দিন তিনি ৷৷ ২.১১.২০১৫
ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ অৰুণাচল প্ৰদেশ৷
শতিকাৰ প্ৰথম বেলি উঠা সেই সূৰ্যস্থান চোৱাৰ সৌভাগ্য মোৰ হৈছে৷ The land of
downlit mountains বুলি এই ৰাজ্য সৰ্বত্ৰ বিখ্যাত৷ ২০১৩ চনত Outlook Travellers আলোচনীয়ে
অৰুণাচলক সবাতোকৈ প্ৰিয় নব্য পৰ্যটনস্থল হিচাপে মতদান কৰিছিল৷ ২০১৪ চনত CNBC Awazএ
সীমান্ত ৰাজ্যখনক নিৰ্বাচন কৰিছিল দুঃসাহসিক পৰ্যটনৰ শ্ৰেষ্ঠ লক্ষ্যস্থানৰ পুৰস্কাৰৰ
বাবে৷ ২০১৫ চনত Today’s Travelersএ পৰিৱেশ পৰ্যটনস্থল
হিচাপে শ্ৰেষ্ঠত্বৰ বঁটাপ্ৰাপক মনোনীত কৰিছিল৷ বায়’-ডাইভাৰচিটি হটস্পটেৰে পৃথিৱীৰ মানচিত্ৰত চহকী
এই প্ৰদেশ৷ মনোলোভা প্ৰকৃতি, বৈচিত্ৰ্যময় সংস্কৃতি আৰু ৰং-বিৰঙী উৎসৱৰ সমাহাৰেৰে
অৰুণাচলখন এটা শব্দত ক’বলৈ হ’লে নেছাৰেলিষ্ট-এড্ভেন্সাৰিষ্টৰ
বাবে ভূস্বৰ্গ৷
মাদাৰ টাটা চুম’খন মধ্য অৰুণাচলৰ দুৰ্গমতাৰ দিশে যিমানেই ভিতৰলৈ
কুৰুকি কুৰুকি সোমাই গৈছে সিমানেই কুমাৰী প্ৰকৃতিয়ে আমাকো দেখুৱাবলৈ আৰম্ভ কৰিছে অবিশ্বাস্য
পাহাৰীয়া পেখম৷ অকোৱা-পকোৱা বাটেদি উঠি-নামি গাড়ী আগ বাঢ়িছে লিমেকিং অভিমুখে৷ ঘন বনাঞ্চল,
হাবি-জংঘলৰ মাজৰ ৰাস্তা৷ অৱস্থা তথৈবচ৷ মেইনটেইনেন্স নাই যেন লাগে৷ বৰষুণৰ বতৰ আৰম্ভ
হ’লে পথিকৰ কিযে দশা নহ’ব! নিজে নেদেখিলেও সেয়া সহজেই
অনুমেয়৷ ঠায়ে ঠায়ে ৰাস্তাটো ইমানেই বেয়া আৰু বিপদসংকুল যে গৈ থাকোঁতে যাত্ৰীয়ে ঈশ্বৰক
চিন্তি চকু দুটা মুদি দিব লাগিব৷ তাৰ ওপৰঞ্চি, চালকজনৰ দক্ষতাৰ ওপৰত ভাৰসা কৰাৰ বাহিৰে
গত্যন্তৰ নাই৷ অথচ কিন্তু, দুয়োকাষে সৌন্দৰ্যৰ অবৰ্ণনীয় পোহাৰ! সেই বহল শোভাৰ আগত
সংযোগী পথটোৰ দুৰৱস্থা যেন একেবাৰেই তুচ্ছ কথা! তদনুৰূপ ভাবেৰেই গধুৰ হৈ এখোপ দুখোপকৈ
