দিন দুই৷৷ ১.১১.২০১৫
গদাকৰ পাছত ছাদলি, লা আদি পাৰ হওঁতেই আন্ধাৰ নামি আহিল৷ অলপ
আগলৈ নামনিত অসংখ্য লাইটৰ তিৰবিৰণি প্ৰতিভাত হৈছে৷ মাদাই ক’লে, ‘‘সৌৱা ডাম্পৰিজো৷’’ ঠাইখন সোৱণশিৰিৰ সিপাৰে৷ অন্ধকাৰৰ
বাবে নৈখন এতিয়া আমি ওপৰৰ পৰা দেখা পোৱা নাই যদিও আমি সোৱণশিৰিৰ ক্রমাৎ ওচৰ চাপি আহিছোঁ৷
ডাম্পৰিজো আৰু ডাপৰিজোৰ মাজৰ দূৰত্ব প্ৰায় ১৩ কিল’মিটাৰ৷ ডাপৰিজো মহকুমাৰ অন্তৰ্গত ডাম্পৰিজো এটা
উন্নয়ন খণ্ড৷ এটা ৰাজহ চক্রও হয়৷ ডাম্পৰিজো চাৰ্কোলৰ অধীনত ১৮খন গাঁও আছে৷ বাছাৰ-লিকাবালি ৰ’ডত অৱস্থিত এই ঠাই তাগিন আৰু গালোৰ বসতিপ্ৰধান এলেকা৷ ডাম্পৰিজোত এটা চাৰ্কিট হাউচ আছে৷
ৰাস্তাৰ কাষৰ চেণ্ট্ৰেল বেংক অৱ ইণ্ডিয়াৰ ফলক এখনে অলপ পাছতে আমাক ডাপৰিজোলৈ আদৰিলে৷ ডাপৰিজো পোৱাৰ ঠিক আগে আগে পৰ্বতৰ উচ্চতাৰ পৰা সোৱণশিৰিৰ পাৰত অৱস্থিত ঠাইখনৰ মনোমোহা ৰূপ চাবলৈ পোৱা যায়৷ নিশা নামি অহা হেতুকে আমি সোৱণশিৰিপৰীয়া চহৰখনত উজলি থকা বিজুলী চাকিবোৰ পাহাৰৰ ওপৰৰ পৰাই দেখা পাব ধৰিলোঁ৷ সেয়াই আমাৰ আজিৰ লক্ষ্যস্থান৷ ক্রমে ক্রমে তললৈ নামি ৬.১৫ বজাত ডাপৰিজো সোমালোঁ৷

ডাপৰিজো আপাৰ সোৱণশিৰি জিলাৰ সদৰ ঠাই৷ ডাপৰিজো
তহচিলৰ অন্তৰ্গত এইখন এখন নগৰ৷ অৰুণাচল প্ৰদেশৰ অন্যতম অনাৱিষ্কৃত দুৱাৰমুখ এয়া৷ সমগ্ৰ
জিলাখনৰ ভিতৰতে এইখনেই মুখ্য আৰু একমাত্ৰ চহৰ বুলিব পাৰি৷ অঞ্চলটো মূলতঃ তাগিন জনগোষ্ঠীৰ
আৱাসভূমি৷ কিমিন গে’টেৰে জিৰোৰ সৈতে আৰু লিকাবালি
গে’টেৰে বাছাৰ হৈ চিলাপথাৰৰ সৈতে
ডিষ্ট্ৰিক্ট হে’ড-কোৱাৰ্টাৰ ডাপৰিজোক পথ ব্যৱস্থাৰ
জৰিয়তে চুবুৰীয়া বহিঃৰাজ্য অসমৰ লগত সংযোগ কৰা হৈছে৷ অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰৰ
পৰা ৪৩২ কিল’মিটাৰ নিলগত এই স্থান অৱস্থিত৷
সৰ্পিল পথেৰে জিৰোৰ পৰা ডাপৰিজোলৈ দূৰত্ব প্ৰায় ১৬৫ কিল’মিটাৰ৷ ডাম্পৰিজো, বাৰিৰিজো, গিবা, চিয়ুম, তালিহা,
নাচ্ছো, পুচ্ছিগেকো, লিমেকিং আদিলৈ সদৰখন ঠাইখনৰ পৰা যাব পৰাকৈ আলি আছে৷ ৰাস্তাবোৰ
ঠেক আৰু পাহাৰীয়া৷ শোভাকৰ এই ঠাইখন সমুদ্ৰপৃষ্ঠৰ পৰা ৬০০ মিটাৰ উচ্চতাত অৱস্থিত; অৰ্থাৎ
জিৰোতকৈ ভালেমান তলত৷ শান্ত-শীতল পৰিপাৰ্শ্ব আৰু সুখকৰ জলবায়ুৰ বাবে আদৰ্শ পাৰ্বত্যনিবাসত
পৰিণত হৈছে ডাপৰিজো৷
