Tuesday, 12 April 2016

দিন দুই  ৷৷ ১.১১.২০১৫
৯. কমলাৰ শ্যামলীমাত এখন্তেক



বছৰটোৰ বেলেগ বেলেগ সময়ত বেলেগ বেলেগ ৰূপ লয় জিৰো মালভূমিখনে৷ যেনেকৈ গ্ৰীণ কাশ্মীৰ আৰু হোৱাইট কাশ্মীৰ বুলি কাশ্মীৰৰ দুটা ৰূপ আছে৷ জিৰোৰ বোলে চাৰিটা ৰূপ৷ সেউজীয়া, হালধীয়া, ৰঙচুৱা, মটীয়া৷

বৰ্ধিত জনসংখ্যা আৰু গাড়ী-মটৰৰ সংখ্যাই অন্যান্য চহৰ-নগৰৰ দৰে জিৰোৰো বাট-পথবোৰক দেখিছোঁ সৰু কৰি পেলাইছে৷ যানজঁট বাঢ়িছে৷ মানুহৰ দ্বাৰা প্ৰদূষিত হৈ পৰে ক্লে নামৰ জুৰিটিও৷ জিৰোক পৰিষ্কাৰ কৰি ৰখাৰ স্বাৰ্থত অল আপাতানি এছচিয়েচনে মাজে মাজে জুৰি পৰিষ্কৰণ অভিযান হাতত লবলগীয়া হয়৷

জিৰো এৰি অহাৰ পাছৰে পৰা ঘূৰি-পকি আগুৱাইছে পৰ্বতীয়া ঘাইপথটো৷ কৰবাত ভাল, কৰবাত বেয়া, কৰবাত অত্যন্ত বেয়া৷ বোৱঁতী পানীয়ে বখলা-বখলকৈ খহাই নিয়া অংশও যাত্ৰাপথত পাইছোঁ৷ Stop worrying about the potholes in the road and celebrate the journey. আলিবাটৰ দুৰৱস্থা দেখি অসন্তুষ্টিত মুখেৰে ভোৰভোৰাই উঠিলেও পাছ মুহূৰ্ততে Fitzhugh Mullanৰ বাক্যটি হৃদয়ত থাপি লৈ গতি কৰি আছোঁ৷ হাঁহি আৰু আনন্দমিশ্ৰিত কথা-বতৰাৰে উপভোগ কৰি গৈ আছোঁ ভ্ৰমণৰ আনন্দ৷ এই আহ্লাদ, এই মাদকতা, এই উত্তেজনা কোনো প্ৰকাৰে ম্লান পৰিবলৈ দিব নোৱাৰি৷ আনহাতে যিকোনো পৰিৱেশত নিজকে খাপ খুৱাব পৰাটোহে ভ্ৰমণকাৰীৰ কৃতিত্ব৷ আমিও নিজকে খাপ খুৱাই লৈছোঁ৷

এঠাইত গাড়ীখন তললৈ গৈ আছে৷ তেনেকুৱাতে পথৰ ওপৰত পহু এটা আকস্মিকভাৱে দৃশ্যমান হল! মাদাৰ কাষৰ চিটত বহি সন্মুখলৈ চাই গৈ থকাৰ বাবে জন্তুটো মোৰো চকুত ততালিকে ধৰা দিলে৷ মুগাবৰণীয়া পহুটোৱে গাড়ীখনৰ আগে আগে কিছুপৰ চেকুৰিলে৷ তাৰ পাছত ৰাস্তাটোৰ সোঁকাষলৈ গল৷ তেনেতে যৰ গাড়ী ততে ৰখাই ঘপকৈ দৰজা খুলি মাদাই জাঁপ মাৰি নামি দিলে আৰু তড়িৎ গতিৰে পহুটোলৈ বুলি চোঁচা ললে৷ পাছফালৰ আসনত বহি অহা প্ৰদীপদা, অৰূপদা, অমৰহঁতে ঘটনাৰ একো ভু-ভটঙেই নাপালে৷ কি হল কি হ বুলি প্ৰশ্ন কৰে মানে জন্তুটো জংঘলত সোমাই পৰিলেই৷ মাদাও সহজে এৰি দিয়া ভকত নহয়৷ প্ৰকৃতিৰ প্ৰকৃত সন্তান ইহঁত৷ দুৰন্ত বেগত হাবি-জংঘল মহতিয়াই পাছে পাছে দিলে খেদা৷ ভয়-ভীত মুঠেই নাই তাৰ৷ লতাত লাগি ধৰি পহুটো ক্ষণিকৰ বাবে জব্দ হৈছিল৷ মই ভাবি ললোঁ যে ধৰিলে আজি৷ কিন্তু পাছ মুহূৰ্ততে জান-প্ৰাণ দি পহুৱেও নিজকে মুক্ত কৰিবলৈ সক্ষম হল৷ জঁপিয়াই জঁপিয়াই টিলাৰ ওপৰলৈ উঠি যোৱা দৃশ্যটো চায়ে গম পালোঁ যে পহু-মানুহৰ এই তাৎক্ষণিক প্ৰতিযোগিতাখনত পহুৰ জয়, মানুহৰ পৰাজয় অৱশ্যম্ভাৱী৷ বেচেৰা মাদাই লক্ষ্যটো ঠিকেই বান্ধিছিল যদিও এক লহমাৰ বাবে ঠেঙত ধৰিবলৈ সমৰ্থ নহল৷ নিৰাপদ অৱস্থান পাই পহুটো ক্ষন্তেকতে অদৃশ্য হৈ পৰিল৷ ইস-ইস-আস-আসকৈ মাদাও ড্ৰাইভাৰৰ চিটলৈ ঘূৰি আহিল৷ ভাগ্য ভাল আছিল পহুটোৰ৷ নহলেবা আজি ডাপৰিজোত বৰাখানা চলি গলহেঁতেন!

