দিন দুই ৷৷ ১.১১.২০১৫
৫. নিজৰা আৰু পৰ্বতৰ যুগলবন্দীৰ মাজত
৫. নিজৰা আৰু পৰ্বতৰ যুগলবন্দীৰ মাজত
আগলৈ ধাৱমান হওঁতে ৰঙাকৈ ফুলি থকা ফুল কিছুমানে
আমাক আদৰিলে৷ আমাৰ ফালেও যেনি-তেনি আছে এইবিধ ফুল৷ উত্তৰ আমেৰিকাত খ্ৰীষ্টমাছ ফ্লাৱাৰ
বুলি জনাজাত এই ফুলৰ ইংৰাজী নাম Mexican poinsettia৷ আমিও খ্ৰীষ্টমাছ ফুলেই বোলোঁ৷
বৈজ্ঞানিক নামটো Euphorbia pulcherrima৷ বৰদিনৰ সাজ-সজ্জাত এইবিধ পুষ্প অতিকৈ ব্যৱহৃত
হয়৷ ফুলাৰ সময়টোও ঠিক বৰদিনৰ আগে-পিছে৷ এতিয়াও, পাতৰ সেউজীয়াখিনি অন্তৰ্ধান হৈ ফুলৰ
ৰঙাই চৌপাশ ছানি ধৰিছে৷ বৰদিনযে সমাগত, তাৰে উমান দি গ’ল পথৰ দুয়ো দাঁতিত বহু সময় ধৰি
একেৰাহে দেখা পাই অহা উজ্জ্বলৰঙী ফুলবিধে৷ নৈপৰীয়া ৰংচঙীয়া পৰিৱেশ এটাৰ মাজে মাজে লাহে
লাহে য়াজালিখন পাৰ হ’লোঁ৷ ৰঙানৈ এৰিলোঁ৷ অৱশ্যে এই
বাটেই ঘূৰি আহিব লাগিব আমি৷ আশা থাকিল, তেতিয়া আকৌ দেখা পাম, ফুলৰ সৌন্দৰ্য আকৌ এবাৰ
চাম৷
৯ বাজি ১০ মিনিট গৈছে৷ চে’ক প’ষ্ট এটাত উপস্থিত হ’লোঁগৈ৷ ষ্টাৰ্ট বন্ধ কৰি মাদা
নামি গ’ল৷ গাড়ী আৰু মানুহৰ সবিশেষ তাত
থকা ৰেজিষ্টাৰত এণ্ট্ৰি কৰি আহিল৷ আমাৰ যোৱাৰ প্ৰয়োজন নহ’ল৷ এতিয়া আমাৰ সন্মুখত য়াশ্বুলি,
জোৰাম৷ তাৰ পাছত পাম জিৰো৷ য়াজালিৰ পৰা জিৰোলৈ ৪৫ কিল’মিটাৰ মাত্ৰ৷ ৰাস্তাছোৱা পকী
যদিও ঠেক, ঘনকৈ পাক থকা আৰু উঠা-নমা৷ দুখন গাড়ী মুখামুখি হ’লে ঠাইৰ অভাৱত অগা-পিছা কৰি থাকোঁতে
অনেক সময় ব্যয় হোৱাটো ধৰাবন্ধা কথা৷
লাইটাৰটো টিপি ঘপকৈ চিগাৰেট এটা জ্বলাই মাদাই খৰকৈ
হোপা কেইটামান মাৰিলে৷ মুখৰ একোণেৰে ধোঁৱা এগালমান উগাৰিলে৷ ধুমপানৰ অভ্যাস মোৰ নাই
যদিও তাৰ কায়দাটো চাই হ’লে কিবা এটা ভাল লাগিল৷ সমান্তৰালভাৱেই
সি এক্সেলাৰেটৰতো কমাই-বঢ়াই হেঁচা প্ৰয়োগ কৰি থাকিল৷ চাইলেন্সাৰেৰে ধোঁৱা এসোপামান
বাজ হ’ল৷ তাৰ পাছতে গাড়ীখন আগলৈ চলি
গ’ল৷ হাত-ভৰিবোৰ লৰচৰ কৰি ময়ো নতুন
ভংগীমা এটাত বহি ল’লোঁ, নতুন দৃশ্যপটৰ আশাৰে৷
কি আচৰিত, এইবাৰ ৰাস্তাটোৰ দুপাৰে ওলাল কাঞ্চন