আমি আগ বাঢ়ি আছোঁ৷
মাজে মাজে আলেঙে আলেঙে মই মাদাৰ চকুহাললৈ চাওঁ৷
সি বাৰু টোপনিয়াইছে নেকি? সি বাৰু পাহৰি যাব নেকি সন্মুখৰ টাৰ্নিংটো নিখুঁতভাৱে ল’বলৈ? নাই নাই, তাৰ মজবুত হাত
দুখনেৰে ড্ৰাইভিং হুইলত খামুচি আছে সম্পূৰ্ণ সতৰ্কতা আৰু সজাগতাৰে৷ তীক্ষ্ণ দৃষ্টি
নিবদ্ধ ৰাখি সি এবাৰ বাঁৱে কাটিছে, এবাৰ সোঁৱে কাটিছে৷ ৰাস্তাৰ যেনিয়ে ভাল অংশ দেখে
তেনিয়েই চকাকেইটা পাৰ কৰাই নিবৰ অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখি গৈ আছে৷
সৰু দলং এখন পাৰ হৈয়ে এটা জলপ্ৰপাত৷ মাদাই গাড়ীখনত
বাজি থকা গানটো বন্ধ কৰিলে৷ ঝৰ-ঝৰ শব্দ এটা অধিক পৰিষ্কাৰ ৰূপত কাণত বাজিল৷ জলপ্ৰপাতটোৰ
সামান্য দাঁতিতে চুম’খন সি ৰখালে৷ জে.জে.লৈ অপেক্ষা
কৰাৰ মতলব৷ দুয়োখন গাড়ী একেলগে যোৱাটো ভাল৷ জে.জে. পিছ পৰি গৈছে৷ বোধহয় তাৰ গাড়ীত
থকা আমাৰ সহযাত্ৰীসকলে ইন্দ্ৰিয় দমন কৰিব নোৱাৰি বাটে বাটে ৰৈ ফটো তুলি আহিছে৷ সৌন্দৰ্যপিয়াসী
মানুহৰ বাবে সেইটো স্বাভাৱিক কথা৷ গাড়ীৰ পৰা নামি মাদাই চিগাৰেট এটা জ্বলাই আপোনমনে
টান দিছে৷ সোঁহাতে বৈ থকা সেউজ-নীলা সোৱণশিৰিখন এইখিনিত গভীৰ দেখা গৈছে৷
অকণমান সময় ৰ’বলৈকে সুন্দৰ স্থান এটা নিৰ্বাচন কৰিলে মাদাই৷
সুযোগ পাই আমিও ৰাস্তাত ভৰি দিলোঁ৷ জলপ্ৰপাতৰ পৰা ছিটিকি অহা পানীৰ ক্ষুদ্ৰ ক্ষুদ্ৰ
কণিকাবোৰে শৰীৰলৈ শীতলতাৰ লগতে স্নিগ্ধতা এটা আনি দিলে৷ উচ্চতাৰ পৰা সৰি পৰা পানীখিনি
য’ত আফাল খাই পৰিছে তাৰ কাষৰে-পাজৰে
গুলপীয়া ৰঙৰ ফুলৰ পয়োভৰ৷ এইজাতি ফুল আমাৰ ফালেও দেখা পাওঁ৷ ডেনগাঁৱৰ ওচৰৰ কাংথিলাংছ’, ডকমকাৰ ওচৰৰ পাকলংকাম বা চাপানালাৰ
চম্পাৱতী জলপ্ৰপাতৰ সেমেকা আৱৰ্ততো এইবিধ ফুল মই দেখিছোঁ৷ শীতলতাত অৱগাহন কৰি থাকোঁতেই