নেৰিষ্টত পঢ়া কালৰে পৰাই ডাপৰিজোৰ নাম শুনি আছিলোঁ৷ উৎসুকতা এটাও জীয়াই আছিল তেতিয়াৰে পৰাই৷ আমাৰ শিক্ষানুষ্ঠানৰ সন্মুখেৰে নাহৰলাগুনৰ পৰা ডাপৰিজোলৈ তেতিয়াৰ দিনত খুব পুৱাতে এ.পি.এছ.টি.এছ.ৰ নীলা-সেউজীয়া বাছ এখন গৈছিল বান্দৰদেৱা গে’টেৰে ওলাই, কিমিন গে’টেৰে সোমাই, জিৰো হৈ দূৰণিবটীয়া পথটিৰে৷ ইফালে সেইখিনি সময়তে আমি পাঁচজন ছাত্ৰই বাছত উঠি ব’মডিলা পাইছিলোঁগৈ৷ তাৰ পাছত টাৱাং৷ সেই সময়ত এইদিশে চফৰ কৰাটো সম্ভৱ হৈ নুঠিল যদিও ইমান দিনৰ মূৰকত সৌভাগ্যক্রমে আজি এই ঠাইখন আহি পালোঁ আৰু দীৰ্ঘদিনীয়া আশাটো পূৰাব পাৰিলোঁ৷
সোৱণশিৰিৰ সোঁতটোৰ সোঁপাৰে অৱস্থিত ডাপৰিজো টাউন৷ প্ৰকৃতিপ্ৰেমী ভ্ৰমণকাৰীৰ বাবে উচিত লক্ষ্যস্থল৷ ইয়াৰ প্ৰদূষণমুক্ত পৰিৱেশটোৱে অভ্যাগতৰ মনলৈ নিমিষতে তৰুণতা আনি দিয়ে৷ গতিকে দেহ-মনৰ এলাহ-জড়তা আঁতৰাবৰ বাবে সঠিক স্থান বুলিব পাৰি৷ আপাত দৃষ্টিত ডাপৰিজোত পৰ্যটন উদ্যোগে এতিয়াও সিমান গা কৰি উঠা নাই৷ বহু কথা বহু পৰিমাণে আজিও আৱিষ্কাৰহীন, প্ৰচাৰহীন হৈয়ে ৰৈছে৷ পৰ্যটনৰ পৰিৱেশ গঢ়ি তোলাৰ মানসেৰে চৰকাৰী পৃষ্ঠপোষকতাত বৰ্ণাঢ্য আয়োজনেৰে পতা পৰ্যটন মহোৎসৱে ইয়াৰ মাটি, মানুহ আৰু প্ৰকৃতিৰ সৌন্দৰ্যময় বাৰ্তাসমূহ লাহে লাহে বহিঃজগতৰ মাজলৈ বোৱাই নিনিয়া নহয়৷ আনহাতে এইটো ঠিক যে হেঁচা মাৰি ধৰা নগৰীয়া জনসমাগম, কোলাহলৰ পৰা এই ঠাই মুক্ত৷
অৱস্থিতিগত কাৰণতে ইয়াৰ জনজীৱনত তিব্বতীয় প্ৰভাৱ দেখা যায়৷ অৱশ্যে বৌদ্ধ বিহাৰৰ শান্তি পতাকাৰ উপৰি হ’লী ক্রছৰ উপস্থিতিও আমি দেখিবলৈ পাইছোঁ৷ উদ্ভিদ, জীৱ-জন্তু আৰু নৃগোষ্ঠীয় বিভিন্নতা ঠাইখনৰ মুখ্য আকৰ্ষণ৷ থলুৱা কেইবাটাও জনজাতিৰ আৱাসথলী হোৱা হেতুকে বৈচিত্ৰ্যময় সংস্কৃতিৰ পয়োভৰ ইয়াত সহজে মন কৰা যায়৷ স্থানীয় অধিবাসীসকলে কৰা চিত্ৰকৰ্ম, হস্তশিল্প, বয়ন ইত্যাদিবোৰ বিৰল আৰু উৎকৃষ্ট৷ কাপোৰ বোৱা, খেতি-বাতি, পশুপালন, চাকৰি, বেহা-বেপাৰ আদিৰ জৰিয়তেই ইয়াৰ নিৱাসীসকলে জীৱন-জীৱিকা নিৰ্বাহ কৰি আহিছে৷ কমলা আৰু অন্যান্য স্থানীয় ফলমূলৰ বাবে জিলা সদৰখন খ্যাত৷
বাণিজ্যিকীকৰণৰ হাতোৰাই ভালকৈ এতিয়াও ঢুকি নোপোৱা ডাপৰিজো অৰুণাচল প্ৰদেশৰ এখন সৰু চহৰ৷ শীতল ইয়াৰ জলবায়ু৷ সচৰাচৰ দৃশ্যমান চহৰীয়া কংক্রিটৰ বন্দীত্ব আৰু সীমাহীন ব্যস্ততাৰে হায়ৰাণ কৰা জীৱন পৰিক্ৰমাৰ পৰা ফালৰি কাটি কেইটামান দিন নিৰলে থাকি গভীৰ প্ৰশান্তি আৰু প্ৰাণশক্তি আহৰণ কৰিব পৰা এখন পাহাৰীয়া স্বাস্থ্যকৰ ঠাই ডাপৰিজো৷
ভাবত বিভোৰ হৈ আছিলোঁ৷ ইমান সময়ে ভবাই নাছিলোঁ, নিশাটোলৈ ক’ত বাহৰ পতা হ’ব৷ ডাপৰিজো চাপিলতহে খেয়াল হ’ল৷ ক’ত থকা হ’ব আজি ৰাতিটো? জয়ন্তদাৰ ফালে চালোঁ৷ ম’বাইলটো লৈ নে’টৱৰ্কৰ সন্ধানত ব্যস্ত হৈ পৰিছে৷

(পৰৱৰ্তী খণ্ড - ডাপৰিজো : তাগিন কাণ্ট্ৰি)
No comments:
Post a Comment