গছৰ আধিক্য! ফুল বগা, পাত সেউজীয়া৷ সেউজীয়াত বগা ৰঙৰ পয়োভৰ৷ বতৰটোও আজি বেছ ফৰকাল৷
নীলিম আকাশত বগা ডাৱৰৰ খেল৷ মাদাই হিন্দীৰ লগতে তাগিন, গালো, নিছি আদি অৰুণাচলী জনজাতিৰ
আধুনিক গীত ইটোৰ পাছত সিটোকৈ ওৰে বাট শুনাই আহিছে৷ তাৰ মাজে মাজে চলা কথা-বতৰাবোৰে
যাত্ৰাৰ আনন্দ দুগুণে বঢ়াই তুলিছে৷ নীলা নীলিমাত দৃষ্টি ৰাখি মাজে মাজে অৱশ্যে আপোন
জগততো মই বুৰ নোযোৱাকৈ থকা নাই৷
জনজাতীয় সাজত স্থানীয় লোক আৰু পৰম্পৰাগত ঘৰ কিছুমান
অ’ত-ত’ত কম-বেছিকৈ ধৰা দিছে৷ পাৰ্বত্য
ৰাজ্যখনৰ এই দিশে বাস কৰা ভাষিক গোষ্ঠীকেইটা হৈছে নিছি, আপাতানি, হিলমিৰি, চুলুং, বানপ্ৰু,
তাগিন আৰু গালো বা গালং৷ সোৱণশিৰিপৰীয়া অধিবাসী এই লোকসকল সময়ৰ সোঁতত প্ৰশাসনীয় সুবিধাৰ্থে
ৰাজনৈতিকভাৱে পাপুম পাৰে, ল’ৱাৰ সোৱণশিৰি, আপাৰ সোৱণশিৰি, কুৰুং কামেই আদি কেইবাখনো জিলাৰ নামত
বিভক্ত হৈ পৰিছে যদিও ভৌগোলিকভাৱে আটায়েই বৃহত্তৰ সোৱণশিৰি নদী প্ৰণালীত অন্তৰ্ভুক্ত৷
সেইফালৰ পৰা সোৱণশিৰি নৈখনক মধ্য অৰুণাচলৰ জীৱন-ৰেখা বুলিবৰ মন গৈছে৷ উদগ্ৰীৱ হৈ পৰিছোঁ,
কেতিয়াকৈনো সেইখন দেখা পাম বুলি৷
আমাৰ ড্ৰাইভাৰ মাদাৰ মাতৃভাষা গালো৷ গালং বুলিও
কয়৷ আদিসকলৰ ভাষাৰ সৈতে সিহঁতৰ ভাষাৰ বহু মিল আছে হেনো৷ কথাষাৰ সিয়ে ক’লে৷ পূৰ্বতে গালংসকলক বৃহত্তৰ
আদি জনগোষ্ঠী অৰ্থাৎ অতীতৰ আবৰসকলৰে এটা উপ-গোষ্ঠী বা শাখা হিচাপে ধৰা হৈছিল৷ বৰ্তমানে
তেওঁলোক পৃথক জনগোষ্ঠী বুলি গৱেষক-পণ্ডিতসকলে মত আগ বঢ়াইছে৷ অৰুণাচল প্ৰদেশৰ মধ্যাঞ্চল
চিয়াং আৰু সোৱণশিৰি জিলাৰ সীমান্তত এই মানুহখিনিৰ বসতি দেখিবলৈ পোৱা যায়৷ আমাৰ হিয়াৰ
আমঠু ভূপেনদাৰ ‘চিয়াঙৰে গালং’ গীতটো তেনেকুৱাতে মনলৈ আহিল৷
গালংসকলে তিব্বতৰ পৰা একালত উক্ত অঞ্চলবোৰলৈ প্ৰব্ৰজন কৰিছিল৷ পূৰ্বতে ওখ পৰ্বতত বসবাস
কৰা এই জনসমষ্টি বৰ্তমানে অসম-অৰুণাচল সীমান্তৰ সমতল অঞ্চললৈকো সিঁচৰতি হৈ পৰিছে৷ অনুমান
হয়, পাহাৰ-ভৈয়ামৰ জীৱন-যাত্ৰাৰ মাজত থকা কঠিনতা-সুচলতাই ইয়াৰ কাৰণ৷
ডাপৰিজোৰ কাষৰে এঠাইত মাদাৰ ঘৰ৷ গাড়ী চলাই পেট
