Sunday, 17 April 2016

দিন তিনি  ৷৷ ২.১১.২০১৫
২. তাদাক দুলম চম



ঠাই আৰু নৈৰ নামৰ প্ৰসংগত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই অসমীয়া কৃষ্টি প্ৰৱন্ধত এইবুলি লিখি থৈ গৈছে তদুপৰি এই মঙ্গোলীয়া বড়োসকলে ৰাজকুঁৱৰী, ৰাণীসকলৰ নামানুসাৰেও নৈৰ নাম দিছিল৷ যেনে বেলচিৰি, ধনচিৰি, সোৱণচিৰি ইত্যাদি৷

গতিকে সোৱণচিৰিৰ পৰাই সোৱণশিৰি৷ এনেকৈ চালে সোৱণশিৰি নৈখনৰ নামটো বড়ো ভাষাৰ পৰা অহা বুলিয়ে ধাৰণা সুদৃঢ় হয়৷ আনহাতে বানানটোও সোৱণচিৰি, সোৱণশিৰি, সোৱনশিৰি, সোৱণশিৰী আদি ভিন ভিন ৰূপত ভিন ভিন স্থানত দেখা পাওঁ৷

বানানৰ উল্লেখ যি প্ৰকাৰৰে নহওক কিয়, মুখৰ আগত এয়া জীৱন্ত ৰূপত নদী সোৱণশিৰি৷ গহীন-গম্ভীৰ ভংগীমাৰে নামনি অভিমুখে বৈ আছে৷ ডাপৰিজোত প্ৰথমবাৰৰ বাবে মুখামুখি হলোঁ প্ৰসিদ্ধ তথা প্ৰাচীন নৈখনৰ৷ জংকি আৰু পানেই নামৰ প্ৰণয়ীযুগলৰ কথা-কাহিনীৰে ৰজনীকান্ত বৰদলৈৰ উপন্যাস মিৰি-জীয়ৰীৰ তৰুণ চন্দ্ৰ পামেগামে দিয়া একে নামৰ নাট্যৰূপ আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰযোগে আমি হাইস্কুলৰ নিম্নশ্ৰেণীত পঢ়ি থকা কালতে ৰেডিঅত ধাৰাবাহিকভাৱে শুনিবলৈ পাইছিলোঁ, যাৰ পটভূমি আছিল অসমৰ সোৱণশিৰি আৰু সোৱণশিৰিপৰীয়া মিচিং সমাজ৷ আজি সেইখন সোৱণশিৰিৰে আগলিভাগ স্বচক্ষে দেখিবলৈ পাইছোঁ৷ তাকে লৈ নিজকে ভাগ্যৱান বুলি ধৰিছোঁ৷ চকুৰ আগত ওলাই থকা এইখন সোৱণশিৰিৰে নিম্নাংশত অৰুণাচল আৰু অসমৰ সীমাত নিৰ্মীয়মান নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই সংবাদ মাধ্যমত দীৰ্ঘদিন ধৰি জোকাৰণি তুলি আহিছে৷ উজনিৰ ডাপৰিজো চহৰত নৈখনৰ পৰিদৃশ্যমান অৱবাহিকাৰ ৰূপটো আজিৰ তাৰিখত প্ৰত্যক্ষ কৰিবলৈ সমৰ্থ হলোঁ৷