এটা সময়ত সিখন গাড়ী আহি পালে৷ আকৌ আৰম্ভ হৈ গ’ল যাত্ৰা৷
চিয়ুম এৰিবৰ ইতিমধ্যে এঘণ্টা পাৰ হ’ল৷ অলপ পাছতে পালোঁহি নাচ্ছো৷
সোৱণশিৰি উপত্যকাৰ আকৰ্ষণীয় টুৰিষ্ট চাৰ্কিট ডাপৰিজো-তালিহা-চিয়ুম-নাচ্ছোৰ অন্তিম
স্থান নাচ্ছো৷ উচ্চ উচ্চতাৰ ঠাই৷ মধ্য উচ্চতাৰ চিয়ুম এৰাৰ পৰা গাড়ীখন কেৱল উঠিয়েই আহিবলগীয়া
হৈছে৷
নাচ্ছোত আমাৰ চুম’ দুখন অগা-পিছাকৈ ৰৈ গ’ল৷ নাচ্ছো এখন মধ্যমীয়া জোখৰ
গাঁও৷ ২০১১ চনৰ লোকপিয়ল অনুযায়ী ইয়াৰ জনসংখ্যা ৩৮০৷ পৰিয়ালৰ সংখ্যা ৭৬৷ আপাৰ সোৱণশিৰি
জিলাখনৰ নাচ্ছো অন্যতম উন্নয়ন খণ্ড৷ ৫১খন গাঁৱেৰে এইটো এটা ৰাজহ চক্রও হয়৷ উল্লেখ্য
যে ৩টা পৰিয়ালৰ ১৩জন সদস্যই বাস কৰা পয়িং নামৰ গাঁওখন নাচ্ছোৰ সবাতোকৈ সৰু গাঁও৷ নাচ্ছো
এটা বিধান সভা সমষ্টিও৷ বৰ্তমানৰ এম.এল.এ. টাংগা ব্যালিন৷ কংগ্ৰেছ দলৰ প্ৰতিনিধি৷
পীনোন্নত শিখৰেৰে নাচ্ছোৰ চিত্ৰবৎ পৰ্বতৰাশি,
তধা লগোৱা প্ৰাকৃতিক দৃশ্যৰাজি৷ সেমেকা, স্বাস্থ্যকৰ জলবায়ু৷ প্ৰদূষণমুক্ত হিল ষ্টেচন৷
মাজেদি ক্রমান্বয়ে উঠি যোৱা ৰাস্তাটোৰ দুপাৰে আঙুলিৰ মূৰত গণিব পৰাকৈ দোকান কেইখনমান৷
দুই-তিনি মহলীয়া আৰ.চি.চি. ঘৰো কেইটামান আছে৷ বাঁওহাতে বিহাৰী লোকৰ হোটেল এখন৷ গৰম
চাহ-চিঙৰাৰ সন্ধান পাই তাৰ সন্মুখতে সকলোৱে নামিলোঁ৷ আবেলি হোৱালৈ চাই চাহ খাবৰ ইচ্ছা
একোটাই ভিতৰি ভিতৰি যাত্ৰীসকলৰ অভ্যন্তৰত খদমদম লগাই আছিলেই৷ গাড়ীৰ পৰা মাটিত ভৰি
দিয়াৰ পাছতে লগ লাগিলহি শীতল শিহৰণ এটা৷ তেনে পৰিস্থিতিত চাহ একাপ পাই মনটো আৰু ভাল
লাগিল৷ কিন্তু আচৰিত হ’লোঁ, এনেকুৱা ভয়ংকৰ ভিতৰুৱা আৰু
ছিন্নমূল অৱস্থানত সুদূৰৰ বিহাৰী লোক এজনে চাহ দোকান খুলি পেট প্ৰৱৰ্তাইছে, পৰিয়াল
চলাইছে ইয়াত থাকি!
