈ থকা সৰু ৰাস্তাটো সেইফালেই আগুৱাইছে৷ কিমানলৈকে গৈছে জনাৰ কোনো উপায় এই মুহূৰ্তত
স্বাভাৱিকতে নাই৷ হে’ড লাইটৰ পোহৰত যিকণ মণিব পাৰিছোঁ,
অলপমান আগলৈ গৈ সি শূন্যত হেৰাই গৈছে৷ যেন এটা ৰহস্যঘন বাট! সেইটোৱেই আমাৰ পৰৱৰ্তী
বাট নে কি? নাজানো৷ অনুভৱ হৈছে, পৃথিৱীখনৰ শেষ সীমা যেন লগা এখন ছায়াচিত্ৰহে এয়া৷
কিবা ভাবি খিৰিকীৰ আইনাখন নমাই দিলোঁ৷ মাত্ৰকতে
ঠাণ্ডাই খুন্দিওৱা যেন অনুভৱ হ’ল শৰীৰত৷ চকামকাকৈ ধৰিব পৰাৰ ভিতৰত সোঁকাষে চাংঘৰ কেইটামানৰ অৱস্থিতি৷
হিচাপ কৰি চালোঁ, তাৰ সিফালেই সোৱণশিৰিখন থাকিব লাগে৷ ডাপৰিজোৰ পৰাই অকণো এৰা নিদিয়াকৈ
পাৰে পাৰে অকাই-পকাই, উঠা-নমাকৈ আমি একেলগে আহি আছিলোঁ৷ কাৰ্যতঃ নৈখনে এতিয়াও আমাক
বিদায় দিয়া নাই৷ প্ৰচণ্ড বতাহ-বৰষুণ চলি থকাৰ দৰে লেথাৰি নিছিগা হো-হোৱনিৰ উদ্গীৰণ
হৈয়েই আছে প্ৰতি পলতে৷ তাৰ পৰাই অনুমান কৰিছোঁ নৈৰ অৱস্থানটো কেনি৷ ধৰিব পাৰিছোঁ,
অধিক উন্মাদনাৰে নামনি অভিমুখে খল্খলাই বৈ আছে সোৱণশিৰি৷ সকলো মিলি সামগ্ৰিকভাৱে এটা
যেন ভৌতিক পৰিৱেশ! আনন্দ লাগিলেও নতুন ঠাইত নতুন মানুহৰ বাবে ভায়ভাব উৎপন্ন হ’বলগীয়া কথাই৷
তাৰ লগতে অন্তহীন কৌতূহলে কেতিয়াবাতে মোকো বেৰি ধৰিলেহি৷ মনত প্ৰশ্ন : কিয় ৰ’ল ইয়াত? ক’লৈ যাম আমি? থাকিম ক’ত?
লিমেকিঙৰ পৰা কেইকিল’মিটাৰমান আগত শ্বেৰি থাপা৷ প্ৰস্তুতিগত
জ্ঞানকণেৰে নিঃসন্দেহ আছিলোঁ যে শ্বেৰি থাপা মেম’ৰিয়েল পৰ্যন্ত গাড়ীৰে যোৱাটো সম্ভৱ৷ লিমেকিঙৰ পৰা তালৈকে
২৫ কিল’মিটাৰমান হ’ব বুলিও গম পাই থৈছোঁ৷ জানো যে
তাৰ পৰা আগলৈ আৰু ৰাস্তা নাই৷ ৰাস্তা নিৰ্মাণৰ অৰ্থে ঠায়ে ঠায়ে ফৰ্মেচন কাটিং চলিহে
আছে৷ শ্বেৰি থাপা নামৰ ১৯৬২ বীৰ সেনানীজনৰ স্মাৰকটোৰ সমীপতে আগন্তুক নিশাটোৰ বাবে আমাৰ কেম্প পতাৰ কথা
চূড়ান্ত হৈছিল৷ কালি ডাপ’ত ডাক্তৰ নাল’ৱেও তেনেকৈয়ে কৈছিল৷ পিছে আহোঁতে
আহোঁতে এতিয়া ঘনঘোৰ আন্ধাৰে আগুৰি ধৰিলে৷ সোনকালেই বৰষুণেও বিধি-পথালি দিয়াৰ লক্ষণ
দেখা গৈছে৷ সাতে-সোতৰই আজি হাবিত কটোৱাটো মস্কিল আছে৷ নতুন ঠাইত আন্ধাৰত কেম্প সজা,