তাদাক দুলম চম ডাপৰিজোৰ অনন্য সৌন্দৰ্য আৰু বৈশিষ্ট্য৷ ইয়াক কেন্দ্ৰ কৰি দুচকুত ধৰা দিয়া সুন্দৰ নৈসৰ্গিক দৃশ্যৰাজিয়ে দৰ্শনকাৰীৰ হিয়া শাঁত পেলায়, মন মতলীয়া কৰি তোলে৷ ডাপৰিজো পি.ডব্লিউ.ডি. ডিভিজনে ২০০২ চনৰ এপ্ৰিল মাহত সোৱণশিৰি নৈৰ ওপৰত এই ষ্টিল ৱায়াৰ চাচপেঞ্চন ব্ৰীজখন সজাৰ কাম আৰম্ভ কৰিছিল আৰু ২০০৩ চনৰ মে মাহত সমাপ্ত কৰিছিল৷ দলংখনৰ দৈৰ্ঘ ১৭০ মিটাৰ৷ ভাৰত চৰকাৰৰ জনজাতি কল্যাণ মন্ত্ৰণালয়ৰ অৰ্থ সাহায্যত নিৰ্মিত এই সেতু স্থানীয় বিধায়ক তাদাক দুলমৰ নামত উছৰ্গা কৰা হৈছে৷ অৰুণাচল প্ৰদেশৰ মুকুট মিথি নেতৃত্বাধীন কংগ্ৰেছশাসিত মন্ত্ৰীসভাত তাদাক দুলম কেবিনেট পৰ্যায়ৰ মন্ত্ৰী আছিল৷ ২৪-ডাপৰিজো (অ.জ.) বিধান সভা সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি ১৯৭৮, ১৯৮০, ১৯৮৪, ১৯৯০ আৰু ১৯৯০ চনত তেওঁ বিজয়ী হৈছিল৷ প্ৰয়াত নেতাগৰাকীৰ গতিশীল নেতৃত্ব, সময়োপযোগী সমৰ্থন আৰু একাণপতীয়া প্ৰচেষ্টাতে এই দৃষ্টিনন্দন দলংখন গঢ় লৈ উঠিছিল৷

পথচাৰী আৰু দুই-তিনিচকীয়া বাহনে ওলোমা সাঁকোখনৰ ওপৰেৰে অনায়াসে সোৱণশিৰি পাৰ হব পাৰে৷ মাদা আৰু মই খোজেৰেই সিপাৰ পালোঁগৈ৷ দলং এৰিয়ে গৰা এটা৷ পাক মাৰি ৰাস্তাটো ওপৰলৈ উঠি গৈছে৷ গৰাটোত বগাই সোঁফাল, বাওঁফাল আৰু সন্মুখৰ দৃশ্য হেঁপাহ পলুৱাই উপভোগ কৰিলোঁ৷ কেমেৰাটো ডিঙিৰ পৰা চকুলৈ উঠিল৷ ঘপাঘপ স্নেপ কিছুমান তুলি ললোঁ৷ পুৱাৰ সূৰুযে পোহৰাই তোলা ডাপৰিজোৰ হৰিৎৰঙী অৰণ্যময় পৰ্বতৰ দৃশ্য শ্বাসৰুদ্ধকৰ৷ সেই দৃশ্যপট চোৱাৰ সৌভাগ্য লভিলোঁ৷ সোনকালে শুই উঠাৰ অভ্যাসটোৰ সুবাদতে এইকণ সম্ভৱ হল কিজানি! অন্য সংগীসকলৰ নহল৷ তদুপৰি মাদাৰ সৈতে ঘটা আকস্মিক যোগাযোগটোও অতিশয় কাৰ্যকৰী হিচাপে পৰিগণিত হল৷