প্ৰৱৰ্তায়৷ ঘৈণীয়েক আৰু সন্তান দুটা গাঁৱত বাস কৰে৷ এই গাড়ীখন ছেকেণ্ডহেণ্ড যদিও তাৰ
নিজৰ৷ গাড়ী চলাই চলায়ে সি গাড়ী কিনিছে৷ সিখন গাড়ীও জে. জে. ভাইৰ নিজৰ৷ জে. জে.ৰ ঘৰ
নাচ্ছোৰ ফালে৷ কাইলৈ আমি সেইফালেৰেই গতি কৰিম লিমেকিঙলৈ৷ আজি নিশাটো ডাপৰিজোত খপিব
লাগিব৷ ডাপৰিজো নামৰ আগতে কাহানিও গৈ নোপোৱা অথচ কোন কাহানিবাৰে পৰাই নাম শুনি শুনি
যাবৰ বাবে মনটো নাচি থকা ঠাইখনেই সদ্যহতে আমাৰ আজিৰ লক্ষ্যস্থান৷ সেয়েহে মনৰ অভ্যন্তৰত
আনন্দ আৰু কৌতূহলে সমানেই ক্ৰিয়া কৰি আছে৷
দৈনন্দিনৰ গতিবেগতকৈ আজি আমি তাৰ গাড়ীৰ স্পীড কমাই
দিয়া হেতুকে গন্তব্যস্থলত উপস্থিত হওঁতে আন্ধাৰ নামিব বুলি মাদাই আগজাননী কেতিয়াবাই
আৰু কেইবাবাৰো শুনাইছে৷ সেই লৈ বেচেৰা যেন অতিমাত্ৰা চিন্তিত৷ মাজে মাজে অৱশ্যে আমাৰ
লগতে সিও হাঁহি-মাতি ৰসিকতা কৰিবলৈ এৰা নাই৷ আনদিনা পাব্লিক ডিমাণ্ডত সিহঁত ড্ৰাইভাৰবোৰে
হেনো বেঁকা ৰাস্তাতো ডবাবলগীয়া হয়৷ আজি টুৰিষ্ট ডিমাণ্ডত গতি অনেক ধীৰ কৰিবলগীয়াত
পৰিছে৷ আৰু তাৰে প্ৰতিক্রিয়াস্বৰূপে পলম হোৱা কথাষাৰ সময়ৰ উল্লেখেৰে মাজে-সময়ে সি উনুকিয়াবলৈও
পাহৰা নাই৷ আমি নতুন মানুহ৷ গতিকে প্ৰধানতঃ আমাক লৈয়ে তাৰ চিন্তা জন্মিছে বুলিও খোলাখুলিকৈ
কৈ দিলে৷ আমি অৱশ্যে সেই লৈ বিশেষ একো ভবা নাই৷ কাৰণ ডাপৰিজো পাওঁতে দেৰি হ’লেওনো কি, জয়ন্তদাই তাত থকাৰ
ব্যৱস্থা কিবা এটা কৰি ৰাখিছে৷ সেই বিষয়ে তেওঁৰ পৰা এতিয়াই সবিশেষ জানিবৰ চেষ্টাও কৰা
নাই অৱশ্যে৷ কোনো ধৰণৰ দুৰ্ভাবনাক তিলমানো প্ৰশ্ৰয় নিদি ভ্ৰমণৰ আনন্দ পূৰামাত্ৰাই লৈ
আছোঁ৷ মনোভাব, জ’ হ’গা দে’খা যায়েগা৷ নিজৰা আৰু পৰ্বতৰ
যুগলবন্দীবোৰ একধ্যানে মন কৰি গৈ আছোঁ৷ কাৰণ চকু আঁতৰালেই সেইবোৰ হেৰাব৷ জীৱনক সুস্বাদু
কৰাৰ তাগিদাত যাত্ৰাপথত পাই থকা লেখহীন ফটো পইণ্টবোৰ মনৰ কেমেৰাত লগে লগে বন্দী কৰি
গৈছোঁ৷ সমাপ্তপ্ৰায় আয়ুসকালত তেতিয়াহে স্মৃতিৰ বৰপেড়া খুলি সেইবোৰকে চাই-ভাবি প্ৰাণটোক নিৰন্তৰ সুখী কৰি ৰাখিব পাৰিম৷
(পৰৱৰ্তী খণ্ড – জিৰোত উপস্থিত হ’লোঁ)
No comments:
Post a Comment