খৰি গোটোৱা, পানী কঢ়িওৱা আদি কামবোৰ সহজ নহ’ব৷
কালভাৰ্টটোলৈ কেইফুটমান থাকোঁতে পথটোৰ দাঁতিতে
সোঁহাতে সামান্য নামি গ’লে তাগিন লোকৰ পৰম্পৰাগত চাংঘৰ
কেইটামান৷ তাৰে এটালৈ উঠি গ’ল আমাৰ গাইড নিকেল নাল’৷ তেওঁলোকৰ দোৱানতে গৃহস্থৰ সৈতে কিবা আলোচনা-বিলোচনা
কৰিলে৷ তুৰন্তে সিদ্ধান্ত লৈ তেওঁ আমাক বস্তু-বাহানিবোৰ গাড়ীৰ পৰা নমাবলৈ ইংগিত দিলে৷
জানিলোঁ যে গৃহস্থৰ সৈতে হোৱা কথা-বতৰাত চাংঘৰটোতে নিশাটো কটোৱাৰ পৰামৰ্শ হৈছে৷ সেই
সিদ্ধান্ত সদস্যসকলৰ মনঃপূত হোৱাত চূড়ান্ত কৰা হৈছে৷ ঘোষণাটো কাণত পৰা মাত্ৰক আনৰ কথা
নাজানো, মোৰ হ’লে মনটো নাচি উঠিল৷ তাগিনৰ চাঙত
অন্ততঃ এটা নিশালৈ হ’লেও থকাৰ সুযোগ নিবিচৰাকৈয়ে মিলি
গ’ল! বুজাব নোৱাৰা ধৰণৰ পুলক এটা
পলকতে জাগি উঠিল মনৰ অভ্যন্তৰত৷ নামপঙৰ টাংচা আৰু ডঙৰ মেয়ৰ (জাখ্ৰিং)ৰ পাছত কেতেনালাত এয়া তাগিন৷
আন্ধাৰৰ মাজতে অবুজ আনন্দ আৰু ভৰপূৰ উদ্যমেৰে গাড়ীৰ
পৰা বয়-বস্তুবোৰ একাদিক্রমে নমোৱাত ধৰিলোঁ৷ নাহৰলাগুন ৰে’ল ষ্টেচনৰ পৰা মাদাৰ গাড়ীত বহি
কৰা দুদিনজোৰা উজনিমুৱা চুম’ যাত্ৰাৰো সিমানতে যৱনিকা পৰিল৷ জে.জে.ৰ গাড়ীৰ বনেটত এই দুদিনে অহৰহ দুলি থকা পতাকা তিনিখন নিথৰ হৈ ৰ’ল৷ বাম্পাৰ আৰু ৰিয়েৰ ভিউ মিৰ’ৰত বান্ধি থোৱা নানাৰঙী ফিটাবোৰে গাড়ীৰ গতি আৰু আমাৰ মনৰ সৈতে ছন্দ মিলাই আৰু নানাচে৷ সন্দেহ নাই যে ইয়াৰ পাছত এশ শতাংশই
নিজৰ দুভৰিত ভৰসা ৰাখিব লাগিব৷ মূৰৰ ওপৰত চালি হয়তো নাথাকিব৷ মনত পৰিল অক্টোবৰ মাহৰ
পহিলা সপ্তাহত এদিন প্ৰাতঃভ্ৰমণকালত লগ পাই কোনো পাতনি নতৰাকৈ অৰূপদাই মন্ত্ৰ মতাদি
মাতি যোৱা বাক্যকেইষাৰ৷ ‘‘দুৰ্গম ঠাই৷ হিল্ছ নহয় দেই,
মাউণ্টেইন৷ ৰাস্তা নাই৷ পিঠিত ৰাক্চেক্ লৈ নৈৰ পাৰে পাৰে খোজ কাঢ়িব লাগিব৷ জুৰিৰ
পানী উতলাই খাব লাগিব৷ তম্বুৰ তলত নিশা খপিব লাগিব৷ শ্লীপিং বেগত শুব লাগিব৷’’ ভাল লাগিল ভাবি৷ তাকেইতো বিচাৰি
আছিলোঁ অতদিনে৷ আচল সময়টো আহি গ’ল এতিয়া৷
(পৰৱৰ্তী লেখা – তাগিনৰ চাঙত উঠিলোঁ)
No comments:
Post a Comment