বাচ গিয়া ছাল্লা বুলি কৈ মাদাই ইফালে-সিফালে ছিটিকি পৰা তাৰ চেণ্ডেল দুপাট বিচাৰি আনি দুভৰিত সুমুৱালে৷ হাত দুখন থপৰিয়াই, কাপোৰৰ ধূলি-মাকতিবোৰ জাৰি-জোকাৰি গাড়ী ষ্টাৰ্ট দিলে৷ প্ৰকৃতিস্থ হোৱাৰ পাছতে ষ্টিয়েৰিঙত বহি থাকিয়েই সন্মুখৰ ডেচবৰ্ডৰ ওপৰত ৰখা বিমল পাণ মছলাৰ পেকেট এটা ফেৰেককৈ ফালিলে৷ Daane daane mein kesar ka dum৷ সি মূৰটো ওপৰলৈ দাঙিলে৷ মুখখন বহলকৈ মেলিলে৷ তাৰ পাছত পেকেটটোৰ ভিতৰৰ পদাৰ্থখিনি সমুলঞ্চে বাকি দিলে৷ খিৰিকীৰ আইনাখন নমোৱাই আছিল৷ বেলেগ ধৰণৰ ষ্টাইল এটাত ওঁঠৰ ফাঁকেদি ধোঁৱাসদৃশ পদাৰ্থ কিছুমান সেইফালেৰে বাজ কৰি দিলে৷ যেন kesar-yukta Bimal pan masalaৰ ৰূপালী জয়ন্তী উদ্‌যাপনহে! বিশেষ পটুতাৰে এইবাৰ এক্সেলাৰেটৰত হেঁচুকি গাড়ীখন লাহেকৈ আগুৱাই নিয়াত লাগিল৷ পহু, পহুলৈ লোৱা চোঁচা আৰু পহুৰ মঙহকলৈ বহুপৰ আমাৰ মাজত ৰসঘন আড্ডা চলিল আৰু বাস্তৱৰ পৰা গৈ কল্পনাৰ তুংগত উঠিল৷

খহুলা-খহুলকৈ ভগ্নপ্ৰায় ৰাস্তাটোৰে ক্রমাৎ নামি নামি নৈ এখন পালোঁগৈ৷ নামটো কমলা৷ কমলা নৈ সোৱণশিৰিৰ বৃহত্তম উপনৈ৷ আগতে খ্ৰু বোলা হৈছিল৷ জিলাখনৰ ই এখন প্ৰধান নৈ৷ পাৰাপাৰ হবৰ বাবে দীঘলকৈ সজা বেইলী ব্ৰীজ এখনেৰে দৰ্শনীয় পৰিৱেশ৷ ঠাইখিনিৰ নাম তামেন৷ জিৰোৰ পৰা ইয়ালৈ ৬০ কিলমিটাৰমান হব৷