অৰুণাচল প্ৰদেশৰ পৰ্যটন সঞ্চালকালয়ে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰাকৃতিকভাৱে অনেক চহকী এই ৰাজ্যখনক পৰ্যটনৰ দিশত ভাৰতৰ ভিতৰতে জনপ্ৰিয় কৰি তুলিবলৈ জোৰদাৰ প্ৰচেষ্টা চলাই আহিছে৷ শুনিবলৈ পোৱামতে ডাপৰিজোৱে পৃথিৱীৰ বিভিন্ন কোণৰ কৌতূহলী আৰু সাহসী ভ্ৰমণকাৰীৰ মন ভুলাবলৈ সক্ষম হৈছে৷ দুঃসাহসিক ক্রীড়াক্ষেত্ৰ, জৈৱ বৈচিত্ৰ্য, উদ্ভিদকুল আৰু প্ৰাণীকুলৰ সমাহাৰ ইয়াৰ প্ৰধান আকৰ্ষণ বুলিব পাৰি৷ তাৰ লগতে ইয়াৰ মানুহৰ মনোজগতখনো নিশ্চয় অনুকূল হব লাগিব৷ তেতিয়াহে পৰ্যটন উদ্যোগে গা কৰি উঠাটো সম্ভৱ৷ সমান্তৰালভাৱে, নৃগোষ্ঠীয় জনজাতিসমূহৰ ভাষা, কলা-কৃষ্টি, পৰম্পৰা, ঐতিহ্য তথা অঞ্চলসমূহৰ বিচিত্ৰতা সংৰক্ষণৰ বাবেও কাম কৰিব লাগিব৷ প্ৰাকৃতিক সৌন্দৰ্যৰ লগতে থলুৱাৰ কৰ্মস্পৃহা, উদ্ভাৱনী দক্ষতা ইত্যাদিৰ শ্ৰীবৃদ্ধি ঘটাই দেশী-বিদেশী পৰ্যটকসকলক দুগুণে আকৰ্ষিত কৰিব পৰা যায়৷ ৰাজ্যখনত থকা প্ৰচুৰ সম্ভাৱনীয়তাক কামত লগোৱাৰ বাবে টুৰিষ্ট চাৰ্কিটসমূহৰ উন্নয়ন সাধনৰ উপৰি পৰিৱেশ পৰ্যটন প্ৰকল্পসমূহক উদ্‌গণি প্ৰদান, পৰ্যটন চৌহদ নিৰ্মাণ, পৰ্যটক নিবাসৰ উন্নীতকৰণ, স্থানসমূহৰ উন্নয়ন সাধনৰ উপৰি সৌন্দৰ্যবৰ্ধনত বিশেষ গুৰুত্ব প্ৰদান কৰাটো জৰুৰী৷

ডাপৰিজোৰ কোমল মিঠা পুৱাটিৰ নৈপৰীয়া সৌন্দৰ্য মনৰ পেড়াত ভৱিষ্যতলৈ সঞ্চয় কৰি লোৱাৰ পাছত হোটেললৈ প্ৰত্যাৱৰ্তন৷ এই পাৰে কিতাপৰ দোকান এখন অথনি যাওঁতেই বাটৰ দাঁতিতে চকুত পৰিছিল৷ বয়সস্থ মহিলা এগৰাকীয়ে দোকানখন চলাইছে৷ ঘূৰি আহোঁতে সোমাম বুলি ভাবিয়ে থৈছিলোঁ৷ এতিয়া ডাপৰিজো বা আপাৰ সোৱণশিৰি ডিষ্ট্ৰিক্ট সম্পৰ্কীয় কিবা কিতাপ-পত্ৰ উপলব্ধ হব পাৰে নেকি তাৰে অনুসন্ধানত বুক চেল্‌ফত চকু ঘূৰাবলৈ লাগিলোঁ৷ চাউণ্ড বক্সত গান এটা বাজি আছিল৷ মাদাক সোধাত সি ‘‘য়ে গালং গানা হ্যায়’’ বুলি কলে৷ গালং নামটোৱে চিয়াং আৰু উত্তৰ সোৱণশিৰি বিভাগৰ কেইবাটাও জনজাতীয় থূলক সামৰে৷ গালঙৰ লগত তাগিনসকলৰ ওচৰ সম্পৰ্ক৷ দোকানীৰ সৈতে হিন্দীতে আমাৰ বাৰ্তা বিনিময় হল৷ মই কি বিচাৰিছোঁ জনাৰ পাছত অল্পভাষী ভদ্ৰ মহিলাগৰাকীয়ে এখন্তেক চিন্তা কৰিলে৷ তাৰ পাছত অৰুণাচল প্ৰদেশ জি.কে. এখন আগ বঢ়াই দিলে৷ অন্য একোৱে নাই বুলিও লগতে কলে৷ ডাপৰিজোৰ স্মৃতি সজীৱ কৰি ৰখা যাওক বুলি সেইখনকে কিনি হাতত ললোঁ৷ তাৰ পাছত যোৱা বাটেৰেই উভতি গান্ধী মাৰ্কেট পালোঁহি৷ মাদাৰ টাটা চুমখনো তাতেই ৰিলেক্স ৰেস্তোৰাঁৰ সন্মুখত ৰখাই থোৱা হৈছিল৷








(পৰৱৰ্তী খণ্ড নিকেল নাল)

No comments:

Post a Comment