চাহ দোকানৰ গাতে গা লাগি এখন জোতা-চেণ্ডেলৰ দোকান৷
সিখন গাড়ীৰে যাত্ৰা কৰি থকা ফৰিদাবাদী ডেকা সহযাত্ৰী বৰুণ শ্বেওকান্দৰ পুৱাৰে পৰা জোতা
পিন্ধি পিন্ধি হ’বপায় আমনি লাগিল৷ শুদা ভৰিৰেই
সি গাড়ীৰ পৰা নামি ঘূৰি ফুৰা দেখা গ’ল৷ তাৰ মানে লগত চেণ্ডেলো অনা নাই কিজানি৷ এতিয়া দোকানখন
হাততে পাই তাতে সি হাৱাই এযোৰ কিনাৰ মতলব কৰিছে৷ পিছে সমস্যা হ’ল তাৰ মস্ত পদযুগলক লৈ৷ ভৰিৰ
আকৃতি দেখিয়েই মই বুজি পালোঁ যে ইমান ডাঙৰ জোখৰ চেণ্ডেল অন্ততঃ এই ঘোঁকট স্থানত সতকাই
পোৱাটো মস্কিল হ’ব৷ কাৰণ এয়া হৈছে জনজাতি বসতিপ্ৰধান
এলেকা৷ স্থানীয় মানুহখিনিৰ অবয়ৱলৈ চাই চকু মুদি কৈ দিব পাৰি যে কাৰো ভৰিৰ তলুৱা ইমান
আহল-বহল নহয়৷ তথাপি সেনাবাহিনীৰ লোকৰ বাবে আনি থোৱা হয়তো থাকিবও পাৰে৷ তাকে খুঁচৰি
খুঁচৰি দোকানী যুৱতীজনীয়ে এবাৰ এযোৰ উলিয়ায়, বৰুণলৈ সৰু হয়; সিযোৰ উলিয়ায়, সি পিন্ধি
চায়, আকৌ সৰু হয়৷ তাই হাত দাঙি দিলে৷ অলপ সময়ৰ বাবে অৱস্থাটোৱে আমালৈকো হাস্যৰসৰ বেছ
খোৰাক যোগাই থাকিল৷ বৰুণৰ ভৰিৰ আকৃতি দেখি দোকানী ছোৱালী দুজনী হতভম্ব নহৈ নোৱাৰিলে৷
অৱশেষত সকলোতকৈ ডাঙৰ জোখৰ যিযোৰ তাত মজুত আছিল, নাই মোমাইতকৈ কণা মোমায়েই ভাল বুলি
ফৰিদাবাদীয়ে তাকে কিনি পিন্ধি ল’লে৷ গোৰোহাৰ এফাল ওলায়েই থাকিল! নিকেল নাল’ৱেও আগ ধৰি হুচিয়াৰ কৰি দিলে,
‘‘এতিয়াই সুবিধাজনক যি পায় লৈ নথ’লে আগলৈ আৰু নাপায়৷ সেইটো কিন্তু
খাটাং৷’’
আমাৰ গাইড নিকেলৰ ভৰিত আছে হাণ্টিং শ্বু৷ ইমান
পৰে চকুৰ আগত দেখা বিভিন্নজনৰ ভৰিতো মন কৰি আছোঁ কেৱল হাণ্টিং শ্বু৷ অন্য নহয়৷ পাহাৰবোৰলৈ
আঙুলিয়াই দোকানীজনীক হিন্দীতে সুধিয়ে পেলালোঁ, ‘‘সেইবোৰত বগাবলৈ কেনেকুৱা জোতা ভাল?’’ তাই হাণ্টিং শ্বু ভাল বুলি ক’লে৷ দাম সোধাত চাৰে তিনিশ বুলিলে৷
নাচ্ছোত ৰোৱাৰ সময় আৰু সুযোগকণ পাই ময়ো দোকানখনত তেনেকুৱা জোতা এযোৰৰ সন্ধান আৰম্ভ