কুৰুং কামেই জিলা আৰু তাকচিঙৰ পশ্চিমাঞ্চলৰ জলভাগ এই নৈখনেই কঢ়িয়াই আনে৷ তামেনৰ পৰা নৈখন পূবমুৱাকৈ বৈ গৈ অসমৰ সমভূমিত নৌসোমাওঁতেই সোৱণশিৰিত মিলিত হৈছে৷ মেক্‌মোহন লাইনৰ দাঁতি-কাষৰীয়া ভাৰত-চীন সীমান্তৰ তিনিটা হিমবাহ এই নদীৰ প্ৰধান উৎস৷ সমগ্ৰ অৱবাহিকা অঞ্চলটোৱে ঘন বনাঞ্চলেৰে পৰিপূৰ্ণ৷ নিকতাক, পাৰ, হাচ্চি, অংগা, গচ্চাম আদি কমলা নৈৰ উচ্চাংশত অৱস্থিত গাঁও৷ কমলা নৈৰ দুপাৰে হিলমিৰিসকলৰ বসতি৷ পৰম্পৰা, সাজপাৰ আদিত পৰিলক্ষিত সাদৃশ্যৰ ভিত্তিত অৰুণাচলৰ তুলনামূলকভাৱে সৰু জনসমষ্টি এই পৰ্বতীয়া মিৰিসকলক ১৯৮৮ চনৰ পৰা বৃহৎ নিছি জনজাতিৰ সৈতে একাকাৰ কৰা হৈছে৷ এইটো অৱশ্যে আজিও এক বিতৰ্কিত বিষয়৷ আনহাতে নিছি, তাগিন আদিৰ তুলনাত হিলমিৰিসকলক শান্ত আৰু উদাৰ প্ৰকৃতিৰ বুলি জনা যায়৷অসমৰ মিচিংসকলৰ সৈতে তেওঁলোক মিলে৷

নৈখনৰ পানীৰ ৰং সম্পূৰ্ণ সেউজীয়া৷ দলং পাৰ হৈ সেই অবিশ্বাস্য শ্যামলীমাত এখন্তেক ৰৈ হিয়া জুৰাই যাওঁ বুলি আটায়ে গাড়ীৰ পৰা নামিলোঁ৷ বাঁওহাতে পথ এটা গুচি গৈছে৷ সেইখিনিতে দণ্ডায়মান টিনৰ ফলক এখনে সদম্ভে ঘোষণা কৰিছে যে তাৰ পৰা ৩.৫ কিলমিটাৰ দূৰত্বত ১,৬০০ মেগাৱাট ক্ষমতাৰ কমলা হাইড্ৰ-ইলেকট্ৰিক প্ৰজেক্ট চাইট৷ জিন্দাল ষ্টিল এণ্ড পাৱাৰ লিমিটেডৰ সহকাৰী গোষ্ঠী জিন্দাল পাৱাৰ লিমিটেডৰ সহযোগী প্ৰতিষ্ঠান কমলা হাইড্ৰ-ইলেকট্ৰিক পাৱাৰ কোম্পানী লিমিটেড আৰু হাইড্ৰ পাৱাৰ ডেভেলপমেণ্ট কৰ্পৰেচন অৱ অৰুণাচল প্ৰদেশৰ যৌথ প্ৰচেষ্টাত প্ৰকল্পটো নিৰ্মাণৰ কাম চলিছে৷ এইটো প্ৰকল্পৰে নদীবান্ধক লৈ স্থানীয় জনসাধাৰণৰ মাজত অসন্তুষ্টিজনক বু-বু-বা-বা শুনা গৈছিল৷ তদনুৰূপ অৰুণাচল-অসম সীমাৰ গেৰুকামুখত চলা এন.এইচ.পি.চি.ৰ নামনি সোৱণশিৰি বান্ধ নিৰ্মাণৰ ক্ষেত্ৰতো বৈজ্ঞানিক আৰু প্ৰযুক্তিগত বিষয়টো আজিও অমীমাংসিত হৈয়ে ৰৈছে৷ অথচ বিদ্যুৎ শক্তি অবিহনে মানুহৰ প্ৰগতিযে অসম্ভৱ সেয়া তেনেই সহজবোধ্য কথা৷

তিব্বতৰ বৰফাবৃত্ত স্থলত উৎপত্তি হোৱা কমলা নৈখন পৰ্বতৰ মাজেৰে প্ৰৱাহিত হৈ ৰাগা ৰাজহ চক্রত সোৱণশিৰিত মিলিছে৷ শ্যামল ৰূপ ধাৰণ কৰা নৈখনৰ জলপৃষ্ঠত ৰৌদ্ৰোজ্জ্বল দুপৰীয়াৰ সৌৰৰশ্মি পৰি আকৰ্ষণীয়ভাৱে চিক্‌মিকনি তুলিছে৷ ঠিক যেন জংকি-পানেইৰ প্ৰেম-কাহিনী সম্বলিত উপন্যাসখনত উপন্যাসিকে তাহানিতে লিখা দৰ কিৰণ সোৱণশিৰি নৈত পৰি জিলমিলাইছেৰ অনুৰূপ ৰূপৰেখা এটা! সিপাৰে পাহাৰৰ গাত শাৰী শাৰীকৈ দীঘলীয়া আকৃতিৰ ঘৰ কিছুমান৷ বিশিষ্ট শিল্পীৰ যাদুকৰী হাতৰ এখন যেন অইল পেইণ্টিংহে! ভাল লাগিল জীৱন্ত চৰিত্ৰৰ সমস্ত দৃশ্যপটটো৷










(পৰৱৰ্তী খণ্ড আপাৰ সোৱণশিৰিত সোমালোঁ)

No comments:

Post a Comment