কৰি দিলোঁ৷ পিছে মোৰো কপাল পোৰা, জোখৰ নিমিলিল৷ মোৰ ভৰিত খাপ খোৱা হাণ্টিং শ্বু এযোৰো
নোলাল, এক চাইজ সৰুহে আছে৷ বিচাৰি ঘূৰ্মুটিয়াই কেইবাযোৰো উলিয়াই বেচেৰী দোকানী ভাগৰিল৷
চেণ্ডেল সামান্য সৰু হ’লেও চলি যায়, জোতা টান হ’লে নচলে৷ তাতে আকৌ পৰ্বতৰ খলা-বমাত
খোজ কঢ়াৰ কথা আছে৷ সাতে-পাঁচে নিমিলাত মোৰ আৰু আশা পূৰণ নহ’ল৷ ঘৰৰ পৰা ওলোৱাৰ পৰাই যিযোৰ
পিন্ধি আছিলোঁ সেইযোৰেৰেই কাম চলাব লাগিব৷ ইফালে মোৰ জোতাযোৰলৈ চাই বৰুণে কিন্তু বেছ
যুক্তিযুক্ত কমেণ্টেই দিলে৷ সি ক’লে, ‘‘আপুনি কিয় মিছাতে হাণ্টিং শ্বু
কিনিব লাগিছে? এইযোৰ একদম পাৰফেক্ট৷ পাহাৰৰ মাটি আৰু শিলত ই আপোনাক গ্ৰীপ দিব৷ আপোনাৰ
জোতা একদম ঠিক আছে৷ বেলেগ কিনাৰ একো দৰকাৰ নাই৷’’ জোতাযোৰৰ তলখনে কেনেকৈ খোপনি দিব সি তাৰ হাতৰ
তলুৱা আৰু আঙুলিকেইটাৰে ধুনীয়াকৈ বিশ্লেষণ কৰিও দেখুৱালে৷ বৰুণৰ কথা শুনি এই যাত্ৰাৰ
মাত্ৰ এদিনৰ পূৰ্বে অনলাইন মাৰ্কেটৰ পৰা সৌভাগ্যক্ৰমে আহি ঘৰ পোৱা নিজৰ জোতাযোৰৰ
ওপৰত মোৰ কনফিডেন্স ভালেখিনি বাঢ়ি গ’ল৷
হঠাতে আৱিৰ্ভাৱ ঘটা আমাৰ দলটোৰ সদস্যসকলক দেখি
পৰম উৎসুকতাৰে স্থানীয় বিভিন্নজন লোক আগুৱাই আহিছে৷ পুৰুষসকলৰ প্ৰত্যেকৰে ডিঙিত ওলমিছে
খাপৰ ভিতৰত লুকাই থকা একোখনকৈ ধাৰাল দা৷ হিন্দীতে কথা-বতৰা পাতি জানিব খুজিছে আমি ক’ৰ পৰা আহিছোঁ, ক’লৈ যাম, কি কাম৷ নিকেল, মাদা,
জে.জে.হঁতে যোগসূত্ৰ স্থাপনত সহায় কৰিছে৷ ইফালে মৰসাহসী ফৰিদাবাদী বৰুণ আৰু দেৱিন্দৰে
কৰিছে কি, অচিনাকি তাগিন মানুহৰ পৰা দা খুজি নিজৰ হাতত তুলি লৈছে৷ বিভিন্ন ভংগীমাত
ফটো উঠাত ব্যস্ত হৈ পৰিছে৷ ডিজিটেল কেমেৰালৈ চাই মানুহকেইজনেও সিহঁতৰ সৈতে বেছ উপভোগ
কৰিছে৷ দূৰৰ পৰাই উক্ত দৃশ্যৰাজি দেখি প্ৰদীপদা ইফালে ভীষণ চিন্তিত হৈ পৰিছে, আচিংমুৰি
কাণ্ডৰ পুনৰাবৃত্তিৰ আশংকাত৷ মাজে মাজে সতৰ্কীকৰণ শুনাইছে, ‘‘চাবি ভাই, আচিংমুৰি নহয় যাতে৷”
(পৰৱৰ্তী খণ্ড - লিমেকিং)
No comments:
Post a Comment